য়ানিছ ৰিতছছৰ নিৰ্বাচিত ছটা কবিতা -(অনুবাদ: বিশ্বজিৎ বৰা)
[অনুবাদকৰ টোকাঃ য়ানিছ ৰিতছছ (Yannis Ritsos, ১৯০৯–১৯৯০) গ্ৰীচৰ এজন প্ৰখ্যাত কবি, নাট্যকাৰ আৰু অনুবাদক। সাম্যবাদী মতাদৰ্শৰে অনুপ্ৰাণিত ৰিতছছে নাজী আগ্ৰাসনৰ বিৰুদ্ধে চল্লিশৰ দশকৰ আগভাগত গ্ৰীচৰ প্ৰতিৰোধী শক্তিৰ হৈ যুঁজিছিল। পাছত তেওঁ ১৯৪৬ চনৰ পৰা ১৯৪৯ চনলৈকে সংঘটিত গ্ৰীচৰ গৃহযুদ্ধৰ সময়ত সাম্যবাদী শক্তিৰ হৈ যুঁজে। ফলস্বৰূপে তেওঁ কেবাবছৰো ৰাজনৈতিক বন্দীশিবিৰত আটকাধীন হৈ কটাইছিল। ১৯৬৭ চনত আৰম্ভ হোৱা সাত বছৰীয়া সামৰিক একনায়কত্ববাদৰ সময়তো ৰিতছছ প্ৰথমে য়াৰ’ছ আৰু পাছত লেৰ’ছৰ বন্দীশিবিৰত আটকাধীন হৈ থাকে। ১৯৭০-ৰ পাছত তেওঁক ছাম’ছত গৃহবন্দী কৰি ৰখা হয়। ১৯৭৬ চনত ৰিতছছে লেনিন শান্তি পুৰস্কাৰ লাভ কৰে।
১৯৪৮-ৰ পৰা ১৯৫০-ৰ সময়ছোৱাত প্ৰথমে লিমন’ছৰ কন্তপৌলি আৰু পাছত মেক্ৰনিছছৰ কুখ্যাত ৰাজনৈতিক বন্দীশিবিৰত থাকোঁতে ৰিতছছে নিৰ্বাসনৰ দিনলিপি (Diaries of Exile) নামেৰে তিনিলানি কবিতা লিখিছিল। অনুবাদিত কবিতাকেইটা কৰেন এমেৰিচ্ছ (Karen Emmerich) আৰু এডমাণ্ড কীলি (Edmund Keeley)য়ে গ্ৰীক ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা আৰু Archipelago Books–এ প্ৰকাশ কৰা নিৰ্বাসনৰ দিনলিপি-ৰ তৃতীয় খণ্ডৰ পৰা নিৰ্বাচিত। এইকেইটা কবিতা তেওঁ ১৯৫০ চনত মেক্ৰনিছছৰ নিৰ্যাতন শিবিৰত ৰাজনৈতিক বন্দী হৈ থাকোঁতে শেষৰফালে লিখা।]
(১)
২৭ মে’
ইয়াত
দুখো য’ত ভাগৰুৱা
একাকিত্বই ধ্ৰুৱ।
আৰু নিজৰ চকুৰ পৰা তুমি পলাব নোৱাৰা।
এগৰাকী নিৰাভৰণ নাৰীয়ে
দুৱাৰৰ ডাং মৰা
এটা কোঠালিৰ মাজ-মজিয়াত আঁঠুকাঢ়ি
এজনী ধুনীয়া চিলনীৰ পাখিবোৰ উঘালি
শিৰাভৰণত গুঁজিছে
পুৰণি আলমাৰিটোৰ আইনাখনৰ আগত।
ঈষৎ, ঈষৎ গতিবিধি
তুমি চোৱা যেতিয়া
ইমানেই লেশমান
যে তুমি জানা – ৰাতি আহিলেই
তোমাৰ খঙে চুলিৰ আগ পাবগৈ।
(২)
২৮ মে’
এই ঘৰবোৰত কোনো নাথাকে
বা কোনো থকা যেন নালাগে।
কিন্তু মালিকজন আছে
নেদেখা অটল মইমতীয়া
নিজৰ সমস্ত ঘাবোৰ লৈ।
ডলফিনবোৰে পানীত কৰা
ফুটাবোৰে সেইকাৰণে
প্ৰমাণবোৰ ঢাকে
প্ৰথম কথাষাৰ ঢাকে
ইয়াৰ বহু পৰিণতিৰ সৈতে
যিষাৰ কথা নহ’ল কোৱা
আৰু নহ’ল শেষ।
(৩)
২৯ মে’
আমি ভাবিছিলোঁ
আনক আৰু নিজকে
মুক্তি দিয়াৰ কথা।
অৱশ্যেই মৃত্যুয়ে
আমাক শুৱাব
শুকুলা দেৱালখনৰ পটভূমিত।
আমিহে ব্যৰ্থ।
৹
জৰাজীৰ্ণ ঘৰটোৱো
পুৰণা যেন নালাগে
এখন ধ্বজা সহিতে।
কেতিয়াবা পিছে বিপৰীতটোহে সত্য।
৹
তেওঁ সুধিছিল – তুমি কেনেদৰে
আত্মাৰ এক শুদ্ধ জ্যোতিৰ্বিজ্ঞান গঢ় দিব পাৰা?
নিহালীখনযে গধুৰ
উলংগ শৰীৰৰ ওপৰত।
কুন্দত কটা এক বিস্মৃত মূৰ্তি –
সিহঁতে এইটোত ৰঙা ৰং সানিছিল
এইটোৱো মৃত।
(৪)
৩০ মে’
তলৰ দেৱালৰ সৈন্যবোৰ
নুখুৰুৱা দাড়ি
সিহঁতৰ চকুত দুখে হুমুনিয়াহ কাঢ়ে
সাগৰলৈ বুলি মাইকৰ মাত শুনিবলৈ ৰৈ থাকে
সিহঁতৰ কাণত একো নপৰে
বোধহয় সিহঁতেও পাহৰিব খোজে।
বেলি ডুবাৰ পৰত
নিজৰ কাম সমাধা কৰিবলৈ লাহে লাহে নলাটোলৈ যায়
আৰু পটলুঙৰ বুটাম মাৰোঁতে
সিহঁতৰ চকুত জিলিকে নতুন জোন।
পৃথিৱীখন সুন্দৰ হ’ব পাৰিলেহেঁতেন।
(৫)
৩১ মে’
কেইটিয়ে [1] লিখিছে:
তোমাৰ বাগিচাত গোলাপবোৰ অবাধে ফুলিছে দগমগাই
হালধীয়া আৰু শুকুলা ডেইজীবোৰ
তোমাৰ সমানেই ওখ
আমি খিৰিকিবোৰ আৰু বন্তিদানী মচিলোঁ
তোমাৰ কোঠাত এতিয়া চাবোনৰ গোন্ধ
মই তোমাৰ কাপোৰ আৰু কিতাপবোৰ স্পৰ্শ কৰিছোঁ।
অ’ কেইটি
আমি ইয়াত
আমাৰ ৰুমালৰ সীমনাত
বিশ্বৰ প্ৰতি আমাৰ শপত গাঁঠিৰ দৰে টানকৈ মাৰিছোঁ।
(৬)
১ জুন
ৰাতিপুৱা
দিগবলয় যেন
অনাথ আশ্ৰমৰ সমুখৰ চূণদিয়া শুকুলা দেৱাল।
গধূলি ই উলমি থাকে
পঙ্গুবোৰৰ পেঙৰ পৰা
এপাত ফুটা মোজাৰ দৰে।
ৰাতি
যিবোৰক মৰা হৈছিল সিহঁত
গোট খায় শিলবোৰৰ তলত
সিহঁতৰ চিগাৰেটৰ পেকেটত টোকাবোৰ লৈ
সিহঁতৰ জোতাবোৰত থেপাথেপিকৈ লিখা কাগজৰ টুকুৰাবোৰ লৈ
সিহঁতৰ চকুত নিষিদ্ধ তৰাবোৰ লৈ।
সিহঁতৰ মূৰৰ ওপৰত আকাশখন বিশাল হৈ পৰে
বিশালতৰ আৰু গভীৰতৰ
ভাগৰি নপৰাকে।
[1] কেইটি (কেইট’লা) দ্ৰছো (Kaiti [Kaitoula] Drosou, ১৯২৪–২০১৬) এগৰাকী সাংবাদিক, কবি আৰু অনুবাদক। কেইটি য়ানিছৰ অতি ঘনিষ্ঠ বান্ধৱী আছিল।
সুন্দৰ আৰু সাৱলীল অনুবাদ ৷ খুবেই ভাল লাগিল ৷