নিবন্ধসম্পাদকীয়

সম্পাদকৰ টোকা :: ককাদেউতা আৰু নাতি, ট্ৰাক আৰু হাতী (কৌশিক দাস)

অসমীয়া চিনেমা এখনৰ কথাৰে আলোচনাটি আৰম্ভ কৰিছোঁ।

নিপ বৰুৱাই পৰিচালনা কৰা “ককা দেউতা, নাতি আৰু হাতী” নামৰ অসমীয়া চিনেমা এখন এসময়ত অসমত বৰ জনপ্ৰিয় হৈছিল। চিনেমাখনে মুক্তি পাইছিল ১৯৮৩ চনত। বাছ ভা‌ড়া কৰিও গাঁৱৰ পৰা নগৰলৈ দলে দলে মানুহ আহিছিল চিনেমাখন চাবলৈ। চিনেমাখনৰ একেবাৰে প্ৰথমটো দৃশ্যত দৰ্শক-শ্ৰোতাৰ কাণত পৰে এটা গুৰ্‌গুৰ্‌ শব্দ, পৰ্দাত দেখা যায় দুজন বয়সস্থ মানুহ, এজনে (মৌজাদাৰৰ চৰিত্ৰ, অভিনেতা নিপন গোস্বামী) আৰামী চকীত বহি হোঁকা টানি আছে, শব্দটো তাৰেই। দেখিলেই ধৰিব পাৰি—মানুহজন বেছ অৱস্থাসম্পন্ন, তেওঁৰ মুখেৰে হোঁকাৰ ধোঁৱা নিৰ্গত হয় আৰু লগে লগে শুনা যায় চিনেমাখনৰ প্ৰথমটো সংলাপ, “দিনকাল সলনি হ’ল বুজিছা বান্ধৈ! আজিকালি মানুহে আকৌ ট্ৰাক কিনে। ডিজেল ট্ৰাক। মোৰ হাতীটোৰ লগত এই ডিজেল ট্ৰাকে ফেৰ মাৰিব পাৰিবনে?” শব্দৰ উচ্চাৰণত অতি পৰিষ্কাৰকৈ ফুটি উঠিছে “ডিজেল ট্ৰাক”-ৰ প্ৰতি বয়সস্থ মৌজাদাৰজনৰ তীব্ৰ বিদ্ৰূপ আৰু তাচ্ছিল্য। তাৰ লগতে আছে নতুনৰ প্ৰতি মানুহজনৰ ভীতিমিশ্ৰিত সংশয় (দিনকাল সলনি হ’ল) আৰু পুৰণিৰ প্ৰতি মোহগ্ৰস্ত অনুৰাগ (ডিজেল ট্ৰাকতকৈ হাতী ভাল)।

চিনেমাৰ কথাৰে আৰম্ভ কৰিলেও, চলচ্চিত্ৰৰ আলোচনা-সমালোচনা এইটো প্ৰবন্ধৰ বিষয় নহয়। এইটো টোকাত আমি পুৰণি আৰু নতুন প্ৰজন্মৰ মাজত সততেই দেখিবলৈ পোৱা ব্যৱধান, বিৰোধ, সংঘাত আদিৰ কথা থোৰতে আলচ কৰিবলৈ প্ৰয়াস কৰিম। চিনেমাখনৰ উক্ত সংলাপটো আলোচ্য প্ৰসংগত এটি উদাহৰণ হিচাপেহে উল্লেখ কৰা হৈছে। চিনেমাখনৰ কাহিনীত হাতী হৈ পৰিছে পুৰণি প্ৰজন্মৰ গৌৰৱৰ প্ৰতীক, ট্ৰাক হৈছে গৈ নতুন প্ৰজন্মৰ প্ৰাযুক্তিক প্ৰতিনিধি। হাতী আৰু ট্ৰাক—এই দুয়োটাৰ মাজত বিৰোধ-ব্যৱধানৰ তৰ্কাতীত উপস্থিতিতো আছেই, লগতে আছে দুয়োটাৰে মাজত সংঘাতৰ সুতীব্ৰ ইংগিত। পুৰণি প্ৰজন্মৰ মনত নতুনৰ আগমণ হৈছেগৈ এটা অবাঞ্ছিত-অনভিপ্ৰেত উৎপাত। এনেধৰণৰ কথাক আমি সাধাৰণভাৱে দুটা প্ৰজন্মৰ মাজৰ ব্যৱধান, বিৰোধ, সংঘাত আদিৰে আখ্যায়িত কৰিব পাৰোঁ।

চিনেমাখনৰ উক্ত সংলাপটো বহুতো সাহিত্য-সংস্কৃতিমূলক উদাহৰণৰ মাজৰ এটাহে; প্ৰজন্মভেদৰ মৰ্মস্পৰ্শী আৰু বৈচিত্ৰ্যময় কাহিনীক কেন্দ্ৰ কৰি দেশে দেশে বহুতো কালজয়ী সাহিত্যকীৰ্তি সৃষ্টি হৈ আহিছে। বহুতো সৃষ্টিশীল প্ৰতিভাৰ দ্ৰষ্টাজনোচিত চিন্তাত নতুন প্ৰজন্মৰ প্ৰতি উচ্ছাস দেখা যায়। ৰবীন্দ্ৰনাথে পৰিণত বয়সত ৰচনা কৰা এটি কবিতা এই প্ৰসংগত বৰ অৰ্থবহ। “বলাকা”-ত সন্নিবিষ্ট কৰা কবিতাটিত তৰুণ প্ৰজন্মৰ প্ৰতি তেখেতৰ সুগভীৰ আৰু বিস্ময়কৰ আস্থা প্ৰকাশ পাইছে, “ওৰে নবীন, ওৰে আমাৰ কাঁচা, ওৰে সবুজ, ওৰে অবুঝ, আধমৰাদেৰ ঘা মেৰে তুই বাঁচা“। তাৰুণ্যৰ প্ৰতি গভীৰ আস্থা আৰু আশা অসমৰো বহুকেইগৰাকী যুগন্ধৰ প্ৰতিভাৰ গীতমাতত পোৱা যায়। জ্যোতিপ্ৰসাদৰ তৰুণ-প্ৰশস্তিৰ কথা সৰ্বজনবিদিত। বিষ্ণুপ্ৰসাদ ৰাভাই বিশ্বাস ৰাখিছিল “ডেকা দল”-ৰ ওপৰত। ভূপেন হাজৰিকাৰ বহুতো গীতত তৰুণ-তৰুণীৰ প্ৰতি আছে অটল আৰু অতল আস্থা। “তুমি নতুন পুৰুষ”, “নতুন পুৰুষ নতুন পুৰুষ”, “নতুন দিনৰ তৰুণ-তৰুণী” আদি তাৰ উদাহৰণ। আলোচনী, সংগঠন, দল আদিৰ নামকৰণত “নৱ”, “নতুন” “তৰুণ”, আদি শব্দৰ পয়োভৰে নতুনক আদৰণি জনোৱাৰ আৰু পুৰণিক বিদায় দিয়াৰ ঈপ্সাৰ কথাকেই প্ৰতিফলিত কৰে। কেতিয়াবা হয়তো তাৰ লগতে থাকে প্ৰজন্মৰ ব্যৱধান আৰু সংঘাতৰো ইংগিত। প্ৰসংগক্ৰমে আমি মনত পেলাব পাৰোঁ ডিৰোজিঅ’-ৰ “ইয়ং বেংগল” আন্দোলনলৈ। কাৰ্যত ইয়ং বেংগলে অতি জংগী ভাবভংগীৰে প্ৰত্যাহ্বান জনাইছিল পুৰণি প্ৰজন্মৰ ৰীতি-নীতি-প্ৰথা-পৰম্পৰাক। অৰ্থাৎ, সাহিত্য-সংস্কৃতিমূলক উদাহৰণসমূহত বৰ্ণিত প্ৰজন্মৰ ব্যৱধান-সংঘাতৰ কথা কোনো কল্প-কাহিনী নহয়। যদিও বহুতো চিন্তাশীল মনীষীয়ে তেওঁলোকৰ পৰিণত বয়সত উচ্ছাসেৰে নতুন প্ৰজন্মক স্বাগতম জনাইছে, সমাজত কিন্তু পুৰণি প্ৰজন্মই সাধাৰণতেই নৱ-প্ৰজন্মৰ ধ্যান-ধাৰণাক আদৰি লোৱা দেখা নাযায়। কথাটো অন্য দিশটোৰ পৰাও আমি লক্ষ্য কৰিব পাৰোঁ—নতুন চামেও পুৰণি প্ৰজন্মৰ কথা-বতৰা-চিন্তা-চৰ্চাক এৰিবলগীয়া বস্তু বুলি গণ্য কৰে। প্ৰজন্মৰ তেনে ব্যৱধান, বিৰোধ, সংঘাত আদি আমাৰ সমাজখনত সততেই দেখিবলৈ পোৱা যায়, ই এটা বাস্তৱ পৰিঘটনা।

স্বাভাৱিকতেই প্ৰশ্ন উঠিব, দুটা প্ৰজন্মৰ মাজত তেনে বিৰোধ আৰু সংঘাত-প্ৰৱণতাৰ উদ্ভৱ হয় কিয়? এই জটিল প্ৰশ্নটোৰ উত্তৰ সন্ধান কৰাৰ আগতে আমি প্ৰজন্মৰ ব্যৱধান মানেনো কি—, এইটো কথাত আৰু অলপ স্পষ্ট হৈ লোৱা ভাল। সাধাৰণতেই নৈতিক মূল্যবোধ, ধ্যান-ধাৰণা, চিন্তা-চৰ্চা, দৰ্শন, সাংস্কৃতিক প্ৰমূল্য, বিশ্ববীক্ষা ইত্যাদিৰ ক্ষেত্ৰত দুটা প্ৰজন্মৰ সদস্যবৃন্দৰ মাজত বহুতো পাৰ্থক্য পৰিলক্ষিত হয়। সেইবোৰ পাৰ্থক্য জীৱন আৰু জগতৰ সংক্ৰান্তত দুটা প্ৰজন্মৰ মাজৰ মতাদৰ্শগত কিম্বা দৃষ্টিকোণৰ প্ৰভেদৰ দৰে গভীৰ বিষয়ৰ সৈতে সম্পৰ্কিত। মন কৰিবলগীয়া কথা, প্ৰজন্মৰ মাজৰ পাৰ্থক্য মাত্ৰ তেনে গুৰুগম্ভীৰ বিষয়তেই সীমাবদ্ধ হৈ নাথাকে। অতি স্পষ্টকৈ দুটা প্ৰজন্মৰ আদব-কায়দা, ৰুচি-অভিৰুচি, সাজসজ্জা, কৰ্মপদ্ধতি আদিৰ মাজতো আমি অনেক পাৰ্থক্য দেখিবলৈ পাওঁ। প্ৰমূল্যবোধ, বিশ্ববীক্ষা, মতাদৰ্শ আদিৰ লগতে দৈনন্দিন জীৱনৰ সাধাৰণ আদব-কায়দা আদিত থকা তেনে পাৰ্থক্যই দুটা প্ৰজন্মৰ মাজত ব্যৱধানৰ উদ্ভৱ ঘটায়। তেনে ব্যৱধানকেই আমি প্ৰজন্মৰ ব্যৱধান বুলি বিবেচনা কৰিব পাৰোঁ।

প্ৰজন্মৰ ব্যৱধানৰ দুবিধ প্ৰধান অভিব্যক্তি বা প্ৰকাৰ আমি দেখিবলৈ পাওঁ। প্ৰথমবিধৰ প্ৰকাশ ঘটে ব্যক্তিগত স্তৰত—যিটোৰ সাধাৰণতেই এটা পৰিয়ালকেন্দ্ৰী চৰিত্ৰ থাকে। পূৰ্বপুৰুষৰ সৈতে উত্তৰপুৰুষৰ ব্যক্তিগত পৰ্যায়ৰ ব্যৱধান (যেনে, পিতৃ-মাতৃ সৈতে পুত্ৰ-কন্যাৰ ব্যৱধান) তাৰ সকলোতকৈ পৰিষ্কাৰ আৰু শক্তিশালী উদাহৰণ। ৰুচিবোধ, কৰ্মপদ্ধতি, সিদ্ধান্তগ্ৰহণ আদিৰ ক্ষেত্ৰত সততেই তেনে ব্যক্তিগত স্তৰৰ প্ৰজন্মৰ ব্যৱধান পৰিলক্ষিত হয়। দ্বিতীয়বিধ প্ৰজন্মৰ ব্যৱধান পৰিলক্ষিত হয় বিৰাট-বিশাল সামাজিক পৰিমণ্ডলত, দুয়োটা প্ৰজন্মৰ মাজত সামাজিক মূল্যবোধ, বিশ্ববীক্ষা, দৰ্শন আদিৰ প্ৰসংগত গুৰুতৰ পাৰ্থক্যই দেখা দিয়ে। এই দ্বিতীয়বিধ প্ৰজন্মৰ ব্যৱধান সামাজিক পৰিঘটনা হিচাপে অতিশয় তাৎপৰ্যপূৰ্ণ। অৱশ্যে ব্যক্তিগত স্তৰৰ প্ৰজন্মৰ ব্যৱধানো কোনো নিৰালম্ব পৰিঘটনা নহয়, সামাজিক ঘটনাপ্ৰৱাহৰ সৈতে সি নিবি‌ড়ভাৱে সম্পৰ্কিত হৈ থাকে। উদাহৰণ স্বৰূপে আমি উনুকিয়াব পাৰোঁ যৌথ পৰিয়ালৰ ক্ৰমবৰ্ধমান অৱলুপ্তিৰ কথাটোলৈ। একো-একোটা যৌথ পৰিয়ালৰ সদস্যবৃন্দই সাধাৰণতেই প্ৰতিনিধিত্ব কৰিছিল দুটাতকৈ অধিক প্ৰজন্মক, প্ৰপিতামহ-পিতামহ আৰু প্ৰপৌত্ৰ-পৌত্ৰৰ মাজত মধ্যৱৰ্তী প্ৰজন্মৰ লোকো তাত উপস্থিত আছিল। পৰৱৰ্তী সময়ত যৌথ পৰিয়ালৰ অৱলুপ্তি ক্ৰমাৎ দ্ৰুততৰ হৈ অহাৰ লগে লগে, মাথোন পিতৃ-মাতৃ-সন্তানক সদস্য-সদস্যা হিচাপে লৈ গঠিত হোৱা একক পৰিয়ালৰ সংখ্যা তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি পাবলৈ ধৰিলে। সহজেই ধৰিব পাৰি, যৌথ পৰিয়ালত দেখা পোৱা প্ৰজন্মৰ ব্যৱধানৰ চৰিত্ৰটো, একক পৰিয়ালত সক্ৰিয় হৈ থকা প্ৰজন্মৰ ব্যৱধানৰ ৰূপটোতকৈ গুণগতভাৱেই পৃথক। আপাতদৃষ্টিত এইটো এটা পৰিয়ালকেন্দ্ৰী, ব্যক্তিগত স্তৰৰ ঘটনা যেন লাগিব পাৰে। কিন্তু অলপ গমি চালেই ধৰিব পাৰি, যৌথ পৰিয়ালৰ ভাঙোন আৰু একক পৰিয়ালৰ সংখ্যাবৃদ্ধি হৈছে বিশাল পৰিসৰৰ আৰ্থ-সামাজিক ঘটনাৱলীৰহে পৰিণতি। সামন্ততান্ত্ৰিক সমাজৰ সৈতে সংগতিপূৰ্ণ বহু যুগ ধৰি বৰ্তি থকা যৌথ পৰিয়ালৰ ব্যৱস্থাটো পুঁজিবাদৰ আগমনে প্ৰায় অৱলুপ্তি ঘটাইছে। গতিকে আমি ক’ব পাৰোঁ যে ব্যক্তিগত পৰ্যায়ৰ যেন লগা পৰিয়ালকেন্দ্ৰী প্ৰজন্ম-ব্যৱধানৰ নেপথ্যতো সক্ৰিয় হৈ থাকে সমাজবাস্তৱৰ বহুত জটিল ঘটনা-পৰিঘটনা।

প্ৰজন্মৰ তেনে দ্বন্দ্ব-সংঘাতে সমাজৰ অন্যান্য দ্বন্দ্বৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা থাকে। এইটো কাৰণৰ বাবেও বিশাল সামাজিক অবয়ৱৰেই হওক, কিম্বা ব্যক্তিগত পৰ্যায়ৰেই হওক, প্ৰজন্মৰ ব্যৱধানৰ কাৰণানুসন্ধান এটা আলোচনাযোগ্য বিষয়। এই প্ৰসংগত আমি মন কৰিবলগীয়া কথাটো হ’ল যে প্ৰত্যেক প্ৰজন্ম লালিত-পালিত হয় ভিন্নতৰ আৰ্থসামাজিক, আৰ্থৰাজনৈতিক আৰু আৰ্থসাংস্কৃতিক পৰিমণ্ডলত। এই কথাটো দেখ্‌দেখ্‌কৈ সমাজৰ বিকাশ আৰু তাৰ পৰিৱৰ্তনশীল চৰিত্ৰৰ সৈতে সম্পৰ্কিত। পুৰণি প্ৰজন্মই আন্তৰিকতাৰে আশা কৰে, নতুন প্ৰজন্মই বৰ্তি থকা প্ৰচলিত মূল্যবোধক আত্মীকৃৎ কৰি আগুৱাই যাওক। তেনে আশা পুৰণি প্ৰজন্মৰ সদিচ্ছা আৰু শুভেচ্ছাৰে বলীয়ান, কিন্তু নতুন প্ৰজন্মৰ বাবে সেইটো স্বস্তিদায়ক নহয়, কিয়নো তেওঁলোকৰ মনত ইতিমধ্যেই থিতাপি লয় নতুন মূল্যবোধে। নৱলব্ধ তেনে মানসিকতাই তেওঁলোকক পুৰণি প্ৰজন্মৰ উপদেশধৰ্মী নীতি-নিৰ্দেশনাক অগ্ৰাহ্য কৰিবলৈ বাধ্য কৰে। নিজৰ দৰ্শন, নিজৰ দৃষ্টিকোণ আদিৰ প্ৰতি প্ৰতিটো প্ৰজন্মৰেই থাকে স্বাভাবিক আকৰ্ষণ আৰু প্ৰীতি, তাত সাধাৰণতেই থাকে পক্ষপাতিত্বমূলক মনোভাৱ, লগতে থাকে নিজৰটোৰ প্ৰতি শুদ্ধতা আৰু শ্ৰেষ্ঠতাৰ ধাৰণা। তেনে ধ্যান-ধাৰণা সাধাৰণতেই প্ৰজন্মটোৰ বাবে এৰাব নোৱৰাকৈ মজ্জাগত হৈ পৰে। সেইবোৰ পৰিত্যাগ কৰিবলৈ, তাত আপোচ কৰিবলৈ তেওঁলোক সহজতে মান্তি নহয়। স্বাভাবিকতেই তেনে চিন্তা-চৰ্চাক তেওঁলোকে প্ৰায়োগিক ক্ষেত্ৰতো ওপৰহতীয়া কৰিবলৈ চেষ্টা চলাই যায়। দেশ-কালভেদে তেনে চেষ্টাৰ ৰেহৰূপ, প্ৰাৱল্য আৰু চৰিত্ৰ ভিন্নতৰ হয়; কেতিয়াবা দুটা প্ৰজন্মৰ তেনে প্ৰয়াস বা প্ৰচেষ্টা ইটোৱে সিটোৰ সৈতে একেবাৰে খাপ খাব নোৱৰাকৈ বিপৰীতমুখী হৈ পৰে। তেনে ক্ষেত্ৰত প্ৰজন্মৰ ব্যৱধানে প্ৰচণ্ড সংঘাতৰ ৰূপ লয়গৈ।

লক্ষণীয় কথা, মানুহৰ সমাজখন স্থাণু নহয়, তাত নিৰন্তৰে পৰিৱৰ্তন সংঘটিত হৈ থাকে। আজিৰ নতুন প্ৰজন্মটো যি সামাজিক প্ৰেক্ষাপটত লালিত-পালিত হৈছে, সি কাইলৈ নিশ্চিতভাৱে সলনি হৈ পৰিব। সেই পৰিৱৰ্তিত সামাজিক পটভূমিয়ে যোগান ধৰা সাৰ-পানী লৈ গঢ় লৈ উঠিব পৰৱৰ্তী অন্য এটা প্ৰজন্মৰ মূল্যবোধ, আদব-কায়দা, ৰুচি-অভিৰুচি আদি। পৰৱৰ্তী প্ৰজন্মৰ তেনে ধৰণ-কৰণ আজিৰ নৱপ্ৰজন্মৰ ধ্যান-ধাৰণাৰ সৈতে বিসংগতিপূৰ্ণ হৈ পৰিব। সেইবাবেই প্ৰজন্মৰ ব্যৱধান হৈছে এটা অন্তহীন আৰু চলমান সামাজিক প্ৰপঞ্চ।

আমি দেখিলোঁ যে প্ৰজন্মৰ ব্যৱধান এটা অতি স্বাভাবিক আৰু সদায়েই বৰ্তি থকা সামাজিক প্ৰপঞ্চ। সেইবাবেই যুক্তিযুক্তভাৱে অনুমান কৰিব পাৰি যে সুদূৰ অতীততো নিশ্চয়কৈ প্ৰজন্মৰ ব্যৱধান আছিল। কিন্তু তেনে ব্যৱধানে সদায়েই যে বিৰোধ আৰু সংঘাতৰ ৰূপত আত্মপ্ৰকাশ কৰিব, তেনে নহয়। নিশ্চল, স্থাণু আৰু নিস্তৰংগ সমাজ এখনত মানুহৰ মাজত প্ৰজন্মৰ ব্যৱধান থাকিলেও সি সাধাৰণতেই তীব্ৰ সংঘাতৰ ৰূপ ধাৰণ নকৰে। কিয়নো, তেনে স্থবিৰ সমাজ এখনত মতাদৰ্শৰ দিশটোতো পৰিৱৰ্তনৰ তৰংগৰ অভিঘাত তেনেই নিস্তেজ আৰু দুৰ্বল। কিন্তু সমাজত সামাজিক পৰিৱৰ্তনৰ দ্ৰুতি তীব্ৰ হৈ আহিলে সি মতাদৰ্শগত দিশটোতো উলম্ফন আনে। তাৰ ফলত পুৰণি আৰু নতুন প্ৰজন্মৰ মাজত কম সময়ৰ ভিতৰতে ব্যৱধান বহুত বাঢ়ি যায়। তেনে সময়ত প্ৰজন্মৰ ব্যৱধানে সংঘাতৰ পৰ্যায় পোৱাৰ সম্ভাৱনা প্ৰচুৰ।

সমাজ-বাস্তৱতাৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি—দীৰ্ঘ সময়পৰ্ব এটাৰ লেখেৰে—মানুহৰ মূল্যবোধৰ নিৰন্তৰ পৰিৱৰ্তন হৈ থাকে। তেনে পৰিৱৰ্তিত মূল্যবোধ যে প্ৰজন্মৰ ব্যৱধানৰ অন্যতম কাৰক—এই কথাটো ওপৰৰ দফাটিত চমুকৈ বৰ্ণনা কৰি অহা হৈছে। অৱশ্যে আমি মন কৰিব লাগিব, নিজৰ জীৱনকালতেই লাভ কৰা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তি এগৰাকীয়ে আগ বয়সত লালন কৰি অহা মূল্যবোধলৈ পাছৰ জীৱনত আমূল পৰিৱৰ্তন আহিব পাৰে। তেনে ক্ষেত্ৰত ব্যক্তিগৰাকীৰ চৌপাশে সংঘটিত হৈ থকা সমূহীয়া আৰু সামাজিক ঘটনা প্ৰৱাহৰ প্ৰভাৱ এটা নিৰ্ণায়ক কাৰক। পাছৰ বয়সৰ তেনে পৰিৱৰ্তনৰ ফলত—ব্যক্তিগত স্তৰত হ’লেও—প্ৰজন্মৰ ব্যৱধানৰ চোক সলনি হৈ পৰাটো সম্ভৱ। উদাহৰণ স্বৰূপে, বয়োবৃদ্ধ লোক এগৰাকীয়ে নতুন প্ৰজন্মই আঁকোৱালি লোৱা মূল্যবোধক আদৰণি জনালে নিশ্চিতভাৱে প্ৰজন্মৰ ব্যৱধান হ্ৰাস পাব। মন কৰিবলগীয়া কথা, তেনে আদৰণিৰ নেপথ্যত সক্ৰিয় হৈ থাকিব বয়োবৃদ্ধ ব্যক্তিগৰাকীৰ অভিজ্ঞতাসম্ভূত মানসিকতাৰ পৰিৱৰ্তনৰ কথাটো। প্ৰসংগতঃ আমি উল্লেখ কৰি অহা সৃষ্টিশীল যুগন্ধৰ শিল্পীসকলৰ কথাটো ইয়াতে পুনৰ স্মৰণ কৰিব পাৰোঁ। তেনে মনীষীসকলে সমাজৰ গতিপ্ৰৱাহক অতি গভীৰ অন্তৰ্দৃষ্টিৰে অনুধাৱন কৰিবলৈ সক্ষম হৈছিল; তেওঁলোকে নতুন প্ৰজন্মক তাৰ ভিত্তিতেই স্বাগতম জনাইছিল। বিপৰীত দিশৰ পৰাও কথাটো একেই, মানসিকতা আৰু দৃষ্টিকোণৰ পৰিৱৰ্তন নতুন প্ৰজন্মৰ বাবেও সম্ভৱ।

এইখিনিতে আমি এই নিবন্ধৰ আৰম্ভণিতে পাই অহা “ককা দেউতা, নাতি আৰু হাতী” চিনেমাখনলৈ মনত পেলাব পাৰোঁ। আজি সেই চিনেমাখন চাবলৈ দলে দলে নতুন প্ৰজন্মৰ মানুহ যে সেই তেতিয়াৰ দৰে ওলাই নাহে, সেইটো কথা ডাঠি ক’ব পাৰি। বিগত সময়চোৱাত সংঘটিত হোৱা নানান বহুমাত্ৰিক পৰিৱৰ্তনেই তাৰ কাৰণ। উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা অধিক গতিশীল চিত্ৰনাট্যৰ চিনেমাৰ পয়োভৰ, তেনে চিনেমাত সমাজ-জীৱনত আৱিৰ্ভাব হোৱা ন ন দিশৰ সংযোজন, ইণ্টাৰনেট আদিৰ মাধ্যমত বিভিন্নধৰণৰ চিনেমা হাততে লাভ কৰাৰ সুযোগ আদি “ককা দেউতা, নাতি আৰু হাতী”-ৰ বহু পাছৰ ঘটনা। মন কৰিবলগীয়া কথা, সেই তেতিয়া “ককা দেউতা, নাতি আৰু হাতী” চাই আপ্লুত হোৱা তেতিয়াৰ তৰুণ এগৰাকীয়েও হয়তো এতিয়া পৰিণত বয়সত চিনেমাখন চাই আগৰ দৰে অভিভূত হৈ নপৰিব। এইখিনিতে ব্যক্তিজীৱনত ৰুচি-অভিৰুচি-মূল্যবোধৰ তেনে পৰিৱৰ্তনশীল অস্থিৰ স্বৰূপটোৰ সন্দৰ্ভত এটা স্বল্পালোচিত প্ৰসংগ থোৰতে উত্থাপন কৰিছোঁ। ব্যক্তি এগৰাকীৰ জীৱনকালতেই সংঘটিত হোৱা মন-মানসিকতাৰ তেনে পৰিৱৰ্তনত মাত্ৰ  সামাজিক কৰ্মকাণ্ডই নহয়, ব্যক্তিগৰাকীৰ জৈৱিক কাৰকেও এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। নিতান্তই শৰীৰবৃত্তীয় জৈৱৰাসায়নিক কাৰ্যকলাপ (যেনে হৰমোনৰ সক্ৰিয়তাৰ হ্ৰাস-বৃদ্ধি, শাৰীৰিক অসামৰ্থতা, ৰোগ-জৰা) আৰু বহিৰ্পৰিৱেশৰ সৈতে সেইসমূহৰ জটিল আন্তঃক্ৰিয়াৰ পৰিণতিত আমি সততেই বয়োজ্যেষ্ঠসকলৰ সৈতে যুৱক-যুৱতীৰ ৰুচি-অভিৰুচিৰ মাজত গুৰুতৰ পাৰ্থক্য দেখিবলৈ পাওঁ। জৈৱিক ক্ৰিয়া-বিক্ৰিয়াৰ ফলত উদ্ভূত বয়সভিত্তিক তেনে আদব-কায়দা, ৰুচি-অভিৰুচি, সাজসজ্জা, কৰ্মপদ্ধতি আদিৰ ক্ষেত্ৰত ব্যক্তি এগৰাকীয়ে নিজকে পৰিৱৰ্তন কৰি লোৱাটো যথেষ্ট কঠিন। তেনে ক্ষেত্ৰত প্ৰজন্মৰ ব্যৱধান হয়তো অৱশ্যাম্ভাৱী।

প্ৰজন্মৰ বিৰোধ-সংঘাতৰ চৰিত্ৰটো বাৰু কেনেকুৱা? প্ৰজন্মৰ বিৰোধ-সংঘাত সাধাৰণতেই দ্বিমুখী। নতুন প্ৰজন্মক পুৰণি প্ৰজন্মই প্ৰায়েই দোষ দিয়া দেখা যায়। নতুন প্ৰজন্মৰ কামকাজক পুৰণিয়ে সমালোচনা কৰে, ভৱিষ্যতক লৈ শংকা প্ৰকাশ কৰে। বিপৰীতপক্ষে, নতুন প্ৰজন্মই পুৰণিচামৰ ধৰণকৰণক পৰিত্যাজ্য বুলি বিবেচনা কৰে, পুৰণিক বিদায় জনায়। মনকৰিবলগীয়া কথা, তেনে ক্ষেত্ৰত দুয়োটা প্ৰজন্মই দুটা পক্ষপাতিত্বমূলক দিশৰ প্ৰতিনিধি হৈ পৰে। আমাৰ বোধেৰে প্ৰজন্মৰ সংঘাতৰ কথাটো তেনে প্ৰজন্ম-প্ৰীতি আৰু প্ৰজন্ম-প্ৰৱণতাৰ পৰা নিলগাই, নিৰ্মোহভাৱে, যুক্তিৰে বিচাৰ কৰি চোৱাটো জৰুৰী।

উল্লেখ কৰি আহিছিলোঁ, নতুন প্ৰজন্মক পুৰণি প্ৰজন্মই প্ৰায়েই দোষাৰোপ কৰা দেখা যায়। নতুন প্ৰজন্মৰ কামকাজে সামাজিক অৱক্ষয় ঘটাব বুলি পুৰণি চামে শংকা, উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰা এটা সততে দেখিবলৈ পোৱা ঘটনা। কোনো এটা বস্তুক সামাজিক অৱক্ষয়ৰ কাৰক কিম্বা লক্ষণ বুলি চিহ্নিত কৰাটো কিন্তু বৰ এটা সৰল কথা নহয়। কিবা এটাৰ অৱক্ষয় হৈছে বুলি কোৱাটো কেতিয়াবা একপক্ষীয় হৈ পৰে। কাৰোবাৰ চকুত যি অৱক্ষয়, কাৰোবাৰ বাবে সি নতুনৰ আৰম্ভণি বুলি পৰিগণিত হ’বও পাৰে। এই প্ৰসংগত নিৰ্ণায়ক সূচক কি? তেনে সূচকত পৰম আৰু চূ‌ড়ান্ত নিৰপেক্ষ চৰিত্ৰ মূৰ্ত্ত হৈ থকাটো সম্ভৱনে? প্ৰশ্নটো অতিশয় গুৰুত্ত্বপূৰ্ণ। সাধাৰণতেই এই প্ৰসংগত এটা জনপ্ৰিয় আৰু বহুল প্ৰচলিত কথা আছে। কথাটো এইদৰে উপস্থাপন কৰা হয়—“পুৰণি সকলো যিদৰে বেয়া নহয়, সেইদৰে সকলো নতুনো ভাল নহয়”। এই কথাটো নিঃসন্দেহে সঁচা। নতুন সকলোৱেই যে ভাল আৰু আদৰণীয়, সেইটো যেনেকৈ সঁচা নহয়, তেনেদৰেই পুৰণি মানে সকলো বেয়া আৰু পৰিত্যাজ্য—সেইটো কথাও ভুল। কিন্তু ডাঙৰ কথা, এই ভাল-বেয়া, গ্ৰহণীয়-পৰিত্যাজ্য—এইসমূহৰ সাপেক্ষবিন্দু কি?

এই সমস্যাটো আমি সমাজৰ প্ৰগতিশীলতাৰ সাপেক্ষেহে বিচাৰ কৰি চাব লাগিব। অৰ্থাৎ, নতুন মূল্যবোধ বা ধ্যান-ধাৰণা যদি সমাজৰ ইতিবাচক বিকাশৰ বাবে (যেনে, শোষণমুক্ত, অৱদমনহীন, ফেচিবাদৰহিত সমাজ) সহায়ক, তেনেহ’লে সেইসমূহ আমি আদৰণীয় বুলি গণ্য কৰা যুগুত। অন্য হাতেদি শোষণ-অৱদমন আদিৰ প্ৰত্যক্ষ বা পৰোক্ষ সহায়ক কোনো কথা যদি নতুনো হয়—তাক আমি আদৰি লোৱাৰ প্ৰশ্ন নুঠে। গতিকে আমাৰ বিচাৰত কথাটো ঔচিত্যবোধৰ সৈতে (উচিত, যুগুত আদিৰে) অনিবাৰ্যভাৱে সম্পৰ্কিত হৈ পৰে। এই কথাটোত মাৰ্ক্সীয় পদ্ধতিয়ে সুপ্ৰতিষ্ঠা কৰা মতাদৰ্শৰ পক্ষপাতিত্ত্বমূলক আচৰণৰ বাস্তৱিক শুদ্ধতাৰ দিশটো অতি স্পষ্টকৈ মূৰ্ত্ত হৈ পৰে। প্ৰতিক্ৰিয়াশীল মহলে সদায় প্ৰতিক্ৰিয়াশীল মতাদৰ্শকহে আদৰণি জনায়। গতিকে আদৰণীয়-পৰিত্যাজ্যৰ প্ৰসংগত কোনো পৰম আৰু নিৰপেক্ষ সাপেক্ষবিন্দু আমি সমাজ-বাস্তৱত দেখিবলৈ নাপাওঁ। এই কথাটো শ্ৰেণীবিভক্ত সমাজ এখনত অৱধাৰিতভাৱে বিদ্যমান মতাদৰ্শগত দ্বন্দ্বৰ স্বাভাবিক পৰিণতি। আমি উল্লেখ কৰি আহিছিলোঁ, প্ৰজন্মৰ দ্বন্দ্বই সমাজৰ অন্য দ্বন্দ্বৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। এনে পটভূমিত দুই প্ৰজন্মৰ মাজৰ প্ৰজন্মগত দ্বন্দ্বৰ কথাটোক আমি সমাজৰ মূল শ্ৰেণীগত দ্বন্দ্বৰ দিশটোৰ সৈতে সম্পৃক্ত কৰি নাচালে বিভ্ৰান্তিৰ কবলত পৰিব লাগিব।

আমি দেখিলোঁ যে নতুন কিম্বা পুৰাতন—মাত্ৰ এই দুটা গুণ কোনো এটা কথাক স্বাগতম বা বিদায়-সম্ভাষণ জনাবলৈ উপযুক্ত সূচক নহয়। সেয়েহে—সমাজৰ অগ্ৰগতিৰ দিশটো বিবেচনা কৰিলে—নতুন বুলিয়েই সকলো আদৰণীয়, পুৰণি মানেই বেয়া—এই মতটো প্ৰমাদযুক্ত। সমাজৰ ইতিবাচক অগ্ৰগতিত, প্ৰগতিৰ সহায়ক হিচাপে বহুতো উপাদান পুৰণি মূল্যবোধ, ৰীতি-নীতি, চিন্তা-চৰ্চা আদিত সোমাই আছে। পৰিৱৰ্তিত সমাজবাস্তৱৰ সৈতে সংগতি ৰাখি সেইসমূহৰো পৰিৱৰ্তন, ৰূপান্তৰ আৰু পৰিৱৰ্ধন অনিবাৰ্য। এই ক্ষেত্ৰত নতুন আৰু পুৰণি নানান উপাদানৰ সতৰ্ক আৰু সুচিন্তিত সংশ্লেষণ অতিশয় জৰুৰী। নক’লেও হ’ব, তেনে বিচাৰ আৰু সংশ্লেষণৰ আধাৰৰ সৈতে মতাদৰ্শগত প্ৰশ্নটো জ‌ড়িত হৈ আছে।

উপৰিউক্ত ন-পুৰণিৰ সংশ্লেষণৰ কথাটো স্পষ্টকৈ অনুধাৱন কৰিবলৈ আমি আমাৰ সমাজখনত বিগত তিনিটা দশকে পৰিলক্ষিত হোৱা পৰিঘটনা এটালৈ লক্ষ্য কৰিব পাৰোঁ। যোৱা শতিকাৰ শেষৰ দশকটোত তথাকথিত অৰ্থনৈতিক বিশ্বায়নৰ সংগী হৈ আমাৰ মাজলৈ সোমাই আহিছিল সাংস্কৃতিক সাম্রাজ্যবাদ। তাৰ কোবাল ঢৌত থলুৱা জনসমষ্টিৰ স্বকীয় সংস্কৃতি যি ভাবুকিৰ সন্মুখীন হৈছিল, তাক অস্বীকাৰ কৰাৰ প্রশ্নই নুঠে। মানুহৰ মাজলৈ হৰেক ৰকমৰ প্ৰগতিবিৰোধী উপাদানৰ বলিষ্ঠ আগমণ আৰু প্ৰগতিৰ সহায়ক নানান দেশীয় সাংস্কৃতিক উপাদানৰ অবিৰত নিৰ্গমন অতি দ্ৰুত গতিত ঘটিবলৈ আৰম্ভ হৈছিল তেতিয়াৰে পৰা। তেনে নেতিবাচক প্রৱাহ এতিয়াও পূৰ্ণগতিত বিদ্যমান। কিন্তু তাৰ মাজতো, প্রত্যেকটো নতুন উপাদানক, কিম্বা তেনে উপাদানে আনি দিয়া পৰিৱৰ্তনক সদায়েই পৰিত্যাজ্য আৰু অনাহুত উৎপাত বুলি গণ্য কৰাটো যুক্তিযুক্ত কথা নহয়। কোনটো উপাদান বা কেনেবিধৰ পৰিৱৰ্তন সমাজৰ অগ্ৰগতিৰ সহায়ক, কোনটো প্ৰগতিৰ পৰিপন্থী— এই দিশটো অনুধাৱন কৰাটো বৰ জৰুৰী কাম। কোনটো পৰিৱৰ্তন আদৰণীয়, কোনটো ক্ষতিকাৰক—এইটো সিদ্ধান্ত যুক্তিযুক্তভাৱে আমি তেতিয়াহে গ্ৰহণ কৰিবলৈ সমৰ্থ হ’ম। তেনে কৰিব নোৱাৰিলে একধৰণৰ জড়তাই আমাক আচ্ছন্ন কৰি ৰাখিব।

শেষত এটা কথা উনুকিয়াই যোৱাটো উচিত হ’ব। প্ৰজন্মৰ ব্যৱধান-সংঘাতৰ বেলিকা—সকলো নহয়—, একাংশ প্ৰগতিশীল লোকেও নিৰ্বিচাৰে, প্ৰত্যেক ক্ষেত্ৰতে নতুন প্ৰজন্মক দোষাৰোপ কৰে। এই কথাটো প্ৰগতিশীলতাৰ সৈতে মুঠেও সংগতিপূৰ্ণ নহয়। বহুতো বিষয়ত যেনে, যৌনতা, লিভিং টুগেদাৰ, সমকামিতা, গীত-নাট-চিনেমা আদিত এই পৰিৱৰ্তিত পৰিস্থিতিত বহুতো নতুন ধ্যান-ধাৰণা আহি পৰিছে। নতুন প্ৰজন্মৰ তৰুণ-তৰুণীসকলে খোলামেলাকৈ বিষয়বোৰত মতামত প্ৰকাশ কৰিছে। তাৰ বিপৰীতে, এইসমূহৰ আলোচনাত কোনো কোনো প্ৰগতিশীল লোকে অতি ৰক্ষণশীল অৱস্থান লোৱাহে চকুত পৰে। তেনে নতুন নতুন ধ্যান-ধাৰণা, আচাৰ-অনুষ্ঠান কোনো বাছ-বিচাৰ নকৰাকৈ—সমাজৰ প্ৰগতিৰ কথাটো বিবেচনা নকৰাকৈ—আদৰণীয় বুলি নিশ্চয়কৈ ক’ব নোৱাৰি। তাৰ লগতে আমি কিন্তু মনত ৰাখিব লাগিব, সেইসমূহক পোনছাটেই, একাষাৰে অগ্ৰাহ্য কৰাটোও হ’বগৈ এটা ডাঙৰ হঠকাৰিতা। পৰিৱৰ্তিত পৰিস্থিতিত পুৰাতন মূল্যবোধ একেধৰণে সদায় থাকি যাব বুলি ধৰি থকাটো প্ৰগতিশীলতাৰ সহায়ক নহয়, সি হ’বগৈ তেনে পৰিস্থিতিত ৰক্ষণশীলতাৰ সাক্ষৰ। প্ৰগতিশীলতাৰ বিপক্ষে নহয়, প্ৰগতিশীল আন্দোলনৰ স্বাৰ্থতেই, একাংশ লোকৰ উপৰিউক্ত সীমাবদ্ধতাৰ প্ৰসংগত কথাখিনি উনুকিয়াই দিয়া হৈছে।

এই জটিল, জংগম আৰু নিত্য নতুন সমস্যাৰে ভাৰাক্ৰান্ত পৰিস্থিতিত নতুন বস্তু এটা প্ৰগতিশীলতাৰ সহায়ক নে প্ৰতিবন্ধক, সেইটো তৎকালেই চিনাক্ত কৰাটো বৰ জৰুৰী। এইক্ষেত্ৰত প্ৰচুৰ অনুশীলন, অভিজ্ঞতা আৰু মননশীল চিন্তাবিদৰ পথ-নিৰ্দেশনা আমাৰ বাবে বৰ দৰকাৰী হ’ব। লগতে লাগিব, মুক্ত চিন্তা। মুক্ত চিন্তাৰ অবিহনে ন-পুৰণিৰ সংশ্লেষণ সম্ভৱ বুলি ধাৰণা নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *