এজাক শ্মশানমুখী পক্ষী- (অংকুৰ জ্যোতি বুঢ়াগোহাঁই)
নিশাৰ নৈখনত
জলকুঁৱৰীৰ উচুপনি,
এন্ধাৰৰ সুযোগ লৈ
উজাই আহিছে
শামুকৰ খোলা পিন্ধা বণিক।
আমি উদিত সূৰ্যৰ দেশৰ
তামৰঙী মানুহ,
নক’লেও বুজোঁ
ক্ষুধাৰ্ত জেঠীৰ দৰে
চোপ লৈ থকা
এন্ধাৰৰ মিতিৰালি!
গভীৰতা আৰু উদাৰতা
আমাৰ সভ্যতাৰ চিনাকি,
তথাপি শ্মশানমুখী
এজাক দিশহাৰা পক্ষী৷