সংগ্ৰামৰ ভিতৰৰ সংগ্ৰামখন— ৰশ্মিৰেখা বৰা
১
শ্ৰমজীৱী মানুহৰ অধিকাৰ আৰু মুক্তিৰ যুঁজখনত “নাৰী মুক্তি”ৰ বিষয়টোৰ গুৰুত্ব কিমান ? সংগ্ৰামৰ বিভিন্ন পৰ্যায়ত সকলো সৰু-বৰ কাম-কাজত পুৰুষৰ দৰে সমান নিষ্ঠা আৰু দক্ষতাৰে এক শ্ৰেণীহীন, শোষণহীন, সমতা আৰু অধিকাৰৰ ভৱিষ্যতৰ বাবে যুদ্ধ কৰা মহিলাসকলে দলৰ মাজত কেনেধৰণৰ স্থান লাভ কৰে ? সংগ্ৰামখনৰ মূল বিষয়বোৰত মহিলাৰ প্ৰশ্নবোৰ জড়িত হৈ থাকেনে? যদি থাকে সেই প্ৰশ্নবোৰ কেনেদৰে গ্ৰহণ কৰা হয় ? এই কথাত কোনো দ্বিমত নাই যে সংগ্ৰামীসকলে পুৰণি সমাজৰ যিটো পৰিকাঠামো ভাঙি চূৰমাৰ কৰিব খোজে, দলৰ মাজত কিন্তু সেই ব্যৱস্থাটোৱেই বৰ্তি থাকে। নিজৰ পুৰুষ সতীৰ্থৰ মাজতে মহিলাসকল দ্বিতীয় শ্ৰেণীৰ হৈ থাকে। লিংগ সাম্যৰ কথা নোকোৱাকে এই সংগ্ৰামসমূহে প্ৰকৃততে ভৱিষ্যতৰ কোনখন সমাজৰ পোষকতা কৰে সি এক চিন্তনীয় বিষয়। এইখিনিতেই নাৰীবাদী চিন্তা-চৰ্চাৰ প্ৰয়োজনীয়তা আহি পৰে। চিমন দ্য বোঅভোৱাৰ এটা সাক্ষাৎকাৰত শ্ৰেণী সংগ্ৰামত মহিলাৰ ক্ষমতাহীন স্থান সম্পৰ্কে আলোচনা কৰি এবাৰ কৈছিল “…ধনীৰ ক্ষমতা কাঢ়ি নিয়াৰ দায়িত্ব যেনেকৈ দুখীয়াৰ, তেনেকৈ পুৰুষৰ ক্ষমতা কাঢ়ি নিয়াৰ দায়িত্বও নাৰীৰ। তাৰ অৰ্থ কিন্তু ওলোটাই পুৰুষক দমন কৰা নহয়। ইয়াৰ অৰ্থ সমতা প্ৰতিষ্ঠা কৰা। প্ৰকৃত সমাজতন্ত্ৰই যেনেকৈ সকলো মানুহৰ মাজত অৰ্থনৈতিক সাম্য প্ৰতিষ্ঠা কৰে, তেনেকৈ নাৰীবাদী আন্দোলনেও বুজিব পাৰে যে আন্দোলনৰ মাজৰ পুৰুষ শাসকশ্ৰেণীৰ হাতৰ পৰা ক্ষমতা কাঢ়ি আনিয়েই লিংগ-সাম্য প্ৰতিষ্ঠা কৰিব লাগিব।“
শোষণ-দমনকাৰী ৰাষ্ট্ৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিবলৈয়ে হওক বা কোনো ক্ষুদ্ৰ জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামেই হওক অথবা কোনো বিষয়-ভিত্তিক ক্ষণস্থায়ী আন্দোলনেই হওক — মানুহৰ অধিকাৰ ৰক্ষাৰ কাৰণে বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন ঠাইত গঢ় লৈ উঠা গণ আন্দোলন বা সংগ্ৰামসমূহ মহিলাৰ অংশগ্ৰহণ অবিহনে কেতিয়াও সম্ভৱ হোৱা নাই। অসমৰ ক্ষেত্ৰতে যদি চাওঁ, বৃটিছশাসিত ভাৰতৰপৰা আৰম্ভ কৰি স্বাধীনতা আন্দোলন, বিভিন্ন জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম, অসম আন্দোলন, আলফা তথা অসমৰ আন জাতি-জনগোষ্ঠীৰ সশস্ত্ৰ সংগ্ৰাম, দৈয়াং-টেঙানিৰ বিদ্ৰোহ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰপৰা আৰম্ভ কৰি সৌ সিদিনাৰ কা-বিৰোধী আন্দোলনলৈকে মহিলা তথা যুৱতীসকলৰ ভূমিকা অতি সক্ৰিয়। কিন্তু এই আন্দোলন/সংগ্ৰামৰ অংশীদাৰ হিচাপে মহিলাসকলে একেসময়তে দুখন যুঁজ যুঁজিব লগা হয়। এখন হ’ল বৃহত্তৰ লক্ষ্যৰে শাসন অথবা সমাজ-ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কৰা যুঁজখন আৰু আনখন হ’ল সংগ্ৰাম/আন্দোলনটোৰ মাজত মহিলা সংগ্ৰামীসকলে লিংগৰ ভিত্তিত সমুখীন হোৱা প্ৰত্যাহ্বানসমূহ আৰু সেইবোৰ অতিক্ৰম কৰাৰ প্ৰচেষ্টাৰ যুঁজখন। এই আভ্যন্তৰীণ যুঁজখনো আনখনৰ দৰেই সমানে গুৰুত্বপূৰ্ণ আৰু লগতে বহুত কঠিন। কঠিন এইকাৰণেই যে যুঁজখন হয় নিজৰ সতীৰ্থসকলৰ সৈতে। নাৰীয়ে সমান অধিকাৰৰ কথা কোৱাটো বা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটোত ভাগ ল’ব বিচৰাটোও বহুসময়ত পুৰুষ নেতৃবৰ্গৰ বাবে ভাবুকিস্বৰূপ হৈ পৰে। যিখন বৈষম্য আৰু দমনৰে ভৰা পিতৃতান্ত্ৰিক সমাজত আমি ডাঙৰ-দীঘল হওঁ, সেই বৈষম্য আৰু দমন দলৰ মাজতো বৈধ আৰু স্বাভাৱিক হৈ পৰে। বহুসময়ত মহিলাসকলে এই অসমানতা আৰু বৈষম্য মানিও লয় আৰু নিজেও ইয়াৰ পোষকতা কৰা দেখা যায়। প্ৰকৃততে লিংগ সাম্যৰ এই যুঁজখন দৰকাৰী বুলি বুজি উঠাটোৱেই পুৰুষ-মহিলা উভয়ৰে সমুখত এটা ডাঙৰ প্ৰত্যাহ্বান। সেয়ে এই যুঁজত মহিলাসকল প্ৰায়ে অকলশৰীয়া হৈ পৰে। কাৰণ লিংগ-ভিত্তিক বৈষম্য আৰু তাৰ আধাৰত মহিলাৰ অধিকাৰ খৰ্ব হোৱা কথাটোক সমস্যা বুলিয়েই ধৰা নহয় অথবা গুৰুত্ব দিয়া নহয়। এইবোৰ কেৱল মহিলাৰ বিষয় বুলিয়েই গুৰুত্বহীন হৈ থাকে। বহু সময়ত সংগ্ৰামৰ মূল লক্ষ্য-উদ্দেশ্যৰ দোহাই দি এইবোৰ কথা পিছে-পৰেও সমাধা হ’ব বুলি একাষৰীয়া কৰি থৈ দিয়া হয়। ভাৰতৰ বহু নাৰীবাদী ৰাজনৈতিক কৰ্মীয়ে এই কথা স্বীকাৰ কৰি গৈছে যে বামপন্থী দলসমূহকে ধৰি সকলো ৰাজনৈতিক দল, লগতে শ্ৰমিক সংঘ সমূহো পিতৃতান্ত্ৰিক চেতনাৰে পৰিচালিত। শ্ৰেণী শোষণৰ বিৰুদ্ধে কৰা সংগ্ৰামখনৰ মাজত মহিলাৰ সমস্যাবিলাক তেনেই গুৰুত্বহীন হৈ পৰে। বেছিভাগ ক্ষেত্ৰতে দল-সংগঠনসমূহৰ মাজত শিপাই থকা পিতৃতান্ত্ৰিক নিয়ন্ত্ৰণ আৰু অৱদমনৰ বিষয়ে দলৰ মজিয়াত কোনো আলোচনা-বিলোচনা নহয় অথবা তাৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱাও চকুত নপৰে।
সশস্ত্ৰই হওক বা অস্ত্ৰবিহীন – এনেধৰণৰ সকলো সংগ্ৰামত মহিলাৰ ভূমিকা সদায় গুৰুত্বপূৰ্ণ। সেইকথা ইতিহাসে আমাক কৈছে। ঘৰৰ চাৰিবেৰৰ মাজৰপৰা ৰাজপথলৈ ন্যায় আৰু অধিকাৰৰ দাবীত ওলাই অহা হাজাৰ হাজাৰ মহিলাৰ ভূমিকা তথা অৱদানৰ বিষয়ে নতুনকৈ ক’ব লগা একো কথা নাই। এতিয়া আলোচনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাবোৰ হৈছে কিদৰে অধিকাৰ ৰক্ষাৰ আৰু সমতা স্থাপনৰ এই আন্দোলনসমূহ বা এয়া গঢ়ি তোলা দল-সংগঠনসমূহৰ মাজত পুলি-পোখা মেলি থকা পিতৃতান্ত্ৰিক চেতনাই মহিলাসকলক ক্ষমতাহীন কৰি ৰাখি আচলতে এখন অসমান সমাজৰেই পোষকতা কৰে। লগতে ভৱিষ্যতে স্থাপন কৰিব খোজা নতুন সমাজখনত মহিলাৰ কাৰণে স্থিতাৱস্থাকেই বাহাল ৰাখে। ফলত “নাৰীমুক্তি”ৰ গোটেই প্ৰসংগটো কেৱল এটা পুৰাকথা (Myth) হৈয়েই ৰৈ যায়।
২
যিকোনো আন্দোলন বা দীৰ্ঘম্যাদী সংগ্ৰাম এখনে আমাৰ সমাজত লিংগৰ ভিত্তিত নিৰ্ধাৰিত ভূমিকা, দায়িত্ব বা কৰ্তব্যৰ ওপৰত প্ৰভাৱ পেলায় আৰু সেয়া কম সময়ৰ কাৰণে হ’লেও সলনি কৰে। আন্দোলন আৰু সংগ্ৰামৰ সময়ত পৰম্পৰাগত ভূমিকা আৰু দায়িত্বৰপৰা ওলাই আহি মহিলাসকলে ৰাজহুৱা সমস্যা বা বিষয়সমূহত ভাগ লোৱাৰ সুযোগ পায়। যিমান দিন ধৰি এয়া চলে সিমানদিন সতীৰ্থ পুৰুষ আন্দোলনকাৰী/সংগ্ৰামীৰ আলপৈচান ধৰাৰপৰা আৰম্ভ কৰি ধৰ্মঘট, সমদল, প্ৰতিবাদ সকলোতে মহিলাই ভাগ লয়, কিছুপৰিমাণে নেতৃত্ব লয়, হাতত অস্ত্ৰ তুলি লয়, পুলিচ/সেনাৰ হাতত মাৰ খায়, জেললৈ যায় আৰু ধৰ্ষণকে ধৰি বিভিন্ন ধৰণৰ যৌন নিৰ্যাতনৰ ভুক্তভোগী হয়। ৰাষ্ট্ৰই মুক্তিকামী জনগণৰ প্ৰতিৰোধক দমন কৰিবলৈ ধৰ্ষণক সদায় অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। দুৰ্ভাগ্যজনকভাৱে, যুদ্ধকালীন সময়ত মহিলাসকলে কিন্তু শত্ৰু আৰু সতীৰ্থ — দুয়োপক্ষৰে যৌন নিৰ্যাতনৰ বলি হয়। সতীৰ্থৰ হাতত হোৱা নিৰ্যাতনৰ কথাবোৰ দলৰ স্বাৰ্থত, আদৰ্শৰ স্বাৰ্থত, বিপ্লৱৰ স্বাৰ্থত লুকুৱাই ৰখা হয়। অথবা ভুক্তভোগী মহিলাগৰাকীক দোষী সজোৱা হয়, নহ’লে “এনে হয়েই” জাতীয় চিন্তাৰে সাধাৰণীকৰণ কৰা হয়। অৰ্থাৎ বাহিৰৰ সমাজখনত মহিলাৰ ওপৰত যি ধৰণৰ দমন-উৎপীড়ন চলে আৰু যেনেদৰে ইয়াক সাধাৰণীকৰণ কৰা হয়, মুক্তিকামী সংগ্ৰামীসকলেও সেই একে চিন্তাৰেই চালিত হৈ মহিলাৰ ওপৰত নিয়ন্ত্ৰণ আৰু উৎপীড়ন অব্যাহত ৰাখে।
সংগ্ৰাম যিয়েই নহওক, প্ৰত্যেকবাৰতে এই কথা স্পষ্ট ৰূপত দেখা যায় যে দল-সংগঠনৰ মূল নেতৃত্বত বা সিদ্ধান্তগ্ৰহণকাৰী কমিটিত মহিলাৰ উপস্থিতি তেনেই সেৰেঙা। সেই কাৰণেই যেতিয়া আন্দোলন/সংগ্ৰামৰ অন্ত পৰে, শান্তিচুক্তি হয়, আলোচনা হয় – আলোচনাৰ মেজত মহিলা নাথাকে। চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলৈকো কোনো মহিলা নেত্ৰী নাথাকে। অসম আন্দোলনত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। সেইসময়ত সমগ্ৰ অসমৰ ৰাজপথ বিভিন্ন বয়সৰ মহিলা আন্দোলনকাৰীৰে ভৰি পৰিছিল। শ শ ছাত্ৰীয়ে ভাগ লৈছিল। তেওঁলোকে মানুহ সংগঠিত কৰিছিল, প্ৰতিবাদী সমদলত ওলাইছিল, কাৰ্ফিউ ভংগ কৰিছিল, অনশনত ভাগ লৈছিল, লগতে আন্দোলনকাৰীলৈ ভাত ৰন্ধাৰপৰা আৰম্ভ কৰি আন সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছিল। মূলা গাভৰু সংঘ গঠন কৰি মহিলাসকলে আন্দোলনক আৰু তীব্ৰতৰ ৰূপ দিছিল। অসংখ্য মহিলা সমিতিয়ে আন্দোলনত ধনৰ যোগান ধৰিছিল। অসম মহিলা সংঘ, লেখিকা সংঘ আদিয়েও আন্দোলনলৈ সমৰ্থন আগবঢ়াই ইয়াক সবল কৰি তুলিছিল। ৰাজ্য জুৰি চলা আন্দোলন এদিন শেষ হ’ল, কেন্দ্ৰ চৰকাৰৰ সৈতে আলোচনা আৰম্ভ হ’ল। এই আলোচনাৰ মেজত অসম আন্দোলনৰ নেতাসকলৰ মাজত কিন্তু এগৰাকী মহিলাকো দেখা নগ’ল। অসম চুক্তিত স্বাক্ষৰ কৰিবলৈ এগৰাকী উপযুক্ত মহিলা নোলোৱাটো বা এগৰাকী মহিলাকো অংশীদাৰ নকৰাটোৱে সমগ্ৰ আন্দোলনটোৰ আধিপত্যবাদী পিতৃতান্ত্ৰিক মনোভাৱক উদঙাই দিয়ে। ইয়াৰ পাছত আন্দোলনকাৰীসকলে ৰাজনৈতিক দল গঠন কৰি শাসনত বহিল। সেইবাৰ নিৰ্বাচনত উঠা মহিলাৰ সংখ্যা আছিল ৪ গৰাকী। আটাইকেইগৰাকীৰে আমানতৰ ধন জব্দ হৈছিল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ যুঁজতো আমি একে ঘটনাই দেখিলোঁ। আনকি বামপন্থী দল-সংগঠনসমূহ, য’ত মহিলা আৰু পুৰুষৰ সমঅধিকাৰৰ কথা কোৱা হয়, মহিলাৰ মুক্তিৰ প্ৰশ্নটো গুৰুত্ব সহকাৰে লোৱা যেন দেখা যায়, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কিন্তু পুৰুষেই আগস্থান পায়। তাৰেই ফলস্বৰূপে স্থানীয় সিদ্ধান্ত গ্ৰহণ কমিটিসমূহৰপৰা আৰম্ভ কৰি বিধানসভা বা লোকসভাত মহিলা প্ৰতিনিধিৰ সংখ্যা সদায় কম। ১৯৫১ চনৰপৰা আজিলৈকে অসমে কেৱল ৭৭ গৰাকী মহিলাকহে বিধান সভালৈ পঠিয়াব পাৰিছে। প্ৰথম বিধান সভাৰপৰা চতুৰ্দশ বিধান সভালৈ নিৰ্বাচিত মহিলাৰ সংখ্যা ১১ শতাংশতকৈ কেতিয়াও বেছি হোৱা নাই। প্ৰথম বিধান সভাত এগৰাকী মহিলা বিধায়ক আছিল। দ্বিতীয় বিধান সভাত বাঢ়ি গৈ পাঁচগৰাকী হৈছিলগৈ। ২০১১ চনৰ ত্ৰয়োদশ বিধান সভাত আটাইতকৈ বেছি সংখ্যক মহিলাৰ প্ৰতিনিধিত্ব আছিল (১৪ গৰাকী)। বৰ্তমানৰ ১২৬ জনীয়া বিধানসভাত মহিলা বিধায়িকাৰ সংখ্যা মাত্ৰ ৬ গৰাকী। পঞ্চায়ত ব্যৱস্থাটোত মহিলাৰ ৫০ শতাংশ সংৰক্ষণৰ পাছত যিসকল মহিলা নিৰ্বাচিত হৈ সিদ্ধান্তগ্ৰহণ প্ৰক্ৰিয়াটোৰ অংশ হয়, বেছিভাগৰ ক্ষেত্ৰত কেৱল নামতহে তেওঁলোকে সেই পদবীটো লাভ কৰে। এই কথাবোৰলৈ লক্ষ্য কৰিলেই অসমত সামাজিক-ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাৰ হতাশজনক প্ৰতিনিধিত্বৰ কথাটো স্পষ্টকৈ ওলাই পৰে। লগতে লক্ষ্যণীয় কথাটো হৈছে, যিসকল মহিলাক ইয়াত ঠাই দিয়া হৈছে তেওঁলোকৰ প্ৰায় সকলোৱেই জন্ম বা বিবাহসূত্ৰে প্ৰতাপশালী নেতাৰ সম্পৰ্কীয়। তৃণমূল পৰ্যায়ৰপৰা বা অন্য প্ৰান্তীয় জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মহিলাৰ সিদ্ধান্তগ্ৰহণকাৰী ব্যৱস্থাটোত পুতৌজনক অংশগ্ৰহণে আমাৰ ব্যৱস্থাটোৰ পিতৃতান্ত্ৰিক আৰু অৰ্ধসামন্তবাদী চৰিত্ৰটোকে উদঙাই দিয়ে। লগতে এই কথাও স্বীকাৰ কৰিব লাগিব যে ক্ষমতালৈ অহা মূলসুঁতিৰ দলসমূহৰ মহিলা প্ৰতিনিধিৰ প্ৰায় সকলোৱেই পিতৃতান্ত্ৰিক চেতনাৰেই ধাৰক আৰু বাহক। যাৰ ফলত চৰকাৰী নীতি নিৰ্ধাৰণত মহিলাৰ স্বাধীনতা, সুৰক্ষা আৰু অধিকাৰৰ প্ৰশ্নবোৰ ক’ৰবাতে ৰৈ যায়।
১৯৯৬ চনৰপৰা ২০০৬ চন পৰ্যন্ত নেপালত মাওবাদীসকলে এক ব্যাপক সশস্ত্ৰ জনযুদ্ধ আৰম্ভ কৰিছিল। কমিউনিষ্ট পাৰ্টী অব নেপাল (মাওবাদী)ৰ মুঠ সৈনিকৰ ৪০ শতাংশ আছিল মহিলা। অত্যাচাৰী শাসন ব্যৱস্থা আঁতৰাই জনগণৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ দহ বছৰ ধৰি চলা এই জনযুদ্ধৰ এটা গুৰুত্বপূৰ্ণ বিষয় আছিল মহিলা/যুৱতী/কিশোৰীৰ অভূতপূৰ্ব অংশগ্ৰহণ। মহিলাসকলে কান্ধত বন্দুক লৈ নেপালৰ শক্তিশালী ৰাজকীয় সেনা বাহিনীৰ বিৰুদ্ধে মৰণপণ যুদ্ধ চলাই গোটেই পৃথিৱীকে অবাক কৰিছিল। ৰাজকীয় সৈন্যৰ হাতত শ শ মহিলা, যুৱতী ধৰ্ষিতা হৈছিল। গণধৰ্ষণৰ পাছত সেনাবাহিনীয়ে নিৰ্মমভাৱে তেওঁলোকৰ বহুতকে হত্যা কৰিছিল। কিন্তু তেওঁলোক পিছ পৰি ৰোৱা নাছিল। ইমান বেছি পৰিমাণৰ মহিলাৰ অংশগ্ৰহণৰ কাৰণ আছিল ‘মহিলাৰ প্ৰশ্ন/প্ৰসংগ’ সম্পৰ্কে পাৰ্টীয়ে ৰখা দৃষ্টিভংগী। ১৯৯৬ চনত দলৰ অন্যতম নেতা বাবুৰাম ভট্টৰায়ে সেইসময়ৰ নেপাল চৰকাৰৰ সমুখত দাখিল কৰা স্মাৰকপত্ৰৰ ৪০ টা দাবীৰ এটা আছিল নেপালৰ জাত-পাত ভিত্তিক পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অবসান ঘটোৱা আৰু মহিলাসকলৰ সমঅধিকাৰ স্থাপন কৰা। এই সমঅধিকাৰ আৰু মৰ্যাদাপূৰ্ণ জীৱনৰ সপোনে বিভিন্ন বয়সৰ মহিলাসকলক জনযুদ্ধত ভাগ ল’বলৈ আকৰ্ষিত কৰিছিল। গাঁৱে-ভূঞে মাওবাদীসকলে উচ্চবৰ্ণৰ হাতত নিৰ্যাতিতা নিম্নবৰ্ণৰ মহিলাসকলৰ হৈ মাত মাতিছিল, বহু পিতৃতান্ত্ৰিক ৰীতি-নীতি, অৱদমনৰ অবসান ঘটাইছিল। নেপালৰ ছোৱালী আৰু মহিলাসকলৰ বিশ্বাস জন্মিছিল নাৰীৰ অধিকাৰ আৰু মৰ্যাদাৰ এই যুঁজখন কেৱল মাওবাদীসকলৰ দ্বাৰাহে সম্পন্ন হ’ব। অনেক ৰক্তপাত, প্ৰাণহানিৰ পাছত ২০০৬ চনত এই যুঁজৰ অন্ত পৰিছিল। ২০০১ আৰু ২০০৩ চনত মাওবাদীসকলৰ সৈতে দুবাৰকৈ শান্তি আলোচনা কৰা হৈছিল। এই আলোচনাত কিন্তু মাওবাদীসকলৰ ফালৰপৰা কোনো মহিলা প্ৰতিনিধি নাছিল। সাংবাদিক, নাৰীবাদী কৰ্মী, মানৱ অধিকাৰ কৰ্মীসকলে যেতিয়া এই বিষয়ে প্ৰশ্ন তুলিছিল, দলৰ উপাধ্যক্ষ বাবুৰাম ভট্টৰায়ে কৈছিল যে মহিলাসকলৰ বিষয়বোৰ উত্থাপন কৰিবলৈ তেওঁলোক আলোচনাৰ মজিয়াত সোঁশৰীৰে নাথাকিলেও হ’ব। শান্তিচুক্তিৰ পাছতে গঠন হোৱা সংবিধান সমিতিতো কোনো মহিলাক লোৱা হোৱা নাছিল। তাৰ পিছত যেনিবা বহু দাবীৰ পাছত চাৰি গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। নেপালৰ সংসদত মহিলাৰ ৩০ শতাংশ প্ৰতিনিধি আছিল। সেয়া বিশ্বৰ ভিতৰতে এটা উদাহৰণ আছিল। কিন্তু মহিলাৰ প্ৰসংগবোৰ সংসদৰ মজিয়াত আলোচনাৰপৰা আঁতৰাই ৰখা হৈছিল। আনকি এনেকুৱাও অভিযোগ শুনা গৈছিল যে মহিলা সাংসদে কথা কওঁতে জ্যেষ্ঠ পুৰুষ সাংসদসকল আলোচনা কক্ষৰপৰা ওলাই গৈছিল।
অসমত তেতিয়া কা (CAA) বিৰোধী আন্দোলনৰ ভৰপক সময়। গোটেই অসমত নাৰী-পুৰুষ নিৰ্বিশেষে মানুহ ৰাজপথলৈ ওলাই আহিছে। মহিলাসকল সবাৰো আগত। মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰীহঁতৰ ৰণচণ্ডী ৰূপ। গাঁৱে-ভূঁঞে মহিলাসকলে বাঘিনীৰ দৰে গৰ্জি উঠিছে। ছাত্ৰীৰপৰা শিক্ষয়িত্ৰী, নিৰ্মাণ শ্ৰমিক, গৃহকৰ্মী আদিকে ধৰি বিভিন্ন সংগঠিত বা অসংগঠিত কৰ্মক্ষেত্ৰত জড়িত হাজাৰ হাজাৰ মহিলা, গৃহিণী, অভিনেত্ৰী, লেখিকা সকলো ৰাজপথলৈ ওলাই আহিছিল। সেইসময়তে গুৱাহাটীৰ লতাশিল খেলপথাৰত আন্দোলনকাৰীসকলে এখন বিশাল ৰাজহুৱা সভা পাতিছিল। গুণী-জ্ঞানী ব্যক্তিসকলে তাত ভাষণ দিছিল। অসমৰ সমাজ-ৰাজনীতি-সাহিত্য জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা বিভিন্ন বয়সৰ কেইবাগৰাকীও মহিলা নিমন্ত্ৰিত অতিথি হিচাপে তাত উপস্থিত আছিল । কিন্তু কথা ক’বলৈ তাত কোনেও সুবিধা পোৱা নাছিল। এগৰাকী আপোচহীন জ্যেষ্ঠ লেখিকাই কৈছিল, আমাক যদি কথা ক’বলৈকে নিদিয়ে সভালৈ মাতে কিয়? হয়, মহিলাসকলক মাতে কিয়? সভাখন শুৱনি দেখুৱাবলৈ ? এনেধৰণৰ আন্দোলনবোৰত মহিলাৰ অংশগ্ৰহণ কেৱল ভীৰ বঢ়োৱাৰ বাবেহে নে ? জাতীয় সাজপাৰ পিন্ধাই, সাজোন-কাচোন কৰোৱাই মহিলাসকলক সমদলৰ সমুখত ৰাখি কি প্ৰমাণ কৰিবলৈ চেষ্টা কৰা হয়? এইখিনিতে বিড়ম্বনাটো হৈছে যিসময়ত কা-বিৰোধী আন্দোলনত মেখেলা-চাদৰৰ লগতে অন্য জনজাতীয় সাজপাৰ পৰিধান কৰা মহিলাসকলে সমদলৰ সমুখত থাকি পুলিচৰ মাৰ গাত পাতি লৈছে, সেই একে সময়তে আন্দোলনকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিছে চাদৰ-মেখেলা পিন্ধাই। এনেদৰে মহিলাক হেয় বা অপমান কৰা উদাহৰণ এয়াই প্ৰথম নহয়, ই এনে আন্দোলনবোৰৰ মজ্জাগত। সেইবোৰৰ বিষয়ে কোনেও চিন্তা নকৰে। সেইবোৰ আলোচনালৈ অনাৰ বিষয় বুলিও কোনেও নাভাবে। এই কা-বিৰোধী আন্দোলনৰ সময়তে অসমত দুটা ৰাজনৈতিক দল গঠন হৈছিল। এটা অসম জাতীয় পৰিষদ, আনটো ৰাইজৰ দল। ছাত্ৰ আন্দোলনৰ মাজেৰে গঠন হোৱা অসম জাতীয় পৰিষদৰপৰা মহিলাৰ নেতৃত্ব সম্পৰ্কে বৰ বেছি আশা নাথাকিলেও কৃষকৰ অধিকাৰৰ দাবীত দীৰ্ঘদিনীয়া সংগ্ৰাম এখনৰ মাজেৰে অহা ৰাইজৰ দলৰপৰা কিছু আশা কৰিব পৰা যায় বুলি ভবা হৈছিল। কিন্তু মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত দুয়োটা দলৰে আছিল সেই একেই পিতৃতান্ত্ৰিক মনোভাব। দুয়োটা দলেই দেখুৱাই দিলে কেৱল ৰাজআলিত সমদলৰ কাৰণেহে মহিলাৰ প্ৰয়োজন, নেতৃত্ব ল’বলৈ সদায় পুৰুষহে উপযুক্ত।
ৰাজনীতিৰ জগতত মহিলাৰ প্ৰৱেশ দেৰীকৈ হৈছে। অহৰ্নিশে পিতৃতান্ত্ৰিক সমাজ এখনৰ চাপত থকাৰ বাবে মহিলাসকলৰ কাৰণে ৰাজনৈতিক বীক্ষা অনুশীলনৰ সুযোগ-সুবিধাও সীমিত। নেতৃত্ব লোৱা বা সিদ্ধান্তগ্ৰহণ প্ৰক্ৰিয়াটোৰ অংশীদাৰ হোৱাৰ যোগ্যতা আৰ্জিবলৈ মহিলাসকলৰ পৰাদৰ্শিতা বৃদ্ধিৰ বাবে বহু কাম কৰিবলগীয়া আছে। কিন্তু যেতিয়ালৈকে মহিলাসকলক ৰাজনৈতিকভাৱে অপৰিপক্ক বুলি ভাবি বা কৌশলেৰে ৰাজনৈতিক বীক্ষা লাভৰপৰা আঁতৰাই সকলো সময়তে কেৱল পুৰুষ সংগ্ৰামীৰ অনুসৰণকাৰী/সহায়কাৰী/শুশ্ৰূষাকাৰী বুলি ধৰি থকা হ’ব, নাৰীমুক্তিৰ প্ৰশ্নটো একাষৰীয়া হৈয়েই থাকি যাব। এজন শ্ৰমজীৱী পুৰুষতকৈ এগৰাকী শ্ৰমজীৱী মহিলা বেছি শোষিত। কাৰণ বাহিৰৰ পৃথিৱীখনৰ অসমান ক্ষমতা সম্পৰ্কৰ কাঠামোত শোষিত আৰু অৱদমিত মহিলাগৰাকী পাৰিবাৰিক অসমান ক্ষমতা সম্পৰ্কৰ মাজত পুৰষ সংগীৰ তুলনাত আৰু বেছি শোষিত আৰু অৱদমিত হয়। মাও চে তুঙেও কৈ গৈছে, চীনত পুৰুষসকল অৱদমিত হয় ৰাজনৈতিক, পৰিয়াল আৰু ধৰ্মীয় কৰ্তৃত্বৰ দ্বাৰা। মহিলাসকল এই তিনিৰ দ্বাৰা অৱদমিত হোৱাৰ উপৰিও অৱদমিত হয় গিৰিয়েকৰ দ্বাৰা। ঘৰখনৰ দমন, পীড়ণ আৰু অসমতাৰপৰা সংগ্ৰামৰ মাজৰ অসমতা আঁতৰোৱাৰ এই কঠিন যুঁজখনৰ দায়িত্ব কিন্তু পুৰুষ আৰু মহিলা উভয়ৰে। যিখন শ্ৰেণীহীন, শোষণহীন সমাজৰ কাৰণে সংগ্ৰাম কৰা হয় সেইখন সমাজত নাৰী-পুৰুষৰ সমতা লাভ সমানেই গুৰুত্বপূৰ্ণ। সংগ্ৰামৰ মাজেৰে দলৰ মাজৰ পিতৃতান্ত্ৰিক চেতনাৰ বিৰুদ্ধেও অহৰহ যুঁজ চলাই যাবই লাগিব। কাৰণ লিংগসাম্যৰ বিষয়টো মূল সংগ্ৰামখনৰপৰা ফালৰি কাটি অহা অথবা সম্পূৰ্ণ পৃথক বিষয় নহয়। চিমন দ্য বোঅভোৱাৰ ভাষাতেই ক’বলৈ হ’লে – “লিংগসাম্যৰ দাবীত শ্ৰেণীসাম্যৰ দাবীয়েই প্ৰতিফলিত হয়।“