কেন্দ্ৰীয় নিবন্ধ

সমকালীন পৃথিৱী, ব্যক্তিবাদ আৰু এক যৌক্তিক শিপাৰ সন্ধান (ইন্দ্ৰজিৎ বৰা)

শেহতীয়া ৰাজনৈতিক ঘটনাক্ৰমে যেন প্ৰতিক্ৰিয়াশীল ৰাজনীতিৰ পৰা মুক্তিৰ এক আশা আনি দিছে। ধৰ্ম, জনগোষ্ঠী অথবা বৰ্ণৰ দৰে মধ্যযুগীয়া পৰিচিতিক লৈ কৰা ৰাজনীতিয়েই প্ৰতিক্ৰিয়াশীল। কাৰণ সমাজ বিৱৰ্তনৰ প্ৰগতিশীল ধাৰাৰ এইবোৰ সংৰক্ষণশীল প্ৰতিক্ৰিয়া। অন্যহাতেদি ই যেন সম্প্ৰতি এক চক্ৰাকাৰ ঐতিহাসিক ঘটনাক্ৰমৰ স্বাভাৱিক ক্ৰম হৈ পৰিছে৷ সাম্প্ৰতিক মানৱ সমাজৰ অন্তৰ্দ্বন্দ্ববিলাকক—ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ব্যক্তি স্বাধীনতা—এই দুই প্ৰযুক্তিগত সীমাৰেখাৰ মাজত সংস্থাপিত কৰাৰ চেষ্টা কৰা হয়। এইটোও প্ৰতীয়মান যে গতানুগতিক হৈ পৰা এনে ক্ৰমনিকাৰ সূত্ৰ অথবা চিন্তাধাৰাৰো উত্তৰণৰ সময় আহি পৰিছে। কাৰণ মধ্যযুগীয়া পৰিচিতিবিলাক এতিয়াও সমাজ গাঁথনিৰ অবিচ্ছেদ্য অংগ হৈ থকাটোও এক ঐতিহাসিক বাস্তৱ। তেনেস্থলত মৌলিক প্ৰশ্নটো হ’ল প্ৰগতিশীল ধাৰাই কেনেকৈ বিশ্বজনীন মানৱ অধিকাৰেৰে এই মধ্যযুগীয়া পৰিচিতিবিলাকক প্ৰশমিত কৰি তৃনমূল পৰ্যায়ৰ পৰা মানৱ মুক্তিৰ সন্ধান দিব? মন কৰিবলগীয়া যে আমি পৃথক বুলি ক’ব পৰাকৈ পৰিচিতি নিৰ্মাণৰ ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ বাবে পৰিৱৰ্তন নামৰ শব্দটোৱেই প্ৰত্যাহ্বানজনক।

গতিকে, সমকালীন প্ৰগতিশীল ধাৰাই মানুহৰ বুদ্ধিমত্তাক সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিব পাৰিছেনে? এইটো নিশ্চিত যে আৰ্থ-সামাজিক শক্তিৱন্তৰ লগত প্ৰগতিশীল ধাৰাৰ আনুষ্ঠানিকতাই কৰি অহা আপোচৰ সুযোগ লৈয়েই প্ৰতিক্ৰিয়াশীল শক্তিবোৰ গা কৰি উঠে। উদাহৰণস্বৰূপে নব্য-উদাৰতাবাদে সমকালীন পৃথিৱীৰ এনে এক ব্যাপক আপোচৰ ইতিহাস উদঙাই দিছে। তাৰ ফলস্বৰুপে আৰ্থ-সামাজিক শক্তিবিলাকক গাঁথনিগতভাৱে প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত প্ৰগতিশীল ধাৰাৰ যি অপাৰগতা সিয়েই বুদ্ধিমত্তা বিদ্বেষৰো সৃষ্টি কৰে। বুদ্ধিমত্তা বিদ্বেষে গাঁথনিগত সমস্যাবিলাকক ব্যক্তিগতকৰণ কৰে আৰু সকলোবোৰ ব্যক্তিবিশেষৰ ব্যক্তিগত উৎসাহ আৰু সামৰ্থৰ ওপৰত এৰি দিয়ে। গতিকে, শেহতীয়া দৃশ্যপটে অন্য এক গতানুগতিক চক্ৰাকাৰ ঘটনাক্ৰমতকৈ পৃথক এক আপোচবিহীন আনুষ্ঠানিকতা সৃষ্টিৰ বাট মুকলি কৰিব পাৰিবনে? অন্যথা চক্ৰাকাৰ ঘটনাক্ৰমৰ মাজত উৎফুল্লিত সময় তেনেই ক্ষণিক। তেন্তে, প্ৰগতিশীল ধাৰাৰ আনুষ্ঠানিকতা আৰু তাৰ গতানুগতিকতা নিজেই অন্য এক সংৰক্ষণশীল প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰিবনে? এনে চক্ৰাকাৰ বান্ধোন খুলি উলাই অহাৰ সময় সমাগত যদিও অপাৰগ কিয়?

যেতিয়া প্ৰাকৃতিক আৰু সামাজিক পৰিঘটনাবিলাকক গাঁথনিগতভাৱে বিশ্লেষণৰ চেষ্টা কৰা হয় তেতিয়া মূল প্ৰত্যাহ্বান হিচাবে থিয় দিয়ে একপক্ষীয় চিন্তাধাৰা অথবা অৱধাৰণাই। এই একপক্ষীয় চিন্তাধাৰা অথবা অৱধাৰণাবিলাকক সমাজৰ শ্ৰেণী অথবা আৰ্থ-সামাজিক সমীকৰণে কোনো ব্যক্তি অথবা শ্ৰেণী বিশেষৰ স্বাৰ্থত যুক্তিযুক্ত কৰি ৰাখে। আৱহমান ঐতিহাসিক প্ৰক্ৰিয়া একোটাকো ব্যক্তিগতকৰণ কৰি নিজৰ এখন সুকীয়া কাল্পনিক ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰি লোৱা হয় । কোনো দ্বিমত নাই যে মানুহৰ বিশ্লেষণাত্মক পৰিধিয়েই মানৱ সমাজখনৰ বস্তুনিষ্ঠ অধ্যয়নৰ গৱেষণাগাৰ। ক্ৰমবিকাশৰ বিভিন্ন স্তৰত অহা মতবাদবোৰৰ ঐতিহাসিক গুৰুত্ব আছেই। কিন্তু এই মতবাদবোৰ যেতিয়া কোনো ৰাজনৈতিক শক্তি হিচাবে ব্যৱহৃত হয়, তেতিয়া ই ৰাষ্ট্ৰব্যৱস্থাৰ অন্তৰ্গত এক স্থিতাৱস্থাবাদৰ মেৰপাকত সোমাই পৰে। অৱশ্যে এই মতবাদবোৰৰ শৰণাপন্ন হৈ এক স্থিতাৱস্থা বাহাল ৰখাৰ সহজলভ্য প্ৰৱণতাই মানুহক বশ কৰিব নোৱাৰে। কাৰণ মানুহৰ এই চিৰন্তন অন্বেষণ গতিশীল । মানুহৰ পৰ্যবেক্ষণিক সীমাবদ্ধতাই অনিশ্চয়তা আনে, কিন্তু বস্তুগত সত্যতা আৰু সত্য অন্বেষণৰ সম্ভাৱনীয়তা নুই নকৰে। বস্তুগত পৰিৱৰ্তনেই বাস্তৱ সত্য। পদাৰ্থজগতখনৰ অস্তিত্ব মানৱ চিন্তা-চেতনাৰ ওপৰত নিৰ্ভৰশীল নহয়। মানুহৰ চিন্তাৰ এক আপেক্ষিক স্বতন্ত্ৰতা থাকে, এক পৰম স্বতন্ত্ৰতা নাথাকে। ই পৰিৱেশৰ পৰা পৃথক পূৰ্ণ স্বাধীন সত্তা নহয়। পৰিৱেশৰ লগত চিন্তাৰ এই সম্পৰ্ক দ্বন্দ্বাত্মক আৰু ঐতিহাসিক বস্তুবাদ হ’ল মানুহৰ চিন্তা-চৰ্চাৰ এই আপেক্ষিকতা আৰু তাৰ সমাজ-বৈজ্ঞানিক অনুধাৱনৰ দিশত এক মাইলৰ খুটি। আমি নিজকে অন্ধভাৱে মুক্ত বুলি ঘোষণা কৰা মানেই বাস্তৱতাক আওকাণ কৰা। যেনেকৈ শ্ৰমিক-বনুৱাৰ যান্ত্ৰনা দেখা নোপোৱাকৈ থাকিবৰ বাবে মধ্যবিত্তক যি আত্মিক যুক্তিবাদ লাগে তাৰ একমাত্ৰ উৎস হ’ল উৎকট সাম্প্ৰদায়িকতাৰ এক সহজলভ্য সংস্কৰণ। তেনেদৰে মানুহে জীৱনৰ ঐতিহাসিক কাৰকবোৰৰ পৰা পলায়ন কৰিব নোৱাৰে। উল্লেখযোগ্য যে পৰিৱেশৰ বস্তুগত অৱস্থাৰ পৰিৱৰ্তনে চিন্তাধাৰালৈ তাৎকালিক পৰিৱৰ্তন আনিব বুলি ভবাটোও যান্ত্ৰিকতাধৰ্মী। তাৰ বাবে মানুহৰ বস্তুনিষ্ঠ চিন্তাৰ বিকাশ অপৰিহাৰ্য৷

এইখিনিতে উল্লেখযোগ্য যে নিশ্চয়তাবাদ মানে সত্য অন্বেষণৰ নিশ্চয়তা। মুহূৰ্ততে সকলোবিলাক উদ্ঘাটন কৰি নিশ্চিত হৈ লোৱাটো নুবুজায় আৰু তেনেকৈ ভবা মানেই এক স্থিতিশীল ধাৰণাৰে আক্ৰান্ত হোৱা। মন কৰিবলগীয়া যে পৰ্যবেক্ষণিক সীমাবদ্ধতাৰ লগতে মানৱ কুশলতাৰ এক নিৰৱিছিন্ন প্ৰক্ৰিয়া জৰিত হৈ আছে। মানৱ অন্বেষণৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটোৱেই হ’ল গতিশীলতাৰ অনুধাৱন৷ গতিশীলতা মানেই পৰিৱৰ্তন, বিৱৰ্তন আৰু ক্ৰমবিকাশ৷ যি কেন্দ্ৰবিন্দুয়েই ঠিৰাং কৰা নহওঁক কিয়, সিও গতিশীল৷ গতিশীলতাই সৃষ্টি কৰা অপেক্ষিকতাও গতিশীল ৷ ইয়েই মানুহৰ পৰ্যবেক্ষণিক সীমাবদ্ধতাৰ কাৰক৷ কাৰণ আমি কোনো বিশ্লেষণাত্মক তন্ত্ৰৰ বাবে ঠিৰাং কৰি লোৱা কেন্দ্ৰবিন্দু একোটাও নিজৰ পথত গতিশীল হ’বলৈ দিব লাগিব৷ সেয়ে অপেক্ষিকতাৰ স্থিতিশীল বিশ্লেষণবোৰে বাস্তৱতাক দাঙি ধৰিব নোৱাৰে৷ তেনে বিশ্লেষণ ন্যস্তস্বাৰ্থৰ স্থিতাৱস্থাবাদী যুক্তি আৰু মধ্যবিত্তৰ আত্মিক যুক্তিবাদ হিচাবে ব্যৱহৃত হৈ আহিছে৷

গতিকে পৰ্যবেক্ষণিক সীমাবদ্ধতাই পক্ষপাতদুষ্টতাৰ জন্ম দিয়া নাই। বৰঞ্চ আৰ্থ-সামাজিক শক্তিবিলাকেহে আত্মজ মানুহজনৰ উপলদ্ধি আৰু নিষ্ক্ৰিয়তাক জলাঞ্জলি দিবলৈ বাধ্য কৰায়। আত্মজ মানুহজনৰ উপলদ্ধি আৰু নিষ্ক্ৰিয়তাৰ অবিহনে সমাজ-বৈজ্ঞানিক বিশ্লেষন পক্ষপাতদুষ্টতাৰ পৰা মুক্ত হব নোৱাৰে। সেয়ে যুক্তিতৰ্ক প্ৰকৃততে দুজন অথবা বহু ব্যক্তি অথবা ব্যক্তিসমষ্টিৰ মাজত নহয়। দুটা অথবা তাতোকৈয়ো অধিক অৱধাৰণা, প্ৰক্ৰিয়া অথবা বৈকল্পিক চিন্তাধাৰাৰ মাজত হয়। সেয়ে এজন মানুহৰ আত্মজ চিন্তাজগততো অবিৰতভাৱে অনেক যুক্তিতৰ্ক হৈ থাকে। বৰঞ্চ, এই যুক্তিতৰ্কহে একেবাৰে মুক্ত, নিভাঁজ আৰু বস্তুনিষ্ঠ। মানুহৰ বুদ্ধিমত্তা আৰু মানৱীয় সৃষ্টিশীলতাৰ বাদে অন্য পৰিৱেশজনিত আৰু ব্যক্তিত্বজনিত প্ৰৱনতাবিলাক যুক্তি-তৰ্কৰ বাবে কেৱল অপ্ৰয়োজনীয়ই নহয় প্ৰত্যাহ্বানজনকো। পৰিৱেশজনিত আৰু ব্যক্তিত্বজনিত কাৰকৰ পৰা মুক্ত নহলে যুক্তিতৰ্ক বস্তুনিষ্ঠ হৈ নাথাকে, ব্যক্তিত্বৰ উত্থান-পতন আৰু ব্যক্তিগত অথবা পৰিচিতিগত অৰিয়াঅৰিয়ে গ্ৰাস কৰে। নিউজ চেনেলবিলাকৰ টকশ্ব’লৈ ৰাজনৈতিক দলবিলাকে পঠোৱা বাকপটু মুখপাত্ৰকেইজনৰ মাজৰ অৰিয়া-অৰিবিলাক চালেই কথাটো স্পষ্ট হৈ পৰে। তেওঁলোকে টকশ্ব’ৰ পৰা বহু হজাৰ মাইল দূৰলৈকে বিয়পি পৰাকৈ এনে এখন তৰ্কযুদ্ধৰ সূচনা কৰে, যি দলগত পৰিচিতি লৈ আৱেগিক চেতনাৰ উন্মেষ ঘটায়। দলগত অনুগামীসকলে তেওঁলোকৰ মুখেৰে যিয়েই নিৰ্গত হয়, তাকেই নিজৰো ৰাজনীতি বুলি ভাৱে৷ এই দলগত কৃত্ৰিম আপেক্ষিকতাৰ পটভূমিটো এনেধৰণৰ। মূল বিষয়বস্তুটো গাঁথনিগতভাৱে আলোচনা কৰাতকৈ বাকপটুকেইজনে অন্য দল শাসনাধিষ্ঠিত হৈ থাকোতে হোৱা কূকীৰ্তিৰ পৰিসাংখ্যিক তথ্য লৈ আহে আৰু ইজনে সিজনৰ ওপৰত নিক্ষেপ কৰে। এনে তথাকথিত আপেক্ষিকতাই দলগত আৱেগিক চেতনাবোৰ জাগ্ৰত কৰি ৰাখে। আচলতে বস্তুগত আলোচনা তেওঁলোকৰ উদ্দেশ্য নহয় কাৰণ এনে আলোচনা সদায় গাঁথনিগত আৰু তাৰবাবে দলগত পৰিচিতি এটা অৰ্থহীন বস্তু।

তেনেকৈ যেতিয়া কোনো মধ্যবিত্ত ব্যক্তিয়ে যুক্তিপূৰ্ণ কথা ক’বলৈ চেষ্টা কৰে, তেওঁক দুমুখীয়া বুলি সহজেই প্ৰতিপন্ন কৰিব পাৰি। সম্ভৱতঃ সেয়ে ইয়াক যুক্তি আৰু যুক্তিতৰ্ক ধংসৰ আহিলা হিচাবে অনায়াসে ব্যৱহাৰ কৰা হয়। পিছে এই দুমুখীয়া চৰিত্ৰটো কিয় সহজেই উন্মোচন কৰিব পাৰি? এয়া হ’ল মধ্যবিত্ত শ্ৰেণীৰ গাঁথনিগত দাসত্ব। গতিকে সংকল্প আৰু অভ্যাসৰ মাজত থকা এই অমিল কোনো ব্যক্তিগত পৰিঘটনা নহয়, ই হ’ল ঐতিহাসিকভাৱে নিৰ্ণীত সামাজিক বাস্তৱতা। সেই একেধৰণেই ব্যক্তিত্বৰ প্ৰাধান্যতাইয়ো যুক্তিতৰ্ক ধংস কৰে। চিগাৰৰ ধোঁৱাৰে ধোৱাময় নেহৰুৰ ফটোখনে স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ বহু অত্যাৱশ্যকীয় বিতৰ্কৰ বস্তুনিষ্ঠতা নিঃশেষ কৰিছে। কিছুমানে নেহৰুৰ চৰিত্ৰহনন কৰিছে, কিছুমানে নেহৰুক দেৱত্ব প্ৰদান কৰিছে। তাৰ বিপৰীতে স্বৰাজোত্তৰ ভাৰতৰ এক বস্তুনিষ্ঠ আৰু পদ্ধতিগত বিতৰ্ক অৱহেলিত হৈ ৰৈছে। স্বাধীনতাৰ পাছৰ তাৎকালিক ভূমিসংস্কাৰ, সত্তৰ দশকৰ ৰাষ্ট্ৰীয়কৰণ অথবা নব্বৈ দশকৰ উদাৰীকৰণৰ দৰে নীতিগত ৰূপায়ণবিলাক জানো কেৱল ব্যক্তিত্ব অথবা মতবাদৰ লগত জৰিত কৰিব পাৰি? তেনেদৰে কাৰকীয় আৰ্থসামাজিক দিশবোৰ আমি ইচ্ছাকৃতভাৱে আওকাণ কৰোঁ, যিবোৰ বিভিন্ন সময়ত নীতিগত ৰূপায়নলৈ ৰূপান্তৰ হৈ আহিছে। একেবাৰে শেহতীয়াকৈ সংবিধানৰ ৩৭০ ধাৰাৰ বিতৰ্কৰ ক্ষেত্ৰতেই চোৱা যাওঁক। এই ধাৰাটোৰ ঐতিহাসিক পটভূমিৰ ওপৰত বিতৰ্ক হোৱা নাই। ৰাজতন্ত্ৰ আৰু এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মাজৰ ৰাজনৈতিক যথাৰ্থতাৰ পাৰ্থক্য স্পষ্ট নহ’লে অৱশ্যে এই বিতৰ্ক অসম্ভৱ। গতিকে, যুক্তি আৰু যুক্তিতৰ্কৰ পৰা প্ৰাণতুল্য যৌক্তিকতাখিনি অপসাৰণ কৰিবৰ বাবে ব্যক্তিত্বৰ যেনেকৈ পূজা-অৰ্চনা কৰা হয় তেনেকৈ বিসৰ্জনো দিয়া হয়। ব্যক্তিত্বৰ দেৱতুল্য অৱতাৰৰ লগত আসন্ন হৈ থাকে একোটা দানৱীয় অৱতাৰ। অযৌক্তিকতা বিয়পাই দিয়াত এই ব্যক্তিত্ব পন্থাৰ দক্ষতা কল্পনাতীত।

আমাৰ চিন্তাভাৱনাৰ পৃথিৱীত এই ব্যক্তিবাদ ঐতিহাসিকভাৱেই আধিপত্যশীল৷ ঈশ্বৰৰ দৰে এক সৰ্বময় সত্তাক কেন্দ্ৰবিন্দু হিচাবে লৈ একনায়কত্ববাদক আইনী মৰ্যদা দিয়া হৈছিল৷ অৰ্থাৎ ৰজা সাক্ষাৎ ঈশ্বৰৰ অৱতাৰ৷ তেনেকৈ পৰমাত্মাৰ সৈতে আত্মাৰ আপেক্ষিক অৱস্থানেই ব্যক্তিসত্তা ৷ মন কৰিবলগীয়া যে আত্মা আৰু পৰমাত্মাৰ এই আপেক্ষিক অৱস্থানৰ মাজত পাৰ্থিৱ জগত আৰু সমাজখন একেবাৰে গৌণ৷ কাৰণ পৰমাত্মাৰ পৰা আত্মা আৰু তাৰ পাছতহে পাৰ্থিৱ বস্তুবোৰ আহে৷ অস্তিত্ববাদো তেনে এক ব্যক্তিবাদৰেই আধুনিক ৰূপান্তৰ৷ অৰ্থাৎ প্ৰকৃতি আৰু সমাজ সদায় অনিশ্চয়তাৰ গহ্বৰত বন্দী আৰু ব্যক্তিসত্তাই নিজৰ মতে অনুধাৱন কৰা জগতখনেই তেওঁৰ জগত৷ তেনেকৈ অনুভূত প্ৰাকৃতিক অথবা সামাজিক প্ৰক্ৰিয়াটোতকৈ মানুহৰ অনুভূতিক প্ৰাধান্যতা দিয়াটোৱেই ব্যক্তিবাদ।

আধুনিকতাৰ আগমণৰ লগে লগে সমাজ জীৱনত সেই একেই ব্যক্তিবাদ ব্যক্তিত্ব, ব্যক্তিনমস্যতা অথবা ভাৱমূৰ্তী নিৰ্মাণৰ মাজেদি সংৰক্ষিত হৈ ৰ’ল। কোটি কোটি ভক্তই এজন ধৰ্ষণত অভিযুক্ত সম্পত্তিশালী ব্যক্তিৰ প্ৰতি আনুগত্য দেখুৱাই ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিবাদত ওলাই অহাৰ ঘটনাটো দুবছৰমানৰ আগৰ কথা। এটা হ’ল ভক্তি আৰু আনটো হ’ল ইয়াৰ অনুৰূপ এক ভাৱমূৰ্তি। ভাৱমূৰ্তিবোৰ স্বয়ং পৰমাত্মাৰ সমকক্ষ, তেওঁলোকে এই পাৰ্থিৱ জগতত যি কৰ্মকাণ্ড কৰে সেয়া তেওঁলোকৰ লীলা। পিছে যেনেকৈ এক নমস্য ভাৱমূৰ্তি নিৰ্মাণ কৰি ভক্তিৰ সাগৰ সৃষ্টি কৰা হয়, তেনেকৈ গণতান্ত্ৰিক সমাজত তাক বেছিদিন টিকাই ৰখাটো সম্ভৱ নহয়। কাৰণ এই ভাৱমূৰ্তী নিৰ্মাণৰ প্ৰক্ৰিয়াটোৰ মাজতেই তাৰ অন্তৰ্দ্বন্দ্ববোৰ লুকাই থাকে। কৰ্মকাণ্ডবোৰ কেতিয়াও লীলা হ’ব নোৱাৰে, বৰঞ্চ সেইবোৰ সংঘাত আৰু দ্বন্দ্বৰে ভৰপূৰ। গতিকে যেনেকৈ ভাৱমূৰ্তি এক অগণতান্ত্ৰিক বস্তু, তেনেকৈ ভাৱমূৰ্তি টিকাই ৰখাটোও এক অগণতান্ত্ৰিক প্ৰক্ৰিয়া। গণতান্ত্ৰিক পৰম্পৰাৰ মাজতো ভাৱমূৰ্তি টিকাই ৰাখিব বিচৰা এনে মধ্যযুগীয়া মানসিকতা বিৰাজমান হৈ থকা মানেই হ’ল এতিয়াও মধ্যযুগীয়া প্ৰভূত্ব বিদ্যমান। গতিকে আমাৰ আলোচনা, পৰ্যালোচনা, পৰ্যবেক্ষণ অথবা বিশ্লেষণ ব্যক্তিবাদী আমেজৰ পৰা কিমান মুক্ত? আচলতে ব্যক্তিত্বৰ অন্তৰালত থকা ঐতিহাসিক কাৰকবোৰহে প্ৰাথমিক যি ব্যক্তিজনক তেনেকৈ প্ৰতিষ্ঠা কৰিছে। এই অনুধাৱনেহে আমাক এক মানৱীয় স্তৰত প্ৰতিষ্ঠা কৰিব। অন্যথা ব্যক্তিত্বৰ ওপৰত দেৱত্ব অথবা দানৱত্বৰ মোহৰ লগাই ঐতিহাসিক কাৰকবোৰ অনায়াসে আওকাণ কৰা হ’ব।

এতিয়া এই ব্যক্তিবাদী চিন্তাধাৰাৰ অন্তৰ্নিহিত দৰ্শন কি? যোৱা শতিকাৰ প্ৰথমাৰ্দ্ধৰ বিশ্বযুদ্ধ দুখনে কঢ়িয়াই অনা নিৰাশাই এক অযৌক্তিক ভাৱধাৰাৰ জন্ম দিছিল আৰু ই অন্তৰ্ৱৰ্তীকালীন সময়ছোৱাৰ চিন্তাধাৰাক বাৰুকৈয়ে প্ৰভাৱাম্বিত কৰিছিল। এনে সংকটে উদঙাই দিয়া সামগ্ৰিক বিফলতাই স্বাভাৱিকভাৱেই একচেটিয়া ব্যক্তিবাদী যুক্তিক প্ৰভাৱশালী কৰি তোলে। শতিকাজুৰা যৌক্তিক চিন্তাধাৰাই যদি মানৱতাক দুখনকৈ বিশ্বযুদ্ধ আৰু পাৰমাণৱিক বোমা প্ৰদান কৰে, তেন্তে তেনে যৌক্তিক চিন্তাধাৰাৰ কাম কি? পৰম আধ্যাত্মবাদ আছিল অস্তিত্ববাদ নামেৰে পৰিচিত উনৈশ শতিকাৰ এই ভাৱধাৰাটোৰ মূল বৈশিষ্ট্য। নিটজে আৰু কিৰ্কেগাৰ্ডৰ দৰে প্ৰৱক্তাসকলে মানুহৰ এক নিভাঁজ ব্যক্তিসত্তাৰ পুনৰ আৱিস্কাৰ কৰিব বিচাৰিলে য’ত আধ্যাত্মিকতাৰ মাধ্যমেৰে একেবাৰে মুক্ত আভ্যন্তৰীণ জীৱনৰ সন্ধান কৰিব পাৰে। গতিকে অস্তিত্ববাদ হৈছে জ্ঞানোদ্বীপ্ত যুক্তিবাদৰ এক অযৌক্তিক প্ৰতিক্ৰিয়া।

অস্তিত্ববাদৰ মতে এই ব্ৰহ্মাণ্ডখনেই দুৰ্বোধ্য অৰ্থাৎ কোনো বিধিসন্মত সূত্ৰৰে পৰিচালিত নহয়। অস্তিত্ববাদী চিন্তাধাৰাৰ প্ৰমেয়বোৰ মানুহৰ ভয়াবহ ব্যক্তিগত অভিজ্ঞতাই ঠিৰাং কৰে। আমাক যিখন পৃথিৱীলৈ নিক্ষেপ কৰা হৈছে, তাৰ অস্তিত্বৰ কোনো উপযুক্ত কাৰণ নাই অথবা কোনো বস্তুগত শৃংখলো নাই । যিহেতু ব্ৰহ্মাণ্ডখন তেনেকুৱাই, আমি ইয়াক যেনেকৈ পাওঁ তেনেকৈয়ে গ্ৰহন কৰিব লাগে । অস্তিত্ব একেবাৰে আকস্মিক, অৰ্থহীন আৰু অনাৱশ্যক। মানুহৰ অস্তিত্বও সমানেই অৰ্থহীন। জাঁ প’ল ছাৰ্টেয়ে “Being and Nothingness” ত লিখিছে, “It is absurd that we were born, it is absurd that we die. Every existing thing is born without reason, prolongs itself out of the weakness of inertia and dies by chance”।

যদি এই ব্ৰহ্মাণ্ডৰ কোনো অৰ্থই নাই আৰু কোনো ধৰনৰ বস্তুগত অনুসন্ধানেই সম্ভৱ নহয় তেন্তে তেনে অস্তিত্বৰ দৰ্শন কি? অলৌকিকতাৰ বিপৰীতে দৰ্শনে ধাৰণা আৰু যুক্তিৰ মাধ্যমেৰে বাস্তৱতাক পোহৰাই তোলে। গতিকে দাৰ্শনিক আত্মঘাটিৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে অস্তিত্ববাদৰ প্ৰৱক্তাসকলে এই ব্ৰহ্মাণ্ডৰ অৰ্থহীন অস্তিত্ব নিজৰ নিজৰ মতে বৰ্ণনা কৰিবলৈ ধৰে। এই অযুক্তিকৰ অনুশীলনৰ যুক্তি হ’ল এনে ধৰণৰ। যদি সকলোবিলাকেই নিৰাশাজনকভাৱে অন্তৰ্বিৰোধী, তেন্তে দৰ্শন কেনেকৈ ব্যতিক্ৰম হ’ব? তেওঁলোকৰ মতে মানুহৰ উদ্দেশ্যে হ’ল অৰ্থহীনতাৰ অৰ্থ বিচাৰি লোৱা অথবা আমাৰ কথা আৰু কামৰ মাজেৰে ৰহস্যময় ব্ৰহ্মাণ্ডক কিছু হ’লেও অৰ্থবহ কৰি তোলা।    

মনকৰিবলগীয়া যে প্ৰাকৃতিক আৰু ঐতিহাসিক প্ৰক্ৰিয়াৰ লগত জৰিত থকা বস্তুগত বিকাশৰ যুক্তিযুক্ততা, নিশ্চয়তা আৰু অনিবাৰ্যতাই অসংগতি, অনিশ্চয়তা আৰু দুৰ্যোগৰ বস্তুগত অস্তিত্বক আওকাণ নকৰে, বৰঞ্চ আকোঁৱালিহে লয়। কিন্তু বাস্তৱতাৰ এই অনিয়মিত বৈশিষ্ট্যবিলাক নিয়মিততাতকৈ মৌলিক হ’ব নোৱাৰে। এইবিলাক প্ৰকৃতি আৰু ইতিহাসৰ অপৰিৱৰ্তনীয় অথবা স্থিতিশীল দিশ নহয়, বৰঞ্চ আপেক্ষিক পৰিঘটনাহে যিবোৰ বিকাশৰ গতিধাৰাৰ লগত আনকি সম্পৰ্ণ বৈপৰিত্যলৈকে পৰিৱৰ্তন হ’ব পাৰে। উদাহৰণস্বৰূপে আকস্মিকতা অনিবাৰ্যতাৰ বৈপৰিত্যত অৱস্থিত নহয়। আকস্মিকতাৰ নিজৰ সূকীয়া সূত্ৰ থাকিব পাৰে, যিবোৰ পৰিসাংখ্যিক নিয়মিততাৰ মাজত প্ৰকাশিত হোৱা কিছুমান অনিয়মিত অৱস্থা। জীৱন বীমাৰ ব্যৱসায়ে কেনেকৈ মানুহৰ ব্যক্তিগত জীৱনৰ দুৰ্ঘটনাবিলাকক সামগ্ৰিক অৱশ্যকতাকৈ ৰূপান্তৰ কৰিব পাৰি তাৰ দৃষ্টান্ত দাঙি ধৰে। গতিকে ব্যতিক্ৰমবিলাক হ’ল ঘনাই সংঘটিত নোহোৱা বিকল্প আৰু যেতিয়া পৰ্যাপ্ত ব্যতিক্ৰম পুঁঞ্জীভূত হয় তেতিয়া সেই প্ৰক্ৰিয়াৰ এটা নতুন সূত্ৰৰ উদ্ভাৱন হয়, যি বিগত সময়ত প্ৰভাৱশালী হৈ থকা সূত্ৰবোৰ অতিক্ৰম কৰে। ব্যতিক্ৰমবিলাক কোনো সূত্ৰ অথবা বিধিলৈ ৰূপান্তৰৰ যোগেদি কেনেকৈ সম্ভাৱনা আৰু অৱশ্যকতাৰ পৰস্পৰিক সম্পৰ্ক স্থাপন হয় সেয়া সমাজৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত দেখা যায়। সামন্তীয় সমাজ গাঁথনিত উৎপাদন মানুহৰ তাৎকালিক ব্যক্তিগত উপভোগৰ বাবে কৰাটোৱেই আছিল স্বাভাৱিক কথা আৰু তাত বিনিময় আছিল একেবাৰে দুৰ্লভ অথবা নৈমিত্তিক ঘটনা। কিন্তু পুঁজিবাদী গাঁথনিত বিক্ৰিৰ বাবে উৎপাদন এক সাধাৰণ সূত্ৰ আৰু নিজৰ উপভোগৰ বাবে কৰা উৎপাদনহে অসাধাৰণ। যিটো প্ৰাৰম্ভিক অৰ্থনৈতিক তন্ত্ৰত স্পষ্টকৈ আৱশ্যক আছিল, সেইটো পাছলৈ নৈমিত্তিক হৈ পৰে। তেনেকৈয়ে কোনো ঐতিহাসিক সময়ৰ একেবাৰে বাস্তৱ আৰু আৱশ্যক সমাজ গাঁথনি পৰৱৰ্তী সময়ত একেবাৰে অসংগত আৰু অসমৰ্থনীয় হৈ পৰে আৰু বৰ্জন কৰিব লগা হয়।

গতিকে ব্যতিক্ৰমী অথবা উশৃংখল ঘটনা-পৰিঘটনাবিলাকৰ ভিত্তিত এক অপৰিৱৰ্তনীয় আৰু পৰম ধাৰণাৰ সৃষ্টি তেনেই অমূলক কথা। এইবোৰ অপৰিৱৰ্তনীয় আৰু অস্বাভাৱিক নহয়, বৰঞ্চ অস্তিত্বৰ আপেক্ষিক আৰু পৰিৱৰ্তনশীল স্বৰূপ। বাস্তৱতাৰ সম্পৰ্ক আৰু সঞ্চালনবিলাকক বোধগম্য হিচাবে উপস্থাপন কৰাৰ দিশত মানুহৰ এক বহনীয় আৰু সামগ্ৰিক প্ৰচেষ্টাই হ’ল বিজ্ঞান। যদি এই ব্ৰহ্মাণ্ডখনেই সম্পূৰ্ণৰূপে অযৌক্তিক হয়, তেন্তে বিজ্ঞানো নিৰৰ্থক আৰু ব্যৰ্থ হৈ পৰে। বিজ্ঞান আৰু বৈজ্ঞানিক অনুসন্ধান হ’ল যুক্তিবাদী অনুশীলনৰ সম্পূৰ্ণ আৰু সৰ্বোত্তম অভিব্যক্তি। প্ৰাকৃতিক আৰু সামাজিক সূত্ৰবিলাকৰ অৱিস্কাৰে বিকাশৰ নিয়মিততা আৰু অনিয়মিততা দুয়োটাৰে ব্যাখ্যা অগবঢ়াব পাৰে যাতে প্ৰকৃতি, সমাজ অথবা ব্যক্তিবিশেষৰ অতি ব্যতিক্ৰমী ঘটনা-পৰিঘটনাও বোধগম্য হয়।

এইটো স্পষ্ট যে কাৰক আৰু প্ৰভাৱৰ সম্পৰ্ক নাথাকিলে বাস্তৱতা বিশৃঙ্খল আৰু ভুৱাৰ প্ৰতিবিম্ব হৈ পৰে আৰু নিৰাশাজনকভাৱে ধূসৰ হৈ পৰে। এই ব্ৰহ্মাণ্ডখন এটা নিৰ্ধাৰিত গাঁথনি আৰু ক্ৰমবিকাশৰ প্ৰত্যক্ষ শৃংখল। কিন্তু ইয়াৰ উপাদানবোৰ ইমানেই জটিল আৰু পৰিৱৰ্তনশীল যে এইবিলাকৰ বিকাশৰ ধৰণবোৰে অত্যাধিক দ্ব্যৰ্থক আৰু আউল লগোৱাকৈ আত্মপ্ৰকাশ কৰে। সেয়ে এই অনিশ্চয়তা আমাৰ ব্যক্তিগত স্তৰত অত্যাধিকভাৱে তীব্ৰ। আমাৰ অন্তৰাত্মাত পৰস্পৰ-বিৰোধী উপাদানবিলাকে আমাক বিদীৰ্ণ কৰি পেলায়। এই দুদৰ্শা অতি জটিল কিয়নো আমি বহু সংঘাতময় সম্ভাৱনীয়তাৰ মাজত বন্দী হৈ পৰোঁ। যেতিয়া কোনো পৰিস্থিতিৰ কোনো অন্তৰ্নিহিত গাঁথনি, ক্ৰমনিকা অথবা বৈশিষ্ট্য নাথাকিব যাৰ বাবে এটা বিকল্পক অন্যটো বিকল্পতকৈ উত্তম বুলি ক’ব নোৱাৰিব, তেতিয়া যিয়েই বিকল্প হিচাবে লোৱা যায় সেয়াই এক সুযোগ অথবা আকস্মিক মাত্ৰ হৈ পৰিব। তেতিয়া জীৱনৰ দূদৰ্শাবোৰো একেবাৰে প্ৰতিকূল, অলংঘনীয় আৰু পৰিৱৰ্তন কৰিব পৰা ক্ষমতাৰ বাহিৰৰ বস্তু হৈ পৰিব। কাৰণ মানুহৰ যান্ত্ৰনাবোৰ যদি এক অলৌকিক আৰু অদৃষ্ট সৃষ্টি হয়, তাৰ পৰিত্ৰাণৰ উপায় একেবাৰে অসম্ভৱ হৈ পৰিব। তাৰ বিপৰীতে এইবোৰ যিহেতু ঐতিহাসিক পৰিঘটনা আৰু সেয়ে সাঁথৰ যেন লগা বৈচিত্ৰপূৰ্ণ আৰু ভ্ৰমাত্মক প্ৰকাশবোৰো চিৰকাল দুৰ্বোধ্য হৈ থাকিব নোৱাৰে। বৈজ্ঞানিক পদ্ধতিৰে এইবিলাকৰ মাজত সামঞ্জস্য বিচাৰি উলিয়াই এক বিধিগত গাঁথনিৰ সন্ধান কৰিব পৰাটো নিশ্চিত।  

কোনো পৰিস্থিতিৰ পৰিণাম তাত অন্তৰ্নিহিত হৈ ক্ৰিয়া কৰি থকা সকলোবিলাক কাৰকৰ আপেক্ষিক গুৰুত্বৰ ওপৰত নিৰ্ভৰশীল। কোনো পৰিণাম কেৱল কোনো ব্যক্তিসত্তাৰ ওপৰত কেতিয়াও নিৰ্ভৰশীল নহয়। তেনেকৈ আমাৰ দৈনিক পৰ্যবেক্ষণ মতেও আমাৰ কৰ্ম-কাণ্ডবিলাকৰ ফলাফল সকলো সময়তে আমাৰ আশানুৰূপ নহয়। তেন্তে অন্য কি কাৰকে ফলাফল নিৰ্ণয় কৰে ? প্ৰতিটো বাস্তৱ পৰিঘটনাৰেই এক স্পষ্ট চিন্তাধাৰা আৰু ব্যাখ্যা থাকে। তেন্তে সাম্প্ৰতিক পৃথিৱীত যিমানেই গুপ্ত, জটিল অথবা কুটিল অন্তৰ্দ্বন্দ্ব নাথাকক কিয়, প্ৰচেষ্টা আৰু সময়ে এইবিলাকক উন্মোচন কৰিবই। গতিকে দ্বৈৰ্থতা কেতিয়াও কোনো বস্তু অথবা চিন্তাধাৰাৰ অভেদ্য অথবা অপৰিৱৰ্তনীয় ধৰ্ম নহয়, বৰঞ্চ ই এক অন্তৰ্ৱৰ্তীকালীন অৱস্থাহে যিটো পৰৱৰ্তী বিকাশৰ লগে লগে অতিক্ৰম কৰিব পৰা যায়। কোনো সাময়িক অমীমাংসিত অৱস্থাই এক ব্যাপক নিৰূপণৰ পথহে মুকলি কৰে। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে যেতিয়া মানুহে অনিশ্চয়তা দূৰ কৰিবলৈ সক্ষম হয়, তেতিয়া মানুহৰ কৰ্ম-কুশলতাও উন্নিত হয়।

যেতিয়া সমাজ গাঁথনিটো পদ্ধতিগতভাৱে আলোচনা কৰাৰ চেষ্টা কৰা হয় তেতিয়া বিকল্পৰ প্ৰশ্নটো নিৰন্তৰ অৱতৰণ হয়। যেনেকৈ ঈশ্বৰ বিশ্বাস নকৰা মানৱতাবাদী নাস্তিকসকলৰ মানসিক অৱলম্বনৰ বাবে কি বিকল্প থাকে? ঈশ্বৰ বিশ্বাসী আৰু ধৰ্ম প্ৰধান সমাজত বিপদে-আপদে অকলশৰীয়াকৈ তেওঁলোকে জীয়াই থকাৰ মানসিক শক্তি ক’ৰ পৰা আহৰণ কৰিব? অৰ্থাৎ প্ৰচলিত সামাজিক নৈতিকতাৰ মাজতেই উদয় হোৱা যুক্তিশীল চিন্তাচৰ্চাৰ প্ৰয়োগিক বিকল্প কি? এই প্ৰশ্নবোৰৰ এক বৃহৎ সমাজ-বৈজ্ঞানিক পটভূমি আছে। এনে প্ৰশ্ন প্ৰকৃততে সমাজত মজ্জাগত হৈ থকা সংঘাতৰেই এক ৰাজনৈতিক আত্মপ্ৰকাশ। এটা হ’ল প্ৰচলিত সামাজিক নৈতিকতাই পৰিচালিত কৰা ক্ষমতাশালী অনুগামী চিন্তাধাৰা আৰু অন্যটো হ’ল প্ৰগতিশীল চিন্তাধাৰা যি আৰ্থ-সামাজিকভাৱে দমনীয় হৈয়ো যুক্তিৰ বাট দেখুৱায়। অনুগামী চিন্তাধাৰাটোত মানৱীয় যুক্তি নাথাকে, ই সদায় পৰম্পৰাগত শক্তি-সমীকৰণৰ দ্বাৰা নিয়ন্ত্ৰিত। কিন্তু অনুগামী জীৱনৰ ৰুদ্ধ কোঠাৰ ভিতৰত সোমাই থাকিও অজ্ঞাতেই ই সামাজিক বিৱৰ্তনৰ স্বতঃস্ফূৰ্ত সোঁতৰ লগত প্ৰবাহিত হৈ থাকে। এই প্ৰবাহিনী সোঁতৰ অনুধাৱন সদায় যুক্তিশীল চিন্তাৰেহে সম্ভৱ। গতিকে প্ৰগতিশীল চিন্তাৰ প্ৰতিক্ৰিয়াশীল হিচাবেহে অনুগামী চিন্তাধাৰা শক্তিৱন্তৰ এক ৰচনাত্মক প্ৰকাশ হৈ পৰে।

কল্পকথাৰে ভৰপূৰ অনুগামী চিন্তাধাৰাৰ এক অবিচ্ছেদ্য অংগ হ’ল ঈশ্বৰ বিশ্বাস। সাম্প্ৰতিক পৃথিৱীত ই জানো মানুহৰ উৎসাহ আৰু মনোবলৰ একমাত্ৰ সাৰথি হৈ আছে? ব্যৱহাৰিক জীৱনত ঈশ্বৰবাদীসকলৰ ক্ষেত্ৰত মানসিক অৱলম্বন প্ৰকৃততে কোনো ঐশ্বৰিক শক্তিতকৈয়ো তেনে শক্তিত বিশ্বাসী ঘনিষ্ঠসকলহে। অকলশৰীয়া অৱস্থাত কোনো ঘনিষ্ঠও নাথাকে, নাথাকে ঈশ্বৰো। আচলতে মানুহৰ মানসিক অৱলম্বন মানুহেই। হিমালয় পৰ্বততো অকলশৰে ঈশ্বৰৰ সন্ধান নহয়, ঈশ্বৰৰ লীলা অৰ্থাৎ পাৰ্থিৱ জগতৰ সংঘাতবোৰৰ উত্তৰহে বিচৰা হৈছিল। ঈশ্বৰবিশ্বাসৰ অন্তঃসাৰশূন্যতাৰ উপলব্ধিয়ে মানুহৰ পৰস্পৰ বিশ্বাস আৰু ঘনিষ্ঠতা বৃদ্ধিহে কৰিব। গতিকে, কোনো আস্তিকতাৰ মাজত মানৱতা বিচাৰি পোৱাৰ আশা প্ৰায় সীমিত, কাৰণ ইয়াত মানৱতাৰ নিয়ন্ত্ৰণ নিজৰ হাতত নাথাকে। নিয়ন্ত্ৰণ কৰি থকা অদৃশ্য শক্তিটো শক্তিৱন্তই নিজৰ মতে ব্যৱহাৰ কৰি আহিছে। কাৰণ বাস্তৱতাৰ প্ৰতি চকু মুদি নিজৰ কল্পনাৰে একোখনকৈ পৃথিৱী ৰচি থাকিলে ব্যক্তিসত্তাৰ মুক্তি কেনেকৈ সম্ভৱ হ’ব? তাৰ বিপৰীতে নাস্তিকতাৰ নৈতিকতা মানৱতা হ’ব লাগিব। ইয়াক এক প্ৰমূল্য হিচাবে সামাজিক আচৰণলৈ ৰূপান্তৰত প্ৰতিক্ৰিয়াশীল শক্তিবিলাকে প্ৰত্যাহ্বান জনাব। কাৰণ মধ্যযুগীয়া ধৰ্মীয় পৰম্পৰাৰ পৰা অহা প্ৰচলিত সামাজিক আচৰণবোৰ এতিয়াও সামাজিক নৈতিকতাৰ ভেটি। গতিকে কেৱল আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰ অথবা ওপৰৰ পৰা জাপি দিয়া সৰ্বাধিকাৰবাদী প্ৰমূল্যই তৃণমূল পৰ্যায়ৰ আচৰণৰ পৰিৱৰ্তন আনিব নোৱাৰে। এই ৰূপান্তৰ তৃণমূল পৰ্যায়ৰ পৰা সামাজিক গতিশীল প্ৰক্ৰিয়াই অনিব। এই ৰূপান্তৰৰ বাবে আৰ্থ-সামাজিক শক্তিবিলাকৰ বস্তুগত অনুধাৱন হ’ব পূৰ্বচৰ্ত। মানুহৰ বস্তুগত চিন্তা-চেতনাৰ বিকাশেই পৰ্যবেক্ষণিক কুশলতা বৃদ্ধি কৰিব। আকৌ এই কুশলতাৰ বাবেও আৰ্থ-সামাজিক বিৱৰ্তনৰ মাজেৰে অহা এক ঐতিহাসিক প্ৰক্ৰিয়া লাগিব।

যুক্তিশীল চিন্তাই দিয়া বিকল্প সদায় সমাজতান্ত্ৰিক, যাৰ তাৎকালিক মেজিকেল ফৰ্মূলা নাথাকে। তাৰ বিপৰীতে আমাৰ মনসপটত গ্ৰাস কৰি থোৱা থাকে এক মেজিকেল অৱতাৰী সৃষ্টিৰ ৰহস্য। সামাজিক ক্ৰমবিৱৰ্তনৰ নিৰন্তৰ প্ৰৱাহক অনুগামী চিন্তাই ঢুকি নাপায়গৈ, পোৱাটো শক্তি-সমীকৰণৰ কাম্যও নহয়। প্ৰবাহিনী সোঁতৰ মাজৰ কোনোবা মূহুৰ্তক একোটা স্থিৰচিত্ৰ হিচাবে বন্দী কৰি তাকেই চিৰন্তন সৃষ্টি হিচাবে প্ৰকাশ কৰা চিন্তাধাৰাই তেনে অন্য মেজিকেল বিকল্পৰ সন্ধান কৰি থাকে। কাৰণ পৰম্পৰাগত খোলাটোৰ মাজত থাকি মেজিকেল বিকল্প বিচাৰি ফুৰা মানে অনুগামী চিন্তাৰেই ডুপ্লিকেট হৈ এই পৃথিৱীৰ সমাজ আৰু মানুহক বাদ দি কোনোবা পৰজগতত বিকল্পৰ সন্ধান কৰা।

পৌৰানিক আখ্যানেই হওঁক অথবা কোৱান্টাম পদাৰ্থ বিজ্ঞানেই হওঁক, অধ্যয়ন মানেই তাৰ লগত এটা পদ্ধতি সন্নিৱিষ্ট হৈ থাকে৷ এই প্ৰতিষ্ঠিত পদ্ধতিটো হ’ল বস্তুনিষ্ঠ বৈজ্ঞানিক পদ্ধতি৷ এই পদ্ধতিৰ বিকাশেই মানুহৰ সামাজিক বিৱৰ্তনৰ মূল চালিকা শক্তি৷ ক্ৰমবিকাশৰ লগে লগে মানুহৰ কৌতুহলী আৰু অনুসন্ধিৎসু মনটোৰ ভিতৰত এক বিশ্লেষণাত্মক পৰিধিৰ সৃষ্টি হয়৷ মানুহৰ ক্ৰমবৰ্ধমান পৰ্যবেক্ষণবিলাকে এই বিশ্লেষণ প্ৰক্ৰিয়াটো অবিৰতভাৱে পৰিবৰ্ধিত কৰি গৈ থাকে৷ বিভিন্নজনে কৰা বিশ্লেষণৰ পৰিনামবিলাকৰ মাজত যেতিয়া আদান-প্ৰদান হয় তেতিয়াই এক বস্তুনিষ্ঠ পদ্ধতিয়ে প্ৰতিষ্ঠা লাভ কৰে৷ তাহানিৰ ঋষি-মুনি সকলে বছৰ বছৰ ধৰি যি তপস্যাত মগ্ন হৈছিল সেয়াই আছিল মানুহৰ বিশ্লেষণাত্মক প্ৰক্ৰিয়াৰ এক ঐতিহাসিক নিদৰ্শণ আৰু তাৰ ফলস্বৰূপে প্ৰাকৃতিক আৰু সমাজ-জীৱনৰ বহুতো সত্যৰ উদঘাটন কৰিছিল। একোজন ব্যক্তিয়ে নিজৰ বিশ্লেষণাত্মক পৰিধিৰ ভিতৰত কৰা সত্যৰ সন্ধানেই তপস্যা। বিভিন্নজনৰ তেনে তপস্যাবোৰৰ মাজত যেতিয়া আদান-প্ৰদান হয়, সকলোবোৰক এক পদ্ধতিৰে বস্তুগতভাৱে সাঙুৰি লোৱাটোৱেই হ’ল বৈজ্ঞানিক পদ্ধতি। কাৰণ এই তপস্যাবিলাকৰ মাজত যেতিয়ালৈকে আদান-প্ৰদান নহ’ব, কোনো বিশ্লেষণক পদ্ধতিগতভাৱে প্ৰতিষ্ঠা কৰিব পৰা নহ’ব, তপস্যাৰ মোক্ষবোৰো কেৱল ব্যক্তিগত অনুভৱ হৈয়ে থাকিব।

প্ৰশ্ন আহিব, তেন্তে মানুহে নৈতিক আৰু মানৱীয় প্ৰমূল্যবিলাকৰ বিকাশৰ বাবে অধ্যয়ন কৰিব নালাগিব নেকি? ধৰ্মগ্ৰন্থবিলাকৰ পৰা আধ্যাত্মিকতা কেনেকৈ আহৰণ কৰিব লাগিব? মন কৰিবলগীয়া যে নৈতিক মূল্যবোৰো আচলতে কোনো স্বৰ্গীয় বস্তু অথবা অনুভূতি নহয় ৷ এইবোৰ ঐতিহাসিকভাৱে প্ৰতিষ্ঠিত মানুহৰ সামাজিক মূল্যবোধ আৰু তাৰ স্বাক্ষৰ ধৰ্মগ্ৰন্থবিলাকে বহন কৰি আহিছে৷ এক মুক্ত যুক্তিশীল অধ্যয়নেৰে এইবিলাকক হৃদয়ঙ্গম কৰাটোহে বেছি ফলপ্ৰসু আৰু উত্তৰণধৰ্মী হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *