গল্প-কবিতা

হাতে ঢেৰুৱা ঠাৰি, পেটে কলেমলাই ভোকে – (গৌৰীশংকৰ দাস)

ঘৰ-চিৰিকাৰ মঙহেৰে বৰসবাহ পাতি
মানুহজাক গ’লগৈ,
মোক দি থৈ গ’ল 
ছিনা-জোকে বটিয়াই দিয়া এটৌ মান কিহবাৰ তেজ …
সেইসোপা উতলাই খাবলৈ বনচোমৰ শুকান ডাল বিচাৰি
মই মানুহটো এতিয়া হাইৰাণ ৷

.

তোক মই এটা শেষ নোহোৱা সাধু কওঁ শুন,
ওপৰৰ কথাবোৰ চেনিটেৰী পেডৰ বিজ্ঞাপনহে আছিল
ৰক্তহীনতাত খোজ কাঢ়ি ফুৰা মানুহবোৰৰ বাবে 
বিজ্ঞাপনৰ সাধু, শেষ নোহোৱা সাধু,
বিজ্ঞাপনৰ সাধু, ৰূপকথা ৷

–

বটগছৰ বুঢ়া ডাঙৰীয়াৰ টিবি হৈছে,
নিশা দুপৰলৈকে গল হেঁকাৰি মাৰি থাকে ৷

–

প্ৰথমে টিবি, তাৰ পিছতে আহে ৰক্তহীনতা ,তাৰ পিছত…
তাৰ পিছত ডাক্তৰে চাই কয়–
লাষ্ট ষ্টেজ, ৰাইজখন অধঃপতনে গ’ল !! 

–

ব’ল, আজি বটগছত এখন বেনাৰ আৰি দিম,
কাইলৈ পাতোঁ হিম’গ্ল’বিনৰ ওপৰত সজাগতা সভা, আৰু
পৰহিলৈ উলহ-মালহকৈ ঘৰ্-চিৰিকাৰ মঙহেৰে বৰসবাহ…
ৰাইজখনৰ কুশল কামনা কৰোঁ ৷

–

চেনিটেৰী পেড, 
ৰক্তহীনতাত ভোগা মানুহবোৰৰ ৱায়াৰলেছত হোৱা কথা-বাৰ্তা, 
স্মাৰ্ট-চিটি,
পেৰাচিতামল আৰু আইৰনৰ বড়ি
এক্সপায়াৰ্ড হেমফাৰৰ বটল —
সকলোবোৰ কুটি-বাছি আজি গধূলি গল্প কৰোঁ আহ (!!)

–

ঘৰ্-চিৰিকাৰ মঙহেৰে মদ খাৱ যদি
অলপ পিছতে মোলৈ ফ’ন কৰিবি, 
থাওকতে খেৰৰ ঘৰ এটা সাজিম৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *