সৰি পৰা পকা ফল এটা নহ’লো কিয়- (অচ্যুত মাধৱ দাস)
পৃথিৱী এখন ৰসাতলে যোৱা দেখিলে
এটাই মাথোঁ আক্ষেপ হয়
সৰি পৰা পকা ফল এটা নহ’লো কিয়
পকা ফলৰপৰা দুটি পাত
পাতৰপৰা পুলি আৰু তাৰপৰাই এদিন এজোপা গছ
সকলোবোৰ ফল ফুটি পাত নোলায়
সকলোবোৰ পুলিও এদিন গছ হ’বগৈ নোৱাৰে
সেই বেথাতেই কেতিয়াবা নিৰলে ভাবো
ৰসাতলে যোৱা পৃথিৱীখনক কোনে ছাঁ দিব
সেই তাহানিতেই এদিন আয়ে কৈছিল –
গছবোৰলৈ চা
কেনেকৈ খামুচি থাকে মাটিৰ মৰমক,
তহঁতো এদিন গছ হ’ব লাগিব
জাৰ-জহ ধুমুহা-বৰষুণ গৰকি
থিয় দি থাকিব লাগিব
পৃথিৱী এখন ৰসাতলে যোৱা দেখিলে
প্ৰায়ে এজোপা গছ হোৱাৰ ইচ্ছা হয়
তাতে আহি বহি বহি দুটা কপৌ
আৰু তাকে দেখি ক’ৰপৰা জানো
এডাল গোৱালা সাপ আহিল
এতিয়া এমুঠি উঁই পোক বিচাৰি ফুৰিছোঁ
গছৰ তলতে হাঁফলু এটা হওক বুলি
তাতে আহি মাজে মাজে বহি বহি ৰত্নাকৰ
সেই যে বাল্মীকি, ৰাম জন্ম হোৱাৰ আগতেই লিখিছিল ৰামায়ণ
সীতাক বনবাস দি ৰাম-ৰাজ্য পাতিছিল
নাম স’লালেও মানুহবোৰ দেখোন সলনি হৈ নাযায়
ৰত্নাকৰ,
ৰাম-ৰাজ্যনো কেলৈ লাগিছে
কপৌ দুটা থাকিব পৰাকৈ
গোৱালা সাপবোৰক চৈধ্য বছৰ বনবাস দিয়া
পৃথিৱী এখন ৰসাতলে যোৱা দেখিলে
সৰি পৰা পকা ফল এটা হোৱাৰ ইচ্ছা হয়।