বিবিধ চিন্তা

শৰৎ তুমি অনন্যা (বিশ্ববন্ধু হিউম্যান)

প্ৰকৃতিৰ সুশৃংখল আৰু চিৰাচৰিত ৰীতি অনুসৰি ধৰাৰ বুকুলৈ ঋতু আহে ঋতু যায়। প্ৰতিটো ঋতুৱেই আমাৰ মাজলৈ স্বকীয় সম্ভাৰ লৈ আহে আৰু দি যায় আমাক ভিন ভিন অভিজ্ঞতা আৰু মাদকতা। চাৰিত্ৰিক বৈশিষ্ট্যলৈ চাই শৰতক ঋতুৰাণী আৰু বসন্তক ঋতুৰাজ হিচাপে অভিহিত কৰা হৈছে। গ্ৰীষ্ম আৰু বৰ্ষা ঋতুৱে আমাক মিঠা অভিজ্ঞতা দিয়াৰ লগতে তিতা-কেঁহা অভিজ্ঞতাও দিয়ে¸ কিন্তু শৰতে আমাক দি যায় কেৱল মিঠা আৰু মিঠা অভিজ্ঞতা। গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত দগ্ধ হোৱা প্ৰকৃতি জগতত বৰ্ষাৰ আমনিদায়ক উত্তাল বৰষুণীয়া দিনবোৰৰ অন্তত ন-বোৱাৰীৰ দৰে চুচুক-চামাককৈ¸ এখুজি-দুখুজিকৈ¸ আলসুৱা¸ পদুমী খোজেৰে¸ লয়-লাস ভংগীৰে শৰৎ আহে।

শৰতে প্ৰকৃতি জগতক ন-সাজেৰে আৰু নৱ অনুভৱেৰে নৱ ৰূপত সজায়। পখীৰ সুৱদী পুৱতি গীতে টোপনিৰ পৰা জগাই দিয়ে। বাহিৰৰ শান্ত-সমাহিত পৃথিৱীখনলৈ চাই পঠিয়ালে মনৰ পৃথিৱীখন স্নিগ্ধতা¸ সুখ আৰু প্ৰশান্তৰি ভৰি পৰে। প্ৰভাতী অৰুণৰ উমাল¸ মিঠা আৰু সোণোৱালী কিৰণে কুঁৱলীৰ পাতল শুভ্ৰ আচ্ছাদন ফালি পৃথিৱীক চুমা যাচে। সেউজী আৰু কোমল দুবৰি¸ ঘাঁহ-বন¸ গছ-গছনি আদিত মুকুতা¸ মণি¸ হীৰাৰ দৰে জিলিকি থকা নিয়ৰ টোপালবোৰে জীৱ আৰু জড় জগতক প্ৰভাতী সম্ভাষণ জনায়। শান্ত সমীৰণে দুবাহু ভৰাই কঢ়িয়াই কঢ়িয়াই আনে আমোল-মোল শেৱালিৰ সুৱাস। নিয়ৰসিক্ত দুবৰিৰ দলিচাত দুভৰি ৰাখিলে দেহ-মন এক অজান পুলকত শিহৰিত আৰু সজীৱ হৈ উঠে। পৰম সুখ আৰু শান্তিত আপোনা-আপুনি চকু মুদ খাই আহে। সৰগীয় অনুভূতি লাভ হয়।

শৰতত শেৱালিৰ লগতে অন্যান্য ফুল যেনে- কামিনী কাঞ্চন¸ হাচনাহানা¸ বকুল¸ খঁৰিকাজাই¸ গুটিমালিতা¸ ৰজনীগন্ধা আদি ফুলি এক নয়নাভিৰাম দৃশ্যৰ সৃষ্টি কৰে। পুখুৰী¸ সৰোবৰ¸ খাল¸ বিল¸ নদীত ভেঁট¸ পদুম¸ পানী মেটেঙা আদি নানা ধৰণৰ আৰু বৰণৰ ফুলবোৰে হাঁহি থাকে। হাঁহি হাঁহি পৃথিৱীবাসীক প্ৰভাতী আৰু শাৰদীয় শুভেচ্ছা জনায়। ফটফটীয়া পানীত মৎস্য আৰু জলজ প্ৰাণীবোৰে আনন্দত নাচি-বাগি ফুৰে¸ খেলা কৰে। জাকে জাকে বগলী¸ শৰালি আদি চৰাইবোৰে সূৰ্যৰ সোণালী আভা গাত সানি লৈ ডেউকা কোবাই ছন্দ মিলাই মৃদু-মধুৰ সংগীত সৃষ্টি কৰি নীলা আকাশৰ বুকুৱেদি প্ৰমোদ বিহাৰ কৰে¸ সুন্দৰ ধৰাৰ সৌন্দৰ্য পান কৰে আৰু আহাৰৰ বাবে খাল¸ বিল¸ নৈ¸ সেউজী পথাৰ আদিত পৰে।

এই সময়ত পথাৰৰ বুকু গাভিনী ধাননি আৰু অন্যান্য শস্যৰ সেউজীয়াৰে ভৰি পৰে। সেয়ে¸ অন্নদাতা কৃষকসকলৰ মনবোৰো সেউজীয়াৰে ভৰি পৰে। নীলিম আকাশৰ তলত সেউজীয়া পথাৰত তেওঁলোকে নানা ৰঙৰ গৰু-ছাগলী¸ ভেঁড়া¸ ম’হ আদি পোহনীয়া জন্তুবোৰক ঘাঁহ খুৱায়। জন্তুবোৰৰ মাজে মাজে আকৌ বগলী¸ পাৰ¸ কপৌ¸ শালিকা আদি চৰাইবোৰে আহাৰ বিচাৰে। পথাৰৰ সৌন্দৰ্যই এক অন্য মাত্ৰা লাভ কৰে।

বাৰিষা পানীৰে উপচি পৰি পলসৰ এঠা এৰি থৈ যোৱা নৈৰ দাঁতি¸ চৰ-চাপৰি আৰু নৈপৰীয়া ঠাইবোৰত গজালি মেলা কঁহুৱা বনবোৰ শৰতত ফুলে। তদুপৰি¸ গাঁও¸ খেতি-পথাৰৰ আলি¸ চহৰ-নগৰ¸ পাহাৰ আদিত য’ত য’ত কঁহুৱা আছে¸ সকলোবোৰ ফুুলে এই শৰতত। সেউজীয়া ধৰণীত শুভ্ৰতাৰ সমাহাৰ ঘটে। শুভ্ৰ কঁহুৱা সাম্ৰাজ্যৰ ওপৰেৰে বগা বগা বগলী উৰে। ৰিব ৰিব মলয়াই যেন কঁহুৱাৰ মূৰ আৰু চুলিত মৰমেৰে হাত বুলাই দিয়ে আৰু কঁহুৱাবোৰে গাত গা লগাই নৰ্তন কৰে যাৰ ফলত এক মধুৰ প্ৰাকৃতিক সাংগীতিক পৰিৱেশ ৰচনা হয়। কিছু দূৰৈৰ পৰা কঁহুৱাৰ সাম্ৰাজ্যলৈ চাই পঠিয়ালে এনে লাগে যেন কোনো এক অপৰূপা নাৰীয়ে সেউজীয়া মেখেলা আৰু শুভ্ৰ চাদৰ পিন্ধি  চাদৰৰ আচল উৰুৱাই গৈ আছে। ৰূপালী বালিচৰৰ বুকুত সূৰ্যৰ পোহৰত ৰূপালী বালিচন্দাবোৰ চিকমিকাই থাকে। নৈপৰীয়া চৰাইবোৰে মধুৰ গান গায়। এনেবোৰ দৃশ্য  দেখাৰ পিছত চৰৰ বুকুত এটি সৰু ঘৰ সাজি সমগ্ৰ শৰত কটাই দিবলৈ মন যায়।

এই সুমিষ্ট দিনবোৰত আকাশখন নিৰ্মল আৰু মেঘমুক্ত হৈ থাকে। সুনীল আকাশৰ বুকুতো কপাহ আৰু কঁহুৱাৰ দৰে শুভ্ৰ আৰু সুকোমল ডাৱৰৰ ফুল ফুলে। ডাৱৰবোৰে ইফালে-সিফালে ঘূৰি ফুৰে¸ খেলা কৰে। ডাৱৰে ডাৱৰে আলিংগন কৰে। ডাৱৰবোৰে আকাশত পাহাৰ¸ পৰ্বত¸ জান¸ জুৰি¸ ভৈয়াম¸ নদী¸ গছ-গছনি¸ নাৰী¸ পুৰুষ আদিৰ ছবি আঁকে।

এই সময়ত গ্ৰীষ্মৰ উৎকট উত্তাপ¸ বাৰিষাৰ বোকা-পানী আৰু শীতৰ হাড়কঁপোৱা জাৰো নাথাকে। সূৰ্যাস্তৰ আগৰ সময়খিনি অতি মনোমুগ্ধকৰ। ধৰাৰ বুকুলৈ এন্ধাৰ নামি অহাৰ আগে আগে ঘৰচীয়া জন্তুবোৰ ঘৰলৈ আহে। শুভ্ৰনীল আকাশৰ বুকুৱেদি আৰু সেউজীয়া পথাৰৰ ওপৰেদি বগা বগা বগলীবোৰে ডেউকা কোবাই দূৰৈৰ হাবি বা পাহাৰত থকা নীড়লৈ উভতি যায়। মুকলি ঠাইত বহি মানুহে সেইবোৰ চায়¸ বন্ধুৰ স’তে শৰতৰ কথা পাতে¸ হৃদয়ৰ কথা পাতে আৰু দূৰৈৰ পাহাৰৰ আঁৰত বা হাবিৰ মাজত বা নৈৰ বুকুত থকা কঁহুৱাডৰাৰ মাজত… মাৰ যাবলৈ ধৰা সূৰ্যক শেষবাৰৰ বাবে চায়। শৰতৰ নিশাবোৰ বৰ মধুৰ¸ সৌন্দৰ্যময়¸ স্বপ্নাৱিষ্ট আৰু মায়াসনা হয়। শুক্লপক্ষৰ জোনাক নিশা আকাশ আৰু পৃথিৱী ৰূপালী¸ কোমল জোনাকেৰে ভৰি পৰে। পৃথিৱীখন আলোকেৰে সজ্জিত হয়। জোনাকৰ পোহৰে নৈ¸ বিল¸ খাল¸ পুখুৰী¸ সৰোবৰ আদিত থকা ভেট¸ পদুম আদি জিলিকাই তোলে। জোনাকৰ আভা নৈ¸ বিল¸ খাল¸ পুখুৰী¸ সৰোবৰৰ পানীৰ ওপৰত পৰাৰ ফলত সেইবোৰ¸ ধৰাতল আৰু জ্যোতিৰ্ময় হয়। জিলমিলিয়া জোনাকবোৰ জলঙাৰে সোমাই আহি গোটেই কোঠা বিয়পি পৰে। বাহিৰত উইচিৰিঙা¸ জিলি আদি প্ৰাণীবোৰে নিশাৰ মধুৰ গীত জুৰে। আকাশত তৰাবোৰে ওৰে নিশা কথা পাতি থাকে।

ছয় ঋতুৰ ভিতৰত শৰৎ বেছি সুখদায়ক। ই পৃথিৱীৰ সকলো মানুহ¸ জীৱ-জন্তু¸ চৰাই-চিৰিকতি সকলোকে আকৰ্ষণ কৰে¸ মোহিত কৰে। কবি¸ সাহিত্যিক¸ গীতিকাৰ¸ চিত্ৰশিল্পী¸ গায়ক আদি অনুভূতিপ্ৰবণ ব্যক্তিসকলৰ বৰ প্ৰিয় এই শৰৎ। শৰতকলৈ তেওঁলোকৰ যে কত কল্পনা। কত যে কবিতা¸ গীত¸ গদ্য¸ ছবি আদি সৃষ্টি হৈছে শৰতকলৈ।

শৰৎ মধুময়! শৰৎ ৰূপময়! শৰৎ বৰ্ণময়! শৰৎ সুগন্ধিময়! শৰৎ মায়াময়! মোহময়! স্বপ্নময়! শৰত প্ৰেমৰ প্ৰতীক! শৰৎ স্নিগ্ধতাৰ প্ৰতীক! শৰৎ আশা আৰু সুখ-শান্তিৰ প্ৰতীক! শৰৎ সৃষ্টিশীল! শৰৎ প্ৰতিশ্ৰুতি সম্পন্ন! শৰৎ অনন্যা! শৰতৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি! শৰতে পৃথিৱীখনক সৰগলৈ ৰূপান্তৰিত কৰে! শৰৎ মানে সৰগ! মই শৰতৰ আজন্ম প্ৰেমিক! মহা প্ৰেমিক! শৰৎ মোৰ সপোনৰ প্ৰেমিকা! শৰৎ¸ তুমি আকৌ আহিবা! বাৰে বাৰে আহিবা!

শৰতৰ নিচিনা নিৰ্মল¸ কোমল আৰু সুন্দৰ হওক মানুহৰ মনবোৰ। শৰৎ নিশাৰ জোনাকৰ পোহৰে পৃথিৱীক উজলাই তোলাৰ দৰে মানুহে মনৰ এন্ধাৰ গলিবোৰ উজলাই তোলক। পৃথিৱীৰ পৰা হিংসা¸ অসূয়া¸ ভেদভাব আদি নোহোৱা হওক। আকাশৰ বুকুৰ পৰা ধৰাৰ বুকুলৈ শিশিৰ সৰাৰ দৰে পৃথিৱীলৈ সুখ-শান্তি বৰষি থাকক আৰু শুভ্ৰ সুগন্ধি শেৱালিৰ দৰে সকলোৱে হাঁহি থাকক।

শেষত¸ সুধাকণ্ঠ¸ সংগীতসূৰ্য¸ অসম ৰত্ন¸ ভাৰতৰত্ন¸ বিশ্বৰত্ন ড০ ভূপেন হাজৰিকাদেৱৰ এটি গীতৰ কলিৰে –

‘এটুকুৰা আলসুৱা মেঘ ভাহি যায়

      মোৰ বনহংসই বাট হেৰুৱায়

মই আছো শাৰদীয় খিৰিকীমুখত

     বুকুৱে বিচৰাজনলৈ বাট চাই৷’

Leave a Reply

Your email address will not be published. Required fields are marked *