কেন্দ্ৰীয় নিবন্ধ

সাম্প্ৰদায়িকতা : এক সাধাৰণ দৃষ্টি- (ডা০ ভগৱান দেৱ মিশ্ৰ)

তেতিয়া মোৰ বয়স চাৰি-পাঁচবছৰমান হ’ব। অম্বুবাচীৰ সময় ( কামৰূপত আমতী বুলিও কয় )। ঘৰৰ আচুতিয়া কোঠা এটাত কাপোৰ-কানিবোৰ থৈ দুৱাৰখনত তলা লগাই থয়, তলা নাথাকিলে সহজে খুলিব নোৱাৰাকৈ ৰছীৰে বান্ধি থয়। মাহঁতে আমাক কয় ” দুৱাৰখন নুখুলিবি, ভিতৰত আমতী বুঢ়ী আছে ‘। কোঠাটোৰ ভিতৰত থকা আমতী বুঢ়ীজনীক জানিবলৈ বৰ কৌতূহল জন্মে। দুৱাৰৰ ফাকেৰে আমতী বুঢ়ীজনীক জুমি জুমি চাওঁ। হাতত লাখুটি লৈ থকা বুঢ়ীজনীক ছয়াময়াকৈ দেখাও পাওঁ। আমাতকৈ ছবছৰমান ডাঙৰ মাজুককাইদেউজন ব‍্যতিক্ৰমীধৰণৰ বুধিয়ক। আমাক কি চাইছ বুলি সোধে। “আমতী বুঢ়ী” আমি ক‌ওঁ। ককাইদেউৱে দুৱাৰৰ ফাকেৰে জুমি চাই আমাক কয় “ভিতৰত মই দেখো লাখুটি লোৱা বুঢ়া এজনহে দেখিছোঁ”। আমি আচৰিত হৈ আকৌ চাওঁ। হয়, কোঠাৰ ভিতৰত লাখুটি লোৱা বুঢ়া এজনহে আছে। অলপ ডাঙৰ হোৱাৰ পিছতহে ৰহস্যটো উদ্‌ঘাটন কৰিলোঁ। তেনেহ’লে আমি নিজ চকুৰে দেখা বুঢ়া বা বুঢ়ীজনীৰ অস্তিত্ব নাছিল নেকি? নাছিল, সেয়া আমাৰ অজ্ঞতাৰ পৰা জন্ম হোৱা এটা ভ্ৰান্ত ধাৰণা বা অন্ধবিশ্বাস আছিল। আজি আৰু আমতী বুঢ়ী নাচাওঁ। আজিৰ ল’ৰা-ছোৱালীহঁতে এই কথাখিনি শুনিলে আমাক লাজ দিব। এইখিনি হ’ল জ্ঞানৰ বিকাশ।


আমি তেতিয়া ভাড়াঘৰত থাকো। মোৰ সৰু ছোৱালীজনী দিনটোৰ বেছিখনি সময়েই ভাড়াঘৰৰ মালিকৰ ঘৰতেই থাকে। তেখেতসকলে তাইক খুব মৰমো কৰে। তেখেতসকলৰ ঘৰত প্ৰায়েই পূজা-পাৰ্বন, নাম-কীৰ্তন চলিয়েই থাকে। আমাৰ পৰিয়ালত এই ব‍্যৱস্থাটো নাই। তাই তেতিয়া প্ৰাইমেৰী স্কুলত পঢ়ি আছে।
ডাঙৰ ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিন। ইংৰাজীৰ পৰীক্ষা আছে। এনেয়ে সৰু ছোৱালীজনীয়ে ৰাতিপুৱা দেৰিকৈ উঠে। সিদিনা সোনকালে উঠি ঈশ্বৰলৈ প্ৰাৰ্থনা জনালে , “হে ঈশ্বৰ, আজি আমাৰ বাইদেউৰ ইংৰাজীৰ পৰীক্ষা। তুমিতো ইংৰাজী নাজানা। তথাপিও বাইদেউক চাবা আৰু”। তাইৰ ধাৰণা যে ঈশ্বৰে সংস্কৃতৰ বাহিৰে বেলেগ ভাষা নাজানে। তাইৰ এই ভুল ধাৰণা আৰু অন্ধবিশ্বাস পৰিবেশৰ পৰা আহিছে। পৰিবেশে আমাক জ্ঞানো দিব পাৰে আৰু অজ্ঞানতাও দিব পাৰে। এই কথাখিনি এতিয়া তাইক ক’লে তাই কয় ‘কি মূৰ্খ আছিলোঁ মই ‘। এই উপলব্ধি হ’ল জ্ঞানৰ বিকাশ।


সন্ধিয়াৰ কানিমুনি পোহৰত লুঙলুঙীয়া ৰাস্তা এটাৰে আপুনি গৈ আছে। হঠাতে দেখিলে ৰাস্তাত সাপ এটা পৰি আছে। তিনি জাপ মাৰি আপুনি পিছুৱাই আহিল। আপোনাৰ পিছে পিছে মানুহ এজনে হাতত টৰ্চ এটা লৈ আহি আছে। আপোনাৰ সাহস আহিল। মানুহজনৰ লগত গৈ সাপটো টৰ্চ মাৰি চালে। সাপ নহয় , সেয়া ক’লাকচুৰ শুকান ঠাৰিহে। সেয়া আপোনাৰ কানিমুনি পোহৰত হোৱা ভুল অনুভুতি বা ভুল চেতনা। এয়া অন্ধবিশ্বাস নহয়। কিন্ত আপুনি এক জ্ঞানো লাভ কৰিলে যে এন্ধাৰত ওলাই আহিলে হাতত এটা পোহৰ থাকিলে ভাল।


আমি হাইস্কুলৰ তলৰ শ্ৰেণীত থাকোতে পৰীক্ষাত এটা প্ৰশ্ন প্ৰায়েই আহিছিল। পৃথিৱী যে ঘূৰণীয়া তাৰ পাঁচটা প্ৰমাণ লিখা। আজিৰ ল’ৰা-ছোৱালীক এই প্ৰশ্নটো সুধিলে আমাৰ ওপৰত সিহঁতৰ পুতৌ জন্মিব। এয়া হ’ল জ্ঞানৰ সম্প্ৰসাৰণ।


অণু আৰু কোষ যেতিয়া আৱিষ্কাৰ হৈছিল বিজ্ঞান আৰু দৰ্শন জগতত আলোড়নৰ সৃষ্টি হৈছিল। সেই সময়ৰ ৰক্ষণশীল দাৰ্শনিক সকলে ( বেছিভাগেই স্থিতাৱস্থাৰ সমৰ্থক) প্ৰচাৰ কৰিছিল যে আমি সৃষ্টিৰ ৰহস্য পাই গৈছোঁ। ইয়াৰ পিছত আমাৰ জানিবলগীয়া একো নাই। তাৰ পিছতেই তেও‍ঁলোকে সকলো প্ৰাকৃতিক বা সামাজিক পৰিঘটনাবোৰ অতিপ্ৰাকৃতিক সত্বাৰ উপস্থিতিৰে বাখ‍্যা কৰিবলৈ যত্ন কৰিলে। অৰ্থাৎ অন্ধবিশ্বাসৰ বলি হ’ল। নিউটন এজন প্ৰখ্যাত বিজ্ঞানী আছিল। তেওঁৰ গতিৰ সূত্ৰ সৰ্বজন স্বীকৃত। কিন্ত মহাজাগতিক বহু গতিৰ বাখ্যা নিউটনে কৰিব পৰা নাছিল। এই অজ্ঞতাই নিউটনক অন্ধবিশ্বাসী কৰি তুলিছিল। নিউটনেও ভাৱিছিল এইবোৰ গতি অতিপ্ৰাকৃতিক শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। কিন্ত বিজ্ঞান আগবাঢ়ি আছে, জ্ঞান সম্প্ৰসাৰিত হৈ আছে। আপেক্ষিকতাৰ সূত্ৰ আহিল, কোৱান্টাম সূত্ৰ আহিল। নিউটনে বাখ্যা কৰিব নোৱাৰা বহু পৰিঘটনাৰ বৈজ্ঞানিক সমাধানো হ’ল। অণুৰ ভিতৰত ইলেকট্ৰন, পজিট্ৰন, নিউট্ৰন, কোৱাৰ্জ, ষ্ট্ৰিং আদিৰ সন্ধান ওলাল। কোষৰ ভিতৰত নিউক্লিয়াচ, মাইট’কন্দ্ৰিয়া, গলগি ব’ডি, ক্ৰমোজম, ডি এন এ, আৰ এন এ, জিন’ম ইত্যাদিৰ সহায়ত বিজ্ঞান বহু আগবাঢ়ি গৈছে। তেনেকৈ মহাজাগতিক পৰ্যায়তো ন ন আৱিষ্কাৰ সংযোজন হৈয়েই আছে। বিগ-বেং তত্ত্ব আহিল। শক্তি কেনেকৈ বস্তুলৈ ৰূপান্তৰিত হয় তাৰো সন্ধান চলিল। এই বস্তুজগত অসীম, জ্ঞানো অসীম। তেনেহ’লে আমি ইয়াতেই সত‍্যৰ অন্বেষণ শেষ কৰিম নেকি! নহয়, সেইটো সম্ভৱ নহয়। কাৰণ আমি জানো যে অসীমতা কিছুমান সসীমতাৰ সমষ্টিহে (Infinity is the summation of some finites )। আমি যিমানেই সত‍্যৰ সন্ধানত আগবাঢ়িম সিমানেই অজ্ঞতাৰ পৰিসীমা সংকোচিত হৈ আহিব, সিমানেই অন্ধবিশ্বাসো কমি আহিব। শোষক শ্ৰেণীপুষ্ট দৰ্শনে ক’ব খোজে যে যিহেতু বস্তু সম্পৰ্কে সম্পূৰ্ণ জ্ঞান সম্ভৱ নহয় বস্তু সম্পৰ্কত বাহ‍্যিক জ্ঞানতেই সন্তুষ্ট থাকিলে জীৱনত আহুকলীয়া চিন্তবোৰৰ পৰা আমি মুক্ত থাকিব পাৰিম অৰ্থাৎ ‘মানিলেই ধান , নামানিলেই পতান’ নাইবা ‘বিশ্বাসে মিলয় হৰি , তৰ্কে বহুদূৰ’‌। এয়াই হ’ল অজ্ঞেয়বাদ ( Agnosticism )। এই ধাৰণাই সকলো অন্ধবিশ্বাস, কুসংস্কাৰ, সাম্প্ৰদায়িকতাৰ মূল উৎস। যুগে যুগ ধৰি শোষক শ্ৰেণীয়ে এই দৰ্শনৰ পৃষ্ঠপোষকতা কৰি আহিছে আৰু কৰিব। এই তত্ব উত্তৰ‌আধুনিকতা( Post modernism ) দৰ্শনৰো মূল ভেটি। বিশ্বায়নৰ যুগত সাহিত্য , সংস্কৃতি , বিজ্ঞান , ৰুচিবোধ আদিৰ ওপৰত ইয়াৰ সৰ্বগ্ৰাসী প্ৰভাৱ পৰিলক্ষিত হৈছে। আমাৰ ল’ৰা-ছোৱলীহঁতৰ বহুতেই ঘৰত ৰন্ধা মাংসৰ আঞ্জাখনৰ সোৱাদ নাপায় , KFC ৰ মাংসখিনি বৰ ভাল পায়। আমাৰ মাটিৰ গোন্ধ থকা সংগীত ভাল নাপায় , একো বুজি নোপোৱাকৈ উত্তাল নৃত্য কৰিব পৰা সংগীত ভাল পায়। ইয়াৰ কাৰণে নতুন প্ৰজন্ম দায়ী নহয়। ই হ’ল সাংস্কৃতিক সাম্ৰাজ্যবাদৰ প্ৰভাৱ যাৰ মূল আধাৰেই হ’ল অজ্ঞেয়বাদ। অৰ্থাৎ বস্তু এটাৰ ভিতৰখন জানিবলৈ যত্ন নকৰিবা। যদি বস্তুটোৰ বাহিৰখন ভাল তেন্তে তাকেই গ্ৰহণ কৰা। সাহিত্যৰ অপ্ৰত‍্যক্ষবাদ ( Expressionism ) এই তত্বৰেই অন‍্য এক প্ৰকাশ


বিজ্ঞানৰ অগ্ৰগতিত বিজ্ঞানীসকলৰ যিমান ভূমিকা আছে জনসাধাৰণৰো সমানেই ভূমিকা আছে। বৈজ্ঞানিক গৱেষণাত কৰ্পোৰেট সকলোৰো ভূমিকা আছে। কৰ্পোৰেট সকলে গৱেষণাৰ পৃষ্ঠপোষকতা কৰে নিজৰ মুনাফাৰ স্বাৰ্থত। গৱেষণাৰ ফলাফল প্ৰকাশত তেওঁলোকে হস্তক্ষেপ কৰে। গৱেষণালব্ধ তথ‍্যৰ যিখিনিয়ে তেওঁলোকৰ মুনাফাৰ সহায়ক হয় সেইখনি প্ৰকাশ কৰি বাকীখিনি লুকাই ৰাখে। কিন্ত পুঁজিবাদ এটা স্ববিৰোধী ব‍্যৱস্থা। তেওঁলোকে লুকাই ৰাখিব খোজা তথ‍্যৰ কিয়দাংশ বিভিন্ন প্ৰতিযোগিতাৰ কাৰণে বাহিৰলৈ ওলাই আহে আৰু বিজ্ঞান আগবাঢ়ি গৈ থাকে। বাধাগ্ৰস্ত হ’লেও জ্ঞানৰ অগ্ৰগতি হয়। আমাৰ বিভিন্ন প্ৰিন্ট মিদিয়া, বৈদ্যুতিন মিদিয়াবোৰতো বিজ্ঞান আৰু অন্ধবিশ্বাস-কুসংস্কাৰৰ সমান্তৰাল চৰ্চা চলে। চলাটোৱেই স্বাভাৱিক, কাৰণ এইবোৰৰে মূল চাবিকাঠি কৰ্পোৰেটৰ হাততেই থাকে।


আজি কেইটামান বছৰত সাম্প্ৰদায়িকতা উদ্বেগজনক ভাৱে বৃদ্ধি হৈছে। কুসংস্কাৰ হ’ল অন্ধবিশ্বাসৰ সমষ্টিগত ৰূপ। সাম্প্ৰদায়িকতা হ’ল কুসংস্কাৰৰ পৰিশোধিত আৰু পৰিকল্পিত সামাজিক আৰু ৰাজনৈতিক ৰূপ।
ৰাষ্ট্ৰযন্ত্ৰ আৰু শোষকশ্ৰণীৰ পৃষ্ঠপোষতাত ই সৰ্বগ্ৰাসী ৰূপ ধাৰণ কৰিছে। বিশ্বপুঁজিবাদে সংকট মোচন কৰিব নোৱাৰি সমাজখনক মধ‍্যযুগীয় চিন্তা-চেতনাৰ মাজলৈ লৈ যাবলৈ অন্ধবিশ্বাস, কুসংস্কাৰৰ বৈজ্ঞানিক বাখ্যাৰ প্ৰচেষ্টা সংগঠিত ৰূপত চলাই আছে নিৰন্তৰ। ইয়াৰ বিপৰীতে জনসাধাৰণৰ এটি অংশ‌ই বৈজ্ঞানিক চিন্তাৰ পক্ষত ওলাই আহিছে। বিজ্ঞান আন্দোলন গঢ়ি উঠিছে। আমাৰ অসমতো ইলোৰা বিজ্ঞান মঞ্চ প্ৰমুখ্যে ভালেকেইটা সংগঠনে এককভাৱে অথবা যৌথভাৱে কাম কৰি আছে আৰু সফলো হৈছে। সাম্প্ৰদায়িকতা কেৱল এক ভাৱাদৰ্শ‌ই নহয়, ই শোষক শ্ৰেণীৰ ৰাজনৈতিক অস্ত্ৰ‌ও। ইয়াক পৰাস্ত কৰিবলৈ হ’লে বিজ্ঞান আন্দোলনক ৰাজনৈতিক আন্দোলনৰ লগত সংযোগ কৰিব লাগিব। এয়া সময়ৰ আহ্বান।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *