কেন্দ্ৰীয় নিবন্ধ

সোঁ, বাঁও আৰু জেণ্ডাৰ (২য় খণ্ড) ।। জিতেন বেজবৰুৱা

(মুক্ত চিন্তা। দশম বছৰ।। ৫ম সংখ্যা)

(পূৰ্বৰ খণ্ডটিৰ বাবে ইয়াত টিপক)

(২)

আচলতে জেণ্ডাৰ পৰিচিতি তত্ত্বটো হ’ল এটা তেনেই গাজাখুৰি তত্ত্ব। ই তেনেই অৰ্থহীন, যুক্তিহীন, অসংলগ্ন, স্ববিৰোধী, অবৈজ্ঞানিক আৰু অবাস্তৱ তত্ত্ব। কিন্তু সমস্যাটো হ’ল ইয়াক সেইবুলি মানি লোৱাটো সহজ নহয় – আনকি সকলো প্ৰমাণ পোৱাৰ পাছতো। গোটেই পৃথিৱীজুৰি আধিপত্য বিস্তাৰ কৰা, উন্নত দেশবিলাকত প্ৰাতিষ্ঠানিক পৃষ্ঠপোষকতা লাভ কৰা, প্ৰগতিশীল বুলি পৰিচিত প্ৰায়বোৰ শক্তিয়েই সজোৰে সমৰ্থন কৰা তত্ত্ব এটা কেনেকৈ ইমান অন্তঃসাৰশূন্য হ’ব পাৰে?! যি তত্ত্বই অহৰহ স্বাধীনতা, মুক্তি, বৈচিত্ৰ্য, অন্তৰ্ভুক্তিবাদৰ কথা কৈ থাকে, তেনেকুৱা এটা তত্ত্বনো কেনেকৈ ইমান সমস্যাজনক হ’ব পাৰে?! কিন্তু যিমানেই অবিশ্বাস আৰু সংশয় নহওক লাগিলে, দুখৰ বিষয়টো হ’ল, হয়; জেণ্ডাৰ পৰিচিতি তত্ত্বটো হ’ল গোটেপাতে উদ্ভট আৰু গোলমলীয়া তত্ত্ব। এই সম্পৰ্কীয় চৰ্চাবিলাকত দেখিবলৈ পোৱা দুৰ্বোধ্য উচ্চ তাত্ত্বিক পৰিভাষাটোৰ জঁট ভাঙি অলপ দূৰ আগবাঢ়িলেই এই কথা উপলব্ধি কৰিব পাৰি। চমুকৈ ক’ব পাৰি যে জেণ্ডাৰ পৰিচিতি তত্ত্ব হ’ল এক বিশুদ্ধ মেটাফিজিক্স। পুৰণিধৰণৰ ধৰ্মীয় মেটাফিজিক্সৰ কদৰ এতিয়া পাশ্চাত্যৰ আধুনিক সমাজত নাই। কিন্তু এইটো হ’ল নব্য উদাৰতাবাদৰ যুগত আবিৰ্ভূত এক উত্তৰাধুনিক মেটাফিজিক্স। জেণ্ডাৰ পৰিচিতিৰ দাবীটো হ’ল এটা মেটাফিজিকেল দাবী। তাৰ চৰিত্ৰ ঠিক হিন্দু ধৰ্মৰ আত্মাৰ দৰে। আন ভাষাত ক’বলৈ গ’লে, ই হ’ল এটা বিশুদ্ধ ভাষিক কাৰচাজি। কিন্তু ইয়াক দাঙি ধৰা হয় এক বৈজ্ঞানিক দাবী হিচাপে, জেণ্ডাৰ পৰিচিতিক উপস্থাপন কৰা হয় এক ভৌতিক বাস্তৱ ৰূপত। অৰ্থাৎ, যিটো প্ৰকৃততে ভৌতিক (ছেক্স) সেইটো হ’ল মিথ আৰু অসত্য, কিন্তু যিটো প্ৰকৃততে মেটাফিজিকেল (জেণ্ডাৰ পৰিচিতি) সেইটো হ’ল ভৌতিক আৰু সত্য। ইয়াৰ সপক্ষে যিসমূহ স্ববিৰোধী যুক্তি-তৰ্ক দাঙি ধৰা হয়, সিবোৰৰ ঘাইকৈ তিনিটা আয়তন দেখিবলৈ পোৱা যায় – দাৰ্শনিক, বৈজ্ঞানিক আৰু ৰাজনৈতিক। কিন্তু কেতিয়া কোনটোৰপৰা কোনটোলৈ গতি কৰে, তাৰ ঠিকনা নাই। ৰাজনৈতিক যুক্তিৰ সহায়ত বৈজ্ঞানিক দাবী সাব্যস্ত কৰিব খোজা হয়, বৈজ্ঞানিক যুক্তিৰ সহায়ত ৰাজনৈতিক দাবী সাব্যস্ত কৰিব খোজা হয়, আকৌ দাৰ্শনিক দাবী এটাক বৈজ্ঞানিক বুলি প্ৰমাণ কৰিব বিচৰা হয়। সি যি নহওক, জেণ্ডাৰ পৰিচিতিৰ বৈজ্ঞানিক আধাৰ হিচাপে গণ্য কৰা হয় ছেক্স সম্পৰ্কীয় নতুন বিনিৰ্মিত ধাৰণাক। কিছুমান জেণ্ডাৰ এক্টিভিষ্ট তথা তেনেধৰণৰ বিশ্বাস ৰখা জীৱবিজ্ঞানীয়ে এনেদৰে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে যে ছেক্স বস্তুটো বাইনেৰি নহয়, সি অপৰিৱৰ্তনীয় নহয়। তেওঁলোকে দাবী কৰে যে ছেক্স হ’ল এটা বৰ্ণালী (Sex is a spectrum)। মতা-মাইকী বুলি চিনাক্ত আৰু দ্বিবিভাজন কৰাটো আগেয়ে ভবাৰ দৰে সিমান সহজ নহয়, বৰং বহুত জটিল আৰু দ্ব্যৰ্থপূৰ্ণ, আৰু সেই দুটাৰ উপৰি আন বহু সম্ভাৱনা বিদ্যমান। কোনো এজন ব্যক্তিৰ ছেক্স কি হয় (মানে জেণ্ডাৰ পৰিচিতি কি হয়, আৰু সেই পৰিচিতিয়েই ছেক্স নিৰ্ধাৰণ কৰে) সেইটো কেৱল ব্যক্তিজনে নিজেহে জানে, বেলেগে খাটাংকৈ জনাটো সম্ভৱ নহয়, সেয়ে জেণ্ডাৰ মতাদৰ্শই assigned sexঅৰ কথা কয়। কেঁচুৱা এটা জন্মৰ সময়ত ডাক্তৰে যৌনাংগৰ পৰ্যবেক্ষণ কৰি আৰু সামাজিক অনুমানৰ ভিত্তিত এটা ছেক্স স্থিৰ বা Assign কৰি দিয়ে; কিন্তু সেইটো যে শুদ্ধ হ’ব তাৰ কোনো মানে নাই। সেয়ে কোনো মানুহৰ ছেক্সৰ বিষয়ে ক’বলৈ হ’লে Assigned male/female at birth বুলিহে কোৱা হয়। কিছুমান parentsএ (মাক-বাপেক বুলি ক’ব নোৱাৰি, কাৰণ বহুতে তেনেদৰে আত্মচিনাক্ত নকৰে) আজিকালি কেঁচুৱাৰ ছেক্স বা জেণ্ডাৰটো ৰাজহুৱা নকৰি জেণ্ডাৰ-নিউট্ৰেল বে’বি বা দে’বি (theyby) হিচাপে ডাঙৰ-দীঘল কৰে। অলপ ডাঙৰ হোৱাৰ পাছত (কোনোবাই ধৰক চাৰি বছৰত, আন কোনোবাই ধৰক ছবছৰত) নিজৰ জেণ্ডাৰ ঘোষণা কৰে। এই জেণ্ডাৰ ল’ৰা বা ছোৱালী বা নন-বাইনেৰি বা আন যিকোনোধৰণৰ হ’ব পাৰে। (জীৱবিজ্ঞান-স্নায়ুবিজ্ঞান-মনোবিজ্ঞানৰ বিভিন্ন জটিল তথ্য-পাতিৰ সহায়ত ছেক্সৰ প্ৰতিষ্ঠিত আৰু সাৰ্বজনীন ধাৰণাটো ভাঙি পেলাব খোজা বিজ্ঞানী-গৱেষকৰ এটা চক্ৰ ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে। তেওঁলোকৰ শেষ উদ্দেশ্য হ’ল জেণ্ডাৰ পৰিচিতিৰ সপক্ষে যুক্তি খাৰা কৰা। ) কিন্তু জৈৱিক ছেক্সক ভুৱা বুলি, বাইনেৰি নহয় বুলি, এক বৰ্ণালী বুলি যিধৰণেই প্ৰমাণ কৰিব বিচৰা নহওক লাগিলে, সি কোনোমতেই এক অন্তৰ্লীন জেণ্ডাৰ পৰিচিতিৰ অস্তিত্ব সাব্যস্ত কৰিব নোৱাৰে। আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল, জেণ্ডাৰ মতাদৰ্শই দাঙি ধৰা এই জীৱবৈজ্ঞানিক দাবীবোৰ হ’ল ছদ্মবিজ্ঞান – নিৰ্ভেজাল আৰু সৰল ছদ্মবিজ্ঞান (pseudoscience – pure and simple)। বৈজ্ঞানিক সত্য এটাই – মানুহৰ ছেক্স বাইনেৰি। খুব কমসংখ্যক মানুহৰ মাজত কিছুমান জন্মগত শাৰীৰিক বিসংগতি দেখিবলৈ পোৱা যায়, যাক DSD (Differences of Sexual Development) বা অধিক জনপ্ৰিয়ভাৱে ইণ্টাৰছেক্স (intersex) বুলি অভিহিত কৰা হয়। কিন্তু সেইটো কণ্ডিচন বাইনেৰি ছেক্সৰ ব্যতিক্ৰম নহয়, বৰং প্ৰমাণহে; ইয়াৰ সৈতে মানুহৰ ছেক্স সম্পৰ্কীয় বৈজ্ঞানিক সত্যৰ কোনো সম্পৰ্ক নাই। ট্ৰেন্সজেণ্ডাৰ আন্দোলনে ইণ্টাৰছেক্স সম্পৰ্কে বিশ্বজুৰি সজাগতাৰ সৃষ্টি কৰিছে আৰু সম্প্ৰদায়টোৰ ন্যায্য দাবীসমূহ উত্থাপন কৰিছে। কিন্তু সমান্তৰালভাৱে ছেক্স বাইনেৰি নহয় বুলি প্ৰমাণ কৰাৰ স্বাৰ্থত কণ্ডিচনটোৰ ৰাজনৈতিকীকৰণ কৰিছে আৰু নিজৰ সুবিধাৰ্থে তাক ব্যৱহাৰ কৰিছে। অৰ্থাৎ, ইণ্টাৰছেক্স কণ্ডিচনৰ আত্মসাৎকৰণ (appropriation) কৰিছে। ট্ৰেন্স এক্টিভিষ্ট তথা সংগঠনসমূহে কণ্ডিচনটো সম্পৰ্কে বহু সময়ত ভুল তথ্য তথা ধাৰণা প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায়। একে সময়তে ইয়াক এটা জেণ্ডাৰ পৰিচিতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। নিজৰ জেণ্ডাৰ পৰিচিতিৰ বায়’ল’জিকেল ভিত্তি থকা বুলি প্ৰমাণ কৰাৰ স্বাৰ্থত বা সেইধৰণৰ কাৰণত ইণ্টাৰছেক্স বুলি ভুলকৈ আত্মপৰিচয় দিয়াৰ এটা প্ৰৱণতা দেখিবলৈ পোৱা গৈছে। সি যি নহওক, একে আষাৰে ক’ব পাৰি যে জেণ্ডাৰ মতাদৰ্শই মানুহৰ ছেক্স সম্পৰ্কে উত্থাপন কৰা বৈজ্ঞানিক যেন লগা দাবীবোৰ তেনেই টুলুঙা আৰু ভিত্তিহীন। কিন্তু এই গোটেই প্ৰচেষ্টাটোৰ উদ্দেশ্য হ’ল ছেক্সৰ ধাৰণাটোক dematerialise কৰা, যাক আমি erasure of sex বুলি ক’ব পাৰোঁ, আৰু তাৰ ঠাইত জেণ্ডাৰ পৰিচিতিৰ ধাৰণাটো সাৰ্বজনীন সত্য হিচাপে প্ৰতিষ্ঠা কৰা।

ইয়াৰ সমান্তৰালভাৱে আৰু ইয়াৰ সহায় লৈ কুইয়েৰ তত্ত্বই ছেক্সক এক সামাজিক নিৰ্মাণ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা চলাই আহিছে। এয়া হ’ল সামাজিক নিৰ্মাণবাদৰ (social constructionism) এটা চূড়ান্ত বিন্দু, য’ত ছেক্সৰ দৰে জৈৱিক, ভৌতিক আৰু চাক্ষুষ বস্তু এটাক মূলতঃ সামাজিকভাৱে বিনিৰ্মাণ কৰিব বিচৰা হৈছে। ছেক্স সম্পৰ্কীয় ধাৰণা, তাৰ সৈতে আমাৰ সম্পৰ্ক আৰু মোকাবিলা – এই সকলোতে বহুতো সামাজিক উপাদান অন্তৰ্নিহিত হৈ আছে, আৰু সিবোৰ আমাৰ দৃষ্টিত জীৱবৈজ্ঞানিক উপাদানবিলাকৰ সৈতে এনেভাৱে সনাপোটোকা হৈ আছে যে দুইটাৰ মাজত পাৰ্থক্য সূচিত কৰাটো সহজ নহয়। কিন্তু জৈৱিক ছেক্স নিজে (biological sex itself) সামাজিক নিৰ্মাণ নহয়। নাৰীবাদীসকলে অতীজৰেপৰা জীৱবৈজ্ঞানিক নিৰ্ধাৰণবাদৰ (biological determinism) বিৰুদ্ধে যুদ্ধ চলাই আহিছে। বায়’ল’জিয়ে যে ভাগ্য নিৰ্ণয় নকৰে, সেই কথা নাৰীবাদীসকলে সফলভাৱে সাব্যস্ত কৰি আহিছে। এইক্ষেত্ৰত তেওঁলোকে জৈৱিক ছেক্স আৰু সামাজিক লিংগৰ মাজত ধাৰণাগত পাৰ্থক্য সূচিত কৰিছিল। নাৰীৰ অৱদমন আৰু শোষণ চলে পুৰুষতান্ত্ৰিক সামাজিক ব্যৱস্থাপনাই জন্ম দিয়া লিংগৰ জৰিয়তে, কিন্তু তাক আৰোপ কৰা হয় ছেক্সৰ ভিত্তিত। Women are oppressed by gender on the basis of sex. গতিকে জৈৱিক ছেক্সৰ গুৰুত্ব আৰু সেই ক্ষেত্ৰত পুৰুষ আৰু নাৰীৰ মাজত থকা পাৰ্থক্যক স্বীকাৰ কৰি লৈ নাৰীবাদে লিংগৰ বিৰুদ্ধে থিয় দিছিল। আন ভাষাত, জীৱবিজ্ঞানক স্বীকাৰ কৰি লৈ জীৱবৈজ্ঞানিক নিৰ্ধাৰণবাদৰ সমালোচনা কৰিছিল, কিয়নো Biology is not biological determinism. কিন্তু শেহতীয়াভাৱে নাৰীবাদে জীৱবিজ্ঞানকে নস্যাৎ কৰিব বিচাৰিছে আৰু ক্ৰমান্বয়ে সি সামাজিক নিৰ্মাণবাদৰ জটিল পকনীয়াৰ মাজত সোমাই যাবলৈ ধৰিছে। ট্ৰেন্সজেণ্ডাৰবাদে এটা নাৰীবাদী আন্দোলন হিচাপে গঢ় লৈ উঠাৰ এইটো এটা প্ৰধান কাৰণ।

পূৰ্বে নাৰীবাদে লিংগক সমাজ-আৰোপিত বুলি গণ্য কৰিছিল আৰু সেয়ে তাৰ অৱসানৰ পোষকতা কৰিব পাৰিছিল। তাৰ বিপৰীতে জেণ্ডাৰ মতাদৰ্শই লিংগক internalise কৰি মানুহৰ অন্তৰ্জীৱনৰ এক সাৰবত্তাত (essence) পৰিণত কৰিলে জেণ্ডাৰ পৰিচিতিৰ ৰূপত। ইয়াক আমি এক gender essentialism বুলি অভিহিত কৰিব পাৰোঁ। ইয়াত জেণ্ডাৰ হ’ল ছেক্সৰ ঊৰ্ধত; ই হ’ল অন্তৰ্লীন আৰু সাৰ্বজনীন। গতিকে জেণ্ডাৰ মতাদৰ্শই লিংগৰ অৱসান ঘটোৱাটো দূৰৰ কথা, বৰং ই লিংগৰ ন্যায্যকৰণ আৰু গৰিমায়নৰ জৰিয়তে তাক সমাজত অধিক প্ৰোথিত কৰাতহে সহায় কৰিছে। অলপ মন কৰিলেই ধৰিব পাৰি যে জেণ্ডাৰ পৰিচিতিৰ ধাৰণাটো পুৰুষতান্ত্ৰিক লৈংগিক ষ্টেৰিঅ’টাইপৰ ভিত্তিত প্ৰতিষ্ঠিত। এইক্ষেত্ৰত পুৰণি লৈংগিক মতাদৰ্শৰ সৈতে জেণ্ডাৰ মতাদৰ্শৰ কোনো চৰিত্ৰগত পাৰ্থক্য নাই, বৰং সি হ’ল পুৰুষতন্ত্ৰৰে অত্যাধুনিক সংস্কৰণ মাত্ৰ। পৰম্পৰাগত লৈংগিক মতাদৰ্শই মানুহৰ মনটোক নিয়ন্ত্ৰণ আৰু সলনি কৰিবলৈ চেষ্টা কৰে; তাৰ বিপৰীতে জেণ্ডাৰ মতাদৰ্শই মানুহৰ শৰীৰটোক নিয়ন্ত্ৰণ আৰু সলনি কৰিবলৈ চেষ্টা কৰে। দুইটাৰে উদ্দেশ্য একেই – লিংগৰ ধাৰণা বৰ্তাই ৰখা। গছ বগাই ভাল পোৱা ছোৱালীজনীক বা স্কাৰ্ট পিন্ধি ভাল পোৱা ল’ৰাজনক পৰম্পৰাগত লৈংগিক মতাদৰ্শই হেঁচা প্ৰদান কৰে তেনে আচৰণ নকৰিবৰ বাবে – হাৰাশাস্তি-দমনৰ জৰিয়তে তেওঁলোকৰ মনটোক বলপূৰ্বকভাৱে সলনি কৰিবলৈ বিচাৰে। কিন্তু ইয়াৰ জেণ্ডাৰ মতাদৰ্শই দিয়া সমাধানটো হ’ল ওলোটা। ইয়াৰ মতে, লিংগ-অসংগত লক্ষণ আৰু আচৰণৰ অৰ্থ হ’ল সেই ব্যক্তিজন প্ৰকৃততে বিপৰীত ছেক্সৰ। গছ বগাই ভাল পোৱা ছোৱালীজনী ছোৱালীয়েই নহয়, বৰং ভুল শৰীৰত জন্ম লাভ কৰা এজন ল’ৰাহে; স্কাৰ্ট পিন্ধিবলৈ ভাল পোৱা ল’ৰাজন ল’ৰাই নহয়, বৰং ভুল শৰীৰত জন্ম লাভ কৰা এজনী ছোৱালীহে। গতিকে ই পোষকতা কৰে যে লিংগ-অসংগত ল’ৰাজনক ছোৱালী বনাই পেলাব লাগে, লিংগ-অসংগত ছোৱালীজনীক ল’ৰা বনাই পেলাব লাগে। অৰ্থাৎ, সমাজত লিংগৰ ধাৰণা একেই থাকিব, কিন্তু তাৰ সৈতে মিলাবৰ বাবে লিংগ-অসংগত মানুহৰ শৰীৰটোহে সলনি কৰিব লাগিব। ছোৱালীয়ে গছ বগাব নালাগে, ল’ৰাই স্কাৰ্ট পিন্ধিব নালাগে – এইধৰণৰ লৈংগিক ষ্টেৰিঅ’টাইপবিলাকৰ প্ৰতি জেণ্ডাৰ মতাদৰ্শই কোনোধৰণে প্ৰত্যাহ্বান নজনায়। তাৰ বিপৰীতে ই লিংগ সলনাসলনি (gender swapping) কৰাৰহে পোষকতা কৰে। আপুনি যদি আপোনাৰ সমাজ-নিৰ্ধাৰিত লিংগৰ সৈতে খাপ খোৱা নাই, গতিকে আপুনি বিপৰীত ছেক্সৰ লিংগৰ সৈতে খাপ খাব লাগিব – আপুনি আপোনাৰ বিপৰীত ছেক্সৰ লৈংগিক ষ্টেৰিঅ’টাইপবিলাক আঁকোৱালি ল’ব লাগিব। নাৰীয়ে যিবোৰ ষ্টেৰিঅ’টিপিকেল আচৰণ কৰিলে আমি তাক পৰম্পৰাগত লৈংগিক মতাদৰ্শৰ প্ৰকাশ বুলি সমালোচনা কৰোঁ, সেই একেখিনি আচৰণ যদি এগৰাকী ট্ৰেন্স নাৰীয়ে (মানে মতা মানুহ) কৰে, তেনেহ’লে আমি তাক অথেণ্টিক বুলি বাঃবাঃ দিওঁ৷ গতিকে জেণ্ডাৰ মতাদৰ্শ হ’ল অন্তৰ্নিহিতভাৱে পুৰুষতান্ত্ৰিক এক প্ৰতিক্ৰিয়াশীল মতাদৰ্শ। আনহাতে, বাইনেৰি ভঙাৰ শ্লোগান অহৰহ আওৰাই থাকিলেও জেণ্ডাৰ মতাদৰ্শৰ অন্তৰ্জগতখন হ’ল বাইনেৰিৰ ওপৰত প্ৰতিষ্ঠিত। যিমানেই নতুন নতুন জেণ্ডাৰ পৰিচিতিৰ কথা নকওক লাগিলে, পুৰুষ আৰু নাৰীৰ বাইনেৰিৰ মাজতে সি পাকঘূৰণি খাই থকা দেখিবলৈ পোৱা যায়। পুৰুষে যদি পুৰুষৰ নিচিনা আচৰণ নকৰে, তেনেহ’লে নাৰীয়েই হ’ব লাগিব। ট্ৰেন্সজেণ্ডাৰ ছাৰ্জাৰিৰ বজাৰখনো স্পষ্টভাৱে বাইনেৰি – পুৰুষৰপৰা নাৰী হ’বলৈ চেষ্টা কৰিছে, নাৰীৰপৰা পুৰুষ হ’বলৈ চেষ্টা কৰিছে। (যদিও nullificationঅৰ দৰে নন-বাইনেৰি ছাৰ্জাৰিও আছে, যিটোৰ জৰিয়তে যৌনাংগৰ সকলোধৰণৰ বাহ্যিক চিন-মোকাম নাইকিয়া কৰি পেলোৱা হয়; phallus-preserving vaginoplastyৰ দৰে ছাৰ্জাৰিও আছে যিটো কৰিলে একে লগতে পে’নিছো থাকিব আৰু ভেজাইনাও থাকিব; কোনো কোনো জেণ্ডাৰ ছাৰ্জনে কিছুমান সৃষ্টিশীলধৰণৰ ছাৰ্জাৰিৰ পোষকতা কৰাও দেখা যায়, যেনে, যৌনাংগটোক ছাৰ্জাৰিৰ জৰিয়তে ফুল এপাহৰ দৰে বা আৰ্ট এটাৰ দৰেনো কিয় বনাই ল’ব নোৱাৰি?) জেণ্ডাৰ মতাদৰ্শৰ বাবে ভিত্তিমূলক আনটো বাইনেৰি হ’ল ট্ৰেন্স বনাম চিছ। এই বাইনেৰিটোক কেন্দ্ৰ কৰি জেণ্ডাৰ ৰাজনীতিত এক সাৰ্বজনীন মেৰু বিভাজনৰ ধাৰণা দাঙি ধৰা হয়। আনহাতে, যদিও জেণ্ডাৰ মতাদৰ্শই অন্তৰ্ভুক্তি আৰু বৈচিত্ৰ্যৰ নীতিৰ কথা অহৰহ প্ৰচাৰ কৰি থাকে, তাৰ চৰিত্ৰ কিন্তু দুইটা প্ৰমূল্যৰে সম্পূৰ্ণ বিৰোধী। লিংগ-অসংগত হ’লে পুৰুষজন আৰু পুৰুষ হৈ নাথাকে, নাৰীগৰাকী নাৰী হৈ নাথাকে – যথাক্ৰমে পুৰুষ আৰু নাৰীৰ কেটেগৰিত তেওঁলোকক অন্তৰ্ভুক্ত কৰিব নোৱাৰি, সেই কেটেগৰিৰ ভিতৰত আচৰণৰ বৈচিত্ৰ্য সহ্য কৰিব নোৱাৰি। সেই ফালৰপৰা জেণ্ডাৰ মতাদৰ্শ হ’ল এটা বহিষ্কৰণবাদী বাগধাৰা।

(৩)

ট্ৰেন্সজেণ্ডাৰ আন্দোলনটোক আমি কাৰ্যক্ষেত্ৰত মূলতঃ পুৰুষৰ আন্দোলন বুলি অভিহিত কৰিব পাৰো। প্ৰথম কথা, জেণ্ডাৰ মতাদৰ্শৰ সামাজিক আৰু পলিচিগত পৰিণামসমূহ নাৰীৰ বাবে ক্ষতিকৰ বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। দ্বিতীয় কথা, আন্দোলনটোৰ মাজত পুৰুষতান্ত্ৰিক পদানুক্ৰমৰেই স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। ট্ৰেন্সজেণ্ডাৰ (অফিচিয়েল ভাষাত এল জি বি টি) আন্দোলনৰ কেন্দ্ৰবিন্দুত অৱস্থান কৰিছে ট্ৰেন্স নাৰীসকল; অৰ্থাৎ, নাৰী হিচাপে আত্মচিনাক্ত কৰা মতা মানুহবিলাক। আন্দোলনটোৰ মূল নীতি নিৰ্ধাৰণ তথা পৰিচালনাৰ দায়িত্বত থকা লোকসকল হ’ল ট্ৰেন্স নাৰী। আন্দোলনটোৰ মূল দাবীসমূহ আবৰ্তিত হৈছে ঘাইকৈ ট্ৰেন্স নাৰীসকলক কেন্দ্ৰ কৰি। তেওঁলোকক বাদ দিলে আন্দোলনটোৰ বাকী অংশীদাৰী গ্ৰুপসমূহ একেধৰণে বা সম্যকভাৱে লাভান্বিত হোৱা বুলি ক’ব নোৱাৰি, বৰং বহু ক্ষেত্ৰত তাৰ বিপৰীত ঘটনাহে পৰিলক্ষিত হয়। এইক্ষেত্ৰত বিশেষকৈ ট্ৰেন্স পুৰুষসকলৰ কথা উল্লেখ কৰিব পাৰি। পুৰুষ এজনে নাৰী হিচাপে আত্মচিনাক্ত কৰিলেও তেওঁৰ পৌৰুষ বিশেষাধিকাৰ নাইকিয়া হৈ নাযায়, বৰং তেওঁ এতিয়া নাৰী হিচাপে আগতকৈ অধিক গুৰুত্ব পাবলৈ সক্ষম হয়। কিন্তু তাৰ বিপৰীতে নাৰী এগৰাকীয়ে পুৰুষ হিচাপে আত্মচিনাক্ত কৰিলেও বিশেষ লাভ নহয় – তেওঁ নাৰী হিচাপে পাবলগীয়া সুবিধাখিনি হেৰুৱাই পেলায়, কিন্তু পুৰুষ হিচাপেও পুৰুষৰ মাজত যথাযোগ্য স্থান লাভ কৰিবলৈ সক্ষম নহয়। ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ মাজত ট্ৰেন্স পুৰুষসকল প্ৰায় অদৃশ্য বুলিবই পাৰি – আন্দোলনটোৰ পৰিচালনামূলক দায়িত্বতো তেওঁলোক নাই, তেওঁলোকৰ বিশেষ দাবী-দাবাবিলাকৰ সিমান গুৰুত্ব নাই, জনপ্ৰিয় স্তৰতো তেওঁলোক দৃশ্যমান নহয়। অকল ‘পুৰুষেও সন্তান জন্ম দিয়ে’ বা তেনেধৰণৰ কিছুমান কথাক লৈহে তেওঁলোকৰ বিষয়ে বেছিকৈ আলোচনা কৰা হয়। ইয়াৰপৰা বুজা গৈছে যে পুৰুষপ্ৰধান সমাজত নাৰীসকলে যি বুলিয়েই আত্মচিনাক্ত নকৰক লাগিলে, পুৰুষৰ সৈতে তেওঁলোকৰ পদানুক্ৰমিক সম্পৰ্কটো সামগ্ৰিকভাৱে একেই থাকিব। আনহাতে, বাহিৰৰ বহল নাৰীসমাজৰ প্ৰতি ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ দৃষ্টিভংগী কেনেধৰণৰ? অলেখ চিছ বিশেষাধিকাৰযুক্ত (cis privilege) জৈৱিক নাৰীসকলৰ বিপৰীতে ই ট্ৰেন্স নাৰীসকলক সবাতোকৈ নিপীড়িত গোষ্ঠী হিচাপে দাঙি ধৰিব খোজে; যিসকলৰ (standpoint epistemology অনুসৰি) নৈতিক আৰু জ্ঞানগত স্থান জৈৱিক নাৰীসকলতকৈ সদায়েই উচ্চ। নাৰী আৰু ট্ৰেন্স নাৰীৰ মাজত হোৱা সংঘাতত নাৰীক সদায়েই মতান্ধ নিপীড়ক ৰূপত চিত্ৰিত কৰা হৈছে। ট্ৰেন্স এক্টিভিজমে ইয়াৰ দাবী-দাবাবিলাকৰ সৈতে যিকোনোধৰণে অসন্মতি প্ৰকাশ কৰা সকলো নাৰীকেই চিৰশত্ৰু হিচাপে ঘোষণা কৰিছে। তেওঁলোকক ই দিয়া নামটো হ’ল TERF (Trans Exclusionary Radical Feminists); আৰু তেওঁলোকৰ বিৰুদ্ধে সকলোধৰণৰ হাৰাশাস্তি আৰু আক্ৰমণক ন্যায্যতা দিয়া হৈছে। ইয়াৰ বিপৰীতে ট্ৰেন্সজেণ্ডাৰ আন্দোলনে পুৰুষৰ প্ৰতি কোনোধৰণৰ ধাৰণাগত-সামাজিক-আইনগত প্ৰত্যাহ্বানৰ সৃষ্টি কৰা নাই। শ্ৰেণী হিচাপে পুৰুষক শত্ৰু বুলি গণ্য কৰা নাই, আক্ৰমণ কৰা নাই। গতিকে পুৰুষ নহয়, ট্ৰেন্সজেণ্ডাৰবাদৰ বাবে শ্ৰেণী হিচাপে ভুক্তভোগী হৈছে নাৰীসকলহে।

নাৰী কাক কয় বা নাৰী মানেনো কি? What is a woman? এইটো এটা জটিল আৰু ৰাজনৈতিকভাৱে বিভেদ সৃষ্টিকাৰী ভয়ানক প্ৰশ্নত পৰিণত হৈছে। প্ৰশ্নটোৰ সন্মুখীন হ’বলৈ মানুহে ভয় কৰা হৈছে, কিয়নো মুখ খুলিলেই তাৰপৰা কি পৰিণামৰ সন্মুখীন হ’ব লাগিব ঠিকনা নাই। যেয়ে নাৰী বুলি আত্মচিনাক্ত কৰে সিয়েই যদি নাৰী হয়, তেনেহ’লে নাৰী মানেনো কি? ট্ৰেন্স নাৰীসকলে নিজকে নাৰী বুলি কয়, প্ৰকৃত নাৰী বুলি কয়, জৈৱিকভাৱে মাইকী মানুহ বুলিও কয়। কেতিয়াবা কোনো ট্ৰেন্স নাৰীয়ে আনকি বাকীসকল নাৰীতকৈও অধিক womanly বুলিও দাবী কৰা দেখা যায়। কিন্তু বাকী বহু নাৰীয়েই ট্ৰেন্স নাৰীসকলৰ এনে দাবী অস্বীকাৰ কৰে। নাৰীৰ সংজ্ঞাক লৈ আহি পৰা এনে সমস্যাৰ বাবে আজিকালি বহুতেই নাৰী শব্দটোকে ব্যৱহাৰ কৰিবলৈ এৰিছে। আনহাতে, নাৰী শব্দটোৰ ব্যৱহাৰ বহু সময়ত অফেন্সিভ আৰু বহিষ্কৰণবাদী বুলি পৰিগণিত হ’ব ধৰিছে। উদাহৰণস্বৰূপে, নাৰীয়ে সন্তান জন্ম দিয়ে বুলি আমি ক’ব নোৱাৰো; কিয়নো তেনেদৰে ক’লে ট্ৰেন্স পুৰুষসকলে কষ্ট পাব, কাৰণ তেওঁলোকেও সন্তান জন্ম দিব পাৰে; কুইয়েৰ-নন বাইনেৰি মানুহেও (সেইধৰণে আত্মচিনাক্ত কৰা মাইকী মানুহ) সন্তান জন্ম দিব পাৰে। গতিকে নাৰীয়ে সন্তান জন্ম দিয়া কথাষাৰ অফেন্সিভ আৰু বহিষ্কৰণবাদী। সেয়ে আজিকালি নাৰীক (আমি জনা নাৰীৰ কথা কৈছো) বুজাবলৈ বিভিন্ন নতুন নতুন অভিধাৰ ব্যৱহাৰ কৰা দেখা গৈছে। মন কৰিবলগীয়া যে এই অভিধাবোৰৰ সৰহভাগেই নাৰীৰ শৰীৰৰ অংগক লৈ গঠিত। নাৰীক বুজাবলৈ ব্যৱহাৰ কৰা অজস্ৰ trans-inclusive অভিধাৰপৰা দুটামান উদাহৰণ দিলোঁ – non-man, vagina bearer, vagina owner, people who bleed, bleeder, people with period, menstruator, people with wombs, people with cervix. আনকি vaginaৰো নতুন নাম আহি গৈছে – Front hole.

ট্ৰেন্সজেণ্ডাৰ আন্দোলনে নাৰীৰ বাবে সংৰক্ষিত ছেক্স-ভিত্তিক পৃথক স্পে’চবিলাকত হস্তক্ষেপ কৰিছে। ট্ৰেন্স নাৰীসকল নাৰী, গতিকে নাৰীৰ সকলো স্পে’চতে তেওঁলোকক সমান অধিকাৰ দিব লাগে। ইমান দিনে কেৱল নাৰীৰ বাবে সংৰক্ষিত হৈ অহা টইলেট, বাথৰুম, লকাৰ ৰুম, ছুইমিং পুল, হাস্পতালৰ ৱাৰ্ড, হোষ্টেলৰপৰা কাৰাগাৰলৈকে সকলো ফেচিলিটি এতিয়া ট্ৰেন্স নাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে। নিজৰ জেণ্ডাৰ পৰিচিতিৰ সৈতে সংগতি থকা ফেচিলিটি ব্যৱহাৰ কৰাটো ট্ৰেন্স নাৰীসকলৰ অধিকাৰ; আনহাতে, তেওঁলোকে পুৰুষৰ ফেচিলিটি ব্যৱহাৰ কৰিবলৈ গ’লে হিংসা আৰু হাৰাশাস্তিৰ বলি হ’ব পাৰে। গতিকে সামাজিক ন্যায় আৰু নিৰাপত্তা, এই দুই কাৰণতে তেওঁলোকক নাৰীৰ ফেচিলিটিসমূহ ব্যৱহাৰ কৰিবলৈ দিয়াটো যুক্তিসংগত বুলি এতিয়া মানি লোৱা হৈছে। উল্লেখ্য যে ট্ৰেন্স পুৰুষসকলে কিন্তু পুৰুষৰ ফেচিলিটি ব্যৱহাৰ কৰিবলৈ বহু সময়ত শংকিত হয় আৰু তেওঁলোকৰ বহুতে এইক্ষেত্ৰত হাৰাশাস্তিৰো বলি হৈছে। গতিকে তেওঁলোকৰো বহুতেই কাৰ্যতঃ নাৰীৰ ফেচিলিটিয়েই ব্যৱহাৰ কৰে। দেখা গ’ল যে ট্ৰেন্স এক্টিভিজমৰ যুক্তি অনুসৰি, নাৰীৰ ফেচিলিটি বা স্পে’চবিলাক অন্তৰ্ভুক্তবাদী হ’ব লাগে, অৰ্থাৎ উন্মুক্ত কৰি দিব লাগে; কিন্তু পুৰুষৰ স্পে’চবিলাক যেনে আছে তেনেই থাকিব। ইয়াত নাৰীৰ স্বাৰ্থৰ কোনো কথা নাই; তেওঁলোকৰ ন্যায়, প্ৰাইভেচি, নিৰাপত্তাক লৈ কোনো প্ৰশ্ন থাকিব বুলি ভবা হোৱা নাই। এইখিনিতে মনত ৰখা দৰকাৰ যে ট্ৰেন্স নাৰীসকলে ব্যৱহাৰ কৰিব পৰাকৈ কোনো তৃতীয় স্পে’চৰ সৃষ্টি কৰাটো বহুতেই সমৰ্থন নকৰে, কিয়নো সেইটোৱে তেওঁলোক নাৰী নহয় বুলি দেখুৱাব আৰু ‘অন্যকৰণ’ ঘটাই তেওঁলোকক ক্ষতিগ্ৰস্ত কৰিব। নক’লেও হ’ব যে ট্ৰেন্স অন্তৰ্ভুক্তিৰ ফলস্বৰূপে নাৰীসকলে নিজৰ ফেচিলিটি বা স্পে’চবিলাকত বহুধৰণৰ অসুবিধা তথা সমস্যাৰ সন্মুখীন হৈছে; বহু ঠাইত তেওঁলোক হাৰাশাস্তিৰ বলি হৈছে। আনহাতে, নাৰীৰ বাবে সংৰক্ষিত চাকৰি, পদবী, প্ৰতিনিধিত্ব, সন্মান আদিত আজিকালি ট্ৰেন্স নাৰীসকলক স্থান দিয়া হৈছে। তাৰ মানে, নাৰীৰ বাবে সংৰক্ষিত পদবী এটাত বা কোনো আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নাৰী প্ৰতিনিধি হিচাপে এতিয়া ট্ৰেন্স নাৰী এগৰাকী নিযুক্ত হ’ব পাৰে। এনে বহুতো উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াৰ বিপৰীতে পুৰুষৰ এনেকুৱা স্থানসমূহ ট্ৰেন্স পুৰুষে দখল কৰাৰ নজিৰ পাবলৈ টান। এনে নীতি মানি ল’বলৈ অস্বীকাৰ কৰা তথা তাৰ বিৰুদ্ধে থিয় দিয়া নাৰীসকল ট্ৰেন্সফ’বিক বুলি কেৱল ধিকৃত হোৱাই নহয়, প্ৰায়েই বিভিন্নধৰণৰ শাস্তিৰ সন্মুখীন হৈছে। এনে নাৰীসকলক দমন কৰিবলৈ ট্ৰেন্স এক্টিভিষ্টসকল সদায় সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়। টাৰ্ফ বুলি চিহ্নিত নাৰীসকলৰ বিৰুদ্ধে গালি-গালাজ তথা ভাবুকিৰে ছ’চিয়েল মেডিয়া ভৰি পৰা দেখিবলৈ পোৱা যায় – তেওঁলোকক প্ৰতিক্ৰিয়াশীল, সোঁপন্থী, ফেছিষ্ট, নাজি বুলি অভিহিত কৰা হয়; হত্যা-ধৰ্ষণৰ উপৰি অকল্পনীয়ভাৱে জঘন্য ভাবুকি দিয়াৰো উদাহৰণ দেখা যায়। টাৰ্ফসকলক ৰাজনৈতিক কৰ্ম, কৰ্মসংস্থান, সমাজ সকলোৰেপৰা বহিষ্কাৰ বা কেন্সেল কৰিবলৈ সকলোধৰণে চেষ্টা কৰা হয়। জেণ্ডাৰ মতাদৰ্শৰ সমালোচনা-বিৰোধ কৰাৰ বাবে বহু নাৰীৰ চাকৰি গৈছে, বহু নাৰীৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। আনহাতে, নাৰীসকলে যিকোনোধৰণে সংগঠিত হৈ আলোচনা কৰাটো বা প্ৰতিবাদ কৰাটোক ট্ৰেন্স এক্টিভিষ্টসকলে সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰে। ক’ৰবাত নাৰীবাদী ইভেণ্ট, আলোচনা বা প্ৰতিবাদ হ’ব বুলি শুনিলেই হ’ল, এক্টিভিষ্টসকল দলে-বলে গৈ তাত হাজিৰ হ’ব প্ৰতি-প্ৰতিবাদ কৰিবৰ বাবে – আচলতে ফেছিষ্ট টাৰ্ফসকলৰ মুখ বন্ধ কৰিবৰ বাবে। তেনেকুৱা বহু অনুষ্ঠান এক্টিভিষ্টসকলে ভাঙি পেলাইছে, লণ্ড-ভণ্ড কৰিছে, নাৰীসকলক হাৰাশাস্তি কৰিছে। হাতত বেছবলৰ বেট লৈ, মুখত ক’লা কাপোৰ মাৰি অহা এক্টিভিষ্টসকলে তেনে অনুষ্ঠানৰ নাৰীবাদী কৰ্মীসকলক ভীতি প্ৰদৰ্শন কৰাৰ তথা শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ ভালেমান ঘটনা ঘটিছে। ‘‘Punching TERF is the same as punching Nazis. Fascism must be smashed with the greatest violence to ensure our collective liberation from it.’’ – এইটো ট্ৰেন্স এক্টিভিষ্টসকলৰ বক্তব্য; ইয়াৰ সদৃশ হাজাৰ বক্তব্য ছ’চিয়েল মেডিয়া তথা অন্যত্ৰ দেখিবলৈ পোৱা যায়। ফেছিষ্টক বাধা দিবৰ বাবে ট্ৰেন্স মানুহক অস্ত্ৰ ল’বলৈ দিব লাগে বুলিও কোনো কোনোৱে কয়; ‘‘Arm trans kids’’ লিখা প’ষ্টাৰ তেওঁলোকৰ সমদলত দেখিবলৈ পোৱা যায়। নক’লেও হ’ব যে এই ফেছিষ্ট হ’ল জেণ্ডাৰ-সমালোচনাত্মক নাৰীবাদীসকল। সঁচাকৈ সোঁপন্থী-ফেছিষ্ট পুৰুষে যেতিয়া জেণ্ডাৰ মতাদৰ্শৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, তেনে ঠাইত প্ৰতি-প্ৰতিবাদ কৰিবলৈ ট্ৰেন্স এক্টিভিষ্টসকল অহা দেখা নাযায়।

কিছুমান ভয়ানক ঘটনা ঘটি থকাৰ কথা পোহৰলৈ আহিছে অপৰাধ আৰু কাৰাগাৰৰ ক্ষেত্ৰত। এনে ঘটনা ঘটিছে য’ত ট্ৰেন্স নাৰীয়ে (অৰ্থাৎ, নাৰী হিচাপে আত্মচিনাক্ত কৰা পুৰুষে) নাৰীৰ বিৰুদ্ধে অপৰাধ কৰিছে। সেই অপৰাধ নাৰীয়ে (নাৰীৰ বিৰুদ্ধে) কৰা বুলি সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে। সেই অপৰাধীক আইন-আদালত সকলোতে নাৰী হিচাপেই সম্বোধন-ব্যৱহাৰ কৰা হৈছে; তাৰ পাছত সেই অপৰাধীক নাৰীৰ কাৰাগাৰত নাৰীৰ সৈতে একে চেলত থাকিবলৈ দিয়া হৈছে। কোনোৱে যদি তেনে অপৰাধীক পুৰুষ বুলি কয়, তেনেহ’লে ট্ৰেন্স এক্টিভিষ্টসকলে হুলস্থূল লগায় মিছ্জেণ্ডাৰিং কৰা বুলি। এজন পুৰুষ অপৰাধীক পুলিচে আটক কৰাৰ পাছত যদি অপৰাধীজনে নিজকে নাৰী বুলি কয়, তেনেহ’লে বহু ঠাইতে পুলিচে ৰেকৰ্ডত তেওঁক নাৰী বুলিয়েই উল্লেখ কৰে। বহু সময়ত দেখা গৈছে যে অপৰাধ কৰোঁতে অপৰাধীজনে পুৰুষ বুলিয়েই চিনাকি দিছিল, কিন্তু বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত তেওঁ নাৰী হিচাপে আত্মচিনাক্ত কৰে; কিছুমানে পুৰুষ হিচাপেই দোষী সাব্যস্ত হৈ পাছত কাৰাগাৰত থকা অৱস্থাত নাৰী হিচাপে আত্মচিনাক্ত কৰে। ধৰ্ষণকাৰীক আদালতত ন্যায়াধীশে সম্বোধন কৰে ‘মিছ অমুক’ বুলি (লগতে she/her সৰ্বনাম ব্যৱহাৰ কৰি); ধৰ্ষণ কৰা বুলি কোৱা হয় ‘her penis’এৰে। একাধিক নাৰীক ধৰ্ষণ কৰা ছিৰিয়েল ধৰ্ষণকাৰীকো কাৰাগাৰত নাৰীৰ সৈতে থাকিবলৈ দিয়াৰ উদাহৰণ আছে। তেনে অপৰাধীয়ে কাৰাগাৰত থকা অৱস্থাতো সহ কয়দী নাৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ, আনকি হত্যা কৰাৰ ঘটনাও ঘটিছে। কাৰাগাৰত থকা অৱস্থাত নাৰী হিচাপে আত্মচিনাক্ত কৰা কয়দীসকলে নাৰীৰ কাৰাগাৰলৈ স্থানান্তৰণৰ বাবে আবেদন কৰে। তেনে আবেদনৰ ভিত্তিত বহুতকে স্থানান্তৰ কৰা হৈছে। ২০২২ চনত প্ৰকাশিত কেলিফ’ৰ্নিয়াৰ চৰকাৰী তথ্য অনুসৰি, ট্ৰেন্সজেণ্ডাৰ, ইণ্টাৰছেক্স আৰু নন-বাইনেৰি হিচাপে আত্মচিনাক্ত কৰি নাৰীৰ কাৰাগাৰলৈ স্থানান্তৰ বিচাৰি আবেদন কৰা মতা কয়দীসকলৰ মুঠ সংখ্যা আছিল ২৮৭ জন; তাৰ ভিতৰত তিনিভাগৰ এভাগেই আছিল ৰেজিষ্টাৰ্ড ছেক্স অফেণ্ডাৰ। এতিয়া আহো ক্ৰীড়াৰ ক্ষেত্ৰলৈ। ক্ৰীড়াৰ ক্ষেত্ৰত নাৰী কেটেগৰিত ব্যাপকভাৱে ট্ৰেন্স নাৰীৰ অংশগ্ৰহণ দেখিবলৈ পোৱা গৈছে। বিভিন্ন খেলত তেওঁলোকে নাৰীক পিছ পেলাই পদক অৰ্জন কৰিছে; তেওঁলোকক ইতিহাস ৰচনাকাৰী হিচাপে প্ৰশংসাৰে ওপচাই দিয়া হৈছে। ইয়াৰ ফলত যদি নাৰীৰ ক্ৰীড়া ধ্বংস হৈছে বুলি কোনোবাই প্ৰতিবাদ কৰিছে, তাৰ প্ৰত্যুত্তৰত কোৱা হৈছে যে ট্ৰেন্স নাৰীসকল যিহেতু নাৰী, গতিকে নাৰীৰ ক্ৰীড়া ধ্বংস হোৱাৰ কথা আহিল ক’ৰপৰা? কিন্তু একে সময়তে দুই-এটা ব্যতিক্ৰম বাদ দিলে পুৰুষৰ কেটেগৰিত খেলি পদক অৰ্জন কৰা ট্ৰেন্স পুৰুষ খেলুৱৈ পাবলৈ নাই। সংবাদ মাধ্যমতো ‘ট্ৰেন্স খেলুৱৈ’ বুলি কেৱল ট্ৰেন্স নাৰীসকলৰ কথাই প্ৰচাৰ কৰি থকা হয়। গতিকে দেখা যায় যে এফালে ট্ৰেন্স নাৰীসকলে নাৰী কেটেগৰিত খেলাৰ বাবে নাৰীসকলৰ স্বাৰ্থ বিঘ্নিত হৈছে, আনফালে ট্ৰেন্স পুৰুষসকলৰ খেলাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰা হৈছে।

জেণ্ডাৰ মতাদৰ্শৰ মাজত এটা অন্তৰ্নিহিত সমকামিতা-বিদ্বেষ আছে, যাৰ প্ৰকাশ বিভিন্ন ৰূপত দেখিবলৈ পোৱা যায়। জেণ্ডাৰ পৰিচিতিয়ে সমকামিতাৰ ধাৰণাটোকে নস্যাৎ কৰে। এই অনুসৰি সমকামীৰ সংজ্ঞা ‘একে ছেক্সৰ প্ৰতি আকৰ্ষিত’ নহয়, ‘একে জেণ্ডাৰৰ প্ৰতি আকৰ্ষিত’হে; গতিকে সমকামিতাৰ ধাৰণাটো স্বয়ংক্ৰিয়ভাৱেই অৰ্থহীন হৈ পৰে। জেণ্ডাৰ মতাদৰ্শৰ প্ৰাতিষ্ঠানিকীকৰণ আৰু গ্ৰহণযোগ্যতা বৃদ্ধিৰ লগে লগে সমকামীসকলৰ ওপৰত এক ধাৰণাগত, সামাজিক আৰু আনুষ্ঠানিক আক্ৰমণ নামি আহিছে। লিংগ-অসংগতিৰ সৈতে সমকামিতাৰ এক ওতপ্ৰোত সম্পৰ্ক দেখিবলৈ পোৱা যায়। পৰিসংখ্যা তথা গৱেষণাই এই কথা দেখুৱায় যে লিংগ-অসংগত প্ৰায়বিলাক ল’ৰা-ছোৱালীয়েই ডাঙৰ হোৱাৰ পাছত (যৌন অনুৰক্তিৰ সম্পূৰ্ণ বিকাশ হৈ উঠাৰ পাছত) সমকামী হৈ উঠে; ইয়াৰ লগে লগে তেওঁলোকৰ লিংগ-অসংগতিক লৈ থকা সমস্যাৰো নিজে নিজে সমাধান হয়। কিন্তু কম বয়সতে তেনে ল’ৰা-ছোৱালীক জেণ্ডাৰ ট্ৰেঞ্জিচনৰ পথলৈ ঠেলি দি ক’ব নোৱৰাকৈয়ে তেনে সহজ আৰু প্ৰাকৃতিক সম্ভাৱনাক মষিমূৰ কৰি দিয়া হয়। আনহাতে, প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতো ট্ৰেন্স চিনাক্তকৰণৰ এটা প্ৰধান কাৰণ হ’ল সমকামিতা-বিদ্বেষ। অস্বস্তিকৰ আৰু অগ্ৰহণযোগ্য সমকামিতাৰপৰা মুক্তি লাভ কৰা হয় ট্ৰেন্স হিচাপে ট্ৰেঞ্জিচন কৰাৰ মাধ্যমেৰে, যাক বহুতে সমালোচনা কৰে ‘transing the gay away’ বুলি। মন কৰিবলগীয়া যে ট্ৰেন্সজেণ্ডাৰবাদক কোনো কোনোৱে অভিহিত কৰিছে একধৰণৰ gay conversion therapy বুলি। এনেকৈ সমকামীজন পৰিণত হয় গ্ৰহণযোগ্য বিষমকামীত৷ (উদাহৰণস্বৰূপে, ইৰানত সমকামিতা হ’ল মৃত্যুদণ্ডযোগ্য অপৰাধ, কিন্তু ট্ৰেন্সজেণ্ডাৰ হোৱাত কোনো আপত্তি নাই; ২০০৮ চনৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ট্ৰেন্সজেণ্ডাৰ ছাৰ্জাৰি হোৱা দ্বিতীয়খন দেশ হ’ল ইৰান, যাৰ প্ৰতি চৰকাৰী পৃষ্ঠপোষকতা আছে। ইয়াত কাৰ্যতঃ ট্ৰেন্সজেণ্ডাৰ ট্ৰেঞ্জিচনৰ প্ৰধান কামটো হ’ল সমকামীক বিষমকামীলৈ ৰূপান্তৰিত কৰা। ) সি যি নহওক, ট্ৰেন্সজেণ্ডাৰবাদৰ আগ্ৰাসনে সমকামীসকলৰ বাবে এক গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কিন্তু ইয়াৰ ফলত সবাতোকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে লেছবিয়ানসকলে। যদিও এল জি বি টি আন্দোলনত লেছবিয়ানসকলক সমান অংশীদাৰ বুলি গণ্য কৰা হয়, তথাপি বহু লেছবিয়ানে অনুভৱ কৰে যে তেওঁলোকক ৰাজনৈতিকভাৱে অদৃশ্য কৰি পেলোৱা হৈছে। লেছবিয়ান হোৱাটোক ৰক্ষণশীল বুলি ভবাৰ এটা প্ৰৱণতা সৃষ্টি হৈছে, আৰু তেওঁলোকৰ ওপৰত এটা হেঁচা আহি পৰিছে যাতে তেওঁলোকে ট্ৰেন্স হিচাপে আত্মচিনাক্ত কৰে। এনে কাৰণতে এল জি বি টি আন্দোলনৰ মাজত লেছবিয়ানৰ তুলনাত ক্ৰমবৰ্ধমানভাৱে দেখিবলৈ পোৱা গৈছে ট্ৰেন্স পুৰুষ। আনহাতে, ইমান দিনে লেছবিয়ানসকলৰ বাবে সুৰক্ষিত স্পে’চবিলাক এতিয়া কুইয়েৰ নাম দি উন্মুক্ত কৰি দিয়া হৈছে। এই সকলো স্পে’চতে এতিয়া ট্ৰেন্স লেছবিয়ান হিচাপে আত্মচিনাক্ত কৰা মতা মানুহৰ (পুৰণি ভাষাত, বিষমকামী পুৰুষৰ) প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। মূলসুঁতিত স্বতন্ত্ৰ লেছবিয়ান এক্টিভিজম এতিয়া বহু পৰিমাণে আণ্ডাৰগ্ৰাউণ্ড হৈ পৰিছ। ভেলিডেচনৰ বাবে কাতৰ হৈ থকা কিছুমান ট্ৰেন্স লেছবিয়ান ব্যক্তি যেন অহৰহ লেছবিয়ান স্পে’চৰ সন্ধানত থাকে যাতে তেওঁলোকে নতুন জেণ্ডাৰ পৰিচিতিৰে তাত প্ৰৱেশ আৰু অংশগ্ৰহণ কৰিব পাৰে। লেছবিয়ানসকলে মুকলিকৈ কোনো অনুষ্ঠান বা আলোচনা এটা পাতিব খুজিলে তাত ট্ৰেন্স লেছবিয়ানসকলক সাঙুৰি ল’বই লাগিব। ‘Female born lesbian’অৰ বাবে সংৰক্ষিত বুলি ঘোষণা কৰি দিয়া লেছবিয়ানসকলৰ বিভিন্ন অনুষ্ঠানৰ বিৰুদ্ধে ট্ৰেন্স এক্টিভিষ্টসকলে প্ৰতিবাদ সাব্যস্ত কৰা বা আইনৰ সহায় লৈ অনুষ্ঠান বন্ধ কৰি দিয়া দেখিবলৈ পোৱা যায়। লেছবিয়ানসকলৰ বাবে সৃষ্ট অনলাইন ফ’ৰাম, এপ, গ্ৰুপ আদি সকলোতে ট্ৰেন্স লেছবিয়ানসকলক প্ৰৱেশাধিকাৰ দিয়াটো একপ্ৰকাৰ বাধ্যতামূলক, নহ’লে প্ৰায় ক্ষেত্ৰতে সেইসমূহ বন্ধ হৈ যোৱাৰ আশংকা থাকে। এনেকৈ লেছবিয়ান স্পে’চবিলাক অন্তৰ্ভুক্তবাদী, ‘সকলো জেণ্ডাৰৰ বাবে মুকলি’ কৰিবলৈ যাওঁতে তাত লেছবিয়ান বুলি একো বাকী নৰয়গৈ। নক’লেও হ’ব যে সৰহভাগ ছ’চিয়েল মেডিয়া বা পাব্লিছিং প্লেটফৰ্ম কোম্পানিয়েই জেণ্ডাৰ মতাদৰ্শৰ উগ্ৰ পৃষ্ঠপোষক। আনহাতে, লেছবিয়ানসকলে যদি ট্ৰেন্স লেছবিয়ানসকলক নিজৰ ডেটিং বা ছেক্স পাৰ্টনাৰ কৰিব নোখোজে, তেনেহ’লে তেওঁলোকক ট্ৰেন্সফ’বিক বুলি অভিহিত কৰি হাৰাশাস্তি কৰাৰ কিছুমান ঘটনা দেখিবলৈ পোৱা গৈছে। এনেধৰণে ভালেমান লেছবিয়ান নাৰী এই ট্ৰেন্স লেছবিয়ানসকলৰ হাতত আৱেগিক আৰু যৌনভাৱে নিপীড়িত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ২০২১ চনত বি বি চিয়ে এই লৈ এটা বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছিল – ‘The lesbians who feel pressured to have sex and relationships with trans women.’ জেণ্ডাৰ মতাদৰ্শৰ এই লেছবিয়ান-বিৰোধী অভিযানক (যাক lesbian erasure বুলি কোৱা হৈছে) পৃষ্ঠপোষকতা কৰাৰ ক্ষেত্ৰত সন্মানীয় আন্তৰ্জাতিক সংস্থাসমূহো পিছ পৰি থকা নাই। ২০২৩ চনৰ আন্তৰ্জাতিক লেছবিয়ান দিৱসৰ দিনা UN Womenএ টুইটাৰত লিখিছিল এনেদৰে – ‘‘Remember, trans lesbians are lesbians too. Let’s uplift and honour every expression of love and identity.’’ ইয়াৰ বিৰুদ্ধে থিয় দিব খোজা লেছবিয়ানসকল এল জি বি টি আন্দোলনৰ প্ৰতি বিশ্বাসঘাতক হিচাপে পৰিগণিত হয়; তেওঁলোকক ট্ৰেন্সফ’বিক বোলাৰ উপৰি sexual racist, genital fetishist, vagina fetishist আদি বিভিন্ন টাৰ্মেৰে আক্ৰমণ কৰা হয়। কিছুমান লেছবিয়ানৰ ভেজাইনা থাকে, আন কিছুমান লেছবিয়ানৰ পে’নিছ থাকে। তেনেস্থলত এগৰাকী লেছবিয়ানে কেৱল ভেজাইনা থকা লেছবিয়ানৰ প্ৰতিহে আকৰ্ষণ অনুভৱ কৰে বুলি কোৱাটো হ’ব এক genital preference. কিন্তু এনেকুৱা প্ৰিফাৰেন্স থকাটোৱেই বহিষ্কৰণবাদী, ট্ৰেন্স নাৰীসকলৰ বিৰুদ্ধে এক বৈষম্য। এনে অৱস্থাত জেণ্ডাৰ মতাদৰ্শৰ বিৰুদ্ধে লেছবিয়ানসকল ক্ষুব্ধ হৈ উঠাটো অৱশ্যম্ভাৱী। ট্ৰেন্সজেণ্ডাৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰথমৰেপৰা লেছবিয়ানসকলে সমালোচনা আৰু প্ৰতিবাদ কৰি আহিছে। এল জি বিসকলৰ স্বাৰ্থত কাম কৰিবৰ বাবে এল জি বি এলায়েন্সৰ দৰে কিছুমান সংগঠন গঢ় লৈ উঠিছে; কিন্তু এইক্ষেত্ৰত লেছবিয়ানসকলৰ স্বতন্ত্ৰ এক্টিভিজম অধিক ব্যাপক আৰু সক্ৰিয়, তেওঁলোকৰ সুকীয়া সংগঠনো ভালেমান আছে। সাধাৰণভাৱে ক’বলৈ গ’লে, ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ বিৰুদ্ধে সম্প্ৰতি যি বিশ্বজোৰা প্ৰতিৰোধ পৰিলক্ষিত হৈছে তাত লেছবিয়ানসকলে অগ্ৰণী ভূমিকা পালন কৰিছে, বহু ঠাইত তেওঁলোকে আন্দোলনটোৰ নেতৃত্ব বহন কৰিছে।

ক্ৰিষ্টাইন বেনভেনুট’ (Christine Benvenuto, Sex Changes: A Memoir of Marriage, Gender, and Moving On) নামৰ নাৰীগৰাকীয়ে এবাৰ তেওঁৰ ট্ৰেন্সজেণ্ডাৰ গিৰীয়েকৰ সৈতে ডাক্তৰৰ ওচৰলৈ গৈছিল নিজৰ এটা সন্তানৰ বাবে পৰামৰ্শ কৰিবলৈ। তেৱোঁ নাৰী, তেওঁৰ গিৰীয়েকো নাৰী। গতিকে তাত তেওঁলোকক এক লেছবিয়ান দম্পত্তি হিচাপে ধৰি লোৱা হৈছিল। কিন্তু সন্তানটো? সন্তানটোক ধৰি লোৱা হৈছিল কোনো স্পাৰ্ম ডনৰৰ ফালৰপৰা জন্ম হোৱা বুলি। পৰৱৰ্তী সময়ত এই ঘটনাটোক লৈ তেওঁ বাতৰিকাকতত এটা লেখা লিখিছিল। কিন্তু প্ৰাক্তন গিৰীয়েকে আপত্তি কৰাৰ পাছত লেখাটো আঁতৰাই দিয়া হৈছিল; আপত্তিটো আছিল যে তেওঁ গিৰীয়েক সম্পৰ্কে ভুল সৰ্বনাম (male pronouns) ব্যৱহাৰ কৰিছে। যিসকল মতা মানুহে পৰম্পৰাগতধৰণে জীৱন কটাই, বিয়া-বাৰু কৰাই, সন্তান জন্ম দি তাৰ পাছত নাৰী হিচাপে আত্মচিনাক্ত কৰে, তেওঁলোকৰ জীৱনসংগী তথা সন্তানৰ ওপৰত তাৰ কেনেকুৱা প্ৰভাৱ পৰে, সেই সম্পৰ্কে কিছু কথা অনুমান কৰিব পাৰি উক্ত উদাহৰণটোৰপৰা। ট্ৰেন্সজেণ্ডাৰ মানুহৰ জনগাঁথনিটো চালে দেখা যায় যে পিছৰ বয়সত ট্ৰেঞ্জিচন কৰা মাইকী মানুহৰ (ট্ৰেন্স পুৰুষ) সংখ্যা নগণ্য, কিন্তু মতা মানুহৰ (ট্ৰেন্স নাৰী) সংখ্যা অলেখ। তেনে মানুহৰ ট্ৰেন্স যাত্ৰাটো সাধাৰণতে আৰম্ভ হয় ক্ৰছ-ড্ৰেছিঙৰ জৰিয়তে আৰু শেষ হয় ট্ৰেন্স নাৰী তথা ট্ৰেন্স এক্টিভিষ্ট ৰূপত – আক্ষৰিক অৰ্থত নাৰী হিচাপে আত্মচিনাক্ত কৰাটো সাধাৰণতে এই যাত্ৰাৰ শেষতহে দেখিবলৈ পোৱা যায়। কিন্তু আত্মচিনাক্তকৰণৰ লগে লগে মানুহজনে এক পুনৰ্জীৱন লাভ কৰে আৰু তেওঁৰ জীৱন-ইতিহাসটোও নতুনকৈ লিখা হয়। এই অনুসৰি, তেওঁ প্ৰকৃততে আজীৱন নাৰীয়েই আছিল, কিন্তু সমাজক দেখুৱাবৰ বাবে তেওঁ পুৰুষ হিচাপে নিজকে ভুৱাকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছিল; এতিয়া ট্ৰেন্স আত্মচিনাক্তকৰণৰ জৰিয়তে তেওঁ তাৰপৰা মুক্তি লাভ কৰিছে, আৰু এয়াই তেওঁৰ true and authentic self. এই নতুন কাহিনীৰ লগে লগে তেওঁৰ বৈবাহিক জীৱন তথা তেওঁৰ পত্নী আৰু সন্তানসকলৰ সৈতে সম্পৰ্কৰ ব্যাখ্যা সম্পূৰ্ণ সলনি হৈ যায়। সি যি নহওক, ট্ৰেন্সজেণ্ডাৰ হিচাপে আত্মঘোষণাক এতিয়া এক দুঃসাহসিক, বীৰত্বপূৰ্ণ তথা যুগান্তকাৰী সিদ্ধান্ত বুলি বহুলভাৱে প্ৰশংসা কৰা হয়, আৰু আমি সেই সিদ্ধান্তক সমৰ্থন কৰি নতুন যাত্ৰাৰ অংশীদাৰ হোৱা ট্ৰেন্স নাৰীৰ পত্নী তথা পৰিয়ালবৰ্গকো উদাৰ আৰু প্ৰগতিশীল হিচাপে বাঃ বাঃ দিয়া বহু সময়ত দেখিবলৈ পাওঁ। ট্ৰেন্সজেণ্ডাৰ মানুহৰ সংগী হ’ব পৰাটো fascinating, exciting, desirable আদি বুলি অভিহিত কৰা হয়। কিন্তু যিসকল পত্নী তথা সন্তানে সেই যাত্ৰাৰ অংশীদাৰ হ’বলৈ অস্বীকাৰ কৰে, তেওঁলোকৰ কাহিনীটো আমি জানিবলৈ পাওঁনে? শেহতীয়াভাৱে এই কাহিনীটো ক’বলৈ ভালেমান নাৰী ওলাই আহিছে, যিসকলৰ কিছুমানে নিজকে ট্ৰেন্স বিধৱা (trans widow) বুলি অভিহিত কৰে। তেওঁলোকৰ মতে, কায়িকভাৱে মৃত্যু নহ’লেও তেওঁলোকৰ গিৰীয়েকৰ ইতিমধ্যে মৃত্যু ঘটিছে – কাৰণ যাৰ সৈতে তেওঁলোকৰ বিয়া হৈছিল সেইসকলৰ অস্তিত্ব এতিয়া নাই। সেই গিৰীয়েকসকলৰ নাম এতিয়া ল’ব নোৱাৰি, তেওঁলোকৰ বিষয়ে মতা সৰ্বনাম ব্যৱহাৰ কৰিব নোৱাৰি, নিজৰ সন্তানৰ বাপেক বুলিও ক’ব নোৱাৰি। যি পুৰুষৰ সৈতে তেওঁলোকে প্ৰেম কৰিছিল, অন্তৰংগ জীৱন পাৰ কৰিছিল, এতিয়া ভাবিব লাগিব যে সেইসকল পুৰুষেই নাছিল, আছিল নাৰীহে। সেইসকলক পুৰুষ বুলি ভবাটো আছিল তেওঁলোকৰ মনৰ ভ্ৰম মাত্ৰ। গতিকে জেণ্ডাৰ মতাদৰ্শই ট্ৰেন্স বিধৱাসকলৰ হাতৰপৰা কেৱল গিৰীয়েককে কাঢ়ি নিয়া নাই, কাঢ়ি নিছে তেওঁলোকৰ স্মৃতি আৰু চেতনাও। তেওঁলোকে এতিয়া নিজৰ চেতনাক ওলোটাই পেলাব লাগিব, অতীতটোক সলাই পেলাব লাগিব আৰু পুনৰ্লিখন কৰিব লাগিব প্ৰতিটো স্মৃতিৰ। এই লৈ কোনো দ্বিমত থাকিব নোৱাৰে যে ব্যক্তি এজনৰ ট্ৰেন্স আত্মচিনাক্তকৰণত বাধা দিয়াৰ অধিকাৰ জীৱনসংগীৰো নাই। আনহাতে, ট্ৰেন্স জীৱনসংগীসকলৰপৰা আঁতৰি অহা এই ট্ৰেন্স বিধৱাসকলৰ ভাষ্যত নিশ্চয়কৈ কিছু অতিৰঞ্জন তথা ভুল ব্যাখ্যা থাকিব পাৰে। কিন্তু গিৰীয়েকহঁতে নাৰ্চিছাছৰ দৰে এটা আত্মসৰ্বস্ব জেণ্ডাৰ অভিযানত অগ্ৰসৰ হ’ব আৰু পত্নীসকলে সেই যাত্ৰাৰ হাতধৰী লিগিৰী হৈ আত্মসমৰ্পণ কৰিব – জেণ্ডাৰ মতাদৰ্শই গঢ় দিয়া এনেধৰণৰ প্ৰত্যাশা যে বহু নাৰীয়ে প্ৰত্যাখ্যান কৰিছে সেইটো স্পষ্ট। ট্ৰেন্স বিধৱাসকলৰ বিভিন্ন কাহিনীৰ মাজত দেখা পোৱা পেটাৰ্নবিলাকৰপৰা এইটো ধৰিব পাৰি যে তেওঁলোকৰ সৰহভাগেই ট্ৰেন্সজেণ্ডাৰ গিৰীয়েকহঁতৰ জেণ্ডাৰ যাত্ৰাত পাৰ্যমানে সহযোগ কৰিবলৈ চেষ্টা কৰিও ট্ৰেন্স দাবীবিলাকৰ আতিশয্যত অতিষ্ঠ হৈছিল, বহু সময়ত গিৰীয়েকহঁতৰ ভাবুকি, অৱদমন তথা আৱেগিক অত্যাচাৰৰ বলি হৈছিল, সামাজিক-আইনগত শাস্তিৰ ভয়ত মুখ বন্ধ কৰি ৰাখিবলগীয়া হৈছিল, জেণ্ডাৰ মতাদৰ্শৰ সৰ্বত্ৰ জয়গানৰ মাজত স্বাভাৱিকতেই বিচ্ছেদৰ পাছতো নিজৰ ক্ষোভ-প্ৰতিবাদ প্ৰকাশৰ বাবে মূলসুঁতিত তেওঁলোকৰ কোনো স্থান নাই। অন্তৰ্ভুক্তিবাদক লৈ অত্যুৎসাহী লিবাৰেল নাৰীবাদে এতিয়া ট্ৰেন্স নাৰীসকলক আগস্থান দিয়ে, কিন্তু ভুক্তভোগী এই নাৰীসকলৰ কোনো স্থান তাৰ মাজত নাই। সেয়ে এগৰাকী ট্ৰেন্স বিধৱাই নাৰীবাদীসকলৰ প্ৰতি অনুৰোধ কৰিছে – ‘‘Don’t exclude some women from feminism in the interests of inclusiveness. Imagine seeking support from other women, only to find that your husband or father had got there first?’’ সি যি নহওক, শেহতীয়াভাৱে বহুতো ট্ৰেন্স বিধৱাই সাহস কৰি ওলাই আহিছে আৰু বিভিন্ন মাধ্যমত নিজৰ বক্তব্য (বহু সময়ত ছদ্মনামত) প্ৰকাশ কৰিছে। এই সম্পৰ্কীয় কেইবাখনো কিতাপ প্ৰকাশ পাইছে; ভাৰতৰে বৈষ্ণৱী সুন্দৰে বিষয়টোক লৈ ‘Behind the Looking Glass: First Ever Documentary about the Wives and Children of Trans-identified Men’ নামৰ এখন তথ্যসমৃদ্ধ ডকুমেণ্টেৰি নিৰ্মাণ কৰিছে। এই প্ৰচেষ্টাবিলাকৰপৰা পত্নীসকলৰ উপৰি ট্ৰেন্স নাৰীৰ সন্তানসকলৰ কাহিনীও পোহৰলৈ আহিছে। ট্ৰেন্স আত্মচিনাক্তকৰণ কৰা ব্যক্তিৰ বাবে নিজৰ জীৱনসংগী আৰু সন্তানৰ সমৰ্থন অতিকে জৰুৰী; নিজৰ সিদ্ধান্তৰ ন্যায্যতা প্ৰতিপন্ন কৰিবৰ বাবেও আৰু সমাজত এক গৌৰৱপূৰ্ণ যাত্ৰাৰ ধাৰণা দাঙি ধৰিবৰ বাবেও। গতিকে সন্তানসকলৰ ওপৰত বলপূৰ্বক জেণ্ডাৰ মতাদৰ্শ জাপি দিয়া হয়, যাতে তেওঁলোকৰ আচৰণৰপৰা এইটো প্ৰমাণ হয় যে it’s all OK. ( আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *