গল্প-কবিতা

শংকিত ব’হাগ ।। অনামিকা শৰ্মা

মুক্ত চিন্তা, ১০ বৰ্ষ, ৫ম সংখ্যা

মৌ মিঠা মাতেৰে বসন্তৰ বাতৰি দিবলৈ
বৃক্ষহীন পৃথিৱীত আছেনে জীয়াই
শুনিছানে কুলি কেতেকীৰ মাত
হৃদয়ে হৃদয়ে আন্দোলিত হৈছেনে
ম’হৰ শিঙৰ পেপাৰ সুৰীয়া সুৰ!

শৈশৱত সমনীয়াৰ সৈতে চোতালে চোতালে
মাথো টকা এটি বজাই হাত চাপৰিৰ শব্দত
ঘৰে ঘৰে বিহু মৰা আনন্দবোৰ
ক্ৰমান্বয়ে নোহোৱা হৈ পৰিল
বিহুনাচ, হুঁচৰি এতিয়া ঘৰে ঘৰে নহয়,
গছৰ তলতো নহয়
বিহু এতিয়া লাখটকীয়া মঞ্চৰ
সোণৰ গহনা, মুগাৰ সাজত বন্দী।

মঞ্চত জঠৰ কঁকালৰ বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতা
বজাৰত প্লাষ্টিকৰ পেকেটত চিৰা পিঠাৰ দামৰ প্ৰতিযোগিতা।
ঢেংকুলুচ ঢেংকুলুচ ঢেকিটো বা হেৰাল ক’ত?
ক’তেই বা হেৰাল নাহৰ তগৰ কপৌ!!

জেঠ মাহত বিহু নাচিবলৈ গছত নহ’লেও
বজাৰত ফুলি আছে প্লাষ্টিকৰ কপৌ
বহাগৰ বতাহতো পোৱা নাই
কেতেকী, নাহৰ, তগৰৰ সুবাস
বতাহে বিলাইছে শংকাৰ কৰুণ সুৰ

বিহুৰ দিনাও শতচ্ছিন্ন চোলাটো বুকুতে সাৱটি
পৰি ৰোৱাসকলৰ দুখবোৰ
মচিব পাৰিম জানো?
এসাজ ভাত এটা নতুন চোলা
দিব নোৱৰাসকলৰ
বুকু ভঙা কান্দোন
সহিব পাৰিম জানো?

হেৰ ঢুলীয়া ডেকা
নবজাবি আৰু ঢোলৰ চাপৰত
খিত্‌খিতা, খিত্‌খিতা, খিত্‌খিতা খিতদাও
ঘেনখিতা, ঘেনখিতা, ঘেনখিতা ঘেনদাও।

Leave a Reply

Your email address will not be published. Required fields are marked *