সমালোচনাত্মক গীতি-সাহিত্য-(প্ৰত্যুষ ৰঞ্জন ভাগৱতী)
ড° ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই জাতীয় চেতনাসম্পন্ন৷ গীতৰ কথাত আছে জাতীয় দায়ৱদ্ধতা, ভালপোৱা আৰু জাতিক সততে সচেতন কৰি ৰাখিব পৰা উপাদান৷ ভূপেন হাজৰিকাই এনেকৈ গীত ৰচনা কৰিবলৈ প্ৰেৰণা লাভ কৰিছে জাতীয় জীৱনৰ পৰা৷ প্ৰগতিশীল মন আৰু বাওঁপন্থী আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাৰ বাবে তেখেতৰ গীতত প্ৰায়ে সাম্যৰ আহ্বান দেখিবলৈ পোৱা যায়৷ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত আৰু বিপ্লৱী জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাসৰ দৰে সত্তাৰ সান্নিধ্য লাভে ভূপেন হাজৰিকাক আলোকিত কৰি তুলিছে। তদুপৰি নেলচন মেণ্ডেলা, পিকাছো, পল ৰবছনৰ দৰে বিশ্বশিল্পীকো তেখেতে পাইছে কাষৰ পৰা৷ সেয়ে তেওঁ উচ্চ-নিম্ন, দুখ-শোক, হাঁহি-কান্দোন, দেশপ্ৰেম, জাতিভেদ, গভীৰ ভালপোৱা আদি সমাজৰ প্ৰায় সকলো পটভূমিৰ ওপৰত ৰচনা কৰিছে গীত৷ সেই গীত শুনি শ্ৰোতাৰ মনত জাগ্ৰত হয় জীৱনবোধ, জাতিপ্ৰেম৷ তেওঁ বহু গীতৰ মাজেৰে অসমীয়া জাতিক কঠোৰভাৱে সমালোচনাও কৰি গৈছে৷ সমাজক দেখুৱাইছে মুক্তিৰ পথ৷ তেনে গীতবোৰেই আজি জনপ্ৰিয়। ‘বৰদৈচিলা নে সৰুদৈচিলা নে’ ভূপেন হাজৰিকাৰ তেনে এটি গীত৷ ১৯৬৮ চনত ৰচনা কৰা এই গীতেৰে ভূপেন হাজৰিকাই ক্ষোভ প্ৰকাশ কৰি অসমীয়া জাতিক কঠোৰ সমালোচনা কৰিছে৷ অসমীয়াৰ ভৱিষ্যৎ বিপদাপন্ন৷ তেতিয়াই তেওঁ অনুভৱ কৰিছে— অসমীয়াৰ জাতীয় পৰিকল্পনাবোৰ প্ৰকৃততে ‘কাকতৰ ভুৱা পৰিকল্পনা’হে৷ আৰু আজি তাকেই ঘটি আছে সমাজত৷ শত্ৰুৰ ষড়যন্ত্ৰৰ পৰিকল্পনাবোৰক তেওঁ তেজ সনা শেনৰ ঠোঁটৰ লগত তুলনা কৰিছে৷ শত্ৰু আহি বৰঘৰ পোৱাৰ পিছতো ধোদৰ পচলা অসমীয়াই একো কৰিব নোৱাৰি হাঁহিয়াতৰ পাত্ৰ হৈছে— নিজৰ ওচৰতো আৰু বিশ্বৰ শৰীৰতো৷ তথাপি তেওঁ আশাৰে কৈছে— কথাবোৰ ভাবি চোৱাৰ কথা৷ আৰু অসমীয়া বুকুৰ আপোন ‘ব’হাগ’ৰ বিহুটিৰ কথা কৈছে৷ ব’হাগতেই অসমীয়াই সংকল্প লয় আৰু নতুন পুৰুষক ভৰসা কৰি তেওঁ অসমীয়াক উৎসাহিত কৰিছে৷ অসমীয়াৰ সকলো আছে— অথচ তেওঁ কৈছে ‘কুঁহিয়াৰ আছে তাক পেৰোঁতাহে নাই’৷ গীতৰ কথাত বীৰৰ নামো লৈছে অসমীয়াক জাগ্ৰত কৰি ৰাখিবলৈ৷ আকৌ কৈছে অসমীয়াৰ ধদুৱা চৰিত্ৰক উপহাস কৰি ‘এটি ধোদৰ আলি গঢ়ি হাত সাৱটি, অসমৰ ৰণুৱাই ৰং চাইছে’৷ অসমীয়াক বিপদৰ কথাবোৰ সোঁৱৰাই দিলে দাং খাই উঠে, পিছে উৎসৱপ্ৰীতি বাঢ়ি অহা জাতি নগৰৰ ৰভাতলীলৈ বিহুক নিবলৈ নেৰিলে৷ বিপদৰ সময়ত অসমীয়াই হাহাকাৰ লগোৱা কাৰবাৰটো দেখি তেখেতে কৈছে— অসমীয়া বিলাই দেখি ‘শেন’ ৰূপী শত্ৰুৱে ৰগৰ কৰা কথাও কৈছে৷ অসহায় অসমীয়া— বৰঘৰ পালেহি শত্ৰু৷ ভাষাত শত্ৰু, জাতিত শত্ৰু— জ্যোতিপ্ৰসাদেও তাকেই কৈছিল৷ শত্ৰু চিনা আৰু তাক প্ৰতিহত কৰাত অসমীয়া আজি বিফল৷ তদুপৰি দালালৰূপী ঘৰুৱা চৰিত্ৰবোৰ আছেই— যি কেৱল ক্ষমতাৰ বাবে জাতিক লৈ ৰাজনীতি কৰিব পাৰে৷ তেওঁ কৈছে— চহৰৰ ৰভাতলিত বিহু পাত, কিন্তু ঢোলৰ ছেৱে ছেৱে শুদাভাত খাৱ, শাও খাৱ আৰু বছৰে বছৰে টুটিহে যাৱ৷ অসমীয়া জাতিৰ সোৰোপা, এলেহুৱা আৰু বিপৰ্যয় দেখি তেওঁ হতাশাৰে কৈছে— ‘এইবােৰ দেখি-শুনি এলাই-এথানি, ক’বলৈ মন যায় কঁপাই ধৰণী৷’ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই অসমীয়া জাতীয় স্বাৰ্থত আলোচনা কৰাৰ প্ৰয়োজন আছে৷ নতুন প্ৰজন্মক এই গীতসমূহৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সঠিকভাৱে তেখেতৰ গীতৰ আলোচনা কৰাৰ থল আছে৷ তেখেতৰ বিপ্লৱী-সমাজমুখী সত্তাটোক সমাজত দাঙি ধৰাটো অতি প্ৰয়োজন৷ ভূপেন হাজৰিকাৰ গীত আৰু তেখেতক অসমীয়া সমাজত বৰ্তাই ৰাখিবলৈ হ’লে, কেৱল তেখেতৰ তিথি পাতিলেই নহ’ব— তেখেতৰ সৃষ্টিসমূহক সমাজৰ শোষিত-নিষ্পেষিত সমাজৰ মাজলৈ উলিয়াই আনিব লাগিব৷ তেখেতৰ গীতৰ ব্যাখ্যা সমাজত দাঙি ধৰিব লাগিব৷
তলত গীতটো উল্লেখ কৰা হ’ল—
ডেকা: ককাই—অসমৰ আকাশত
সেইয়া কাকতৰ চিলা নে, বৰদৈচিলা ?
ডেকা: বৰদৈচিলা নে, সৰুদৈচিলা নে
অসমৰ আকাশত বৰ বৰ চিলা।
গাভৰু: চিলাৰায়ৰ চিলা নে? কাকতৰ চিলা নে
কাকতত থকা ভুৱা পৰিকল্পনা?
ডেকা: চিলা নে শেন নে ৰঙা নীলা চিলা
নে হাঁহিয়াতৰ পাত্র ধােদৰ পচলা ?
সৌবােৰ ঠোঁট যেন তেজহে সনা
শেন যেন লাগিছে চকুৰে নমনা।
দুয়াে: অসমীয়া এইবােৰ ভাবি চাবৰ
ব’হাগেই বতৰ কিজানি?
বােলো হয় হয় হয় হয়— এ হয়নে?
বােলো হয় হয় হয় হয়।
বাঁহতল শুৱনি কেতেকীৰ বাৰীতে
ক’ৰবাৰ ফেঁটী সাপে বাহ ল’লে
গাভৰু: ল’লে—
কেতেকী ফুলিলে তগৰ ফুলিলে
ফেঁটী সাপে গপাগপ তাকেই গিলিলে৷
ডেকা: গিলিলে—
তিল তিল কত তিল, তিল পিঠা নাই।
কুঁহিয়াৰ আছে তাক পেৰোঁতাহে নাই
গাভৰু: অসমী আইৰে বৰঘৰ মজিয়াত
ডেকা: বৰখুঁটা এলাহৰ ঘুণে খাইছে
দেখি ধােদৰ আলি গঢ়ি হাত সাৱটি
দুয়াে: অসমৰ ৰণুৱাই ৰং চাইছে, ৰং চাইছে।
ডেকা: মূৰৰ ফুলাম গামােচাখনি
দুয়াে ও ক’ৰবাৰ শেনে আহি নিলেহি টানি,
ডেকা: গ’ল—গ’ল—গ’ল—গল।
এ’ গ ল গ’ল বুলি মাথোঁ চিঞৰিলে
তাকে দেখি শেনহঁতে ৰগৰ কৰিলে
অসমীয়াই এইবােৰ ভাবি চাবৰ ব’হাগেই বতৰ কিজানি
বােলোঁ হয় হয় হয় হয়
এহিমানৰ কথাখিনি এহিমানে থওঁ
বৰদৈচিলাজনী কথাকে কওঁ।
গাভৰু: বৰদৈচিলা মানে কি অ’ ককাইটি ?
ডেকা: বড়ােৰ দোৱানেৰে ‘বৰ’ মানে বতাহ
‘দৈ’ মানে পানী আৰু
‘চিখলা’ মানে হ’ল গােসাঁনীজনী।
এনে সাহসৰ বৰষুণ বােকোচাত লৈ চিলাজনী উৰিছিল ধুমুহা হৈ।
তাই অসমলৈ আগতে আহিছিলে
গাভৰু: হয়৷
ডেকা: আহি হিল-দল ভঙা এটি মন দিছিলে
আৰু নানা জাতি-উপজাতি একে কৰিছিলে;
আজি বছৰেকৰ মূৰত তাই আহে আৰু যায়
অসমীয়া মনটোত থিতাপি নলয়।
এ’ এইবােৰ দেখি শুনি এনে ভাব হয়
গাভৰু: বােলোঁ, কি ভাব হয়?
ডেকা: বৰদৈচিলাৰে আগচুলি থপিয়াই মাটিলৈ নমাই আনি
অসমীয়া মনটোত সুমুৱাই দিবলৈ ব’হাগেই বতৰ কিজানি
বােলো হয় হয় হয় হয়—হয় নে?
বােলো হয় হয় হয় হয়।
সময়ৰ গতি আছে
গাভৰু: জানাে জানাে
ডেকা: অগতিৰ গতি আছে।
গাভৰু: তাকো জানাে
ডেকা: সোঁৱৰাই দিলেই লাগে জগৰ
দাং খাই উঠে দেখোঁ বিহুৱা নগৰ।
দুয়াে: অসমৰ পথাৰৰ বিহু আহি
নগৰৰ ৰভাতলীত ৰৈ আছেহি।
ডেকা: ঢােলৰ ছেৱে ছেৱে শুদা ভাত খাৱ
শাও খাৱ থেকেচা খাই খাই যাৱ
আৰু বছৰে বছৰে টুটিহে যাৱ।
এইবােৰ দেখি-শুনি এলাই-এথানি,
ক’বলৈ মন যায় কঁপাই ধৰণী
দুয়াে: নতুন পুৰুষে কিছু কাম কৰাৰ ব’হাগেই বতৰ কিজানি,
বােলোঁ হয় হয় হয় হয়—হয় নে ?
বােলোঁ হয় হয় হয় হয় হয় নে?
বােলোঁ হয় হয় হয় হয়।
ডেকা: এ’ হয় নে ?
দুয়াে: বােলো হয় হয় হয় হয়
এ’ হয় নে ?