অসমীয়া লোকসাহিত্যত ক্ষুধাৰ প্ৰসংগ-(দিলীপ ফুকন)
স্পেইনৰ এটা লোকপ্ৰবাদত এনেকুৱা এষাৰ কথা কোৱা হৈছে — “মোক তোমালোকৰ লোকগীত গাই শুনোৱা,মই তোমালেকৰ মানুহৰ চৰিত্ৰ, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু ইতিহাস কৈ দিম।’’ অৰ্থাৎ লোকগীত বা লোককথা অধ্যয়নৰ মাজেৰে আমি কোনো এখন সমাজৰ সম্যক চৰিত্ৰৰ অনুধাৱন কৰিব পাৰো। এখন দেশৰ বা সমাজৰ বিভিন্ন মালিতাসমূহ, লোকগীত আৰু লোককথাসমূহ শ্ৰুতিবাহিত ঐতিহ্যৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হয়।
মানুহে বাচি থাকিবৰ বাবেই উৎপাদন কৰে। লোককথা, লোকগীত, লোকনৃত্য, উৎসৱ আদি সামাজিক অনুস্থানবোৰ এনে উৎপাদনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। ই কৃষিভিত্তিক সমাজখনৰ পৰা বিছিন্ন নহয় । ইয়াৰ মাজত যিবোক উপাদান সোমাই থাকে তাত উৎপাদন পদ্ধতিৰ লগতে উৎপাদিত সামগ্ৰীয়ে সমগ্ৰ মানৱসত্তাটোকে সামৰি লয়। এনে সামগ্ৰী সাধাৰণতে কৃষিজাত, পশুজাত, পতঙ্গজাত বা অৰণ্যজাতো হ’ব পাৰে। লগে লগে উৎপাদনৰ আহিলাসমূহৰ সৈতেও এটি গাঢ় সম্পৰ্ক গঢ় লৈ উঠে। তদুপৰি ইবোৰৰ মাজত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, যুদ্ধ-বিগ্ৰহ, ক্ষুধা, দুৰ্ভিক্ষ আদিৰো উল্লেখ থাকিব পাৰে । আৰু এই সমস্তই মানৱ-সমাজৰ বিকাশৰ ধাৰাটোকো চিহ্নিত কৰে।
সাধাৰণতে যিবোৰ নদী-উপত্যকাৰ সমতল উৰ্বৰা, বিভিন্নজাতৰ শস্য উৎপাদনৰ বাবে পৰিবেশ অনুকুল, জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় প্ৰকৃতি-দ্ৰব্য উভৈনদী, পশু পালনৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত ভূমি, অৰণ্য, প্ৰাকৃতিক জলধাৰ বৰ্তমান, জনসংখ্যা কম তেনে ভৌগোলিক পৰিৱেশৰ বাসিন্দাসকলৰ মাজত গোষ্ঠীসংঘৰ্ষ প্ৰায় নাথাকে। যুদ্ধ-বিগ্ৰহ কল্পনাৰ বাহিৰত, লোকসকল স্বভাৱতে শান্ত-শিষ্ট। এনেকুৱা ভৌগোলিক পৰিৱেশত সৃষ্ট লোকগীতসমূহত অনুপমা প্ৰকৃতিৰ বিনন্দীয়া ৰূপ বৰ্ণনৰ সমান্তৰালভৱে ডেকা-গাভৰুৰ প্ৰেম-পীৰিতিৰ কথাবোৰ নিবিড় হৈ সোমাই থাকে।
আনহাতে মৰুভূমি বা মৰুসদৃশ খৰাং অঞ্চলৰ লোকসকল সাধাৰণতে থল-পথেৰে বেহা-বেপাৰ কৰাৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হয়। এনেবোৰ অঞ্চলৰ লোকসকল স্বভাৱতেই ৰুক্ষ, চালাক-চতুৰ, অসহিষ্ণু আৰু যুদ্ধপ্ৰিয় হোৱা দেখা যায়। এওঁলোকৰ লোকগীতত যুদ্ধ, বীৰ গাঁথা আৰু লোককথাত দুৰ্দ্ধৰ্ষ ডকা আকৌ সমুদ্ৰতীৰবৰ্তী অঞ্চলৰ লোকসকলে জলপথ ব্যৱহাৰ কৰি অভিযানকাৰী ৰূপত অৱতীৰ্ণ হয়। এই অভিযানত নতুন নতুন ঠাইৰ আৱিস্কাৰ আৰু বাণিজ্যৰ লগতে বিনা পৰিশ্ৰমে পোৱা সম্পদৰ কাহিনীও জড়িত হৈ থাকে। এইসকললোকৰ দুঃসাহসী , সজাগ-সচেতন, প্ৰৱল প্ৰতিদ্বন্দ্বী, অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হৈ তাক প্ৰতিহিত কৰি ওলাই অহা কাৰ্যৰ দ্বাৰা বুদ্ধিমত্তাৰ পৰিচয় দিয়ে। এওঁলোকৰ ৰূপকথাবোৰত পৰী, ডাইনী আদিৰ প্ৰাদুৰ্ভাৱ বেছি।
উপযুক্ত কৃষিভূমিৰ অভাৱ, খাদ্যৰ নাটনি, দুৰ্গম পাহাৰীয়া অঞ্চলৰ বাসিন্দাসকলৰ মাজত অবিশ্বাস আৰু গোষ্ঠীদ্বন্দ্বৰ কাহিনী প্ৰচুৰ। এনেবোৰ ঠাইৰ লোককথাসমূহত ভেশচনধাৰী জন্তুৱে মানুহৰ ৰূপ লৈ অনিষ্ট সাধন কৰে, ডাইনী-যখিনী, ভূত-প্ৰেত আৰু ৰাক্ষসৰ কাহিনীয়ে আগস্থান পায়। লোকগীতসমূহত কোনোবা অচিন ঠাইলৈ গমন কৰা, দুই ভিন্ন প্ৰেমিক-প্ৰমিকাৰ মাজত হোৱা প্ৰণয়জনিত কাহিনীৰে কৰুণ পৰিণতিৰ কথা সহজলভ্য হৈ পৰে।
উপৰোক্ত বিশ্লেষণৰ পৰা আমি এই সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে লোকসংস্কৃতিৰ পটভূমিত ভৌগোলিক পৰিবেশৰ এটা মুখ্য ভূমিকা আছে । তেনেস্থলত অসমৰ ভৌগোলিক পৰিমণ্ডলত সৃষ্টি হোৱা লোকগীত-লোককথাত বুভুক্ষাৰ স্থান নথকাটোৱেই স্বাভাৱিক কথা । অৱশ্যে সাধুকথা বোৰত মাজে মাজে দৰিদ্ৰতাৰ উল্লেখ নথকা নহয়। কিন্তু এই দৰিদ্ৰতা মানৱ সৃষ্ট পৰিৱেশৰ দ্বাৰাহে প্ৰভাৱিত। এয়া প্ৰাকৃতিক কাৰণত উদ্ভৱ হোৱা দৰিদ্ৰাৱস্থা নহয় । সাধাৰণতে দীৰ্ঘদিনীয়া অনাবৃষ্টি অৱস্থাই সৃষ্টি কৰা খৰাং বতৰ , খৰাং বতৰৰ শস্যহীন পথাৰ , অতিমাত্ৰা বৰষুণৰ ফলত হোৱা বান, নদীৰ ব্যাপক খহনীয়াৰ ফলত কৃষিভূমিৰ সংকোচন, ভূমিকম্পৰ ফলত ভূমিস্খলন হৈ বিস্তীৰ্ণ পাহাৰীয়া বসতিপূৰ্ণ তথা কৃষিভূমি নিঃচিহ্ন হৈ পৰা আদি প্ৰাকৃতিক কাৰণসমূহেও দুৰ্ভিক্ষজনিত পৰিৱেশৰ সৃষ্টি কৰে ।
অন্যহাতে গ্ৰাম্যাঞ্চলৰ কৃষি নিৰ্ভৰ সমাজখনত মানৱ সৃষ্ট দৰিদ্ৰতাৰ কাৰণ হ’ল কৃষিভূমিৰ ওপৰত ব্যক্তিগত মালিকানাৰ প্ৰচলন । প্ৰচীন গ্ৰামীণ ভাৰতৰ কৃষিভিত্তিক সমাজখনত ব্যক্তিগত মাটি-মালিকানাৰ প্ৰচলন তেনেভাৱে বিদ্যমান নাছিল। বহুক্ষেত্ৰত একোখন গাঁৱৰ পৰিসীমাৰ অন্তৰ্গত কৃষিভূমি গ্ৰামীণ জনসমষ্টিৰ উমৈহতীয়া সম্পত্তি হিচাপে পৰিগণিত হৈছিল। এনে স্বচ্ছল সমাজৰ লোকগীতত ‘ভোক’ আছিল এক অচিন শব্দ । কিন্তু অগ্ৰগামী সমাজখনে যেতিয়া বিভিন্ন স্তৰ অতিক্ৰম কৰি আধুনিক সমাজ ব্যৱস্থাত ভৰি দিলেহি তেতিয়াই সমাজে লোকগীত সৃষ্টিৰ পৰিৱেশ হেৰুৱাই পেলালে। আধুনিক গণতান্ত্ৰিক সমাজ এখনত যিহেতু লোকগীত-সংগীত সৃষ্টিৰ অৱকাশ নাথাকে সেয়ে ইয়াৰ বিকাশৰ উপযুক্ততাও হেৰুৱাই পেলায়। ফলত ইয়াৰ ঠাই অধিকাৰ কৰেহি আধুনিক গীতে। এই আধুনিক গীতৰ জৰিয়তেই অসমীয়া সাংস্কৃতিক ভাৱনাত প্ৰথমবাৰৰ বাবে ‘ভোক’ উচ্চাৰিত হ’ল ড ভূপেন হাজৰিকাৰ ‘এন্ধাৰ কাতিৰ নিশাতে’ গীতত। এই ‘ভোক’ সমতাহীন-মমতাহীন এখন সমাজৰ সৃষ্টি ।
অসমীয়া সাধুকথা বিশেষকৈ ‘বুঢ়ী আইৰ সাধু’ৰ কোনো কোনো সাধুকথাত দৰিদ্ৰতাৰ এখন সম্যক ছবি পোৱা যায় । উদাহৰণস্বৰূপে দীঘলঠেঙীয়াৰ সাধু, তীখৰ আৰু চুটিবাই , লটকণ ইত্যাদি। দীঘলঠেঙীয়াৰ সেই বুঢ়ীগৰাকী একেবাৰে ডাল-দৰিদ্ৰ । বুঢ়ীৰ একোঠলীয়া ঘৰটোত বৰষুণ দিলেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। বুঢ়ী ইমানেই নিঃকিন যে গোহালিৰ গৰু কেইটাই শেষ সম্বল আৰু সম্ভৱ জীৱিকাৰ উপায়। এই দৰিদ্ৰ মানুহজনীৰ গৰুকেইটাৰ ওপৰতে দুটা চোৰৰ চকু পৰিছে। তাৰে এটা বাঘ আৰু আনটো মানুহ। এই দুয়োটা চোৰো দৰিদ্ৰতাৰ কৱলত পৰি কিবা প্ৰকাৰে বৈতৰণী পাৰ হোৱাৰ উপাই চিন্তি চৌৰ্য বৃত্তিলৈ মন মেলিছে।
তীখৰ মিছলীয়া আৰু প্ৰতুৎপন্নমতি। মন ভুলোৱা কথাৰে আনক পতিয়ন নিয়াব পৰা তাৰ অন্য এটা সহজাত গুণ। তাৰ দৰিদ্ৰ অৱস্থাটোৰ বাবেই সি মিছলীয়া হ’বলৈ বাধ্য। সি এনে এখন সমাজত বাস কৰিছে যিখন সমাজ সম্পদশালী অথচ তীখৰ নিজে সম্পদহীন, লাওলোৱা। সি ক’তো চুৰ কৰা নাই নাইবা কাৰো পৰা ডকা-হকা দি একো কাঢ়ি অনা নাই। সি তৃতীয় পন্থা হিচাপে মিছাৰ আশ্ৰয় লৈ পেটৰ ভোক নিবাৰণ কৰিছে। তাৰ মনত উদ্ৰেক হোৱা বেজাৰ আৰু বঞ্চনাৰ ক্ষোভে শেষত ভয়ানক ৰূপ লৈছে আৰু মাটিৰ গৰাকী বাঘক মৃত্যুদণ্ড দিছে।
লটকণ নামৰ বামুণটো অতি দৰিদ্ৰ। জীৱিকা অৰ্জনৰ কোনো বাট মুকলি নথকাত সাধাৰণ ঠগ হ’বলৈ বাধ্য হৈছে। এফালে সহ-উৎপাদন আৰু সমবিতৰণৰ পৰা আঁতৰি অহা এখন সমাজ, পত্ৰ বিনিময় প্ৰথাৰ অৱলুপ্তিৰ পিছত বাণিজ্যৰ বিকাশ আৰু মুদ্ৰা প্ৰচলন ঘটা সমাজখনত এচাম মানুহ দৰিদ্ৰ কৱলত সোমাই পৰি চোৰ, ডকাইত, ঠগ, মিছলীয়া হ’বলৈ বাধ্য হয়। লটকণ ইয়াৰ ব্যতিক্ৰম নহয়। কাৰণ এই সময়চোৱাৰ আচহুৱা ব্যৱস্থাই কৃষি কেন্দ্ৰিক পূৰ্বৰ গ্ৰামীণ ব্যৱস্থাটোক ভাঙি থান-বান কৰি পেলোৱাত সাধাৰণ মানুহখিনিৰ জীৱনলৈ অকস্মাৎ জীৱন-জীৱিকাৰ ভাবুকি আহি পৰে।
লোকসংস্কৃতি হ’ল এটা জাতি বা জনগোষ্ঠীৰ সুদীৰ্ঘ দিনৰ অনুসৃত, পৰম্পৰা স্বীকৃত জীৱন চৰ্চা। সমাজৰ বিকাশৰ স্তৰ আৰু মানৱ সমাজৰ উত্থান-পতনৰ উমান ল’বলৈ হ’লে লোকসাহিত্য অধ্যয়ন জৰুৰী হৈ পৰে।