কেন্দ্ৰীয় নিবন্ধ

‘সমাজ’দ্রোহী জ্যোতিপ্রসাদ-(প্ৰসেনজিৎ চৌধুৰী)

ডিব্ৰুগড় নাট্য মন্দিৰত ১৯৪৭ চনত ‘লভিতাৰ অভিনয় চোৱাৰ পাছত জ্যোতিপ্ৰসাদে ইলাহী মিঞাৰ ভাও লোৱা অভিনেতাজনক কৈছিল যে আমাৰ সমাজৰ কু-সংস্কাৰবোৰ নাটকখনত সুন্দৰভাৱে প্রতিফলিত হৈছে। আপাতদৃষ্টিত সাধাৰণ যেন লগা এই কথাকেইষাৰৰ গুৰুত্ব দৰাচলতে গভীৰ। সাম্রাজ্যবাদবিৰোধী বক্তব্যৰ বাদেও নাটকখনত যে জ্যোতিপ্ৰসাদে অন্য কিছুমান কথা ক’বলৈ বিচাৰিছে – যিবোৰৰ লগত আমাৰ থলুৱা সমাজ-সংস্কৃতিৰ সম্পর্ক গভীৰ আৰু ঘনিষ্ঠ— সেই কথা জ্যোতিপ্ৰসাদৰ এই কথাকেইষাৰৰ পৰা পৰিষ্কাৰভাৱে বুজা যায়। লভিতাৰ পাতনিতো ইয়াৰ আভাস আছে।

ব্রিটিছ শাসন-শোষণৰ বিৰুদ্ধে সোচ্চাৰ প্রতিবাদ আৰু সু-সংগঠিত প্ৰতিৰোধৰ কথা ‘লভিতা’ত আছে। পিছে আমাৰ সমাজৰ সকলো দোষ-দুর্বলতা, অন্যায়-অবিচাৰৰ কাৰণে কেৱল বিদেশী শক্তিক দায়ী কৰাৰ দৰে স্ব-শ্রেষ্ঠত্বপন্থী অনিষ্টকৰ দৃষ্টিভংগী জ্যোতিপ্ৰসাদে গ্রহণ কৰা নাই। বিদেশী শোষণকাৰীৰ বিৰুদ্ধে থকা তীব্র ঘৃণাই তেওঁৰ আত্মবিশ্লেষণ আৰু আত্মসমালোচনাৰ ক্ষমতাক ভোটা কৰি পেলোৱা নাই। অসমীয়া স্থাপত্যৰ নৱ ৰূপত জ্যোতিপ্ৰসাদে কৈছে—

যিখিনি সাংস্কৃতিক বস্তুক আমি নতুন দিনৰ জীৱন্ত আহিলা হিচাপে নাপাওঁ সি যিমানেই আমাৰ মৰমৰ হওক লাগিলে তাক এৰিব লাগিব। … পুৰণি মানুহ বুঢ়া হৈ তাৰ প্রাণ নাইকিয়া হলে যেনেকৈ কাঠ সংস্কাৰ কৰিব লাগে তেনেকৈ পুৰণি বস্তুকো ত্যাগ কৰা বাঞ্ছনীয়।

আমাৰ সমাজ-সংস্কৃতিৰ কিছু নেতিবাচক, অলাগতিয়াল কথাৰ প্রতি অন্ধ মোহ ত্যাগ কৰিবলৈ যে জ্যোতিপ্ৰসাদ প্রস্তুত আছিল সেই কথা ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি‌। এই সমালোচনামূলক দৃষ্টিভংগী ‘লভিতা’তো বিদ্যমান‌।

লভিতাৰ জীৱনৰ উত্থান-পতন, সংঘাত-সংগ্ৰামৰ মাজেদি আমাৰ প্রথাবদ্ধ সমাজৰ কিছুমান সংস্কাৰক জ্যোতিপ্ৰসাদে যেন আওপকীয়াভাৱে বিচাৰৰ কাঠগড়াত থিয় কৰাইছে।

লভিতা সমাজচ্যুতা। ফুলগুৰিৰ কৃষক ৰমণী লভিতাক সহজভাৱে গ্রহণ কৰিব পৰা মানসিক উদাৰতা আমাৰ সমাজৰ নাই। কাৰণ লভিতাৰ ভাষাতেই —

মই হিন্দু মানুহৰ ছোৱালী। মোক এইবোৰ বঙালে-কঙালে হাতত ধৰিলে। মই তোমাৰ ঘৰত, মুছলমানৰ ঘৰত আশ্ৰয় লৈ থাকিলোঁ। বুইছা ইলাহী ককা, এতিয়া হিন্দু মানুহে মোক সিহঁতৰ ঘৰত ৰাখে কেনেকৈ? সিহঁতৰ ইহকাল পৰকাল নষ্ট যাব।

লভিতাৰ এই তীব্র ব্যাংগাত্মক ভৰ্ৎসনা যেন জ্যোতিপ্ৰসাদৰেই প্রতিবাদী কণ্ঠৰ উলংগ প্রকাশ। হিন্দু সমাজৰ অন্ধ সতীত্ব-সচেতনতাৰ কথা সর্বজনবিদিত। দেহৰ অসাৰতা তথা আত্মা-পৰমাত্মাক লৈ সদাব্যস্ত হিন্দু সমাজপতিসকলৰ বাবে নাৰীৰ দৈহিক সতীত্ব এক বহুমূলীয়া সম্পদ। মূলতঃ এইধৰণৰ ধৰ্মনৈতিক পৰম্পৰাৰ বাবেই মানৰ আক্ৰমণৰ সময়ত লভিতাৰ দৰেই বহুতো অসমীয়া গাভৰুৱে গোড়া সমাজৰ অনাদৰ-অৱজ্ঞা সহিবলগীয়া হৈছিল। দ্বিতীয় মহাযুদ্ধৰ সময়তো এই ধৰণৰ ঘটনা ঘটা বুলি জ্যোতিপ্ৰসাদে নিজে পাতনিত উল্লেখ কৰিছে। লভিতা সমাজৰ দ্বাৰা বর্জিতা, কাৰণ বি-জাতীয় পৰ-পুৰুষে তেওঁক স্পর্শ কৰিলে। নাটকত নাই যদিও এই কথা ঘটনা-গ্রন্থনৰ পৰা অনুমান কৰিব পাৰি যে ইলাহী মিঞাই নিজৰ ঘৰত ৰখাৰ আগতে— বা পাছতো— লভিতাক বোধহয় কোনো হিন্দুঘৰত ৰখাৰ কথা ভাবিছিল। কিম্বা সেই উদ্দেশ্যে চেষ্টাও চলাইছিল। কিন্তু গোড়া হিন্দু সমাজৰ পক্ষে লভিতাক গ্রহণ কৰাটো সম্ভৱ নাছিল। এই সংকট মুহূর্তত লভিতাক আশ্রয় দিলে ইলাহী মিঞাই। পিছে এই আশ্রয় দানে আৰু এক সংকটৰ সৃষ্টি কৰিলে,— মুছলমানৰ গৃহাশ্রয়ী হোৱাৰ ফলত লভিতা স্বধর্মচ্যুত হ’ল। জাত-পাতৰ অন্ধ নীতি-নিয়মেৰে ভৰা নৈষ্ঠিক হিন্দু সমাজৰ এই বিচাৰেই স্বাভাৱিক আৰু অনিবার্য। মানৱতাবাদৰ মহৎ নির্যাসখিনি আত্মস্থ কৰা আৰু স্বাধীনতা সংগ্রামত জাতি-ধর্ম নির্বিশেষে সাধাৰণ ৰাইজৰ সৈতে হাতেকামে যুঁজ কৰা জ্যোতিপ্ৰসাদৰ দৃষ্টিভংগী এই ক্ষেত্ৰত যে সমালোচনাত্মক সেই কথা নাটকখন ভালকৈ পঢ়িলে বা চালে ধৰিব পাৰি। এই সমালোচনা হয়তো সৰৱ নহয়, কিন্তু সংবেদনশীল আৰু বুদ্ধিমান পাঠক/দর্শকৰ কাৰণে তাৰ উপস্থিতি স্পষ্ট।

লভিতাক আশ্রয় দিয়াৰ পাছত ইলাহী মিঞাৰ প্রথম সংলাপটোতেই ইয়াৰ আভাস আছে—

“তই হিন্দুৰ ঘৰৰ ছোৱালী। ভাত দুটামান ৰান্ধি তোক খুৱাবৰ মোৰ এক্তিয়াৰ নাই। আমাৰ মানুহৰ সমাজৰ নিয়ম এনে। হায় আল্লা।”

উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদে ‘লভিতা’ লিখাৰ সময়ত ভাৰতৰ বহুতো ঠাইত হিন্দু-মুছলমানৰ ঐক্য ব্যাহত হৈছিল। ধাৰণা হয়, ঘটনা-প্রবাহৰ তাগিদাত কিম্বা লভিতাৰ জীৱনত নাটকীয় সংঘাত সৃষ্টি কৰিবলৈকে জ্যোতিপ্ৰসাদে ইলাহী মিঞাক কাহিনীৰ মাজলৈ অনা নাই। ইলাহীৰ আগমনৰ সৈতে দৰাচলতে সামাজিক সম্প্রীতিৰ উদ্দেশ্য সচেতনভাৱে সম্পর্কিত। সাম্প্রদায়িক অনাস্থা-অবিশ্বাসৰ বীজাণু বিয়পাই ফুৰা এন্ধাৰনিৱাসী কীট-পতংগবোৰৰ বিৰুদ্ধেই যেন ইলাহী মিঞা এক অনুচ্চাৰিত প্রতিবাদ।

‘লভিতা’ৰ পাতনিত জ্যোতিপ্ৰসাদে লিখিছে, ইয়াত অসমীয়া সাধাৰণ ডেকাডেকেৰীয়ে চৰিত্ৰত যিখিনি সবলতা দেখুৱায়, যিখিনিত দুর্বলতা আছে তাকো দেখুৱাবলৈ যত্ন কৰা হৈছে। কথাখিনি নিশ্চয় জ্যোতিপ্ৰসাদে লভিতাৰ প্রেমিক গোলাপৰ কথা মনত ৰাখিয়েই লিখিছে। গোলাপ কাপুৰুষ, দুর্বল। সংৰক্ষণশীল সমাজৰ সংখ্যাগৰিষ্ঠৰ যি বিশ্বাস তাৰ বিৰুদ্ধে মাত মতাৰ সবল সাহস তেওঁৰ নাই। ইলাহী মিঞাই “তুমিয়েই তাইক নি আশ্রয় নিদিয়া কিয়?” বুলি কওঁতে– কিছুপৰ মনে মনে থাকি গোলাপে কৈছে– “আজি লভিতাৰ বিষয়ে গাঁৱে-ভূঞে নানা কথা ওলাইছে, আজি যদি মই লভিতাক আশ্রয় দিওঁ, মোক সমাজে”– গোলাপ ৰৈ গৈছে। কিন্তু বাক্যটো সম্পূর্ণ নহ’লেও তাৰ অর্থ পৰিষ্কাৰ: দহজনৰ মতামতৰ বিৰুদ্ধে গ’লে সমাজে মোক বর্জন কৰিব, মই সমাজচ্যুত হ’ম। মধ্যযুগীয় নীতি-নিয়ম অমান্য কৰাৰ শাস্তিৰ পদ্ধতিও মধ্যযুগীয়। এই শাস্তিৰ সন্মুখীন হ’ব পৰা বলিষ্ঠ ব্যক্তিত্ব গোলাপৰ নাই। লভিতাৰ কণ্ঠত সেইবাবে ধ্বনিত হৈছে অনাস্থাপ্রসূত ব্যংগাত্মক ধিক্কাৰঃ

ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায় নিয়ম কানুন, মূৰ্খ সমাজৰ সংকীর্ণ মনৰ মানুহৰ নিৰপৰাধি নিমাখিতৰ ওপৰত অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ-সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ থিয় হ’বলৈ মনত বল নাই, বুকুত শক্তি নাই সি আজিৰ ডেকা হ’বই নোৱাৰে। গোলাপ মোৰ বাবে তুমি মূৰ ঘূৰাব নালাগে। সমাজৰ চকুৰ কুটা দাঁতৰ হুল হ’ব নালাগে। সমাজৰ বৰমূৰীয়া ধর্মধ্বজসকলৰ গৰিহণা শাও খাবলৈ তুমি যাব নালাগে। তোমাৰ গাঁও লৈ, তোমাৰ গাঁৱৰ নিয়ম-কানুন লৈ, তোমাৰ সমাজ লৈ তোমাৰ জাত লৈ তুমি থাকা।

প্রথাভিত্তিক সমাজৰ বিৰুদ্ধে থিয় দিব নোৱৰাৰ বাবেই গোলাপ ‘আজিৰ ডেকা’ হ’ব নোৱাৰিলে। লভিতা-গোলাপহঁত দৰাচলতে আমাৰ সমাজৰ এক পৰিবৃত্তিকালীন স্তৰৰ সৃষ্টি। এনে অৱস্থাত সাধাৰণতে ‘সমাজ’দ্রোহীসকলেই প্রগতিৰ প্রকৃত বাহক। এই ‘সমাজ’দ্রোহীসকলৰ প্ৰতি থকা আন্তৰিক সহানুভূতিয়েই জ্যোতিপ্ৰসাদৰ জীৱনৰ অন্যতম উজ্জ্বল দিশ।

[প্ৰথম প্ৰকাশ: নিনাদ, ১৯৮৯ (ৰচনাকাল : ১৯৮১)]

(প্ৰসেনজিৎ চৌধুৰী আৰু ইন্দিবৰ দেউৰীয়ে যুটীয়াভাৱে ৰচনা কৰা গ্ৰন্থ “জ্যোতি-বিষ্ণু: সাংস্কৃতিক ৰূপান্তৰৰ ৰূপৰেখা”ৰ পৰা লেখকৰ অনুমতি সাপেক্ষে “মুক্ত চিন্তা“-ত পুনৰ প্ৰকাশ কৰা হৈছে)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *