শিল্প-কলা-সংস্কৃতি

শিল্পৰ ইতিহাস জনগণৰ ইতিহাস— শান্তনু কোঁৱৰ

“Art is not what you see, but what you make others see. ” __ Edgar Degas

শিল্পকলা এক সাদৰ পৰিৱেশন, ৰং ৰূপ ৰেখাৰ এক বৰ্ণিল পৰিৱেশন, বহুসময়ত শিল্পীৰ তেজেৰে লুতুৰি-পুতুৰি এটা নিটোল কবিতা— যাক আন্তৰিকতাৰে তুলি ধৰা হৈছে দৰ্শকৰ বাবে। বহু শিল্পীয়ে মত পোষণ কৰে যে শিল্প মাথোঁ তেওঁৰ একান্ত সৃষ্টি নহয়, তেওঁৰ মাজেৰে প্ৰৱাহিত যুগ প্ৰৱাহৰ দ্বন্দ। সেইবাবে শিল্পীয়ে নিজৰ সৃষ্টিক একচেটিয়া সম্পত্তি কৰিব খোজা বন্ধ্যা অনুভৱৰ বিপৰীতে শিল্প— সমূহৰ বাবে সমূহৰ উপলব্ধি, ক’ব পাৰি ই এক সচেতন পৰিৱেশন য’ত ব্যক্তিগত ধাৰণাৰ উৰ্দ্ধত সামূহিকতাই স্থান পায়। এই প্ৰসংগতে People’s Art (জনগণৰ শিল্প)-ৰ ধাৰণাটো বেছ প্ৰাসংগিক হৈ উঠে। চিত্ৰশিল্পী Frida Kahloৰ সেই বিখ্যাত উক্তি “I never paint dreams or nightmares. I paint my own reality.” বাস্তৱৰ জীয়া ছবি— শিল্প তাৰ আধাৰ।
ইতিমধ্যে আলোচ্য শিল্পকলা সম্বন্ধীয় আলোচনাই আমালৈ এই প্ৰশ্নটোও কঢ়িয়াই আনিব পাৰে যে ‘শিল্পকলা’ জনগণৰ মাজেৰে অহা এক অভিধা, তাৰ কেন্দ্ৰবিন্দু সমাজ — জনগণ, তেন্তে পুনৰ “জনগণৰ শিল্প” ধাৰণাটোৰ প্ৰাসংগিকতা ক’ত? এই প্ৰশ্নটোৰ আঁত ধৰিলে, শিল্প ইতিহাস আৰু তাৰ বিকাশ তথা ঐতিহ্যৰ প্ৰতি অলপ লক্ষ্য কৰিব লাগিব। উদাহৰণস্বৰূপে— সমাজত সুকুমাৰ কলা আৰু কাৰুকলাৰ বিকাশৰ গতি লক্ষ্য কৰিলে আমাৰ এই ধাৰণাটো স্পষ্ট হ’ব। অতীতত এই দুই কলাৰ বিশেষ পাৰ্থক্য নাছিল। কিন্তু সমাজৰ বিত্তবানসকলৰ দৃষ্টিত ক্ৰমান্বয়ে দক্ষ কাৰিকৰসকলে অধিক প্ৰাধান্য পালে। তেওঁলোকে বিত্তবানসকলৰ পৰা বেছি সুযোগ-সুবিধা আদায় কৰিলে, আনহাতে বাকী কাৰুশিল্পীসকলে জনজীৱনৰ সাংস্কৃতিক আৰু প্ৰাত্যহিক চাহিদা পূৰণৰ মাজেৰেই সমাজত তেওঁলোকৰ অস্তিত্ব বজাই ৰাখিল। এই শ্ৰেণী ব্যৱধান বাৰুকৈ স্পষ্ট হৈ পৰিলত, শিল্পকলা ৰজাঘৰীয়া তুষ্টি, পক্ষপাতগ্ৰস্ত আৰু সম্ভ্ৰান্ত শ্ৰেণীৰ বিলাস সামগ্ৰীলৈ পৰ্যবসিত হ’ল। ইয়াৰ সমান্তৰালভাৱে বৰ্তমান সময়তো সামাজিক দায়ৱদ্ধতাৰ প্ৰশ্নত গৰিষ্ঠসংখ্যক শিল্পী নিমাত, অজ্ঞাত নতুবা পক্ষপাতগ্ৰস্ত। সেই অৰ্থতে People’s Art এক অৰ্থত প্ৰজাঘৰীয়া জনসাধাৰণৰ সুখ-দুখ, মৰ্মবেদনা প্ৰতিফলন ঘটাব পৰা সাৰ্থক সৃষ্টি। জনসাধাৰণৰ সুখ-দুখৰ অংশীদাৰ হোৱা নমস্য ব্যক্তিসকলৰ শিল্পকৰ্মই যুগে যুগে সমাজক বাট দেখুৱাই আহিছে। বিশ্বযুদ্ধৰ বিভীষিকাৰে পাবলো পিকাছোৰ ‘গুৱেৰ্নিকা’ক কোনে পাহৰিব পাৰে?

প্ৰতিবাদী শিল্পৰ ঐতিহ্য বুলি কওঁতে ই শোষিত মানুহৰ প্ৰতিবাদৰেই ইতিহাস। ই অংগাংগীভাৱে শোষিত মানুহৰ পক্ষত শিল্পীৰ অৱস্থান নিৰ্ণীত কৰে। ইউৰোপৰ ৰেনেছাঁৰ সময়ত ধৰ্মৰ আৱেষ্টনীত থাকিও আগবঢ়োৱা শিল্পীৰ প্ৰতিবাদক ভিত্তি হিচাপে ঊনৈশ শতিকাৰ ইউৰোপ প্ৰমুখ্যে অন্যান্য ঠাইত প্ৰতিবাদী শিল্পধাৰাৰ বিকাশ পৰিলক্ষিত হয়। তাৰ ভিতৰত অগ্ৰণী চেজান, গইয়া উল্লেখযোগ্য। “With an apple I will astonish Paris.” _ Paul Cezanne. চেজানৰ আপেলে পেৰিছক আশ্বৰ্যচকিত কৰিলেনে নাই তাতোকৈও মন কৰিবলগীয়া কথাটো এয়ে যে – পৰম্পৰাগত শৈলী ভাঙি নতুন দৃষ্টিৰে বিশ্ব সন্ধানৰ আলোকপাতে জনগণক নতুন বাট দেখুৱালে। কুৰি শতিকাৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ হিচাপে জনগণৰ পৰিচিত আৰু চৰ্চিত শিল্পীজনেই হৈছে- পিকাচো। ছবিৰ নান্দনিকতা আৰু উপলব্ধিৰ বিষয়ে কৈ যোৱা তেওঁৰ কথাবোৰ ৰসাগ্ৰাহী দৰ্শকৰ আহিলা স্বৰূপ। ” Everyone wants to understand art. Why not try to understand the song of a bird? Why does one love the night, flowers, everything around one, without trying to understand them? But in the case of a painting people have to understand. If only they would realise above all that an artist works of necessity that he himself is only a trifling bit of the world and that no more importance should be attached to him than to plenty of other things which please us in the world, though we can’t explain them. People who try to explain pictures are usually barking up the wrong tree .”_Pablo Picasso. নিজৰ প্ৰদৰ্শনীৰ জৰিয়তে সংগ্ৰহীত ধনৰাশি স্পেনিছ চিভিল ৱাৰ (Spanish civil war)ৰ নিপীড়িত শৰণাৰ্থীলৈ আগবঢ়ায় এজন প্ৰকৃত শিল্পীৰ দায়ৱদ্ধতা এইজনা শিল্পীয়ে প্ৰমাণ কৰি দেখুৱালে।
শিল্প চৰ্চাত সমাজতান্ত্ৰিক ভাৱধাৰাৰ ৰেশ দেখা পোৱা গৈছিল এক সুকীয়া ধাৰাত। ছোভিয়েট ৰাছিয়া, পূৱ  ইউৰোপ, চীন, কোৰিয়া, ভিয়েটনাম ইত্যাদি সমাজতান্ত্ৰিক দেশবোৰত ইউৰোপ তথা অন্যান্য দেশৰ তুলনাত মৌলিক পাৰ্থক্য থকা শিল্প সাধনাৰ চৰ্চা হৈছিল। তেওঁলোকৰ সাম্ৰাজ্যবাদ তথা পুঁজিবাদ বিৰোধী সংগ্ৰামে বিশ্বজোৰা অশুভ শক্তিৰ বিৰুদ্ধে আপোচহীন সংগ্ৰাম চলাই গৈছিল। বিশেষকৈ মে’ক্সিকোৰ বিপ্লৱী ভিত্তিচিত্ৰ (Murals) সমূহে জনগণক উদ্বুদ্ধ কৰি শাসক শ্ৰেণীৰ বুকু কপাইছিল।

: কিছু ডুখৰীয়া চিন্তা আৰু সংযোজন:

ক) মুষ্টিৱদ্ধ হাত এখন আঁকিলেই, প্ৰতিবাদ নুবুজায়, সি তাৰ অন্তৰালৰ শিল্পীজনৰ দীৰ্ঘদিনীয়া সামাজিক স্থিতিক প্ৰশ্ন তোলে।

খ) শিল্পীসকলে নিজৰ সৃষ্টিক কেনেদৰে ৰাইজৰ বোধগম্য কৰি তুলিব তথা দৃষ্টি আকৰ্ষণ কৰিব, সেই দিশ বিচাৰ নকৰিলে তেওঁৰ সৃষ্টিবোৰ ফুলদানী সদৃশ হ’ব। তেওঁৰ সৃষ্টি মুষ্টিমেয় এচামৰ সন্মুখত চাহাবী কায়দালৈ পৰ্যৱসিত হ’ব আৰু নিজকে শিল্পী জাহিৰ কৰি আত্মসন্তুষ্টিত ভূগি থাকিব।

গ) অসমত বৰ্তমান অবিকল প্ৰতিকৃতি অংকনৰ ধুম উঠিছে । এটা সময়লৈ ক্ৰমাগত শিল্প সাধনাৰ কৌশল সাপেক্ষে বাস্তৱৰ হুবহু অংকনৰ প্ৰয়োজন আছে, কিন্তু ছবি এখন ফটোগ্ৰাফ নহয়, তাৰ নান্দনিক মূল্য আছে।

ঘ) অসমৰ গৰিষ্ঠসংখ্যক Art schoolয়ে কাৰিকৰী দক্ষতাৰ প্ৰশিক্ষণ স্থলী হিচাপে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে কিন্তু ছবিৰ মননৰ দিশটো সমানে গুৰুত্ব পোৱা উচিত।

শিল্প কলা সম্বন্ধীয় এই দুই খণ্ডৰ আলোচনা কেতিয়াও প্ৰশ্নাতীত নহয় । সংযোজন বিয়োজনৰ কথাও থাকিব । আংশিক লেখাটো ইয়াতে সামৰিছো।

Leave a Reply

Your email address will not be published. Required fields are marked *