গল্প-কবিতা

শামুক-(নিজৰা সন্দিকৈ ফুকন)

মই বিছনাৰ পৰা উঠিব খুজিলোঁ– কিন্তু উঠিব নোৱাৰিলোঁ। চেষ্টা কৰিও বিফল হোৱাত সবিস্ময়ে মই অনুভৱ কৰিলোঁ যে, মই বিছনাখনত বগুৱা বাই আছোঁ! মই যিমানে বহিবলৈ চেষ্টা কৰিছোঁ, সিমানে মোৰ দেহটো কেৰমেৰাই উঠিছে এটা হাড়বিহীন পলুৰ দৰে। মই ভীতিগ্ৰস্ত হৈ গাটো যিমান পাৰোঁ লৰচৰ কৰিবলৈ ধৰিলোঁ আৰু আতংকত আৰ্তনাদ কৰি উঠিলোঁ– কিন্তু মুখৰ পৰা বাহিৰ হৈ আহিল গোঁ-গোঁৱনিৰ দৰে শব্দ এটাহে। হঠাৎ মই বিছনাৰ পৰা তলত পৰি গ’লোঁ আৰু সাৰ পাই গম পালোঁ এয়া আছিল এক উদ্ভট সপোনহে। সাৰ পায়ো মই বেছ কিছু সময়লৈকৈ সপোনৰ আতংকগ্ৰস্ততাৰ পৰা মুক্ত হোৱা নাছিলোঁ‌।
পুনৰ মই নিজৰ গাটো ভালকৈ চালোঁ– কেনেবাকৈ মোৰ শৰীৰটো পৰিবৰ্তিত হৈছে নেকি এটা হাড়বিহীন কীটলৈ! নাই, নাই হোৱা– ঠিকেই আছে।
ভাত-পানী খাই ডিউটীলৈ ওলালোঁ। শ্ৰীমতীৰ বহুত ফৰ্মাইচ– ইটো লাগে, সিটো লাগে, অমুকৰ ঘৰত আছে, আমাৰ কিয় নাই, একেই চাকৰি কৰি অমুকে পাৰে, আমি কিয় নোৱাৰোঁ, এটচেট্ৰা, এটচেট্ৰা। তলমূৰ কৰি নীৰৱে ওলাই আহিলোঁ‌। আজিকালি এওঁৰ এনেকুৱা কথাবোৰ মই অৱলীলাক্ৰমে এখন কাণেৰে সুমুৱাই আনখন কাণেৰে এৰি দিব পৰা হৈছোঁ।
অফিচ পালোঁহি। দেখিলোঁ–আজি বছ আগে-ভাগেই পালেহি। বেছ গৰম হৈ আছে তেখেত। কিয় বা?
পিয়ন ৰবীনে মোক বছে মাতিছে বুলি কৈ গ’লহি। কিয়নো মাতিছে! সংকুচিত হৈ আগবাঢ়িলোঁ– এনেই বছ উতলি আছে।
বছৰ ৰূমত সোমাই দেখিলোঁ– তেওঁ ফাইল এটা চাই আছে। মোক দেখি তেওঁ টিঙিৰি তুলা হৈ পৰিল।
:ফুকন, এইবোৰ কি লিখিছে? সাধাৰণ ড্ৰাফট এটা ইমান দিনে লিখিবলৈ নিশিকিলে। জানেনে, আপোনালোকৰ গাফিলতিৰ কাৰণে আমি হায়াৰ অথ’ৰিটীৰ পৰা কিমান কথা শুনিবলগীয়া হয়?
মই ডিঙি মেলি ফাইলটো চালোঁ– নাই, এইটো ফাইলৰ কাম মই কৰা নাই–এই কামটো বৰবৰাই কৰিছে। কিন্তু মই একো নক’লোঁ, মনে মনে ৰৈ থাকিলোঁ। বৰবৰা কৰ্মচাৰী গোটৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য। হাতদীঘল মানুহ–তেওঁৰ বিৰুদ্ধে কৈ লাভ নাই। সেইবাবেই নেকি বছেও সৰ্ব দোষ নন্দ ঘোষ কৰি মোৰ ওপৰতে খং জাৰিছে! আজি সম্ভৱ বছে ওপৰৰ পৰা গালি খাইছে– সেয়ে মোৰ ওপৰতে খং জাৰিছে–সহজ, নিমাখিত চিকাৰ!
অৱশেষত বছৰ ভাগৰ লাগিল কিম্বা মনৰ দাহ পূৰিল আৰু মোক ওলাই যাবলৈ ক’লে‌। ওলাই আহিলোঁ আৰু নিজৰ চকীত বহি পৰিলোঁ– দেখিলোঁ, অফিচৰ মোৰ কলীগখিনিয়ে মোলৈ চাই আছে– সহানুভূতিৰ দৃষ্টিৰে, নে পুতৌৰ দৃষ্টিৰে? পুতৌৰ দৃষ্টিৰেই হয়, লগতে অলপ ৰং চোৱা ফূৰ্তি!
লাহে লাহে মোৰ আকৌ সপোনটোৰ কথা মনত পৰিল। মোৰ দেহটো যেন আকৌ হাড়বিহীন অবয়বলৈ ৰূপান্তৰ হৈছে–এনে লাগিল মোৰ। কুঁচি-মুচি এটা কেৰেলুৱাৰ দৰে চকীত বহি থাকিলোঁ।
… ছুটীৰ সময় হ’ল– প্ৰায়বোৰ সহকৰ্মী গ’লেই। মই বহি আছোঁ আৰু অফিচ বন্ধ কৰিবলৈ ৰবীন ৰৈ আছে – তাৰ মুখমণ্ডলত বিৰক্তিৰ ভাব স্পষ্ট। লাহেকৈ উঠি অফিচৰ বাহিৰ হ’লোঁ।
গাড়ীত আহি থাকোতে মানুহৰ জুম এটা দেখি ৰৈ গ’লোঁ। এইমাত্ৰ এটা এক্সিডেণ্ট হৈছে– এখন বাইক পৰি আছে আৰু তাৰ কাষতে এটা ল’ৰা ৰক্তাক্ত হৈ ছটফটাই আছে। ক’ৰ বা ল’ৰা ? তাৰ মাজতে এজন লোকে ব্যস্ততাৰে কৈ উঠিল–
: ল’ৰাটোক হস্পিটেললৈ নিব লাগিছিল।
মই কথাষাৰ শুনিয়েই লাহেকৈ গাড়ী আগবঢ়ালোঁ– এইবোৰ ঝামেলাত ফচিব নোৱাৰি দেই। অলপ আঁতৰি অহাৰ পাছত ঘূৰি চাই দেখিলোঁ – মোৰ পাছত অহা এখন গাড়ীত আহত ল’ৰাটোক দুজনমানে তুলি দিছে। অকস্মাতে মোৰ গাটো জিকাৰ খাই উঠিল আৰু কোঁচ খাই গ’ল– আগৰ নিচিনাকৈ– এটা কেৰেলুৱাৰ দৰে অথবা এটা পোকৰ দৰে– কিম্বা এটা কুমজেলেকুৱাৰ দৰে।
ঘৰ পালোঁহি – আচলতে ঘৰৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈ আহিছে ক্ৰমান্বয়ে। কেৱল লাগে,লাগে, লাগে – দিলেও হেঁপাহ নপলায়– এটা অভাৱ পূৰণ হোৱাৰ পাছতেই আন এটা অভাৱে মূৰ ডাঙি উঠে। আচলতে কিছুমান সামগ্ৰী নহ’লেও অসুবিধা নোহোৱাকৈ চলি যাব পাৰি– কিন্তু প্ৰতিযোগিতাত পিছত থকা যায়। প্ৰথমতে অৱশ্যে এওঁৰ কথামতে এই কম্পিটিশ্যনত ময়ো বৰ উৎসাহেৰে যোগ দিছিলোঁ। কিন্তু পাছত দেখিলোঁ– এইখন খেল অন্তহীন– আগলৈ যাবলৈ হ’লে খেলিয়েই থাকিব লাগিব অবিৰাম গতিৰে আৰু শেষত মাধমাৰটো পৰিব মোৰেই ওপৰত– সেয়ে আজিকালি মোৰ এইখন কম্পিটিশ্যনৰ প্ৰতি বিৰাগ উপজিছে– কিন্তু এওঁৰ উৎসাহ অদমনীয়– একেই গতিৰে সদায় খেলি যাব বিচাৰে–
ঘৰ সোমাওঁতেই ফোনটো বাজি উঠিল– ভাইটোৰ ফোন।
: ওঁ, ক’–তহঁতৰ ভাল নে? মা ঠিকেই আছেনে? –গাটো ভাল নাই ? কি হৈছে – টকা? চাওঁচোন ৰ।
প্ৰশ্নবোধক দৃষ্টিৰে এওঁ চাই আছিল আৰু লগে লগেই কথাটো বুজি পাই মোৰ পৰা ফোনটো থাপ মাৰি লোৱাদি লৈ ল’লে।
: অ’ ভাইটি, মই বৌৱে কৈছোঁ – মাৰ গা ভাল নহয়? – ইয়ালৈ কেনেকৈ আনোঁ বাৰু কোৱা – ইহঁত দুটাৰ ক্লাছ টেষ্ট হৈ আছে– আৰু আমাৰ গেষ্ট ৰুমটো খালী নাই নহয়, সংসাৰৰ বস্তুৰে ভৰি আছে। ইহঁতৰ স্কুল ফীজ দিওঁতেই টকা শেষ –এতিয়া ধাৰত চলি আছোঁ – কিবা এটা তুমিয়েই কৰা এতিয়া– আমি কিবা যোগাৰ কৰিব পাৰোঁ নেকি চাওঁচোন। পাৰিলেই পঠাই দিম– দাদাৰৰ ছুটীয়েই নাই, যাব নোৱাৰিব– অ’ অ’ ভাইটি – ৰাখা, ৰাখা।
: গাঁৱৰ মাটি-সম্পত্তিৰ আমি ভাগেই লোৱা নাই, গোটেই সোপা অকলে খাই ৰজা হৈ আছে, এতিয়া আমাৰ পৰা টকা লাগে ? নোৱাৰা দেই দিব, কৈ দিছোঁ।
বকি বকি এওঁ ভিতৰলৈ সোমাই গ’ল। আকৌ মোৰ গাটো জিকাৰ খাই উঠিল আৰু কোঁচ খাই আহিবলৈ ধৰিলে– এওঁক কথাটো ক’ব লাগিব–কি বা হৈছে মোৰ?
বাবাটোৰ কোঠাটোলৈ ভুমুকি মাৰি চালোঁ– তাৰ হাতত এটা নতুন ম’বাইল ফোন– ল’ৰা একেবাৰে মগ্ন হৈ আছে, কিবা গে’ম খেলি আছে বোধহয়–মোক দেখি বিৰক্তিৰে চালে। আঃ, সি নতুন ফোন ক’ত পালে? মোক বহুদিনৰ পৰা খুজি আছিল– দামী ফোন এটা লাগে বুলি। সুধিয়েই পেলালোঁ তাক।
:পাপা, তোমাক ইমান খুজি আছোঁ, তথাপি তুমি নিদিয়া। তুমি বৰ কন্‌জুচ। মাই চৌধুৰী আংকলৰ পৰা ল’ন লৈ এইটো আনিলে। মানে এইটো মাৰেই ফোন, কিন্তু মোৰ দৰকাৰ হ’লেই ইউজ কৰিম।
মোলৈ পিঠি দি সি খেলত মগ্ন হৈ পৰিল। মই ভাবিবলৈ ধৰিলোঁ– চৌধুৰী মানে কাষৰ ঘৰৰ ভাড়াঘৰত থকা চৌধুৰী। এটা কোম্পানীৰ বিয়াগোম চাকৰিয়াল–অকলে থাকে, পৰিবাৰগৰাকী থাকে নিউ ডেলহিত– তাত তেওঁলোকৰ নিজৰ ফ্লেট আছে–একমাত্ৰ পুতেকে তাত কিবা ক’চিং লৈ আছে– কেতিয়াবা আমাৰ ঘৰত চৌধুৰীক দেখিছোঁ– হয়, হয়, বাবাটোৰ বাৰ্থডে’তেই চাগৈ– কিন্তু ইমান টকা ধাৰ দিব পৰাকৈ ইণ্টিমেচী কেতিয়া হ’ল– আচ্ছা, আচ্ছা–
চাহ-জলপান খাই থাকোঁতেই এওঁক মোৰ নতুনকৈ হোৱা বেমাৰটোৰ কথা ক’ম বুলি ভাবিছিলোঁ – পিছে এওঁ যিহে বকলা মেলিবলৈ ধৰিলে– মই তাপ মাৰিলোঁ। সেই একেবোৰ কথা– ঘৰৰ মাটিৰ ভাগ ল’ব লাগে– ভাইটোৱে অকলে অকলে গোটেই ঘৰ-সম্পত্তি মজা মাৰি খাই আছে– আৰু মই ধৰ্ম যুধিষ্ঠিৰৰ দৰে চাই আছোঁ – এই একেখিনি কথাই– আৰু এনেকুৱা কথাবোৰত মই নিমখ ছটিয়াই দিয়া কুমজেলেকুৱা এটাৰ দৰে কোঁচ খাই যাওঁ।
মই বাৰু কোনখন মুখেৰে সম্পত্তিৰ ভাগ বিচাৰোঁ? ভাইটোৱে উচ্চ শিক্ষা লৈও এটা চৰকাৰী চাকৰি নাপালে। প্ৰাইভেট স্কুল এখনত চাকৰি কৰি নিজৰ সংসাৰৰ লগতে মাকো প্ৰতিপাল কৰিছে। দেউতা যোৱা বছৰ ঢুকাল–ভাল চিকিৎসাৰ অভাৱত– ময়ো চাব নোৱাৰিলোঁ। মইতো নিজৰ সংসাৰৰ সুখৰ চিন্তাতে ব্যস্ত। কেতিয়াবা এওঁ নজনাকৈ দুটামান টকা দলিয়াই দিয়াদি দিওঁ। এওঁৰ অসুবিধা হয় বুলিয়েই মাক আনি দুদিনমান নিজৰ ঘৰত ৰাখিব পৰা নাই। খেতিৰ মাটি ছবিঘা আৰু ঘৰৰ বাৰীখন দুবিঘাৰ–তাতে টুকটাককৈ কিবাকিবি কৰি ভাইটোৱে ঘৰখন চলাই আছে। এনেকুৱা অৱস্থাত মই বাৰু কোনখন মুখেৰে সম্পত্তিৰ ভাগ বিচাৰোঁ?
আৰু চৌধুৰীয়ে দিয়া ম’বাইল ফোনটোৰ কথা? অ’ নহয় চৌধুৰীৰ পৰা ধাৰলৈ লোৱা টকাৰ কথা এওঁক সুধিব লাগিছিল নহয়– নাঃ থাকক, আকৌ এবকলা মেলিব – কিমান অভাৱত আছে তেওঁ– কিমান কি তেওঁৰ নাই– মানে মই দিব পৰা নাই! তেওঁ মোৰ দৰে সাধাৰণ চাকৰিয়াল এজনৰ পৰা কিমান কি আশা কৰি বিয়াত সোমাইছিল বাৰু!
জিৰণি লওঁ বুলি বিছনাখনত দীঘল দিলোঁ। আকৌ গাটো অস্বস্তি লাগিবলৈ ধৰিলে–লাহে লাহে মোৰ গাৰ যেন হাড়বোৰ নাইকিয়া হৈ আহিছে– লাহে লাহে যেন মই এটা হাড়বিহীন প্ৰাণীলৈ ৰূপান্তৰিত হ’ব ধৰিলোঁ–ক্ৰমান্বয়ে অস্বস্তিকৰ অনুভৱটো আৰামদায়ক অনুভূতি এটালৈ পৰিবৰ্তন হ’ব ধৰিলে– লাহে লাহে এটা খোলাৰ দৰে বৰ্মই মোক আৱৰি ধৰিলে– আৰু মই নিশ্চিন্তে আৰাম কৰিব ধৰিলোঁ। আস্–

Leave a Reply

Your email address will not be published. Required fields are marked *