সংগীত, ৰাজনীতি আৰু প্ৰতিবাদ-(নৱজ্যোতি বৰগোহাঁই)
আগকথা :
সংগীত বিষয়টো মুখ্যতে দুটা দৃষ্টিকোণেৰে বিচাৰ কৰা যায়। এটা বিশুদ্ধ বিজ্ঞানৰ (পদাৰ্থ বিজ্ঞান, শৰীৰ বিদ্যা, মনোবিজ্ঞান ইত্যাদি) আৰু আনটো সমাজতত্বৰ আধাৰত। আমি এই প্ৰবন্ধত ‘সংগীত‘ বিষয়টো মূলতঃ, সমাজতত্বৰ আলোকত বিচাৰ কৰিবলৈ যত্ন কৰিম।
সংগীত যে গণসংগ্ৰামৰ অতি শক্তিশালী ৰাজনৈতিক অস্ত্ৰ, সেই ধাৰণাটো অসম মুলুকত এতিয়াও যথাযোগ্য মান্যতা পাইছে বুলি ধাৰণা নহয়। সেই জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সংগীতৰ পাছত তেনে কোনো নতুন সংগ্ৰামী শিল্পী চকুত নপৰে। সেই পুৰণা গীতবোৰকেই কেৱল পৰম্পৰাধৰ্মী নিয়ম মাফিক চৰ্চা হয়, তাকো বছেৰেকীয়া স্মৃতিচাৰণ হিচাবে। ভাল বস্তু, ভাল গীত-মাতৰ চৰ্চাতেই কামফেৰা শেষ কৰে। যিবোৰ অতি যান্ত্ৰিক অনুশীলন। এই গীতবোৰ, আজি ৰজা-প্ৰজা সকলোৰে বাবে ভিটামিনৰ টেবলেট সদৃশ। এনে চৰ্চাৰে মূলতঃ ৰজা ঘৰকেই সহায় কৰা হয়। কিন্তু সেই স্বনামধন্য শিল্পীসকল ৰজাঘৰীয়া শিল্পী নাছিল। সেই কথাবোৰ পাহৰি, এই গীত-মাতৰ চৰ্চা, এক আদৰ্শহীন কৰ্মকাণ্ড। এই কৰ্মকাণ্ডৰ পৰা খুব বেছি “জুবিন গাৰ্গৰ সমাজবাদ” প্ৰতিষ্ঠা হ’ব! বিপ্লৱী সংস্কৃতিৰ বিকাশ নহয়। বিপ্লৱী গীতৰ সৃষ্টি, চৰ্চা মুখৰোচক কথা নহয়। এই কথাবোৰ মনত ৰাখিয়েই এই লেখাটো লিখিবলৈ যত্ন কৰিছোঁ। কিমান সফল হওঁ, সচেতন পাঠকে বিচাৰ কৰিব।
সংগীতৰ ব্যাকৰণিক, গাঁথনিগত, শ্ৰেণী বিভাজন আদি দিশবোৰৰ বিশদ আলোচনাই এই লেখাত প্ৰাধান্য নাপাব। সংগীতৰ দাৰ্শনিক দিশটোৰ দুই এটা শেহতীয়া চিন্তাৰ কথা উনুকিয়াইছোঁ। সংগীত সমাজৰ ভাব বিনিময়ৰ মাধ্যম, ই ৰাজনৈতিক চৰিত্ৰ কেনেকৈ আহৰণ কৰে, ঠিক একেসময়তে সংগীত যে সংগ্ৰামী জনতাৰ প্ৰতিবাদৰ আহিলা, আদি বিষয়বোৰ আলোচনাৰ উপৰিও কেইজনমান বিশ্বখ্যাত প্রতিবাদী শিল্পীৰ চমু পৰিচয় দাঙি ধৰিবলৈ যত্ন কৰিম। যিহেতু আমাৰ অধ্যয়ন সীমিত, সংগীতৰ দৰে এটা জটিল অথচ বিশাল বিষয়ৰ এই চমু আলোচনাটোত নিশ্চয় বহু সীমাবদ্ধতা তথা চিন্তাৰ খেলিমেলি থাকি যাব। আশাকৰোঁ ৰসগ্ৰাহী সচেতন পাঠকৰ গঠনমূলক তথা নতুন যুক্তিপূৰ্ণ মতামতে বিষয়টো সমৃদ্ধ কৰাৰ উপৰিও মোৰ চিন্তাৰ সীমাবদ্ধতা আঁতৰ কৰাত অৰিহণা যোগাব।
“Music is the mirror of reality.”- Marx
“Music mirrors the thinking and feelings of societies. Much that is greatest and richest in a nation or community is preserved through its music. Across barriers of class, race and nationality it can speak from heart to heart.”– Marian Anderson
সংগীত মানৱ জীৱনৰ এটা ঐতিহাসিক ঘটনা, যি ঘটনাই অতি শক্তিশালী আৰু সংবেদনশীল ৰূপত, এক অনন্য বাস্তৱ আমাৰ সন্মুখত তুলি ধৰে। সংগীতে মানৱ সমাজত এক সাৰ্বজনীন ভাষাৰ জন্ম দিয়ে। মাৰ্ক্সে কোৱাৰ দৰে সংগীত বাস্তৱৰ এখন ‘দাপোণ’। এই ‘দাপোণ’ত এক জটিল প্ৰক্ৰিয়াৰে যি বাস্তৱ প্ৰতিফলিত হয়, কেৱল অনুভৱ আৰু উপলব্ধিৰে, আমি সেই বাস্তৱ আৱিষ্কাৰ কৰিবলৈ যত্ন কৰোঁ! প্ৰাচীন কালতেই মানুহে চৌপাশত ঘটি থকা শ্ৰৱ্য ঘটনাসমূহ আৱিষ্কাৰ কৰিছিল আৰু সেই অভিজ্ঞতাৰেই পৰৱৰ্তী সময়ত ইয়াক, কোনো উদ্দেশ্য আগত ৰাখি, নিজৰ ধৰণেৰে, বিবিধ বাদ্যযন্ত্ৰৰ সহায়ত ‘সংগীত’ৰ সৃষ্টি কৰিবলৈ ধৰিছিল। সময় বাগৰাৰ লগে লগে সংগীত নিৰ্মাণ পদ্ধতিৰো বিকাশ হ’বলৈ ধৰে। সংগীতৰ গাঁথনিগত (Structural) কিছুমান উপাদান সুৰ, তাল, লয়, আদিৰ বহুল প্ৰয়োগ দেখিবলৈ পোৱা যায়। জনজীৱনৰ তৰপে তৰপে লুকাই থকা আনন্দ, বিষাদ, হুমুনিয়াহ, প্ৰত্যয়, প্ৰতিবাদ আদি জীৱনৰ অভিব্যক্তিবোৰ সুৰ, তাল, লয়ৰ সুসমন্বয় সাধনৰ যোগেদি সংগীতৰ মাধ্যমত বিভিন্নজনৰ মাজত বিনিময় হ’বলৈ ধৰে। এনেকৈয়ে সমাজৰ আদিম কালতেই জনজীৱনৰ অন্যতম গণমাধ্যম লোকসংগীতৰ জন্ম হৈছিল। লোকসংগীত হৈছে বিশাল জীৱনস্পন্দনৰ প্ৰতিধ্বনি, যাৰ মাজত সংৰক্ষিত হৈ থাকে জাতিৰ অনুভূতি, বিশ্বাস আৰু প্ৰাচীন ৰীতিনীতি। কালক্ৰমত ‘সংগীত’ সমাজ জীৱনৰ এনে এটা শক্তিশালী তথা গুৰুত্বপূৰ্ণ সাংস্কৃতিক উপাদান হৈ পৰে, যাৰ যোগেদি সমাজ বাস্তৱৰ বিভিন্ন ৰূপ ৰস অতি সুন্দৰকৈ প্ৰতিফলিত কৰিব পৰা হয়। বিভিন্ন অভিজ্ঞতালব্ধ সময়ৰ পৰিপ্ৰেক্ষিতত সংগীত নিৰ্মাণৰ এটা সাধনা মানুহৰ মাজত, অহৰহ চলি থাকে, আৰু সংগীত এবিধ শক্তিশালী ‘কলা’লৈ ৰূপান্তৰিত হৈ পৰে। যি কলাই শ্ৰেণী বিভক্ত সমাজৰ পৰিৱৰ্তন আকাংক্ষী কৌতূহলী মানুহক সৃষ্টিশীল কৰি তোলে, সংগ্ৰামী কৰি তোলে। সেইবাবেই হয়তো অষ্ট্ৰিয়াৰ বিখ্যাত সংগ্ৰামী সংগীত পৰিচালক, একালৰ বাৰ্টল ব্ৰেখটৰ সতীৰ্থ Hanns Eisler এ কৈছিল– “Music is a strange art.“৷ একেটা সুৰতে, সংগীত বিশাৰদ, পণ্ডিত Albert Schweitzer এ সংগীত সম্পৰ্কত অতি সুন্দৰকৈ কৈছিল, “Joy, sorrow, tears, lamentation, laughter — to all these music gives voice, but in such a way that we are transported from the world of unrest to a world of peace, and see reality in a new way.”৷
সংগীত কি, ইয়াৰ চৰিত্র (nature), মূল্য (value), আমাৰ উপলব্ধি (realization) আদি বিষয়বোৰ দাৰ্শনিক দৃষ্টিকোণৰ পৰা যথেষ্ট জটিল আৰু বহুমাত্ৰিক। বাকী কলাৰ (Form of art)- সাহিত্য, চিত্ৰকলা, আদিৰ তুলনাত ইয়াৰ গুৰুত্বপূৰ্ণ পার্থক্য তথা জটিলতা আছে। ই মূলতঃ পৰিৱেশনধৰ্মী কলা, কিছু পৰিমাণে বিমূৰ্ত। বিশুদ্ধ যন্ত্ৰ সংগীতৰ ক্ষেত্ৰত ভিন্ন শ্ৰোতাৰ মাজত জন্ম হোৱা অনুভূতি-উপলব্ধিৰ ভিন্নতা লক্ষ্য কৰিবলগীয়া। বিভিন্ন দাৰ্শনিক দৃষ্টিকোণৰ পৰা সংগীতৰ ব্যাখ্যা আগবঢ়োৱা হৈছে যদিও, আজিলৈকে বিতৰ্কৰ অন্ত পৰা নাই। মাৰ্ক্সবাদী দৃষ্টিকোণেৰেও ভিন ভিন মূল্যায়ন হৈছে। শেহতীয়া এটা ব্যাখ্যা এনেধৰণৰ যে, ‘সংগীত’ হৈছে নিৰ্দিষ্ট ‘সময়’ৰ জোখত সংগঠিত বিবিধ শব্দ তৰংগৰ দ্বাৰা সৃষ্ট নান্দনিক অনুভৱ। এই ব্যাখ্যা অনুসৰি সংগীতৰ ক্ষেত্ৰত, ‘শব্দ’ (sound)ৰ লগেলগে ‘সময়’ অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান। ‘সময়’ কাৰকটোৰ অবিহনে ‘সঙ্গীত’ৰ কোনো অস্তিত্ব নাই। এটি গীত বা বিশুদ্ধ যন্ত্ৰ সংগীতৰ এটা composition ৰ জন্মৰ এটা ঐতিহাসিক মুহূৰ্ত (সময়) থাকে আৰু ‘সংগীত’টোৰ জন্ম প্ৰক্ৰিয়াটোৰ অৰ্থাৎ সঙ্গীতৰ উপদানবোৰৰ সৃষ্টিৰ কাৰ্য্যকাৰণৰ লগত ‘সময়’ বান্ধ খাই থাকে। ‘সময়’বিহীন সঙ্গীতৰ অস্তিত্ব সম্ভৱনে? এই ‘সময়’ৰ কথাটো Mozart এ ধুনীয়াকৈ কৈছিল- “The music is not in the notes, but in the silence between.”৷ সময় অবিহনে ৰিদম বুলি কিবা কথা থাকিব পাৰেনে? ‘সময়’ সম্পৰ্কীয় আলোচনা কৰি গৈ থাকিলে জটিলতা বাঢ়ি গৈ থাকিব। ব্যথোফেনে কৈছিল, “Music is a higher revelation than all wisdom and philosophy.“৷ আমি এই লেখাত সংগীতৰ দাৰ্শনিক দিশটো কেৱল উনুকিয়ালোঁ।
সংগীতক সৰলভাৱে সংজ্ঞায়িত কৰিব বিচাৰিছোঁ এনেদৰে-
সংগীত মূলতঃ এটা শক্তিশালী শ্ৰৱ্য (Audio) মাধ্যম। ‘শব্দ’ (sound) তৰঙ্গই এই মাধ্যমৰ অন্যতম মৌলিক উপাদান, যি ‘সময়’ৰ সৈতে ‘সংগীত’ পৰিবহণৰ মূল ভূমিকা পালন কৰে।
সময় সাপেক্ষ বিবিধ চৰিত্ৰ সম্পন্ন ‘শব্দ’ (Sound) তৰংগ আৰু পৰিপূৰক অৱস্থানৰ নৈশব্দ (Silence) ৰ শৃংখলিত আৰু সংগঠিত (organized) প্ৰয়াসৰ ফলতেই সংগীতৰ জন্ম হয়। সংগঠিত (organized) শব্দ তৰংগ (sound) সমষ্টি এক জটিল প্ৰক্ৰিয়াৰ দ্বাৰা সময়ৰ লগত তাল মিলাই, বহুমাত্ৰিক মানৱীয় চেতনাৰ সমন্বয় সাধনৰ জৰিয়তে, শ্ৰোতাক নতুন উপলব্ধিৰ মাজলৈ লৈ যায়। ই এক জটিল ভৌতিক (physical), জৈৱিক (Organic) আৰু সামাজিক (Social) প্ৰক্ৰিয়াৰ লব্ধ ফল। এই সৃষ্টিশীল কাৰ্য্য সম্পাদন কৰে, অৱশ্যে কিছু ক্ষেত্ৰত আৱিষ্কাৰো কৰে, কেৱল মানুহে। সেই কাৰণেই কোৱা হয় “কেৱল মানুহৰ আছে গান”! মানুহেই সংগীতৰ সৃষ্টিকৰ্তা, আৱিষ্কাৰক! সংগীত মানুহৰ হৃদয়ৰ গভীৰ উপলব্ধিৰ অভিব্যক্তি (expression)। সংগীতৰ খ্যাতনামা বিশাৰদ চিডনী ফিঙ্কেলষ্টাইনে কৈছিল- “সংগীত সৃজনকৰ্মৰ কলিটোৰ ভিতৰতেই মানুহৰ ভাৱমূৰ্তি, একান্ত মানৱিক ক্ৰিয়া আৰু সম্পৰ্ক নিহিত হৈ থাকে। মানুহৰ ভাৱমূৰ্তিৰ এই উপস্থাপনাই ভাৱাবেগ জগাই তুলে। সংগীতৰ ইতিহাস হ’ল ধ্বনিৰ সহায়েৰে মানুহৰ ভাৱমূৰ্তি বিকাশৰ ইতিহাস।” ‘শব্দ’ (words) আৰু চিত্ৰই প্ৰকাশ কৰিব নোৱৰা বহু কথা সংগীতে সম্ভৱ কৰি তোলে। আন আন শক্তিশালী কলা, সাহিত্য, চিত্ৰকলা (painting) আদিৰ লগত সংগীতৰ নিমিলা কথাটো হৈছে, সংগীতে প্ৰত্যক্ষ মনোযোগ অবিহনেই (passively) শ্ৰোতাৰ মন মগজুত প্ৰৱেশ কৰিব পাৰে, নতুবা নেপথ্যৰ (background) কাৰক হিচাবে, অগোচৰেই আমাৰ চাৰিওফালে প্ৰভাৱিত কৰি থাকিব পাৰে। ন্যূনতম সংবেদনশীল মানুহেও সংগীতৰ প্ৰভাৱৰ পৰা সহজে বিচ্ছিন্ন হৈ থাকিব নোৱাৰে। এলবাৰ্ট আইনষ্টাইনৰ দৰে বিজ্ঞানী মনীষীয়ে সেইবাবেই হয়তো কৈছিল- “I live my daydreams in music. I see my life in terms of music ….”৷
সংগীতবিহীন সমাজ বাস্তৱ যেন অকল্পনীয়! তেন্তে সমাজৰ উপাদানবোৰৰ আন্তঃসম্পর্কৰ নীতিৰ লগত সংগীত কেনেদৰে সম্পৰ্কিত? সমাজৰ শাসন প্ৰণালী, অৰ্থাৎ ‘ৰাজনীতি’ৰ লগত ‘সংগীত’ কেনেকৈ যুক্ত হয়? দৈনন্দিন জীৱনত আমাৰ চাৰিওফালে আৱৰি থকা কোলাহল বোৰেই সংগীতৰ উৎস নহয়নে?
সংগীত আৰু ৰাজনীতি
“Musical innovation is full of danger to the State, for when modes of music change, the fundamental laws of the State always change with them.” – Plato
“Listening to music is listening to all noise, realizing that its appropriation and control is a reflection of power, that it is essentially political.” -Jacques Attali
ইতিমধ্যে ওপৰত হোৱা আলোচনাৰ পৰা এইটো স্পষ্ট যে সংগীত- জনজীৱনৰ আশা আকাংক্ষাৰ অভিব্যক্তি, ভাৱ-অনুভূতি বিনিময়ৰ এটা শক্তিশালী মাধ্যম। এটা অতি উচ্চ মানৰ কলা (art)। আধুনিক সমাজৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ সাংস্কৃতিক উপাদান। উদ্দেশ্যে প্ৰণোদিত, সময় সাপেক্ষ সংগঠিত শব্দ বা শব্দ তৰংগৰ সমষ্টি।
অৰ্থাৎ সংগীত মানৱ সমাজক প্ৰভাৱিত কৰিব পৰা এটা শক্তিশালী কাৰক (agent)। যাৰ বাবে সমাজৰ শাসন ব্যৱস্থাৰ (power system) লগত সংগীতৰ এটা অত্যন্ত স্বাভাৱিক তথা প্ৰভাৱশালী সম্পৰ্ক থাকিব। সংগীতে সমাজৰ শাসক আৰু শাসিত দুই পক্ষৰ বাবে নিজৰ নিজৰ স্বাৰ্থত ক্ষমতা প্ৰয়োগৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আহিলা হিচাবে স্থান পাব। ফলশ্ৰুতিত সংগীতে স্বাভাৱিক ৰূপতেই ৰাজনৈতিক চৰিত্ৰ আহৰণ কৰিব আৰু ৰাজনৈতিক কৰ্মকাণ্ডৰ সক্রিয় অংশীদাৰ হৈ পৰিব। এনে কাৰ্য্যকাৰণৰ ভিত্তিতেই সংগীতে ৰাজনৈতিক চৰিত্ৰ আহৰণ কৰে। ‘সংগীত’ৰ ৰাজনৈতিক চৰিত্ৰৰ উমান দিবলৈ গৈ গণশিল্পী পিট চিগাৰে অতি সুন্দৰকৈ কৈছিল- “No one can prove how important music is, but people in power believe it is, and they try to control it.”৷
ফ্ৰান্সৰ অৰ্থনীতিবিদ, সমাজ বিজ্ঞানী, সংগীতজ্ঞ Jacques Attali এ, Noise: The Political economy of music গ্ৰন্থত, ‘সংগীত’ৰ ৰাজনৈতিক চৰিত্ৰ বুজাবলৈ গৈ অত্যন্ত যুক্তিপূৰ্ণ ৰূপত ইয়াৰ ব্যাখ্যা দাঙি ধৰিছে৷ তেওঁ কৈছে- যিহেতু সমাজৰ ‘কোলাহল’ (noise) বিলাকেই সংগীতৰ উৎস তেন্তে, তাৰ পৰা সৃষ্টি হোৱা সংগীত আন একো নহয়, সৰল ভাষাত ক’বলৈ গ’লে, এই ‘কোলাহল’বোৰৰ যথাৰ্থ মূল্যায়ন (appropriation) আৰু শাসন (control)। সংগীত সৃষ্টিৰ প্ৰক্ৰিয়াই ক্ষমতাৰেই (power) প্ৰতিফলন ঘটায়, অৰ্থাৎ ক্ষমতাৰ লগত সংগীতৰ সম্পৰ্ক প্ৰত্যক্ষ, সংগীত এই সূত্ৰেই ৰাজনৈতিক (political) হ’বলৈ বাধ্য। Attali এ আৰু অলপ আগবাঢ়ি গৈ কৈছে– ‘কোলাহল’ (Noise) জনজীৱনৰ প্ৰাণস্পন্দন, ‘নীৰৱতা’ই (Silence) মৃত্যুৰ নামান্তৰ! ‘কাম’ৰ কোলাহল, ‘মানুহ’ৰ কোলাহল, জীৱ জন্তুৰ কোলাহল! এই ‘কোলাহল’ কিনা হয়, বিক্ৰী কৰা হয় আৰু নিষিদ্ধও কৰা হয়। ‘কোলাহল’শূন্য বাস্তৱত কোনো অৰ্থপূৰ্ণ ঘটনা সম্ভৱ নহয়। যথাৰ্থতে ‘কোলাহল’ৰ এই নিয়ন্ত্ৰণৰ ফলত জন্ম হোৱা সংগীত, ক্ষমতাৰ বণ্টনৰ লগত জড়িত, সমাজৰ নতুন সপোনৰ পৰা সৃষ্ট। অতএব সংগীত নিৰ্মাণ এটা ৰাজনৈতিক কৰ্মকাণ্ড।
সংগীত, এটা ৰাজনৈতিক তথা সাংস্কৃতিক কৰ্ম (activity), যিটো মানুহে সম্পাদন কৰে। কি ধৰণৰ সংগীত সৃষ্টি হ’ব, কিদৰে সমাজত ইয়াৰ প্ৰয়োগ হ’ব, সেই সংগীতে জনজীৱনত কেনে প্ৰভাৱ পেলাব, সেইটো নিৰ্ভৰ কৰে, সৃষ্টিকৰ্তাৰ চৰিত্র, উদ্দেশ্য আদিৰ ওপৰত, অৰ্থাৎ মূলতঃ সংগীত সৃষ্টিৰ আঁৰৰ মানুহজনৰ শ্ৰেণী চৰিত্ৰৰ ওপৰত। তেন্তে আমি নিশ্চিতভাৱে ক’ব পাৰোঁ যে, শ্ৰেণী বিভক্ত এখন সমাজত ‘সংগীত’ শ্ৰেণী সংগ্ৰামৰ এটা শক্তিশালী অস্ত্ৰ হ’ব পাৰে। আমেৰিকাৰ সংগ্ৰামী সাংস্কৃতিক কৰ্মী Robbie Lieberman এ workers songbook ত সংগীত যে শ্ৰেণী সংগ্ৰামৰ এবিধ শক্তিশালী অস্ত্ৰ সেই কথা অতি স্পষ্ট ভাষাত লিখিছিল এনেদৰে-
Music Penetrates Everywhere
It Carries Words With It
It Fixes Them In the Mind
It Graves Them In the Heart
Music is a Weapon in the Class Struggle
Lieberman ৰ “My song is My Weapon” গ্ৰন্থখন এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য।
প্লেট’ৱে (Plato) অতি সঠিক ৰূপত সেই তেতিয়াই কৈ গৈছিল, সংগীতৰ সৃষ্টি আৰু বিকাশ ৰাষ্ট্ৰৰ বাবে অতি বিপদজনক কথা, সংগীতৰ চৰিত্ৰৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰৰ মৌলিক নীতিৰ পৰিৱৰ্তন হয়। অৰ্থাৎ ‘সংগীত’ ৰাষ্ট্ৰৰ বাবে ক্ষমতা প্ৰয়োগ তথা শাসন নীতিৰ নিৰ্ণায়ক উপাদান।
সংগীতে ৰাজনৈতিক চৰিত্ৰ আহৰণ কৰাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে- সংগীত বজাৰৰ অতি চাহিদা থকা সাংস্কৃতিক পণ্য। এই পণ্য আন দহটা পণ্যৰ দৰেই বজাৰত বিক্ৰী হয়। বজাৰৰ চাহিদা মতে বিভিন্ন বিধৰ সংগীতৰ সৃষ্টি হয়। পুঁজিবাদী শাসন ব্যৱস্থাত শাসক মহলে সংগীত শাসনৰ আহিলা হিচাবে ব্যৱহাৰ কৰাৰ উপৰিও বজাৰত পণ্যৰ চাহিদা অনুসৰি, আন পণ্যৰ দৰেই মুনাফা লুটাৰ উদ্দেশ্যেৰে সমানেই গুৰুত্ব দিয়ে। পণ্যৰ বজাৰৰ বিনিময় মূল্য, ক্রেতাৰ ব্যৱহাৰ মূল্য আৰু পণ্য সৃষ্টিকৰ্তাৰ সৃষ্টিৰ আনন্দৰ লগত ভিত্তি কৰি সংগীতৰ বজাৰ মূল্য নিৰ্ধাৰণ হয়। এই পণ্যৰ এটা বিশেষ বৈশিষ্ট্য হৈছে, একেসময়তে ই সমাজ অধ্যয়নৰ আৰু শাসনৰ এটা আহিলা। আনহাতে সংগীত শাসিত বা শোষিতৰ হাতত পৰিলে, শাসকৰ বিৰুদ্ধে এপাত শক্তিশালী অস্ত্ৰ হৈ উঠে।
Music: An instrument of understanding social dynamics, decipher a sound form of knowledge.
সংগীত আৰু ৰাজনীতিৰ সম্পৰ্কৰ আলোচনাৰ পৰা তলৰ সিদ্ধান্তকেইটাত উপনীত হ’ব পাৰোঁ৷ সংগীত হৈছে-
১) সমাজৰ ৰাজনৈতিক ক্ষমতাৰ প্ৰত্যক্ষ বা পৰোক্ষ ধাৰাভাষ্য ( commentary)। এটা ৰাজনৈতিক মাধ্যম।
২) সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ এটা আহিলা।
৩) বজাৰৰ এটা অতি গুৰুত্বপূৰ্ণ পণ্য৷
৪) সমাজক অধ্যয়ন কৰা এটা আহিলা।
৫) সমাজৰ ঐতিহাসিক, ৰাজনৈতিক, আৰু সাংস্কৃতিক পৰিৱৰ্তনক প্ৰতিফলিত কৰা এখন দাপোণ।
শ্ৰেণী বিভক্ত সমাজ এখনত জনগণৰ মানসিক প্ৰয়োজন, ৰাজনৈতিক পৰিস্থিতি, সাংস্কৃতিক বাতাবৰণ, শিল্পীৰ শিল্প সৃষ্টিৰ স্বতঃস্ফূৰ্ত তাগিদা আৰু বজাৰত পণ্যৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি সংগীতৰ উৎপাদন বা সৃষ্টি হ’ব। সংগীত সৃষ্টিৰ এই কাৰণসমূহৰ ওপৰত ভিত্তি কৰি থাওকতে পাঁচ বিধ সংগীতৰ কথা মনলৈ আহিছে।
১) লোক সংগীত (Folk music)
২) গণ সংগীত (People’s music)
৩) শাস্ত্ৰীয় সংগীত (Classical music)
৪) জনপ্ৰিয় সংগীত (Popular music)
৫) ধৰ্মীয় সংগীত (Religious music)
উদাহৰণ হিচাবে প্ৰথম দুবিধ সংগীতৰ সৃষ্টিৰ কাৰণবোৰ এনেধৰণৰ-
লোক সংগীতৰ জন্ম হৈছে জনজীৱনৰ স্বভূমিতে সৃষ্টি হোৱা জাতিৰ অনুভূতিৰ পৰা। জনবিশ্বাস, প্ৰাচীন ৰীতিনীতি আদি ইয়াৰ অন্যতম উপাদান, যি স্বকীয় ভৌগোলিক সীমাতেই যুগ যুগ ধৰি প্ৰৱাহিত।
গণসংগীত – মানুহৰ জীৱন সংগ্ৰামৰ পৰা পোনপটীয়াকৈ সৃষ্টি হয়। হেমাংগ বিশ্বাসে কৈছিল- “জাতীয় চেতনাৰ ধাৰা য’ত আহি আন্তৰ্জাতিক, শ্ৰমজীৱী মানুহৰ আন্দোলনৰ সমূদ্ৰত মিলিছে ,সেই সাগৰ সংগমতেই গণসংগীতৰ উৎপত্তি।”
বাকী তিনিবিধ সংগীতৰ ক্ষেত্ৰতো দেখা যায়- ‘শাস্ত্ৰীয় সংগীত‘ৰ পোনপটীয়াকৈ ৰাজকীয় চৰিত্ৰ, ‘জনপ্ৰিয় সংগীত‘ৰ বহুমাত্ৰিক সামাজিক-ৰাজনৈতিক বৈশিষ্ট্য আৰু ‘ধৰ্মীয় সংগীত‘ৰো ৰজা, প্ৰজা দুই পক্ষৰে লগত পোনপটীয়াকৈ, স্পষ্ট উদ্দেশ্যধৰ্মী সম্পৰ্ক। অৰ্থাৎ ওপৰৰ পাঁচ বিধ সংগীতেই কিবা নহয় কিবা ধৰণে ৰাজনীতিৰ লগত জড়িত। সেই সূত্ৰ ধৰিয়েই, আমি সংগীতৰ শ্ৰেণী বিভাজন আমাৰ আলোচনাৰ সুবিধাৰ বাবে, ৰাজনৈতিক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি মূলতঃ দুটা ভাগত ভাগ কৰিব বিচাৰিছোঁ –
১) ৰজাঘৰীয়া সংগীত
২) প্ৰজাঘৰীয়া সংগীত
উপৰোক্ত আলোচনাৰ পৰা, আমি কিছু পৰিমানে এই যুক্তিকেই প্ৰতিপন্ন কৰিব বিচাৰিছোঁ যে সংগীতৰ ৰাজনৈতিক চৰিত্ৰটো অতি মৌলিক। সংগীত কেৱল তথাকথিত বিনোদনৰ সামগ্ৰী নহয়। প্ৰত্যক্ষ বা পৰোক্ষ ভাৱেই হওক সংগীতক ৰাজনীতিৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰি। পশ্চিমীয়া সঙ্গীতৰ ইতিহাস অধ্যয়ন কৰিলে এই কথা সহজে বুজিব পাৰি। সংগীতক কেৱল সস্তীয়া মনোৰঞ্জনধৰ্মী বজাৰৰ পণ্য হিচাবে প্ৰতিপন্ন কৰাটোও এটা ৰাজনৈতিক চক্ৰান্ত। গীত এটা মূল্যায়ন কৰিবলৈ যাওঁতে, গীতটোৰ জন্মৰ ৰাজনৈতিক তাৎপৰ্য অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱাটো যুগুত। এটা গীত, কোন সময়ত, কেনে পৰিস্থিতিত, কি উদ্দেশ্যত সৃষ্টি হৈছিল আৰু সমাজত গীতটোৱে কেনেদৰে প্ৰভাৱ পেলাইছিল আৰু ভৱিষ্যতলৈও তাৰ গুৰুত্ব কিমান, আদি বিষয়বস্তুবোৰেই গীতটোৰ মূল্যায়নৰ মূল আধাৰ।
শাসক শ্ৰেণীয়ে সংগীত মুখ্যতে দুটা উদ্দেশ্য আগত ৰাখি গুৰুত্ব প্ৰদান কৰে-
১) বজাৰৰ পণ্য হিচাবে।
২) সমাজৰ শাসনৰ স্বাৰ্থত ব্যৱহৃত আহিলা হিচাবে।
কোনো এটা ঐতিহাসিক মুহূৰ্তত শাসক মহলৰ ৰাজনৈতিক অৱস্থান কি, সেই কথাটোতেই, তেওঁলোকে উৎপাদন কৰা বজাৰৰ সংগীত নামৰ পণ্য বিধৰ চৰিত্ৰ কি হ’ব সেইটো নিৰ্ভৰ কৰিব। যদি শাসক শ্ৰেণীটোৱে কোনো মুহূৰ্তত প্ৰগতিশীল চৰিত্ৰ বহন কৰিছে তেন্তে তেওঁলোকে সেই সময়ছোৱাত জনগণক সঠিক নেতৃত্ব দিব পাৰিব। উদাহৰণস্বৰূপে, পুঁজিবাদী ব্যৱস্থাৰ প্ৰাকক্ষণত সামন্তীয় ব্যৱস্থাৰ সাপেক্ষে পুঁজিবাদী শাসক শ্ৰেণীৰ প্ৰতিশ্ৰুতিবোৰ প্ৰগতিশীল হ’বলৈ বাধ্য আৰু সেইসময়ত তেওঁলোকে সমাজৰ আশা আকাংক্ষাক গুৰুত্ব দি সৃষ্টিশীল পৰিৱেশ গঢ়ি তুলিব। একেসময়তে বজাৰৰ চাহিদা বঢ়োৱাৰ বাবে বিভিন্ন বিধৰ সংগীতৰ উৎপাদনত মনোনিবেশ কৰিব। ফলৰ বিভিন্ন ৰুচিৰ, আন্তঃসাংস্কৃতিক উপাদানেৰে ভৰপূৰ, বহু বিধৰ সংগীতৰ জন্ম হ’ব। সংগীতৰ ওপৰত প্ৰচুৰ গৱেষণা হ’ব। বজাৰৰ ক্ষেত্ৰ বৃদ্ধি কৰাৰ স্বাৰ্থত, স্থানীয়, জাতীয় আৰু আন্তৰ্জাতিক মানৰ সংগীত উৎপাদন হ’ব। সংগীতৰ ওপৰত ভাল বেয়া দুই ধৰণৰ প্ৰভাৱেই পৰিব। কিছুমান নতুন সংগীতে মানুহক ভাবিবলৈ শিকাব। একেসময়তে কিছুমান বিসংগতিপূৰ্ণ বজৰুৱা সংগীতৰো জন্ম হ’ব। মুঠৰ ওপৰত শাসক মহলে, এই সময়ৰ সংগীতৰ যোগেদি বজাৰৰ পৰা মুনাফা লুটাৰ উপৰিও কিছু পৰিমানে সংস্কৃতিৰ সুস্থ বিকাশৰো অংশীদাৰ হ’ব।
অৱধাৰিতভাৱে কিন্তু এটা সময় আহি পৰিব, যিটো অৱস্থাত শাসক মহলে নিজৰ প্ৰগতিশীল চৰিত্ৰ হেৰুৱাই পেলাব। তেনে অৱস্থাত শাসক শ্ৰেণীটোৱে সমাজক নেতৃত্ব দিয়াত ব্যৰ্থ হ’ব। নিজৰ মাজতেই অশান্তি, অসন্তুষ্টি বৃদ্ধি পাব, সীমাবদ্ধতা আৱিষ্কাৰ কৰিব। এই অৱস্থাত, নিজৰ দোষ দুৰ্বলতা ঢাকিবলৈ, জনগণক বাস্তৱৰ পৰা নিলগাই ৰখাৰ উদ্দেশ্যে সংগীতক ব্যৱহাৰ কৰাত প্ৰাধান্য দিব।
এইবাৰ কিন্তু শাসক মহলে সংগীত, বজাৰত বিক্ৰী কৰি মুনাফা লুটাৰ উপৰিও, স্পষ্ট ৰাজনৈতিক উদ্দেশ্যত, শাসনৰ স্বাৰ্থত সংগীতৰ ব্যৱহাৰক প্ৰাধান্য দিব। মূলতঃ সংগীতৰ ব্যৱহাৰৰ যোগেদি জনগণক নিচাসক্ত কৰি ৰাখিব, যাতে সংগীতৰ ৰাগীত মতলীয়া হৈ তেওঁলোকে শাসকৰ দোষ দুৰ্বলতাবোৰ আৱিষ্কাৰ কৰিব নোৱাৰে। এই সময়ত শাসকে সমাজত সংগীতক ড্ৰাগছৰ দৰে ব্যৱহাৰ কৰিব। চাৰিওফালে ড্ৰাগছ সদৃশ সংগীতৰ বিষবাষ্প বিয়পাই দিব। বজাৰত ড্ৰাগছ, কানিৰ চাহিদা যেনেকুৱা, এনে সংগীতৰ চাহিদাইও তেনে পৰ্যায় পাবগৈ। শাসকৰ বাবে বজাৰৰ মুনাফা আৰু শাসন দুইটাই, এটা আনটোৰ পৰিপূৰক ৰূপে অৱস্থান কৰিব। এই প্ৰক্ৰিয়াৰেই মূলতঃ ৰজাঘৰীয়া সংগীতৰ জন্ম হয়।
এনে পৰিস্থিতিতেই প্ৰতিবাদী জনতাৰ ঐতিহাসিক দায়িত্ব আহি পৰে।
বিকল্প সংগীত অৰ্থাৎ প্ৰজাঘৰীয়া সংগীত সৃষ্টিৰ চৰ্ত তৈয়াৰ হয়। শাসক পক্ষৰ বিৰুদ্ধে জনগণৰ প্ৰতিবাদ, প্ৰতিৰোধৰ সংগ্ৰাম আৰম্ভ হয়। সংগীতে প্ৰতিবাদী চৰিত্ৰ আহৰণ কৰে।
সংগীত আৰু প্ৰতিবাদ
The hardest song to write is a protest song a topical song with meaning – Joan Baez
A protest song is a song that’s so specific that you cannot mistake it for bullshit – Phil Ochs
সংগীত আৰু ৰাজনীতি বিষয়ক আলোচনাৰ পৰা এই কথাটো স্পষ্টকৈ ধাৰণা কৰিব পাৰি যে, সংগীতৰ ৰাজনৈতিক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি জনগণৰ এই আহিলা বিধ শোষণ দমনৰ বিৰুদ্ধে সফলভাৱে প্ৰতিবাদী ৰাইজে ব্যৱহাৰ কৰিব পাৰে। প্ৰতিবাদৰ এক শক্তিশালী অস্ত্ৰ, শত্ৰুৰ বিৰুদ্ধে দক্ষ সফল সংগঠক, জনজাগৰণৰ বাণী, ৰণাঙ্গনত বিদ্ৰোহীৰ ৰণহুংকাৰ আদিৰ ব্যৱহাৰত ‘সংগীত’ৰ স্থান বিশ্বৰ গণসংগ্ৰামৰ ইতিহাসত অনন্য।
কিন্তু এই প্রতিবাদী সংগীতৰ জন্ম কেনেকৈ হয়? বা সংগীতে কেনেকৈ প্ৰতিবাদী চৰিত্ৰ আহৰণ কৰে?
আন সকলো কলাৰ (আৰ্ট) দৰে, সংগীতকো বুৰ্জোৱা সমাজত শাসক মহলে মূলতঃ শ্ৰমিকৰ শোষণৰ নিচুকনি আৰু চিন্তাশক্তি দুৰ্বল কৰাৰ দৰৱ হিচাবে, কিন্তু একে সময়তে শ্ৰমিকৰ উৎপাদন বঢ়োৱাৰ স্বাৰ্থত ব্যৱহাৰ কৰে যাতে শোষণ প্ৰক্ৰিয়াত কোনো বাধা নজন্মে! উদাহৰণ স্বৰূপে বহু বলিউদী চিনেমাৰ গীতৰ ভাৱ ভাষা এইধৰণৰ। যত সস্তীয়া আবেগ, অবাস্তৱ কৰ্মকাণ্ডৰ ‘মনোৰঞ্জন’ আদিয়েই সদায় মুখ্য স্থান পায়। সেইবাবে এই গীতবোৰ শ্ৰমিক শ্ৰেণীৰ তাৎক্ষণিক কষ্ট লাঘৱ কৰা পেইন কিলাৰ হিচাবে যথেষ্ট সফল হয়। পেইন কিলাৰে কষ্টৰ সাময়িক উপশম ঘটাব পাৰে, কিন্তু মূল বেমাৰ ভাল কৰিব নোৱাৰে। ইতিমধ্যে আলোচনা কৰাৰ দৰে বহু সংগীত বুৰ্জোৱা শাসক মহলে সমাজত ড্ৰাগছৰ দৰে ব্যৱহাৰ কৰে। পশ্চিমীয়া সংগীতৰ ক্ষেত্ৰখনত, মাইকেল জেকচন, মেদনা, ষ্ট্ৰিং আদি বহু তথাকথিত ‘জনপ্রিয়’ শিল্পীৰ নাম ল’ব পাৰি। এই শিল্পী সকলে সাধাৰণ মানুহৰ মাজত সংগীতৰ মায়াজাল তৈয়াৰ কৰে, মায়াত বন্দী শ্ৰোতাই অচেতন অৱস হৈ নিষ্ঠুৰ বাস্তৱৰ প্ৰতি নিৰ্লিপ্ত হৈ পৰে! এই ‘শিল্পী’ সকলে জনগণৰ পৰা প্ৰচুৰ অৰ্থ লুণ্ঠন কৰে। যিটো ৰজাঘৰীয়া ‘শিল্পী’ৰ মৌলিক চৰিত্ৰ!
তাৰ বিপৰীতে প্ৰতিবাদী জনতাই, ‘সংগীত’ক জনগণৰ সংগ্ৰামী চেতনা বঢ়োৱা, ৰাজনৈতিক শিক্ষা, যুঁজৰ প্ৰেৰণা আদিৰ বাবে ব্যৱহাৰ কৰে। তাৰ বাবে সংগীতৰ বিষয়বস্তু (content) আৰু গাঁথনিগত ৰূপ (form) এনে হ’ব লাগিব যাতে, সেই সৃষ্টিয়ে প্ৰতিবাদী বিক্ষুব্ধ জনগণৰ অভিব্যক্তিৰ মূল উদ্দেশ্যে, “শ্ৰেণী সংগ্ৰাম”ক প্ৰতিনিধিত্ব কৰিব পাৰে। ইয়াৰ বাবে প্ৰতিবাদী সংগীতৰ লক্ষ্য, স্পষ্ট আৰু অভ্ৰান্ত হ’ব লাগিব। উদাহৰণ হিচাবে থাওকতে বহুতৰ পৰিচিত তিনিটা গীতৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। গীত তিনিটা হৈছে মহৎ শিল্পী ভূপেন হাজৰিকাৰ “বিক্ষুব্ধ বিশ্ব কণ্ঠই” (সম্ভৱ ৭০ৰ দশকৰ অশান্ত বিশ্ব পৰিস্থিতি) গীতটো, জামাইকাৰ সংগ্ৰামী শিল্পী বব মাৰ্লিৰ “গেট আপ ষ্টেণ্ড আপ‘ (জামাইকাৰ বৰ্ণ বৈষম্য বিৰোধী সংগ্ৰামত জন্ম হোৱা) গীতটো আৰু বিথোফেনৰ যুগজয়ী সৃষ্টি “Ode to Joy” (ফৰাছী কবি চিলাৰৰ কবিতা “Ode to Freedom” আধাৰাত সৃষ্টি কৰিছিল দাসত্বৰ বিৰুদ্ধে বিশ্ব ভাতৃত্বৰ সমৰ্থনত)। এই গীতবোৰে সাধাৰণ জনতাৰ সংগ্ৰামী ‘বিবেক’ক যুগ যুগ ধৰি প্ৰভাৱ পেলাই আহিছে। ইয়াৰ গুৰিত আছে শ্ৰেণী সংগ্ৰামৰ বীজ। যিটো যান্ত্ৰিকভাৱে বুজিবলৈ গ’লে বুজা নাযায়। শোষণ নিষ্পেষণত ব্যতিব্যস্ত সচেতন সংগ্ৰামী জনতাৰ মাজত শ্ৰেণী সংগ্ৰামৰ বীজৰ পৰা প্রতিবাদী গীতৰ কেঁচামাল অহৰহ সৃষ্টি হৈ থাকে, তাক চিনাক্ত কৰা আৰু সংগঠিত কৰাটোৱেই সংগ্ৰামী সংগীত শিল্পীৰ কাম। তাৰবাবে খাটিখোৱা সংগ্ৰামী মানুহৰ মাজত থাকি তেওঁলোকৰ জীৱন চৰ্যাৰ ‘সুৰ’টো বুজি উঠাৰ লগতে সংগ্ৰামৰ ছন্দ আৰু দ্বন্দৰ তাৎপৰ্য অনুধাৱন কৰিব পাৰিব লাগিব। হেমাংগ বিশ্বাসে কৈছিল- “সংগীত জনগণৰ সংগ্ৰামৰ বিকাশ। বিভিন্ন সময়ত নানা চেহেৰাত আৰু আকাৰত শ্ৰেণী সংগ্ৰামৰ সৈতে ইয়াৰ বিকাশ ঘটিছে। নিপীড়িত শ্ৰেণীবোৰ এই সম্পৰ্কে সচেতন আৰু সেয়ে সিহঁতে শ্ৰেণীদৃষ্টিভংগীক লৈ চলে।” সেই সংগ্ৰামৰ প্ৰাণস্পন্দনত কেৱল প্ৰতিবাদ প্ৰতিৰোধৰ ‘ধ্বনি’য়েই নাথাকে, ‘নতুন’ক প্ৰতিষ্ঠাৰ ৰূপৰেখাও থাকে। বিজুলী বৰষুণৰ পাছৰ সাতোৰঙী ‘ৰামধেনু’ক বিপ্লৱী শিল্পীয়ে আৱিষ্কাৰ কৰিব পাৰিব লাগিব। পুৰণাক ধ্বংস কৰি ‘নতুন’ক প্ৰতিষ্ঠা কৰা, গণ সংগ্ৰামৰ পৰা সৃষ্ট এই ”নতুন গান” ৰ প্ৰসঙ্গতে চিলিৰ সংগ্ৰামী কণ্ঠ শিল্পী ভিক্টৰ জাৰাই কৈছিল- “We’ve had enough of that music that doesn’t speak to us, that entertains us only for a moment but leaves us empty.”৷ জাৰাই আৰু কৈছিল, “We began to create a new kind of song. It was music that was born out of total necessity.” As a dedicated communist, I preferred the term ‘revolutionary song’। এই “নতুন গীত”ৰ শিল্পী সকলে খাটিখোৱা সংগ্ৰামী মানুহে ক’ব বিচৰা অথচ ক’ব নোৱৰা কথাবোৰ, নিজৰ শিল্প সৃষ্টিৰ যোগেদি মূৰ্ত কৰি তোলে। ফলত এই গীতবোৰ, হাজাৰজন শোষিতৰ প্ৰতিবাদী নিনাদ ৰূপে চাৰিওফালৰ আকাশ বতাহ কঁপাই তোলে। এই শিল্পীৰ অন্যতম এটা বৈশিষ্ট হৈছে, একেজন মানুহেই গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠ শিল্পী। এওঁলোকে ৰাইজক নিজৰ ক’বলগীয়া কথা কোৱাৰ বাবে সংগীত নামৰ মাধ্যমটো ব্যৱহাৰ কৰে। এই শিল্পী সকলৰ গীতবোৰ স্থানীয় উপাদানেৰে তৈয়াৰ হ’লেও বিশ্বজনীন প্ৰতিবাদী আবেদনক প্ৰতিনিধিত্ব কৰিব পাৰে। ভূপেন হাজৰিকাৰো বহু গীতত শ্ৰমজীৱী মানুহৰ আশা-নিৰাশা, হাঁহি-কান্দোন, খং ক্ষোভ অতি মূৰ্ত ৰূপত প্ৰকাশ পায়। বাংলা গীতৰ যুঁজাৰু শিল্পী কবিৰ সুমনো এই ক্ষেত্ৰখনত অন্যতম।
মনত ৰখা ভাল যে, প্ৰাণহীন, যান্ত্ৰিকতাৰ দুখত দুষ্ট, তথাকথিত শ্লোগানধৰ্মিতাৰ চিকাৰ হোৱা প্ৰতিবাদী সংগীতে যথাৰ্থতে সংগ্ৰামী জনতাৰ প্ৰেৰণাৰ উৎস হৈ উঠিব নোৱাৰে। সেইবাবে ওপৰৰ পৰা কৃত্ৰিমভাৱে জাপি দিয়া ‘পাৰ্টি’জান গীতে “প্ৰতিবাদী সকাম”ৰ প্ৰয়োজন পূৰণ কৰিব পাৰে, কিন্তু প্ৰতিবাদী সংগ্ৰামৰ সুৰধ্বনি হ’ব নোৱাৰে।
খাটিখোৱা যুঁজাৰু মানুহৰ জীৱন গাঁথা স্বাভাৱিকতেই লোকসংগীতৰ মাজত অতি সহজ সৰল ৰূপত জিলিকি থাকে। গণসংগীত বা প্ৰতিবাদী সংগীতৰ সৃষ্টিৰ মূল আধাৰ হৈছে লোকসংগীত।
এই ক্ষেত্ৰত লেটিন আমেৰিকাৰ বিপ্লৱী সংগীত বিশেষভাৱে উল্লেখযোগ্য।
লেটিন আমেৰিকাৰ চিলিৰ অসাধাৰণ লোকসংগীত শিল্পী Violeta Parra ৰ নেতৃত্বত জন্ম হোৱা সংগীত Canción Chilena or “New Chilean Song” আন্দোলনে চিলিৰ ৰাজনৈতিক সংগ্ৰামত মুখ্য ভূমিকা পালন কৰিছিল। চিলিৰ ৰাজনৈতিক সংগ্ৰামৰ ক্ষেত্ৰখনত এই “নতুন গীত”বোৰে বিপ্লৱৰ সূচনা কৰিছিল। ভিক্টৰ জাৰা (Víctor Jara) এই সংগ্ৰামৰ এজন অন্যতম যুঁজাৰু সংগীত শিল্পী আছিল। তেওঁ চিলিৰ সাধাৰণ জনগণৰ বাবে “Voice for Voiceless” হৈ উঠিছিল। এই শিল্পীসকলে “New Chilean Song“, লেটিন আমেৰিকাৰ পৰম্পৰাগত গীত আৰু লোকসংগীতক ৰাজনৈতিক চিন্তাৰে সম্পৃক্ত কৰি সৃষ্টি কৰিছিল। ৬০, ৭০ দশকত এই গীতবোৰে জন্ম দিয়া আন্দোলনে লেটিন আমেৰিকাৰ আকাশ-বতাহ কঁপাইতুলিছিল। (The Nueva Canción Chilena or “New Chilean Song” was a movement and genre of Chilean traditional and folk music incorporating strong political and social themes. The movement was to spread throughout Latin America during the 1960s and 1970s, in what is called “Nueva canción” sparking a renewal in traditional folk music and playing a key role in political movements in the region.) Violeta Parra ক “the Queen Mother of Latin American folk“. বুলি কোৱা হয়। তেওঁৰ বিশ্ব বিখ্যাত গীত “Gracias a la Vida” বিশ্বৰ প্রান্তে প্রান্তে আজিও সংগ্ৰামী জনগণৰ মন্ত্ৰ সদৃশ।
গণ সংগ্ৰামত জনগণৰ সংগ্ৰামী প্ৰেৰণা আৰু প্ৰত্যয়ৰ অনুঘটক হিচাবে, সংগীতৰ ঐতিহাসিক ভূমিকা অতি চমকপ্ৰদ। প্ৰথমেই, Indian People’s Theatre Association (IPTA) নাম ল’ব পাৰি। IPTA এ স্বাধীনতা আন্দোলনত সংগ্ৰামী জনতাৰ মাজত বিভিন্ন বিধৰ গণসংগীতেৰে সংগ্ৰামী গণচেতনা জগাই তোলাত অত্যন্ত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল। হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা, সলিল চৌধাৰী আদি শিল্পীসকলে বহু প্ৰতিবাদী সংগীতৰ সৃষ্টি কৰিছিল। সেইদৰে ৬০ৰ দশকত আমেৰিকাৰ civil right movement, Anti-war protest, women’s liberation movement আদিত প্ৰতিবাদী সংগীতৰ ভূমিকা আছিল অসাধাৰণ। সেই সময়তেই বব ডাইলেন, পিট চিগাৰ, জন বেইজ, উদি গাথ্ৰি, নিনা ছাইমন, জন লেনন, ফিল ওখ, বিলি হলীদে আদি সংগ্ৰামী শিল্পীৰ সংগীতে সংগ্ৰামৰ বিভিন্ন ক্ষেত্ৰত জোৱাৰৰ সৃষ্টি কৰিছিল। বহুতো কালজয়ী প্ৰতিবাদী সংগীতৰো জন্ম হৈছিল। সংগীতক কেৱল “বিশুদ্ধ মনোৰঞ্জন”ৰ আহিলা হিচাবে ব্যৱহাৰ কৰা, ৰাজনৈতিক চিন্তাত অপৰিপক্ক বহুতৰ বাবে অসম মুলুকত, সংগীতৰ এনে ভূমিকাৰ ইতিহাস হয়তো সিমান বিশ্বাসযোগ্য নহ’ব। যিহেতু আমাৰ সেই বিষয়ত বস্তুনিষ্ঠ চিন্তা চর্চা অতি সীমিত।
আমি এই “সংগীত, ৰাজনীতি আৰু প্ৰতিবাদ” বিষয়টোৰ লগত ৰজিতা খুৱাই, বিশ্বৰ বিপ্লৱী সংগীতৰ জগতখনত অসাধাৰণ অৱদান দিয়া ৯ জন সংগ্ৰামী শিল্পীৰ অতি চমু পৰিচয় আৰু লগতে কেইটিমান তেওঁলোকৰ অসাধাৰণ যুগজয়ী সৃষ্টিৰ উদাহৰণ উল্লেখ কৰিছোঁ। এই শিল্পীসকলৰ প্ৰতিজনাই, আমাৰ অতি চেনেহৰ গণশিল্পী ভূপেন হাজৰিকাৰ দৰে একেধাৰে গীতিকাৰ, সুৰকাৰ, আৰু কণ্ঠশিল্পী।
যিহেতু সংগীত এটা শ্ৰৱ্য মাধ্যম, আমি এই গীতবোৰ নুশুনালৈকে তাত্বিক আলোচনাবোৰ হৃদয়ংগম কৰিব নোৱাৰিম। আশাকৰোঁ সচেতন সুহৃদ পাঠকসকলে উক্ত শিল্পী সকলৰ সৃষ্টিৰ সোৱাদ লৈ নতুন সৃষ্টিৰ বাট ৰচনাত প্ৰবৃত্ত হ’ব।
জন লেনন (১৯৪০-১৯৮০)
জন লেনন ৬০-৭০দশকৰ এজন অসাধাৰণ সংগীত শিল্পী। বিখ্যাত ‘বিটলছ’, ইংৰাজী ৰক মিউজিক বেণ্ডৰ অতি গুৰুত্বপূৰ্ণ সদস্য। তেওঁ একেধাৰে গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী। ভিয়েটনাম যুদ্ধৰ সময়ত এজন আগশাৰীৰ যুদ্ধ বিৰোধী সংগ্ৰামী শিল্পী হিচাবে বহু কালজয়ী গীতৰ সৃষ্টি কৰিছিল। জীৱনৰ শেষৰফালে লেননে মাৰ্ক্সবাদী সংগঠনৰ লগত জড়িত হৈছিল। সেই চিন্তাৰে তেওঁ এটা সাক্ষাৎকাৰত এনেদৰে কৈছিল- A dream you dream alone is only a dream. A dream you dream together is reality. মৃত্যুৰ আগৰ সপ্তাহতো শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছিল। লেননে Gimme some Truth গীতটোৰ যোগেদি তেওঁৰ সংগীতক ৰেদিকেল ৰাজনৈতিক যুঁজৰ লগত চামিল কৰিছিল। ১৯৮০ চনত এজন সন্দেহজনক আততায়ীৰ হাতত লেননৰ মৃত্যু হয়। তেওঁৰ কেইটামান বিখ্যাত গীত হৈছে- Imagine, God, Power To The People, Give Peace a Chance, Working class hero, Gimme some Truth
বব মাৰ্লি ( ১৯৪৫-১৯৮১)
বব মাৰ্লি ,জামাইকাৰ ৰেগে সংগীত শিল্পী। তেওঁ এজন আপোচহীন যুঁজাৰু সংগীত শিল্পী আছিল। সমগ্ৰ জীৱন সংগীতক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰি অলপো জিৰণি নোলোৱাকৈ বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজখন কৰি গৈছিল। তেওঁ একেধাৰে গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী। প্ৰতিটো গীতেই যেন শত্ৰুৰ বিৰুদ্ধে যুদ্ধৰ আহ্বান। তেওঁ কৈছিল, Better to die fighting for freedom than be a prisoner all the days of your life.৷ যুগ যুগ ধৰি বব মাৰ্লিৰ গীতবোৰ সংগ্ৰামী মানুহৰ প্ৰেৰণাৰ উৎস। তেওঁৰ কেইটামান উল্লেখযোগ্য ৰাজনৈতিক প্ৰতিবাদী গীত হৈছে- Get up stand-up, No woman no cry, War, Exodus, I shot the Sheriff, Buffalo Soldier ইত্যাদি।
নিনা ছাইমন ( ১৯৩৩-২০০৩)
নিনা ছাইমন আমেৰিকাৰ ব্লুজ, জাজ, ৰক, ফক, গছপেল, ক্লাছিকেল, ৰিদম এণ্ড ব্লুজ আদি বহুকেইবিধ গীতৰ অসাধাৰণ সংগীত শিল্পী আছিল। তেওঁ আমেৰিকাৰ, বৰ্ণ বৈষম্য বিৰোধী সংগ্ৰাম, গণ অধিকাৰ সংগ্ৰামৰ এগৰাকী সক্ৰিয় যুঁজাৰু শিল্পী আছিল। নিনা ছাইমনে ৰাজনীতিৰ লগত সংগীতৰ সম্পৰ্ক বুজাবলৈ, ধুনীয়াকৈ কৈছিল,- I had spent many years pursuing excellence, because that is what classical music is all about… Now it was dedicated to freedom, and that was far more important.” নিনা একেধাৰে গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী।
নিনা ছাইমনৰ কেইটামান বিখ্যাত প্ৰতিবাদী গীত হৈছে Four Women, I put a spell on you, To Be Young, Gifted and Black, Old Jim Crow ইত্যাদি।
বব ডাইলেন ( ২৪ মে, ১৯৪১)
বব ডাইলেন বহুতৰে পৰিচিত আমেৰিকাৰ ফক, ৰক সংগীত শিল্পী। তেওঁ এজন অসাধাৰণ গীতিকাৰ। ৬০দশকৰ ভিয়েটনাম যুদ্ধ বিৰোধী সংগ্ৰাম, আমেৰিকাৰ গণ অধিকাৰ সংগ্ৰাম আদিৰ সময়ত অতি শক্তিশালী সংগীত শিল্পী হিচাবে দায়িত্ব পালন কৰিছিল। তেওঁৰ প্ৰতিবাদী গীতবোৰে সমগ্ৰ পৃথিৱীৰ জনগণৰ সংগ্ৰামী প্ৰেৰণাৰ উৎস। তেওঁ একেধাৰে গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী। তেওঁৰ কেইটামান বিখ্যাত গীত হৈছে,- Blowin in the wind, Chimes of Freedom, Dignity, Like a Rolling stone, Masters of war, No time to think, One for the Road, Political World, The Times They Are a Changing ইত্যাদি।
উদী গাথ্ৰী (১৯১২-১৯৬৭)
উদী গাথ্ৰী আমেৰিকাৰ লোক সংগীত আৰু প্ৰতিবাদী সংগীতৰ জনক বুলিব পাৰি। তেওঁ এজন একনিষ্ঠ কমিউনিষ্ট আদর্শত বিশ্বাসি শিল্পী আছিল। উদী গাথ্ৰী আছিল আমেৰিকাত ফেচিবাদৰ বিৰুদ্ধে যুজঁ কৰি সমাজবাদ প্ৰতিষ্ঠা কৰিবলৈ যোৱা বিপ্লৱী সংগীত শিল্পী। উদীয়ে কৈছিল “If you call me a Communist, I am very proud because it takes a wise and hard-working person to be a Communist” বব ডাইলেন উদীৰ শিষ্য আছিল। আমেৰিকাৰ বিভিন্ন গণ সংগ্ৰামত উদী প্ৰত্যক্ষভাৱে জড়িত আছিল। উদিয়ে তেওঁৰ গীটাৰখনত লিখি লৈছিল ‘“This machine kills fascists”। তেওঁ বহুকেইটা প্ৰজন্মৰ প্ৰতিবাদী শিল্পীৰ পথ প্ৰদৰ্শক আছিল। তেওঁ একেধাৰে গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী। উদিয়ে নিজৰ গীত গোৱাৰ সম্পৰ্কত কৈছিল,- I am out to fight those songs to my very last breath of air and my last drop of blood. I am out to sing songs that will prove to you that this is your world and that if it has hit you pretty hard and knocked you for a dozen loops, no matter what color, what size you are, how you are built.
I am out to sing the songs that make you take pride in yourself and in your work.”
উদীৰ কেইটামান বিখ্যাত গীত– This Land Is Your Land, Plane Wreck At Los Gatos, Slip Knot, Hobo’s Lullaby, I Ain’t Got No Home ইত্যাদি।
জন বেইজ ( ৯ জানুৱাৰী, ১৯৪১)
জন বেইজ আমেৰিকাৰ, মূলতঃ লোক সংগীত আৰু প্ৰতিবাদী গণ সংগীত শিল্পী হোৱাৰ উপৰিও সক্রিয় সমাজ সংগঠক। ভিয়েটনাম যুদ্ধ বিৰোধী গীত, ৬০ৰ দশকৰ আমেৰিকাৰ গণ অধিকাৰ সংগ্ৰাম আদিৰ প্ৰতিবাদী গীতৰ অন্যতম শিল্পী আছিল। বব ডাইলেনৰ বহু গীত জন ৱেইজৰ কণ্ঠত বেলেগ মাত্ৰা পাইছিল। আজিও তেওঁ গণশিল্পী হিচাবে সংগ্ৰামৰ ক্ষেত্ৰখনত সক্ৰিয়। সংগীতৰ ৰাজনৈতিক ক্ষমতাৰ সম্পৰ্কত ক’বলৈ গৈ তেওঁ কৈছে, I think music has the power to transform people, and is doing so, it has the power to transform situations- some large and some smell. জন বেইজৰ কেইটামান গুৰুত্বপূৰ্ণ গীত: Forever Young, Long Black Veil, There But For Fortune, Farewell Angelina, Silver Dagger ,Diamonds and Rust ইত্যাদি।
পল ৰবছন ( ১৮৯৮ -১৯৭৬)
পল ৰবছন এনে এজন যুঁজাৰু শিল্পী আছিল যে, হেমাংগ বিশ্বাসে ক’বৰ দৰে,– “সংগীত আৰু সংগ্ৰাম তেওঁৰ জীৱনত এক মহান ঐক্যত সন্মিলিত, একেডাল সূতাৰে গঁথা। সংগ্ৰামৰ মাজেদিয়েই তেওঁৰ সংগীত জীৱনৰ আৰম্ভ।” ৰাজনীতি, প্ৰতিবাদ আৰু সংগীত ৰবছনৰ গীতত সদায় বিদ্যমান। মাৰ্ক্সবাদী আদৰ্শত বিশ্বাসী এই সংগীত শিল্পীজনে সমগ্ৰ বিশ্বতে ‘সংগীত’ক এটা শক্তিশালী ৰাজনৈতিক মাত্ৰা প্ৰদান কৰিলে। গীতৰ সেই উদাহৰণবোৰে আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাদী জনগণক অনুপ্ৰাণিত কৰে। আমেৰিকাৰ ফেচিবাদ বিৰোধী সংগ্ৰাম, গণ অধিকাৰ সংগ্ৰাম, আদিৰ তেওঁ আগশাৰীৰ যুঁজাৰু আছিল। ৰবছনে যেতিয়া নিগ্ৰো লোকসঙ্গীত পৰিৱেশন কৰে, মুক্তিকামী জনতাৰ লগত প্ৰত্যক্ষ যোগাযোগ হয়। তেওঁলোকৰ সংগ্ৰামী হৃদয় জীপাল হৈ উঠে। ৰবছন এনে এগৰাকী শিল্পী আছিল তেওঁৰ কণ্ঠৰোধ কৰাটো মাৰ্কিন ফেচিষ্টবোৰৰ বাবে অসাধ্য আছিল। ৰবচনক মুৰহাউছ বিশ্ববিদ্যালয়ৰ পৰা “ডক্টৰ অব হিউমেন লেটাৰ্ছ” উপাধি প্ৰদান কৰোঁতে ৰবছন সম্পৰ্কত কৈছিল,- Your Singing is a declaration of faith. ৰবছনৰ কেইটামান বিখ্যাত গীত –‘Ol’ Man River, Go Down Moses, Swing Low , Sweet Chariot, Sometimes I feel like a motherless child.
পিট চিগাৰ ( ১৯১৯ -২০১৪)
পিট চিগাৰ আমেৰিকাৰ লোক সংগীত আৰু প্ৰতিবাদী সংগীতৰ প্ৰবাদ পুৰুষ। তেওঁৰ আত্মজীৱনী where have all the flowers Gone গ্রন্থখনি কিছুমান গীতৰ নেপথ্যৰ কাহিনী। সেই কাহিনীবোৰৰ সমষ্টিয়েই পিট চিগাৰৰ ‘জীবন’! চিগাৰৰ জীৱন আৰু তেওঁৰ সংগীত এটা মুদ্ৰাৰ দুটা পিঠি। প্ৰতিটো গীতেই জনজীৱনৰ বিচিত্ৰ সংগ্ৰামৰ কাহিনীৰ লগত শিল্পীজনাৰ দ্বায়িত্ব আৰু উপলব্ধিৰ স্বাক্ষৰ। মাৰ্ক্সবাদী আদৰ্শত বিশ্বাসী চিগাৰৰ সংগীতত লোক জীৱনৰ কাহিনী, প্ৰতিবাদ, প্ৰত্যয় আৰু তাৰ লগে লগে “নতুন সপোন”ৰ বাৰ্তা সজীৱ ৰূপত বিদ্যমান। আপোচহীন বিদ্ৰোহী, এই শিল্পীজন বিশ্বৰ নিপীড়িত সংগ্ৰামী জনতাৰ প্ৰেৰণা আৰু পথ প্ৰদর্শক। চিগাৰৰ গীতে শাসকৰ লগত পোনপটীয়া যুঁজত অৱতীৰ্ণ হয়। Dear Mr President তাৰ এটা সুন্দৰ উদাহৰণ। গীতটোৰ একাংশ তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ।
Dear Mr President
Now, Mr. President,
We haven’t always agreed in the past, I know,
But that ain’t at all important now.
What is important is what we got to do,
We got to lick Mr. Hitler, and until we do,
Other things can wait.
Now, as I think of our great land …
I know it ain’t perfect, but it will be someday,
Just give us a little time.
This is the reason that I want to fight,
Not ’cause everything’s perfect, or everything’s right.
No, it’s just the opposite: I’m fightin’ because
I want a better America, and better laws,
And better homes, and jobs, and schools,
And no more Jim Crow, and no more rules like
“You can’t ride on this train ’cause you’re a Negro,”
“You can’t live here ’cause you’re a Jew,”
“You can’t work here ’cause you’re a union man.”
এই গীতটো ৰাজনীতি আৰু প্ৰতিবাদৰ চৰিত্ৰ বহন কৰা গীতৰ এটা উজ্বল উদাহৰণ।
চিগাৰ একেধাৰে গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী। চিগাৰৰ বাবে সংগীত তথাকথিত ‘মনোৰঞ্জন’ৰ দায়িত্বহীন আহিলা নহয়, যুঁজৰ অস্ত্ৰ। তেওঁৰ কেইটিমান বিখ্যাত গীত হ’ল If I Had a Hammer (The Hammer Song) ,We Shall Overcome,Where Have All the Flowers Gone?, Dear Mr. President , Turn! Turn! Turn! ইত্যাদি।
ট্রেচি চেপমেন ( ৩০ মাৰ্চ, ১৯৬৪)
ট্রেচি চেপমেন সামাজিক আৰু ৰাজনৈতিকভাৱে অতি সংবেদনশীল তথা সক্রিয় শিল্পী। ট্রেচিৰ প্ৰায়বোৰ গীত ৰাজনৈতিক প্ৰতিবাদেৰে মুখৰ হোৱাৰ উপৰিও কলাত্মক ভাৱেও উচ্চখাপৰ। তেওঁ গীত লিখিব লাগে বাবেই নিলিখে। স্পষ্ট উদ্দেশ্য আগত লৈহে তেওঁ গীত লিখে। ট্রেচি একেধাৰে গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী। মানৱ অধিকাৰ, শিক্ষা, নাৰী মুক্তি, বৰ্ণ বৈষম্য, আদি বিষয়বোৰে ট্রেচিৰ গীতত ৰজনজনাই থাকে। ট্রেচিৰ সংগ্ৰামী সংগীত যাত্ৰাৰ সম্পৰ্কত বিখ্যাত টাইম আলোচনীত কৈছে- Armed only with her voice, her guitar and her conscience. ট্রেচিৰ Talking ‘Bout A Revolution গীতটো সামাজিক অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামৰ বীজমন্ত্ৰ। সেইদৰে New beginning গীতটো বিপ্লৱোত্তৰ নতুন সমাজৰ যেন ৰূপৰেখা।
তেওঁৰ কেইটামান বিখ্যাত গীত- New beginning, Talkin’ Bout A Revolution, Why, Fast Car, Our Bright Future. ইত্যাদি।
বৰ ভাল লেখা। তথ্য সমৃদ্ধ।