৬ষ্ঠ বছৰ (দ্বিতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

সাম্প্ৰতিক লোকসংগীত – (অনামিকা শৰ্মা)

লোকসংগীতৰ বিষয়ে আলোচনা হোৱাৰ মুহূৰ্তত আমাৰ মনলৈ অহা প্ৰশ্নটো হৈছে – লোকসংগীত এতিয়া আছেনে! প্ৰসংগটো এইধৰণৰ- যিকোনো লোক সংস্কৃতিৰ বীজ সোমাই আছে লোকজীৱনৰ মাজত। কিন্তু লোকজীৱন আকৌ নিৰ্ভৰ কৰে সময়ৰ ওপৰত। লোকজীৱন নিশ্চিতভাৱে পৰিৱৰ্তনশীল। আজিৰ লোকজীৱনৰ আবেগ, অনুভূতি, অভিজ্ঞতা নিশ্চিতভাৱে অতীতৰ‌, ধৰি লৈছোঁ, এশ বা দুশ বছৰ পূৰ্বৰ লোকজীৱনৰ আবেগ, অনুভূতি,অভিজ্ঞতাত কৈ পৃথক। বিহুৰ কথাই যদি ধৰোঁ, বিহুৰ সাহটো সোমাই আছে কৃষি উৎপাদনৰ মাজত। সেয়েহে প্ৰত্যেকটো বিহু নামৰ সৃষ্টি ৰ আঁৰত কৃষিৰ কিবা নহয় কিবা এটা ধাৰণা থাকিবই। বিহু গীতত প্ৰণয় ভাৱ বা যৌনতা কথা অৱধাৰিত ভাবে আহে। কাৰণ ইয়াৰ অন্তৰালটো আছে সৃষ্টিৰ ধাৰণা। কাৰণ ইয়াত দৰকাৰ হয় সামূহিক শ্ৰমৰ। অসমীয়া মানুহৰ কৃষি কাৰ্য আৰম্ভনি বহাগ মাহৰ বসন্ত কালৰ পিছৰ পৰাই আৰম্ভ হয় আৰু এই মূলুকত বেছিভাগ কৃষকেই মাটিৰ মালিকো আছিল। অৰ্থাৎ কাৰো কৃষি বনুৱা নাছিল। এই শ্ৰম প্ৰদানৰ ফলাফলো আছিল পৰিয়াল কেন্দ্ৰিক। এই পৰিয়াল গঠনত বিহুৰ বিহুনামৰ এটা ভূমিকা আছিল। কিন্তু এতিয়া সেই পৰিবেশ আছেনে? এতিয়া অসমৰ সমাজ জীৱনৰ কৃষি অৰ্থনীতিৰ ভূমিকা কিমান! যুক্তিৰ খাতিৰৰ পূৰ্বে ধৰি লোৱা এশ বা দুশ বছৰৰ পিছৰ এই অসমত কৃষিৰ কিমান পৰিৱৰ্তন হল। বিবিধ নতুন যন্ত্ৰ পাতিৰ আৱিষ্কাৰৰ ফলত কৃষিখণ্ডলৈও ব্যাপক পৰিবৰ্তন আহিল। হালৰ বাবে, মৰণাৰ বাবে ট্ৰেক্টৰ আহিল। ৰুবৰ বাবে, দাবৰ বাবে ও যন্ত্ৰ আহিল। আজিৰ পৰা এশ বছৰৰ পূৰ্বৰ অসমৰ বহুল ব্যৱহৃত বিনিময় ব্যৱস্থা এতিয়া একেবাৰে নাই। মুদ্ৰা ব্যৱস্থাই এতিয়া সৰ্বত্ৰ চানি ধৰিলে। পইছাৰ বিনিময়তহে মানুহে শ্ৰম দিয়া হল। ইঘৰৰ ছোৱালী, বোৱাৰী সিঘৰলৈ গৈ ৰোৱনি, দাৱনি হোৱা প্ৰথাবোৰ নাইকিয়া হল। সেয়েহে দুশ বছৰ পূৰ্বৰ বীজ এতিয়া নাই। যদি বিহুৰে প্ৰাসংগিক নোহোৱা হল তেন্তে বিহুনামৰ প্ৰাসংগিকতা আছেনে? এতিয়া কোন ডেকাই মহৰ পিঠিত উঠি পথাৰত মনৰ গাভৰু জনী বিচাৰিব। পথাৰেই কমি নোহোৱা হল পথাৰত কাম কৰা মানুহ কমি গল। ইফালে ম’হো কমি গল। সেয়েহে আগতে যি সমূহ বিহুনাম অনামি স্ৰষ্টাই সৃষ্টি কৰিছিল সেই অনামি স্ৰষ্টা এতিয়া ওলাব নোৱাৰে। গছৰ তলৰ বহু আশীৰ্বাদ সূচক হুঁচৰি মঞ্চ তথা বজাৰ পালেগৈ, প্ৰতিযোগিতা আৰম্ভ হল। এতিয়া কেৱল গাঁৱে ভূঞে সেই প্ৰতিযোগিতাৰ বিচাৰক আৰু সন্মানীয় পদ লবলৈহে হেতা ওপৰা হৈছে। কেৱল বজাৰ চাৰিওফালে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *