সময়-কথা (অজিত তালুকদাৰ)
ষ্টেছনৰ এখন বিশাল হৰ্ডিঙ এখনৰ তলত ৰৈ আছোঁ।
এতিয়ালৈ আহি পোৱা নাই মহালক্ষ্মী এক্সপ্ৰেছ,
প্লেটফৰ্মত বাদুলিৰ দৰে ওলমি আছে
এটা মৰা ৱ-ল ক্ল’ক্।
কোনেও নপঢ়া কোনেও নোচোৱা সময়
এনেকৈয়ে ওলমি থাকে….
ঘচ্ ঘচ্ শব্দ কৰি দৌৰি গ’ল এটা খালী ইঞ্জিন
বাদাম লাগে বাদাম লাগে বাদাম
ক’ল্ড ড্ৰিঙ্কছ লাগে লাগে ঠাণ্ডা পানী
কোলাহলৰ মাজতেই বাজি উঠে ম’বাইলত গান
প্লেটফৰ্মৰ প্ৰতিজন মানুহ আত্মমগ্ন
ভটিয়াই গ’ল মালবাহী ৰেল।
ষ্টেছনৰ ৱ-ল ক্ল’ক্টোৰ কাঁটা নিশ্চল
সময়ে নাকচ কৰা সময়
পৰি আছে ষ্টেছনত জিন্দা লাচ্!
জুইত নহয় এনকাউণ্টাৰত নহয়
বুটজোতাৰ গচকত নহয়
বানপানীত নহয়
কোনোও নাজানে কাৰ মৰা শৰ ওপৰত
কোনে বাদাম চোবাইছে
আপুনি? মই? নে….
ঘণ্টা বাজিছে, ট্ৰেইন অহাৰ সময়?
ধেৎ ফায়াৰ ব্ৰিগেডৰ গাড়ী….
নহয় নহয় মন্দিৰৰ ঘণ্টাধ্বনি হৈছে….
মানুহবোৰে শূন্যলৈ চাই হাতখনেৰে
নিজৰ কপাল চুইছে
কোনোবাই হাতখন আনি স্পৰ্শ কৰিছে বুকু
যন্ত্ৰৱৎ
আকৌ ম’বাইল টিপিছে চিপচ্ খাইছে
বুঢ়া মানুহটোৱে বাতৰি কাকত পঢ়িছে
চিলিণ্ডাৰৰ দাম বাঢ়িছে, মন্দিৰ মছজিদৰ বিবাদ লাগিছে
বানত বুৰ গৈছে পথাৰ….
প্লেটফৰ্ম, পুলিচ পইণ্ট, বাছষ্টেণ্ড চহৰৰ চৌদিশৰ
ফ্লেক্স হোৰ্ডিঙত জিলিকি থকা
সেই একেখন অহংকাৰী মুখে আগুৰি ৰাখিছে প্ৰথম পৃষ্ঠা।
ভাত বিচাৰি হাতত বন্দুক তুলি লোৱা
কুৰি বছৰীয়া ল’ৰাটোৰ খবৰ কোনেও নাজানে
বজাৰত মাকে বেচিছে বুকুৰ কেঁচুৱা
শেষ পৃষ্ঠাৰ বিজ্ঞাপনতো সেই অহংকাৰী মুখৰ হাঁহি
প্লেটফৰ্মত বাদুলিৰ দৰে ওলমি আছে
মৰা দেৱাল-ঘড়ী
কোনোও কাকো সোধা নাই সময়ৰ কথা
কেতিয়া আহিব মহালক্ষ্মী এক্সপ্ৰেছ?
ওহো
কোনোও সোধা নাই,
বাদুলি ওলোমা প্লেটফৰ্মৰ ঘড়ীয়ে
মানুহৰ ৰেহ-ৰূপ চাই আছে….
কোনে ভাঙে এতিয়া সাৰে থকা মানুহৰ টোপনি?