অতিথি সম্পাদকৰ চ'ৰানিবন্ধপঞ্চম বছৰ (চতুৰ্থ সংখ্যা)

বিজ্ঞান আৰু বিজ্ঞানৰ ভেজালকৰণ (সুশান্ত তাঁতী)

মানুহে প্ৰকৃতিক বুজিবলৈ লোৱাৰে পৰা বিজ্ঞানৰ জয়যাত্ৰা অব্যাহত আছে ৷ আধুনিক মানৱ অৰ্থাৎ হ’ম’ চেপিয়েনচ (Homo sapiens)-এ ইউৰোপ মহাদেশত বসতি স্থাপন কৰাৰ সময়তে ১০০০০০ বছৰৰ আগতেই  আদিমানৱে (Neanderthals) জুই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ সেয়াই আছিল মানৱ-সভ্যতাৰ বিকাশৰ প্ৰথম পদক্ষেপ আৰু বিজ্ঞানৰ আৰম্ভণি৷ সাধাৰণভাৱে পুৰাতত্ত্ববিদসকলে মানৱ-সভ্যতাক প্ৰায় ১০০০০ বছৰৰ আগৰ পৰা স্বীকৃতি দিয়ে৷ অৰ্থাৎ ১০০০০ বছৰ আগৰ পৰাই মানুহে সমাজ পাতি বাস কৰা, কৃষিকৰ্ম কৰাৰ উপৰিও বহুখিনি সা-সঁজুলি ব্যৱহাৰ কৰিব পৰা হৈছিল৷ আধুনিক সভ্যতাৰ শিপাডালো তেতিয়াই ৰোপন কৰা ঘেঁহুৰ খেতিডৰাতে আৰম্ভ হৈছিল৷ পৰৱৰ্তী সময়ত বিভিন্ন সভ্যতাৰ উত্থান পতন হ’ল৷ ঔদ্যোগিক বিপ্লৱৰ সময়ৰ পৰা বিজ্ঞানৰ দ্ৰুত বিকাশৰ লগে লগে হাজাৰ হাজাৰ বছৰতো সম্ভৱ নোহোৱা কাৰ্যসমূহ অতি কম দিনৰ ভিতৰতে কৰিব পৰাটো সম্ভৱ হৈ উঠিল৷

বিজ্ঞানৰ বিকাশ বুলিলে সাধাৰণতে আমাৰ মনলৈ বিভিন্ন আধুনিক প্ৰযুক্তি, যন্ত্ৰ-পাতি, ইলেক্ট্ৰনিক সামগ্ৰী, চিকিৎসাৰ সঁজুলি, উন্নত যান-বাহন আদিৰ কথা মনলৈ আহে৷ কিয়নো আমি এ্ৰইবোৰ প্ৰযুক্তি আৰু সা-সজুলিৰ লগত অভ্যস্ত তথা এই সঁজুলিবোৰৰ বাবে আমাৰ দৈনন্দিন জীৱন আৰামদায়ক হৈ উঠিছে৷ কিন্তু বিজ্ঞান কেৱল বস্তুগত নহয়৷ বিজ্ঞান গঢ় লৈ উঠিছে কিছুসংখ্যক অনুসন্ধিৎসু ব্যক্তিৰ চিন্তা চৰ্চাৰ পৰা, যিসকল লোকে কোনো পৰিঘটনাৰ উৎস আৰু সত্যতা নজনালৈকে ক্ষান্ত হৈ বহি থকা নাছিল৷ অৰ্থাৎ যুক্তিবাদী মন আৰু বৈজ্ঞানিক মানসিকতাই হ’ল বিজ্ঞানৰ বিকাশৰ মূল৷ বৈজ্ঞানিক মানসিকতা অবিহনে বৈজ্ঞানিক ধাৰণা গঢ় লৈ নুঠে আৰু বৈজ্ঞানিক ধাৰণা অবিহনে বৈজ্ঞানিক আৱিষ্কাৰ বা উদ্ভাৱন সম্ভৱ নহয়৷ সেয়ে আমি ক’ব পাৰোঁ, এনে চিন্তাশীল লোকৰ বাবেহে আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ এই বিকাশ সম্ভৱ হৈছে৷

যিসকল যুগমীয়া ব্যক্তিৰ বাবে বিজ্ঞান-চৰ্চাৰ উন্নতি সম্ভৱ হ’ল, তেওঁলোকৰ ব্যতিক্ৰমী চিন্তা আৰু কৰ্মৰ বাবে তেওঁলোক কিন্তু  জীয়াই থকাও সহজ কথা নাছিল৷ সামন্তবাদী ধৰ্মীয় হাতোৰাৰ কোব মধ্যযুগৰ পৰা  এতিয়ালৈকে আমি দেখিবলৈ পাওঁ৷ দশম শতিকাৰ বাগদাদৰ চিকিৎসক ইবন জাকাৰিয়া ৰাজিক পশ্চিমীয়া শিক্ষণ আৰু চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে ইছলামৰ বিৰোধৰ অপৰাধত অন্ধ কৰি দিয়া হৈছিল৷ ১৬ শতিকাৰ স্পেইনৰ চিকিৎসা বিজ্ঞানী মাইকেল চাৰ্ভেটাছে মানুহৰ শৰীৰৰ ৰক্ত পৰিবহনতন্ত্ৰ আৱিষ্কাৰ কৰি ৰক্ত পৰিবহনতন্ত্ৰ সম্পৰ্কীয় লিখা গ্ৰন্থৰ বাবে খ্ৰীষ্টিয়ান ধৰ্মবিৰোধী বুলি তেওঁক জীৱন্তে জ্বলাই দিয়া হৈছিল৷ ১৭ শতিকাত গেলিলিও গেলিলিক কপাৰ্নিকাছৰ তত্ত্ব সমৰ্থন কৰা আৰু পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰাৰ কথা প্ৰমাণ কৰাৰ অপৰাধত কেথলিক ছাৰ্ছে গৃহবন্দী কৰি থৈছিল৷ হেনৰি অল্ডেনবাৰ্গে (১৭ শতিকাত) লণ্ডনৰ ৰয়েল চছাইটি স্থাপন কৰি উন্নত বৈজ্ঞানিক গৱেষণাপত্ৰ প্ৰকাশ কৰাৰ বাবে, আৰু ইউৰোপৰ বিভিন্ন দেশৰ বিজ্ঞানীৰ লগত যোগাযোগ কৰাৰ বাবে চোৰাংচোৱা বুলি বহুদিন বন্দী কৰি থোৱা হৈছিল৷ এলবাৰ্ট আইনষ্টাইনো আপেক্ষিকতাবাদৰ তত্ত্ব বাবে জাৰ্মান সোঁ-পন্থীসকলৰ ৰোষত পৰিছিল আৰু তেওঁৰ কিতাপসমূহ ৰাজহুৱাকৈ দাহ কৰা হৈছিল৷ এনেধৰনৰ সামন্তবাদী বৰ্বৰতাই কেৱল বিজ্ঞানীসকলকে নহয় আন সকলো যুক্তিবাদী লোককো যুগে যুগে বিভিন্ন অজুহাতত আক্ৰমণ কৰি আহিছে ৷

ভাৰতৰ প্ৰেক্ষাপটত চালে আমি আজিৰ তাৰিখতো মধ্যযুগীয় ধৰ্মীয় উন্মাদনা দেখা পাওঁ৷ শেহতীয়াভাৱে কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি হোৱা ধৰ্মীয় মেৰুকৰণ, মন্ত্ৰপাঠ, নৃত্য, বাদ্য আদিয়ে কি সূচায়? একৈশ শতিকাত থাকি স্মাৰ্ট চিটি (Smart City)-ৰ সপোন দেখা ভাৰতীয়সকলৰ মানসিক দুৰৱস্থা সঁচাকৈয়ে চিন্তনীয়৷ তথাপিও ভাৰতত বিজ্ঞান-চৰ্চাৰ ক্ষেত্ৰখনক নুই কৰিব নোৱাৰি৷ কিন্তু মুষ্টিমেয় বিজ্ঞানী আৰু যুক্তিবাদী তথা বিজ্ঞানমনস্ক ব্যক্তিৰ বাদে তথাকথিত উচ্চশিক্ষিত ভাৰতীয়সকলেও নিজকে আধুনিক বুলি জাহিৰ কৰিলেও তেওঁলোকৰ হাতৰ আঙুলিত থকা আঙঠিয়ে তেওঁলোকৰ মানসিক অৱস্থান নিৰ্দেশ কৰে৷ ভাৰতত সেয়ে প্ৰকৃতাৰ্থত বিজ্ঞান চৰ্চাৰ উন্নতি সাধন হোৱা নাই৷ ইয়াৰ কাৰণ হ’ল বিজ্ঞানৰ সমান্তৰালকৈ বিজ্ঞানৰ ওপৰত জাপি দিব বিচৰা অবৈজ্ঞানিক জনবিশ্বাস (অন্ধ বিশ্বাস?) আৰু ধৰ্মীয় ৰীতি-নীতি৷

ভাৰত প্ৰাচীন কালৰে পৰা, বিশেষকৈ বৈদিক যুগৰ পৰাই বিজ্ঞান-চৰ্চাত আগবঢ়া আছিল বুলি একাংশই দাবী কৰি আহিছে৷ ইয়াক প্ৰতিপন্ন কৰিবলৈ তেওঁলোকে নানান উপায় অৱলম্বন কৰি আহিছে৷ বিজ্ঞানক ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ সুবিধা আদায় কৰিবৰ বাবে বিজ্ঞানৰ ভেজালকৰণ কৰিবলৈকো কুণ্ঠাবোধ কৰা নাই৷ ভাৰতীয়সকলে ভেজাল খাদ্যৰ লগত যিদৰে অভ্যস্ত হৈ খাদ্যৰ লগত মিহলি হৈ থকা অখাদ্য উপাদানসমূহ চিনি নোপোৱা হ’ল, তেনেকৈ বিজ্ঞানৰ লগত মিহলি কৰা অবৈজ্ঞানিক উপাদান বা ধাৰণাসমূহো  তেওঁলোকে চিনাক্ত কৰিব নোৱাৰা হ’ল৷  ইয়াৰ পৰিণাম ভাৰতীয় বিজ্ঞান-চৰ্চাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী হ’ব৷ বহু বাকপটু জনপ্ৰিয়(?) নেতাই শিক্ষিত, অল্পশিক্ষিত আৰু অশিক্ষিত জনসাধৰণক বিজ্ঞান-অবিজ্ঞান সনাপিটিকা কৰি সকলোকে বিজ্ঞান আৰু প্ৰগতিৰ টুপি পিন্ধাবলৈ সক্ষম হৈছে৷ ভাৰতীয় পৰম্পৰা ৰক্ষাৰ নামত এতিয়া গৱেষণা প্ৰতিষ্ঠান বা বিজ্ঞান কেন্দ্ৰ স্থাপন কৰোঁতেও শিলান্যাসৰ ঠাইত নতুনকৈ ভূমি পূজন আৰম্ভ হ’ল৷ সৰ্বসাধাৰণ ৰাইজৰ পৰা বিদ্বৎ সমাজলৈকে ভেজাল বিজ্ঞান বিয়পোৱা প্ৰক্ৰিয়াটো অতি চাতুৰালিৰে বহুদিনৰ আগতে পৰিকল্পনা কৰি লোৱা হৈছিল৷ ১৯৯১ চনতে নাগপুৰত গঢ়লৈ উঠা বিজ্ঞান ভাৰতী নামৰ সংস্থাটোৱে যোৱা পাঁচ বছৰত শাসকৰ ছত্ৰছাঁয়াত সমগ্ৰ ভাৰতৰ বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠানসমূহত শিপাবলৈ আৰম্ভ কৰিছে৷ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱ (India International Science Festival, IISF) নামেৰে বহু শ কোটি টকীয়া উৎসৱ পাতি ভাৰতৰ বিভিন্ন বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যলয়, বিশ্ববিদ্যালয়ৰ গৱেষক-ছাত্ৰ সমাজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰাৰ লগতে ভাৰতীয় পৰম্পৰা-মূল্যবোধৰ পাঠ পঢ়াবলৈ লৈছে৷ তদুপৰি, বৰ্তমানৰ শাসকে কেন্দ্ৰ চৰকাৰৰ অধীনস্থ বিজ্ঞান গৱেষণা বিভাগ আৰু বিশ্ববিদ্যালয়সমূহক পোনপটীয়াকৈ পৰম্পৰা বা জনবিশ্বাসজনিত বিষয়সমূহ গৱেষণাৰ বাবে জাপি দিব বিচৰা কাৰ্য আচলতে বিজ্ঞান ভেজালকৰণৰ জৰিয়তে জনসাধাৰণক মানসিকভাৱে পংগু কৰাৰ অভিসন্ধিহে ৷

বৰ্তমান চলি থকা কিছুমান ভুৱা বা ভেজাল বিজ্ঞান

কম্পিউটাৰৰ জৰিয়তে হস্তৰেখা গণনা আৰু জ্যোতিষ বিদ্যা সকলোৱে জানে হস্তৰেখাবিদ্যা কোনো বিজ্ঞান নহয়৷ কম্পিউটাৰ প্ৰগ্ৰেমিং-ৰ জৰিয়তে মানুহৰ হাতৰ চাপ গণনা কৰি আভুৱা ভৰি আহিছে৷ কম্পিউটাৰ প্ৰগ্ৰেমিং যদিও নিজে বিজ্ঞান কিন্তু ইয়াক হস্তৰেখা / জ্যোতিষবিদ্যাত ব্যৱহাৰ কৰি ভেজাল কৰা হৈছে৷ ই এক ভিডিঅ’ গেমৰ দৰে প্ৰগ্ৰেম মাত্ৰ ৷

হেলথ এপ (Health App) মবাইলত ব্যৱহাৰ কৰা বিভিন্ন হেলথ এপসমূহ আচলতে নিৰ্দিষ্ট তথ্য আহৰণ কৰিবলৈ লোৱা এক বিশেষ ধৰণে সজোৱা চফটৱেৰ প্ৰগ্ৰাম৷ ইয়াত কোনো ব্যক্তিৰ স্বাস্থ্যৰ বুজ ল’ব পৰাকৈ চেন্সৰ (Sensor)  নাথাকে৷ মাত্ৰ প্ৰশ্ন উত্তৰৰ সহায়ত দিহা দিব পাৰে৷ কোনোবাই ভুল উত্তৰ দিলে ই ভুল দিহা দিব৷ বৰ্তমান কৰ’ণাৰ (কভিড ১৯) বাবেও এনে এপ ব্যৱহাৰ হৈ আছে ৷

বিজ্ঞাপণ / এডভাৰ্টাইজিং বৰ্তমানৰ বজাৰ অৰ্থনীতিত যিকোনো সামগ্ৰীৰ বিক্ৰী নিৰ্ভৰ কৰে সামগ্ৰীবিধৰ বিজ্ঞাপণৰ ওপৰত৷ বিজ্ঞানৰ তত্ত্বক এনে বিজ্ঞাপণত ব্যৱহাৰ কৰি জনসাধাৰণৰ মনত এনে বিভ্ৰান্তৰ সৃষ্টি কৰি তোলে য’ত সৰ্বসাধাৰণলোকে বিজ্ঞানৰ আঁৰত থকা চাতুৰালিক বুজি নোপোৱাকৈ ব্যৱহাৰ কৰি থাকে ৷

এনেধৰণৰ বহুতো প্ৰকাৰে বিজ্ঞানৰ ভেজালকৰণ চলি আছে৷ যিবিলাক চাতুৰালি ৰাইজে সময় থাকোতেই অনুধাৱন নকৰিলে আমি সদায় সংক্ৰামক ৰোগৰ নিবাৰণৰ বাবে কাঁহী-বাটি বজাই থাকিব লাগিব ৷

(পুনশ্চ— কৰ’না প্ৰতিৰোধত চৰকাৰৰ অসমৰ্থতাৰ প্ৰতি বিদ্ৰোহ প্ৰদৰ্শন কৰিবলৈ ইটালীৰ জনতাই বেলকনীৰ পৰা কাঁহী-বাটি বজাইছিল)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *