নিবন্ধসম্পাদকীয়

সম্পাদকৰ টোকা ‍‍ ‍:‍‍ ‍: ভূতৰ মুখত ৰাম নাম : বিপ্লৱী-বিদ্ৰোহীৰ বিচলিত প্ৰাণ ।। কৌশিক দাস

লিখাটো পঢ়িবলৈ লৈয়েই সচেতন পাঠকে নিশ্চয় উচ্‌পিচাই ভাবিবলৈ আৰম্ভ কৰিছে— ইমান জোঁট-পোট লগা জধলা শিৰোনাম! “বিপ্লৱী-বিদ্ৰোহী” বুলি প্ৰগতিবাদৰ ধুনপেচ মৰা গপচ শিৰোনামটোত “ভূত” নামৰ অন্ধবিশ্বাসীৰ অতিকৈ আপোন শব্দটোৰ অনুপ্ৰৱেশ কিয়‌? কথাটো হ’ল, “ভূত” বোলা কোনো বস্তুৰ বাস্তৱ অস্তিত্ব নাথাকিলেও, ভূতৰ ভয় কমাবলৈ বহুতো মজাৰ উপায় অন্ধবিশ্বাসীসকলে নিজেই উলিয়াই লৈছে। তেনে এটি উপায়ৰ মতে—“ৰাম ৰাম” বুলি ডাঙৰকৈ ধ্বনি দিব পাৰিলেতো ভালেই, নোৱাৰিলে শব্দটি কেইবাৰমান ফুচ্‌ফুচাই দিলেও ভূতবোৰে পলাই পত্ৰং দিয়ে। কথাটো বাৰু উদ্ভটৰো উদ্ভট, কিন্তু তাৰ পৰা ওলাল বহুল-ব্যৱহৃত, অন্ধবিশ্বাসৰ সৈতে সম্পৰ্কৰহিত এটি অনুপম তীৰ্যক প্ৰকাশভংগীৰ প্ৰবচন—“ভূতৰ মুখত ৰাম নাম”। কোনো কোনো বিপ্লৱ-বিদ্ৰোহমনা লোকক—এটি বিশেষ প্ৰসংগত—আবেগিকভাৱে বিচলিত-বিভ্ৰান্ত কৰা “ভূতৰ মুখত ৰাম নাম”-ৰ বিষয়ে আমি এই টোকাৰ শেষৰ ফালে চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তাৰ বাবে লাগিব কিছু আনুসংগিক বা-বাতৰি—, সেইখিনিও শিৰোনামটিতকৈও অধিক জধলাকৈ, খুবেই বিক্ষিপ্তভাৱে ক’বলৈ আমি চেষ্টা কৰিম।

প্ৰথমতেই মানৱ-সমাজৰ বিকাশৰ বাটত বৰ শক্তিশালী মোচৰ এটা মাৰি সভ্যতাৰ গতিপথ সলাই দিয়া ঘটনা এটাৰ কথাৰে আলোচনা আৰম্ভ কৰিছোঁ। সেয়া আছিল অষ্টাদশ শতিকাৰ অন্তিম সময়ৰ ফ্ৰান্সৰ কথা—তেতিয়া দেশখনৰ সম্ৰাটৰ ক্ষমতা আছিল প্ৰশ্নাতীত। দেশখনত এটা বৰ কুখ্যাত কাৰাগাৰ আছিল, নাম বাস্তিল। চতুৰ্দশ শতিকাতেই নিৰ্মিত সেই বিৰাট আকাৰৰ পুৰাকৃতিটোক পৰৱৰ্তী সময়ত অদল-বদল কৰি, তাক এটা ভয়ংকৰ পোতাশাললৈ পৰিৱৰ্তন কৰা হৈছিল। শাসন-শোষণ আৰু সম্ৰাটৰ বিৰুদ্ধ ৰাজনৈতিক ব্যক্তি, মেধাজীৱি, প্ৰচলিত ধৰ্মমতৰ বিৰোধী আদিক কাৰাগাৰটোৰ অন্ধকাৰ কুঠৰীত বন্দী কৰি থোৱা হৈছিল। যুগ যুগ ধৰি বাস্তিল যেন হৈ পৰিছিল অমিত শক্তিশালী নিৰংকুশ ৰাজতন্ত্ৰৰ দম্ভভৰা প্ৰতীক;‍‍‍ লগতে সি আছিল নিপীড়িত প্ৰজাৰ বাবে ভয়াবহ আতংকৰ উৎস। লাহে লাহে কিন্তু বহুতো কাৰণত বৰ্তি থকা সমাজ-ব্যৱস্থাটোৰ প্ৰতি দেশখনৰ প্ৰজাগণ অতিকৈ বিক্ষুব্ধ হৈ পৰিছিল‍; ছেগা-চোৰোকাকৈ বিক্ষোভ-বিদ্ৰোহৰ কাণ্ডবোৰ অ’ত-ত’ত আৰম্ভ হৈ গৈছিল। ১৭৮৯ চনৰ ১৪ জুলাইৰ দিনা সৰ্বসাধাৰণ মানুহৰ ক্ষোভৰ প্ৰচণ্ড বিস্ফোৰণ ঘটিল ৰাজধানী প্যেৰীত। বাস্তিল কাৰাগাৰত জুই লগাই দিলে অগণন প্ৰজাই। ধ্বংস হ’ল কুখ্যাত পোতাশালটো।

বাস্তিল-পতনৰ কথা সকলোৱেই জানে, বহুতো ঐতিহাসিকে বিস্তাৰিতভাৱে ঘটনাক্ৰমৰ বৰ্ণনা দিছে, বহুতেই সেই কাণ্ডটোক ফৰাচী বিপ্লৱৰ সূচনা বুলিও চিহ্নিত কৰিছে, গল্প-উপন্যাস-কবিতাতো সেইবোৰে স্থান পাইছে। ১৭৮৯ চনৰ পৰৱৰ্তী বছৰকেইটিত সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে ফ্ৰান্সত সংঘটিত হোৱা এটাৰ পাছত এটা ক্ৰান্তিকাৰী ঘটনা। বিশ্ববিশ্ৰুত ইতিহাসকাৰ এবট-ৰ ৰচনাতো সেই ঘটনাক্ৰমৰ পুংখানুপুংখ বিৱৰণ আমি পঢ়িবলৈ পাওঁ—, বাস্তিলৰ অগ্নিসংযোগৰ কথা এগৰাকী গণ্যমান্য লোক, ডিউক অৱ লিয়েনকুৱাঁই (The Duke of Liancourt) সম্ৰাট ষোড়শ লুইক জনালেহি। সম্ৰাট আচৰিত হ’ল, ওৱা, প্ৰজাৰ ইমান অতপালি! ক’লে, “কি! বিদ্ৰোহ”! ডিউকে উত্তৰ দিলে, “নহয়। বিপ্লৱ” (J. S. C. Abbott, The French Revolution of 1789, as Viewed in the Light of Republican Institutions, Harper & Brothers Publishers, Franklin Square, New York: 1859, p. 123)। বিভিন্ন ঐতিহাসিক ব্যক্তিৰ হৰেক ৰকমৰ উক্তি আৰু কথোপকথনৰ বিষয়ে বহুতো প্ৰমাণিত-অপ্ৰমাণিত কাহিনী প‌ঢ়িবলৈ পোৱা যায়। অৱশ্যে, ষোড়শ লুই আৰু ডিউকজনাৰ উপৰিউক্ত কথোপকথনৰ কাহিনীটো বোধহয় সঁচাই আছিল, অন্য পুৰণি গ্ৰন্থতো তাৰ উল্লেখ আছে। ১৮৮২ চনত প্ৰকাশ হোৱা, পণ্ডিত চেমুৱেল আৰ্থাৰ বেণ্টৰ গ্ৰন্থ এখনতো উক্ত কথোপকথনৰ কথাটি একেধৰণেই পোৱা যায় (S .  A .  Bent, Short Sayings of Great Men ‍‍‍: With Historical and Explanatory Notes, James  E.  Osgood  And  Company, Boston, 1882 p. 352)। বেণ্টৰ গ্ৰন্থখনে লগতে ওপৰঞ্চিকৈ এইটো বাতৰিও দিছে যে সেইয়াই প্ৰথমবাৰৰ বাবে সম্ৰাটগৰাকীৰ কাণত তেওঁৰ বাবে ভয়ংকৰ “বিপ্লৱ” বোলা শব্দটো পৰিছিল (দ্ৰষ্টব্য‍‍ ‍: পূৰ্বোক্ত গ্ৰন্থৰ, p. 352)। কিন্তু মজাৰ কথা, “বিপ্লৱ” তেতিয়া কোনো নতুন শব্দ নাছিল। তাৰ এটা চমৎকাৰ আৰু প্ৰাসংগিক উদাহৰণ স্বৰূপে আমি বেণ্টৰ গ্ৰন্থখনৰ পৰাই দিব পাৰোঁ। বাস্তিলৰ অগ্নিকাণ্ডৰ বহু পূৰ্বে বিপ্লৱী-চিন্তাবিদ ভলট্যেৰে লিখিছিল এইদৰে— “চৌদিশে বিপ্লৱৰ বীজ সিঁচি দিয়া হৈছে, অনিবাৰ্যভাৱে সেইবোৰ এদিন অংকুৰিত হ’ব…..চৌদিশে পোহৰ ইমানেই বিচ্চুৰিত হৈ পৰিছে যে সৰু ঘটনা এটাতে সি বিস্ফোৰিত হৈ ডাঙৰ বহ্নিৰ ৰূপ ধাৰণ কৰিব। মই সেইবোৰ দেখিবলৈ নাপাম। মই ডেকাবোৰক ঈৰ্ষা কৰোঁ, কাৰণ তেওঁলোকে চাবলগীয়া বস্তু এটা দেখিব….” (দ্ৰষ্টব্য: পূৰ্বোক্ত গ্ৰন্থ, পৃ . 353। ভাবানুবাদ আমাৰ)। এই কথাখিনি লেখিছিল তেওঁ ১৭৬৪ চনৰ এখন চিঠিত—বাস্তিলৰ পতনৰ সুদীৰ্ঘ পঁচিছ বছৰ আগতেই। ভলট্যেৰে কোৱাৰ দৰেই—অলপৰ বাবে—তেওঁ নিজে বিপ্লৱটোৰ সূচনাৰ ঘটনাটি দেখিবলৈ নাপালে‍; ১৭৭৮ চনত মৃত্যু হৈছিল চিন্তানায়কগৰাকীৰ।

ষোড়শ লুই আৰু ডিউকৰ মাজৰ উক্ত কথোপকথনটিৰ ঐতিহাসিক সত্যাসত্যৰ কথাটো এই আলোচনাত অগ্ৰাহ্য কৰিও আমি তাৰ মৰ্মাৰ্থটি অনুধাবন কৰিব পাৰোঁ। ফ্ৰান্সৰ সেই অগ্নিময় ঘটনাৱলী মামুলি বিক্ষোভ-বিদ্ৰোহৰ ক্ষণিকৰ পাতলীয়া ফিৰিঙতি নাছিল, সেইটো আছিল মানুহৰ ইতিহাসৰ এটা বৃহৎ পট-পৰিৱৰ্তন, এক উলম্ফিত ক্ৰান্তিকাল, প্ৰতিটো মানৱিক পৰিমণ্ডললৈ আমূল পৰিৱৰ্তন কঢ়িয়াই অনা এটা গুৰুতৰ সমাজ-বিপ্লৱ। এইখন আলোচনীৰেই বিগত সংখ্যাত আমি বিক্ষোভ, বিদ্ৰোহ আৰু সমাজ-বিপ্লৱ—এই তিনিওটাৰে মাজৰ পাৰ্থক্যৰ প্ৰসংগ আলোচনালৈ আনিছিলোঁ (দ্ৰষ্টব্য: কৌশিক দাস, সম্পাদকৰ টোকা‍‍: বিপ্লৱে বিপ্লৱে বিজুলী-বজ্র, মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা‍‍ : লিখাটো পঢ়িবলৈ ইয়াতে টিপক)। সেই প্ৰসংগৰ সাৰাংশ হ’ল যে বিক্ষোভ-বিদ্ৰোহৰ বিপৰীতে, বিপ্লৱে সমাজ-ব্যৱস্থাৰ মৰ্মমূলত আঘাত হানি নতুন যুগৰ সূচনা কৰে। সেইবাবেই সমাজ-বিপ্লৱৰ ফল সুদূৰপ্ৰসাৰী। স্বাভাৱিকতেই ফৰাচী বিপ্লৱৰ প্ৰভাৱ মাথোন ফ্ৰান্স বা ইউৰোপৰ কেইখনমান দেশত সীমাবদ্ধ হৈ নাথাকিল। বিপ্লৱটোৰ অভিঘাত আছিল সঁচাই অতি প্ৰচণ্ড, তাৰ কঁপনিয়ে গোলকীয় উত্তাল তৰংগৰ ৰূপ ধাৰণ কৰিছিল। এইখিনিতে আমি মন কৰা উচিত যে মানুহৰ ইতিহাসত উত্তাল বিক্ষোভ আৰু তেজাল বিদ্ৰোহৰ উদাহৰণ অসংখ্য‍;  আমি উপৰিউক্ত টোকাটিত তাৰ দুটিমান (সুপ্ৰাচীন ইজিপ্ট আৰু চীনদেশৰ) উদাহৰণ সন্নিবিষ্ট কৰি দিছিলোঁ। কিন্তু সেইবোৰ—আলোচনাৰ বৰ্তমানৰ প্ৰসংগৰ ফৰাচী বিপ্লৱৰ দৰে— সমাজলৈ আমূল আৰু সৰ্বাত্মক পৰিৱৰ্তন কঢ়িয়াই অনা বিপ্লৱলৈ উন্নিত হ’বলৈ সক্ষম নহ’ল কিয়‌? এই প্ৰশ্নটোৰ উত্তৰ আমি পাওঁ বস্তুবাদী পদ্ধতিৰে গৱেষণা কৰা ইতিহাসবিদসকলৰ ব্যাখ্যা-বিশ্লেষণৰ পৰা। তেওঁলোকে প্ৰতিষ্ঠা কৰিছে যে বিপ্লৱৰ প্ৰকৃত কাৰণ সোমাই আছিল সমাজৰ অৰ্থনীতিৰ জটিল পাকচক্ৰৰ মাজত। ফৰাচী-বিপ্লৱৰ আগে আগে সমাজৰ উৎপাদন-ব্যৱস্থা আৰু উৎপাদন-সম্পৰ্কত এনে এটা ডাঙৰ সাল-সলনি হ’বলৈ আৰম্ভ কৰিছিল যে পুৰণি ব্যৱস্থাটোৰ বিদায় অনিবাৰ্য হৈ পৰিছিল। যুগ যুগ ধৰি বৰ্তি থকা সামন্তব্যৱস্থা আৰু ৰাজতন্ত্ৰত সামন্তপ্ৰভু-অভিজাতবৃন্দ-সম্ৰাট আছিল এটা ফালে, অন্য ফালে আছিল আৰু ভূমিদাসসকল। তেনে এটা উৎপাদন-সম্পৰ্কক কেন্দ্ৰ কৰিয়েই চলি আছিল সমাজখন। নতুনকৈ যেতিয়া পুঁজিবাদৰ আগমণ ঘটিল, তেতিয়া তাৰ বিকাশৰ বাবে পুৰণি উৎপাদন-ব্যৱস্থা আৰু উৎপাদন-সম্পৰ্কক উৎখাত কৰাটো অৱশ্যম্ভাৱী হৈ পৰিল। আৰম্ভ হ’ল কেতিয়াও সমিলমিল হ’ব নোৱাৰা বিৰুদ্ধ শ্ৰেণীসমূহৰ মাজৰ দ্বন্দ্ব, সংঘাত আৰু সংগ্ৰাম। তাৰ ফলত—অতীতৰ পৃথিৱীৰ চুকে-কোণে সহস্ৰবাৰ সংঘটিত হোৱাৰ দৰেই—তেতিয়াৰ ফ্ৰান্সতো বিক্ষোভো হৈছিল, বিদ্ৰোহো ঘটিছিল‍;  কিন্তু ঘটনাটো তাতেই থমকি ৰোৱা নাছিল। উদীয়মান পুঁজিবাদে এটা সৰ্বাত্মক ৰূপান্তৰৰ দাবী কৰিছিল, আৰু তেনে আৰ্থ-সামাজিক পটভূমিটোৰ পৰিণতিত সম্পূৰ্ণকৈ উফৰি গৈছিল পুৰাতন সামন্ততন্ত্ৰৰ আৰ্থিক গাঁথনিটো। সহজকৈ সেয়াই আছিল ফৰাচী বিপ্লৱ।

প্ৰসংগতঃ—এইখিনিতেই—কথা এটি উনুকিয়াই গ’লে ভাল হ’ব। ফৰাচী বিপ্লৱৰ কাৰণৰ সন্দৰ্ভত আমি এইমাত্ৰ বস্তুবাদী ইতিহাসবিদসকলে দেখুৱাই যোৱা বিশ্লেষণৰ কথা থোৰতে উল্লেখ কৰিছিলোঁ। তেনে ইতিহাসবিদসকলৰ সৰহভাগেই হৈছে মাৰ্ক্সবাদী পণ্ডিত। সহজকৈ ক’বলৈ হ’লে, সামন্তপ্ৰথাৰ পৰা পুঁজিবাদলৈ ঘটা পট পৰিৱৰ্তনৰ প্ৰসংগত উৎপাদন-ব্যৱস্থা আৰু উৎপাদন-সম্পৰ্কক কেন্দ্ৰত ৰাখি কৰা বিচাৰ-বিশ্লেষণসমূহ হৈছে বিপ্লৱটোৰ মাৰ্ক্সবাদী ব্যাখ্যান। এই মাৰ্গৰ বিচাৰ-বিশ্লেষণৰ আভ্যন্তৰীণ খুটি-নাটিত স্বাভাৱিকতেই মাৰ্ক্সবাদী বিদ্বানসকলৰ মাজত তৰ্ক-বিতৰ্ক চলি থাকিলেও, মূল তাত্ত্বিক অবয়বটোৰ প্ৰসংগত, সামগ্ৰিকভাৱে তেওঁলোকৰ মাজত কোনো মতবিৰোধ নাছিল। যিহেতু ঐতিহাসিক দ্বন্দ্ববাদ এটি অতি নিটোল, সুশৃংখল আৰু যৌক্তিক পদ্ধতি, সেইবাবে ফৰাচী বিপ্লৱৰ মাৰ্ক্সবাদী বিচাৰ-বিশ্লেষণসমূহ প্ৰায় সকলোৰে চকুত প্ৰত্যয়যোগ্য বুলি পৰিগণিত হৈ পৰিছিল। কিন্তু বিগত শতিকাৰ শেষভাগৰ পৰা ফৰাচী-বিপ্লৱৰ মাৰ্ক্সবাদী ব্যাখ্যাই সামগ্ৰিকভাৱে প্ৰত্যাহ্বানৰ মুখামুখি হয়—উদ্ভৱ হয় ফৰাচী-বিপ্লৱৰ কাৰণানুসন্ধানৰ বিকল্প মাৰ্গ। এই সন্দৰ্ভত শুক্লা সান্যালৰ এখনি গ্ৰন্থত বিস্তাৰিত আৰু একান্ত মৌলিক গৱেষণালব্ধ তত্ত্ব-তথ্য সন্নিবিষ্ট কৰা হৈছে (দ্ৰষ্টব্য : শুক্লা সান্যাল, ফৰাচী বিপ্লবেৰ উৎস সন্ধানে, অনুষ্টুপ, ২০১৭)। গ্ৰন্থখনিত ফৰাচী-বিপ্লৱৰ ব্যাখ্যানত সাম্প্রতিক সময়ৰ ইতিহাসবেত্তাসকলৰ বিভিন্ন মাৰ্গৰ জটিল বিতৰ্কৰ সন্দৰ্ভত বৰ চিত্তাকৰ্ষক আলোচনা আছে। অৱশ্যে, বিভিন্ন মাৰ্গৰ ব্যাখ্যাৰ আঁৰত সক্ৰিয় হৈ থকা মতাদৰ্শগত দিশটো বৰ স্পষ্টকৈ গ্রন্থখনত নাই। বিভিন্ন মতাদৰ্শৰ ইতিহাস-ব্যাখ্যাৰ বিস্তাৰিত বিৱৰণ নিটোলভাৱে দিয়া হৈছে গ্ৰন্থখনত, কিন্তু বিভিন্ন ইতিহাসবেত্তাৰ তেনে ব্যাখ্যাৰ আঁৰত ক্ৰিয়া কৰি থকা সামাজিক আৰু মতাদৰ্শগত পটভূমি কি‌? এই কথাটো গ্ৰন্থখনত প্ৰায় অনুচ্ছাৰিত হৈ ৰৈছে। উদাহৰণ স্বৰূপে, গ্ৰন্থাকাৰ পণ্ডিতগৰাকীয়ে প্ৰচুৰ তথ্যৰ সহায়েৰে দেখুৱাইছে যে যোৱা শতিকাৰ শেষৰ ফালে মাৰ্ক্সীয় ব্যাখ্যাৰ বাট এৰি নতুন মাৰ্গে পূৰ্ণ উদ্যমেৰে আত্মপ্রকাশ কৰিছিল সঁচা, কিন্তু সম্প্রতি তেনে “নতুন” মাৰ্গৰ প্রতি বহুতো ইতিহাসবেত্তা একেবাৰেই আগ্রহী নহয়। কিন্তু তাৰ কাৰণ কি‌? এই প্ৰসংগটো গ্ৰন্থখনত নাই। আমি ধাৰণা কৰোঁ, মাৰ্ক্সবাদী বিশ্লেষণৰ প্ৰতি তেনে অনুৰাগ-বিতৰাগৰ ঘূৰ্ণাৱৰ্তৰ বিষয়টো বিশ্ব-ৰাজনীতিৰ চলিষ্ণু ঘটনাৱলীৰ পৰা বিচ্ছিন্ন নহয়। লগতে উনুকিয়াই থওঁ, ফৰাচী-বিপ্লৱৰ ক্ষেত্ৰতেই মাত্ৰ নহয়, অন্যান্য সামাজিক প্ৰপঞ্চসমূহৰ ব্যাখ্যা-বিশ্লেষণত সামাজিক দ্বন্দ্ব-সংঘাত, উৎপাদন-ব্যৱস্থা, উৎপাদন-সম্পৰ্ক আদিক কেন্দ্ৰত ৰাখি কৰা বস্তুবাদী বিচাৰ-বিশ্লেষণহে আমাৰ ধাৰণাত শুদ্ধ পথ। তাৰ সৈতে মনস্তত্ত্ব, জীন বিদ্যা, বংশগতি বিজ্ঞান আদিক অতি সতৰ্কভাৱে প্ৰয়োগ কৰাও জৰুৰী যেন ধাৰণা হয়।

উল্লেখ কৰিছিলোঁ যে ফৰাচী-বিপ্লৱৰ প্ৰভাৱ বিশ্বৰ চুকে-কোণে পৰিছিল। এই প্ৰসংগত এগৰাকী মুক্ত চিন্তক মেধাজীৱী, প্ৰচুৰ অধ্যয়নেৰে পৰিপুষ্ট অমাৰ্ক্সবাদী পণ্ডিত, অশ্ৰুকুমাৰ সিকদাৰৰ কথা এটি আমাৰ এই আলোচনাৰ বাবে বৰ প্ৰাসংগিক। তেখেতে লেখিছে যে ফৰাচী-বিপ্লৱৰ পাছৰে পৰা বিপ্লৱৰ প্ৰতি মানুহৰ আকৰ্ষণ বৰকৈ বা‌‌ঢ়ি আহিছিল। কথাটো সঁচা‍; এই সমন্ধে কিছু কথা ইয়াতেই আলোচনা কৰিম। কিন্তু অশ্ৰুকুমাৰ সিকদাৰে যে উপৰিউক্ত কথাটোৰ সৈতে তীব্ৰ বৌদ্ধিক-বিতৰ্কৰ নিশ্চিত সম্ভাৱনা থকা কথা কিছুমানো যে কৈছে, সেইটোৰো উল্লেখ—আলোচ্য প্ৰসংগৰ পৰা তেনেই ফালৰি কাটি হ’লেও—কৰিবই লাগিব। আমি ওপৰত মাত্ৰ এই আলোচনাত প্ৰাসংগিক কথাংশখিনিকহে—ফৰাচী বিপ্লৱৰে জন্ম দিয়া মানুহৰ বিপ্লৱৰ ইচ্ছাৰ কথাটো—গুৰুত্ত্বসহকাৰে টানি আনিছোঁ। অশ্ৰুকুমাৰ সিকদাৰৰ লিখা দফাটোৰ মুকলি অনুবাদ এনেকুৱা—“ফৰাচী বিপ্লৱৰ পাছৰে পৰা বিপ্লৱৰ প্ৰতি এটা তীব্ৰ আকৰ্ষণ ব্যাপকভাৱে সঞ্চাৰিত হৈছে। ফৰাচী বিপ্লৱৰ পৰাই এই মীথ্‌ চলি আহিছে যে বিপ্লৱৰ অবিহনে সমাজৰ মৌলিক পৰিৱৰ্তন সম্ভৱ নহয়। সমাজৰ ব্যাখ্যা, বিশ্লেষণ, ভাষ্যৰচনা বহুত হৈছে, এতিয়া লাগে সমাজৰ আমূল পৰিৱৰ্তন আৰু সেই পৰিৱৰ্তন ঘটাবলৈ লাগে বিপ্লৱ” (দ্ৰষ্টব্য‍‍ ‍: অশ্ৰুকুমাৰ সিকদাৰ, কিল মাৰাৰ গোসাঁই ‍; কমিউনিষ্ট আমোলাতন্ত্ৰ ও সাহিত্যিক শিল্পী মেধাজীৱী, দীপ প্ৰকাশন, কলকাতা, পৃ . ৩, ২০১৩)। শেষৰ বাক্যটো যে কাৰ্ল মাৰ্ক্সৰ এটি বহুজনব্যৱহৃত বিখ্যাত উক্তিৰ (“The philosophers have only interpreted the world, in various ways; the point is to change it”) প্ৰতি যে সংশয়-সন্দেহ-বিৰোধৰ পৰিণতিৰ তীৰ্যক প্ৰকাশ, সেইটো দেখ্‌দেখ্‌কৈ ওলাই পৰিছে। সমাজৰ মৌলিক পৰিৱৰ্তনৰ বাবে বিপ্লৱ অপৰিহাৰ্য—এই ধাৰণাটোক পণ্ডিতগৰাকী মাত্ৰ “মীথ্‌” বুলিয়েই আখ্যা দিয়া নাই, লগতে কৈছে যে তেনে বিপ্লৱাকাংক্ষাৰ সৈতে “হয়তো মিহলি হৈ আছে মনস্তাত্ত্বিক মোহ ৰক্তপাতৰ প্ৰতি, হিংস্ৰতাৰ প্ৰতি” (পূৰ্বোক্ত গ্ৰন্থ, পৃ . ৪)। পুনৰ কৈছোঁ, এইখিনি এই আলোচ্য টোকাটোত প্ৰাসংগিক নহয়, তথাপি উনুকিয়াই থওঁ যে অশ্ৰুকুমাৰ সিকদাৰৰ দৰে মেধাজীৱীক তেখেতৰ তেনেধৰণৰ মতৰ বাবে চিধাই প্ৰতিক্ৰিয়াশীল বুলি চিহ্নিত কৰাটো যুগুত নহয়। অমাৰ্ক্সবাদী পণ্ডিতৰ মতামতক সুবিধাবাদী-প্ৰতিক্ৰিয়াশীল বুলি কৈ সহজতেই বিষয়টো সামৰি থ’ব পাৰি ঠিকেই, কিন্তু তেওঁলোকৰ সমালোচনাৰ ভিতৰত থকা সাৰবস্তুখিনিও তেতিয়া আৱৰ্জনা বুলি হেৰাই যায়। মাৰ্ক্সবাদৰ বিকাশৰ বাবেই, অমাৰ্ক্সবাদী পণ্ডিতসকলৰ সমালোচনাত্মক মতসমূহ অতি গুৰুত্ত্বসহকাৰে, মুক্ত মনেৰে, সতৰ্ক হৈ বিচাৰ কৰি চোৱাটো বৰ জৰুৰী—তাৰ পাছতেহে আহিব তেনে মতসমূহক বৰ্জন কৰাৰ কথা। সেইটোহে বিদ্বৎমহলত গ্ৰাহ্য বিজ্ঞানমনস্ক আৰু যুক্তিবাদী পন্থা। উনুকিয়াই থওঁ, অমাৰ্ক্সবাদী পণ্ডিতগৰাকীয়ে একেখন গ্ৰন্থতেই লেখিছে, “যিমানদিন সমাজত বৈষম্য থাকিব, সিমান দিন কমিউনিষ্ট পাৰ্টিৰ প্ৰতি নহ’লেও, সমাজতন্ত্ৰৰ প্ৰতি মানুহৰ আকৰ্ষণ থাকিবই . . . . .কল্যাণকামী ৰাষ্ট্ৰও আজি পুঁজিবাদৰ আক্ৰমণৰ মুখত” (পূৰ্বোক্ত গ্ৰন্থ, পৃ . ১২)। এনে ব্যক্তিক পোনচাটেই পুঁজিবাদৰ সমৰ্থক বুলি কৈ দিয়াটো এটা অমাৰ্ক্সবাদী আৰু অযুক্তিবাদী চিন্তাৰ সাক্ষৰ।

উপৰিউক্ত দফাটি সঁচাই আলোচ্য প্ৰসংগৰ পৰা একেবাৰে ফালৰি কাটি গ’ল। গতিকে পলম নকৰি পূৰ্বৰ প্ৰসংগলৈ উভতি আহিছোঁ। অশ্ৰুকুমাৰ সিকদাৰৰ কথা এটিৰ আঁত ধৰি উনুকিয়াইছিলোঁ যে ফৰাচী-বিপ্লৱৰ পাছৰে পৰা বিপ্লৱৰ প্ৰতি মানুহৰ আকৰ্ষণ বৰকৈ বা‌‌ঢ়ি আহিছিল। এই কথাটোত কাৰো দ্বিমত বোধকৰোঁ নাই। ফৰাচী বিপ্লৱে তাত সামন্ত্ৰতন্ত্ৰৰ অৱসান ঘটালে, নৱ-অংকুৰিত উজ্জীৱিত পুঁজিবাদৰ প্ৰাৰম্ভিক বিকাশে বৈপ্লৱিকভাৱে উন্মোচিত কৰিলে—অৰ্থনৈতিক ক্ষেত্ৰৰ উপৰিও—নানান দিশত ন ন ধ্যান-ধাৰণাৰ নতুন দিগন্ত। ফৰাচী বিপ্লৱৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ বাণীয়ে বহুতকে উদ্ধুব্ধ কৰি তুলিলে। কিন্তু কিছু দিনৰ ভিতৰতেই পুঁজিতন্ত্ৰজাত নানান বিসংগতি, অন্যায়, শোষণ, কড়িকেন্দ্ৰিক স্বাৰ্থান্ধতা আদি তীব্ৰ গতিত ব‌াঢ়ি আহিল। তেনে এটা পটভূমিত ফৰাচী বিপ্লৱৰ আশে-পাশে পৰিপুষ্ট হৈ উঠা সমাজতান্ত্ৰিক মতবাদে মানৱ-মনন আৰু সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলালে। সমাজ-পৰিৱৰ্তনৰ বাবে একাংশ মানুহৰ মনত বিপ্লৱ অত্যাৱশ্যকীয় বুলি বিবেচিত হ’বলৈ ধৰিলে। ১৮৪৮ চনত—বাস্তিল-পতনৰ প্ৰায় ষাঠী বছৰৰ পাছত—প্ৰকাশ হ’ল বিপ্লৱৰ ইস্তাহাৰ—কমিউনিষ্ট মেনিফেষ্টো। তাত মাৰ্ক্স আৰু এংগেলছে পুঁজিবাদৰ প্ৰাৰম্ভিক বৈপ্লৱিক ঐতিহাসিক অৱদান আৰু ভূমিকাৰ কথা দ্ব্যৰ্থহীনভাৱে ক’লে, “The bourgeoisie, historically, has played a most revolutionary part . . .” ( Manifesto of the Communist Party)। তাৰ লগে লগে কমিউনিষ্ট মেনিফেষ্টোত তেওঁলোকে কৈ গ’ল এটি বেলেগধৰণৰ আৱেগিক ৰসৰ অনুপম গদ্যৰে, কেনেকৈ প্ৰাৰম্ভিক প্ৰগতিশীল পুঁজিবাদী উদ্দীপনা নিঃশেষ হৈ এদিন নৰ্দমাত পৰিল গৈ। তাৰ পৰা পৰিত্ৰাণৰ উপায় কি‌? বিভিন্ন মাৰ্গৰ সমাজতান্ত্ৰিকৰ সৈতে কমিউনিষ্টৰ পাৰ্থক্য কি‌? এই প্ৰসংগত কমিউনিষ্ট মেনিফেষ্টোৰ সৰ্বজনবিদিত শেষৰ দুৰ্দান্ত তেজাল সামৰণিৰ কথা মনলৈ আহে— The proletarians have nothing to lose but their chains. They have a world to win—প্ৰলিটাৰিয়েটৰ শিকলিৰ বাহিৰে হেৰুৱালৈ একোকে নাই, কিন্তু জয় কৰিবলৈ আছে সমগ্ৰ জগত। কিন্তু কেনেকৈ‌? কি পন্থাৰে তেনে জয় আহিব‌? মেনিফেষ্টোৰ সেই অতি চুটি শেষৰ শাৰীটিৰ ঠিক আগৰ বাক্যটিত তাৰ আমি সন্ধান পাওঁ—”Let the ruling classes tremble at a Communistic revolution”—কমিউনিষ্ট বিপ্লৱত শাসক শ্ৰেণীক কম্পমান কৰি দিয়া যাওক। একেবাৰে চিধা কথা।

অশ্ৰুকুমাৰ সিকদাৰে উনুকিয়াই দিয়াৰ দৰেই, সমাজ-পৰিৱৰ্তনৰ বাবে বিপ্লৱ অপৰিহাৰ্য—বহুতো মানুহৰ মনৰ গভীৰত প্ৰোথিত হৈ পৰা এই ধাৰণাটো বহুলাংশে ফৰাচী বিপ্লৱৰ অৱদান। এগৰাকী বিদ্বানে এখনি গৱেষণাপত্ৰৰ সামৰণিত লেখিছে, “The revolution of 1789 opened over a century of revolutionary upheavals which culminated in the Russian Revolution and the establishment of Soviet Russia” (D V Guttner, The French revolution and Europe : its echoes, its influence, its impact, Agora, 51 (1), 2016, pp.34-42), —ফৰাচী বিপ্লৱে যি বৈপ্লৱিক আৰু চুম্বকীয় তীব্ৰ বিদ্যুত-তৰংগৰ উদ্ভৱ ঘটালে, তাৰ সৈতে পৰৱৰ্তী সময়ৰ ৰুচ বিপ্লৱৰ উদ্দীপনাৰ কথাটো সম্পৰ্কিত হৈ আছে। অৱশ্যে, বিপ্লৱৰ অপৰিহাৰ্যৰ ধাৰণাটোত ফৰাচী বিপ্লৱৰ সুগভীৰ প্ৰভাৱ থাকিলেও, —তেনে ধাৰণা ৰুচ বিপ্লৱৰ নানান কৰ্মকাণ্ডত মূৰ্ত হৈ থাকিলেও— সকলোৱে জনা কথা, দুয়োটা মহাবিপ্লৱৰ মৰ্মকথা সম্পূৰ্ণ বিপৰীত। সি যিয়েই নহওক, বলছেভিকসকলৰ ক্ষমতা দখলৰ বীৰগাঁথা, লেনিনৰ ক্ষুৰধাৰ যৌক্তিক বিচাৰ-বিশ্লেষণ আৰু নৈতিক শক্তি, দেশৰ জনতা আৰু ৰেড আৰ্মিৰ অভাৱনীয় আত্মত্যাগৰ মাজেৰে ফেচিষ্টক পৰাভূত কৰি খোদ হিটলাৰৰ প্ৰাণৰ ৰাজধানী বাৰ্লিন দখল কৰা, আৰ্থিক দিশত চমকপ্ৰদ উলম্ফন আদিয়ে বিশ্বজনতাক বৈপ্লৱিক শক্তি আৰু বিপ্লৱৰ ধাৰণাই আপ্লুত কৰি পেলালে। তেনেতে, ১৯৪৯ চনৰ চীন দেশৰ কমিউনিষ্টসকলৰ নিৰ্ণায়ক বিজয়ে মানুহৰ তেনে ধাৰণা কৰি পেলালে আৰু অধিক নিকপ্‌কপীয়া। কোৰিয়া, কিউবা, ভিয়েটনাম আদিৰ পুঁজিবাদ-সাম্ৰাজ্যবাজবিৰোধী মৰণপণ যুদ্ধ আৰু সেইসমূহৰ সফলতাই সমগ্ৰ বিশ্বৰ কমিউনিষ্টসকলৰ কথা বাদেই, মুগ্ধ কৰি পেলালে অন্যান্য উদাৰপন্থী মহলকো। তাৰ লগে লগে উন্মোচন হ’বলৈ ধৰিলে পুঁজিবাদ-সাম্ৰাজ্যবাদৰ নগ্ন-নৃশংস-কদৰ্য স্বৰূপ। তেনে পটভূমিত বহুতৰেই মনত সমাজতন্ত্ৰ আৰু সমাজতান্ত্ৰিক বিপ্লৱ মানৱ-জাতিৰ অমোঘ, অব্যৰ্থ আৰু নিশ্চিত ভৱিতব্য বুলি পৰিগণিত হ’বলৈ ধৰিলে। দেশে দেশে—ভাৰততো—কমিউনিষ্টসকলৰ আত্মত্যাগী সংগ্ৰাম চলিবলৈ ধৰিলে বিভিন্ন ধাৰা-উপধাৰাৰ মাজেৰে—সকলোৱে লক্ষ্য বিপ্লৱ, এই যুগৰ বাস্তিলৰ উচ্ছেদ।

বিপ্লৱৰ অনিবাৰ্যতাৰ তত্ত্বটোৰ তেনে জনপ্ৰিয়তাৰ মাজতো বাস্তৱ পৰিস্থিতিটোৱে কয় যে বিশ্বত সফল বিপ্লৱৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। বিপ্লৱৰ কিছুদিনৰ পাছৰে পৰাই ছোৱিয়েত শাসনতন্ত্ৰটো যে কেৰোণীয়া হৈ পৰিছিল, সেইটো কথা বিভিন্ন প্ৰপাগাণ্ডাৰ মাজতো ওলাই পৰিছিল। চীন দেশৰ ক্ষেত্ৰতো প্ৰায় একেই কথা প্ৰযোজ্য। যোৱা শতিকাৰ অন্তিম সময়ত পৰিস্থিতিটোলৈ আৰু সাংঘাতিক পৰিৱৰ্তন আহিল। আৰম্ভণিতেই কেৰোণে ধৰা ছোৱিয়ত ৰাষ্ট্ৰত আৰম্ভ হ’ল গ্লাষ্টনষ্ট-পেৰেছট্ৰাইকাৰ নাম লৈ খোলাখুলিকৈ পুঁজিবাদলৈ ওভতনি যাত্ৰা, চীনৰ তিয়ানানমেন স্কোৱাৰত জনতাৰ ওপৰত গুলি চলিল। এসময়ত মহাপৰিৱৰ্তনৰ উদ্দীপনা কঢ়িয়াই অনা ৰুচ আৰু মহাচীনৰ মহাবিপ্লৱ শেষ পৰ্যন্ত সফল নহ’ল। অৱশ্যে, পূৱ ইউৰোপৰ পৰা কমিউনিষ্ট নামধাৰী দলবোৰ শাসনৰ পৰা উৎখাত হোৱাৰ কথাটো বেলেগ—সেইসমূহত তেনে দলসমূহ শাসনত বৰ্তি আছিল ছোৱিয়েত ৰাষ্ট্ৰৰ প্ৰত্যক্ষ হস্তক্ষেপত—মাটিৰ সৈতে তাৰ কোনো সম্পৰ্ক নাছিল। এইখিনি বাৰু পৃথক আলোচনাৰ বিষয়।

উপৰিউক্ত ঘটনাপ্ৰৱাহে বিপ্লৱৰ অনিবাৰ্যতাৰ ধাৰণাসম্বলিত উদ্দীপনাক যথেষ্ট ম্লান কৰি পেলালেও, বিপ্নৱৰ আকাংক্ষা জানো সকলোৰে মনৰ পৰা আঁতৰি যাব‌? তেনে আকাংক্ষাৰ আঁৰত নিশ্চয় জাগতিক আৰু মনস্তাত্ত্বিক কাৰণ আছে। পূৰ্বে উল্লেখ কৰিছিলোঁ, অশ্ৰুকুমাৰ সিকদাৰে তেনে বিপ্লৱ-আকাংক্ষা ৰক্তপাত আৰু হিংস্ৰতাৰ প্ৰতি মানুহৰ মোহৰ সৈতে হয়তো মিহলি হৈ থাকিব পাৰে বুলি কৈছে। তেনে “মোহ” মানুহৰ থাকিবও পাৰে, নাথাকিবও পাৰে—পণ্ডিত-বিদ্বানসকলৰ অধিক বিচাৰ-বিশ্লেষণহে তেনে ধাৰণাৰ শুদ্ধতা-অশুদ্ধতাৰ দিশটো ভালকৈ দেখুৱাব পাৰিব। কিন্তু বিপ্লৱাকাংক্ষাৰ নিৰ্ণায়ক কাৰক মূলতঃ সমাজ-বাস্তৱৰ পৰাই উদ্ভূত বুলি ধাৰণা হয়।

সামাজিক বিপ্লৱৰ সংখ্যা তাকৰ, সামগ্ৰিকভাৱে মানুহৰ বিপ্লৱাকাংক্ষাতো হেৰফেৰ ঘটি আছে। কিন্তু আমি মন কৰা উচিত যে বিশ্বৰ চুকে-কোণে, সৰু-বৰ-উন্নত-অনুন্নত নিৰ্বিশেষে বিভিন্ন দেশত গণবিক্ষোভ সাংঘাতিকধৰণে বাঢ়ি আহিছে। সাম্প্ৰতিক বিশ্বৰ গণবিক্ষোভ-গণপ্ৰতিবাদৰ সন্দৰ্ভত প্ৰকাশ পোৱা এখন চমৎকাৰ ৰিপৰ্টৰ প্ৰথম বাক্যটি তাৎপৰ্যপূৰ্ণ—“We are living in an age of global mass protests that are historically unprecedented in frequency, scope, and size” (Brannen S. J,   Haig C. S and  Schmidt K, The Age of Mass Protests : Understanding an Escalating Global Trend, A Report of the CSIS Risk and Foresight Group, 2020, p.1)। ৰিপৰ্টখনত সন্নিবিষ্ট কৰা, সমীক্ষালব্ধ তথ্যৰ পৰা আমি জানিবলৈ পাওঁ যে ২০০৯ চনৰ পৰা ২০১৯ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে চৰকাৰ-বিৰোধী প্ৰতিবাদৰ সংখ্যা বছৰি বৃদ্ধি পাইছে গড়ে ১১.৫ শতাংশ। ৰিপৰ্টখনিত পোৱা এখনি লেখচিত্ৰ এই লিখাৰ সৈতে সংলগ্ল কৰি দিছোঁ; লেখচিত্ৰখনিয়ে সাম্প্ৰতিক (২০১৯ চনৰলৈকে) সময়ৰ গণবিক্ষোভৰ ব্যাপকতা বুজাত আমাক সহায় কৰিব।

সাম্প্ৰতিক (২০১৯ চনৰলৈকে) সময়ৰ গণবিক্ষোভৰ ব্যাপকতা

ৰিপৰ্টখনে লগতে দেখুৱাইছে যে বেইৰুট, বাৰ্চিলোনা, হংকং, হাৰাৰে আদি ৩৭-খনতকৈও অধিক ঠাইত কেৱল ২০১৯ চনৰ কেইটিমান মাহৰ ভিতৰতে ব্যাপক চৰকাৰ-বিৰোধী আন্দোলন সংঘটিত হৈছে। ২০১৯ চনত ১১৪-খন দেশত চৰকাৰ-বিৰোধী প্ৰতিবাদ সংঘটিত হৈছিল। ২০১৯ চনৰ ১৬ জুনত হংকঙত প্ৰায় ২০ লাখ নাগৰিকে সমদল উলিয়াইছিল—চহৰখনৰ জনসংখ্যাৰ সি আছিল প্ৰায় এক চতুৰ্থাংশ। চিলিৰ ছাণ্টিয়াগোত ২০১৯ চনৰ ২৫ অক্টোবৰত ১২ লাখ মানুহ বিৰাট গণবিক্ষোভত সমবেত হৈছিল। ৰিপৰ্টখনত ঘাইকৈ আছিল কভিড-১৯-ৰ আগৰ পৰিসংখ্যা আৰু তথ্য। অসমতো “কা” আইনৰ প্ৰতিবাদত ডাঙৰ বিক্ষোভ হৈছিল। তাৰো আগতে ভাৰতত আন্না হাজাৰে নামৰ এজন ব্যক্তিৰ নেতৃত্বত “দুৰ্নীতিনাশী” এটা গণআলোড়ণ চলিছিল। বিখ্যাত “আৰব বসম্ত”-ৰ কথাও বহুজনচৰ্চিত। শ্ৰীলংকা আৰু বাংলাদেশৰ প্ৰচণ্ড গণঅভ্যুত্থানে ৰাষ্ট্ৰৰ মুৰব্বীকেই পহুখেদা দি দেশৰ পৰা বাহিৰ কৰি দিলে।

তেনে গণবিক্ষোভে আমূল পৰিৱৰ্তন কঢ়িয়াই অনা সৰ্বাত্মক সমাজ-বিপ্লৱৰ জন্ম দিব পাৰিবনে‌?

এইটো প্ৰসংগলৈ যোৱাৰ আগতে উল্লেখ কৰিছোঁ, গণবিক্ষোভৰ পৰিণতিত বাস্তৱত সমাজ-বিপ্লৱ সংঘটিত হওক বা নহওক, তেনে গণপ্ৰতিবাদ-গণবিক্ষোভ দূৰ-দূৰণিত হ’লেও তাৰ উন্মাদনাই বহুতৰেই মনৰ বিপ্লৱাকাংক্ষাক আৱেগিকভাৱে পুৰুজ্জীৱিত কৰে—বিপ্লৱে যেন দুৱাৰত টুকুৰিয়াছে, দুৱাৰ খুলিবলৈ ঢাপলি মেলিব লাগে তৎক্ষণাৎ—, একাংশ মানুহে তেনেকুৱাধৰণৰ বালখিল্য আচৰণ কৰে, কোনো কোনো ক্ষেত্ৰত হয়তো “ৰক্তপাতৰ আৰু হিংস্ৰতাৰ প্ৰতি মোহৰ মনস্তাত্ত্বিক” কাৰণে মনত সুৰসুৰাই দিয়ে। সি বাৰু যিয়েই নহওক, আমি অলপ গমি চালেই দেখিম যে বিভিন্ন স্থানত সংঘটিত হৈ থকা গণপ্ৰতিবাদ-গণবিক্ষোভৰ চৰিত্ৰ আৰু ৰেহৰূপ একমাত্ৰিক নহয়। হংকঙৰ ঘটনাৰ সৈতে আৰবদেশৰ ঘটনাৰ মিল নাই, শ্ৰীলংকাৰ ঘটনাৱলী চাণ্টিয়াগোৰ বিক্ষোভৰ সৈতে নিমিলে। বিক্ষোভ-প্ৰতিবাদৰ কাৰণ, প্ৰতিবাদৰ ধৰণ আদিত সকলোতে বিস্তৰ প্ৰভেদ। তেনে পাৰ্থক্যৰ মাজতো বিভিন্ন গণবিক্ষোভৰ মাজত আমি কিন্তু দেখিবলৈ পাওঁ কেইটিমান সাধাৰণ (Common) চৰিত্ৰ। গণবিক্ষোভত ব্যাপকভাৱে অংশগ্ৰহণ কৰে সৰ্বসাধাৰণ মানুহে। গণপ্ৰতিবাদ-গণবিক্ষোভৰ অন্তৰালত থাকে বিভিন্ন শ্ৰেণীৰ মানুহৰ মনৰ শাসক-চৰকাৰবিৰোধী ক্ষোভ আৰু ক্ৰোধ। ক্যু-দে-তা-ৰ (ষড়যন্ত্ৰমূলক অভ্যুত্থান) ফলতো চৰকাৰ উফৰি যাব পাৰে, ব্যাপক গণবিক্ষোভতো শাসকগোষ্ঠী উফৰি যাব পাৰে। কিন্তু ক্যু-দে-তা-ৰ ক্ষেত্ৰত জনগণৰ তেনে ব্যাপক অংশগ্ৰহণ কেতিয়াও দেখা নাযায়। সাধাৰণভাৱে চলা আন্দোলনতকৈ গণবিক্ষোভৰ ব্যাপকতা মাত্ৰ বেছিয়েই নহয়, তাৰ তীব্ৰতাও সাংঘাতিক। তীব্ৰতা বেছি হয়, কিয়নো এক বা একাধিক কাৰণত শাসকৰ বিৰুদ্ধে ভিন্ন মত-মতাদৰ্শৰ মানুহ সন্মিলিতভাৱে বিক্ষোভ-প্ৰতিবাদত সমবেত হয়। বহুতো কাৰণত বিভিন্ন পক্ষৰ মানুহ—নিজ নিজ স্বাৰ্থ বাধাগ্ৰস্ত হোৱাৰ বাবে—আগৰে পৰাই বিক্ষুব্ধ হৈ থাকে। তেনে পটভূমিত সাধাৰণতেই কোনো তাৎক্ষণিক কাৰণত জনতাৰ ক্ষোভ বিস্ফোৰিত হয়।

গতিকে, গণবিক্ষোভত চামিল হোৱা জনতাৰ শ্ৰেণীচৰিত্ৰ সমমাত্ৰিক নহয়। বৰঞ্চ বিক্ষোভকাৰীসকলৰ মাজত বিভিন্ন মত আৰু মতবিৰোধ থাকে। কথাটো একো আচৰিত হ’বলগীয়া কথা নহয়। উদাহৰণ বহুত আছে—, সেই তেতিয়াৰ ফৰাচী বিপ্লৱত অংশগ্ৰহণ কৰাসকলৰ মাজত মতবিৰোধতো আছিলেই, শত্ৰুতাও আছিল‍;  পিছলৈ বিপ্লৱী নেতা ৰবছপীয়াৰৰ নিজৰে মূৰ গৈছিল গিলোটিনত। ৰুছ বিপ্লৱৰ আগে-পিছে বলছেভিক-মেনছেভিকৰ মাজৰ দলাদলি আৰু এটা উদাহৰণ। উল্লেখ কৰিছিলোঁ, সাম্প্ৰতিক সময়তো গণবিক্ষোভত চামিল হোৱা বিভিন্ন পক্ষই জনগণৰ উত্তাল আৱেগিক ঢৌ নিজৰ দিশে চালিত কৰিবলৈ চেষ্টা চলাই যায়। বিক্ষোভৰ পৰিণতিত যদি শাসক উফৰি যোৱাৰ সম্ভাৱনাই দেখা দিয়ে, তেতিয়া তাৰ সমান্তৰালভাৱে বিক্ষোভকাৰীৰ মাজৰ আভ্যন্তৰীণ দ্বন্দ্বও বৃদ্ধি পায়। তাৰ পৰিণতি আহে সহজ সমীকৰণৰ মাজেৰে—, শক্তি আৰু কৌশল যাৰ বেছি, সি জিকে। ই সদায় সংখ্যাগৰিষ্ঠতাৰ সৈতে সম্পৰ্কিত নহ’বও পাৰে। গতিকে, গণবিক্ষোভত সৰ্বসাধাৰণে ব্যাপকভাৱে অংশ ললেও, গণবিক্ষোভৰ পৰিণতিত জনগণৰ স্বাৰ্থ পূৰণ হ’বই বুলি কোনো নিশ্চয়তা নাই। তাৰ এটা চমৎকাৰ উদাহৰণ ভাৰতৰ আন্না হাজাৰেৰ দুৰ্নীতিবিৰোধী প্ৰতিবাদী বিক্ষোভ। ভয়ংকৰ কথা হৈছে যে গণবিক্ষোভৰ ফলত চূড়ান্ত প্ৰতিক্ৰিয়াশীল শক্তিয়েও ক্ষমতা দখল কৰিব পাৰে।

গণবিক্ষোভৰ মাজেৰে নিপিড়ীত জনতাৰ ক্ষোভ প্ৰকাশ পায়, তেনে ক্ষোভৰ বহিৰ্প্ৰকাশ স্বাভাবিক আৰু নায্য। এইখিনিতেই গণবিক্ষোভৰ এটা দিশৰ প্ৰতি আমি সতৰ্ক হৈ থকা যুগুত। জনগণৰ মনত জমা হৈ থকা ক্ষোভৰ আঁতি-গুৰি উলিয়াই লৈ, কোনো স্বাৰ্থাণ্বেষী মহলে গণবিক্ষোভ নিৰ্মাণ কৰি দিবও পাৰে। ইতিহাসে সকীয়াই দিয়ে যে পুঁজিবাদ অতি চতুৰ, বিভিন্নধৰণৰ কূটবুদ্ধি প্ৰয়োগত সি সিদ্ধহস্ত। পুঁজিবাদে কঢ়িয়াই অনা ক্ষোভকেই ব্যৱহাৰ কৰি পুঁজিবাদ টিকি থাকিব পাৰে। গণবিক্ষোভ সংঘটিত কৰি, বৰ্তি থকা শাসকক ওফৰাই চক্ৰান্তকাৰীয়ে নিজৰ হাতলৈ বা নিজৰ অনুগতৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰ ঘটাব পাৰে। বিগত সময়চোৱাৰ দুটিমান গণঅভ্যুত্থানৰ ৰেহৰূপে তেনে সন্দেহ অধিক ঘনীভূত কৰিছে। জনগণৰ মনত প্ৰচণ্ড ক্ষোভ আছিল, সেইটো সঁচা। জনতাৰ দাবীবোৰো যে নায্য—তাতো দ্বিমত নাই। কিন্তু কোনো পূৰ্বাভাষ নাই, পূৰ্বপ্ৰস্তুতি নাই, হঠাৎ আৰম্ভ হৈ যায় গণবিক্ষোভ, প্ৰচণ্ড আৱেগেৰে গীত-মাত পৰিৱেশন কৰা হয়। বিক্ষোভৰ তীব্ৰতাত শাসক অপসাৰিত হয়। লগে লগে জনতাৰ বিক্ষোভ স্তিমিত হৈ পৰে, সংগ্ৰামী স্পৃহাৰ অৱশেষো অনুভূত নহয়। সমস্যাবোৰ কিন্তু সমস্যা হৈয়েই থাকি যায়। প্ৰজাৰ নায্য দাবী-ক্ষোভৰ আলম লৈ কোনো চতুৰ নাট্যকাৰৰ চিত্ৰনাট্য‌ৰ সংলাপেৰে অজানিতভাৱে জনগণ-শিল্পী-সাহিত্যিক—এই সকলোৱে নাট এখন মঞ্চস্থ কৰিলে নেকি? এয়াই আছিল আমাৰ জধলা শিৰোনামটোত থকা “ভূতৰ মুখত ৰাম নাম”-ৰ ইতিকথা! বৈপ্লৱিক পৰিৱৰ্তনৰ আহ্বানৰ আঁৰত যদি চূড়ান্ত প্ৰতিক্ৰিয়াশীল মহলৰ চিত্ৰনাট্য এখনহে ওলায়গৈ, তাক “ভূতৰ মুখত ৰাম নাম” বুলিলে জানো বৰ এটা ভুল কৰা হ’ব! কিন্তু পৰিতাপৰ কথা, তেনে চিত্ৰনাট্যৰ নাটক মঞ্চস্থ হোৱা দেখি কোনো কোনো বিপ্লৱমনা আবেগিক মানুহৰ হাতচাপৰি বাজে। কথাটো বৰ চিত্তাকৰ্ষক। সেই তাহানিতেই এংগেলছে এষাৰ বৰ গাজত লগা কথা কৈ গৈছিল—“To make a science of Socialism, it had first to be placed upon a real basis” (F. Engels, Socialism: Utopian and Scientific, Moscow, 1970, p. 49)। বাস্তৱ-ভিত্তিটোক আগ্ৰাহ্য কৰি, গণবিক্ষোভৰ ব্যাপকতা আৰু তীব্ৰতাত আৱেগিক হৈ, সেইবোৰক নিৰ্দ্বিধাই আদৰণি-অভিনন্দন জনোৱা কাৰবাৰটো তেনেই অপৰিপক্ক আৰু অমাৰ্ক্সবাদী।

তেনেহ’লে আমি কি কৰা উচিত‌?

আঁতৰৰ বা কাষৰ গণবিক্ষোভৰ সৈতে নিঃচৰ্ত মনস্তত্ত্বিক একাত্মতা অনুভৱ কৰাতকৈ, আমি গণবিক্ষোভৰ গতি-প্ৰকৃতিৰ বিচাৰ কৰি চোৱাটোহে যুক্তিসংগত। নিৰ্মিত গণবিক্ষোভৰ কথা বাৰু বাদেই দিলোঁ। স্বতঃস্ফূৰ্ত অথচ অনিয়ন্ত্ৰিত গণবিক্ষোভে সমাজতান্ত্ৰিক বিপ্লৱ সাধন কৰিব নোৱাৰে। কথাটো বুজিবলৈ আকৌ ফৰাচী বিপ্লৱৰ কথালৈ উভতি যাওঁ। ফৰাচী বিপ্লৱৰ পূৰ্বেই উদীয়মান বুৰ্জোৱা শ্ৰেণীটো অৰ্থনৈতিক ক্ষেত্ৰত সমাজৰ প্ৰায় কেন্দ্ৰলৈ আহি গৈছিল। প্ৰকৃততে ১৭৮৯ চনৰ পৰৱৰ্তী ঘটনাপ্ৰৱাহ মূলতঃ আছিল ৰাজনৈতিক ক্ষমতা দখলৰ ৰক্তাক্ত ইতিহাস, অৰ্থনৈতিক ক্ষেত্ৰত পুঁজিবাদে ইতিমধ্যেই খোপনি পুতি ল’বলৈ আৰম্ভ কৰিছিল। সমাজতান্ত্ৰিক বিপ্লৱৰ ক্ষেত্ৰত কথাটো জানো তেনে হ’ব? পুঁজিবাদৰ অভ্যন্তৰত কেতিয়াও সমাজবাদী অৰ্থনীতি গঢ় লৈ নুঠে। স্বতঃস্ফূৰ্ত বিক্ষোভ-প্ৰতিবাদ বিপ্লৱৰ সহায়ক হ’ব পাৰে, কিন্তু সি বিপ্লৱৰ ৰূপকাৰ হ’বগৈ নোৱাৰে। জনগণৰ বিক্ষিপ্ত বিক্ষোভ-বিদ্ৰোহক এটা বিন্দুত আপতিত কৰিবলৈ সুসংঘবদ্ধ সাংগঠনিক ঘটনা ঘটালেহে বিপ্লৱৰ সম্ভাৱনা থাকে। কোনো সুসংগঠিত দলহে সতৰ্ক নিয়ন্ত্ৰণৰ মাজেদি, অন্যান্য শ্ৰেণীক ক্ষমতাৰ দ্বন্দ্বত পৰাভূত কৰি সমাজক আমূল পৰিৱৰ্তনৰ দিশে লৈ যাব পাৰিব। এইটোৱেই হৈছে কোনো নিটোল, মতাদৰ্শগতভাৱে সবল পাৰ্টিৰ অস্তিত্বৰ প্ৰাসংগিকতা। লগতে জনতাৰ ক্ষোভক তত্ত্বায়নৰ মাজেৰে দানা বন্ধোৱাৰ ক্ষেত্ৰত নেতা-চিন্তানায়কৰ ভূমিকাৰ কথাটোতো আছেই। “ৰাম ৰাম” বুলিলেই “ভূত” পলোৱাৰ কথাটো যিদৰে অবান্তৰ আৰু উদ্ভট, তেনেদৰেই “বিপ্লৱ বিপ্লৱ” বুলি জপ কৰিলেই পুঁজিতন্ত্ৰৰ অৱসান হ’ব বুলি ধাৰণা কৰাটোও অৰ্থহীন। বাংলাদেশৰ সাম্প্ৰতিক ঘটনাপ্ৰবাহ আমাৰ বাবে বৰ শিক্ষাপ্ৰদ বুলি বিবেচিত হোৱা উচিত। তাত জনতাৰ মাজত ক্ষোভ আছিল সঁচাই অতি বেছি। সেই ক্ষোভক ভিত্তি কৰি, তাৎক্ষণিক কাৰণ এটাক কেন্দ্ৰ কৰি বিৰাট গণআন্দোলন এটা হঠাৎ আৰম্ভ হ’ল। শাসক পলাল। তাত উৎফুল্লিত হ’ব লগা কোনো কথাই নাছিল। কিয়নো দেশখনৰ সামান্য খা-খবৰ ৰখা মানুহেই জানে, তাত মৌলবাদী শক্তিটোৱে বহুদিনৰ পৰাই চেগ্‌ চাই আছিল ক্ষমতাৰ সোৱাদ ল’বৰ বাবে। ইফালে তাত কমিউনিষ্ট দলৰ অৱস্থা অতি শোচনীয়। আৰু বহুতো কথাৰ বাবে, গণঅভ্যুত্থানৰ আৰম্ভণিতেই অতি স্পষ্টকৈ ওলাই পৰিছিল যে তাত মৌলবাদৰ উত্থান তৰাণ্বিত হ’ব। সেয়াই হ’বলৈ গৈ আছে দেশখনত, বাতৰি আহিছে যে তাৰ সংবিধানৰ পৰা “ধৰ্মনিৰপেক্ষ” শব্দটো আঁতৰাই দিয়াৰ যো-যা চলি আছে। এইবোৰৰ আঁৰত মাত্ৰ জনগণৰ ক্ষোভ নিৰ্ণায়ক কাৰণ আছিলনে‌? নে জনগণৰ ক্ষোভক সুচতুৰভাৱে ব্যৱহাৰ কৰি, তাৰ ফল ভোগ কৰিলে কোনো বৃহৎ স্বাৰ্থাণ্বেষী মহলে‌? এইবোৰৰ পৰা ক’ব পাৰি, ভূতৰ মুখৰ ৰাম নামত বিপ্লৱী-বিদ্ৰোহীৰ প্ৰাণ বিচলিত হ’লে নহ’ব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *