সাহিত্য, ৰাজনীতি ইত্যাদি (ভবেশ নাথ)
সাহিত্যক সমাজৰ দাপোণ বুলি কোৱা হয়। আকৌ ব্যক্তিৰ সমষ্টিয়েই হৈছে সমাজ। গতিকে এই দৃষ্টিকোণৰ পৰা চালে সাহিত্য হৈছে ব্যক্তিৰ আশা-আকাংক্ষা, ভাল-বেয়া, পোৱা-নোপোৱা, দুখ-বেদনা এই সকলোবোৰ আলংকৰিকভাৱে কলাসুলভতাৰে লিখনিৰ মাজেৰে প্ৰকাশ কৰা এক মাধ্যম। ব্যক্তিৰ এনেবোৰ দিশ সাহিত্যৰ মাজেৰে প্ৰতিফলিত কৰিবলৈ যাওতে, পাঠকক আকৰ্ষিত কৰাৰ বাবেই হওক বা নিজৰ সাহিত্যিক মান উন্নত কৰিবৰ বাবেই হওক; সাহিত্যিকে ৰসৰ আশ্ৰয় লয় বা ৰস সৃষ্টি কৰে। কিন্তু প্ৰশ্নটো তাতেই! ‘ৰস’ সৃষ্টি কৰিবলৈ যাওতে সেই ‘ৰস’-ক সাহিত্যিকে কিমান পৰিমাণে সমাজ-সচেতনতাৰ কামত প্ৰয়োগ কৰিব পাৰিছে, সেইটোহে আচল কথা। সেইবাবেই সাহিত্যৰ ‘ৰস’ক আমি দুইধৰণে শ্ৰেণীবিভাজন কৰিব পাৰোঁ। এবিধ হৈছে সামাজিক সচেতনতা সৃষ্টিকাৰী ৰস আৰু আনবিধ হৈছে কেৱল আনন্দ সৃষ্টিকাৰী ৰস। সচেতন সামাজিক দায়বদ্ধতা থকা সাহিত্যিকসকলৰ ৰচনাত সাধাৰণতে প্ৰথমবিধ ৰসৰ সমাৱেশ ঘটা দেখা যায়। আনহাতে দ্বিতীয়বিধ ৰস সৃষ্টিকাৰী সাহিত্যিকসকল ইয়াৰ বিপৰীত। অসমীয়া সাহিত্যত আমি এনে কিছুমান সাহিত্যিক পাইছোঁ যিসকলৰ সাহিত্য ৰচনা কেৱল যৌনৰস সৃষ্টিতে আবদ্ধ। এনে কিছুমান সাহিত্যিকো পাইছোঁ, যিসকলে সমাজ-জীৱনৰ বাস্তৱতাক আওকাণ কৰি পাঠকসকলক কোনোবা কল্পনাৰ ৰাজ্যত ব্যস্ত কৰি ৰাখে। এনে শ্ৰেণীৰ সাহিত্যিকসকল দ্বিতীয়বিধ ৰস সৃষ্টিকাৰী সাহিত্যৰ অন্তৰ্গত। এনেকুৱা সাহিত্যই সমাজৰ কি পৰিৱৰ্তন আনিব বা পাঠকৰ সামাজিক চেতনাক কেনেকৈ জাগ্ৰত কৰিব? সাহিত্য যদি সঁচা অৰ্থত সমাজৰ দাপোণ হ’ব লাগে তেনেহলে সেই সাহিত্যৰ সামাজিক দায়বদ্ধতাও থাকিব আৰু সামাজিক দায়বদ্ধতা বা সামাজিক চেতনা উদ্ৰেকাৰী ৰস সৃষ্টি হ’ব লাগিব সেই সাহিত্যৰ প্ৰধান উদ্দেশ্য। কেৱল মাত্ৰ আনন্দদায়ক ‘ৰস’ সৃষ্টিয়েই সাহিত্যৰ মূল উদ্দেশ্য হ’ব নোৱাৰে। সমাজখনত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ অভাৱ অভিযোগ, সমস্যাৰাজিক সাহিত্যই ৰসৰ মাজেৰে প্ৰতিফলিত কৰিব পাৰিব লাগিব। বিপৰীতে ব্যক্তিৰ সমাজখনৰ প্ৰতি থকা দায়বদ্ধতাক বা সামাজিক সচেতনতাক সাহিত্যই ৰসৰ মাজেৰে জাগ্ৰত কৰিব পাৰিব লাগিব।
আনহাতে সাহিত্যই উল্লেখ কৰাৰ দৰে দৃষ্টিভংগী সন্মুখত ৰাখি আগুৱাব লাগিলে, সাহিত্যৰ সৈতে জড়িত হৈ পৰে ‘ৰাজনীতি’ৰ প্ৰসংগ। কাৰণ মানুহৰ সামগ্ৰিক বিকাশৰ মূল পথটো নিৰ্ধাৰণ কৰে ৰাজনীতিয়েহে। গল্প, কবিতা, উপন্যাসৰ মাজেৰে আমি মানুহৰ সমস্যাৰাজি উপস্থাপন কৰি তাৰ হয়তো সমাধানৰ নিৰ্দেশনাও আমি ঠিকেই দিব পাৰিম, কিন্তু তাৰ বাস্তৱ কাৰ্যকাৰিতা নিৰ্ধাৰণ কৰিব ৰাজনীতিয়েহে। কিন্তু বহুক্ষেত্ৰত দেখা যায়, সাহিত্যিকসকলে তেওঁলোকৰ সৃষ্টিৰাজিৰ ক্ষেত্ৰত ৰাজনৈতিক দৃষ্টিভংগীক সততে আওকাণ কৰে। অৰ্থাৎ সাহিত্যক ৰাজনীতিৰ পৰা পৃথক দৃষ্টিভংগীৰে তেওঁলোকে চাব খোজে। বাস্তৱত এই শ্ৰেণীৰ সাহিত্যিকৰ অভাৱ নাই। বেছিভাগ সাহিত্যিকৰেই মূল প্ৰৱণতা এইটোৱেই। অসমৰ ক্ষেত্ৰত সাহিত্যক ৰাজনীতিৰ পৰা দূৰৈত অৱস্থান কৰোৱাবলৈ বিচৰা প্ৰতিষ্ঠিত সাহিত্যিকৰ নাম যদি বিচৰা হয়, নিশ্চয় হয়তো এই তালিকাত বহুজন সাহিত্যিকৰ নাম অন্তৰ্ভুক্ত হ’ব। আনহাতে নতুন প্ৰজন্মৰ সাহিত্য-চৰ্চা কৰাসকলৰ কথাতো ক’বই নালাগে। নিৰ্দিষ্ট কেইজনমানক বাদ দি বেছিভাগেই সেই পথৰেই পথিক। কিন্তু প্ৰশ্নটো আহে তাতেই, যেতিয়া সোধা হয় সাহিত্যিকৰ সাহিত্য কৰ্মৰ পটভূমি কি? সেই পটভূমিৰ মূল চৰিত্ৰ কি? কোনবোৰ উপাদানক কেন্দ্ৰ কৰি সাহিত্যিকে সাহিত্য ৰচনা কৰে? এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ যদি বিচৰা হয় তেনেহলে এই উত্তৰবোৰৰ সৈতে অংগাংগীভাৱে জড়িত হৈ পৰিব সমাজ আৰু সেই সমাজ সৃষ্টি কৰা মানুহ আৰু তাৰ সৈতে জড়িত আৰ্থ-সামাজিক-ৰাজনীতি। পদপথত শুই থকা ‘অনাথ শিশু’টিক কেন্দ্ৰ কৰি লিখা কবিতাটো বা গল্পটো সাহিত্যিকৰ সাহিত্যিক কৰ্মৰ পটভূমি এইকাৰণেই হ’ব পাৰে কাৰণ সেই পদপথৰ ‘অনাথ শিশু’ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো সমাজৰ আৰ্থ-সামাজিক ৰাজনীতিৰ প্ৰতিফলন। একেদৰে কোনোবা সাহিত্যিকে কাৰখানাৰ ‘শ্ৰমিক’ এজনক মূল বিষয় হিচাপে লৈ লিখা উপন্যাসখন সম্ভৱ হৈছে কাৰাখানাৰ শ্ৰমিক সৃষ্টি হোৱা আৰ্থ-সামাজিক ব্যৱস্থাটো থকাৰ বাবে। এনেদৰে যদি চোৱা যায় সাহিত্যিকে য’ৰ পৰা তেওঁৰ সাহিত্যিক কৰ্মৰ পটভূমি তৈয়াৰ কৰিছে, সেই পটভূমি কোনোবা অন্য গ্ৰহৰ পৰা এনেই সৰি পৰা বস্তু নহয়, সেয়া সৃষ্টি হৈছে সমাজৰ আৰ্থ-সামাজিক ৰাজনীতিৰ পৰাই। এই প্ৰসংগত ডক্তৰ হীৰেন গোঁহাইদেৱে তেওঁৰ “প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ” নামৰ গ্ৰন্থখনত সাহিত্য আৰু ৰাজনীতি সম্পৰ্কত কেতবোৰ বৰ চিন্তা উদ্ৰেককাৰী বক্তব্য লিপিবদ্ধ কৰিছে। তেওঁ কৈছে “কোনো কোনো সাহিত্যৰসিক বা সমালোচকে এনে এক মত ব্যক্ত কৰে যেন ৰাজনীতি আৰু সাহিত্য দুই বিপৰীত মেৰুত অৱস্থিত, যেন ৰাজনীতিয়ে সাহিত্যক অপৱিত্ৰ অথবা পথচ্যুত কৰে। কেৱল এয়েই নহয়, সাহিত্যক ৰাজনীতিৰ পৰা সাত হাত দূৰৈত থাকিবলৈকো বিধান দিয়ে। কিন্তু যি সাহিত্যিকে ৰাজনীতিৰ মাজত তেওঁৰ প্ৰিয় বিষয়বস্তু বিচাৰি পায়, তাক এক বিশ্বজনীন মানৱীয় আৱেদনেৰে অভিষিক্ত কৰে, তেওঁৰ বাবে এনে বিধান হ’ব মৃত্যুদণ্ড।” এই বক্তব্যখিনিৰ শেষৰ বাক্যটো বৰ তাৎপৰ্যপূৰ্ণ—“…….যি সাহিত্যিকে ৰাজনীতিৰ মাজত তেওঁৰ প্ৰিয় বিষয়বস্তু বিচাৰি পায়, তাক এক বিশ্বজনীন মানৱীয় আৱেদনেৰে অভিষিক্ত কৰে….” অৰ্থাৎ ওপৰত কোৱাৰ দৰে ৰাজনীতিয়ে নিৰ্ধাৰণ কৰা ব্যৱস্থাটোৰ পৰা উদ্ভূত সামাজিক উপাদানবোৰক লৈ সাহিত্যিকে যি সাহিত্য সৃষ্টি কৰি তাৰ মাজেৰে বিশ্বজনীন মানৱীয় আৱেদন পাঠক সমাজক দিব বিচাৰে; সেই ৰাজনীতি সাহিত্যৰ পৰা পৃথক কেনেকৈ হ’ব! মূল সমস্যাটো এইটোৱেই। যিসকল সাহিত্যিকে (আপাতদৃষ্টিত এইচাম সাহিত্যিকৰ সংখ্যাই বেছি) ৰাজনীতিক সাহিত্যৰ পৰা পৃথক দৃষ্টিভংগীৰে পৰিচালিত কৰি সাহিত্য সৃষ্টি কৰিব খুজি সাহিত্যক ৰাজনীতিৰ পৰা পৃথক কৰি ৰাখিব খোজে, তেওঁলোকে আচলতে ৰাজনীতি উদ্ভূত ব্যৱস্থাটোক সুৰক্ষাৰ কৱচ হে পিন্ধাব খোজে, পৰিৱৰ্তন নিবিচাৰে। কথাটো এনেকুৱাধৰণৰ— শিল, বালি, কাঠ আদি উপাদান ব্যৱহাৰ কৰি সকলোৰে দৃষ্টিত মনোমোহা হোৱাকৈ আটোমটোকাৰীকৈ আপুনি ঘৰটো তৈয়াৰ কৰি উঠি ক’লে যে শিল, বালি, কাঠ প্ৰকৃতিৰ সৈতে জড়িত নহয়। অথচ শিল, বালি, কাঠ প্ৰকৃতি উদ্ভূত উপাদান। উদাহৰণস্বৰূপে অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’ শীৰ্ষক উপন্যাসখনৰ কথাই আলোচনালৈ আনিব পাৰি। উপন্যাসখন মূলত প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণক কেন্দ্ৰ কৰি লিখা। বনাঞ্চল ধ্বংস, বনাঞ্চলৰ বেদখল এই প্ৰসংগবোৰে তাত ঠাই পাইছে। উপন্যাসখনত বৰ্ণিত প্ৰায়বোৰ উপাদান ৰাজনীতি উদ্ভূত ব্যৱস্থাটোৰেই সৃষ্টি। পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ বিষয়টো সমাধান কৰিব লাগিলে ৰাজনৈতিকভাৱেই কৰিব লাগিব। কিন্তু পৰিৱেশৰ সুৰক্ষা আৰু সংৰক্ষণৰ দৰে ৰাজনৈতিক এটা বিষয়ক উপন্যাসখনত আওকাণ কৰা যেন বোধ হয়। উপন্যাসখনত বৰ্ণিত কাহিনীটো পঢ়ি পাঠকৰ মনত পৰিৱেশ সংৰক্ষণৰ প্ৰতি দায়বদ্ধতাৰ ভাব জাগ্ৰত হ’ব পাৰে, কিন্তু একে সময়তে ই আই এ-ৰ (EIA, Environment Assessment Act) দৰে পৰিৱেশ সম্পৰ্কীয় আইন ৰাজনীতিয়ে সৃষ্টি কৰিছে পৰিৱেশ ধ্বংসৰ স্বাৰ্থ সন্মুখত ৰাখি। সাহিত্যিকে যদি এই ৰাজনৈতিক দিশটো আওকাণ কৰি পাঠকক কেৱল উপন্যাসত বৰ্ণিত কাহিনীৰ মাজেৰেই পৰিৱেশ সুৰক্ষিত কৰাৰ পাঠ দিব বিচাৰে, তেনেহলে বাস্তৱত সেইটো সম্ভৱ হ’বনে?
বৰ্তমান সময়ৰ আমাৰ বেছিভাগ সাহিত্যিকৰে সাহিত্য সম্পৰ্কত মূলতঃ ধাৰণা এইটোৱেই যে ৰাজনীতি সাহিত্যৰ পৰা দূৰৈত। সেইবাবেই উচ্চ সাহিত্যিক গুণসম্পন্ন সাহিত্যিক কৰ্ম আমাৰ বহুত সৃষ্টি হৈছে, হৈ গৈ আছে, কিন্তু মানুহৰ অৱস্থাটোৰ একো পৰিৱৰ্তন হোৱা নাই। কাৰণ ৰাজনীতিয়ে নিৰ্ধাৰণ কৰা মানুহৰ সৈতে জড়িত ব্যৱস্থা উদ্ভূত সমস্যাবিলাকক আমাৰ সাহিত্যিকে সাহিত্যৰ দৃষ্টিভংগীৰেই পৰিচালিত কৰি আহিছে, ৰাজনৈতিক দৃষ্টিভংগীৰে নহয়। যাৰ বাবে আঘোণৰ সোণালী পথাৰত ধান দাই থকা কৃষকজন আমাৰ কবিতা, গল্প, উপন্যাসৰ চৰিত্ৰ ঠিকেই হয়; কিন্তু সেই কৃষকে নিজৰ উৎপাদিত ফচলৰ উচিত মূল্য বিচাৰি ৰাজপথত শ্লোগান দিয়া চৰিত্ৰটো ৰাজনৈতিক হোৱা বাবেই বৰ্জিত হয়। এনে প্ৰৱণতাই সাহিত্যক ভদ্ৰ সমাজৰ এক বিলাসপূৰ্ণ বৌদ্ধিক মঞ্চৰ মাজতহে সীমাবদ্ধ কৰি ৰাখিব, প্ৰকৃতাৰ্থত সাহিত্য সমাজৰ দাপোন হোৱাৰ চৰ্তটোৱে এই প্ৰক্ৰিয়াত ক’ৰবাত নহয় ক’ৰবাত ইয়াৰ সাৰ্থকতা নিশ্চয় হেৰুৱাব।