সাক্ষাৎকাৰ : ড° অনিমা গুহৰ দৃষ্টিৰে ড° অমলেন্দু গুহ

সাক্ষাৎগ্ৰহণ : আবিদ আজাদ

 

ড° অমলেন্দু গুহ আৰু ড° অনিমা গুহৰ এটি যুটীয়া সাক্ষাৎকাৰ লোৱাৰ উদ্দেশ্যৰে যোৱাবছৰ ছেপ্টেম্বৰ মাহৰ এদিনাখন তেওঁলোকৰ উলুবাৰীস্থিত বাসগৃহলৈ গৈছিলো। বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে ড° গুহই আমাৰ সৈতে কথা-বাৰ্তা পাতিব পৰা নাছিল। ড° গুহলৈ বুলি যুগুতোৱা প্ৰশ্নবোৰৰ উত্তৰ আমি তেওঁৰ পত্নী ড° অনিমা গুহৰপৰা জানিব বিচৰাত তেওঁ আমাৰ অনুৰোধ ৰাখি যিমানখিনি পাৰে আন্তৰিকতাৰে জনালে। ড° অমলেন্দু গুহৰ ৰাজনৈতিক দৰ্শনৰ সৈতে ড° অনিমা গুহৰ ৰাজনৈতিক দৰ্শনৰ পাৰ্থক্য থকা বাবে বাইদেৱে ৰাজনৈতিক প্ৰশ্নবোৰ এৰাই চলিব বুলি জনায়।

° অনিমা গুহ : অমলেন্দু গুহই কৈছে, বাৰ্ধক্যজনিত কাৰণত তেওঁৰ চিন্তা কৰিব পৰা শক্তি হ্ৰাস পাইছে। Intellectual আলাপ-আলোচনাত অংশগ্ৰহণ কৰাৰ সামৰ্থ্যও নাই। গা-টোও দুৰ্বল। এনে পৰিস্থিতিত আপোনালোকৰ প্ৰশ্নৰ সদুত্তৰ দিয়া তেওঁৰ পক্ষে সম্ভৱপৰ নহ’ব। গুহৰ কাম-কাজ, চিন্তা-ভাবনা আৰু অৱদানৰ বিষয়ে অৱগতসকলে হয়তো কিছুমান প্ৰশ্নৰ উত্তৰ দিব পাৰিব। মই পত্নী হ’লেও সেই দলভুক্ত নহওঁ। এই প্ৰসংগত এজনলৈ মনত পৰিছে। ন’বেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ প্ৰথমা পত্নী সুসাহিত্যিক নৱনীতা দেবসেনক হেনো কোনোবাই অৰ্থনীতিৰ বিষয়ে কিবা সুধিছিল। উত্তৰত তেওঁ অৰ্থনীতিৰ একো নাজানে বুলি কৈছিল। মোৰো একেটাই উত্তৰ।

প্ৰশ্ন : ড° ভূপেন হাজৰিকাই এটি সাক্ষাৎকাৰত কৈছিল - “অমলেন্দু গুহ,হেমাংগ বিশ্বাস আদিৰ সান্নিধ্যত মোৰ চিন্তাধাৰাবোৰ অধিক পৈণত হ’ল। সেই মাৰ্ক্সবাদৰ সান্নিধ্যত জীৱন পাত কৰি মোৰ বিশ্বাস জন্মিছে - আচল মাৰ্ক্সবাদী কেতিয়াও বৃদ্ধ নহয়। পুৰণি হৈও নতুন মহিমাত উপনীত হয়।” অশীতিপৰ বয়সতো চিৰতৰুণ হৈ থকা ভূপেন হাজৰিকাৰ এয়া হৃদয়ৰ কথা আছিল। ড° গুহকো তেওঁৰ ৰচনা আৰু কবিতাৰ মাজত চিৰতৰুণ হৈ থকা দেখোঁ। তেওঁৰ জীৱনত সমাজৰ বাবে বা নিজৰ বাবে কৰিবলৈ মনে বিচৰা কিবা কাম কৰিবলৈ বাকী থকা বুলি ভাবে নেকি আপুনি?

° অনিমা গুহ : সমাজৰ বাবে চিন্তা কৰা মানুহে কেতিয়াও নাভাবে যে তেওঁৰ সকলো দায়িত্ব শেষ হৈ গৈছে। গুহই নিজৰ কাৰণে কোনোদিনে একো ভবা নাই। গতিকে নিজৰ বাবে কৰিবলগীয়া একো নাই।

প্ৰশ্ন : অমলেন্দু গুহ কৈশোৰৰ মাথোঁ ছয় বছৰ কাল (১৯৩৬-৪১) অসমত থকাৰ পাছতেই অধ্যয়নৰ বাবে ওলাই গৈছিল অসমৰ বাহিৰলৈ। তাৰ পাছত কৰ্মময় জীৱনৰ আৰম্ভণিছোৱাৰ প্ৰায় ১৫ বছৰ কাল (১৯৪৮ৰপৰা) তেওঁ তেজপুৰৰ দৰং কলেজত শিক্ষকতা কৰিছিল। অধ্যয়ন বা চাকৰিসূত্ৰে দীৰ্ঘকালজুৰি ভাৰতৰ বিভিন্ন ঠাইত থাকিছে। অৱসৰৰ পাছতহে (১৯৯০ৰপৰা) আপোনালোকে অসমত স্থায়ীভাৱে থাকিবলৈ সুবিধা পালে। জন্মভূমি ইম্ফল আৰু মূল কৰ্মভূমি কলকাতা হোৱা সত্ত্বেও অসমৰ প্ৰতি তেওঁৰ প্ৰেমাকৰ্ষণ ইমানেই অধিক আছিল যে সেই তাহানি পঞ্চাছৰ দশকতেই নিজৰ সমস্ত প্ৰেম আৰু আৱেগ ঢালি তেওঁ লিখি উলিয়াইছিল অসমৰ দুখন অন্যতম শ্ৰেষ্ঠ কবিতাপুথি লুইত পাৰেৰ গাথা (প্ৰকাশ : ১৯৫৫) আৰু তোমালৈ (প্ৰকাশ : ১৯৬০)। তেওঁৰ এনে অদ্ভূত অসম প্ৰেমৰ অন্তৰালত কি যাদুৱে ক্ৰিয়া কৰিছিল – জীৱনসংগিনী হিচাপে আপুনি কি বুলি ভাবে?

° অনিমা গুহ : আমাৰ ধাৰণা, কোনো ব্যক্তিৰ প্ৰতিয়ে হওক বা কোনো ঠাইৰ প্ৰতিয়ে হওক আকৰ্ষিত হ’বলৈ সুদীৰ্ঘ সময়ৰ প্ৰয়োজন নাই। হয়তো তেজপুৰৰ প্ৰাকৃতিক,ঐতিহাসিক,সাংস্কৃতিক আৰু বৌদ্ধিক পৰিৱেশে তেওঁক অসম আৰু অসমীয়াৰ ওচৰ চপাই আনিছিল। নিজে বাঙালী হৈও তেওঁৰ শেষ কৰ্মস্থান কলকাতাত নাথাকিল,যদিও বহুতে বিচাৰিছিল, তেওঁ তাতেই থাকক। গুহৰ এগৰাকী কলকাতাবাসী বন্ধুৱে মোক কৈছিল যে অমলেন্দু এজন নিৰ্লোভী ব্যক্তি। তাত ফ্লেট এটা বিচাৰিলে তেতিয়াৰ বামপন্থী চৰকাৰে হাতত তুলি দিলেহেঁতেন। কিন্তু নিজৰ সিদ্ধান্তত তেওঁ অটল। ইমানেই দুৰ্বাৰ আকৰ্ষণ অসমৰ প্ৰতি।

প্ৰশ্ন : লুইত পাৰেৰ গাথা নামৰ বাংলা কবিতাপুথিখনত ‘বিহু’নামেৰে এটি কবিতা আছে। যি সময়ত অসমৰ সভ্য সমাজত ‘বিহু’ৰ নাম ল’বলৈ একশ্ৰেণী লোকে নাক কোঁচাইছিল সেই সময়ত তেওঁ লিখি উলিয়াইছিল ‘বিহু’ শীৰ্ষক অতি নিভাঁজ মাটিৰ কবিতা;তাকো বাংলা ভাষাত।

“দৃঢ় উৰু মেয়েদেৰ পদপাতে নেচে ওঠে ঢেঁকী,

মায়ে ঝিয়ে ধান ভানে গানে গানে,সোনা হেনো ধান -

এধানে বছৰ বুঝি কাটবে না! দুৰু দুৰু মন

মায়েৰ ঝিয়েৰ তবু উডু-উডু মন আনচান।”

এটি সম্পূৰ্ণ বাঙালী ঘৰুৱা পৰিবেশত ডাঙৰ-দীঘল হৈও বিহুৰ এইহেন নিভাঁজ গ্ৰাম্য ৰূপক তুলি ধৰাৰ বাস্তৱ অভিজ্ঞতা তেওঁ ক’ত কেনেকৈ লাভ কৰিছিল?

° অনিমা গুহ : মাৰ্ক্সবাদী হোৱা হেতুকেই তেওঁ খাটিখোৱা মানুহক যিদৰে ভাল পাইছিল সেইদৰে মাটিৰ লগত সাঙোৰ খাই থকা লোক-সংস্কৃতিক উচ্চাসন দিছিল। বিহু মূলতে এক লোক-সংস্কৃতি। হয়তো এই আকৰ্ষণে তেওঁক বাংলা ভাষাত ‘বিহু’ শীৰ্ষক কবিতাটো লিখিবলৈ অনুপ্ৰাণিত আৰু উৎসাহিত কৰিছিল। দৰং কলেজত চাকৰি কৰি থকাৰ সময়ত বিভিন্ন কাৰণে দৰঙৰ গাঁৱে-ভূঁৱে গুহ ঘূৰি ফুৰিছিল। তদুপৰি তেওঁৰ আছিল এটি অনুসন্ধিৎসু মন। বিভিন্ন জনগোষ্ঠীৰ,বিভিন্ন সমাজৰ কৃষ্টি-সংস্কৃতি জনাৰ আগ্ৰহ তেওঁৰ জন্মগত। গতিকে অসমৰ গ্ৰাম্য সমাজৰ চিত্ৰ এখন হয়তো তেওঁৰ মনৰ কেমেৰাত বন্দী কৰিয়ে থৈছিল।

প্ৰশ্ন : তোমালৈৰ বিষয়ে হোমেন বৰগোহাঞিয়ে বহু দশক আগতেই এইদৰে লিখিছিলে - “বস্তুতঃ অমেলেন্দু গুহৰ ‘তোমালৈ’ৰ বাহিৰে অসমীয়া ভাষাত দ্বিতীয় এনে এখন কাব্যগ্ৰন্থ নাই - য’ৰ প্ৰতিটো কবিতাৰ মাজত এনে অপৰূপ বৰ্ণাঢ্য ৰূপত বিম্বিত হৈছে অসমৰ প্ৰকৃতি,মানুহ আৰু ইতিহাস। ই যেন কবিৰ অসম আৱিষ্কাৰৰ কাহিনী। অথবা ই যেন অসমলৈ তেওঁৰ আবেগবিহ্বল প্ৰেম-পত্ৰ। নিজৰ প্ৰতি আৰু জীৱনৰ প্ৰতি মানুহ কিমান সৎ আৰু আন্তৰিক হ’লে এনেভাৱে নিজৰ কথা ৰখা সম্ভৱ - তাৰ এটি জ্বলন্ত প্ৰমাণ হৈ ৰ’ল কবি অমলেন্দু গুহ।”

আমাৰ দৰে সাধাৰণ পঢ়ুৱৈৰ বাবে অতি বেদনাদায়ক কথা যে তোমালৈৰ পাছত তেওঁৰপৰা আমি আৰু আন কোনো কাব্যগ্ৰন্থ লাভ নকৰিলোঁ। তেওঁ হঠাৎ কিয় কবিতা লিখা বাদ দিলে?

° অনিমা গুহ : বোধ কৰোঁ এটা সময়ৰ পাছত গুহৰ মনোযগ আনফালে অধিক ঢাল খোৱা বাবে কবিতা লিখা বাদ গ’ল। মাজে-সময়ে দুই-চাৰিটা নিলিখা নহয়। হয়তো ক’ৰবাত ফাইলবন্দী হৈ আছে। পিছে তেওঁ কবিতা পাঠ সদায়ে কৰিছিল। কেতিয়াবা ভাবো, মোৰ দৰে অ-কবিৰ সান্নিধ্যলৈ আহিয়ে কিজানি তেওঁৰ এনে দুৰ্দশা হ’ল। সংগদোষ।

প্ৰশ্ন : ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক পদৰ বাবে ড° গুহই আবেদন কৰিছিল। তেওঁৰ সমান যোগ্য প্ৰাৰ্থী নথকা সত্ত্বেও তেওঁক সেই পদৰ বাবে নিৰ্বাচিত কৰা হোৱা নাছিল বুলি অভিযোগ উঠে। মনত বেজাৰ লৈ তেওঁ গুচি যাবলগীয়া হৈছিল কলিকতালৈ। ড° ভূপেন হাজৰিকাকো তাৰ প্ৰায় বিছ বছৰ আগতেই কৌশলেৰে বিশ্ববিদ্যালয়ৰপৰা আঁতৰোৱা হৈছিল। বিষাদেৰে অসম এৰি তেৱোঁ গুচি গৈছিল কলিকতালৈ। ড° হাজৰিকাৰ দৰে ড° গুহৰো তীব্ৰ হাবিয়াস আছিল অসমতে থাকি চাকৰি কৰাৰ। এই দুয়োটা ঘটনা গুৱাহাটী বিশ্বৱিদ্যালয়ৰ বাবে অপূৰণীয় ঐতিহাসিক ক্ষতি। ড° হাজৰিকাক গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা যাবলৈ বাধ্য কৰোৱাটো তেওঁৰ জীৱনৰ বাবে যিদৰে এটা টাৰ্নিং পইন্ট;ড° গুহৰ বাবেও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি নোপোৱাটো গোৰ মাৰি গংগাত পেলোৱাধৰণৰ ঘটনা বুলি ভাবে নেকি?

° অনিমা গুহ : মই প্ৰশ্নটোৰ সৈতে একমত যে গুৱাহাটী বিশ্ববিদ্যালয়ে ভূপেন হাজৰিকা আৰু অমলেন্দু গুহক চাকৰি নিদি গোৰ মাৰি গংগাত পেলাইছিল। তাৰ ফলত দুয়ো দুখন বহল সমুদ্ৰত সাঁতুৰিবলৈ সুযোগ পাইছে।

প্ৰশ্ন : ভূপেন হাজৰিকা আৰু অমলেন্দু গুহৰ দৰে অসমৰ দুগৰাকী অতি উচ্চ শিক্ষিত, কলাপ্ৰিয় আৰু বৌদ্ধিক চেতনাদীপ্ত লোক প্ৰায় একে সময়ত কলকাতাত বাস কৰিছিল। কলকাতাত আপোনালোকৰ সম্পৰ্ক কেনেকুৱা আছিল? এই দীঘলীয়া সময়ছোৱাত অসমৰ আন কোনোবা লোকে আপোনালোকৰ আড্ডাত যোগদান কৰিছিল নে?

° অনিমা গু : নিজ নিজ ক্ষেত্ৰত ব্যস্ত জীৱন কটোৱা হেতুকে সঘনাই লগ পোৱাটো সম্ভৱপৰ নাছিল যদিও দেখা-সাক্ষাৎ হ’লে জমাই আড্ডা মাৰিছিল। ভূপেন হাজৰিকাৰ টোপোলাত বহু সৰস কাহিনী আছিল। কথা কৈ তেওঁ মানুহক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰে। ঘৰত জমোৱা আড্ডাৰ ঘৰৰ মানুহেই শ্ৰোতা আছিলোঁ। বাহিৰৰ আড্ডাত আন কোনোবা খ্যাতনামা ব্যক্তি আছিল নে নাছিল ক’ব নোৱাৰিম।

প্ৰশ্ন : বিষ্ণু ৰাভাই ড° গুহৰ প্ৰথম কবিতা পুথিখনৰ বেটুপাত অংকন কৰি দিছিল। মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহা আৰু ৰাজ্যপাল বিষ্ণু সহাইৰ কালত ৰাভাৰ সৈতে গুহো জে’ল যাবলগীয়া হৈছিল। বিষ্ণু ৰাভাৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক কেনেকুৱা আছিল বাৰু?

° অনিমা গুহ : তেজপুৰত থাকোতে বিষ্ণু ৰাভাৰ লগত গুহৰ ঘনিষ্ঠ সম্পৰ্ক থকা দেখিছোঁ। তাৰ পাছততো আমি পুনেলৈ গ’লোঁ। তাৰপৰা কলকাতালৈ। ইতিমধ্যে ৰাভা আমাৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল।

প্ৰশ্ন : আপোনালোকৰ ব্যক্তিগত জীৱনৰ কিছু কথা সুধিবলৈ বিচাৰিছোঁ। ১৯৫৬ চনৰ এক বিশেষ নিমন্ত্ৰণত যোৰহাটৰ নাহৰণি গাঁৱৰ চৈয়দ আব্দুল মালিকৰ ঘৰলৈ যাওঁতে হোমেন বৰগোহাঞিয়ে ড° গুহক একান্ত সময় চাই এটা প্ৰশ্ন কৰিছিল - “আপোনাৰ বিয়া কৰিবৰ বয়স হৈছে। কেতিয়া বিয়া কৰিব? জীৱনত কেতিয়াবা প্ৰেমত পৰিছিল নে?”. . . কিছু সময় ৰৈ জ্যোৎস্না-প্লাৱিত সুন্দৰী ধৰণীলৈ এবাৰ ভালকৈ চকু ফুৰাই ড° গুহই হেনো বৰগোহাঞিক কৈছিল - “প্ৰেমত পৰাৰ কথা সুধিছে? হয়, পৰিছোঁ। মই অসমৰ প্ৰেমত পৰিছোঁ। অসমৰ প্ৰকৃতি,অসমৰ সভ্যতা-সংস্কৃতি, অসমৰ মানুহ আৰু সমাজ,অসমৰ জীৱন-ধাৰা— এই সকলোৰে প্ৰতি মই এটা তীব্ৰ ৰোমান্টিক প্ৰেমৰ প্ৰতীক হিচাপে মই এজনী অসমীয়া ছোৱালী বিয়া কৰিবলৈ ইচ্ছা কৰোঁ। ক’ব নোৱাৰো, মোৰ ইচ্ছা পূৰ্ণ হ’ব নে নহয়। কিন্তু মই অপেক্ষা কৰি ৰ’ম…।” সেই দিনটোৰ চাৰি বছৰ পাছত (১৯৬০ চনত) আপোনালোকৰ বিয়া হ’ল। বাইদেউ,ছাৰৰ স্বপ্ন পূৰণ হ’ল। আপোনাৰ হ’ল নে নাই বাৰু?

° অনিমা গুহ : হোমেন বৰগোহাঞিৰ লগত অমলেন্দু গুহৰ কথোপকথনৰ বিষয়ে মই বৰগোহাঞিৰ লেখাটো পঢ়িহে জানিছোঁ। সেই দিনটোৰ কথা গুহৰ মনত আছে। এই ক্ষেত্ৰত মোৰ অনুভৱ জানিব খুজিছে? সাধাৰণতে নিজৰ ভাষা-সংস্কৃতিক লৈ বাঙালীসকলে গৰ্ববোধ কৰে। এনে অৱস্থাত এজন বাংলাভাষী মানুহে অসমৰ প্ৰেমত পৰা শুনি আনন্দিত হৈছিলোঁ। তদুপৰি সেইগৰাকী অসমপ্ৰেমিকক জীৱন লগৰী হিচাপে পাই গৌৰৱবোধ কৰিছোঁ।

প্ৰশ্ন : ব্লেক-লিষ্টেড ঘোৰ মাৰ্ক্সবাদী ব্যক্তি এগৰাকীক আপোনালোকৰ দৰে ভিন্ন ৰাজনৈতিক আদৰ্শৰ পৰিয়াল এটাই জোঁৱাই হিচাপে কেনেকৈ পালে বাৰু? আপোনালোকৰ বিয়াৰ পূৰ্বে পুলিচৰ এজন উচ্চপদস্থ বিষয়াই হেনো আপোনাৰ মাক এইবুলি সাৱধান কৰি দিছিল - ‘ছোৱালী বিয়া দিবলৈ আৰু দৰা নাপালে! এওঁ ঘোৰ কমিনিউষ্ট’।

° অনিমা গুহ : আমাৰ পৰিয়ালটোৰ সদস্যসকল সক্ৰিয়ভাৱে কোনো ৰাজনৈতিক দলৰ অনুগামী নাছিল যদিও আগৰ দিনৰ অধিকাংশ মানুহৰ দৰেই মহাত্মা গান্ধীৰ আদৰ্শত বিশ্বাসী আছিল। আমি বৰ কম বয়সতে দেউতাক হেৰুৱাইছোঁ। স্বাভাৱিকতে মায়ে আমাক তেওঁৰ ডেউকাৰ তলতে ৰাখিছিল আৰু জীয়েকহঁতক নিজৰ সমাজতে বিয়া দিব খুজিছিল। গতিকে মাৰ্ক্সবাদী বুলি নহয়,অজ্ঞাত-কুলশীল বাঙালী বাবে তেওঁৰ আপত্তি আছিল। পিছে বিভিন্নজনৰপৰা গুহৰ উচ্চ প্ৰশংসা শুনি তেওঁৰ মন কুমলিছিল। বিশেষকৈ পাত্ৰৰ বংশ-কৌলীন্যৰ ওপৰত প্ৰাধান্য দিয়া আমাৰ প্ৰাচীনপন্থী জেঠায়ে যেতিয়া ক’লে গুহ কুলীন কায়স্থ,তেতিয়া মায়ে গ্ৰিন ছিগ্নেল দিলে।

তেনে সময়তে পুলিচ অফিচাৰগৰাকীৰ সাৱধানবাণী শুনি সকলোৱে বিতত হ’ল। সশস্ত্ৰ আন্দোলনত বিশ্বাসী হোৱা হেতুকেই হ’বলা এসময়ত কমিউনিষ্টসকলক দেশদ্ৰোহী,নিষ্ঠুৰ আৰু ভয়ংকৰ বুলি ভবা হৈছিল। আকৌ ঘৰত মিটিং বহিল। আলোচিত হ’ল যে গৱেষণাৰ কামত যেতিয়া গুহ তেজপুৰ এৰি দিল্লীলৈ গ’ল তেওঁ নিশ্চয় লালঝাণ্ডা উৰুৱাবলৈ তেজপুৰলৈ উভতি নাহে। মই কৈছিলোঁ,কটন কলেজত আমাৰ সমসাময়িক হেনা বৰা,দেৱপ্ৰসাদ বৰুৱা,সুচেন ভূঞা,দুলাল খাউণ্ড, নিৰুপমা বৰগোহাঞি (তামুলী) প্ৰমুখ্যে অনেক ছাত্ৰ-ছাত্ৰী কমিউনিষ্ট আদৰ্শত বিশ্বাসী আছিল। তেওঁলোককতো ভয়ংকৰ যেন লগা নাই। ঘাইকৈ দিল্লীলৈ যোৱা বাবে কোনেও আপত্তি নকৰিলে।

প্ৰশ্ন : ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ দুবছৰ আগত আপোনালোকৰ বিবাহ হৈ গৈছিল। যুদ্ধৰ ঘটনাই আপোনালোকৰ যুগ্মজীৱনৰ প্ৰথম দুটামান বছৰ জোঁকাৰি যোৱা বুলি আমি আপোনাৰ লেখাৰদ্বাৰা কিছু জানিব পাৰিছোঁ। আমাৰ পাঠকসকলক এই বিষয়ে অলপ জনাব নেকি?

° অনিমা গুহ : চীনা যুদ্ধৰ ঘটনাই আমাৰ যুগ্ম জীৱনৰ প্ৰথম দুটা বছৰ জোঁকাৰি গৈছিল। প্ৰথম বছৰ তিনিটাত দিল্লীত পঢ়া-শুনা কৰি গুহ আৰু মই যথাক্ৰমে পি এইচ ডি আৰু এম এছ চি ডিগ্ৰী লৈ তেজপুৰলৈ অহাৰ পাছতেই প্ৰবল জোকাৰণি আৰম্ভ হ’ল। গুহ,বিষ্ণু ৰাভা,গৌৰীশংকৰ ভট্টাচাৰ্যসহ অসমৰ প্ৰায় পঞ্চাছগৰাকী বাঁওপন্থী ১৯৬২ চনৰ নৱেম্বৰত চীনা যুদ্ধৰ ভৰপকৰ সময়ত ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰি সুদূৰ উৰিষ্যাৰ বহৰমপুৰৰ জে’ললৈ উৰুৱাই লৈ গৈছিল। ১৯৬৩ৰ ১ জানুৱাৰি তাৰিখে মই প্ৰথম মা হ’লোঁ। সেই দুঃসহ দিনবোৰৰ কথা মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদিত লিপিবদ্ধ কৰা হৈছে।

প্ৰশ্ন : বাইদেউ,আত্মীয়-স্বজনহীন দিল্লীত আপোনাক অকলে এৰি থৈ ছাৰে ইউৰোপ ভ্ৰমণ কৰিবলৈ গুচি যোৱাত (১৯৬১ চন) আপুনি যে এদিন টাংগাত বহি ভাবিছিল - যাওঁ নেকি যমুনাত ডুবিবলৈ! অলপ কওকচোন সেই স্মৃতিৰ কথা।

° অনিমা গুহ : এয়া এটা মজাৰ প্ৰশ্ন কৰিছে। গুহ অলপ আপোনভোলা বহেমিয়ান স্বভাৱৰ মানুহ। অতীতলৈ উভতি চাই আজি ভাবো, মোৰ ওপৰত তেওঁৰ বোধহয় আস্থাও আছিল। তেওঁ ইউৰোপলৈ যোৱাৰ সময়ত মই দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী হৈ থকাৰ সুবাদত মিৰিণ্ডা হাউছ কলেজৰ হোষ্টেলত আসন পোৱাৰ উপযুক্ত আছিলোঁ। পিছে সেই সময়ত আসন নথকা হেতুকে এমাহ বান্ধৱী নীলাৰ ঘৰত থাকিবলগীয়া হৈছিলোঁ। গুহ যোৱাৰ পাছত আমাৰ সৰু সংসাৰখন সামৰি বাৰ-তেৰটা ছুটকেছ টাংগা এখনত তুলি নীলাহঁতৰ ঘৰলৈ গৈ থাকোতে মনটো বিষণ্ণতাই আৱৰি ধৰিছিল। আত্মীয়-স্বজনহীন দিল্লী মহানগৰীত মোক সহায় কৰিবলৈ কোনো নাই। যাক জীৱনলগৰী কৰিলোঁ সেই মানুহজনেই বা কেনে ধৰণৰ। মোৰ ওপৰত সকলো জাপি দি গ’ল। অকলশৰীয়া আৰু অসহায় যেন লগা বাবেই যমুনাত বুৰি মৰাৰ চিন্তা মনলৈ আহিছিল।

দুদিন পাছত নীলাহঁতৰ ঘৰত দুটা ছুটকেছ থৈ বাকীবোৰ আগ্ৰাত কৰ্মৰত মোৰ বৰজনাৰ ঘৰত থ’বলৈ ট্ৰেনেৰে গ’লোঁ। আগ্ৰাৰ প্লেটফৰ্মত বাকচবোৰ নমোৱাৰ পাছত মাল-পত্ৰ বুক নকৰাকৈ যোৱা বাবে ফাইন ভৰিবলগীয়া হৈছিল। মই কিবা অকলে কৰ’বালৈ গৈ পাইছিলোঁ নেকি যে জানিছিলোঁ বস্তু-বাহানি বুক কৰি যাব লাগে? জানিছিলোঁ টিকট কাটি গ’লেই হ’ল। টিকটতো কাটিছিলোঁৱেই!

যি কি নহওক,গুহৰ প্ৰতি মই কৃতজ্ঞ। তেৱেঁই মোক সংসাৰ সমুদ্ৰত সাঁতুৰি-নাদুৰি স্বাধীনচিতীয়া হ’বলৈ আৰু নিজৰ মেৰুদণ্ডৰ ওপৰত পোন হৈ থিয় দিবলৈ শিকালে। আজি মই যিকোনো পৰিস্থিতিৰ মুখামুখি হ’ব পাৰোঁ,বহু সমস্যাত কাৰো পৰামৰ্শ নোলোৱাকৈ নিজেই সিদ্ধান্ত লওঁ। নিজকে এটা পূৰ্ণ মানৱসত্তা যেন লাগে। ভাগ্যে তেওঁ মোক ডেউকাৰ তলত ৰখা নাছিল।

প্ৰশ্ন : মনত পৰোঁতে কথা এটা সুধি দিওঁ। দিল্লীত থকা সময়ছোৱাত মিৰাণ্ডা হাউছৰ দৰে কছম’প’লিটান হোষ্টেলত থকাৰ আপোনাৰ অভিজ্ঞতা আছে। সেই সময়ত হোষ্টেলবোৰৰ আবাসী ছাত্ৰীসকলৰ মাজত জাত-পাতৰ বৈষম্য আদি দেখিছিল নেকি? আজিৰ পৰিপ্ৰেক্ষিতত ৬০ৰ দশকৰ হোষ্টেলৰ পৰিবেশৰ তেনে দিশত কিবা পৰিৱৰ্তন দেখে?

° অনিমা গুহ : মিৰাণ্ডা হাউছ হোষ্টেলত জাত-পাতৰ বৈষম্য দেখা নাছিলোঁ। ভাৰতৰ বিভিন্ন ঠাইৰপৰা অহা অসংখ্য ছোৱালীৰে বিশালকাৰ হোষ্টেলটো ভৰি আছিল। সকলোৰে নিজা নিজা দল আছিল। কিন্তু জাত-পাতৰ ভিত্তিত দল গঠন কৰা যেন লগা নাছিল। আজি পঞ্চাছ-ষাঠি বছৰ পাছত জাত-পাতে প্ৰাধান্য পাইছে নে নাই ক’ব নোৱাৰিম। পাবও পাৰে,কিয়নো বৰ্তমানে ভাৰতীয় ৰাজনীতিত,সমাজত জাতি-ধৰ্মই অতিকৈ প্ৰাধান্য লাভ কৰা যেন লাগে।

প্ৰশ্ন : ধৰ্ম সম্পৰ্কে ড° গুহ ছাৰৰ দৃষ্টিভংগী কেনেকুৱা আছিল?

° অনিমা গুহ : অষ্টম শ্ৰেণীমানৰপৰাই তেওঁ মাৰ্ক্সবাদী দৰ্শনৰ প্ৰতি আকৃষ্ট হৈছিল। সেই সৰুকালৰপৰাই তেওঁ ধৰ্মৰ প্ৰতি অৰ্থাৎ আমাৰ প্ৰতিষ্ঠিত ধৰ্মবোৰৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছিল। তেওঁৰ জন্মৰ পূৰ্বে তেওঁৰ মাকৰ, অৰ্থাৎ মোৰ শাহুমাৰ এবছৰত চাৰিটাকৈ সন্তান গৰ্ভতে ঢুকাইছিল। সেয়ে শাহুমাৰ দেউতাকে নাতি পোৱাৰ কামনাৰে জীয়েকৰ পূজা-পাতল কৰাইছিল। পূজাৰীয়ে তাবিজ এটা দি কৈছিল যে নাতি বা নাতিনী যিয়েই নহওক, সন্তান জন্মাৰ লগে লগে যাতে তাক সেই তাবিজ পিন্ধাই দিয়া হয়। পাছত অমলেন্দু গুহৰ যেতিয়া জন্ম হৈছিল, সেই তাবিজটো তেওঁক পিন্ধাই দিয়া হৈছিল। সেই তাবিজতেই তেওঁৰ প্ৰাণ সোমাই আছে বুলি কৈ দিয়া হৈছিল। গুহয়ো এটা সময়লৈ সেই তাবিজটোৱেই তেওঁৰ জীৱন বুলি ভাবি আছিল। কিন্তু ক্লাছ এইটমানত যেতিয়া তেওঁ মাৰ্ক্সবাদী কিতাপ-পত্ৰ পঢ়িবলৈ ল’লে আৰু বাঁওপন্থী চিন্তা-ধাৰাত ক্ৰমাৎ আচ্ছন্ন হ’ল, এদিন তাবিজটো খুলি দলিয়াই পেলাই দিছিল। তেওঁৰ মাকে তাবিজটো পাই যতনাই থৈ দিছিল। আমাৰ বিয়াৰ পাছত শাহুমায়ে তাবিজটো মোক দি কৈছিল - এইটো তুমি ৰাখা। সেইবিলাকততো মই বিশ্বাসী নহওঁ। কিন্তু যিহেতু তেওঁ এটা বিশ্বাসত দিছিলে সেইকাৰণে শাহুমায়ে দিয়া বস্তু বুলি মই থৈ দিছিলোঁ। এনেয়ে থৈ দিছিলোঁ। সেই তাবিজৰ খবৰ গুহই কোনো দিনেই কৰা নাছিল আৰু ক’ত কি আছে নাজানিলেও। সেই যে ক্লাছ এইটমানতে তেওঁ মানৱ ধৰ্মত দীক্ষিত হ’ল - গোটেই জীৱন সেই বিশ্বাসত অলৰ-অচৰ হৈ থাকিল। তাৰ পাছত মেক্সিম গৰ্কিৰ মা পঢ়িলে . . .

প্ৰশ্ন : বাইদেউ, মাৰ্ক্সবাদৰ সৈতে তেওঁৰ পৰিচয় কেনেকৈ ঘটিছিল সে বিষয়ে আপুনি জানেনে?

° অনিমা গুহ : মাৰ্ক্সবাদ তেওঁ কেনেকৈ influenced হ’ল সেয়া নাজানো কিন্তু সৰুতেই influenced হৈ গৈছিল! তাৰ পাছত কলেজত পঢ়ি থাকোতেতো কমিউনিষ্ট পাৰ্টিৰ মেম্বাৰো হৈছিল। মুঠতে তেওঁ ধৰ্মৰ প্ৰতি - হিন্দু-ইছলাম এই ধৰ্মবোৰৰ প্ৰতি কোনো বিশ্বাস নাৰাখিছিল। আমাৰ ঘৰত ধৰ্মৰ কি প্ৰভাৱ তাক বুজাবলৈ আপোনাক এটা কথাই কওঁ - মোৰ ল’ৰাই এঘাৰ বছৰ বয়সত এদিন মোক সুধিছিল সি হিন্দু নে মুছলমান। তেতিয়ালৈ তাৰ হিন্দু-মুছলমান কি এইবিলাকৰ একো ধাৰণাই হোৱা নাছিল। আমি এক কস্ম’প’লিটান ছ’চাইটিত আছিলোঁতো - গতিকে আমাৰ ঘৰত হিন্দু-মুছলমান এইবিলাকক লৈ কেতিয়াও আলোচনাই হোৱা নাছিল। কোনোবাই ব্যক্তিগতভাৱে কিবা ধৰ্ম পালিছিল,তাত আমাৰ ক’বলগীয়া একো নাছিল। ল’ৰাই বাহিৰৰ কৰ’বাত এইবোৰ শুনি আহি হয়তো সুধিছিল। যি কি নহওক, অমলেন্দু গুহৰ ঘৰত ধৰ্মৰ প্ৰভাৱ কি,মোৰ ল’ৰাই এঘাৰ বছৰ বয়সত সোধা এই প্ৰশ্নটোৰপৰাই আপুনি বুজিব পাৰিব। গুহক কোনোদিনে মই মানুহক হাতযোৰ কৰি নমস্কাৰ কৰা দেখা নাই। ভগৱানক পূজা কৰা দেখা নাই। আমাৰ ঘৰত কোনো থাপনা নাই। কিন্তু মানুহৰ অবাধ যাতায়ত। আমাৰ ঘৰত গাঁৱৰপৰা কাম কৰা ল’ৰা এটা আহিছিল। তেতিয়া আমি কলকাতাৰপৰা আহি গুৱাহাটীত থাকিবলৈ লৈছোঁ। নব্বৈৰ দশকৰ আগছোৱাৰ কথা। এদিন ল’ৰাজনে সুধিলে, আপোনালোক হিন্দু নে মুছলমান? কিয় সুধিলা বুলি কোৱাত সি অলপ আচৰিত হৈ ক’লে, “আপোনালোকে মুছলমান আহিলেও একে কাপত চাহ খাবলৈ দিয়ে,হিন্দুকো একে কাপত চাহ খাবলৈ দিয়ে। হিন্দুৱেও ভাত খায়,মুছলমানেও ভাত খায়। আপোনালোকে কি মানুহ? আপোনালোকক কেতিয়াও পূজা-পাতল কৰাও নেদেখোঁ!”

মোৰ বিয়াৰ আগত মা-দেউতাই অলপ ভয় খাইছিলে - কাৰণ মই ইমান পূজা-চুজা কৰা মানুহ তেতিয়াৰপৰাই নহওঁ। আমাৰ দেউতাও তেনেকুৱা নাছিলে। মই অলপ ব্ৰাহ্ম ভাবাপন্ন মানুহ। ব্ৰাহ্ম জানাতো? ব্ৰাহ্ম - মানে তোমাৰ সেই যে ৰাজা ৰামমোহন ৰায়ে প্ৰৱৰ্তন কৰিছিলে! হিন্দু ধৰ্ম তেতিয়া খুব সংকীৰ্ণ আছিলেতো,তেওঁ ব্ৰাহ্মসমাজত হিন্দু ধৰ্মক liberalize কৰি দিছিলে। আমাৰ ঘৰতো সেই তেনেকুৱা liberalized পৰিবেশ আছিলে। আমাৰ মায়ে যেতিয়া গম পাইছিলে যে মোৰ বঙালী মানুহৰ লগত বিয়া হ’ব তেওঁৰ মোক লৈ চিন্তা হৈছিল। কাৰণ এনেইতো বঙালী মানুহ আৰু তাতে পূজা-পাতল বেছি নেকি! ছোৱালী গৈ কেনেকৈ মিলিব! তাৰ পাছত কোনোবাই জনালে যে ভাবী জোঁৱাই পূজা-পাতল দূৰৰ কথা,একেবাৰে নাস্তিক। বাকীখিনিতো ওপৰত কৈছোঁৱেই। গতিকে আমাৰ ধৰ্ম-চৰ্ম নাই। গুহ খাঁটি নাস্তিক আছিল। মানুহক অকৃপণ ভাল পাইছিল। মানৱ ধৰ্মত বিশ্বাস কৰিছিল। তেওঁ নিজৰ উইলখনতো দেহদান কৰি থৈছিল। ধাৰ্মিক হ’লে কি দেহদান কৰিলেহেঁতেন? উইলখনত তেওঁ লিখিও থৈ গৈছে যে – “মোৰ মৃত্যুৰ পাছত যেন কোনোধৰণৰ ধৰ্মীয় আনুষ্ঠানিকতা কৰা নহয়।”

প্ৰশ্ন : আপোনালোক দুয়োজনে কেতিয়াবাতেই দেহদান কৰি থৈছিলে। কেনেকৈ আগ বাঢ়িছিল?

° অনিমা গুহ : অসমত দেহদান কৰা প্ৰথম মহিলা আছিল ইলোৰা ৰায়চৌধুৰী। তাৰ পাছত ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা হ’ল। ইলোৰা বিজ্ঞান মঞ্চত যিসকলে দেহদান কৰিছিল কৰিছিল,সেই দলৰ ভিতৰত গুহ প্ৰথম আছিল। সেয়া আছিল ২০০৫ চনৰ ১৬ জানুৱাৰিৰ কথা। তেওঁৰ দেহদানৰ উইলখনত উইটনেছ হিচাপে ড° হীৰেন গোহাঁই আৰু মই চহী কৰিছিলোঁ। সেইদিনাখন মুঠ ২৩গৰাকী ব্যক্তিয়ে একেলগে দেহদান কৰিছিল। মই অতি আচৰিত আৰু খুবেই আনন্দিত হৈছিলোঁ এইটো দেখি যে - সেইদিনাখন ন-গৰাকী মহিলাই একেলগে দেহদান আৰু চকুদান কৰিছিল। মই পিছে অলপ পাছত কৰিছিলোঁ।

হেমচন্দ্ৰ বৰুৱাই যোৱা শতিকাৰ আৰম্ভণিতেই কৈছিলে যে - মানুহ মৰিলে দেহাটো এটা শুকান কাঠৰ নিচিনা। গতিকে এই দেহাটো মৰাৰ পাছত টানি নি জংঘলত পেলাই দিয়াই ভাল। শিয়াল-কুকুৰে খালে উপকাৰ হ’ব। তেওঁ সেই তাহানিৰ যুগৰ মানুহ। তেতিয়াৰ যুগত দেহদানৰ কোনো ধাৰণাই নাছিল। মেডিকেল ছাইন্সৰো একো নাছিল। তেওঁ থকাহেঁতেন হয়তো তেৱেঁ প্ৰথম দেহদান কৰিলেহেঁতেন। কোনো ডাক্টৰ নাছিল। তেওঁ সেই যুগতো কিমান আধুনিক মনৰ মানুহ আছিল ভাবি চাওক।

প্ৰশ্ন : আপুনি ব্যংগ কৰি এবাৰ লিখিছিলে - “যি দেখিছোঁ প্ৰকৃতিও নাৰী-বিদ্বেষী!” আপুনি নিজে আচলতে নাৰীবাদী নে মানৱতাবাদী? আমাৰ প্ৰচলিত সমাজব্যৱস্থাত পুৰুষ আৰু নাৰীৰ মাজত কোনো পাৰ্থক্য নথকাটো সঁচাকৈ সম্ভৱ বুলি ভাবেনে?

° অনিমা গুহ : কি প্ৰসংগত প্ৰকৃতিক নাৰীবিদ্বেষী বুলি কৈছিলোঁ মনত নাই। পিছে নহয়নো কি? নাৰীৰ ওপৰত সন্তান ধাৰণৰ বোজাটো দি পুৰুষক সম্পূৰ্ণ মুক্ত কৰি দিছে। যাওক বাৰু সেইবোৰ কথা। মই মূলতে মানৱতাবাদী। নাৰীসকল সমাজত অধিক উপেক্ষিতা আৰু নিৰ্যাতিতা বাবে তেওঁলোকৰ সপক্ষে বেছিকৈ মাত মাতোঁ। কিন্তু আজিকালি একাংশ নাৰীয়ে পুৰষকো নিৰ্যাতন কৰি আছে। তেনে ক্ষেত্ৰত পুৰুষৰ পক্ষে কওঁ। কোনেও কাকো শোষণ-নিৰ্যাতন নকৰক,এয়ে মোৰ কাম্য।

আমাৰ সমাজব্যৱস্থাত থকা নাৰী-পুৰুষৰ বৈষম্য সদিচ্ছা থাকিলেই আঁতৰ কৰিব নোৱৰাৰ কাৰণ নাই। পছিমৰ উন্নত দেশে যদি পাৰিছে আমিয়েই বা নোৱাৰিম কিয়? পিছে আমাৰ বহু মহিলাই পৰমুখাপেক্ষী হৈ থাকিবলৈ ভাল পায় যেন লাগে।

প্ৰশ্ন : নাৰীক আপুনি দুৰ্বল বুলি ক’ব খোজে নেকি?

° অনিমা গুহ : আচলতে এইবোৰ সব mythবুজিছে। মোৰ এই তিৰাশী বছৰ বয়সত মই নিজকে কেতিয়াও দুৰ্বল মহিলা বুলি ভবা নাই। নাৰী দুৰ্বল নে সবল সঁচাকৈ যদি চাব খোজে গাঁৱলৈ যাব লাগিব, পাহাৰলৈ যাব লাগিব, চাহ-বাগিচাবোৰলৈ যাব লাগিব। দেখিব মহিলাসকলে পথাৰত কাম কৰি আছে, খৰি ছিৰি আছে, পানী আনিবলৈ গৈছে, ভাত ৰান্ধি আছে, সন্তান-পতি-শাহুৰৰ চোৱা-চিতা কৰিছে, গিৰীয়েকৰ কোবো খাই আছে। মুঠতে জৈৱিকভাৱে তেওঁলোক পুৰুষতকৈ অধিক। মৰেও পুৰুষতকৈ দেৰিকৈ। চহৰৰ মহিলাসকল, তুলনামূলকভাৱে অলপ আৰামত থাকেতো, সেয়ে বহুতে নিজকে দুৰ্বল বুলি ভাবে। কিছু শাৰীৰিক শ্ৰম নকৰিলেতো নিজকে দুৰ্বল লাগিবই।

এবাৰ এটা সমীক্ষা পঢ়িছিলোঁ। জৰীপটো হিমালয়ৰ পাদদেশৰ কোনোবা এক অঞ্চলত কৰা হৈছিল। সবিশেষ মনত নাই যদিও থূলমূলকৈ মনত আছে। সমীক্ষাটোত পুৰুষ, বলধ গৰু আৰু মহিলাৰ ভিতৰত কোনে কিমান ঘন্টা শ্ৰম কৰে তাৰ জৰীপ কৰা হৈছিল। সমীক্ষাৰ অন্তত পোৱা গ’ল যে আটাইতকৈ কম কাম কৰে পুৰুষে। কাৰণ পুৰুষে কেৱল হালহে বায়। বাকী বেছিভাগ কাম কৰে মহিলাই। কিন্তু মহিলাৰ খেতিৰ ওপৰত কোনো স্বত্ব নাথাকে। তথ্যখিনি হাতে পোৱাকে ওচৰত এতিয়া নাই। বিচাৰিব লাগিব। কেতিয়াবা পালে আপোনাক দিম বাৰু। বৰ ইন্টাৰেষ্টিং!

প্ৰশ্ন : আপুনি লিখিছিলে - ‘মন মোৰ উৰণীয়া পখী’। উৰণীয়া পখীৰ উৰণৰ এটাই উদ্দেশ্য - কিদৰে দিনটোৰ বাবে নিজৰ পাকস্থলী পূৰণ কৰিব পাৰি! পাখিলগা আপোনাৰ উৰণীয়া মনটোৱে বাৰু কি উদ্দেশ্য সাৰোগত কৰি উৰি উৰি যায় দেশ-বিদেশলৈ? পৃথিৱীৰ মেপখন মেলি আপোনাৰ “১৬বছৰীয়া মনে”এতিয়াও ডেউকা মেলিব খোজে নেকি?

° অনিমা গুহ : ক্ষুধা কেৱল পাকস্থলীৰে নহয়। মই ঘাইকৈ মনৰ ক্ষুধা পূৰণ কৰিবলৈ উৰি ফুৰোঁ। স্বাধীনভাৱে আকাশত বিচৰণ কৰিব পৰাৰ দৰে সুখ আন ক’ৰবাত পাব পাৰিনে? বৰ্তমান মোৰ ‘ষোল্ল বছৰীয়া’ নে বিৰাশী বছৰীয়া মনে মহাকাশৰ অন্যান্য গ্ৰহবোৰলৈ ডেউকা মেলিব খোজে। ইতিমধ্যে সুমেৰু-কুমেৰুকে ধৰি পৃথিৱী নামৰ গ্ৰহটোৰ সকলো দেশলৈ একাধিকবাৰ গৈছোঁ। গতিকে পৃথিৱীৰ মেপখন চাই চাই আমনি নলগা হৈছে।

প্ৰশ্ন : পুৰুষসকলৰ ক্ষেত্ৰত কোৱা হয় Life begins at 60! কিন্তু আপোনাৰ মতে নাৰীৰ জীৱনৰ প্ৰকৃত আৰম্ভণি পঞ্চাছৰ পাছত। অৰ্থাৎ Life begins at 50! কিহে আপোনাক এনেকৈ ভাবিবলৈ বাধ্য কৰালে?

° অনিমা গুহ : উপজিবৰ পাছৰেপৰা নাৰীৰ জীৱন আনৰ ইচ্ছা-অনিচ্ছাৰদ্বাৰা পৰিচালিত হয়। আনকি নিজৰ দেহাটোৰ ওপৰতো তেওঁৰ অধিকাৰ নাই। কিতাপ পঢ়িবলৈ ভাল পোৱা,গান গাবলৈ ভাল পোৱা,ছবি আঁকিবলৈ ভাল পোৱা,প্ৰকৃতিক পৰ্যবেক্ষণ কৰিবলৈ ভাল পোৱা অধিকাংশ নাৰীয়ে বিবাহিত জীৱনত ঘৰ-গৃহস্থালি চম্ভালিবলগীয়া হয়। ফলত তেওঁলোকৰ অনুভূতিশীল মনবোৰ হতাশাৰে ভৰি পৰে। সেইসকল মহিলাক নিৰাশাত ভুগি নেথাকি সুদিনলৈ বাট চাই থাকিবলৈ অনুৰোধ কৰোঁ। সুদিনৰ অৰ্থ নিজৰ বাবে ভাবিব পৰা সময়। পঞ্চাছ বছৰ বয়সৰ ইফালে-সিফালে ল’ৰা-ছোৱালী ডাঙৰ হয়,পতিৰ চাহিদা কমে। গতিকে নিজৰ মনৰ ইচ্ছা পূৰণ কৰাৰ এয়েই প্ৰশস্ত সময়।

প্ৰশ্ন : আপোনাৰ পুত্ৰ-বধূ দুয়ো বিজ্ঞানী। আমেৰিকাৰ বাসিন্দা। দুই নাতি-নাতিনীও আমেৰিকাত অধ্যয়নৰত। তেনেস্থলত গুৱাহাটীৰ ঘৰত আপোনালোক অকলশৰীয়া। জীৱনৰ ভাটি বয়সত পুত্ৰ-বধূ, নাতি-নাতিনী থাকিও ওচৰত নাই। বেয়া নালাগেনে?

° অনিমা গুহ : আমাক চোৱা-চিতা কৰিবলৈতো আমি সন্তান জন্ম দিয়া নাছিলোঁ। আমি সন্তানৰপৰা সেয়া কেতিয়াও আশা নকৰোঁ। ফোন কৰি তাৰপৰা আমাৰ খবৰ লয়, মাজে-সময়ে দেখা কৰিবলৈ আহে, আমাকো লৈ গৈছে বহুবাৰ। আৰু কি লাগে। আমাৰ বাবে সেয়াই যথেষ্ট।

প্ৰশ্ন: এগৰাকী অতি উচ্চশিক্ষিত,উদাৰ আৰু বিশাল মনৰ ব্যক্তিৰ আপুনিও এগৰাকী অতি উচ্চশিক্ষিত স্বাধীন মনৰ ‘গৃহিণী’। ‘গ্লেমাৰ’নথকা,দৰমহা নোপোৱা ‘গৃহিণী’হৈ আপোনাৰ কিবা আক্ষেপ!

° অনিমা গুহ : নাই, মোৰ কোনো আক্ষেপ নাই। যি পাইছোঁ তাতেই সন্তুষ্ট।

প্ৰশ্ন : জীৱনৰ চিত্ৰশালত আপুনিও এগৰাকী সফল ব্যক্তি। ‘Behind every successful man there is a woman’অৰ ওলোটাটো অৰ্থাৎ ‘Behind every successful woman there is a man’উক্তিষাৰ আপোনাৰ ক্ষেত্ৰত কিমান দূৰ প্ৰযোজ্য?

° অনিমা গুহ : এই প্ৰশ্নটোৰ আংশিক উত্তৰ ওপৰত কৈছোঁৱেই। তাৰ লগত অলপ যোগ দি কওঁ, মোক যদি সফল বুলি ভবা হয় তেন্তে সেই সফলতাৰ আঁৰত থকা প্ৰথম পুৰুষগৰাকী হ’ল মোৰ দেউতা প্ৰয়াত গিৰীন্দ্ৰ মোহন দাস। মোৰ স্মৃতিকথা পঢ়া পাঠক এজনে মোক কৈছিল, ‘আপোনাৰ দেউতা আপোনাৰ হিৰো’। আমাৰ পুত্ৰ সুপ্ৰতীক আৰু দুই নাতি ঋষভ-অনুভৱেও মোৰ জ্ঞানৰ ভঁৰাল টনকিয়াল কৰিবলৈ কিতাপ-পত্ৰ কিনি দিয়ে। সিহঁতৰ ঘৰলৈ গ’লে (আমেৰিকালৈ) লাইব্ৰেৰিলৈ লৈ গৈ নতুন নতুন কিতাপ শ্বেলফৰপৰা উলিয়াই আনি দিয়ে। গতিকে ভাবোঁ, এজন সফল পুৰুষ বা নাৰীৰ আঁৰত একাধিক নাৰী-পুৰুষ থাকিব পাৰে। তদুপৰি পুৰুষৰ আঁৰত পুৰুষ থাকিব পাৰে আৰু নাৰীৰ আঁৰত নাৰী থাকিব পাৰে। এই ক্ষেত্ৰত আমাৰ মাৰ ভূমিকাৰ কথাও উল্লেখযোগ্য। তেওঁ আমাক ঘৰুৱা কাম কৰিবলৈ নিদিছিল। কৈছিল - ছাত্ৰানাং অধ্যয়নং তপঃ।

প্ৰশ্ন : অসমৰ মুখ্য মন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ পত্নীয়ে এবাৰ এটা টেলিভিছনৰ অনুষ্ঠানত দুখেৰে প্ৰকাশ কৰিছিল - তেওঁ (শৰৎ চন্দ্ৰ সিংহ) যদি ইমান আদৰ্শৱানেই আছিল,মোক বিয়া কিয় কৰাব লাগে! চৰম আদৰ্শবাদী, লগতে পাৰ্থিৱ জগতৰ প্ৰতি চৰম উদাসীন ব্যক্তিৰ সৈতে সংসাৰ চলোৱাটো এগৰাকী নাৰীবাদী লেখিকা হিচাপে আপুনি কিদৰে চায়?

° অনিমা গুহ : নাৰীবাদী বুলি নহয়,সাধাৰণ মানুহ হিচাপেই কওঁ। দুটা নৰ-নাৰী বিবাহপাশত আবদ্ধ হ’বলৈ সিদ্ধান্ত ল’লে পৰস্পৰৰ প্ৰতি দায়বদ্ধ হোৱাটো বাঞ্ছনীয়। ল’ৰা-ছোৱালীৰ জন্মৰ পাছত কৰ্তব্যবোধ বাঢ়ি যায়। শৰৎ চন্দ্ৰ সিংহৰ পত্নীয়ে তেওঁলোকৰ গাঁৱৰ ঘৰত পঞ্চাছ বছৰমান আগতে মোক একে কথাকে কৈছিল। সমাজৰ প্ৰতি দায়বদ্ধ আদৰ্শবাদী ব্যক্তি এজন নিজৰ সংসাৰখনৰ প্ৰতিও দায়বদ্ধ কিয় নহ’ব। তাকে কৰিব নোৱাৰিলে সংসাৰ পতা উচিত নহয়। নিজৰ পতি বা পত্নীক উপেক্ষা কৰা একধৰণৰ নিৰ্যাতনেই - পুৰুষ বা নাৰী নিৰ্যাতন।

আমাৰ গৃহস্থ জাগতিক কামৰ প্ৰতি উদাসীন হ’লেও তেওঁৰ ছাত্ৰ-ছাত্ৰী আৰু অনুগামীসকলৰ সৈতে সহমত হৈ কওঁ,তেওঁ মানুহৰ মাজত সম্ভাৱনাৰ উমান পালে তাক প্ৰস্ফুটিত কৰাৰ ক্ষেত্ৰত নিৰ্লিপ্ত হৈ নাথাকে। মোৰ নিজৰ ক্ষেত্ৰত কওঁ, মই যেন কেৱল ঘৰুৱা কামত জীৱনটো নষ্ট নকৰোঁ তালৈ লক্ষ্য ৰাখিছিল। বিয়াৰ সময়ত মই গ্ৰজুৱেট হে আছিলোঁ। তেৱেঁ মোক দিল্লী বিশ্ববিদ্যালয়ত এম এছ চি ক্লাছত ভৰ্তি কৰি দি মোৰ সমুখত বিশাল বিশ্বৰ দুৱাৰখন মেলি ধৰিছিল। দিছিল সম্পূৰ্ণ স্বাধীনতা। দৰ্মহাৰ চেকখনো মোৰ হাততেই দিছিল। কেতিয়াবা এনেকুৱা বোধ হয় যেন আমাৰ সংসাৰখনৰ মই একছত্ৰী সম্ৰাজ্ঞী।

প্ৰশ্ন : ‘ট্ৰাম’কবিতাটিত ট্ৰামৰ কণ্ডাক্টৰজনক ড° গুহই মানুহৰ জীৱনৰ এটা চিৰন্তন প্ৰশ্ন কৰিছিলে - “কনডাক্টৰ,বলতে পাৰো নতুন পৃথিৱী আৰ কত দূৰ?”মানুহে যুগে যুগে প্ৰশ্ন কৰা, এই নতুন পৃথিৱী বাৰু আৰু কিমান দূৰত? নে সেই ‘নতুন পৃথিৱী’ৰ স্বপ্ন মানুহৰ মনত দ-কৈ শিপাই থকা দূৰৈৰ পাহাৰৰ দৰে কেৱল এক ‘সুন্দৰ’ অৱধাৰণাহে মাথোন?

° অনিমা গুহ : মই ভাবোঁ সৰ্বাংগসুন্দৰ এক নতুন পৃথিৱীত এদিন নহয় এদিন আমাৰ উত্তৰপুৰুষসকলে বাস কৰিব পাৰিব।

প্ৰশ্ন: আমাৰ মন-আকাশৰ সপ্তৰ্ষিমণ্ডলত আপোনালোক দুয়ো সদায় বশিষ্ট-অৰুন্ধতীৰ দৰে যুগমীয়া হৈ থাকিব। ধন্যবাদ।

° অনিমা গুহ : ধন্যবাদ। পিছে মোক বেছি উচ্চাসনত অধিষ্ঠিত কৰা যেন লাগিল।

*** *** ***

Share Button
Print Friendly, PDF & Email

No Comments : "সাক্ষাৎকাৰ : ড° অনিমা গুহৰ দৃষ্টিৰে ড° অমলেন্দু গুহ"

Leave a Comment

Your email address will not be published. Required fields are marked *