সোঁ, বাঁও আৰু জেণ্ডাৰ (১ম খণ্ড) ।। জিতেন বেজবৰুৱা
It’s not that culture is our nature, but that it is of our nature. It’s both possible and necessary because of the kinds of body we have. Necessary, because there’s a gap in our nature that culture in the sense of physical care must move into quickly if we are to survive as infants. Possible, because our bodies, unlike those of snails and spiders, are able to extend themselves outward by the power of language or conceptual thought, as well as by the way we are constructed to labour on the world. This prosthesis to our bodies is known as civilisation. The only problem, as Greek tragedy was aware, is that we can extend ourselves too far, lose contact with our sensuous, instinctual being, overreach ourselves and bring ourselves to nothing. – Terry Eagleton (‘Where does culture come from?’, London Review of Books)
Todd Gitlin’s devastating observation about the debilitating consequences of the left’s cultural politics— “while the right has been busy taking the White House, the left has been marching on the English department”—dates from the ’90s, but it has lost none of its pertinence. Only now the battle lines are drawn within the cultural left; the English department was conquered long ago. The spectacle of the left devouring its own children—and of emancipatory liberalism turning into its opposite—may read as farce. But in the context of the wider political emergency we face, the obsessively inward focus of the cultural left can also be understood as tragedy. Rogers Brubaker (‘The Uproar Over ‘Transracialism’’, The New York Times)
One has to listen carefully to the words used here: there is no social constructionism of gender mentioned here, you just discover your true self and then try to live authentically, reaching happiness by being faithful to it. If the term ‘essentialism’ has any meaning, this is it. Slavoj Zizek (‘Transgender dogma is naive and incompatible with Freud’, The Spectator)
In stark contrast with the all-volunteer, member-driven organizations of the Stonewall era, today’s LGBT organizations are staff-driven groups dependent on foundation money and rich donors who directly or implicitly control their politics, always making sure not to displease their powerful sponsors. “Leaders” cycle through an endless revolving door of nonprofits, foundations, consultancies, and posts of the Democratic Party and its campaigns.
Rather than the gutsy organizations of the Stonewall era, our movement today is dominated by sclerotic “nonprofit” organizations run by executive directors with six-figure salaries hobnobbing at black-tie galas. Actual radicalism has been replaced by radical talk of academicized “queer theory,” and “virtual” astro-turfing and social media substitute for on-the-ground, grassroots organizing. Andy Thayer (‘Why Stonewall Matters Today’, Jacobin)
How has the left been so duped about new markets being manifested out of sex, that they scream liberation every time someone dares to mention the glaring inconsistency of human rights for corporate profiteering off of young adults and children’s bodies?
The left knows corporations do not care about the color of our skin, whether we are oppressed because of said color of our skin, whether we live in an igloo or a cardboard box, whether the icebergs are melting, or whether Fukushima nuclear plant is dumping millions of tons of radioactive waste into the oceans, externalizing the cost of doing business. How do they not understand that corporations do not give a fu*k about anybody’s identity? Unless those identities are opening markets. Jennifer Bilek (‘Capitalism, the New, New Left and the Gender Industry’, the11thhourblog.com)
In the subsequent two years [2023-2024], there has been a massive proliferation of far-right talking points circulating in the GC [gender-critical] space, and a good deal of open support for far-right figures. It is not uncommon now to get into a conflictual exchange with someone over some contentious aspect of the pushback against trans ideology (voting for Labour, repealing the GRA [Gender Recognition Act], using wrong sex pronouns, making common cause with far right actors) and to then check their TL and find it full of tirades against the degeneracy of the left, cultural Marxism, critical theory and the ‘woke mind virus,’ anti-Muslim propaganda, covid conspiracy theory, and the most extreme and salacious formulations of concerns about the impacts of the trans rights/alphabet people project. Jane Clare Jones (‘Tommy Robinson, Far Right Populism, and ‘Gender Criticism’’, janeclarejones.com)
(প্ৰস্তাৱনা)
আমি জানো যে এল জি বি টি (LGBT) আন্দোলন হ’ল সাম্প্ৰতিক সময়ৰ এক প্ৰধান সামাজিক আন্দোলন৷ বহুতো নিবেদিত সংগঠনৰ নেতৃত্বত পৰিচালিত এই আন্দোলনটোৱে ইতিমধ্যে গোটেই পৃথিৱী জুৰি ব্যাপক প্ৰাতিষ্ঠানিক স্বীকৃতি তথা পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু আমি সৰহভাগেই নাজানো যে ইয়াৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিৰোধ আন্দোলনো চলি আছে৷ সেইবুলি ইয়াত বিভিন্ন দেশৰ নানা তৰহৰ ধৰ্মান্ধ-সোঁপন্থী শক্তিবিলাকৰ কথা ক’ব খোজা নাই৷ সেই শক্তিবিলাকে স্থিতাৱস্থা আৰু ন্যস্ত স্বাৰ্থ ৰক্ষাৰ বাবে যিকোনো প্ৰগতিশীল আন্দোলনৰ প্ৰাণপণ বিৰোধিতা কৰিবই৷ তেনে প্ৰতিক্ৰিয়াশীল শক্তিবিলাকক যে সামাজিক-ৰাজনৈতিকভাৱে পৰাভূত কৰিবলৈ চেষ্টা কৰিব লাগে, সেই লৈ কোনো দ্বিমত থাকিব নোৱাৰে৷ আমি ইয়াত ক’ব খুজিছো এল জি বি টি আন্দোলনৰ প্ৰভাৱশালী ধাৰাটোৰ বিৰুদ্ধে ঘাইকৈ নাৰীৰদ্বাৰা সংগঠিত এক নাৰীবাদী প্ৰতিৰোধৰ কথা, যাৰ অস্তিত্ব লুকুৱাই ৰাখিবলৈ আৰু যাক নিছক সোঁপন্থী ষড়যন্ত্ৰ বুলি নস্যাৎ কৰিবলৈ অহৰহ চেষ্টা কৰি অহা হৈছে৷ গতিকে এই বিষয়ে সত্যাসত্য জানিবৰ বাবে প্ৰথম চৰ্তটো হ’ল এল জি বি টি আন্দোলন সম্পৰ্কীয় যিসমূহ অফিচিয়েল প্ৰচাৰ তাক ভক্তিভাবেৰে গ্ৰহণ নকৰি বস্তুনিষ্ঠভাৱে চালিজাৰি চাবলৈ সাজু থকাটো৷ সি যি নহওক, এল জি বি টি আন্দোলন আৰু তাৰ প্ৰধান ধাৰাটোৰ বিৰুদ্ধে চলি থকা প্ৰতিৰোধ আন্দোলন – এই দুইটাৰে গতিধাৰা আৰু চৰিত্ৰৰ ওপৰত আলোকপাত কৰাৰ লগতে এই প্ৰসংগত বাঁওপন্থী-প্ৰগতিশীল অৱস্থানৰ মেৰপেচ খুলিবলৈ এই লেখাত আমি চেষ্টা কৰিম৷
আৰম্ভণিতে দুটামান স্পষ্টীকৰণ দিয়া দৰকাৰ৷ প্ৰথমতে, অপ্ৰয়োজনীয় যেন লাগিলেও উনুকিয়াওঁ যে এল জি বি টি সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত সকলো ব্যক্তিৰ মানৱ অধিকাৰ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা হোৱাটো আমি নিৰ্দ্বিধায় আৰু সজোৰে সমৰ্থন কৰো৷ এই ব্যক্তিসকলে সমাজত বহুধৰণৰ বৈষম্য আৰু হাৰাশাস্তিৰ বলি হ’বলগীয়া হয়৷ এই অন্যায়ৰ অৱসান ঘটাবৰ বাবে প্ৰয়োজনীয় সামাজিক-আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ এইক্ষেত্ৰত তেওঁলোকৰ ন্যায়ৰ পক্ষত থিয় দিয়াটো প্ৰতিজন আধুনিক মানুহৰে অনস্বীকাৰ্য কৰ্তব্য৷ দ্বিতীয়তে, এই লেখাত অৱতাৰণা কৰিবলগীয়া প্ৰায়খিনি কথাই আমাৰ ইতিমধ্যে প্ৰকাশিত প্ৰসংগ : এল জি বি টি (বান্ধৱ, ২০২৩) গ্ৰন্থত অজস্ৰ তথ্য-পাতি তথা তাত্ত্বিক বিশ্লেষণৰ আধাৰত অতিশয় বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে৷ গতিকে বিষয়টোৰ কোনো কথাই এই লেখাত নতুনকৈ সাব্যস্ত কৰিবলগীয়া নাই; ইয়াত নতুনকৈ সংযোজন ঘটিবলগীয়া কথাবিলাক মূলতঃ পৰ্যবেক্ষণধৰ্মীহে৷ আশা কৰা হৈছে যে পাঠকসকলৰ বহুতে কিতাপখন ইতিমধ্যে পঢ়িছে বা নপঢ়াসকলেও অধিক জানিবলৈ বা সংশয় নিবাৰণ কৰিবলৈ ইয়াৰ পাছত সেইখন পঢ়িব৷ পাঠকৰ বাবে চমু আৰু সহজবোধ্য কৰাৰ খাতিৰত আমি লেখাটোৰ ভিতৰত প্ৰসংগক্ৰমে দুই-এটা উদাহৰণ, তথ্য-পাতি আদি উল্লেখ কৰিলেও সেইসমূহৰ বহল আলোচনাৰপৰা বিৰত থাকিম৷ ইয়াত আমাৰ মূল উদ্দেশ্য হ’ব কিছু তাত্ত্বিক অন্তৰ্দৃষ্টি দাঙি ধৰা৷ বিশাল বিষয় এটাৰ থোৰতে সাৰমৰ্ম দাঙি ধৰিবলৈ যাওঁতে ইয়াত কোনো ঠাইত সৰলীকৰণৰ দোষে ছুব পাৰে; তেনে অনুভৱ হ’লে পাঠকক কিতাপখনৰ সহায় ল’বলৈ অনুৰোধ জনালো৷ তৃতীয়তে, কিতাপখনত আমি মূলতঃ ইউৰোপ-আমেৰিকাৰ প্ৰেক্ষাপটতেই এল জি বি টি আন্দোলনৰ এটা সমালোচনা দাঙি ধৰিছিলো; তাত ভাৰতবৰ্ষ সম্পৰ্কে কোনো আলোচনা নাই৷ এই লেখাটোৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হ’ব৷ এল জি বি টি আন্দোলনৰ ক্ষেত্ৰত পাশ্চাত্যত কি ঘটিছে তাৰ মাজতেই আমাৰ আলোচনা সীমিত থাকিব৷ চতুৰ্থতে, এল জি বি টি আন্দোলনক কেন্দ্ৰ কৰি পাশ্চাত্যত যি তুমুল বিতৰ্ক আৰু বহুস্তৰীয় দ্বন্দ্ব-সংঘাত চলি আছে, তাক থোৰতে বা সৰলভাৱে বৰ্ণনা কৰাটো সম্ভৱ নহয়৷ তাৰ জটিলতা ভেদ কৰিবলৈ আমাৰ কিতাপখনত পাৰ্যমানে চেষ্টা কৰা হৈছে; এই লেখাটো তাৰ এটা বিহংগম অৱলোকনহে৷ গতিকে এই লেখাটো এল জি বি টি আন্দোলনৰ বিষয়ে একেবাৰে বা বিশেষ নজনা ব্যক্তিসকলৰ বাবে নহয়৷ আন্দোলনটোৰ বিষয়ে আৰু সামাজিক-ৰাজনৈতিক তত্ত্ব সম্পৰ্কে কিছু ধাৰণা থকা ব্যক্তিসকল তথা প্ৰগতিশীল বিদ্বৎ সমাজৰ প্ৰতি উদ্দেশ্য কৰিহে লেখাটো লিখা হৈছে৷ পঞ্চমতে, এল জি বি টি আন্দোলনটো হ’ল এটা বিশাল আন্দোলন৷ ইয়াত আন্দোলনটোৰ বিষয়ে যিটো সমালোচনা দাঙি ধৰা হ’ব, সেয়াই তাৰ বিষয়ে একমাত্ৰ বা সম্পূৰ্ণ সত্য বুলি আমি দাবী কৰিব খোজা নাই; বৰং সামাজিক বিতৰ্কৰ অংশ হিচাপেহে সমালোচনাটো দাঙি ধৰা হৈছে৷ যিহেতু আমি উত্থাপন কৰা ধাৰণাৰাজি বহু তথ্য-প্ৰমাণৰদ্বাৰা সমৰ্থিত আৰু বহু মানুহৰ মতামতৰ ওপৰত আধাৰিত, গতিকে এইবিলাকক লৈও আলোচনা তথা গণতান্ত্ৰিক বিতৰ্ক হ’ব লাগে বুলি আমাৰ বিশ্বাস৷
(১)
সৰলভাৱে ক’বলৈ হ’লে, এল জি বি টি আন্দোলন বুলি আমি যাক কওঁ সেয়া হ’ল মূলতঃ এক ট্ৰেন্সজেণ্ডাৰ আন্দোলন৷ ট্ৰেন্সজেণ্ডাৰ মতাদৰ্শ আৰু এক্টিভিজমে আন্দোলনটোৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে৷ আৰু ইয়াকেই আন্দোলনটোৰ অংশীদাৰী সকলো গ্ৰুপৰ প্ৰতিনিধিত্বকাৰী বুলি উপস্থাপন কৰা হৈছে৷ কিন্তু অলপ মন কৰিলেই ধৰিব পাৰি যে এল জি বি-সকলক আনুষ্ঠানিকভাৱে সাঙুৰি লোৱা হৈছে যদিও আন্দোলনটোৰ বহু কথাই তেওঁলোকৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়, বৰং বিৰোধীহে৷ উদাহৰণস্বৰূপে, এল জি বি-সকলৰ কিছুমানে তেওঁলোকক ট্ৰেন্সজেণ্ডাৰসকলৰ সৈতে জোৰকৈ সাঙুৰি লোৱাটোক forced teaming বুলি অভিহিত কৰিছে, আন কিছুমানে এসময়ত Drop the T (মানে এল জি বি টি আন্দোলনৰপৰা ট্ৰেন্সজেণ্ডাৰক বাদ দিব লাগে বুলি) নামৰ কেম্পেইন এটা চলাইছিল৷ সি যি নহওক, বৰ্তমান মুহূৰ্তত আমি এল জি বি টি আন্দোলন বুলি ক’লে প্ৰায় ক্ষেত্ৰতে ট্ৰেন্সজেণ্ডাৰ আন্দোলনকেই বুজো৷ ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ বিৰুদ্ধে ঘাইকৈ নাৰীৰ নেতৃত্বত এক প্ৰতিৰোধ আন্দোলন বিশ্ব জুৰি চলি আছে, আৰু এই প্ৰতিৰোধত আগভাগ লোৱাসকলৰ প্ৰথমতেই আছে এল জি বি-সকল৷ আমাৰ আলোচনাৰ কেন্দ্ৰবিন্দু হ’ল ট্ৰেন্সজেণ্ডাৰ আন্দোলন৷
বিষয়টো বুজিবৰ বাবে কেইটামান মৌলিক ধাৰণা থোৰতে স্পষ্ট কৰি লোৱা যাওক৷ প্ৰথমটো হ’ল ছেক্স৷ ছেক্স হ’ল মানুহৰ জৈৱিক আৰু শৰীৰগত বৈশিষ্ট্যৰাজি যাৰ জৰিয়তে মতা আৰু মাইকী চিহ্নিত কৰিব পাৰি৷ ই হ’ল জীৱবৈজ্ঞানিক, বস্তুগত আৰু বহুলাংশে চাক্ষুষ৷ দ্বিতীয়টো হ’ল লিংগ বা জেণ্ডাৰ৷ ই হ’ল মানুহৰ সামাজিক আৰু সাংস্কৃতিক ভূমিকা, আচৰণবিধি আৰু প্ৰত্যাশাবিলাকৰ সামূহিক ৰূপ, যাক ছেক্সৰ ভিত্তিত আৰোপ কৰা হয়৷ অৰ্থাৎ মতা মানুহৰ বাবে বেলেগ আৰু মাইকী মানুহৰ বাবে বেলেগ হয়৷ লিংগ হ’ল মূলতঃ সামাজিক বস্তু৷ তৃতীয়টো হ’ল যৌনতা বা ছেক্সুৱেলিটি৷ ই হ’ল মানুহৰ যৌন প্ৰৱণতা, আকৰ্ষণ আৰু আচৰণৰ সমষ্টি৷ পুৰুষ বা নাৰী কাৰ প্ৰতি কেনেধৰণে আকৰ্ষিত হ’ব সেইটো হ’ল যৌনতাৰ বিষয়৷ এতিয়া আমি সমকামিতাৰ কথালৈ আহো৷ সমকামিতা হ’ল এক যৌন অনুৰক্তি (sexual orientation), যাৰ ভিত্তি হ’ল ছেক্স৷ যি নাৰীয়ে নাৰীৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে তেওঁ হ’ল লেছবিয়ান বা নাৰী সমকামী৷ যি পুৰুষে পুৰুষৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে তেওঁ হ’ল গে’ বা পুৰুষ সমকামী৷ আনহাতে, নাৰী-পুৰুষ উভয়ৰে প্ৰতি আকৰ্ষণ অনুভৱ কৰা নাৰীগৰাকী বা পুৰুষজন হ’ল বাইছেক্সুৱেল বা উভকামী৷ সমকামিতা হ’ল যৌনতাৰ বিষয়, সি কোনো পৰিচিতি নহয়৷ সমকামিতাই এজন ব্যক্তিক সংজ্ঞায়িত কৰিব নোৱাৰে, তেওঁৰ যৌনতাকহে সংজ্ঞায়িত কৰে৷ সমকামিতাই মানুহৰ জৈৱিক ছেক্সৰ ক্ষেত্ৰত কোনো প্ৰশ্নৰ অৱতাৰণা নকৰে – সমকামী পুৰুষজন পুৰুষেই, সমকামী নাৰীগৰাকী নাৰীয়েই৷
প্ৰতিখন সমাজতে কিছুমান লিংগ-অসংগত (gender non-conforming) মানুহ দেখিবলৈ পোৱা যায়৷ ইয়াৰ মানে হ’ল, ল’ৰা আৰু ছোৱালী সম্পৰ্কে বা পুৰুষ আৰু নাৰী সম্পৰ্কে সমাজত প্ৰচলিত লৈংগিক ধাৰণাৰ সৈতে সেই ব্যক্তিসকল খাপ নাখায়৷ যেনে, ল’ৰা এজনে যদি সমাজে বিচৰাধৰণে ‘ল’ৰাসুলভ’ (masculine) হোৱাৰ সলনি ‘ছোৱালীসুলভ’ (feminine) লক্ষণ আৰু আচৰণ প্ৰদৰ্শন কৰে, তেনেহ’লে তেওঁক লিংগ-অসংগত বুলি ক’ব পাৰি৷ সৰলকৈ ক’বলৈ গ’লে, লিংগ হ’ল পুৰুষতান্ত্ৰিক সামাজিক ব্যৱস্থাপনাই সৃষ্টি কৰা এক সংকীৰ্ণ আৰু বৈষম্যমূলক সাংস্কৃতিক ব্যৱস্থা৷ সি যি নহওক, সমাজত লিংগৰ ধাৰণা যেতিয়াৰপৰা আছে তেতিয়াৰপৰাই নিশ্চিতভাৱে কিছুমান লিংগ-অসংগত মানুহো আছে৷ এই লিংগ-অসংগত মানুহবিলাকে জীৱনত বহুতো দুৰ্ভোগ ভুগিবলগীয়া হয়৷ পাৰিবাৰিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতেই হওক, তেওঁলোকে বিভিন্নধৰণৰ হাৰাশাস্তি, দমন, বঞ্চনাৰ সন্মুখীন হয়৷ তেওঁলোকক জোৰ-জবৰদস্তি কৰি সমাজ-আৰোপিত লৈংগিক ষ্টেৰিঅ’টাইপৰ মাজত বন্দী কৰি ৰাখিব বিচৰা হয়৷ সেইবাবে তেওঁলোকে নিজ ইচ্ছাৰে মুকলিভাৱে জীয়াই থকাৰ সুবিধা নাপায়৷ গতিকে যিকোনো আধুনিক-প্ৰগতিশীল সমাজৰে দায়িত্ব হ’ল, লিংগ-অসংগত মানুহৰ ওপৰত যুগ যুগ ধৰি চলি অহা অন্যায়-নিপীড়নৰ অৱসান ঘটোৱা আৰু তেওঁলোকৰ পূৰ্ণাংগ মানৱ অধিকাৰ প্ৰতিষ্ঠা কৰা৷ ইয়াৰ সৈতে এটা দীৰ্ঘম্যাদী দিশো জড়িত হৈ আছে৷ লিংগৰ মতাদৰ্শ কেৱল লিংগ-অসংগত মানুহৰে নহয়, লিংগ-সংগত মানুহৰ বাবেও, বিশেষকৈ নাৰীসকলৰ বাবে, ক্ষতিকৰ৷ পুৰুষতন্ত্ৰৰ পৰাভৱৰ জৰিয়তে ভৱিষ্যতৰ কোনোবা সময়ত লিংগৰ অন্ত পৰিলেহে শেষ অৰ্থত লৈংগিক শোষণ-নিপীড়নৰ অৱসান ঘটিব – নাৰী-পুৰুষ নিৰ্বিশেষ লিংগ-অসংগত মানুহৰ বাবেও, নাৰীৰ বাবেও৷ গতিকে লিংগ-অসংগত মানুহৰ সামাজিক মুক্তিৰ এই দীৰ্ঘম্যাদী দাবীৰ সৈতে নাৰীৰ স্বাৰ্থও সমানেই জড়িত হৈ আছে৷ এই দাবী পূৰণৰ বাবে বুনিয়াদী সামাজিক ৰূপান্তৰৰ প্ৰয়োজন; গতিকে সেয়া সহজে হৈ উঠা কথা নহয়৷ কিন্তু কিছুমান সামাজিক-আইনগত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে লিংগ-অসংগত মানুহৰ অধিকাৰ আৰু মানৱীয় মৰ্যাদা ৰক্ষা কৰাটো টান কাম নহয়৷ সি যি নহওক, ট্ৰেন্সজেণ্ডাৰ আন্দোলনে এইখিনি মানুহৰ ইচ্ছ্যুটোকেই প্ৰতিনিধিত্ব কৰে৷ কিন্তু সি ইচ্ছ্যুটোক বেলেগ এটা ধৰণে ব্যাখ্যা কৰে আৰু তাৰ এটা বেলেগ সমাধান দাঙি ধৰে৷ প্ৰশ্ন হয়, আন্দোলনটোৱে দিয়া এই ব্যাখ্যা আৰু সমাধান কিমান সঠিক আৰু লিংগ-অসংগত মানুহৰ বাবে কিমান কল্যাণকৰ? আৰু সি বাকী মানুহ তথা সমাজৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে?
ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলৰ মানৱ অধিকাৰ আৰু সামাজিক মৰ্যাদা সুৰক্ষিত কৰাটো প্ৰতিখন সমাজৰ জৰুৰী দায়িত্ব৷ জেণ্ডাৰ ডিস্ফ’ৰিয়াৰ (gender dysphoria) অতীব যন্ত্ৰণাদায়ক ৰাস্তাইদি পাৰ হৈ যাবলৈ ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়৷ এইক্ষেত্ৰত তেওঁলোকৰ কষ্ট লাঘৱ কৰিবৰ বাবে কিছুমান সামাজিক-মনস্তাত্ত্বিক-মেডিকেল ব্যৱস্থা কৰাটো অতিকে জৰুৰী৷ তদুপৰি কিছুমান সাধাৰণ পদক্ষেপ হাতত ল’ব লাগে৷ প্ৰাপ্তবয়স্ক ব্যক্তি এজনে কিধৰণৰ পোছাক পিন্ধে, কেনেদৰে আচৰণ কৰে আৰু নিজক কি বুলি উপস্থাপন কৰে, তাৰ ওপৰত কোনোধৰণৰ সামাজিক নিয়ন্ত্ৰণ চলিব নোৱাৰে৷ পোছাকৰ ক্ষেত্ৰত নাৰী-পুৰুষৰ স্পষ্ট বাধ্যতামূলক বিভাজন কোনোমতেই গ্ৰহণযোগ্য নহয়৷ তাক নিৰ্মূল কৰিব নোৱাৰিলেও সদ্যহতে শিথিল কৰিবৰ বাবে সামাজিক ব্যৱস্থা হাতত ল’ব লাগে – পুৰুষেই হওক বা নাৰীয়েই হওক বা আন যি বুলিয়েই আত্মপৰিচয় নিদিয়ক, যিকোনো ব্যক্তিয়েই নিজ প্ৰয়োজন আৰু ইচ্ছা অনুসৰি যিকোনোধৰণৰ পোছাক পিন্ধিবলৈ নিৰ্বিৰোধ স্বাধীনতা পাব লাগে৷ আনহাতে, প্ৰাপ্তবয়স্ক অৱস্থাত কোনো ব্যক্তিয়ে যদি ছেক্স পৰিবৰ্তনৰ বাবে মেডিকেল পদ্ধতিৰ সহায় ল’ব বিচাৰে, তাত কোনোধৰণৰ বাধা থাকিব নালাগে; আধুনিক সমাজ এখনে ইচ্ছুক ব্যক্তিৰ বাবে তেনে সুবিধা দিবই লাগিব৷ এইখিনি হ’ল ট্ৰেন্সজেণ্ডাৰ আন্দোলন সম্পৰ্কীয় অধিক কথা পাতিবৰ বাবে প্ৰাথমিক চৰ্ত৷ এইটো অনস্বীকাৰ্য যে ট্ৰেন্সজেণ্ডাৰ অভিজ্ঞতাটো হ’ল মানৱ জাতিৰ বাবে এটা নতুন অভিজ্ঞতা৷ হাজাৰ হাজাৰ বছৰ জুৰি কেৱল পুৰুষ আৰু নাৰী কেটেগৰিতে (কিছুমান সমাজত তৃতীয় লিংগৰ ধাৰণা বিদ্যমান) মানুহৰ লৈংগিক আত্মপ্ৰকাশ আবদ্ধ হৈ আছিল৷ ট্ৰেন্সজেণ্ডাৰ আন্দোলনে সেই বাধাৰ প্ৰাচীৰ ভাঙি দিলে; ইয়াৰ ফলত এতিয়া বিবিধধৰণৰ gender-diverse আচৰণৰ সৃষ্টিশীল আৰু ব্যাপক প্ৰকাশ দেখিবলৈ পোৱা গৈছে আৰু সমাজত সিবিলাকৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে৷ এয়া নিঃসন্দেহে ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ এটা মূল্যৱান সাফল্য৷ ইয়াৰ মাজত সদায় সামাজিক অবিচাৰৰ বলি হৈ অহা লিংগ-অসংগত ব্যক্তিসকলে এটা আত্মপৰিচয় বিচাৰি পাইছে – তেওঁলোকে মূৰ তুলি কথা ক’বলৈ এটা ভাষা আৰু সাহস পাইছে৷ গতিকে তেওঁলোকৰ বাবে আন্দোলনটো এটা ডাঙৰ প্ৰাপ্তি৷ কিন্তু একে সময়তে আমি ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ সমস্যাজনক দিশটোৰ প্ৰতি তথা তাৰ সৈতে জড়িত দীৰ্ঘম্যাদী প্ৰশ্নবিলাকৰ প্ৰতি চকু দিয়া দৰকাৰ৷ এইটো নক’লেও চলে যে এইটো হ’ল মতাদৰ্শ আৰু এক্টিভিজমৰ কাহিনী, ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলৰ নহয়৷ তেওঁলোকৰ বহুতেই এই কাহিনীটো সম্পৰ্কে সচেতন নহয়; আনহাতে, বহু ট্ৰেন্সজেণ্ডাৰ ব্যক্তিয়ে সাম্প্ৰতিক ট্ৰেন্সজেণ্ডাৰ মতাদৰ্শ আৰু এক্টিভিজমৰ কঠোৰ সমালোচনা তথা বিৰোধিতা কৰে৷ সি যি নহওক, ট্ৰেন্সজেণ্ডাৰ ধাৰণাটোক সম্প্ৰতি যেনেদৰে সংজ্ঞায়িত কৰা হৈছে আৰু তাক লৈ যেনেধৰণৰ এক্টিভিজম এতিয়া চলি আছে, তাৰ ফলত সামাজিকভাৱে বহু বিৰূপ প্ৰভাৱ পৰিছে আৰু বহু মানুহ বিভিন্নধৰণে ক্ষতিগ্ৰস্ত কৰিছে৷ পৰিতাপৰ বিষয়টো হ’ল এই যে এই মতাদৰ্শৰ অপ্ৰীতিকৰ দিশটো জোৰ-জবৰদস্তি লুকুৱাই ৰাখিব বিচৰা হৈছে৷ তদুপৰি ইয়াৰ কোনোধৰণৰ সমালোচনা কৰাটো নিষেধ কৰা হৈছে৷ সমালোচনা বাদেই, তাৰ বাবে অস্বস্তিকৰ বা প্ৰশ্নবোধক যিকোনো কথা উত্থাপন কৰিলেই সিবোৰক অন্তৰ্নিহিত ঘৃণাৰ প্ৰকাশ বুলি অভিহিত কৰি নস্যাৎ কৰিব বিচৰা হয়৷ আৰু তেনে নকৰিবলগীয়া কাম কৰা ব্যক্তিসকল বিভিন্ন কুপৰিণামৰ সন্মুখীন হ’বলগীয়া হয়৷ এই মতাদৰ্শৰ সমস্যাবিলাক বা তাৰ লৈ হোৱা সমালোচনাবিলাকৰ বিষয়ে মানুহে নজনাৰ এইটোৱেই প্ৰধান কাৰণ৷
ক্ৰছ-ড্ৰেছিং কৰা মানুহ অতীতৰেপৰা সকলো সমাজতে আছে৷ বিংশ শতিকাত মেডিকেল ছাইন্সৰ উন্নতিৰ লগে লগে ছেক্স পৰিবৰ্তনৰ বাবে কৰা ছাৰ্জাৰিৰ উদ্ভৱ হ’ল৷ তেনেদৰে ছেক্স পৰিবৰ্তনৰ চেষ্টা কৰা ব্যক্তিসকলক ট্ৰেন্সছেক্সুৱেল (transsexual) বুলি জনা গৈছিল৷ বিংশ শতিকাৰ শেষৰ ফালে ট্ৰেন্সজেণ্ডাৰ ধাৰণাৰ উদ্ভৱ হয়৷ আমি যি ৰূপত ট্ৰেন্সজেণ্ডাৰ আন্দোলনটো দেখিবলৈ পাইছো, তাৰ তাত্ত্বিক-এক্টিভিষ্ট আধাৰ গঢ় লৈ উঠিছিল নব্বৈৰ দশকত৷ ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলৰ স্বাৰ্থত এটা সংগঠিত ৰাজনৈতিক আন্দোলন হিচাপে ট্ৰেন্স এক্টিভিজমৰ সূচনা হয় একবিংশ শতিকাতহে৷ শেহতীয়া দুটা দশকত আন্দোলনটোৱে ধুমুহাৰ গতিৰে প্ৰসাৰ লাভ কৰি এটা আধিপত্যশীল আৰু জনপ্ৰিয় বাগধাৰাত পৰিণত হয়৷ এইক্ষেত্ৰত মানৱ ইতিহাসৰ আন কোনো মানৱ অধিকাৰ আন্দোলনৰ সৈতে ইয়াৰ তুলনা নহয়৷ আন নালাগে, সমকামিতাৰ অধিকাৰ আন্দোলনৰ কথাই যদি চাওঁ, দেখিম যে ষ্ট’নৱাল ঘটনাৰ (১৯৬৯) চাৰি-পাঁচটা দশক পাৰ হৈ যোৱাৰ পাছতহে ইউৰোপ-আমেৰিকাত সমকামী বিবাহে আইনগত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় (উদাহৰণস্বৰূপে, ব্ৰিটেইনত ২০১৩ চন আৰু আমেৰিকাত ২০১৫ চন)৷ কিন্তু ট্ৰেন্সজেণ্ডাৰ আন্দোলনে অবিশ্বাস্য ক্ষিপ্ৰতাৰে প্ৰাতিষ্ঠানিক স্বীকৃতি আৰু সামাজিক গ্ৰহণযোগ্যতা লাভ কৰে – কেইটামান বছৰৰ ভিতৰতে মূলসুঁতিৰ প্ৰতিষ্ঠানবোৰে আন্দোলনটোৰ দাবীবোৰ বিনাচৰ্তে গ্ৰহণ কৰে আৰু কৰ্প’ৰেট শক্তিবিলাক অবিলম্বে তাৰ সৰৱ সমৰ্থকত পৰিণত হয়৷ সি যি নহওক, ইমানদিনে চলি অহা বিভিন্ন তাত্ত্বিক-এক্টিভিষ্ট ধাৰণাৰ সানমিহলি ঘটাই এটা সামঞ্জস্যপূৰ্ণ থূলৰ সৃষ্টি কৰা হয়, আৰু সেইবোৰ জনপ্ৰিয় সংস্কৃতিৰ মাজেৰে বিয়পি গৈ এক কমন ছেন্সৰ ৰূপ পৰিগ্ৰহ কৰে৷ এই ধাৰণাৰাজিৰ ভিতৰত ভিত্তিমূলক ধাৰণাটো হ’ল জেণ্ডাৰ পৰিচিতি (gender identity)৷ আমি জানি অহা লিংগতকৈ যিহেতু ই সম্পূৰ্ণ বেলেগ অৰ্থ বহন কৰে, গতিকে আমি ইয়াক জেণ্ডাৰ বুলি লিখিম৷
জেণ্ডাৰ পৰিচিতি হ’ল এটা সম্পূৰ্ণ নতুন ধাৰণা; ইয়াক আনধৰণে জেণ্ডাৰ আত্মচিনাক্তকৰণ (gender self-identification or self-ID) বুলিও কোৱা হয়৷ দেখাত তেনেই মামুলি যেন লগা এই ধাৰণাটোৰ মানে হ’ল, এজন ব্যক্তিক পুৰুষ বা নাৰী বুলি গণ্য কৰা হ’ব তেওঁৰ জৈৱিক পৰিচয় বা ছেক্সৰ ভিত্তিত নহয় – বৰং তেওঁ নিজে কি বুলি অনুভৱ কৰে আৰু কি বুলি চিনাক্ত কৰে তাৰ ভিত্তিতহে৷ এই অনুসৰি প্ৰতিজন ব্যক্তিৰে এটা জেণ্ডাৰ পৰিচিতি থাকে, যিটো তেওঁৰ শৰীৰটোৰ সৈতে মিলিবও পাৰে, নিমিলিবও পাৰে৷ জেণ্ডাৰ পৰিচিতি হ’ল মানুহৰ নিজৰ বিষয়ে এটা গভীৰতম আৰু অপৰিবৰ্তনীয় অনুভৱ বা ফিলিং – শৰীৰটো তাৰ বাবে বিশেষ প্ৰাসংগিক নহয়৷ শৰীৰটো যদি সেই পৰিচিতিৰ সৈতে খাপ খোৱা নাই, তেনেহ’লে তাক পৰিবৰ্তন কৰি খাপ খুৱাই লোৱা উচিত৷ যি মানুহৰ জেণ্ডাৰ পৰিচিতি শৰীৰটোৰ সৈতে মিলে, তেওঁক কোৱা হয় চিছজেণ্ডাৰ আৰু যি মানুহৰ নিমিলে, তেওঁক কোৱা হয় ট্ৰেন্সজেণ্ডাৰ৷ এজন মানুহৰ জেণ্ডাৰ পৰিচিতি কি, সেইটো কেৱল মানুহজনে নিজেহে জানিব – তাত আন কাৰো কথা নাখাটে৷ এইটো হ’ল মানুহৰ আত্মনিৰ্ধাৰণৰ অধিকাৰৰ এক সম্প্ৰসাৰিত ৰূপ, যে মানুহে নিজৰ জেণ্ডাৰ একমাত্ৰ নিজেহে নিৰ্ধাৰণ কৰিব৷ আনহাতে, এজন ব্যক্তিৰ জেণ্ডাৰ পৰিচিতিৰ সম্ভাৱনা কেৱল পুৰুষ আৰু নাৰীৰ মাজতে আবদ্ধ নহয় – তেওঁ নন-বাইনেৰি বা আন বহু কিবাকিবি হ’ব পাৰে৷ জেণ্ডাৰ পৰিচিতিৰ এই সম্ভাৱনা আক্ষৰিক অৰ্থতে অসীম আৰু অনন্ত৷ শেহতীয়াভাৱে জেণ্ডাৰ পৰিচিতিৰ সংখ্যা আৰু প্ৰকাৰ ইমান বেছি বাঢ়ি যাব লাগিছে যে তাৰ হিচাপ ৰখা টান হৈ পৰিছে, আৰু হিচাপ ৰখাসকলৰো ইটোৰ লগত সিটোৰ মিল নাই৷ তদুপৰি ব্যক্তি এজনে ইচ্ছা কৰিলেই নিজৰ পছন্দৰ জেণ্ডাৰ পৰিচিতি এটা নতুনকৈ সৃষ্টি কৰি ল’ব পাৰে৷ (যাদৃচ্ছিক দুটামান জেণ্ডাৰৰ উদাহৰণ দিলো: demiflux – whose gender identity is partially fluid, with the other part(s) being static; agender – a person without gender; omnigender – a person possessing all genders; amorgender – gender that changes in response to a romantic partner’s; mirrorgender – gender that changes to reflect those around you; ambigender – two genders experienced simultaneously as equal and unchanging.) ফে’চবুকে তাৰ ব্যৱহাৰকাৰীসকলক দেশভেদে ৫৬-৫৮টা জেণ্ডাৰ অপ্সন দিয়ে। আনহাতে, এজন ব্যক্তিৰ জেণ্ডাৰ যে সদায় একেটাই হ’ব তাৰ কোনো মানে নাই; Gender fluid মানুহৰ জেণ্ডাৰৰ কোনো স্থায়িত্ব নাথাকে৷ কাৰোবাৰ জেণ্ডাৰ হয়তো দীৰ্ঘদিনৰ মূৰত সলনি হ’ব পাৰে, কাৰোবাৰ হয়তো দুই-এদিনৰ ভিতৰত৷ তথাপি বহু জেণ্ডাৰৰ ভিৰৰ মাজত পৰিলক্ষিত প্ৰধান প্ৰৱণতাটো হ’ল বিপৰীত ছেক্সৰ হিচাপে আত্মচিনাক্তকৰণ৷ মতা মানুহ এজনে যদি নিজকে নাৰী হিচাপে আত্মচিনাক্ত কৰে, তেনেহ’লে তেওঁক ট্ৰেন্স নাৰী বোলা হয়; মাইকী মানুহ এগৰাকীয়ে যদি নিজকে পুৰুষ হিচাপে আত্মচিনাক্ত কৰে, তেনেহ’লে তেওঁক ট্ৰেন্স পুৰুষ বোলা হয়৷ ট্ৰেন্সজেণ্ডাৰ আত্মচিনাক্তকৰণৰ বৰ্তমানৰ এই ধাৰাৰ লগত অতীজৰ ট্ৰেন্সছেক্সুৱেলসকলৰ পাৰ্থক্য মন কৰিবলগীয়া৷ সেই ট্ৰেন্সছেক্সুৱেলসকলে (ঘাইকৈ মতা মানুহ) নিজকে আক্ষৰিক অৰ্থত বিপৰীত ছেক্সৰ বুলি দাবী কৰা নাছিল বা তেওঁলোকৰ কণ্ডিচনটো মানুহৰ এটা সাৰ্বজনীন বৈশিষ্ট্য বুলিও ভবা নাছিল৷ সাধাৰণভাৱে ক’বলৈ গ’লে, নিজৰ দৃষ্টিত তেওঁলোক আছিল gender dysphoriaত ভোগা আৰু মেডিকেল পদ্ধতিৰে শৰীৰৰ পৰিবৰ্তন ঘটোৱা কিছুমান বিশেষ ব্যক্তি৷ কিন্তু এতিয়াৰ তত্ত্ব মতে, ট্ৰেন্সজেণ্ডাৰ হ’বলৈ জেণ্ডাৰ ডিস্ফ’ৰিয়া থকাটো বা মেডিকেল ট্ৰেঞ্জিচন কৰাটো অপৰিহাৰ্য নহয়, কিয়নো ট্ৰেন্সজেণ্ডাৰ হোৱাৰ ক্ষেত্ৰত আত্মচিনাক্তকৰণেই মূল আধাৰ৷ এইক্ষেত্ৰত মেডিকেল ট্ৰেঞ্জিচনৰ যিবোৰ চৰ্ত পূৰ্বৰপৰা আছিল, যাক কোৱা হয় ‘medical gatekeeping’, সেইবোৰ এতিয়া বৈষম্যমূলক বুলি উঠাই দিয়া হৈছে৷ ট্ৰেন্সজেণ্ডাৰ পৰিচিতিক pathologize কৰাটো এতিয়া গ্ৰহণযোগ্য বুলি ভবা নহয়। আনহাতে, কিছুমান বিশেষ মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা এটা কণ্ডিচনৰ সলনি এতিয়া ট্ৰেন্সজেণ্ডাৰ হোৱাটোক এটা সাৰ্বজনীন পৰিচিতিৰ ৰূপত প্ৰতিষ্ঠা কৰা হৈছে৷ পূৰ্বৰ ট্ৰেন্সছেক্সুৱেল আছিল আছিল প্ৰাপ্তবয়স্ক ব্যক্তি; কিন্তু এতিয়া ভবা হয় যে কণমানি শিশু এটাও ট্ৰেন্সজেণ্ডাৰ হ’ব পাৰে৷ এনেবোৰ কাৰণতে বয়সস্থ ট্ৰেন্সছেক্সুৱেল ব্যক্তিসকলক প্ৰায়েই বৰ্তমানৰ কম বয়সীয়া ট্ৰেন্স এক্টিভিষ্টসকলে আওপুৰণি চিন্তাৰ ৰক্ষণশীল মানুহ বুলি গণ্য কৰে, যি ট্ৰেন্সজেণ্ডাৰ পৰিচিতিক gatekeeping কৰি ৰাখিব বিচাৰে৷ পুৰণি চামটোৰ বহুতেই সাম্প্ৰতিক ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ বিভিন্ন দিশৰ সমালোচনা কৰে; আত্মচিনাক্তকৰণৰ নীতিয়ে নাৰীৰ অধিকাৰ খৰ্ব কৰিব বুলি কয়৷ ইয়াৰ বিপৰীতে কিছুমান নতুন এক্টিভিষ্টে তেওঁলোকক আক্ৰমণ কৰে ‘true scum’ বুলি৷
সি যি নহওক, একবিংশ শতিকাৰ দুটা দশকত ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ প্ৰসাৰৰ সমান্তৰালভাৱে ট্ৰেন্সজেণ্ডাৰ আত্মচিনাক্তকৰণৰ সংখ্যা আকাশলংঘীধৰণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ ভিতৰত বহুতেই হ’ল কম বয়সীয়া ল’ৰা-ছোৱালী৷ পাশ্চাত্যৰ দেশসমূহত, বিশেষকৈ আমেৰিকাত শেহতীয়াভাৱে কৈশোৰ গৰকা ছোৱালীৰ মাজত ল’ৰা হিচাপে আত্মচিনাক্তকৰণৰ এটা ব্যাপক প্ৰৱণতা গঢ় লৈ উঠিছে৷ দাবী কৰা হৈছে যে শিশু এটিয়ে অতি কম বয়সতেই, কোনো কোনোৰ মতে দুবছৰ হোৱাৰ পূৰ্বেই, নিজৰ জেণ্ডাৰ পৰিচিতিৰ কথা গম পায়৷ তেওঁলোক হ’ল ট্ৰেন্স শিশু৷ উদাহৰণস্বৰূপে, পাঁচবছৰীয়া ছোৱালী এজনীয়ে যদি ‘ল’ৰাসুলভ’ আচৰণ কৰে বা নিজকে ল’ৰা বুলি কয়, তেনেহ’লে ছোৱালীজনী ছোৱালী নহয়, এটা ল’ৰাহে যি ভুল শৰীৰত (wrong body) জন্মগ্ৰহণ কৰিছিল৷ তেনেহ’লে তেওঁক আমি সকলোৱেই ল’ৰা হিচাপে গ্ৰহণ কৰিব লাগে, আৰু ট্ৰেঞ্জিচনৰ (gender transition) ব্যৱস্থা কৰিব লাগে৷ পোনতে আহিব সামাজিক ট্ৰেঞ্জিচন – ল’ৰাৰ নাম এটা দিয়া, ল’ৰাৰ পোছাক-পাতি পিন্ধিবলৈ দিয়া, আদি৷ পৰৱৰ্তী সময়ত প্ৰয়োজন হ’লে (বহু ক্ষেত্ৰত সেইটো অৱধাৰিত হৈ পৰে) আহিব মেডিকেল ট্ৰেঞ্জিচনৰ কথা৷ বয়ঃসন্ধিৰ লক্ষণসমূহ হ্ৰাস তথা লোপ কৰিবৰ বাবে পিউবাৰ্টি ব্লকাৰ, তাৰ পাছত ক্ৰছ-ছেক্স হৰম’ন আৰু তাৰ পাছত ছেক্স পৰিবৰ্তনৰ বাবে বিভিন্নধৰণৰ ছাৰ্জাৰি (double mastectomy, phalloplasty, vaginoplasty, hysterectomy, metoidioplasty, scrotoplasty আদি)৷ স্তনযুগল চেপি বান্ধি লুকুৱাই ৰাখিবৰ বাবে ব্ৰে’ষ্ট বাইণ্ডিং (binding) আৰু পে’নিছটো পিছফালে চেপি লুকুৱাই ৰাখিবৰ বাবে টাকিং (tucking) কৰাটো এটা জনপ্ৰিয় অভ্যাস৷ তেনে বহুতেই পৰৱৰ্তী সময়ত ছাৰ্জাৰিৰ জৰিয়তে যৌনাংগ উঠাই দিয়ে৷ মুঠতে শিশু, কিশোৰ-কিশোৰী বা যুৱক-যুৱতী যেয়েই নহওক, ট্ৰেন্সজেণ্ডাৰ আত্মচিনাক্তকৰণৰ পাছত কি কৰিব লাগে তাৰ এটা স্পষ্ট মডেল ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে; তাক কেন্দ্ৰ কৰি জেণ্ডাৰ ট্ৰিটমেণ্টৰ এটা প্ৰকাণ্ড উদ্যোগো গঢ় লৈ উঠিছে৷ উল্লেখনীয় যে এফালে যেনেকৈ জেণ্ডাৰ পৰিচিতিৰ ক্ষেত্ৰত আত্মচিনাক্তকৰণেই একমাত্ৰ নিৰ্ণায়ক বুলি ঘোষণা কৰা হৈছে, আনফালে তেনেকৈ মেডিকেল ট্ৰেঞ্জিচনৰ জোৰদাৰ প্ৰচাৰ-প্ৰসাৰ ঘটাই থকা হৈছে – এই দুটা স্ববিৰোধী প্ৰক্ৰিয়া একে সময়তে চলি আছে৷ সি যি নহওক, বহুতো ট্ৰেন্সজেণ্ডাৰ ব্যক্তিয়ে মেডিকেল ট্ৰেঞ্জিচন নকৰে তথা তাৰ বিৰোধিতাও কৰে৷ ভবা হয় যে মতা মানুহ এজনে যেতিয়া নাৰী হিচাপে আত্মচিনাক্তকৰণ কৰিব তেওঁ তেতিয়া ‘নাৰী পৰিচয় দিয়া এজন মতা মানুহ’ হৈ নাথাকে, বৰং ব্যক্তিজন আক্ষৰিক অৰ্থতেই নাৰীত পৰিণত হ’ব, তেওঁৰ জৈৱিক পৰিচয়ো সলনি হৈ যাব৷ তেওঁৰ শৰীৰটোও স্বয়ংক্ৰিয়ভাৱে নাৰীৰ শৰীৰ হৈ পৰিব৷ উদাহৰণস্বৰূপে, তেওঁৰ পে’নিছটো তেতিয়া মাইকী পে’নিছ হৈ পৰিব – female penis, girldick, lady dick আদি তাৰ ভালেমান নাম আছে৷ গতিকে দেখা গ’ল যে জেণ্ডাৰ পৰিচিতিৰ উদ্ভৱৰ লগে লগে পুৰুষ আৰু নাৰীৰ সংজ্ঞা সলনি হৈ পৰিল, সেয়া হৈ পৰিল নিছক আত্মচিনাক্তকৰণৰ প্ৰশ্ন৷ আপুনি এজন ব্যক্তিক চকুৰে চাই পুৰুষ নে নাৰী ক’ব নোৱাৰে; তেওঁ কি বুলি আত্মচিনাক্ত কৰে সেইটো জানো আপুনি জানে? গতিকে আগতীয়াকৈ কোনো মানুহৰে জেণ্ডাৰ নিজে ধৰি ল’ব নালাগে; প্ৰয়োজনত জেণ্ডাৰ সৰ্বনামকেইটা (gender pronouns) সুধি ল’ব লাগে৷ ‘‘Transwomen are women, transmen are men, get over it.’’ – এয়া হ’ল ট্ৰেন্স এক্টিভিজমৰ এটা সবাতোকৈ জনপ্ৰিয় শ্লোগান৷ এগৰাকী মাইকী মানুহে পুৰুষ হিচাপে আত্মচিনাক্ত কৰে, তেনেহ’লে তেওঁক পুৰুষ হিচাপেই গ্ৰহণ কৰিব লাগিব৷ এতিয়া সেই ট্ৰেন্স পুৰুষগৰাকীয়ে যদি নিজে গৰ্ভধাৰণ কৰি এটা সন্তান জন্ম দিয়ে, তেনেহ’লে জানিব লাগিব যে এজন পুৰুষে সেই সন্তান জন্ম দিছে আৰু যাৰ পেটৰপৰা সন্তানটো জন্ম হৈছে তেওঁ হ’ল সন্তানটোৰ বাপেক৷ পুৰুষে সন্তান জন্ম দিয়াৰ এনেকুৱা বিভিন্ন ঘটনাৰ কথা বাতৰিত মাজে-সময়ে দেখিবলৈ পোৱা যায়৷ কেৱল পুৰুষ-নাৰীয়েই নহয়, জেণ্ডাৰ পৰিচিতিয়ে সমকামিতাৰ অৰ্থও সম্পূৰ্ণ সলনি কৰি পেলালে৷ গে’ বা লেছবিয়ান হোৱাটো হৈ পৰিল আত্মচিনাক্তকৰণৰ প্ৰশ্ন৷ যোৱা বছৰ ব্ৰিটেইনত জেণ্ডাৰ-সমালোচনাত্মক নাৰীবাদীসকলে (gender-critical feminists) আয়োজন কৰা এটা প্ৰতিবাদৰ বিৰুদ্ধে ট্ৰেন্স এক্টিভিষ্টসকলে প্ৰতি-প্ৰতিবাদ কৰিছিল, য’ত তেওঁলোকে লেছবিয়ান নাৰীসকলক উদ্দেশ্যি প্ৰদৰ্শন কৰা এখন প’ষ্টাৰৰ বাৰ্তাটো আছিল – ‘‘Admit that you want a girlfriend with a dick’’. বিষমকামী এজন মতা মানুহে যদি নাৰী হিচাপে আত্মচিনাক্ত কৰে, তেনেহ’লে তেওঁ কেৱল নাৰী হৈ পৰাই নহয়, তেওঁৰ যৌন অনুৰক্তিও স্বয়ংক্ৰিয়ভাৱে হৈ পৰিব লেছবিয়ান৷ সেইগৰাকী লেছবিয়ানক বাকী লেছবিয়ান মাইকী মানুহবিলাকেও সেইদৰেই গ্ৰহণ কৰা দৰকাৰ৷ ‘Trans lesbians are lesbians’ – এইটো এটা জনপ্ৰিয় শ্লোগান৷ পুৰুষ হিচাপে বিয়া পাতি সন্তানৰ বাপেক হোৱা এজন পঞ্চাছবছৰীয়া মতা মানুহে যদি নাৰী হিচাপে আত্মচিনাক্ত কৰে, তেনেহ’লে এইটো নুবুজায় যে তেওঁ এতিয়াৰপৰা নাৰী হৈ পৰিল৷ বৰং, এইবুলি মানি ল’ব লাগিব যে তেওঁ সদায়েই এগৰাকী নাৰীয়েই আছিল, যি ভুল শৰীৰত জন্মগ্ৰহণ কৰিছিল আৰু সমাজৰ আগত পুৰুষ হিচাপে ইমান দিনে ভুল পৰিচয় এটা দি আহিছিল৷ তেওঁৰ পত্নীগৰাকীয়ে নিজকে লেছবিয়ান বুলি মানি ল’ব লাগিব যি এগৰাকী নাৰীৰ সৈতে বিয়া পাতিছিল৷ তেওঁৰ সন্তানে তেওঁক দ্বিতীয়গৰাকী মাক বুলি মানি ল’ব লাগিব৷ ছ-টা সন্তানৰ বাপেক হোৱাৰ পাছত পঁইষষ্ঠি বছৰ বয়সত নাৰী হিচাপে আত্মপ্ৰকাশ কৰা বিখ্যাত ট্ৰেন্স নাৰী কেইটলিন জেনাৰে (Caitlyn Jenner) নিজৰ সন্তানহঁতক দেউতা বুলি মাতিবলৈ অনুমতি দিছিল; তথাপি তেওঁৰ এজন পুত্ৰই যেতিয়া টিভিত তেওঁৰ বিষয়ে ‘Father’ বুলি কৈছিল আৰু পুৰুষ সৰ্বনাম ‘he’ ব্যৱহাৰ কৰিছিল, তেতিয়া পুত্ৰজনে ব্যাপক ৰাজহুৱা গঞ্জনাৰ সন্মুখীন হৈছিল৷ ট্ৰেঞ্জিচন কৰাৰ পাছত ট্ৰেন্স ব্যক্তিৰ পূৰ্বৰ নাম ব্যৱহাৰ কৰাটো হ’ল ‘deadnaming’ আৰু পূৰ্বৰ সৰ্বনাম ব্যৱহাৰ কৰাটো হ’ল ‘misgendering’ – এই দুয়োটা কামেই নিষিদ্ধ৷ কোনো কোনো ঠাইত এনে অপৰাধ কৰিলে আইনগত শাস্তিৰ সন্মুখীন হ’ব লাগে৷ এয়া হ’ল জেণ্ডাৰ পৰিচিতি তত্ত্ব আৰু তাক আধাৰ হিচাপে লৈ আগ বঢ়া ট্ৰেন্স এক্টিভিজমৰ এক খুব চমু আভাস৷ ইয়াক আমি একেটা শব্দত ট্ৰেন্সজেণ্ডাৰবাদ (transgenderism) বুলি ক’ব পাৰো, যি ট্ৰেন্সজেণ্ডাৰ ধাৰণাটো, তাৰ তত্ত্ব (queer theory & gender identity theory or transgender theory) আৰু এক্টিভিজমক (trans activism) সামৰি লয়৷ বহুতে ইয়াক জেণ্ডাৰ-পৰিচিতি মতাদৰ্শ (gender-identity ideology) বুলি কয়৷ জিজেকে এঠাইত ট্ৰেন্সজেণ্ডাৰ মতান্ধতা (transgender dogma) অভিধাটো ব্যৱহাৰ কৰিছে৷ আমি আলোচনা কালত ট্ৰেন্সজেণ্ডাৰবাদ বা জেণ্ডাৰ মতাদৰ্শ টাৰ্ম দুটা প্ৰয়োজনসাপেক্ষে ব্যৱহাৰ কৰিম৷
( আগলৈ)