সময় কি? ইয়াৰ আদি আৰু অন্ত ক’ত? (পংকজ বৰুৱা)
বিজ্ঞানৰ এক জটিল বিষয় হ’ল সময়, সময়ৰ গতিশীলতা আৰু সময়ৰ শৰ। বিজ্ঞানীসকলৰ মতে “সময়” এবিধ মাত্ৰা (Dimension) আৰু ই শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল এক পৰিমাপ মাথোন। সেইবাবেই পোহৰৰ বেগ কোনো অতিশয় ভৰযুক্ত পদাৰ্থৰ দ্বাৰা বাধাপ্রাপ্ত বা আকৃষ্ট হ’লে, সময়ৰ সম্প্ৰসাৰণ হয়। তেনেধৰণৰ ঘটনা কৃষ্ণগহ্বৰত সংঘটিত হয়। অৰ্থাৎ কৃষ্ণগহ্বৰত “ঋণাত্মক সময়” পোৱা সম্ভব বুলি ক’ব খোজে বহু বৈজ্ঞানিকে, সহজ ভাষাত ক’বলৈ হ’লে কৃষ্ণগহ্বৰত বৰ্তমানৰ পৰা ভৱিষ্যতৰ সলনি বৰ্তমানৰ পৰা অতীতলৈ ঘূৰি যাব পাৰি তেওঁলোকৰ মতে।
বৈজ্ঞানিকসকলৰ মতে সময়ৰ আৰম্ভণি ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ লগে লগেই হৈছিল। এতিয়া এক ডাঙৰ প্ৰশ্ন আমাৰ বাবে—এই ব্ৰহ্মাণ্ডৰ শেষ হ’ব নে নাই? নে এই ব্ৰহ্মাণ্ডৰ মৃত্যুৰ লগে লগে সময়ৰো অন্ত পৰিব? নে সময় অনন্ত?
বিজ্ঞানৰ মতে “যাৰ উৎপত্তি হয় তাৰ মৃত্যুও হয়”, এই দিশৰ পৰা চাব গ’লে সময়ৰো এদিন মৃত্যু হ’ব।
বিজ্ঞানীসকলৰ মতে বিশ্বব্ৰহ্মাণ্ডখন আদিতে এটা বিন্দু আছিল যাক মহাকৰ্ষণৰ একক বিন্দু (singularity) বুলিও কোৱা হয় আৰু এই বিন্দুৰ মহাবিষ্ফোৰণৰ (Big Bang) ফলতে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হয় আৰু প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰে। বিশ্বব্ৰহ্মাণ্ডৰ অন্ত কেনেকৈ হ’ব, ইয়াৰ ব্যাখ্যায়েই বা কি হ’ব—ইয়াৰ ওপৰতে সময়ৰ ভৱিষ্যত নিৰ্ভৰ কৰে। বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰণৰ বাবে জগৰীয়া অন্ধকাৰ শক্তি (Dark Energy) যদি বেছি শক্তিশালী হয়, তেন্তে বিশ্বব্ৰহ্মাণ্ড অনন্ত সময়ৰ বাবে অনন্ত ৰূপত বিস্তাৰিত হ’ব—এনে অৰ্থত সময়ৰো কেতিয়াও অন্ত নহ’ব।
অন্ধকাৰ শক্তি (Dark Energy) অধিক শক্তিশালী হ’লে পদাৰ্থৰ অণু-পৰমাণু আনকি তাতকৈ ক্ষুদ্ৰ অংশবোৰলৈকে বিস্তাৰিত হ’ব। এনে অৱস্থাত ব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থৰ অণু-পৰমাণু বেলেগ বেলেগ হৈ পৰিব আৰু বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্বই শেষ হৈ পৰিব আৰু সময়ৰ মৃত্যু ঘটিব।এনে অৱস্থাত আন এক পৰিস্থিতিৰো উদ্ভৱ হ’ব পাৰে; বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰণ বন্ধ হৈ সংকোচন হ’বলৈ আৰম্ভ কৰিব, যাক মহাঘটন (Big Crunch) বোলা হয়। মহাঘটনৰ ফলত ব্ৰহ্মাণ্ডৰ আকাৰ ক্ৰমান্বয়ে সৰু হৈ আহিব, তাৰকামণ্ডল, নক্ষত্ৰপুঞ্জ আদিবোৰ ইখনে-সিখনত বিলয় হৈ শেষত সকলো পদাৰ্থ লগ হৈ একক বিন্দুত (Singularity) সংকোচিত হৈ পৰিব আৰু সময়ৰ মৃত্যু হ’ব।
কিছুমান বিজ্ঞানীৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰণ আৰু সংকোচন এক অনন্ত প্ৰক্ৰিয়া। মহানাদৰ (Big Bang) ফলত ব্ৰহ্মাণ্ড সম্প্ৰসাৰণ হ’ব আৰু এটা সময়ত মহাসংকোচনৰ (Big Crunch) ফলত বিশ্বব্ৰহ্মাণ্ড সংকোচিত হৈ মহাকৰ্ষণৰ একক বিন্দুত (Singularity) উপনীত হ’ব। এই পৰিঘটনা পৌনপুনিকভাৱে ঘটি থাকিব আৰু সময়ৰো মৃত্যু নহ’ব।
সময় এনট্ৰপিৰ, মানে বিশৃংখলতাৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানীসকলৰ মতে আমাৰ মহাবিশ্বৰ বিশৃংখলতা ক্রমাগতভাৱে বাঢ়ি গৈ আছে। বিশৃংখলতা হ’ল কোনো তন্ত্ৰ এটাত শক্তিৰ ৰূপান্তৰ বা আদান-প্ৰদানৰ অসম্ভৱতা। মহাবিশ্বৰ আৰম্ভণিৰ সময়ত বিশৃংখলতাৰ মান আছিল ১০^৮৮ আৰু বর্তমান মহাবিশ্বৰ বিশৃংখলতাৰ মান হৈছে ১০^১০১। বিজ্ঞানৰ মতে মহাবিশ্বৰ বিশৃংখলতাৰ সৰ্বোচ্চ মান ১০^১২০ আৰু তাৰপিছত মহাবিশ্বৰ ক’তো কোনো শক্তিৰ ৰূপান্তৰণৰ সম্ভৱ নহ’ব, অৰ্থাৎ শক্তিৰ ৰক্ষণশীলতা নীতিৰ বিৰুদ্ধাচৰণ কৰি শক্তিৰ মৃত্যু ঘটিব। যিহেতু শক্তি অবিহনে শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল পৰিমাপটো যুক্তিহীন হৈ পৰিব, তেতিয়াই মৃত্যু ঘটিব সময়ৰ। সময়ৰ লগত সমন্ধ থকা এই বিশৃংখলতা, যাৰ মান আদিতে ইমান কম আৰু ই ক্ৰমান্বয়ে বাঢ়ি ১০^১২০ হোৱাৰ পাছত সময়ৰ মৃত্যু—এই সকলোবোৰ বিজ্ঞানৰ বাবে আজিও একো একোটা ডাঙৰ প্রশ্ন। বিশৃংখলতা সময়ৰ লগত বৃদ্ধি হোৱাটো এটা উদাহৰণ, যাক কোৱা হয় সময়ৰ শৰ (Arrow of Time), যি সময়ৰ এটা দিশ নিৰ্ণয় কৰি অতীতক ভৱিষ্যতৰ পৰা পৃথক কৰে। সময়ৰ শৰৰ তিনিটা দিশ আছে—তাপগতি সময়ৰ যিটো সময়ৰ দিশত বিশৃংখলতা বাঢ়ি যায়। মনস্তাত্ত্বিক সময়ৰ শৰ যাক আমি সময়ৰ দিশত অনুভৱ কৰোঁ সময়বোৰ পাৰ হৈ গৈ আছে অতীতক সোঁৱৰো কিন্তু ভৱিষ্যতক নহয়। অন্তিমটো হ’ল ব্ৰহ্মাণ্ডতাত্বিক সময়ৰ শৰ এই দিশত ব্ৰহ্মাণ্ডখন সংকোচিত হোৱাৰ সলনি প্ৰসাৰিত হৈ গৈ আছে।