সাপ্তাহিক জনজীৱনৰ জন্মৰ আঁৰৰ কাহিনী (গোপাল চন্দ্ৰ বৰ্মন)
অসম আন্দোলত সংবাদ পত্রই এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। আন্দোলনৰ সময়ত অসমৰ সংবাদ জগত স্পষ্ট দুটা ভাগত বিভক্ত হৈ পৰিছিল—আন্দোলনৰ সমর্থক আৰু আন্দোলনৰ সমালোচক। প্ৰায়বোৰ প্ৰভাৱশালী কাকত গোষ্ঠীয়ে আন্দোলনৰ পক্ষ গ্ৰহণ কৰিছিল। আন্দোলনৰ নেতৃত্বৰ প্রতি এইবোৰ কাকতগোষ্ঠীৰ আনুগত্যৰ চোক ইমানেই তীব্র আছিল যে বহু সময়ত এওঁলোকে সাংবাদিকতাৰ ন্যূনতম শিষ্টাচাৰখিনিকো জলাঞ্জলি দি আন্দোলনৰ মুখপত্ৰৰ ভূমিকাত অৱতীর্ণ হৈছিল। হয়তো এনে দিশৰ প্রতি লক্ষ্য কৰিয়ে বিশিষ্ট কবি-সমালোচক কবীন ফুকনদেৱে আক্ষেপেৰে কৈছেঃ
“অসম আন্দোলনৰ সময়ত অনেক অসমীয়া বাতৰি কাকতৰ ভাৱ-ভাষা নীহ (Vulgar), উন্মাদ, ভাৰসাম্যহীন হ’বলৈ ধৰাটো আছিল অসমীয়া সমাজৰ কাৰণে এটা দুর্ভাগ্যজনক কথা”। [হীৰেন গোহাঁই আৰু দিলীপ বৰা, (সম্পা) : অসম আন্দোলন প্রতিশ্রুতি আৰু ফলশ্রুতি, গুৱাহাটী ২০০১, পৃষ্ঠা ২৩৫]।
এনে এটা জটিল অথচ উত্তপ্ত পৰিস্থিতি য’ত আন্দোলনটোৰ নেতৃত্বৰ মতৰ লগত সামান্যতম পার্থক্য বা অন্য মত থকা বা-বাতৰিয়ে প্রতিষ্ঠিত কাকত-আলোচনীত ঠাই পাবলৈ সক্ষম নহৈছিল। কদাচিত-কেতিয়াবা অন্য মতসম্বলিত বা-বাতৰি প্রকাশ হ’লেও, সি তথা-যোগ্য স্থান নাপাইছিল। এনেকি আন্দোলন বিৰোধী বা-বাতৰি সম্পাদনাৰ অস্ত্রোপচাৰৰ অত্যাচাৰ সহিব নোৱাৰি কিম্ভুতকিমাকাৰ ৰূপ লোৱাৰ উদাহৰণো অনেক। তথাকথিত আন্দোলন বিৰোধী—বিশেষকৈ বাঁওপন্থীসকলে—সামান্য এটা বাতৰি প্ৰকাশ কৰিবলৈও হাবাথুৰি খাব লগা হৈছিল। চমু কথাত, মত প্রকাশৰ স্বাধীনতা সাংঘাতিকধৰণে সংকুচিত হৈ পৰিছিল।
এনে এক জটিল অথচ অন্ধকাৰচ্ছন্ন অৱস্থাত অসমৰ এচাম গণতন্ত্রপ্রেমী বাঁওপন্থী লেখক-বুদ্ধিজীৱিৰ আশাশুধীয়া প্ৰচেষ্টাত অসমৰ বৌদ্ধিক জগতত কেবাখনো ক্ষুদ্র আলোচনী আৰু বাতৰি কাকতে জন্ম লাভ কৰিছিল। “সাপ্তাহিক জনজীৱন”-ৰ জন্ম আছিল তেনে এক সংঘবদ্ধ প্রচেষ্টাৰে ফলশ্রুতি। “সাপ্তাহিক জনজীৱন” কাকতৰ জন্মৰ প্ৰসংগত অসম আন্দোলনৰ জীৱন কালতে জন্ম লাভ কৰা “গণ সংস্কৃতি বিকাশ সমিতি” নামৰ সাহিত্যিক-সাংস্কৃতিক অনুষ্ঠানটোৰ কথাও আহি পৰে। কাৰণ, “সাপ্তাহিক জনজীৱন”-ৰ জন্ম-কাহিনী “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ জীৱন বৃত্তান্তৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। চমু কথাত ইটো সিটোৰ পৰিপূৰক। সেয়ে “সাপ্তাহিক জনজীৱন”-ৰ জন্মৰ আঁৰত থকা “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ এটি চমু পৰিচয় ডাঙি ধৰা হ’ল।
১৯৮০ চনৰ ১৯ জুলাই তাৰিখে স্বাধীনতা সংগ্রামী, বাঁওপন্থী বুদ্ধিজীৱি তথা বিশিষ্ট আইনজীৱি উমা শৰ্মাৰ গুৱাহাটীৰ বাসভৱনত এখন আলোচনা সভাত মিলিত হৈছিল ৰাজ্যখনৰ এঘাৰগৰাকী সচেতন নাগৰিক বুদ্ধিজীৱি। এওঁলোক আছিল অধ্যাপক গণেশ দাস, অধ্যাপক গংগাপদ চৌধুৰী, অধ্যাপক ৰবীন্দ্ৰ কুমাৰ দেহৰ, বিশিষ্ট আইনজীৱি সুচেন্দ্র নাথ ভূঞা, লেখক-গৱেষক অনিল ৰায়চৌধুৰী, প্রগতিশীল সাহিত্যিক মুকুট ভট্টাচার্য, প্রগতিশীল লেখক দিলীপ বৰদলৈ, স্বাধীনতা সংগ্রামী হৰিদাস ডেকা, মহেন্দ্ৰ নাৰ্জাৰী, দিলীপ কুমাৰ ভূঞা আৰু উমা শর্মা। সভাপতি আছিল উমা শর্মা (“গণ সংস্কৃতি বিকাশ সমিতি”-ৰ কার্যবিৱৰণী বহী)। মন কৰিবলগীয়া যে সভাত উপস্থিত থকা কেইজনে আছিল বাঁওপন্থী চিন্তা-আদর্শত বিশ্বাসী আৰু নিজ নিজ কর্মক্ষেত্ৰত একোজন প্রতিষ্ঠিতলোক। গণেশ দাস, গংগাপদ চৌধুৰী আৰু ৰৱীন্দ্ৰ কুমাৰ দেহৰ আছিল ক্রমে গুৱাহাটীৰ আর্যবিদ্যাপীঠ মহাবিদ্যালয়, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় আৰু পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপক। উমা শৰ্মা আৰু সুচেন্দ্র নাথ ভূঞা আছিল স্বাধীনতা সংগ্রামী, বিপ্লৱী কমিউনিষ্ট নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা। অনিল ৰায়চৌধুৰী আৰু মুকুট ভট্টাচার্য আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উচ্চ পদস্থ বিষয়া তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী ফেডাৰেচনৰ নেতৃস্থানীয় লোক। এওঁলোক দুয়োজন প্রগতিশীল সাহিত্য আলোচনী “নতুন পৃথিৱী”-ৰ সম্পাদকমণ্ডলীৰ সদস্য আছিল। তদ্রুপ দিলীপ বৰদলৈ আছিল প্রগতিশীল লেখক আৰু দীর্ঘদিন ধৰি “নতুন পৃথিৱী”-ৰ চাৰ্কুলেচন মেনেজাৰ। হৰিদাস ডেকা বিপ্লৱী কমিউনিষ্ট নেতা আৰু বিষ্ণুৰাভাৰ সহযোগী আছিল। দিলীপ কুমাৰ ভূঞা আৰু মহেন্দ্ৰ নাৰ্জাৰী আছিল সচেতন নাগৰিক আৰু লেখক। এইক্ষুদ্র আলোচনা সভাতে জন্ম হৈছিল “গণ সংস্কৃতি বিকাশ সমিতি” নামৰ সাহিত্যিক-সাংস্কৃতিক অনুষ্ঠানটোৰ।
সভাত তদানীন্তন বিদেশী বিতাৰণ আন্দোলনে অসমৰ ৰাজনৈতিক, সামাজিক-সাংস্কৃতিক আৰু বৌদ্ধিক জগতত সৃষ্টি কৰা পৰিৱেশ তথা বাঁওপন্থী দল-মতৰ প্রতি থিয় কৰোৱা প্ৰত্যাহ্বান সম্পর্কে আলোচনা হৈছিল। বিশেষকৈ তথাকথিত আন্দোলন বিৰোধী বাঁওপন্থী দল-ব্যক্তিৰ ওপৰত আন্দোলনকাৰী পক্ষৰ দ্বাৰা চলোৱা নির্যাতন আৰু আক্ৰমণৰ বিষয়টো আলোচনাৰ মজিয়ালৈ আহিছিল। বিদেশী বিতাৰণৰ নামত সংখ্যালঘু নাগৰিকৰ ওপৰত চলা জোৰ-জুলুম, অত্যাচাৰ আদি বিষয়বোৰ সভাই গুৰুত্বসহকাৰে আলোচনা কৰিছিল। সামগ্রিকভাৱে সভাই নাগৰিকৰ গণতান্ত্রিক অধিকাৰ আক্রান্ত হোৱা ঘটনাত খেদ আৰু ক্ষোভ প্রকাশ কৰিছিল।
১৯ জুলাইৰ সভাতে “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ মুখ্য কার্যালয় গুৱাহাটীত স্থাপনৰ সিদ্ধান্ত কৰা হয়। লগতে এক প্রস্তাৱ মর্মে এখন পোন্ধৰজনীয়া তদর্থ কমিটি গঠন কৰা হয়। তদর্থ কমিটিখন আছিল:-
- সভাপতি – উমা শর্মা
- যুটীয়া সম্পাদক – গণেশ দাস আৰু মহেন্দ্ৰ নাৰ্জাৰী
- কোষাধ্যক্ষ – মুকুট ভট্টাচার্য
- সদস্য – হৰিদাস ডেকা, গংগাপদ চৌধুৰী, ৰবীন্দ্ৰ কুমাৰ দেহৰ, দিলীপ বৰদলৈ, সুচেন্দ্র নাথ ভূঞা, দিলীপ কুমাৰ ভূঞা, অনিল ৰায়চৌধুৰী।
- লগতে সভাত উপস্থিত নথকা খ্যাতনামা কবি-গীতিকাৰ কেশৱ মহন্ত, বিশিষ্ট চিকিৎসক ডাঃ নোমল বৰা আৰু অধ্যাপক ত্রিপদ নাথ চক্ৰৱৰ্তী (বি.এন. কলেজ, ধুবুৰী)ক সদস্য হিচাপে অন্তর্ভুক্ত কৰা হয় (“গণ সংস্কৃতি বিকাশ সমিতি”-ৰ কার্যবিৱৰণী বহী)।
উক্ত তদর্থ কমিটিৰ উদ্যোগতে “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ প্ৰসাৰ ঘটিল আৰু অসমৰ আন বহু বুদ্ধিজীৱি, সাহিত্যিক, সংস্কৃতিবান লোকৰ “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ মজিয়ালৈ প্রৱেশ ঘটিল। এইসকলৰ ভিতৰত ড° হীৰেন গোহাঁই, নিৰুপমা বৰগোহাঞি, তাৰক চন্দ্র গোস্বামী, দেবেন তামুলী, ডা° নোমল বৰা, কেশৱ মহন্ত, ত্রিপদ নাথ চক্ৰৱৰ্তী, পবিত্র কুমাৰ দত্ত, মদন চন্দ্র ব্রহ্ম, গুণাৰাম বৰা, হীৰেন্দ্ৰ নাথ মুছাহৰি, ললিত চন্দ্র ব্রহ্ম, বিপিন হাজৰিকা, জগন্নাথ নাৰ্জাৰী, বীৰেন্দ্ৰ নাথ চৌধুৰী ইত্যাদি উল্লেখযোগ্য। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত অসমৰ বৌদ্ধিক জগতৰ বহু গুণী-জ্ঞানী লোক “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ লগত যুক্ত হৈছিল। ড° চন্দ্রমোহন শর্মা, ড° শিৱনাথ বর্মন, আব্দুল মান্নান, ড° ফনী গগৈ, নিত্য বৰা আদি সকলেও লাহে লাহে জড়িত হ’ল। তদ্রুপ সমীন্দ্র হুজুৰী, চন্দ্রনীল শর্মা, অপূর্ব ভট্টাচার্য, দীনবন্ধু ঠাকুৰীয়া, ড° সীতানাথ লহকৰ, পবিত্র ভৰালী, গিয়াচুদ্দিন আহমেদ আদি “গণ সংস্কৃতি বিকাশ সমিতি”-লৈ আহিল।
১৯৮০ চনৰ ২৯ জুলাই তাৰিখে অর্থাৎ প্রথম সভাৰ দহদিন পিছৰ এখন সভাত “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ এখন খচৰা সংবিধান গৃহীত হয় আৰু সংবিধান অনুযায়ী এখন পূর্ণাংগ কমিটি গঠন কৰা হয়। কমিটিখন আছিল:-
- সভাপতি – উমা শর্মা
- সম্পাদক – গণেশ দাস
- উপ-সভাপতি – সুচেন্দ্র নাথ ভূঞা
- সহ-সম্পাদক – দেবেন তামুলী আৰু মহেন্দ্ৰ নাৰ্জাৰী
- কোষাধ্যক্ষ – মুকুট ভট্টাচার্য
- সদস্যবৃন্দ – অনিল ৰায়চৌধুৰী, নিৰুপমা বৰগোহাঁঞি, ৰবীন্দ্ৰ কুমাৰ দেহৰ, দিলীপ বৰদলৈ, তাৰক চন্দ্র গোস্বামী, দিলীপ কুমাৰ ভূঞা, হৰিদাস ডেকা, ড০ হীৰেন গোঁহাই, গংগাপদ চৌধুৰী, নোমল বৰা, কেশৱ মহন্ত, ত্রিপদ নাথ চক্রবর্তী (গণ সংস্কৃতি বিকাশ সমিতিৰ কার্যবিৱৰণী বহী)।
“গণ সংস্কৃতি বিকাশ সমিতি”-ৰ ১৯৮০ চনৰ ১৯ জুলাই তাৰিখে বহা প্রথম সভাতে “আজিৰ বাতৰি” নামেৰে দৈনিক বাতৰি কাকত এখন প্রকাশ কৰা সম্পর্কে আলোচনা আৰু সিদ্ধান্ত হৈছিল। বাতৰি কাকত প্রকাশৰ বিষয়টো ইমানে গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছিল যে ধনৰ অভাৱত ৬ শতাংশ সুদ হাৰত ঋণ লৈ হ’লেও এখন বাতৰি কাকত প্রকাশ কৰিবলৈ সিদ্ধান্ত লোৱা লৈছিল।
সেই সময়চোৱা আছিল বাঁওপন্থী ব্যক্তি আৰু অনুষ্ঠানৰ বাবে ভয়ানক প্রত্যাহ্বানেৰে ভৰা। ইতিমধ্যে অসম আন্দোলনক বিৰোধীতা কৰাৰ অপৰাধত আন্দোলনটোক সামান্যতম সমালোচনা কৰা ব্যক্তিয়েও আন্দোলনকাৰী পক্ষৰ ৰোষত পৰি সংশয়ৰে জীৱন অতিবাহিত কৰিব লগা হৈছিল। ৰাজ্যখনৰ বিভিন্ন প্রান্তত তেওঁলোকৰ ওপৰত নানা তৰহৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক আক্রমণ সংগঠিত হৈছিল। সবাতকৈ ডাঙৰ কথা আছিল আন্দোলনকাৰী পক্ষৰ ওচৰত সংবাদ মাধ্যমৰ নিৰ্লজ্জ আত্মসমর্পন। ফলস্বৰূপে আন্দোলনটো সম্পর্কে সামান্য এটা বাতৰি প্ৰকাশ কৰিবলৈও গণতান্ত্রিক বাঁওপন্থী শক্তিসমূহে হাবাথুৰি খাব লগা হৈছিল। সেয়ে নিজৰ মতামত ৰাইজৰ আগত তুলি ধৰিবলৈ নিজা এখন বাতৰি কাকত প্রকাশ কৰাৰ বাহিৰে তেওঁলোকৰ সন্মুখত অন্য বিকল্প খোলা নাছিল। অৱশ্যে ড° হীৰেন গোহাঁইয়ে ইতিমধ্যে নিজৰ গাঁঠিৰ ধন ভাঙি নানা প্রতিকুলতাকো নেওচি প্রায় একক প্রচেষ্টাৰে “কলাখাৰ” নামৰ এখন ক্ষুদ্র বাতৰি কাকত প্রকাশ কৰি চলিত আন্দোলনটোৰ মাজেৰে সংঘটিত বহু অমানৱীয় কাণ্ড-কাৰখানাৰ বিৰুদ্ধে মাত মাতিছিল, যাৰ বাবে তেওঁ দিন-দুপৰতে গুৱাহাটীৰ মাজ-মজিয়াত আন্দোলনকাৰীৰ দ্বাৰা শাৰীৰিকভাৱে আক্রান্ত হ’ব লগা হৈছিল। ড° হীৰেন গোহাঁইৰ এনে অকুতোভয় অৱস্থানে নিশ্চয় “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ উদ্যোক্তাসকলক প্ৰেৰণা দিছিল। এনে প্রেক্ষাপটতে ১৯৮০ চনৰ ২০ অক্টোৱৰ তাৰিখৰ “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ সভাত দৈনিক বা সাপ্তাহিক বা পষেকীয়া বাতৰি কাকত এখন প্ৰকাশৰ জৰুৰী সিদ্ধান্ত লোৱা হয়। এইদৰে বাতৰি কাকত এখন প্রকাশৰ যো-জা কৰিবলৈ এখন উপ-সমিতি এইসকল সদস্যৰে গঠন কৰা হয় (গণ সংস্কৃতি বিকাশ সমিতিৰ কার্যবিবৰণী বহী):-
- সভাপতি – উমা শর্মা
- উপ-সভাপতি – সুচেন্দ্র নাথ ভূঞা
- সম্পাদক – গনেশ দাস
- সহসম্পাদক – ৰবীন্দ্ৰ কুমাৰ দেহৰ আৰু দেবেন তামুলী
- কোষাধ্যক্ষ – মুকুট ভট্টাচার্য
- সদস্য – হৰিদাস ডেকা আৰু অনিল ৰায়চৌধুৰী
১৯৮০ চনৰ ডিচেম্বৰত অনুষ্ঠিত দেশৰ সাধাৰণ নির্বাচন আৰু তৎদ্ভোৱ অসমৰ অগ্নিময় সামাজিক-ৰাজনৈতিক পৰিস্থিতিয়ে অসমৰ বাঁওপন্থী শক্তিসমূহক ছেদেলি-ভেদেলি কৰি দিয়ে। তেনে পৰিস্থিতিত “গণ সংস্কৃতি বিকাশ সমিতি”-এ ২০ অক্টোৱত দৈনিক বা সাপ্তাহিক বা পষেকীয়া বাতৰি কাকত প্রকাশ কৰিবলৈ লোৱা সিদ্ধান্ত কার্যকৰী কৰিবলৈ সক্ষম নহ’ল।
১৯৮১ চনৰ ১৩ চেপ্তেম্বৰ তাৰিখৰ “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ সভাই দৈনিক বা পষেকীয়াৰ সলনি এখন সাপ্তাহিক অসমীয়া কাকত প্রকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই মৰ্মে ড° হীৰেন গোঁহাই, উমা শর্মা, গণেশ দাস আৰু তাৰক গোস্বামীক লৈ এখন সম্পাদনা উপ-সমিতি গঠন কৰা হয়। এই সম্পাদনা উপ-সমিতিক প্রস্তাৱিত সাপ্তাহিক অসমীয়া কাকতখনৰ নাম, আকাৰ, প্ৰেছ আদি যাৱতীয় দিশ সামৰি এক প্রতিবেদন প্রস্তুত কৰি তাক পৰৱৰ্তী সভাত দাখিল কৰিবলৈ কোৱা হয়। সম্পাদনা উপ-সমিতিৰ প্রতিবেদন মর্মে সাপ্তাহিকখনৰ নাম “সাপ্তাহিক জনজীৱন” ৰখা হয় আৰু ১৯৮২ চনৰ জানুৱাৰী মাহৰ পহিলা সপ্তাহৰ পৰা প্রতি শুক্রবাৰে ক্রাউন আকাৰৰ ৬০ পইচা মূল্যৰ “সাপ্তাহিক জনজীৱন” প্ৰকাশ কৰাৰ সিদ্ধান্ত কৰা হয়। লগতে এখন পূর্ণাংগ পৰ্যায়ৰ সম্পাদনা সমিতিও তলত দিয়া সদস্যসকলেৰে গঠন কৰা হয়:-
- গণ সংস্কৃতি বিকাশ সমিতিৰ – সভাপতি
- গণ সংস্কৃতি বিকাশ সমিতিৰ – সম্পাদক
- ড° হীৰেন গোহাঁই, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, তাৰক চন্দ্র গোস্বামী, ড° শিৱনাথ বর্মন, ড° ফনী গগৈ আৰু দেবেন তামুলী (“গণ সংস্কৃতি বিকাশ সমিতি”-ৰ কার্যবিৱৰণী বহী)।
মন কৰিবলগীয়া যে প্রস্তাৱিত “সাপ্তাহিক জনজীৱন”-ৰ সম্পাদকৰ দায়িত্বৰ বাবে প্রথিতযশা সাংবাদিক সাহিত্যিক হোমেন বৰগোহাঞিক অনুৰোধ জনোৱা হৈছিল। কিন্তু তেওঁ অপৰাগতা প্রকাশ কৰাত পিছলৈ তেওঁক সম্পাদনা সমিতিৰ লগত জড়িত কৰাৰ সিদ্ধান্ত কৰা হয়। হোমেন বৰগোহাঞিয়ে সম্পাদনা সমিতিতো থাকিবলৈ অস্বীকাৰ কৰে। সেয়ে সম্পাদকৰ পদবীৰ সলনি কাৰ্যবাহী সম্পাদকৰ পদবীৰ সৃষ্টি কৰা হয় আৰু ১৯৮২ চনৰ ১ জানুৱাৰী তাৰিখৰ পৰা বিদূষী সাহিত্যিক সাংবাদিক নিৰুপমা বৰগোহাঞিক মাহিলী ৫০০ টকা মাননিৰে কাৰ্যবাহী সম্পাদক হিচাবে নিযুক্তি দিয়া হয়। নিৰুপমা বৰগোহাঞিৰ সম্পাদনাতে “সাপ্তাহিক জনজীৱন”-এ প্রথম পোহৰৰ মুখ দেখে ১৯৮২ চনৰ ৮ জানুৱাৰী তাৰিখ শুকুৰবাৰে।
“গণ সংস্কৃতি বিকাশ সমিতি”-ৰ জন্ম বা “সাপ্তাহিক জনজীৱন”-ৰ জীৱন বৃত্তান্তৰ আদিপর্বৰ এই কথাখিনি পাঠকৰ সন্মুখত এই কাৰণেই তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে যাতে পাঠকে অবগত হয় যে কি এক জটিল অগ্নিময় প্রতিকুল পৰিৱেশত এক বিশেষ উদ্দেশ্যৰে “সাপ্তাহিক জনজীৱন”-এ জন্ম লাভ কৰিছিল। অসম আন্দোলনত সংবাদ পত্ৰৰ ভূমিকাৰ আলোচনা কালত এনেবোৰ দিশৰ যথাযথ মূল্যায়ন উলাই কৰিব পৰা বিধৰ নহয়। “সাপ্তাহিক জনজীৱন” কোনো ব্যক্তিগত মালিকাধীন নাছিল; কিম্বা কোনো ব্যৱসায়িক উদ্দেশ্যৰে প্ৰকাশিত হোৱা নাছিল। “গণ সংস্কৃতি বিকাশ সমিতি” নামৰ সাহিত্যিক-সাংস্কৃতিক অনুষ্ঠানটো আছিল তাৰ গৰাকী। ৰাইজৰ দান-বৰঙণি, বেংকৰ ধাৰ-ঋণ, এচাম গণতন্ত্রপ্রেমী বুদ্ধিজীৱিৰ উদ্যোগ আৰু পাঠকৰ সদ্দিচ্ছা আছিল তাৰ মূলধন। মাথো দহ হেজাৰ টকাৰ সম্বল লৈ এখন সাপ্তাহিক কাকত প্রকাশৰ মৰসাহ কৰিছিল “গণ সংস্কৃতি বিকাশ সমিতি”-ৰ কর্মকর্তাসকলে। সেই দহ হেজাৰ টকাৰো সৰহখিনি সংগৃহীত হৈছিল নিজা দানবৰঙণিৰ মাজেৰে। নিৰুপমা বৰগোহাঞি, ড° হীৰেন গোহাঁইৰ দৰে যশস্বী সাংবাদিক-সাহিত্যিক শ্বিলং, হোজাই, লংকা আদিলৈ গৈছিল “সাপ্তাহিক জনজীৱন”-ৰ বাবে পুঁজি সংগ্রহার্থে। জন্মৰ পৰা মৃত্যুলৈকে “সাপ্তাহিক জনজীৱন” কাকতৰ লগত জড়িত কোনো ব্যক্তিক, সম্পাদনা সমিতিৰ সদস্য আদিক কর্মচাৰী হিচাবে গণ্য কৰা নহৈছিল। সম্পাদনা সমিতিও আছিল অবৈতনিক। এনেকি মুখ্য সম্পাদক/সম্পাদিকা বা কার্যবাহী সম্পাদক বিদূষী সাংবাদিক-সাহিত্যিক নিৰুপমা বৰগোহাঞিক মাহিলী নগণ্য পাঁচশ টকা দৰ্মহা নহয়, মাননি হিচাপেহে দিয়া হৈছিল। মাথো পাঁচশ টকা মাননিৰে অখ্যাত তাকো সোঁতৰ বিপৰীতে থিয় দিয়া এখন সদ্য জন্মপ্রাপ্ত সাপ্তাহিকৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্বভাৰ লোৱা কথাটোৱে নিৰুপমা বৰগোহাঞি “গণ সংস্কৃতি বিকাশ সমিতি” বা “সাপ্তাহিক জনজীৱন”-এ গ্ৰহণ কৰা জীৱনবোধৰ প্রতি কিমান শ্রদ্ধাশীলা আছিল সেই কথাৰ উমান দিয়ে।
১৯৮২ চনৰ জানুৱাৰী মাহত প্রকাশিত প্রস্তাৱনা সংখ্যাৰ পৰা মৃত্যুলৈকে “সাপ্তাহিক জনজীৱনে” সমসাময়িক অসমৰ ৰাজনৈতিক, সামাজিক সাংস্কৃতিক জীৱনৰ গুৰুত্বপূৰ্ণ খবৰ কঢ়িওৱাৰ উপৰিও অসম আন্দোলন তথা তৎদ্বোভৱ পৰিস্থিতি সম্পর্কে কিছুমান অতি তাৎপর্যপূর্ণ লেখা প্রকাশ কৰিছিল। “নতুন সাহিত্য পৰিষদ”-এ প্রকাশ কৰা আৰু কবি সমীন্দ্র হুজুৰীয়ে সম্পাদনা কৰা “সংহতিৰ বেদীত” পুথিত তদানীন্তন “সাপ্তাহিক জনজীৱন”-ৰ পাতত প্রকাশিত কেবাটাও তাৎপৰ্যপূর্ণ লেখা আৰু সম্পাদকীয় পুনৰ মুদ্রিত হৈছে [সমীন্দ্র হুজুৰী (সম্পা) : সংহতিৰ বেদীত, নতুন সাহিত্য পৰিষদ, গুৱাহাটী]।
লেখকক ধন্যবাদ । অসম আন্দোলনৰ সেই ক’লা অধ্যায়ৰ সময়ত আশাৰ কিৰণ দেখুওৱা প্ৰগতিশীল কাকত-আলোচনীৰ জন্মৰ আঁৰৰ উদ্দেশ্য, ইতিহাস সম্পৰ্কে আলোচনা কৰা প্ৰয়োজনীয় । বহুতো নজনা কথা শিকিলোঁ ।