সাধাৰণ দৃষ্টিত জ্ঞানতত্ত্ব (ভগৱান দেৱ মিশ্ৰ)
আদিম মানুহৰ কথাৰেই আৰম্ভ কৰোঁ। শিল এটুকুৰা পাইছে, শিলটো হাতত লৈ ঘূৰাই পকাই চাইছে, ওজনটো অনুমান কৰিছে। শিলটো কঠিন, খহটা আৰু শক্তিশালী। ইন্দ্ৰিয়মূলক প্ৰত্যক্ষণ (Perception) এটাৰ সৃষ্টি হৈছে অৰ্থাৎ ইন্দ্ৰিয়মূলক ধাৰণা এটাৰ সৃষ্টি হৈছে। এই ধাৰণাই মগজুত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে— এই শিলটোক মাটি খন্দা কামত বা কোনো জন্তুক আক্ৰমণ কৰাত ব্যৱহাৰ কৰিব পৰা যায় নেকি? অৰ্থাৎ এক বিমূৰ্ত চিন্তনৰ জন্ম হৈছে। এই চিন্তনক ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰি দেখিছে যে শিলটোৱে ভৱা ধৰণে কাম কৰিছে, ধাৰণা জ্ঞানলৈ ৰূপান্তৰিত হৈছে। শিলটো আৰু অলপ জোঙা কৰিলে বেছি ফলদায়ক হ’ব নেকি? বেছি জোঙা কৰি, তাক ব্যৱহাৰ কৰি বেছি ফল পাইছে, অৰ্থাৎ জ্ঞান বিকশিত হৈছে আৰু আহিলাটোও বিকশিত হৈছে। দেখা গ’ল ইন্দ্ৰিয়মূলক ধাৰণাই প্ৰয়োগৰ বলত যৌক্তিক (logical) ধাৰণা বা জ্ঞানলৈ ৰূপান্তৰিত হ’ল, মগজুও বিকশিত হ’ল। এয়াই হ’ল জ্ঞান বিকাশৰ দ্বান্দ্বিক প্ৰক্ৰিয়া। কৃষি আৰু পশুপালনৰ জ্ঞানো মানুহে একে প্ৰক্ৰিয়াৰেই আয়ত্ত কৰিছিল।
বহু ৰক্ষণশীল সমাজবিজ্ঞানী বা বুদ্ধিজীৱীয়ে জ্ঞানক এক সহজাত ব্যক্তিগত প্ৰতিভা হিচাবে প্ৰতিষ্ঠিত কৰিবলৈ বিভিন্ন যুক্তিৰ অৱতাৰণা কৰে। কিন্তু বিজ্ঞানে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে প্ৰমাণ কৰিছে যে জ্ঞান এক সামাজিক সৃষ্টি। ই এজনৰ পৰা আনজনলৈ, এখন সমাজৰ পৰা আন এখন সমাজলৈ, এটা প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰবাহিত হয়। লাখ লাখ বছৰৰ পৰিক্ৰমাত জ্ঞান বিকশিত হৈ এনে এক পৰ্যায়ত উপনীত হৈছে যে সাধাৰণ পৰ্যবেক্ষণত জ্ঞান আৰু তাৰ উৎসৰ আঁত বিচাৰি উলিওৱাত বহুখিনি অসুবিধা হয়।
জ্ঞানৰ উৎস মননিৰপেক্ষ বস্তুজগত। উল্লেখনীয় যে মানুহে অকল বস্তু আৰু বস্তুজগতৰ পৰিঘটনাসমূহ প্ৰত্যক্ষণ নকৰে , তাক সক্ৰিয়ভাবে ব্যৱহাৰিক জীৱনত প্ৰয়োগো কৰে। বস্তুজগতে মনৰ ওপৰত ক্ৰিয়া কৰি সৃষ্টি কৰা সংবেদন, প্ৰত্যক্ষণ, ধাৰণা, চেতনা আদিৰ সমষ্টিয়েই হ’ল জ্ঞান। নিস্ক্ৰিয় মানুহ এজনৰ স্বত:স্ফুৰ্তভাবে জ্ঞানৰ উদয় হ’ব নোৱাৰে। জ্ঞান উদয় হয় সামাজিক ক্ৰিয়াকলাপৰ পৰা। প্ৰয়োগ আৰু অভিজ্ঞতাই চেতনাক জ্ঞানলৈ ৰূপান্তৰিত কৰে। জ্ঞান মগজুত সৃষ্টি হোৱা এক স্থিৰচিত্ৰ নহয়, ই বিকাশশীল আৰু পৰিববৰ্তনশীল। ই এক অন্তহীন প্ৰক্ৰিয়া, অজ্ঞতাৰ পৰা জ্ঞানলৈ, আংশিক জ্ঞানৰ পৰা আপেক্ষিকভাবে পূৰ্ণজ্ঞানলৈ, পুৰণি ভ্ৰান্ত ধাৰণাৰ পৰা নতুন ধাৰণা, পুৰণি ধাৰণাৰ আসোঁৱাহ সমূহ আতৰাই তাক বস্তূনিষ্ঠ আৰু সময়োপযোগী ধাৰণালৈ ৰূপান্তৰিত কৰাৰ এক অন্তহীন অগ্ৰগতি।
জ্ঞান বিকাশৰ পৰ্যায়
ইন্দ্ৰিয়মূলক জ্ঞান:- আমাৰ চাৰিওফালে থকা সক্ৰিয় আৰু উদ্দেশ্যপূৰ্ণ বস্তুজগত, পৰিঘটনা আৰু তাৰ নিয়ম সমূহৰ মানুহৰ মনত হোৱা প্ৰতিফলনেই হ’ল আমাৰ ইন্দ্ৰিয়মূলক জ্ঞানৰ উৎস। বস্তুজগতৰ পৰা উদ্ভৱ হোৱা অনুভুতি (Sensation), পত্যক্ষণ (Perception) আদিয়ে আমাৰ মগজুত এক চেতনাৰ সৃষ্টি কৰে, অৰ্থাৎ এক জ্ঞান বা ধাৰণাৰ সৃষ্টি কৰে। আমাৰ ইন্দ্ৰিয়বোৰ কিছুমান খিৰিকীৰ নিচিনা যাৰ জৰিয়তে বাহিৰৰ জগতখনৰ বস্তু বা ঘটনা-পৰিঘটনা সমূহ আমাৰ মস্তিস্কত সোমাই এক চেতনাৰ সৃষ্টি কৰে।এয়াই হ’ল ইন্দ্ৰিয়মূলক জ্ঞান। ই হ’ল বস্তু বা পৰিঘটনাৰ বাহ্যিক জ্ঞান। এই জ্ঞান বা ধাৰণা মগজুত সঞ্চিত হয় আৰু প্ৰয়োজনত সেই জ্ঞানৰ পুনৰ উৎপাদন হয়। ইন্দ্ৰিয়মূলক জ্ঞানে বস্তু বা পৰিঘটনাৰ অন্তৰ্ভাগৰ জ্ঞান দিব নোৱাৰে, বাহ্যিক আকৃতি বা প্ৰকৃতিৰ জ্ঞানহে দিব পাৰে। ই জ্ঞানৰ প্ৰাথমিক পৰ্যায়। ধৰক আপুনি এটা লাইট দেখিছে। লাইটে পোহৰ দিছে। এইটো আপোনাৰ ইন্দ্ৰিয়মূলক ধাৰণা। লাইটটো আপুনি লাৰি চাইছে, অলপ গৰম অনুভৱ কৰিছে, এইটোও এক ইন্দ্ৰিয়মূলক ধাৰণা। কিন্তু আপুনি লাইটৰ অন্তৰ্ভাগত চলি থকা ফ’টন কণাৰ তীব্ৰবেগী গতিধাৰা অনুভৱ কৰিব নোৱাৰে। অচিনাকি মানুহ এজন ৰাস্তাত দেখিলে পূৰ্বধাৰণাৰ পৰা আপুনি মানুহ বুলি গম পাব; কিন্তু তেখেতৰ নাম, বাসস্থান, ভাষা, চৰিত্ৰ আদি অনুসন্ধান নকৰাকৈ জানিব নোৱাৰে। এই ইন্দ্ৰিয়মূলক ধাৰণাই আমাৰ মগজুত বিশ্লষণ আৰু সংশ্লেষণৰ অত্যন্ত জটিল এক প্ৰক্ৰিয়াৰে এক বিমূৰ্ত চিন্তন (Abstract thought) বা বুদ্ধিৰ (Idea)সৃষ্টি কৰে। ই ইন্দ্ৰিয়মূলক জ্ঞানৰেই এক উচ্চতৰ ৰূপ।
প্ৰয়োগ (Practice):- প্ৰয়োগ হ’ল মানুহৰ সক্ৰিয় শ্ৰম যিয়ে প্ৰকৃতি আৰু সমাজৰ ৰূপান্তৰ ঘটায়। প্ৰয়োগৰ দ্বাৰাই মানুহে অকল প্ৰকৃতিত থকা বস্তুক ৰূপান্তৰ কৰাই নহয় প্ৰকৃতিত প্ৰস্তুত হৈ নথকা নতুন নতুন বস্তুও সৃষ্টি কৰে। ইন্দ্ৰিয়মূলক জ্ঞানে সৃষ্টি কৰা বিমূৰ্ত চিন্তন বা বুদ্ধি মানুহে প্ৰকৃতিৰ ওপৰত প্ৰয়োগ কৰি জ্ঞানৰ বিকাশ সাধন কৰে। প্ৰয়োগ হ’ল জ্ঞানৰ আৰম্ভনি ভেটি। প্ৰাচীন কালতো মানুহে মাটিৰ জোখ, বিভিন্ন উৎপাদন সজুলিৰ আৰু উৎপাদিত ফচল আদিৰ হিচাপৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু এনেকৈয়ে অংকশাস্ত্ৰৰ প্ৰাথমিক ধাৰণাৰ সৃষ্টি হৈছিল। পৰবৰ্তী সময়ত মানুহে বাসস্থান, ৰাস্তা, দলং, জলসিঞ্চন আৰু অন্যান্য ব্যৱস্থাৰ সৃষ্টি কৰিছিল। প্ৰয়োগৰ ফলতেই বিজ্ঞানৰ প্ৰাথমিক ভেটিটো নিৰ্মাণ হৈছিল। প্ৰয়োগ বিজ্ঞানৰ অকল ভেটিয়েই নহয়, ই বিজ্ঞানৰ লক্ষ্যও। মানুহে বস্তুজগতৰ পৰিবৰ্তনৰ নিয়মসমূহ আয়ত্ত কৰি তাক ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয় বস্তুৰ উদ্ভাৱনত প্ৰয়োগ কৰে। শ্ৰম (শাৰীৰিক ও মানসিক) জ্ঞানৰ মূল চালিকা শক্তি। প্ৰয়োগৰ ফল কিন্তু তাৎক্ষণিক নহ’বও পাৰে। পৰমানণু আৱিষ্কাৰ হোৱাৰ বহু বছৰ পিছতহে পৰমাণৱিক শক্তিৰ ব্যৱহাৰ হৈছিল। আপোনাৰ খেতিডৰাত আপোনাৰ জ্ঞান আৰু শ্ৰম প্ৰয়োগ কৰি তাৰ ফল পাবলৈ কিছু সময়ৰ প্ৰয়োজন হয়।
তত্ত্ব আৰু প্ৰয়োগৰ ঐক্য :- তত্ত্ব জ্ঞানৰ অন্যান্য ৰূপৰ মাজৰ এটা ৰূপ। প্ৰয়োগ অবিহনে তত্বৰ কোনো নিজস্ব ভূমিকা নাথাকে। প্ৰয়োগেহে তত্বক বাস্তৱায়িত কৰিব পাৰে, ঠিক তেনেধৰণে তত্ত্ব অবিহনে প্ৰয়াগৰো ফলপ্ৰসূতা নাথাকে। তত্ত্ব অবিহনে প্ৰয়োগ লক্ষ্যহীন আৰু প্ৰয়োগ অবিহনে তত্ত্ব অন্ধ। তত্ত্ব আৰু প্ৰয়োগৰ ঐক্যইহে জ্ঞানৰ বিকাশ সাধন কৰে।
যৌক্তিক জ্ঞান (Rational knowledge) :- যৌক্তিক ধাৰণা গুণগতভাবে জ্ঞানৰ বিকাশৰ এক উচ্চতৰ স্তৰ। ই বস্তু বা পৰিঘটনাৰ অন্তৰ্বস্তুৰ বিভিন্ন প্ৰক্ৰিয়া, বৈশিষ্ট্য আৰু গুণাগুণ সম্পৰ্কত লব্ধ ধাৰণাক প্ৰতিনিধিত্ব কৰে। সামাজিক অনুশীলন প্ৰক্ৰিয়াত ইন্দ্ৰিয়মূলক ধাৰণাৰ বহুবাৰ পুনৰাবৃত্তি ঘটে। এই প্ৰক্ৰিয়াত ইন্দ্ৰিয়মূলক জ্ঞানৰ মানুহৰ মস্তিষ্কত পৰিমানগত পৰিবৰ্তনৰ পৰা এক গুণগত পৰিৱৰ্তন হৈ যৌক্তিক জ্ঞানৰ সৃষ্টি হয়। এই জ্ঞানে বস্তুৰ সাৰাংশ, আপেক্ষিক সমগ্ৰতা আৰু আভ্যন্তৰীণ সম্বন্ধ বাখ্যা কৰিব পাৰে যিটো ইন্দ্ৰিয়মূলক ধাৰণাই বাখ্যা কৰিব নোৱাৰে। ইন্দ্ৰিয়মূলক জ্ঞান, প্ৰয়োগ বা অনুশীলন, জ্ঞান আকৌ সেই জ্ঞানৰ পুনৰ প্ৰয়োগ আৰু নতুন জ্ঞান অৰ্জন— এই প্ৰক্ৰিয়াৰ বাৰম্বাৰ পুনৰাবৃত্তিয়ে জ্ঞান আৰু প্ৰয়োগৰ অন্তৰ্বস্তুক উচ্চতৰ পৰ্যায়লৈ উন্নীত কৰে। এই পুনৰাবৃত্তিয়ে জ্ঞানক এক কুণ্ডলীয় (Spiral) গতি দিয়ে আৰু জ্ঞান উচ্চৰ পৰা উচ্চতৰ স্তৰলৈ অন্তহীনভাবে গতি কৰে। এয়াই হ’ল জ্ঞানৰ দ্বান্দ্বিক-বস্তুবাদী গতি। আপেক্ষিক সত্যৰ পৰা পৰম সত্যৰ ফালে জ্ঞানৰ অবিৰত আৰু অন্তহীন যাত্ৰা।
(ইন্দ্ৰিয়মূলক জ্ঞান → বিমূৰ্ত চিন্তন→প্ৰয়োগ→যৌক্তিক জ্ঞান → প্ৰয়োগ → উচ্চতৰ জ্ঞান → প্ৰয়োগ → আগতকৈ উচ্চতৰ জ্ঞান → ∞)
এটা সৰু উদাহৰণ দাঙি ধৰিবলৈ প্ৰয়াস কৰিলোঁ। অলপ আদিম অৱস্থাৰ পৰাই আৰম্ভ কৰিছোঁ। ক্ষন্তেক ভাগৰ জুৰাবলৈ মানুহে গছৰ মুঢ়াত বহিল। মুঢ়াটো খহটা, বহিবলৈ অসুবিধা। মুঢ়াটো অলপ সমান কৰি ল’লে। মুঢ়াটো অ’ত ত’ত লৈ ফুৰাব পৰাকৈ উন্নত কৰি ল’লে। তাৰ বিকাশ এনেধৰণে আৰম্ভ হ’ল।
মুঢ়া →পীৰা→ বৰপীৰা→ টুল →হাত নোহোৱা চকী → হাত থকা চকী → আৰাম চকী → ঘূৰ্ণীয়মান চকী → উচ্চতা আৰু হেলন নিয়ন্ত্ৰণ খাপ খোৱাব পৰা চকী → নতুন সুবিধা, নতুন উপাদান থকা চকী।
বিকাশৰ এই হেজাৰ হেজাৰ বছৰৰ প্ৰক্ৰিয়াত দেখা গ’ল যে মানুহে নিজৰ সুবিধাৰ বাবে জ্ঞান বিকাশ কৰাৰ সমান্তৰালভাবে আহিলাও বিকশিত কৰিছে, প্ৰয়োগৰ কৌশল বিকশিত কৰিছে, গছৰ মুঢ়াটোৰ আকৃতি-প্ৰকৃতিৰো পৰিবৰ্তন সাধন কৰিছে। কেবাটাও প্ৰজন্মৰ শ্ৰম আৰু বুদ্ধি এই বিকাশ প্ৰক্ৰিয়াত জড়িত আৰু নিহিত হৈ আছে। অৰ্থাৎ এই প্ৰক্ৰিয়া সামাজিক, কোনো ব্যক্তি বিশেষৰ সৃষ্টি নহয়।
জ্ঞানৰ বিভিন্ন পৰ্যায় :- বিজ্ঞান-প্ৰযুক্তি আৰু দ্ৰুত সংযোগ ব্যৱস্থাই জ্ঞানক এক বহুমাত্ৰিক ৰূপ দিছে। কোনো এজন বিজ্ঞানী বা সমাজ বিজ্ঞানীয়ে এতিয়া আৰু একক ভাৱে বিজ্ঞান বা সমাজ বিজ্ঞানৰ জ্ঞান চৰ্চা কৰাটো সম্ভৱ নহয়। ধৰি লওক মূল্যবৃদ্ধিৰ প্ৰশ্নটো। ইয়াক অধ্যয়ন কৰিবলৈ সমাজবিজ্ঞানীও লাগিব, অৰ্থনীতিবিদো লাগিব, পৰিসংখ্যাবিদো লাগিব, প্ৰযুক্তিবিদো লাগিব, সমসাময়িক বা আগৰ বিজ্ঞানীসকলৰ পৰিক্ষিত জ্ঞান সমূহো লাগিব। অৰ্থাৎ ই এক সামাজিক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত লব্ধ জ্ঞানো সামাজিক সৃষ্টি। ধাৰণা (Concept), প্ৰস্তাৱ বা আঁচনি (Proposition), অনুসিদ্ধান্ত বা প্ৰকল্প (Hypothesis), তত্ব (Theory), পৰীক্ষালব্ধ জ্ঞান (Empirical Knowledge) আদি জ্ঞানৰ বিভিন্ন উচ্চ পৰ্যায়ৰ ৰূপ আছে। এই সকলোবোৰৰ আলোচনা এই নিবন্ধত সামৰি ল’ব পৰা নাযাব, এক অনুষ্টুপীয়া আলোচনাৰহে প্ৰয়াস কৰা হৈছে। পৰীক্ষালব্ধ জ্ঞান হ’ল পৰ্যবেক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা অৰ্হিত এক জ্ঞান যাক নিৰ্দিষ্ট ভাষা বা সাংকেতিক ভাষাৰে প্ৰকাশ কৰা হয়। জ্ঞানৰ এটা স্তৰত বিজ্ঞান-প্ৰযুক্তিৰ সহায়ত বস্তু এটাৰ অন্তৰ্ভাগৰ জ্ঞানকো ইন্দ্ৰিয়মূলক ধাৰণালৈ আনিব পাৰি। পৰমাণু এটা আমি খালী চকুৰে দেখা নাপাওঁ, কিন্ত বিশেষ ধৰণৰ ইলেকট্ৰন মাইক্ৰোস্কোপ ব্যৱহাৰ কৰি আমি পৰমাণুৰ অন্তৰ্ভাগ চাব পাৰোঁ, আনকি তাৰ চলন্ত ফটোও ল’ব পাৰোঁ। এইটো হ’ল পৰমাণুৰ পৰীক্ষালব্ধ জ্ঞান। আমাৰ শৰীৰৰ বিভিন্ন কোষ বা জৈৱৰাসায়নিক প্ৰক্ৰিয়া সমূহৰ বিভিন্ন বৈজ্ঞানিক উপায়ৰ দ্বাৰা পৰিমাণ, বৈশিষ্ট্য সমূহ আমি অধ্যয়ন কৰিব পাৰোঁ। শৰীৰৰ অন্তৰ্ভাগৰ অংগসমূহ এক্সৰে, ইচিজি, ইকোকাৰডিওগ্ৰাম, চি টি স্কেন, এম আৰ আই, এন্দোস্ক’পি, এনজিয়য়োগ্ৰাম আদি ব্যৱহাৰ কৰি তন্নকৈ চাব পাৰোঁ আৰু ৰোগী বা আন মানুহেও চাব পাৰে। ৰোগী বা সাধাৰণ মানুহৰ কাৰণে এয়া ইন্দ্ৰিয়মূলক ধাৰণা; কিন্তু ডাক্তৰজনৰ কাৰণে এয়া যৌক্তিক জ্ঞান। ইয়াত যৌক্তিক আৰু ইন্দ্ৰিয়মূলক ধাৰণাৰ ঐক্য স্পষ্ট ৰূপত দেখা পোৱা যায়। ই পৰীক্ষালব্ধ জ্ঞান। ঠিক তেনেধৰণে বস্তু এটা নেদেখা নুশুনাকৈও কিতাপ, ছৱি, ভিডিও আদিৰ জৰিয়তে বস্তুটো সম্পৰ্কে এক ধাৰণা (Concept) কৰিব পাৰোঁ। প্ৰাকল্পিক জ্ঞানো (Hypothesis) এক উচ্চতৰ জ্ঞান আৰু বিজ্ঞানৰ অপৰিহাৰ্য অংশ। পৰ্যবেক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা তাৰ ভুল-ভ্ৰান্তি সমূহ বাতিল কৰাৰ পিছত তাৰ গ্ৰহণযোগ্য অংশ জ্ঞানলৈ ৰূপান্তৰিত হয়। উদাহৰণ স্বৰূপে মধ্যাকৰ্ষণ যিহেতু এক শক্তি তাৰ নিশ্চয় এটা কণিকা (Particle) থাকিব। বিজ্ঞানীসকলে এই কণিকাটোৰ নাম ৰাখিছে গ্ৰেভিট’ন (Graviton)। ই প্ৰাকল্পিক পৰ্যায়ত আছে যদিও ইয়াৰ অনুসন্ধান চলি আছে। আজি কেইবছৰমান আগতে এক প্ৰাকল্পিক অধ্যয়নৰ এটা প্ৰতিবেদন পঢ়িছিলোঁ। তাত দেখুওৱা হৈছিল যে অসমৰ খৰশ্ৰোতা নদীসমূহক ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰিলে হেনো ৬৩ লাখ কৰ্মসংস্থানৰ সৃষ্টি হ’ব। ইয়াৰ ওপৰত অনুসন্ধান আৰু পৰীক্ষণ চলাই চৰকাৰী নিয়ন্ত্ৰণত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে হয়তো অসমত নিবনুৱা সমস্যা নাথাকিব। অৱশ্যে এয়া এক প্ৰাকল্পিক ধাৰণাহে।
ওপৰৰ আলোচনাৰ পৰা এই কথাটো প্ৰতীয়মান কৰিব পৰা যায় যে জ্ঞান শ্ৰমৰ সৃষ্টি, জ্ঞান সামাজিক সৃষ্টি আৰু ইয়াৰ দ্বান্দ্বিক গতি অন্তহীন। যিহেতু বিশ্বজগত অসীম, জ্ঞানো অসীম। কিন্তু অসীমতা হ’ল কিছুমান সসীমতাৰ সমস্তি (Infinity is the summation of some finites)। জ্ঞানে অসীমতাক জয় কৰিবলৈ নিৰন্তৰ আগবাঢ়ি যায়। বিশ্বজগতৰ সৰহখিনিয়েই অজ্ঞাত, কিন্তু অজ্ঞেয় নহয়।
বিশ্বজাগতিক জ্ঞান
অন্বেষণৰ যাত্ৰা অপ্ৰতিৰোধ্য। যিমান দিনলৈ মানুহ থাকিব, সিমান দিনলৈ এই যাত্ৰা দুৰ্বাৰ গতিত আগবাঢ়ি গৈ থাকিব। শ্ৰেণীবিভক্ত সমাজ ব্যৱস্থাত জ্ঞানক এচাম মানুহৰ সৃষ্টি আৰু সম্পদ হিচাবে প্ৰতিষ্ঠিত কৰাৰ প্ৰচেষ্টা আৰু কোশল হেজাৰ হেজাৰ বছৰ ধৰি চলি আছে। শোষক শ্ৰেণীয়ে ইন্দ্ৰিয়মূলক জ্ঞানক বাধা দিব নোৱাৰে, কিন্তু প্ৰয়োগক সাময়িকভাবে বাধা দিব পাৰে। কৰ্মসংস্থান সংকোচন কৰাৰ বৈজ্ঞানিক অৰ্থ হ’ল জ্ঞানৰ প্ৰয়োগত বাধা দিয়া। সেইদৰে কৃষক ৰাইজৰ হাতত পইচা তুলি নিদিয়া মানে প্ৰয়োগত বাধা দিয়া। এই বাধাই অৱশ্যে অন্য এটা চিন্তনৰ জন্ম দিয়ে, সেয়া হ’ল প্ৰয়োগৰ দাবীত মানুহ সংগঠিত হোৱাৰ জ্ঞান। জ্ঞানৰ আচল ধাৰাটো লুকাই ৰখাৰ কাৰণে শাসক শ্ৰেণীয়ে নিত্যনতুন আদৰ্শবাদৰ সৃষ্টি কৰিছে। পুৰণি অবৈজ্ঞানিক ধ্যান-ধাৰণা সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ বাবে বিভিন্ন সমাজবিজ্ঞানী, বুদ্ধিজীৱী, বিজ্ঞানী, প্ৰচাৰ মাধ্যম, ৰাষ্ট্ৰযন্ত্ৰৰ বিভিন্ন উপাদান, বিজ্ঞান-প্ৰযুক্তিৰ অপপ্ৰয়োগ আদিৰ জড়িয়তে মানুহক জ্ঞানৰ পৰা আঁতৰত ৰখাৰ প্ৰচেষ্টা চলাইছে। সাধাৰণ মানুহ প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈ যাতে জ্ঞানী হ’ব নোৱাৰে তাৰ বাবে বিভিন্ন কৌশল ৰচনা কৰিছে। শাসক শ্ৰেণীয়ে এনেকুৱা শিক্ষাৰহে ব্যৱস্থা কৰে যি ব্যৱস্থাত এচাম মানুহ ভাটৌ শিক্ষাৰে শিক্ষত হৈ শোষক শ্ৰেণীৰ শোষণ যন্ত্ৰটো চলাই ৰাখিব পাৰে। এটা নিজৰ জীৱনৰ উদাহৰণ দিছোঁ। আমি তেতিয়া ক মান শ্ৰেণীত। অ আ ক খ লিখিব লাগে। এজন সাহসী ল’ৰাই দীৰ্ঘ ঋ টো লিখিবলৈ বৰ টান পাই শিক্ষকক সুধিলে, “চাৰ এই আখৰটো কোনে আৱিষ্কাৰ কৰিলে?” শিক্ষকে টপৰাই উত্তৰ দিলে, “ঈশ্বৰে”। ল’ৰাজন মনে মনে থাকিল, কাৰণ অলপ আগতে “নিচিনোঁ তোমাক ক’ত আছা প্ৰভূ আমি অতি সৰু ল’ৰা” প্ৰাৰ্থনাটো কৰি উঠিছে। ল’ৰাজনৰ শিশুমনৰ জ্ঞানৰ কোঠাটোত ঈশ্বৰৰ তলাটো লগাই দিলে। ল’ৰাজন সাহসী আৰু বুধিয়ক আছিল। বেচেৰাই প্ৰাইমেৰী স্কুলৰ পঢ়া খিনিয়েই শেষ কৰিব নোৱাৰিলে। পুঁজিবাদে জ্ঞানক পণ্যলৈ ৰূপান্তৰিত কৰিছে। পুঁজিবাদী ব্যৱস্থাত ডাঙৰ ডাঙৰ বৈজ্ঞানিক গৱেষণাবোৰৰ চৰকাৰী পৃষ্ঠপোষকতা নাথাকে। বৃহৎ বৃহৎ কোম্পানীবোৰেহে তাৰ পৃষ্ঠপোষকতা কৰে। ফলত গৱেষণালব্ধ ফলাফলৰ যিখিনি তেওঁলোকৰ মূনাফাৰ সহায়ক হয় সেইখিনি প্ৰকাশ কৰে আৰু যিখিনিয়ে মূনাফাৰ ক্ষতি কৰিব পাৰে সেইখিনি লুকাই ৰাখে। কিন্তু পুঁজিবাদ এক স্ববিৰোধী ব্যৱস্থা। নিজৰ ভিতৰত থকা মুনাফাকেন্দ্ৰীক অৰিয়াঅৰিৰ ফলত লুকাই ৰখা কথাখিনিও বাহিৰ ওলাই আহে। জ্ঞান আগবাঢ়ি যায়। জ্ঞানৰ গতিক সাময়িকভাবে হয়তো বাধা দিব পাৰি; কিন্তু এদিন এই বান্ধ চিঙিব আৰু জ্ঞানে শাসক চক্ৰৰ সমস্ত চক্ৰান্তক চিৰদিনলৈ ওফৰাই দি জ্ঞানৰ জয়যাত্ৰা অব্যাহত ৰাখিব।