কেন্দ্ৰীয় নিবন্ধ

সাধু সাধু সাধু, খাই কঠালৰ বাদু – লক্ষ্যজ্যোতি বৰঠাকুৰ

(১)

ধৰাহওঁক আপুনি বান্দৰৰ ভাষা জানে। ভাষামানে বান্দৰেওতো নিজৰ মাজত ভাৱ বিনিময়ৰ বাবে কিছুমান সংকেত ব্যৱহাৰ কৰে, সেইবোৰ আপুনি জানে। এতিয়া ধৰা হওক, এজাক বান্দৰে এথোক কল যেনেতেনে কৰবাৰ পৰা যোগাৰ কৰি আনি খাবলৈ যো-জা কৰিছে মাত্ৰ, ঠিক সেইসময়তে আপুনি তাতগৈ উপস্থিত হ’ল আৰু বান্দৰৰ জাকটোক ক’লে ‘এই ৰ’বা ৰ’বা এনেকৈ নহয়। প্ৰথমতে তোমালোকে কল খিনি ভালকৈ ধোৱা, এখন আগলি কলপাতত সেইখিনি লৈ সেই মন্দিৰত বহি থকা বুঢ়া বান্দৰ দুটাৰ আগত দিবা। বুঢ়া দুটাই তোমালোকক আশীৰ্বাদ দি আধাতকৈ বেছি কল নিজলৈ ৰাখি বাকী খিনি ঘূৰাই দিব। এনে কৰাৰ বাবে তুমি মৃত্যুৰ পিছত এনে এখন ঠাইত থাকিবলৈ পাবা য’ত কোনো কষ্ট নকৰাকৈ অকল কলেই নহয়, আপেল, আঙুৰ আদি অনান্য সুস্বাদু খাদ্য খাবলৈ পাবা, পৃথিৱীত থকা বান্দৰীবোৰতকৈ বহুত বেছি সুন্দৰী বান্দৰীয়ে তোমাৰ আগত নৃত্য কৰিব, মৰ্ত্যত অতৃপ্ত হৈ ৰোৱা তোমাৰ যৌন বাসনা তৃপ্ত কৰিব।’ বান্দৰৰ জাকটোৱে বাৰু আপোনাৰ কথা বিশ্বাস কৰিবনে? আপোনাৰ কথাত পতিয়নগৈ সিহঁতে আধা থোক কল মন্দিৰত দিবনে? উত্তৰটো আমি সকলোৱে জানো। এনেধৰণৰ কথা কোনো জীৱ জন্তুৱে বিশ্বাস নকৰে। কিয়? ইয়াৰ উত্তৰত ক’ব পাৰি ইতৰ প্ৰাণীৰ মস্তিষ্ক এনেধৰণৰ সাধুকথা বুজি পাব পৰাকৈ পৰিপক্ক বা বিশেষভাৱে কবলৈ গ’লে বিৱৰ্তিত নহয়। কেৱলমাত্ৰ মানুহেহে সাধুকথা ক’ব পাৰে, সাধুকথা বিশ্বাস কৰে। এইযে মানুহে সাধু সৃষ্টি কৰিব পাৰে আৰু আন মানুহক সেই সাধুকথা বিশ্বাস কৰাব পাৰে তাৰ লগত কিন্তু ভাষাৰ বিৱৰ্তনৰ এক গভীৰ সম্পৰ্ক আছে। মানুহৰ বাদে আন কোনো জীৱ-জন্তুৰ কথা ক’ব পৰা ক্ষমতা নাই। কিন্তু জীৱবোৰে নিজৰ গোটৰ মাজত ভাব বিনিময়ৰ বাবে কিছুমান সংকেত ব্যৱহাৰ কৰে। জিনীয় ভাবে আমাৰ অতি ওচৰৰ চিম্পাঞ্জী, বনৱো আদিয়ে প্ৰায় পঞ্চাশ বিধমান সাংকেতিক ধ্বনি ব্যৱহাৰ কৰে নিজৰ বেলেগ বেলেগ মনৰ ভাৱ প্ৰ্কাশ কৰিবলৈ। আন আন জীৱ্ সমূহেও বিভিন্ন ধৰণৰ সাংকেতিক উপায়েৰে নিজৰ প্ৰ্জাতিৰ মাজত ভাৱ বিনিময় কৰে আৰু সেই সমূহ যথেষ্ট নিখুঁত হয়। উদাহৰণস্বৰূপে মাইকী মৌ-মাখিয়ে লগৰবোৰক মৌজোলৰ সন্ধান দিবৰ বাবে নিজৰ বাঁহৰ সন্মুখত এক বিশেষ নৃত্য কৰে আৰু ই ইমান নিখুঁত হয় যে বেলেগ মৌ-মাখিবোৰে সেই নৃত্যৰ পৰাই মৌজোলৰ উৎসৰ দিশ আৰু বাহঁৰ পৰা ইয়াৰ দূৰত্ব সঠিক ভাৱে অনুমান কৰিব পাৰে। কিন্তু এই সংকেত জীৱ সমূহে কেৱল নিজকে জীয়াই ৰাখিবৰ বাবে বা বংশবৃদ্ধিৰ বাবে স্ংগী বিচাৰিবৰ বাবেহে ব্যৱহাৰ কৰে আৰু এই সংকেতসমূহক ব্যক্তিগত পৰ্যায়ত কোনো এটা জীৱই অভিসাধন (manipulation) কৰিব নোৱাৰে। এটা নিদিষ্ট প্ৰ্জাতিৰ বাবে এই সংকেত সমূহ সুনিৰ্দিষ্ট আৰু ব্যক্তিগত স্তৰত ইয়াক বঢ়া-টুটা কৰিব পৰা ক্ষমতা কোনো জীৱৰে নাই। সৰু এটা উদাহৰণেৰে কথাটো বুজাৰ চেষ্টা কৰা যাওক। জিম কৰবেটৰ ‘কূমায়ুনৰ মানুহ খোৱা বাঘ’ কিতাপখনৰ বিষয়ে প্ৰায় সকলোৱে জানে নিশ্চয়। সেই কিতাপত বান্দৰে হাবিত বাঘ দেখিলে লগৰ বান্দৰ আৰু আন জীৱক সচকিত কৰিবৰ বাবে কেনেদৰে বিশেষ সংকেত ব্যৱহাৰ কৰে তাৰ সুন্দৰ বৰ্ণনা আছে। কিন্তু সেই স্ংকেত কোনো বান্দৰে বাঘ নেদেখাকৈ মিছাকে লগৰ সমূহক ভয় খুৱাবলৈ ব্যৱহাৰ নকৰে, আচলতে তেনেকুৱা কৰিব পাৰি বুলি ভাবিব পৰাকৈ বান্দৰৰ মস্তিষ্ক বিকশিত নহয়। আনফালে মন কৰিবলগীয়া কথা এইটোও যে সেই সংকেতেৰে বান্দৰ এটাই কেইটা বাঘ আহিছে বুজাব নোৱাৰে। সাংকেতিক ভাৱ বিনিময়ৰ এইবোৰ হ’ল সীমাৱদ্ধতা। কিন্তু এই সাংকেতিক ধ্বনি সমূহৰ পৰা কালক্ৰমত যেতিয়া ভাষাৰ জন্ম হ’ল এই সীমাৱদ্ধতা সমূহ দূৰ হ’ল আৰু ভাষাৰ প্ৰয়োগ কৰি বিভিন্ন কাহিনী মানুহে ব্যক্তিগত পৰ্যায়ত কৰিব পৰা হ’ল। অৰ্থাৎ মানুহে ভাষা ব্যৱহাৰ কৰি কেইটা বাঘ আহিছে, আৰু কিমান সময়ৰ ভিতৰত এই স্থান পাবহি, বাঘটো ঢেকিয়াপতীয়া নে নাহৰফুটুকী এই সকলোবোৰ ক’ব পৰা হ’ল। কিন্তু ইয়াৰ লগতে মানুহৰ মস্তিষ্কৰ বিকশিত হৈ এই পৰ্যায় পালে যে ইচ্ছা কৰিলে এজন মানুহে এটাৰ ঠাইত দুটা বাঘ দেখা পোৱা বুলি মিছাকে ক’ব পৰা হোৱাৰ লগতে ইয়াক আন মানুহক বিশ্বাসো কৰাব পৰা হ’ল। গতিকে খুব সহজত কবলৈ হ’লে ভাষাই পূৰ্ণ ৰূপ পোৱাৰ পিছত আৰু মানুহৰ মগজুৱে কল্পনা কৰিব পৰা পৰ্যায়লৈ বিৱৰ্তিত হোৱাৰ লগে লগে বিভিন্ন সাধুকথা, কাল্পনিক আখ্যান আদিৰ জন্ম আৰু প্ৰচলন হ’বলৈ আৰম্ভ কৰিলে। মজাৰ কথাটো হ’ল এই মনে সজা মিছা কথা কোৱা বৈশিষ্ট্যটো মানুহৰ বাবে এক নিৰ্বাচিত জিনীয় বৈশিষ্ট্য (selected genetic trait) হৈ পৰিল আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জেনেটিকেভাৱে সংক্ৰমণ ঘটিলে। সেইবাবে মানৱ শিশু এটাই ভালকৈ কথা ক’ব পৰা হোৱাৰ পিছতে মনে সাজি বহুতো মিছা কথা কোৱা আৰম্ভ কৰে। কিন্তু এইখিনিতে এটা কথা মন কৰিবলাগিব। বিৱৰ্তন জীৱ বিজ্ঞানৰ মতে সাধাৰণতে যিকোনো জীৱৰ ক্ষেত্ৰত কেৱল সেইবোৰ বৈশিষ্ট্যহে জেনেটিকভাৱে নিৰ্বাচিত হয় যিবোৰে এটা জীৱ প্ৰজাতিক এই পৃথিৱীত বৰ্তি থকাতপ্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰে। এতিয়া প্ৰশ্ন হ’ল মনেসজা কাল্পনিক কাহিনী ক’ব পৰা আৰু সেই কাহিনীসমূহ আনক পতিয়ন নিয়াব পৰা বৈশিষ্ট্যটোৱে ‘হ’ম চেপিয়ঞ্চ’ প্ৰজাতিকনো পৃথিৱীত বৰ্তি থকাত কিধৰণে সহায় কৰে? দৈহিকভাৱে মানুহেই হয়তো পৃথিৱীৰ আটাইতকৈ দূৰ্বল জীৱ। আত্মৰক্ষাৰ বাবে না আমাৰ শিং আছে, না মানুহৰ নখ, দাঁত আদি ধাৰাল। না মানুহে বান্দৰৰ নিচিনাকৈ গছ বগাব পাৰে, না মাছ, ঘঁৰিয়াল আদিৰ দৰে সাঁতুৰিব পাৰে। ৰোগ প্ৰ্তিৰোধ ক্ষমতাৰ কথাটো ক’বই নালাগে। এটামাত্ৰ আনুবিক্ষণীক অৰ্ধজীৱৰ তাণ্ডৱত সমগ্ৰ বিশ্বৰ মানৱজাতিৰ আজি যি অৱস্থা হৈছে সেয়া সকলোৱে দেখিছো। এটা সৰু কথালৈ মন কৰিলে আমি গম পাম মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আন জীৱৰ তুলনাত কিমান কম। পৃথিৱীৰ মানুহেই একমাত্ৰ জীৱ যি বিষ্ঠা ত্যাগ কৰাৰ পিছত পায়ুদ্বাৰ পৰিষ্কাৰ কৰে। আমি যদি মাত্ৰ কেইদিনৰ মানৰ বাবে পাইখানা কৰাৰ পিছত নিজকে পৰিষ্কাৰ নকৰাকৈ ৰাখোঁ তেন্তে কি পৰ্যায়ৰ বেক্টেৰীয় সংক্ৰমণ হ’ব ভাৱকচোন! কিন্তু আন জীৱ-জন্তুৰ ক্ষেত্ৰততো এই সমস্যা নহয়। মুঠৰ ওপৰত আমি এটা অতি দূৰ্বল প্ৰ্জাতি। এককভাৱে এই পৃথিৱীত বৰ্তি থকা আমাৰ বাবে সহজ কথা নহয়। সেইবাবেই আমি সামাজিক জীৱ, সমাজ পাতি এক গোটহৈ থাকোঁ। আচলতে পৃথিৱীত বৰ্তি থকাৰ স্বাৰ্থত একগোটহৈ থাকিবলৈ আমি বাধ্য। আৰু ব্যক্তিগত পৰ্যায়ত ইমান দূৰ্বল হোৱাৰ পিছতো প্ৰজাতি হিচাপে আমিযে খাদ্য-শৃংখলৰ একেবাৰে শীৰ্ষত আছো, থাকিব পাৰিছো তাৰ একমাত্ৰ কাৰণ হ’ল আমাৰ দলবান্ধি থাকিব পৰা ক্ষমতা। আপুনি হয়তো ক’ব পাৰে যে হাতী, চিম্পাঞ্জী আদিওতো দল বান্ধি থাকে। হয়, আন আন কিছু জীৱও দলবদ্ধ ভাবে থাকে, কিন্তু সেইবোৰ খুবেই সৰু সৰু দল। চিম্পাঞ্জীৰ এটা দলত অতি বেছি হ’লে ডেৰশ চিম্পাঞ্জী একেলগে থাকে। তাতকৈ যদি বেছি চিম্পাঞ্জীক একেলগ কৰি দিয়া হয় তেতিয়াহ’লে সিহঁতৰ নিজৰ ভিতৰতে যুদ্ধ লাগি বহুতৰ মৃত্যু হ’ব। কিন্তু মানুহৰ ক্ষেত্ৰত ভাৱকচোন। ডেৰশ কিয় আমি প্ৰায় ডেৰশ কৌটি মানুহে জানো এখন সংবিধান, এজন ৰাষ্ট্ৰ্নেতা, এখন ন্যায়লয়ৰ অধিনত থকা নাই? হয়, আমাৰ মাজত মতৰ বিৰোধ আছে, আদৰ্শগত পাৰ্থক্য আছে, কেতিয়াবা কেতিয়াবা বিভিন্ন সংঘৰ্ষও হৈছে, কিন্তু আমিতো নিঃশেষ হৈ যোৱা নাই। আমিতো বিনা কাৰণত এজনে আনজনক মাৰি পেলাবলৈ উদ্ধত হোৱা নাই। কিন্তু মাত্ৰ এহেজাৰ চিম্পাঞ্জীক যদি একেলগে থাকিবলৈ দিয়া হয় তেন্তে সিহঁতে ইটোৱে সিটোক মাৰি নিঃশেষহৈ যাব। মানুহৰ ক্ষেত্ৰত কিন্তু ইয়াৰ ওলোটাহে দেখা যায়। যিকোনো এটা অনুষ্ঠান বা গোটৰ সদস্য সংখ্যা যিমানে বাঢ়ে সিমানে অনুষ্ঠানটো বেছি শক্তিশালীহে হয়। এইযে বহুত বেছি মানুহ একগোট হৈ বিশেষ কোনো কাজিয়া নোহোৱাকৈ থাকিব পাৰে সেইটোৱেই হ’ল আমি প্ৰজাতি হিচাপে ইমান দপদপাই থাকিব পৰাৰ একমাত্ৰ কাৰণ। আৰু এনেদৰে বহু সংখ্যক মানুহ একগোটহৈ থাকিবৰ বাবে সাধু সৃষ্টি কৰা আৰু আন মানুহক সেই সাধুত পতিয়ন নিয়াব পৰাৰ ক্ষমতা অত্যন্ত জৰুৰী। মানুহে সৃষ্টি কৰা কিছুমান সাংঘাটিক নিপুণ সাধুৱে আমাক একগোটহৈ থকাত অদ্ভুত্ভাৱে সহায় কৰিছে। সেইবাবেই মানুহে যুগে যুগে সৃষ্টি কৰিছে অলেখ সাধু। ডাঙৰ সাধু, সৰু সাধু, কামৰ সাধু, অকামৰ সাধু। মুঠৰ ওপৰত অনেক সাধু। এই সকলোবোৰ সাধুৰ ভিতৰত মানুহে আটাইতকৈ বেছি বিশ্বাস কৰা, বহুল প্ৰচাৰিত এক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সাধুৰ নাম হ’ল ভগৱান, আল্লা, গ’ড, ঈশ্বৰ।

(ক্ৰমশঃ)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *