“সাম্প্ৰতিক সমাজ আৰু সংস্কৃতি” – এক অৱলোকন (মিনাক্ষী বৰুৱা)
দেশ এখনৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ৰিয়া কলাপৰ ওপৰতে এখন সমাজৰ ভৱিষ্যত নিৰ্ভৰ কৰে। দেশৰ কোনো নাগৰিকে এই দুটা বিষয়ক উপেক্ষা কৰি জীৱন পৰিচালিত কৰিব নোৱাৰে। ৰাজনীতি আৰু অৰ্থনীতি আমাৰ ব্যক্তিগত জীৱনৰ সৈতে সম্পৃক্ত বিষয়। এটা জাতিৰ সংস্কৃতিও এই দুটা বিষয়ৰ ওপৰত নিৰ্ভৰশীল। এনে কিছু বিষয়ক সামৰি যুৱ লেখক ভবেশ নাথ আৰু সহযোগী বিনীতা গোস্বামীয়ে অলপতে প্ৰকাশ কৰি উলিয়াইছে এখন গ্ৰন্থ “সাম্প্রতিক সমাজ আৰু সংস্কৃতি”।
ৰাজনীতি, অৰ্থনীতিৰপৰা আৰম্ভ কৰি সাম্প্ৰতিক ঘটনা প্ৰবাহক লৈ সততে মত প্ৰকাশ কৰি থকা উদ্যমী যুৱলেখকসকলৰ ভিতৰত ভবেশ নাথো এজন। অসমীয়া খবৰ, দৈনিক অসম, আমাৰ অসম, অসমীয়া প্ৰতিদিন আদি কাকতৰ যোগেদি সময়ে সময়ে তেওঁ নিজৰ মত ব্যক্ত কৰি থকা দেখা যায়। “সাম্প্ৰতিক সমাজ আৰু সংস্কৃতি” উক্ত লেখাসমূহৰ একত্ৰ সংকলন। অৱশ্যে গ্ৰন্থখনিত তেওঁৰ লেখাসমূহৰ (মুঠ ২৯টা) সৈতে লেখিকা বিনীতা গোস্বামীৰো ১৩ টা লেখা সন্নিৱিষ্ট কৰা হৈছে। গোস্বামীৰ প্ৰৱন্ধসমূহ মূলতঃ সংস্কৃতি বিষয়ক। আকৰ্ষণীয় প্ৰচ্ছদেৰে ২০৮ পৃষ্ঠাৰ এই গ্ৰন্থখনি প্ৰকাশ কৰিছে এম আৰ পাব্লিকেশ্বনে। গ্ৰন্থখনিৰ মূল্য- ১৮০ টকা।
ভবেশ নাথৰ প্ৰৱন্ধসমূহত সততে সামাজিক দায়বদ্ধতা আৰু প্ৰগতিশীল চিন্তাধাৰাৰ স্পষ্ট উমান পোৱা যায়। সমাজত ঘটি থকা যিকোনো এটা ঘটনাক তেওঁ নিজস্ব যুক্তি আৰু বিবেচনাৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰে। “সাম্প্ৰতিক ঐক্যৰ মিলনভূমি অসম” শীৰ্ষক প্ৰৱন্ধত দেশৰ বিভাজনমুখী ৰাজনীতিৰ প্ৰতি লেখকৰ তীব্ৰ ক্ষোভ পৰিস্ফূট হৈছে। শাসক পক্ষই সাম্প্ৰদায়িক মেৰুকৰণৰ যোগেদি দেশৰ সাতামপুৰুষীয়া ঐক্যত বিভেদ সৃষ্টিৰ বাবে নিতৌ ন ন কৌশল প্ৰয়োগ কৰি থকা দেখা যায়। কেৱল ৰাজনৈতিক মুনাফা লাভেই ইয়াৰ মূল উদ্দেশ্য। এখন দেশৰ সামগ্ৰিক স্বাৰ্থৰ বিপৰীতে দলীয় অথবা ব্যক্তিগত স্বাৰ্থৰ হৈ কাম কৰাটো চৰকাৰৰ নীতি নহয়। অথচ বাস্তৱত আমি সেয়াই দেখিবলৈ পাওঁ। কেৱল পদমৰ্যাদা আৰু আৰ্থিক সমৃদ্ধিয়েই একোখন চৰকাৰৰ মুখ্য উদ্দেশ্য হৈ পৰে। গ্ৰন্থখনিৰ প্ৰতিটো প্ৰৱন্ধতে লেখকে বিষয়সমূহ তথ্যপূৰ্ণভাৱে উত্থাপন কৰি পাঠকৰ মাজলৈ আগবঢ়াই দিছে। এই বিষয়সমূহৰ সমাধানৰ পথ জনজাগৰণৰদ্বাৰাহে সম্ভৱ বুলি লেখক আশাবাদী।
সংস্কৃতি সন্দৰ্ভত তেওঁৰ বক্তব্য হৈছে, বাৰেৰহনীয়া সমাজ আৰু সংস্কৃতিৰে অসম সাম্প্ৰদায়িক ঐক্যৰ এক মিলনভূমি। জাতি-ধৰ্ম নিৰ্বিশেষে জনগণৰ মাজত অতীজৰে পৰা চলি থকা মৰম আৰু ভাতৃত্ববোধৰ জৰীডাল ৰাজনৈতিক মেৰপেচত ছিগি টুকুৰা টুকুৰ কৰাৰ অভিষন্ধি যুগে যুগে চলিয়েই থাকে। কথাটো যুক্তিসংগত। এই প্ৰসংগত নাথে ইতিহাসৰ পৃষ্ঠাৰ বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য সংক্ষিপ্ত ৰূপত উল্লেখ কৰিছে। গ্ৰন্থখনিত সন্নিৱিষ্ট নাথৰ প্ৰতিটো লেখাতে তেওঁৰ অধ্যয়নপুষ্ট চিন্তাৰ উমান পোৱা যায়। শাসক, শোষক আৰু পুঁজিবাদী সমাজ ব্যৱস্থাৰ বিৰুদ্ধে এজন সচেতন নাগৰিকৰ তীব্ৰ ক্ষোভ তেওঁৰ লেখাসমূহত প্ৰকাশ হৈছে। এখন সমাজ আৰু ইয়াৰ সংস্কৃতি ৰুগ্ন হৈ পৰাৰ মূলতে মধ্যযুগীয় ধ্যান-ধাৰণা আৰু অবৈজ্ঞানিক মানসিকতাৰ পৰিবৰ্তনৰ প্ৰতি নিৰুদ্বিগ্নতাকে সূচায়। সৰস্বতী পূজা, দূৰ্গাপূজাৰ প্ৰাসংগিক চিন্তা, ধৰ্ম আৰু ৰাশিফলৰ অবৈজ্ঞানিক ধাৰণা সম্পৰ্কীয় চিন্তাকো গ্ৰন্থখনিত সামৰি লোৱা হৈছে। সংকলনখনিত লেখকে গুণগত শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এটা তুলনামূলক আলোচনাও আগবঢ়াইছে।
আনহাতে, বিনীতা গোস্বামীৰ প্ৰৱন্ধসমূহৰ অধিক সংখ্যকেই বিহুকেন্দ্ৰীক। বিহুৰ উৎপত্তিগত দিশ, বিহুগীতত শ্ৰম আৰু প্ৰেম, সমন্বয় আৰু ঐক্য, অশ্লীলতা আৰু বিহুগীতত ৰাজনৈতিক প্ৰতিচ্ছবি আদি বিষয় সামৰি তেওঁ প্ৰৱন্ধসমূহ ৰচনা কৰা হৈছে। বিহুগীতৰ পৰম্পৰাগত চৰিত্ৰৰ বিশ্লেষণেৰে বহুকেইটা মনজুৰুৱা কলি প্ৰাসংগিকভাৱে তেওঁ উল্লেখ কৰিছে। “বিহুদল: এক ক্ষুদ্ৰ চিন্তা” শীৰ্ষক লেখাটোত তেওঁ ক্ষোভেৰে গ্ৰাম্য আৰু চহৰীয়া দলসমূহৰ এক তুলনামূলক আলোকপাত কৰিছে। গ্ৰাম্য অঞ্চলৰ বিহুদলসমূহ অৰ্থনৈতিক কাৰণতে চহৰীয়া অঞ্চলৰ বিহুদলতকৈ পিছ পৰি থাকিব লগা হয়। অসমীয়াৰ বাপতি সাহোন বিহুৰ ব্যৱসায়ীকৰণ প্ৰকৃততে এক চিন্তনীয় বিষয়। বিহুৰ স্বকীয়তা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰাটো প্ৰতিটো বিহুদলৰে দায়িত্ব হোৱা উচিত। এই কথা আয়োজক সমিতিসমূহেও লক্ষ্য কৰিব লাগে। অৰ্থনৈতিকভাৱে আগবাঢ়িব নোৱৰাৰ বাবেই বহু প্ৰতিভাশালী বিহুৱা বিহুৱতীয়ে এই প্ৰতিযোগিতাসমূহত যোগদান কৰিবলৈ অপাৰগ হয়। সংস্কৃতিৰ মূল উদ্দেশ্য অটুট ৰখাত এই কথাবোৰে হেঙাৰ হৈ থিয় দিয়ে। ব্যৱসায়ীকৰণে সংস্কৃতি বিকৃত কৰাত অৰিহণা যোগায়। বিহুক এই প্ৰভাৱৰপৰা মুক্ত কৰি ৰখাৰ দায়িত্ব সকলো অসমীয়াই লোৱা উচিত। বিহু মৰিব নোৱাৰে, ইয়াক উৎসৰপৰা বিচ্ছিন্ন কৰি তুলিবলৈ চেষ্টা কৰা অনুচিত। বিভেদকামী শক্তিৰ বিৰুদ্ধে বিহু সমন্বয়ৰ প্ৰতীক হওক- এয়া লেখকৰ লগতে আমাৰো কাম্য। বিনীতা গোস্বামীৰ অন্যান্য প্ৰৱন্ধকেইটাত সাম্প্ৰতিক সময়, কলা-সাহিত্য আৰু জাতীয় জীৱনত প্ৰাচীন সাহিত্য শাস্ত্ৰৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হৈছে।
সামগ্ৰিকভাৱে সুন্দৰ এই গ্ৰন্থখনিত কেইটামান কাৰিকৰী দুৰ্বলতাও অৱশ্যে দৃষ্টিগোচৰ হৈছে। বিশেষকৈ ভিতৰ পৃষ্ঠাৰ সৈতে সূচীপত্ৰৰ অমিল থকা কথাটোৱে বিশেষ লেখা এটা বিচাৰি উলিওৱাত পঢ়ুৱৈক অসুবিধাত পেলাব। ফ্লাইলীফৰ ৰং আৰু গুণগত মান কিতাপখনৰ মূল পৃষ্ঠাৰ লগত অমিল হোৱা বাবে ই প্ৰথম দৃষ্টিত অনাকৰ্ষণীয় হৈ পৰিছে। মূল্যবান কিতাপ এখনৰ প্ৰতি পাঠকক প্ৰথম দৃষ্টিতে আকৰ্ষিত কৰিব পাৰিলে লেখক-প্ৰকাশক দুয়োৰে শ্ৰম আৰু উদ্দেশ্য সফল হয়। অৱশ্যে মূল বিষয়বস্তুৰ প্ৰতি আগ্ৰহী পাঠকৰ বাবে এনেবোৰ বিষয় হেঙাৰ নহয়।
ভবেশ নাথ আৰু বিনীতা গোস্বামীলৈ শুভেচ্ছা থাকিল- কিতাপখনে পঢ়ুৱৈৰ সমাদৰ লাভ কৰক।