গল্প-কবিতা

ঈশ্বৰ- (বাপুকণ চৌধুৰী)

সহজলভ্য বজাৰখনত
এদিন হঠাতে দাম বাঢ়িল ঈশ্বৰৰ,
মানুহবোৰৰ হাঁহাকাৰ লাগিল
ধনীবোৰৰ ঈশ্বৰ আছিল
স্থায়ী ক্ষয় ক্ষতি নোহোৱা ব্যক্তিগত সম্পত্তি ৷৷

মধ্যবিত্তবোৰৰ বাবে আছিল
আকাল ভঁড়াল নোহোৱা ঈশ্বৰ চিন্তা,
যেন, মাজে মধ্যমে চলি যোৱা প্ৰয়োজন !!!!

দূখীয়াবোৰৰ বিলৈ নোহোৱা হল
মহঙা ঈশ্বৰ কিনা বেচাৰ বজাৰ
ৰেচনৰ দোকানত সুলভ মূল্যত এৰি দিয়া হল
মাহেকে পষেকে কিছুমান ঈশ্বৰ !!!!
নহলে যে ক্ষোভত ফাটি পৰে দেশ, ঈশ্বৰহীনতাত••••

সাম্যবাদী নাস্তিক দেশবোৰে ক’লে
ৰ’বা ৰ’বা, আমি ঈশ্বৰ বনাই দিম
নিচেই তাকৰীয়া দামত••••
এবাৰ প্ৰমাণ কৰিব লাগিব মাত্ৰ
কাৰ ঈশ্বৰ সঁচা, কাৰ ঈশ্বৰ মিছা•••••

সেইদিনাৰ পৰা আৰম্ভ হল
শ্ৰেষ্ঠ ঈশ্বৰ প্ৰতিষ্ঠাৰ অঘোষিত যুদ্ধ
কঙাল মানুহেৰে ভৰা এখন দেশত•••••••

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *