য়েহুদা এমিচাইৰ নিৰ্বাচিত পাঁচটা কবিতা (বিশ্বজিৎ বৰা)
অনুবাদকৰ টোকা : য়েহুদা এমিচাই (Yehuda Amichai, ১৯২৪–২০০০) ইজৰাইলৰ এজন প্ৰসিদ্ধ কবি। ১৯৪৮ চনৰ আৰব–ইজৰাইল যুদ্ধত (যাক ইহুদী ৰাষ্ট্ৰ হিচাপে ইজৰাইলৰ স্বাধীনতা যুদ্ধ বুলি আখ্যা দিয়া হয়) ইজৰাইলৰ সেনাবাহিনীৰ নেজেভ ব্ৰিগেডৰ (Negev Brigade)হৈ অংশগ্ৰহণ কৰা এমিচাইৰ কবিতাত যুদ্ধৰ ইতিহাস আৰু বাস্তৱতাৰ প্ৰভাৱ বিদ্যমান। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কবিতাৰ প্ৰতি আকৃষ্ট হোৱা এমিচাইৰ মতে সকলো কবিতাই ৰাজনৈতিক, লাগিলে সেয়া কাঁচঘৰত বহি চাহ খাই থকাৰ বিষয়ে লিখা কবিতাই হওক।
অনুবাদক চানা ব্লক (Chana Bloch)-এ য়েহুদা এমিচাইৰ কবিতাৰ বিষয়ে য়েহুদা এমিচাইৰ নিৰ্বাচিত কবিতা (The Selected Poetry of Yehuda Amichai) গ্ৰন্থখনৰ “আগকথা”ত লিখিছিল: ‘মোৰ এজন বন্ধুৱে ১৯৭৩ চনৰ য়ম কিপুৰ (Yom Kippur) যুদ্ধৰ কাৰণে মাতি পঠিওৱা ইজৰাইলৰ কেইজনমান ছাত্ৰৰ এটা কাহিনী কৈছিল। জাননী পোৱাৰ লগে লগেই তেওঁলোক বিশ্ববিদ্যালয়ৰ কোঠালৈ গৈছিল আৰু প্ৰত্যেকেই নিজৰ সাজ-সজ্জা, এটা ৰাইফল, আৰু য়েহুদা এমিচাইৰ এখন কবিতা পুথি সামৰিছিল। এই দৃশ্য কল্পনা কৰাটো কঠিন – সেই দিনবোৰত সেনা জোৱানে যুদ্ধক্ষেত্ৰত কবিতা পঢ়ে বুলি আমি নাভাবিছিলো, আৰু এমিচাইৰ কবিতা পঢ়িবলৈ চৰকাৰৰো কোনো নিৰ্দেশনাও নাছিল। সাধাৰণ অৰ্থত এমিচাইৰ কবিতা দেশপ্ৰেমৰ কবিতা বুলি ক’ব নোৱাৰি, তেওঁৰ কবিতাত শত্ৰুৰ মৃত্যুৰ কাৰণে চিঞৰ শুনা নাযায়, আৰু তেওঁৰ কবিতাই মাৰিবলৈ আৰু মৰিবলৈ সহজ সান্ত্বনাও নিদিয়ে।’
অনুবাদিত কবিতাকেইটা চানা ব্লক আৰু ষ্টিফেন মিটচ্ছেল (Stephen Mitchell)-এ হিব্ৰুৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা আৰু University of California Press-এ প্ৰকাশ কৰা কবিতা সংকলন, য়েহুদা এমিচাইৰ নিৰ্বাচিত কবিতা-ৰ দ্বিতীয় খণ্ডত সন্নিৱিষ্ট ‘হাতৰ মুঠিটোও এসময়ত এখন খোলা হাতৰ তলুৱা আৰু আঙুলিকেইটাহে আছিল ‘(১৯৮৯)-ৰ পৰা নিৰ্বাচিত।
(১)
হুলেইকট — ডিকিৰ বাবে তৃতীয়টো কবিতা
এই পাহাৰবোৰত আনকি তেল শোধনাগাৰবোৰো
ইতিমধ্যে এক স্মৃতি হৈ পৰিছে। ইয়াতেই ডিকি ঢুকাইছিল
যি মোতকৈ চাৰি বছৰে ডাঙৰ আছিল আৰু ব্যথাৰ পৰত
মোৰ কাৰণে পিতৃসম আছিল। এতিয়া যিহেতু মই চল্লিশ বছৰে
তেওঁতকৈ ডাঙৰ, মই তেওঁক মনত পেলাওঁ মোৰ চেমনীয়া পুত্ৰৰ দৰে,
আৰু মই এজন বৃদ্ধ, শোক-সন্তপ্ত পিতৃ।
আৰু তুমি, যি কেৱল চেহেৰাহে মনত ৰাখা,
মেলি দিয়া হাতবোৰ নাপাহৰিবা,
আৰু অনায়াসে দৌৰা ভৰিবোৰ,
আৰু শব্দবোৰ।
মনত ৰাখিবা যে ভয়ানক যুঁজবোৰৰ দিশে লৈ যোৱা পথো
সদায়ে পাৰ হৈ যায় বাগিচা আৰু খিৰিকিৰ কাষেদি
আৰু খেলি থকা শিশু আৰু ভুকি থকা কুকুৰৰ কাষেদি।
সৰি পৰা ফলটো মনত পেলোৱা আৰু তাক সোঁৱৰাই দিয়া
পাতবোৰ আৰু ডালবোৰৰ কথা,
কঠিন কাঁইটবোৰক সোঁৱৰাই দিয়া
যে বসন্ত ঋতুৰ সময়ত সিহঁত কিমান কোমল আৰু সেউজীয়া আছিল,
আৰু নাপাহৰিবা যে হাতৰ মুঠিটোও
এসময়ত এখন খোলা হাতৰ তলুৱা আৰু আঙুলিকেইটাহে আছিল।
(২)
এস্কলনৰ তীৰ
এস্কলনৰ তীৰত আমি ভৰি দিলো
স্মৃতিৰ শেহান্তৰত
সাগৰত মিলিত হোৱা নদীবোৰৰ দৰে।
নিকট অতীত ডুব যায় দিকচৌ অতীতত
আৰু গভীৰৰ গহ্বৰৰ পৰা উঠি আহি দিকচৌ অতীতে
নিকট অতীতক প্লাৱিত কৰে।
শান্তি, নিকট আৰু দিকচৌ অতীতৰ কাৰণে শান্তি।
ইয়াত ভগ্ন প্ৰতিমা আৰু স্তম্ভৰ মাজত,
মই ভাবি অবাক হওঁ, ফুটাই দিয়া চকুলৈও ছেমছনে কিদৰে মন্দিৰটো ভাঙিছিল
আৰু য’ত থিয় হৈ তেওঁ কৈছিল: “মোক মৰিবলৈ দিয়া
ফিলিষ্টিনবোৰৰ স’তে!”
প্ৰেমত শেষবাৰৰ দৰে তেওঁ স্তম্ভবোৰ সাবটি ধৰিছিল নে
দুয়োহাতেৰে ঠেলি দিছিল স্তম্ভবোৰ
অকলশৰেই মৃত্যুক সাবটি ল’বলে?
(৩)
বেলিফুলৰ পথাৰবোৰ
বেলিফুলৰ পথাৰবোৰ, পূৰঠ আৰু লেৰেলি যাবলৈ লোৱা—
বেলিৰ উম আৰু নিষ্প্ৰয়োজনীয়,
সিহঁত ইতিমধ্যেই মটীয়াহৈ পৰিছে আৰু বিজ্ঞ হৈ উঠিছে। প্ৰয়োজন
সুমধুৰ ছাঁ, মৃত্যুৰ অন্তৰ্মুখিতা,
দেৰাজৰ অভ্যন্তৰ, আকাশৰ দৰেই গভীৰ
এক মোনাৰ। সিহঁতৰ আহিবলগীয়া পৃথিৱীখন
এক অন্ধকাৰ ঘৰৰ ভিতৰৰো ভিতৰৰ অন্ধকাৰ,
এজন পুৰুষৰ ভিতৰখন।
(৪)
এখন জুয়ে-পোৰা গাড়ীত প্ৰথমজাক বৰষুণ
জীৱন আৰু মৃত্যুৰ নিকটতা
পথৰ দাঁতিত এখন গাড়ীৰ মৰাশৰ কাষত।
মামৰে ধৰা ধাতুত পৰা বৰষুণৰ টোপালবোৰ তোমাৰ কাণত পৰে
তোমাৰ মুখৰ ছালত সেইবোৰ তুমি অনুভৱ কৰাৰ আগতেই।
বৰষুণ আহিল, মৃত্যুৰ পাছত মুক্তি হৈ।
তেজতকৈ মামৰ অধিক শাশ্বত, অধিক সুন্দৰ
জ্বলি থকা জুইৰ ৰঙতকৈ।
শ্বক এব্জৰ্বাৰবোৰ শান্ত
বহু সময় ধৰি ছটফটাই থকা মৃতকতকৈও।
সময়ৰূপী এজাক বতাহ অদল-বদল হৈ থাকে
স্থানৰূপী এজাক বতাহৰ লগত, আৰু
ঈশ্বৰ ইয়াতে থাকে এজন মানুহৰ দৰে
যি যেন কিবা পাহৰিছে, আৰু ইয়াতে থাকিব
তেওঁ কি পাহৰিছে মনত পৰালৈকে।
আৰু ৰাতি, এক আশ্চৰ্যকৰ সুৰৰ দৰে,
তোমাৰ কাণত পৰে মানুহ আৰু যন্ত্ৰ
সিহঁতৰ লেহেমীয়া যাত্ৰা অগ্নি নিৰ্বাপণৰ পৰা
এক ক’লা শান্তিলৈ আৰু তাৰ পৰা ইতিহাসলৈ
প্ৰত্নতত্ত্বলৈ
ভূতত্ত্বৰ সুন্দৰস্তৰলৈ:
সেয়াও একঅনন্তকাল আৰু এক গভীৰ আহ্লাদ।
যেন মানুহৰ বলি
প্ৰথমে জন্তুৰ বলি, তাৰ পাছত উচ্চস্বৰৰ প্ৰাৰ্থনা,
তাৰ পাছত অন্তৰৰ প্ৰাৰ্থনা,
আৰু তাৰ পাছত প্ৰাৰ্থনা-শূন্য হৈ পৰাৰ দৰে।
(৫)
যি কৰিবলগীয়া আছিল আমি কৰিছিলো
যি কৰিবলগীয়া আছিল আমি কৰিছিলো।
আমাৰ সন্তানৰ স’তে আমি ওলাই গৈছিলো
জংঘলত কাঠফুলা বুটলিবলৈ
যিবোৰ আমি নিজেই সন্তান হৈ থাকোঁতে ৰুইছিলো।
আমি বনৰীয়া ফুলবোৰৰ নামবোৰ শিকিছিলো
যিবোৰৰ সুগন্ধ আছিল
অবাবতে ক্ষয় কৰা তেজৰ দৰে।
আমি ক্ষুদ্ৰ শৰীৰবোৰত অপাৰ মৰম জাঁপি দিছিলো
পৰ্যায়ক্ৰমে এবাৰ ডাঙৰ আৰু এবাৰ সৰু হৈছিলো
দূৰবীণধাৰী পাগল ঈশ্বৰৰ চকুত,
আৰু আন্ধাৰৰ সন্তানবোৰৰ সৈতে সংঘটিত পোহৰৰ সন্তানবোৰৰ যুঁজত,
আমি সু-শীতল আন্ধাৰ ভাল পাইছিলো আৰু
যন্ত্ৰণাদায়ক পোহৰ ঘৃণা কৰিছিলো।
যি কৰিবলগীয়া আছিল আমি কৰিছিলো, আমাৰ স্বদেশতকৈও
আমি আমাৰ শৈশৱ ভাল পাইছিলো।
আমি ইতিমধ্যেই মাটিত আটাইবোৰ কুঁৱা খান্দিছিলো,
আৰু এতিয়া আমি আকাশৰ শূন্যতাত কুঁৱা খান্দি আছো।
কুঁৱাবোৰ, কুঁৱাবোৰ,
শেষ নোহোৱাকৈ, নোহোৱা শেষলৈকে।
যি কৰিবলগীয়া আছিল আমি কৰিছিলো।
যিদৰে সিহঁতে গন্তব্যস্থান সলনি হওঁতে
বাছৰ সমুখৰ নম্বৰ সলায়, সেইদৰে
“হে ঈশ্বৰ, মনত পেলোৱা”ৰ ঠাইত আমি কৈছিলো “পাহৰো আহা”,
বা ঋতু সলনি হওঁতে
ছিনাগগৰ প্ৰাচীৰত “নিয়ৰ আৰু বৃষ্টি” ফলকখনৰ ঠাইত
“তেওঁ যিজনে বৃষ্টি আনে” বুলি লিখাৰ দৰে।
যি কৰিবলগীয়া আছিল আমি কৰিছিলো।
আমি আমাৰ জীৱনবোৰ সজাইছিলো ফুলশয্যা আৰু ছাঁ
আৰু চিধা পথবোৰেৰে আনন্দত পায়চাৰি কৰিবলৈ
পাগলখানাৰ বাগিচাৰ দৰে।
আমাৰ হতাশাই পোহ মানে আৰু আমাক শান্তি দিয়ে।
মাত্ৰ আমাৰ আশাবোৰহে
বনৰীয়া, সিহঁতৰ চিঞৰবোৰে
ৰাতিটো টুকুৰা-টুকুৰ কৰে আৰু মাটি ফালি চিৰা-চিৰ কৰে।
যি কৰিবলগীয়া আছিল আমি কৰিছিলো।
আমি আছিলো সেইবোৰ মানুহৰ দৰে যি চিনেমা হলত সোমায়
আৰু ওলাই অহা মানুহবোৰৰ কাষেদি পাৰ হৈ যায়, ৰঙা পৰি
বা শেঁতা হৈ, মনে মনে কান্দি বা হো-হোৱাই হাঁহি।
যি সোমায় পিছলৈ নোচোৱাকৈ বা নুঘূৰাকৈ,
পোহৰ আৰু আন্ধাৰ আৰু পোহৰৰ ভিতৰলৈ।
যি কৰিবলগীয়া আছিল আমি কৰিছিলো।