অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (প্ৰথম সংখ্যা)

জনগণৰ ভোটাধিকাৰ বনাম যুক্তিবাদী-প্রগতিশীল-সাংস্কৃতিক আন্দোলনৰ সম্ভাৱনা – (গৌতম গোস্বামী)

আমাৰ এই লেখাৰ উদ্দেশ্য প্রধানকৈ জনগণৰ ভোটাধিকাৰেৰে জনগণকেই শাসন কৰাৰ যি অধিকাৰ এক ৰাজনৈতিক শ্ৰেণীয়ে লাভ কৰে, সেই শক্তিয়ে কেনেদৰে জনগণক প্রতাৰিত কৰিব পাৰে তাৰ বিশ্লেষণ আৰু বিকল্পৰ সন্ধানৰ প্রয়াস।

গণতন্ত্ৰৰ গুণ-গান বখানোতে ইয়াৰ দুটা মুখ্য গুণৰ কথা কোৱা হয় – ১) ৰাজনৈতিক প্রক্রিয়াত জনগণৰ অংশগ্রহণৰ অধিকাৰ আৰু ২) মত প্রকাশৰ অধিকাৰ। জনগণৰ একমাত্ৰ ৰাজনৈতিক অংশগ্রহণ সম্ভৱ হয় ভোটদানৰ জৰিয়তে নিজৰ প্রতিনিধি নির্বাচন কৰাত। কিন্তু এই ব্যৱস্থাৰ ব্যাপক চর্চিত আৰু গুৰুতৰ অসুবিধাটো হ’ল, নির্বাচিত কৰি দিয়াৰ পিছত প্রতিনিধিসকলৰ ওপৰত কোনো নিয়ন্ত্রণ নাথাকে। যাৰ পৰিণতিত নির্বাচিত প্রতিনিধিসকলে সম্পূর্ণ প্রতিক্রিয়াশীল অথবা ওলোটা প্রতিক্রিয়া কৰিলেও জনগণৰ বিশেষ ভূমিকা বা ক্ষমতা নাথাকে। আনহাতে জনগণৰ মত প্রকাশ তথা প্রতিবাদৰ অধিকাৰক শাসন যন্ত্রই বিভিন্ন প্রকাৰে, আনকি ক্ষমতাৰ অপব্যৱহাৰেৰে, নিয়ন্ত্রণ তথা প্ৰভাৱিত কৰে নিজৰ মতবাদ (Propaganda) প্রচাৰৰ বাবে।

এতিয়া কথা হ’ল যি ভোটাধিকাৰক ৰাইজে সংগ্ৰামৰ ফলশ্ৰুতিত নিজ অধিকাৰ ৰক্ষাৰ লক্ষ্যৰে আহৰণ কৰিছিল, তাক সোঁপন্থী (সহজ অর্থত কৌটিকলীয়া ধ্যান-ধাৰণা আৰু সংস্কৃতিক আধাৰ হিচাপে লোৱা ৰাজনৈতিক দল) ৰাজনৈতিক দল বা শক্তিয়ে নিজৰ লক্ষপূৰণৰ বাবে জনগণক প্রতাৰিত কৰি জনগণৰ মৌলিক অধিকাৰ হৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে বর্তমান ব্যাপক চৰ্চাত থকা বিজেপি (তথা আৰএছএছ) দলৰ ‘ইলেকচন মেনেজমেন্ট’ৰ স্বৰূপ কিছু অধ্যয়ন কৰি চাব পাৰি।

ইন্দিৰা গান্ধীৰ চৰম ফেচিবাদী ‘জৰুৰী অৱস্থা’ ঘোষণাৰ ভুল কার্যকলাপেই দেশৰ সংসদীয় ৰাজনীতিত এক বিকল্প ৰাজনৈতিক শক্তি প্রাসংগিকতাৰ জন্ম দিছিল আৰু জয়প্রকাশ নাৰায়ণৰ দৰে গণমুখী নেতাৰ আলম লৈ মোৰাজি দেশাইৰ চৰকাৰত জনসংঘই স্থান উলিয়াই লৈছিল। ইয়াৰ লগে লগে দেশৰ সংসদীয় ৰাজনীতিত জনসংঘই গুৰুত্বপূৰ্ণ অৱস্থান লাভ কৰিছিল। তেনেদৰে ভি পি সিঙৰ আলম লৈও এই দলে নিজৰ ক্ষমতা বঢ়াইছিল আৰু সময় বুজি জনতা দলক নিঃশেষ কৰি নিজে ক্ষমতা দখল কৰি সংসদীয় ব্যৱস্থাক প্রতিবিপ্লৱৰ আহিলা কৰি লৈছিল। দেখা যায় জনগণৰ মাজত কংগ্ৰেছ দলৰ প্রতি সৃষ্ট তিক্ততাৰ সুযোগ বন্ধুৰ বেশেৰে বিভিন্ন দলৰ সৈতে লগ লাগি সেই দলসমূহক শেষ কৰি কংগ্ৰেছৰ বিকল্প হিচাপে নিজকে প্রতিষ্ঠা কৰা বিজেপি দলে নিজৰ প্রতিবিপ্লৱী চৰিত্র কিন্তু সদায় লুকুৱাই ৰাখিছিল। বিজেপিৰ উত্থানৰ বাবে বিৰোধী দল তথা কংগ্ৰেছৰ অদূৰদৰ্শিতা যথেষ্ট পৰিমাণে জগৰীয়া। কিন্তু পূৰ্বৰ নির্বাচনসমূহত জনগণৰ অভিব্যক্তি প্রকাশ মন কৰিবলগীয়া। তাৰ লগতে বর্তমান নির্বাচনক ‘মেনেজ মেকানিজিম’ৰ জৰিয়তে নিয়ন্ত্রণ কৰাৰ কিটিপো মন কৰিব লাগিব। এই ‘মেনেজ মেকানিজিম’ আমি এনেদৰে প্রত্যক্ষ কৰিছোঁ – ধৰক এখন চাহ বাগিচাৰ শ্রমিকখিনিক ধৰ্মৰ নাকীৰে নাকী লগাবলৈ ‘বল-বম’ৰ সহায় লোৱা হ’ল। কিন্তু সেই বাগিচাৰে সীমামূৰীয়া মানুহখিনিৰ আন জনসমষ্টি থকা গাঁৱৰ সৈতে সংস্পৰ্শৰ বাবে নামঘৰ ইত্যাদিৰ প্রতি আকৃষ্ট আৰু তেনেক্ষেত্ৰত সেইসকলৰ বাবে অবিৰত ভাগৱত পাঠৰ কাৰ্যসূচী অতি পৰিকল্পিতভাৱে লোৱা হয়। এনেদৰে ধনবল ওৰফে পুঁজিপতি গোষ্ঠীৰ সমর্থনপুষ্ট হৈ নির্বাচন পৰিচালনাত মাইক্র’ লেভেললৈকে কর্মকর্তা নিয়োগ আৰু পৰিকল্পনা, বিভিন্ন হস্রকালীন, দীর্ঘকালীন, স্থানীয়, ৰাষ্ট্রীয়, গোষ্ঠীগত ইত্যাদি বিভিন্ন স্থান আৰু প্ৰকাৰে মানুহক প্রভাৱান্বিত কৰি এই বিদ্যাত এক কথাত বিশেষভাৱে দক্ষতা লাভ কৰিছে। অৱশ্যে অন্যান্য দলসমূহেও বিভিন্ন সময়ত জোঁটবন্ধন, অল্পসংখ্যকক তোষণ তথা ভীতি প্রদর্শনেৰে ভাৰতত নিৰ্বাচনৰ যি মূল উদ্দেশ্য ‘জনতাক চৰকাৰ গঠনত ভাগী কৰা, ক্ষমতা দিয়া’ সেই মূল উদ্দেশ্যটোকেই বহু আগৰে পৰাই প্রহসনত পৰিণত কৰি আহিছে। এই ক্ষেত্ৰত জনগণক গোষ্ঠী, ধর্ম, সম্প্রদায়, ভাষাৰ নামত ভাগ ভাগ কৰি জনগণৰ মূল সমস্যা তথা অধিকাৰৰ সম্পর্কে এক ধুঁৱলী-কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোকক বিপথে পৰিচালিত কৰাটো ৰোধ কৰা সম্ভৱ হ’লেহে জনগণৰ এই অধিকাৰ সুৰক্ষিত হোৱাৰ সম্ভাৱনা আছে।

সম্প্রতি ভাৰতীয় সমাজ ব্যৱস্থা জনগণৰ এক বৃহৎ অংশৰ গোষ্ঠী গোড়ামি, বিপৰীত ধৰ্মৰ প্রতি ক্রমান্ৱয়ে বাঢ়ি অহা বিদ্বেষ তথা ‘চুৱা’ৰ দৰে অন্ধবিশ্বাস ইত্যাদিৰে আক্রান্ত। স্থিতাৱস্থাবাদী সোঁপন্থী ৰাজনৈতিক শক্তি বিজেপি আৰু আৰএছএছৰ প্রৰোচনাত ই মূলত যুক্তিবাদী বিজ্ঞানসন্মত আৰু গণতান্ত্রিক বাতাবৰণৰ বাবে গুৰুতৰ ভাবুকি আনি দিছে। ইয়াৰ বিপৰীতে ভাৰতত দীর্ঘদিন ধৰি বিজ্ঞানসন্মত ধ্যান-ধাৰণাৰ প্ৰচাৰ, অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে অভিযান, মহিলাৰ অধিকাৰ ইত্যাদি ৰূপো অতি ব্যাপকভাৱে নহ’লেও কিন্তু নিৰৱচ্ছিন্নভাৱে এক অৰাজনৈতিক (কোনো সংসদীয় ৰাজনৈতিক দলৰ সৈতে সংযোগবিহীনভাৱে) আন্দোলন চলি আছে। কিন্তু হিচাপ-নিকাচ কৰি চালে দেখা যায় যে বিভিন্ন কাৰণত ই সমাজ উত্তৰণৰ বাবে প্রয়োজনীয় এক নির্ণায়ক গতি দিব পৰা নাই, যাৰ বাবে ইয়াৰ এক নগন্য প্রভাৱহে সমাজত পৰিলক্ষিত হয়। ইয়াৰ কাৰণ পৰ্যালোচনা কৰিলে দেখা যায় যে বামপন্থী ৰাজনৈতিক দলসমূহে কেৱল তাৎক্ষণিক ভোটৰ হিচাপ-নিকাচেৰে তেওঁলোকৰ গণ সমর্থন থকা সময়ত জনগণৰ সাংস্কৃতিক উত্তৰণৰ বাবে কোনো কার্যসূচীত গুৰুত্ব নিদিছিল। এই ক্ষেত্ৰত কংগ্ৰেছৰ দৰে দলে ধর্মনিৰপেক্ষতাৰ শ্লোগান দিলেও, জনগণৰ মাজত সাংস্কৃতিক মূল্যবোধৰ প্ৰসাৰৰ কাৰ্যসূচীৰ ক্ষেত্ৰত ই অতি মতলবী আৰু অন্তঃসাৰশূন্য (এইয়া অৱশ্যে তেওঁলোকৰ শ্রেণী চৰিত্ৰৰে ফলশ্রুতি)। আনহাতে আর্থ-ৰাজনৈতিক পৰিস্থিতিলৈ আওকণীয়া মনোভাৱেৰে কাম কৰি থকা যুক্তিবাদী তথা বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰসাৰ কৰিব বিচৰা সংগঠনসমূহে সমাজৰ নিৰ্ণায়ক গতি দিয়াটো বাদেই স্বাভাৱিক কাৰণতেই জনগণৰ কাষেই চাপিব পৰা নাই। কাৰণ আৰ্থ-ৰাজনৈতিক পৰিৱর্তন অবিহনে জনগণৰ সাংস্কৃতিক মূল্যবোধৰ ব্যাপক পৰিৱৰ্তন অসম্ভৱ।

এনেদৰেই প্রগতিশীল ৰাজনৈতিক দল আৰু বৈজ্ঞানিক-সাংস্কৃতিক মূল্যবোধৰ প্ৰসাৰৰ বাবে কার্যসূচী লোৱা সংগঠনসমূহৰ মাজত দূৰত্ব সৃষ্টি পৰিলক্ষিত হয়। এই দূৰত্বৰ কাৰণ, এই দূৰত্ব কেনেদৰে আঁতৰ কৰিব পাৰি তাৰ ব্যাপক পর্যালোচনা আৰু দায়িত্বশীল সংগঠন, দলসমূহৰ সচেতন প্রয়াসৰ যথেষ্ট প্রাসঙ্গিকতা আছে। সেয়া বিজ্ঞজনৰ বাবে এৰিলোঁ। আমাৰ নিজস্ব সীমাবদ্ধতা আৰু সীমিত পৰিসৰত আনৰ পৰা ধাৰ লোৱা প্রাসঙ্গিক উক্তি কেইটামানেৰে আমাৰ লেখা সামৰিম। প্রথমটো হৈছে, “যুক্তিবাদী আন্দোলন সম্পৃক্ত হ’ব লাগিব শ্রেণী সংগ্ৰামৰ সৈতে। তেনেদৰেই বাওঁপন্থী সংগ্রামখনো পৰিপুষ্ট হ’ব লাগিব যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ ধ্যান-ধাৰণাৰে।” (ড° কৌশিক দাস, ‘বাওঁপন্থা আৰু যুক্তিবাদ’, মুক্তচিন্তা, ০৭/০৭/২০১৬)। দ্ৱিতীয়টো, “আধুনিক বিপ্লৱৰ কেন্দ্রীয় বিষয় বৰ্তি থকা ৰাষ্ট্ৰটোক উন্নত অস্ত্র-শস্ত্ৰৰ প্ৰয়োগেৰে পৰাজিত কৰা নহয়। কেন্দ্রীয় বিষয়টো হ’ল – যি মূল্যবোধে বৰ্তি থকা ৰাষ্ট্ৰ আৰু সমাজ ব্যৱস্থাটোক ভিতৰৰ আৰু বাহিৰৰ পৰা পৰিচালনা কৰিছে – সেই মূল্যবোধক পৰাজিত কৰা আৰু নতুন মূল্যবোধ প্রতিষ্ঠাৰ বাবে নতুন ৰাষ্ট্ৰ ব্যৱস্থা গঢ়ি তোলা। যিয়ে নতুন সমাজ ব্যৱস্থা গঢ়ি তোলাৰ কামটো সুচল কৰি তোলাত সহায় কৰিব।” (‘অসমৰ নিচিনা অঞ্চলবোৰত বৈপ্লৱিক পৰিৱর্তনৰ বাটত দেখা দিয়া তাত্ত্ৱিক হেঙাৰবোৰ- এটি অপৰিশোধিত ইস্তাহাৰ’, ড° সিদ্ধার্থ লাহিড়ী, নতুন পদাতিক, ২৫ জানুৱাৰী ২০১৯।)। তৃতীয়টো হৈছে, “বুৰ্জোৱা সংবিধান আৰু গণতন্ত্ৰৰ ভিতৰত থাকি সমাজ আৰু অৰ্থনীতিৰ বৈপ্লৱিক পৰিৱৰ্তন অসম্ভৱ। আনহাতে সেই যুক্তিত সংসদীয় গণতন্ত্রক নেওচা দিয়াও অবাস্তৱ, লেলিনৰ ভাষাত, ‘শিশুসুলভ মানসিক বিকাৰ’ এনে গণতান্ত্রিক ব্যৱস্থা জনসাধাৰণে মানি লোৱাৰ পিছত তাক বর্জন কৰা সংগঠনে ক্ৰমাৎ গণবিচ্ছিন্ন হৈ পৰা এক পৰিচিত অভিজ্ঞতা। আনহাতে সংগ্ৰামৰ শূন্যতাত এই সংসদীয় ব্যৱস্থা চৰম দুর্নীতি, বেপৰোৱা, ভ্রষ্টাচাৰ, ভোট কিনা-বেচালৈ অধঃপতিত হোৱাও চকুৰ আগত হৈ থকা ঘটনা। এই দুই চৰম অৱস্থাৰ মধ্যৱর্তী পন্থা কি হ’ব, আজিলৈকে আৱিষ্কাৰ হোৱা নাই।” (‘সংসদীয় গণতন্ত্র আৰু বাম শক্তি কর্তব্য’, ড° হীৰেন গোঁহাই, ০৫/০৪/২০১৯, নতুন পদাতিক)।

ওপৰৰ ১নং উক্তিৰ পৰা আমি অনুধাৱন কৰিব পাৰোঁ যে যুক্তিবাদী আন্দোলন মূলতঃ ৰাজনৈতিক সংগ্রাম তথা সাংস্কৃতিক বিপ্লৱৰ প্ৰতিৰূপ হোৱা প্রয়োজন। আনহাতে ২নং উক্তিটোত বর্তমান বর্তি থকা ৰাষ্ট্রব্যৱস্থাৰ মূল্যবোধক পৰাজিত কৰা জনগণৰ মাজত নতুন প্রগতিশীল মূল্যবোধ প্রতিষ্ঠাৰ সংগ্ৰামত অংশগ্ৰহণ কৰিব পাৰিলেহে যুক্তিবাদী তথা সাংস্কৃতিক আন্দোলনত প্রকৃত সফলতা পোৱা যাব। সবাতোকৈ গুৰুত্বপূৰ্ণ হৈছে – ৩নং উক্তিটোত কোৱা সংসদীয় গণতন্ত্রত অভ্যস্ত বামপন্থী দলৰ সংগ্ৰামশূন্যতা আৰু সংসদীয় গণতন্ত্র বর্জন কৰা বামপন্থী দলবোৰৰ গণবিচ্ছিন্ন হৈ পৰাৰ পৰিপ্রেক্ষিতত মধ্যবর্তী পন্থাৰ প্ৰয়োজনীয় সেতু হ’ব পাৰে যুক্তিবাদী তথা সাংস্কৃতিক আন্দোলন। সমাজৰ বাস্তৱ পৰিস্থিতিৰ পৰিপ্রেক্ষিতত যুক্তিবাদী তথা সাংস্কৃতিক আন্দোলনত থকা বস্তুগত ভিত্তি, মুকলি আৰু জনগণৰ সক্রিয় অংশগ্রহণৰ সম্ভাৱনীয়তা তথা প্রতিক্রিয়াশীল শক্তিৰ পৰা অহা প্রতি আক্রমণৰ পৰা প্ৰতিৰক্ষা- এই তিনিটা অৱস্থানৰ বাবে যুক্তিবাদী তথা সাংস্কৃতিক আন্দোলনটো পূৰ্বে উল্লেখ কৰা ধৰণৰ সেতু হোৱাৰ সম্ভাৱনা আছে- যদিহে পৰিকল্পিত আৰু দীর্ঘম্যাদী আঁচনি লোৱা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *