সমাজৰ পিৰামিড ।। বিস্ময় দাস
মৌলিক সমস্যাৰ মাজতো মানুহে কৰ্মচাৰীৰ, শ্ৰমিকৰ বা কৃষকৰ সমাজখনতকৈ ধৰ্মীয় সমাজখনতহে বাস কৰি বেছি ভাল পায়। ফলত বাস্তৱ সমাজত দেখা দিয়া মৌলিক সমস্যাসমূহৰ সমাধানৰ পথ তেওঁলোকে ধৰ্মৰ মাজেৰেই কৰিবলৈ যত্নপৰ হয়।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
(১)
মানুহেই সমাজ গঢ়ে প্ৰয়োজনৰ তাগিদাত। সমাজ অবিহনে মানুহ জীয়াই থকাৰ কথা কল্পনা কৰিব নোৱাৰি। সমাজ মানুহৰ বাছি থকাৰ মৌলিক চৰ্ত।
সুদূৰ অতীতত মানুহৰ আদিম সমাজ আছিল, এতিয়া আধুনিক সমাজ গঠিত হ’ল। সমাজৰ অগ্ৰগতিৰ লগে লগে এসময়ৰ মানুহৰ “ধৰ্মহীন সমাজ” “ধৰ্মীয় সমাজ”-লৈ পৰিৱৰ্তিত হ’ল। সেয়া শুদ্ধ ৰূপত ধৰ্মীয় সমাজ আছিল মধ্যযুগীয় সমাজ। ধৰ্মীয় মতান্ধতাই মানুহক নানাধৰণে জুৰুলা কৰিছিল। নাৰীৰ অধিকাৰ লুণ্ঠিত হৈছিল। ধৰ্ম যুদ্ধত বহু মানুহ হতাহত হৈছিল; ধৰ্মৰ নামত মানুহে মানুহক পুৰি মাৰিছিল, হত্যা কৰিছিল। অৰাজকতাই সমাজক গ্ৰাস কৰি আনিছিল। এটা সময়ত মানুহে ইয়াৰ পৰা মুক্তি লাভ কৰিছিল বহু পৰিমাণে। কাৰণ চিৰাচৰিত নিয়ম হৈছে পৰিৱৰ্তন। সমাজখনৰো পৰিৱৰ্তন হৈছিল। মানুহেই পৰিৱৰ্তন কৰিছিল, বাছি থকাৰ প্ৰয়োজনত। তেনেকুৱাকৈয়ে থকাহেঁতেন আজি আমি থকা সমাজখন নেপালোহেঁতেন। সমাজ ভাঙি-চিঙি চূৰমাৰ হৈ গ’লহেঁতেন, সমাজ অবিহনে মানুহ জীয়াই নেথাকিলেহেতেন। পিছে, মানুহে এখন ক্ষয়মান সমাজৰ পৰা মুক্তি লভি এখন নতুন সমাজ গঢ়ি লৈছিল আৰু লয়। তেনেকৈয়ে এখন সমাজৰ পিছত আন এখন সমাজলৈ আমি গতি কৰোঁ। পিছে অতীতৰ সমাজখন সম্পূৰ্ণ ৰূপে স্থানচ্যুত নহ’ল। তাৰ গৰিষ্ঠ সংখ্যক চৰিত্ৰ কেতিয়াবা সংশোধিত ৰূপত কেতিয়াবা অসংশোধিত ৰূপত ৰৈ গ’ল।
ভিন্ন ধৰ্মৰ ভিন্ন ধৰ্মীয় সমাজ গঢ় লৈ উঠিছে, যেনে হিন্দু সমাজ, মুছলমান সমাজ বা খ্ৰিষ্টান সমাজ। প্ৰত্যেক ধৰ্মীয় সমাজৰ স্বভাৱ-চৰিত্ৰৰ কিছুমান সুকীয়া বৈশিষ্ট্য থাকে। এখন ধৰ্মীয় সমাজৰ পৰা আন এখন ধৰ্মীয় সমাজক এই বৈশিষ্ট্যসমূহে ভাগ ভাগ কৰি পেলায়। ধৰ্মীয় সমাজখন বহু পৰিমাণে স্থিতাৱস্থাৰ সমৰ্থক আৰু ই একমাত্ৰ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত, যুক্তিৰ স্থান তাত নাই। এইখন সমাজৰ মানুহবোৰে একমাত্ৰ ধৰ্মক লৈয়ে ব্যস্ত থাকে।
সমাজৰ যুগে যুগে পৰিৱৰ্তন হৈ আহিছে। পৰিৱৰ্তনৰ মাজেৰেই এখন সমাজত আকৌ কেবাখনো ভিন্ন ভিন্ন সমাজ গঢ় লৈ উঠিছে।
ধৰ্মীয় সমাজৰ সীমা পাৰ কৰি গঢ়ি উঠিছে কৃষক সমাজ আৰু কেতিয়াবা শ্ৰমিক সমাজ। কেতিয়াবা আকৌ কৰ্মচাৰী সমাজ কেতিয়াবা যুৱ সমাজ আৰু কেতিয়াবা নাৰী সমাজ। এইসমূহ “সমাজ” ধৰ্মীয় সমাজবোৰতকৈ আধুনিক আৰু যুক্তিনিৰ্ভৰ। এইবোৰ সমাজ মানুহৰ স্বভিমান, স্বাধীনতা, অধিকাৰ আদিৰ দৰে কিছুমান বিষয় লৈ সচেতন আৰু মানুহক প্ৰকৃততে মানুহ হিচাপে বাছি থাকিবলৈ প্ৰেৰণা দিয়ে। যিখন ধৰ্মীয় সমাজত ভেদাভেদ আৰু বৈষম্যৰে মানুহবোৰ জৰ্জৰিত হৈ থাকে সেইবোৰৰ সমাধান মানুহে এইবোৰ সমাজৰ মাজেৰে সমাধান কৰিবলৈ যত্নপৰ হয়। ইয়াৰ ফলত কেতিয়াবা ধৰ্মীয় সমাজখনৰ সৈতে এইবোৰ আধুনিক সমাজৰ বিৰোধ পৰ্যন্ত হয়।
পিছে সমাজ যিয়েই নহওক, মানুহৰ কিছুমান অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ এক। ভোক-পিয়াহ, সুখ-দুখ, হাঁহি-কান্দোন, মৰম-স্নেহ নতুবা ঘৃণা বা ঈৰ্ষা সকলো ঠাইৰ সকলো সমাজৰে এক উমৈহতীয়া চৰিত্ৰ। এইবোৰ চৰিত্ৰ বা অনুভূতি অবিহনে মানুহ মানুহ হৈ থাকিব নোৱাৰে।
পিছে উল্লেখ কৰা এইবোৰ মৌলিক সমস্যাৰ মাজতো মানুহে কৰ্মচাৰীৰ, শ্ৰমিকৰ বা কৃষকৰ সমাজখনতকৈ ধৰ্মীয় সমাজখনতহে বাস কৰি বেছি ভাল পায়। ফলত বাস্তৱ সমাজত দেখা দিয়া মৌলিক সমস্যাসমূ্হৰ সমাধানৰ পথ তেওঁলোকে ধৰ্মৰ মাজেৰেই কৰিবলৈ যত্নপৰ হয়। মানুহে বৰ্তমানৰ ধৰ্মীয় সমাজ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সমাজ, গতিকে ইয়াৰ প্ৰতি মানুহৰ টান বেছি। আমি বেছিভাগেই এনেকুৱা এখন সমাজতেই বাস কৰোঁ যদিও সমাজ পৰিৱৰ্তনৰ যুঁজখন যুগে যুগে চলি থাকিব।
(২)
ওপৰত আলোচনা কৰিছিলোঁ সমাজৰ ভিন্ন স্তৰত বৰ্তি থকা ভিন্ন ভিন্ন সমাজৰ কথা। কিন্তু তাত তিনিখন মুখ্য সমাজৰ বিষয়ে আলোচনা কৰিবলৈ থাকি গ’ল। প্ৰকৃততে সেই আলোচনাটোত এই তিনিখন সমাজৰ বিষয়ে আলোচনা কৰাৰ অৱকাশও নাছিল। গতিকে ভিন্ন স্থানত তাক আলোচনা কৰাৰ বাহিৰে গত্যন্তৰ নাই।
সেই সমাজ তিনিখন হৈছে বুৰ্জোৱা সমাজ বা ধনী লোকৰ সমাজ, মধ্যবিত্তৰ সমাজ আৰু সাধাৰণ শ্ৰমজীৱী খাটি খোৱা মানুহৰ সমাজ বা প্ৰলিতেৰিয়েট সমাজ। এই তিনিওখন সমাজও আধুনিক সমাজৰেই অংশীদাৰ। আধুনিক ধনতান্ত্ৰিক অৰ্থনৈতিক ব্যৱস্থাই তৈয়াৰ কৰা তিনিটা স্তৰত উদ্ভৱ হোৱা তিনিখন ভিন্ন চৰিত্ৰৰ সমাজ। থাউকতে ইয়াক এক অৰ্থনৈতিক সমাজ ব্যৱস্থা বুলি ক’ব পাৰি।
পিৰামিডৰ আকৃতিত এই তিনিওখন সমাজ বাচি থাকে। একেবাৰে তলত অৱস্থান কৰি থাকে সাধাৰণ শ্ৰমজীৱী খাটি খোৱা মানুহৰ সমাজখন, ঠিক তাৰ ওপৰত অৱস্থান কৰে মধ্যবিত্তীয় সমাজখনে আৰু একেবাৰে ওপৰত—উল্লিখিত দুয়োখন সমাজৰ শীৰ্ষত—কাৰো ভৰ সহিব নলগাকৈ সুখেৰে বৰ্তি থাকে ধনীৰ বা বুৰ্জোৱা সমাজখন। স্বাভাৱিকতে মেহনতী লোকৰ সমাজখনে দুখন সমাজৰ ভৰ বহন কৰি বৰ্তি থাকিবলগীয়া হয়।
খাটি খোৱা মেহনতী সমাজখনৰ পৰিসৰ যিমানে বহল হ’ব সিমানে বুৰ্জোৱা সমাজখনৰ স্থায়ীত্ব বাঢ়িব। ই এটা স্বাভাৱিক জ্যামিতিক অংকৰ দৰে। যিমানে খাটি খোৱা মেহনতী মানুহৰ সমাজখন বাঢ়িব সিমানে মধ্যবিত্তীয় সমাজখনৰ আৰু বুৰ্জোৱা সমাজখনৰ স্থায়ীত্ব নিকপকপীয়া হ’ব। মেহনতী মানুহৰ সমাজখনত কেতিয়াবা মধ্যবিত্তীয় সমাজখনৰ পৰাও অৱদান আহিব পাৰে, কিন্তু মূল অৱদান আহে নিজ সমাজখনৰ মাজৰ পৰাই। মেহনতী মানুহৰ সমাজখনত এক বিশাল সংখ্যক নিষ্ক্ৰিয় সদস্য (sleeping member) থাকে। সেই সকলেই সক্ৰিয় হৈ তেওঁলোকেই বাস কৰা সমাজখনত অৰিহণা যোগায় আৰু তাৰ ভেটি মজবুত কৰে, অৰ্থাৎ বুৰ্জোৱা সমাজখনকো মজবুত কৰাত অৰিহণা যোগায়। নিষ্ক্ৰিয় সদস্যৰ উদাহৰণ দিব পৰা যায়, যেনে— এখন দোকানত একে পৰিয়ালৰ দুজন সদস্যই কাম কৰে, কিন্তু কামৰ বাবে তাত দুজনৰ প্ৰয়োজন নাই, তাৰে এজন নিষ্ক্ৰিয় সদস্য; পৰিয়ালত মাত্র বিয়াৰ অপেক্ষাত ৰৈ থকা প্ৰাপ্তবয়স্কা মহিলা এইখন সমাজৰ নিষ্ক্ৰিয় সদস্য, এওঁলোকৰ সক্ৰিয়তাই তেওঁলোকে বাস কৰা সমাজখন শক্তিশালী কৰে। ঠিক সেইদৰে কেতিয়াবা কম সংখ্যক হ’লেও এই মধ্যবিত্ত সমাজৰ পৰাই বুৰ্জোৱা সমাজখনলৈ বৰঙণি নোযোৱাকৈ নাথাকে। ফলত বুৰ্জোৱা সমাজখনৰ স্থায়িত্ব বাঢ়ে। আৰু বুৰ্জোৱা সমাজখনৰ স্থায়িত্ব বঢ়োৱাৰ খাতিৰতে মেহনতী সমাজখনৰ পৰিসৰ বঢ়োৱৰ তাগিদা সদায়ে থাকি যায়। লক্ষ্য কৰিবলগীয়া কথা, কিবা কাৰণত মেহনতী সমাজখনত অস্থিৰতাই দেখা দিলে বুৰ্জোৱা সমাজখনৰ লগতে মধ্যবিত্তীয় সমাজখনতো ভূমিকম্পৰ সৃষ্টি হয়। গতিকে নিম্ন স্থানৰ সমাজখনৰ সুস্থিৰতাৰ ওপৰতে বাকী দুখন সমাজৰো স্থায়িত্ব নিৰ্ভৰ কৰে।
এনেকৈও ভাবিব পাৰি, যদি কিবা কাৰণত বা অৰ্থনৈতিক কৰ্মকাণ্ডৰ জৰিয়তে এই পিৰামিডসদৃশ তিনি সমাজৰ নিম্ন স্থানত অৱস্থান কৰা মেহনতী লোকৰ সমাজৰ পৰা ক্ৰমাগতভাৱে ওপৰৰ দুখন সমাজলৈ যোগদান বাঢ়ি যায়, তেতিয়া হ’লে এই যি সামাজিক সৌধ তাৰ ফাউণ্ডেছন বা আধাৰ সংকুচিত হৈ দুৰ্বল হৈ পৰিব আৰু এদিন সি ভাঙি পাৰিব। না বুৰ্জোৱা সমাজ, থাকিব না মধ্যবিত্তীয় সমাজৰ কিবা অস্তিত্ব ৰ’ব।
মন কৰিব এই যি তিনিখন সমাজৰ কথা আমি আলোচনা কৰিছোঁ, এই তিনিখন সমাজৰ অস্তিত্বৰ পূৰ্ব চৰ্ত হৈছে অৰ্থনীতি। এই অৰ্থনৈতিক পৰিকাঠামোৰ ভিতৰত গঢ় লৈ উঠা তিনিখন সমাজৰ একেবাৰে নিম্ন স্তৰৰ সমাজৰ অংশ হ’লেও বহু অৰ্থনৈতিকভাৱে নিষ্ক্ৰিয় লোকো বাস কৰে। এই কথা আমি ওপৰত উদাহৰণসহ কোৱা হৈছে। এই নিষ্ক্ৰিয় সদস্যসকল যদিও মেহনতী সমাজখনৰ অংশীদাৰ, বুৰ্জোৱা সমাজখনক তুলি ধৰি ৰখাত তেওঁলোকৰ কোনো অৰিহণা নেথাকে বা অন্য কথাত মেহনতী সমাজখনক কোনো শক্তি যোগান নধৰে। ইও বুৰ্জোৱা সমাজখনৰ বাবে এক বিপদ হ’ব পাৰে, কাৰণ ক্ৰমে ক্ৰমে এই নিষ্ক্ৰিয় শক্তি বাঢ়ি গ’লে বুৰ্জোৱা সমাজখনৰ বাবে ভয়ংকৰ বিপদৰ কাৰণ হ’ব পাৰে। সেয়ে এই তিনিওখন সমাজৰ চাবিকাঠি অৰ্থনৈতিক কাম কাজৰ মাজেৰে মেহনতী সমাজৰ প্ৰতিজনকে সক্ৰিয় কৰি ৰখাৰ উপৰিও যিসকল নিষ্ক্ৰিয় প্ৰতিনিধি এই সমাজত বাস কৰে তেওঁলোককো সক্ৰিয় কিদৰে কৰিব পাৰি তাৰ বাবে অৰ্থনৈতিক পৰিকল্পনাত বুৰ্জোৱা সমাজখনে অহৰহ চেষ্টা কৰি থাকে, যাতে সিহঁতে আৰামত আলাসতে জীৱন কটোৱা ব্যবস্থাটোত ভূমিকম্পৰ সৃষ্টি নহয় বা দুৰ্বল হৈ নপৰে।