ধর্মনিৰপেক্ষতাৰ বিকল্প আৰ্হি – (ধ্রুৱজ্যোতি বৰা)
(এক)
সকলো ধর্মক সমান চকুৰে চোৱা আৰু উৎসাহিত কৰা, বহু ক্ষেত্ৰত শিক্ষাক ধর্মীয় তত্ত্বাৱধানত এৰি দিয়া, দেশত এখন উমৈহতীয়া সাধাৰণ দেৱানী বিধিৰ সলনি ধর্মভিত্তিক আছুতীয়া দেৱানী বিধিৰ প্ৰচলন কৰা, দেশখনৰ বিভিন্ন কোণত সততে সংঘটিত হোৱা সাম্প্রদায়িক অশান্তি আৰু সংঘৰ্যৰ বাবে জগৰীয়াসকল প্রায় ক্ষেত্ৰতে শাস্তি নোপোৱাকৈ থাকি যোৱা— এইবোৰই হ’ল ধৰ্মনিৰপক্ষতাৰ দেশীয় আৰ্হিৰ কেতবোৰ চকুত পৰা বৈশিষ্ট্য। কার্যতঃ ধর্মনিৰপেক্ষতা আজি এক অন্তঃসাৰশূন্য প্রথাত পৰিণত হৈছে। নানান ধর্মীয় পার্বণৰ দিনত ৰাষ্ট্রনায়কৰ দ্বাৰা শুভেচ্ছা বাণী প্রচাৰৰ অধিক ইয়াক আগ বাঢ়িছে বুলিব নোৱাৰি। সকলো ধৰ্মক সমান চকুৰে চাই সিবোৰক উৎসাহ যোগোৱাৰ ধাৰণাটো বৃহত্তৰ সমাজ আৰু প্রাতিষ্ঠানিক মহলত ধর্মনিৰপেক্ষতাৰূপে গৃহীত হৈ আছে। সকলো ধৰ্মক সমান চকুৰে চোৱাটো নিশ্চয় আদৰণীয়। কিন্তু উৎসাহ যোগোৱাৰ কথাটো পুনৰবিবেচনাযোগ্য। সমাজ আৰু ৰাষ্ট্ৰই ধৰ্মৰ সলনি বৈজ্ঞানিক তথা অধার্মিক চিন্তাক উৎসাহ যোগোৱাটোহে কাম্য। অথচ শৈক্ষিক পাঠ্যক্ৰমত বিজ্ঞানবিৰোধী ধর্মীয় সংস্কামূলক ভাবৰ ক্ষেত্র এখনো বিজ্ঞানৰ সমান্তৰালকৈ আপডাল কৰি থকা হৈছে। ইয়াৰ কুফল নফলাকৈ থকা নাই। দেখা গৈছে, দেশৰ কোনো এটা সামাজিক ৰাজনৈতিক আর্থিক সমস্যাকে বুজি পোৱাত বা তাৰ সমাধানৰ দিশত অৱদান আগ বঢ়োৱাত আমাৰ এজন সাধাৰণ শিক্ষিত মানুহ চুড়ান্তভাৱে বিফল হয়। তেওঁ কিফল নহৈ নোৱাৰে, কাৰণ, প্রণালীবদ্ধভাৱে আৰু বস্তুনিষ্ঠতাৰে কোনো কথা চিন্তা কৰাৰ অভ্যাসেই তেওঁৰ গঢ় নল’লে। ফলত ছপা বা ইলেক্ট্রনিক মাধ্যমৰ মূৰ্খ বা মতলবী সাংবাদিকৰ ছলনাত তেওঁ সততে পথভ্রষ্ট হয়।
বিশেষকৈ শিক্ষা আৰু দেৱানী বিধিৰ ক্ষেত্ৰত ধৰ্মৰ আংশিক হ’লেও কৰ্তৃত্ব স্বীকৃত হোৱাত আজি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সংশ্লিষ্ট সম্প্ৰদায়ৰ মহিলাসকল। কাৰণ পৃথিৱীৰ কোনো ধর্মই নাৰী-পুৰুষৰ সম-মর্যাদা আৰু সমানাধিকাৰ মানি নলয়। সেয়ে, ধৰ্মৰ বিৰুদ্ধে কাৰোবাৰ যদি প্রথমেই আৰু আটাইতকৈ দৃঢ়তাৰে যুদ্ধ কৰিব লগা আছে, তেন্তে তেওঁলোক হ’ল নাৰী। তেওঁলোকৰ দৈনন্দিন জীৱনৰ চলা-ফুৰা, আনৰ সৈতে সহজ মানৱিক সম্পর্ক-স্থাপন, সম্পত্তি আৰু শিক্ষাৰ সমঅধিকাৰ আদি প্রশ্নত ধর্মই ইমানেই বাধ-নিষেধৰ হুল পুতি হৈছে, সেইবোৰ ক্ষেত্ৰত অবিচাৰৰ মাত্ৰা ইমানেই বেছি যে সমাজত কেউদিশে তীব্ৰ প্রতিবাদৰ ধ্বনি উচ্চাৰিত হোৱাটোৱেই আছিল স্বাভাৱিক। কিন্তু দুর্ভাগ্যজনক কথাটো হ’ল, এই প্রতিবাদৰ কণ্ঠ বিস্ময়কভাৱে নিস্তেজ বা অনুপস্থিত।
যি আৰ্হিৰ ধৰ্মনিৰপেক্ষতাই সমাজজীৱনত ধৰ্মৰ নিৰুপদ্রপ উপস্থিতি আৰু প্ৰভাৱ নিশ্চিত কৰিব বিচাৰে, তাৰ যুক্তি অনুসৰণ কৰি আগ বাঢ়িলে ৰাজনৈতিক জীৱনতো ধৰ্মৰ উপস্থিতি তথা ধৰ্মৰ ৰাজনৈতিক ব্যৱহাৰ মানি ল’ব লগা হয়। কিন্তু ধৰ্মৰ এনে ৰাজনৈতিক ভূমিকা এই ব্যৱস্থাত আকৌ নিষেধ কৰি থোৱা আছে। ধৰ্মৰ নিশ্চয় এক ক্ষতিকাৰক দিশ আছে, যাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত ধৰ্মৰ ব্যৱহাৰ অবাঞ্ছিত বুলি কার্যক্ষেত্ৰত নহ’লেও অন্ততঃ নীতিগতভাৱে মানি লোৱা হৈছে। এই স্থিতিৰ পৰা বিপৰীত দিশে আগুৱালে ব্যাপক সমাজজীৱনতো ধৰ্মৰ উপস্থিতিৰ অবাঞ্ছনীয়তাৰ কথাটো যুক্তিগ্রাহ্য হৈ পৰে। সমাজ আৰু সাংস্কৃতিক জীৱনত ধৰ্মৰ উপস্থিতি মানি লোৱা হ’ল, অথচ ৰাজনীতিত সেইটা মানি লোৱা নহ’ল– ই স্ববিৰোধিতাৰ নামান্তৰ। সমাজ-সংস্কৃতি-ৰাজনীতিত ধৰ্মৰ উপস্থিতি তথা প্ৰভাৱ হয় মানি ল’ব লাগিব, নহয় তাক অস্বীকাৰ কৰিব লাগিব। এছোৱালৈকে মানি লৈ আন এছোৱাৰ পৰা তাক অবাঞ্ছিত বুলি ঘোষণা কৰাটোত স্ববিৰোধিতা আৰু সুবিধাবাদিতাৰ যিমান উপাদান আছে, প্রকৃত মানৱহিতৈষী চিন্তা আৰু যুক্তিৰ উপাদান তাত সিমানেই তাকৰ।
প্রকৃত ধর্মনিৰপেক্ষতাই ৰাজনীতি আৰু শিক্ষাক ধৰ্মৰ পৰা নিলগাই ৰাখে। কিন্তু সেইটো আমাৰ ইয়াত হ’বলৈ নেপালে। বৰং বাঢ়িল ধর্মীয় ৰাজনীতিৰ প্ৰভাৱ আৰু বিস্তাৰ। তাৰে পৰিণতিত এক সমালোচনামূলক দৃষ্টিভংগীৰ অভাৱ সৰহভাগ মানুহৰেই দেখা যায়। পুৰণা বিশ্বাস আৰু পৰম্পৰাৰ প্ৰতি তেওঁলোকৰ থাকে প্রশ্নাতীত আনুগত্য। এনে আনুগত্যই যে প্রচলিত সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক সংযুতিত স্থায়িত্ব প্রদান কৰে, তাক কোৱা বাহুল্য মাথোন। অথচ বর্তমানৰ অসহনীয় আৰ্থ-ৰাজনৈতিক অৱস্থাৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণৰ অন্যতম চৰ্তই হ’ল, এই সংযুতিৰ এক বৈপ্লৱিক ৰূপান্তৰ-সাধন। এনে ৰূপান্তৰে যিবিলাক শ্রেণীৰ সান্দহ খোৱা বালি তল পেলাব, মানুহৰ বিজ্ঞানমনস্কতা বা ধর্মীয় পৰম্পৰা-বিৰোধিতাত তেওঁলোক আনন্দিত হ’ব বুলি ভবাৰ সকাম নাই। কাৰণ, বিজ্ঞানমনষস্কতা বা ধর্মীয় পৰম্পৰা-বিৰোধিতাৰ স্বাভাৱিক যৌক্তিক পৰিণতিই হ’ল বিপ্লৱমনস্কতা!
এইখিনিতে মানুহৰ পৰিচয়ৰ প্ৰশ্নটো প্রাসংগিক হৈ পৰে। জন্মসূত্রে মানুহে এটা ধর্মীয়, ভার্ষিক আৰু দেশীয় পৰিচয় লাভ কৰি আহে। এই তিনিওটা পৰিচয়ৰ ভিতৰত ধর্মীয় পৰিচয়ৰ বিষয়টো কিছু সুকীয়া বিবেচনাৰ দাবীদাৰ। কাৰণ, ইয়াৰ সৈতে এটা মতাদৰ্শৰ প্রশ্ন এৰাব নোৱাৰাকৈ জড়িত। কিন্তু ভাষিক বা দেশীয় পৰিচয়ৰ বেলিকা মতাদর্শ সিমান প্রাসংগিক নহয়। যিকোনো সমালোচনামূলক যৌক্তিক সংলাপ ধৰ্মীয় মতাদৰ্শৰ অপছন্দ; বিৰুদ্ধ মত আৰু যুক্তিৰ প্ৰতি ই অসহিষ্ণু। সেইটোৱেই তাৰ বৈশিষ্ট্য। আনকি সম্ভৱ হ’লে বিৰোধী মত পোষণকাৰীক নির্যাতন কৰা বা আনকি নিধন কৰাৰ চেষ্টা চলে। ধর্মই দাবী কৰে মানুহৰ প্ৰশ্নহীন আনুগত্য। তাত কোনো বিতর্ক-আপত্তিৰ স্থান নাই। অৱশ্যে বিতর্ক, যুক্তি আৰু সমালোচনাৰ স্থান থকা হ’লে সি ধর্মই হৈ নেথাকিলহেঁতেন। অথচ এইবোৰ বৌদ্ধিক অভ্যাস আধুনিক জীৱনৰ অন্যতম বৈশিষ্ট্য, যাৰ অনুপস্থিতিত বৈজ্ঞানিক চিন্তা-ভাবনাৰ উদ্গমন আৰু বিকাশৰ কথা চিন্তাই কৰিব নোৱাৰি।
মতবিৰোধ আৰু বিতৰ্কই নতুন ধাৰণা আৰু তত্ত্ব উদ্গমৰ বাট মুকলি কৰে। কেৱল প্রকৃতি বিজ্ঞানতে নহয়, যিকোনো বৈপ্লবিক চিন্তাৰ বিকাশৰ পৰ্যায়ক তর্ক-বিতর্ক আৰু মুকলি আলাপ-আলোচনাৰ উত্তেজনাময় পর্বৰূপেও চিহ্নিত কৰিব পাৰি। বিজ্ঞানী বা সাহিত্যিকে চিন্তাৰ দ্বন্দ্বৰ এই শিহৰণ অনুভৱ কৰিবলৈ পাব লাগিব; নহ’লে তেওঁৰ সৃষ্টিশীলতাৰ স্ফুৰণ ঘটা টান। সেয়ে, কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত লাগিব বা কোনো ধর্মগুৰুৰ অৱমাননা হ’ব, তেনে অজুহাত দেখুৱাই মুকলি চিন্তা আৰু তর্ক বিতর্কৰ কণ্ঠৰোধ কৰিব বিচৰাসকল প্রতিক্রিয়া আৰু অন্ধকাৰৰ প্রতিনিধি। অন্ধকাৰৰ এইবোৰ ভূত-প্ৰেতৰ কণ্ঠৰোধ কৰিব নোৱাৰিলে সমাজ-সভ্যতা আগুৱাব নোৱাৰে। ই হ’ল অসহিষ্ণুতাৰ প্রতি সমাজ নিজে অসহিষ্ণু হোৱাৰ আৱশ্যকতাৰ প্রশ্ন। মজাৰ কথাটো হ’ল, মুক্ত চিন্তা আৰু বৈজ্ঞানিক চিন্তন-প্রণালী যিসকলৰ অপছন্দ, তেওঁলোকে বিজ্ঞান আৰু প্ৰযুক্তিৰ সুবিধা গ্রহণত পিছ নপৰে। বিজ্ঞানমনস্কতাৰ বিৰুদ্ধাচৰণতো বিজ্ঞান-প্রযুক্তিৰে সহায় গৃহীত হয়। আজি বিজ্ঞানৰ জনপ্রিয়তা আৰু মর্যাদা ক্রমবর্ধমান। সেয়ে, আনকি ধৰ্ম আৰু অন্ধবিশ্বাসৰ লেখীয়া বিষয়বোৰতো বিজ্ঞানৰ মোহৰ নপৰিলে নচলে। অৱশ্যে সমাজত বিজ্ঞান বা প্রযুক্তি যিমান জনপ্রিয়, সেই অনুপাতে মানুহ বিজ্ঞানমনস্ক হৈ উঠিছে বুলি ক’ব নোৱাৰি। সঁচা কথা ক’বলৈ গ’লে বিজ্ঞানমনস্কতা অৰ্জনৰ ক্ষেত্ৰত বিজ্ঞানৰ আনুষ্ঠানিক পাঠগ্রহণ সহায়ক হ’লেও আৱশ্যিক নহয়। বিজ্ঞানৰ অনেক ছাত্র-অধ্যাপক দেখা যায়, বিজ্ঞানভিন্ন আন কথাত তেওঁলোক আনতকৈ কিছু বেছিহে পৰম্পৰা-অনুগামী; মনবোৰ তেওঁলোকৰ ভাবিব নোৱৰা ধৰণে কুসংস্কাৰাচ্ছন্ন আৰু ৰক্ষণশীল! আনহাতে বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষা নোপোৱা লোকৰো জীৱনাচৰণত বিজ্ঞানমনস্কতাৰ পৰিচয় ফুটি উঠে। যুক্তি-প্রমাণ-পর্যবেক্ষণৰ প্রতি নিষ্ঠা তথা কোনো কথা প্রশ্নাতীত বুলি মানি নোলোৱা মন এটাৰ অধিকাৰী হ’ব পৰাটো যে কেৱল ব্যক্তিৰ মানসিক অগ্রগতিৰে পৰিচায়ক, তেনে নহয়, এনে গুণৰ অধিকাৰী মানুহৰ সংখ্যা সমাজত বাঢ়ি অহা মানে আকাংক্ষিত দিশত সমাজ সলনি কৰাৰ কামটো সিমানে উজু হৈ অহা। সেয়ে, ধৰ্ম বিৰোধিতা আৰু বিজ্ঞানমনস্কতা অর্জন কেৱল এটা চখৰ বিষয় হ’ব নোৱাৰে, ই সমাজ-পৰিৱৰ্তনৰ এক আৱশ্যিক পূৰ্বচৰ্তৰূপে গণিত হ’বৰ যোগ্য।
দুর্ভাগ্যবশতঃ আজি আধাখুন্দা ধর্মনিৰপেক্ষ ব্যৱস্থা এটাক লৈয়ে দেশবাসী সন্তুষ্ট থাকিব লগা হৈছে। সাম্প্রদায়িক অশান্তি আৰু ধর্মীয় সন্ত্ৰাসবাদী কার্যকলাপৰ পৰিৱেশত এই দুর্বল ধর্মনিৰপেক্ষতাৰ চাকিগছো প্রায় নুমাওঁ নুমাওঁ। বৈজ্ঞানিক চিন্তন আৰু সংস্কৃতি এই পৰিবেশত ঠন ধৰি উঠা টান। অৱশ্যে কেৱল কোনো বিশেষ কৌশল বা ধাৰণাত পাৰদৰ্শিতা অর্জনৰ উপায়ৰূপে বিজ্ঞানৰ চৰ্চা এই পৰিৱেশত হয়তো বাধাপ্রাপ্ত নহয়, কিন্তু বিজ্ঞানৰ সংস্কৃতি বাধাপ্রাপ্ত হয়। বিজ্ঞান-ভিন্ন যিকোনো সমস্যা প্রণালীবদ্ধৰূপে চিন্তা কৰাৰ অভ্যাস, কোনো কর্তৃত্বৰ সলনি কেৱল যুক্তি-প্রমাণ-পর্যবেক্ষণৰ প্রতি অনুগত থকাৰ মানসিক সামর্থ্য মানুহৰ এনে পৰিবেশত বিকশিত হোৱাৰ সম্ভাৱনা তাকৰ।
(দুই)
বিকল্প ধর্মনিৰপেক্ষতাৰ ধাৰণা জনমানসত প্রতিষ্ঠা কৰাটো উজু হয় যদি মানুহ ধর্মীয় চিন্তাৰ প্ৰভাৱৰ পৰা মুক্ত থাকে। অৱশ্যে সম্পূর্ণ ধর্মমুক্তি নঘটিলেও ভিন্নমতৰ প্রতি সহিষ্ণুতাৰ পৰিবেশ এটা অন্ততঃ সৃষ্টি হ’ব লাগিব। কিন্তু এই মুক্তি নিজে নিজে নাহে। তাৰ বাৰে সচেতন প্ৰচেষ্টাৰ আৱশ্যক হয়। এই প্রচেষ্টা বৌদ্ধিক, সামাজিক, ৰাজনৈতিক তথা প্রশাসনিক স্তৰত একেলগে চলিব লাগিব। কামটো অৱশ্যেই ধৈর্য আৰু সময়সাপেক্ষ। ক’বলৈ গ’লে ই বৃহত্তৰ এক সাংস্কৃতিক অভিযানৰ অংশস্বৰূপ। কেৱল প্রশাসনিক উপায়ৰ ওপৰত তাৰ সফলতা নিৰ্ভৰ নকৰে। মানুহৰ মনৰ ৰূপান্তৰ যিদৰে এটা সদৰ্থক ৰাজনৈতিক বিপ্লৱৰ সহায়ক, ঠিক তেনেদৰে সেই ৰাজনৈতিক বিপ্লৱেও এই ৰূপান্তৰ ত্বৰাণ্বিত কৰে। সেয়ে, ৰাজনৈতিক বিপ্লৱৰ বহু আগৰে পৰা বহু পাছলৈ ধৰ্মৰ বিৰুদ্ধে যুঁজখন চলি থাকিব। যদিও ব্যক্তিগত স্তৰত বিষয়টো সম্পূর্ণ ব্যক্তিস্বাধীনতাৰ ভিতৰুৱা, ৰাজহুৱা স্তৰত কথাটো তেনেদৰে এৰি দিব নোৱাৰি। আৰু সেইখিনিতেই এক বিকল্প ধৰ্মনিৰপেক্ষতাৰ ধাৰণা তথা তাৰ ৰাজনৈতিক-প্রশাসনিক প্রয়োগৰ প্ৰশ্নটো প্রাসংগিক হৈ পৰে। কিন্তু তেনে কৰিবলৈ গ’লেই ধৰ্মৰ প্ৰশ্নত মানুহৰ নিজাববীয়া সিদ্ধান্তগ্ৰহণৰ অধিকাৰত কিছু হ’লেও হস্তুক্ষেপ ঘটে। এতিয়া এই হস্তক্ষেপ ন্যূনতম পর্যায়ত ৰাখি কিদৰে বৃহত্তৰ সমাজখনক ধৰ্মৰ অশুভ প্রভাৱৰ পৰা মুক্ত কৰিব পাৰি, তাৰ উপায় বিচাৰি উলিয়াব লাগিব। প্রকৃত ধর্মনিৰপেক্ষতাৰ কার্যকাৰিতাও তাতে। কোৱা বাহুল্য যে যিকোনো ৰাজহুৱা স্বার্থজড়িত বিষয় আগ বঢ়াই নিওঁতে কিছু পৰিমাণে হ’লেও মানুহৰ ব্যক্তিস্বার্থ আৰু ব্যক্তিস্বাধীনতাত হাত পৰে। এটা ৰাজপথ নির্মাণ কৰোঁতেও খেতিয়কৰ মাটি অধিগ্রহণ কৰিব লগা হয়। ৰাজহুৱা স্বার্থ আৰু ব্যক্তিস্বার্থৰ মাজত এক বিৰোধাত্মক সম্পর্ক থাকে। সেয়ে, ব্যক্তিস্বার্থ একেবাৰে অক্ষত ৰাখি ৰাজহুৱা স্বার্থৰ কথা ভাবিব নোৱাৰি। আনহাতে, মানুহৰ ব্যক্তিস্বার্থক সম্পূর্ণকৈ জলাঞ্জলি দিয়া ৰাজহুৱা স্বার্থ থাকিব নোৱাৰে, সি দৰাচলতে মুষ্টিমেয় ক্ষমতাৱানৰ স্বাৰ্থৰ বাদে আন একো নহয়।
দেখা যায়, ধর্মীয় চিন্তাই আমদানি কৰা উৎকট সংকীর্ণতাৰ সৈতে শিক্ষিত মানুহে সাধাৰণতে সন্ধি কৰিহে চলে। এক সংকীর্ণ আৰু অসহিষ্ণু মতৰ প্ৰতি তেওঁলোক কাৰ্যতঃ উদাৰ। এই উদাৰতাৰ সুযোগ গ্রহণ কৰি আজি ধৰ্মক ৰাজনৈতিক আৰু সামাজিকভাৱে সংগঠিত হোৱা দেখা গৈছে। ধৰ্মৰ এই ৰাজনৈতিক উত্থান সঁচাই এক ভয়ংকৰ বিপদৰ আগজাননী। বিপদৰ এই প্রত্যাহ্বান গণতন্ত্ৰ আৰু মুক্ত চিন্তাৰ উপাসকসকলে সাহসেৰে গ্ৰহণ কৰিব নোৱাৰিলে সমাজত ফেচিবাদৰ অভ্যুত্থান অপ্রতিৰোধ্য হৈ পৰিব। ঢিলা-সোলোকা ধর্মনিৰপেক্ষতাৰ সলনি এক সুচিন্তিত কার্যক্ষম ধর্মনিৰপেক্ষতাৰ ধাৰণা তথা সাংবিধানিক ব্যৱস্থা এই দিশত প্রাথমিক পদক্ষেপৰূপে গৃহীত হ’বৰ যোগ্য। মানুহৰ সামাজিক জীৱনত পালন কৰি অহা আধিপত্যবাদী ভূমিকাৰ পৰা ধৰ্মক সম্পূর্ণকৈ বিদায় দি কেৱল ব্যক্তিগত জীৱনৰ পৰিসৰত তাক সীমিত ৰখাৰ আৱশ্যকতাই দেখা দিছে। ব্যক্তিৰ ধর্মীয় অধিকাৰ যিমান দূৰ সম্ভৱ অক্ষত ৰাখি মানুহৰ সামাজিক জীৱনৰ পৰিবেশ উদাৰ আৰু মুক্ত কৰাৰ কার্যতঃ আন পন্থা চকুত নপৰে। ব্যক্তিৰ ধর্মীয় অধিকাৰ মানে যিকোনো ধৰ্মৰ অনুগামী হোৱা, ধর্মান্তৰিত হোৱা আৰু কোনো ধর্মৰে অনুগামী নহৈ সম্পূর্ণ নাস্তিকৰ জীৱন যাপন কৰাৰ অধিকাৰ। এই অধিকাৰে ধর্মাচৰণত ৰাষ্ট্র, সমাজ বা কোনো সংগঠনৰ হস্তক্ষেপৰ পৰা ব্যক্তিক সুৰক্ষিত ৰাখে বা ৰখাটো উচিত।
ৰাজহুৱা জীৱনত ব্যক্তিৰ ধৰ্মীয় পৰিচয় সম্পূর্ণ গোপন ৰাখিব পাৰিলে, ৰাজহুৱা স্থানত উপাসনা আৰু ৰাজহুৱাকৈ ধর্মপ্রচাৰ নিষিদ্ধ ঘোষিত হ’লে এই দিশত কিছু অগ্রগতি সম্ভৱ হ’ব পাৰে। দেখা যায় যে দেশত ধর্মীয় পৰিচয়ৰ কাৰণে মানুহ সততে সামাজিক তথা প্রশাসনিক অন্যায়-অবিচাৰৰ বলি হ’ব লগা হয়। মানুহৰ ধর্মীয় পৰিচয় গোপন থাকিলে সেই পৰিচয়ৰ ভিত্তিত কাৰোবাক বঞ্চিত কৰাটো টান হৈ পৰিব। শিক্ষা আৰু চাকৰিত বিভিন্ন ধর্মাৱলম্বীৰ অ-আনুপাতিক সুযোগ-লাভৰ সমস্যাটোৰো তেতিয়া এক সমাধানৰ বাট মুকলি হয়। তাৰ কাৰণে শিক্ষানুষ্ঠানত ভর্তি বা চাকৰিৰ আবেদন-প্ৰপত্ৰত প্রার্থী নিজৰ ধৰ্ম সম্পৰ্কীয় তথ্য-যোগানৰ দায়ৰ পৰা মুক্ত কৰিলেই যথেষ্ট নহয়। কাৰণ প্ৰাৰ্থীৰ নামটোৱেও তেওঁৰ ধর্মীয় পৰিচয় বহন কৰে। সেয়ে, অন্ততঃ চৰকাৰী বা ৰাজহুৱা কাম-কাজৰ বাবে মানুহৰ এনে এটা নাম ব্যৱহাৰৰ দিহা কৰিব লাগিব, য’ত তেওঁৰ ধর্মীয় পৰিচয় অপ্রকাশিত থাকে। সম্পূর্ণ ঘৰুৱা স্তৰত ব্যৱহাৰৰ কাৰণে ধর্মীয় পৰিচয়মূলক বেলেগ এটা নাম ব্যৱহাৰৰ অধিকাৰত হাত নিদিয়াকৈয়ো এই কাম কৰিব পাৰি।
আজি দেখা গেছে, ইউৰোপীয় দেশবোৰত, বিশেষকৈ ফ্রান্সত মানুহে গীর্জালৈ যাবলৈ প্রায় এৰি দিছে। মানুহে ধৰ্মৰ প্রয়োজন অনুভৱ নকৰা এটা অৱস্থা যে আজি তাত সৃষ্টি হৈছে, সেইটো তাত এনেয়ে হোৱা নাই। বহুবিলাক বৌদ্ধিক-সাংস্কৃতিক-ৰাজনৈতিক আন্দোলনৰ পৰিণতি আজিৰ ইউৰোপীয় সমাজ। এইক্ষেত্ৰত ফৰাচী বিপ্লৱৰ কথা প্রথমেই মনলৈ আহে। এই বিপ্লৱৰ দাবানলে যে তাত পুৰণি সামন্তীয় আর্থ-ৰাজনৈতিক ব্যৱস্থাৰে মূলোচ্ছেদ ঘটাইছিল, তেনে নহয়, মানুহৰ মনৰ পৰা ধৰ্মৰ প্ৰভাৱো বহু পৰিমাণে দূৰ কৰি মানুহক বিজ্ঞানমনস্ক হোৱাত আৰু সমালোচনামূলক দৃষ্টিভভংগী আয়ত্ত কৰাত সহায় কৰিছিল। দুর্ভাগ্যবশতঃ তেনে এক বিপ্লৱৰ জুইত আমাৰ দৰে দেশৰ মানুহৰ মনবোৰ দহি পৰিশোধিত হ’বলৈ নেপালে। ফলত আজি একৈছ শতিকাত ভৰি দিয়াৰ পিছতো আমাৰ সমাজ-ৰাজনীতি-শিক্ষা সকলোতে ধৰ্মৰ অশুভ ছায়াপাত ঘটে। কিন্তু নঘটা বিপ্লৱৰ কাৰণে চকুপানী টোকাৰ সলনি এতিয়া প্রকৃত বাস্তৱৰ মুখামুখি হোৱাটোহে জৰুৰী।
ধর্মবিশ্বাসৰ গুৰিকথা হ’ল, প্রকৃতিৰ বিষয়ে মানুহৰ অজ্ঞতা আৰু অজ্ঞতাজনিত ভয়—অন্ততঃ এটা সময়ত তেনেকৈয়ে ভবা হৈছিল। এই উপলব্ধি সর্বাংশে সত্য হোৱা হ’লে আজি বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে সমাজত ধৰ্মৰ প্ৰভাৱ লাহে লাহে কমি যোৱাটো পৰিলক্ষিত হ’লহেঁতেন। কাৰণ বিজ্ঞানে এই অজ্ঞতাৰ পৰিসৰ কমাই আনিছে। কিন্তু তেনে লক্ষণ চকুততো কাৰো পৰা নায়েই, বিপৰীতে দেখা গৈছে, সমাজত ধৰ্মৰ প্ৰভাৱ দিনক দিনে বাঢ়িছেহে। তাৰ লগতে বাঢ়িবলৈ আৰম্ভ কৰিছে সাম্প্রদায়িক অসূয়া-অশান্তি তথা ধর্মীয় সন্ত্রাসবাদ আৰু সিবিলাকৰ প্রতি মানুহৰ নিৰুচ্চাৰ প্রশ্রয় তথা সমর্থন। “কোনো ধর্মই সাম্প্রদায়িকতা বা সন্ত্রাসবাদ সমর্থন নকৰে” বুলি ক’লেই লেঠা নিছিগে। সাম্প্রদায়িকতা আৰু সন্ত্রাসবাদৰ পিশাচবোৰে যে সংশ্লিষ্ট ধৰ্মৰ পৰাই প্ৰেৰণা লাভ কৰিছে, সেই কথা গোপন হৈ থকা নাই। এতিয়া ধৰ্মৰ মূল বাণী কি আছিল আৰু এইবোৰ শক্তিৰ হাতত পৰি ই কেনে হাতিয়াৰত পৰিণত হৈছে, সেই সম্পর্কীয় অনুসন্ধান চলিব পাৰে। কিন্তু তথাকথিত মূল ধর্মটোতকৈ আজি আমি প্রকৃত বাস্তৱত দেখা পোৱা ৰূপৰ ধর্ম সম্পর্কেহে সজাগ হোৱা আৱশ্যক। বাস্তৱৰ প্রতি পিঠি দি বাস্তৱত অস্তিত্বহীন কোনো আদর্শ ধৰ্মৰ মৰীচিকা খেদি ফুৰাটো বুদ্ধিমানৰ কাম নহ’ব।
নাস্তিকসকলৰ বিৰুদ্ধে সমালোচনা যিমানেই কঠোৰ নহওক কিয়, সেই সমালোচনাৰ অধিকাৰ সমাজত যিকোনো মূল্যৰ বিনিময়ত যিদৰে সুৰক্ষিত হ’ব লাগিব, তেনেদৰে ধর্ম বা ঈশ্বৰ-বিৰোধী সমালোচনাৰ কণ্ঠৰ সুৰক্ষাৰ নিশ্চয়তাও সমানেই জৰুৰী। ধর্মনিৰপেক্ষতাৰ বৰ্তমানৰ প্ৰচলিত আৰ্হিত এই সমালোচনা সর্বাংশে সুৰক্ষিত বুলি ভাবিব নোৱাৰি। সেয়ে, সকলো সীমাবদ্ধতা আঁতৰাই কিদৰে ধৰ্মনিৰপেক্ষতাক ভৱিষ্যতে এখন অধিক উদাৰ আৰু মানৱীয় সমাজ ৰচনাৰ সোপানত পৰিণত কৰিব পাৰি, সেইটোহে আজি বিবেচনাযোগ্য বিষয়।