অসমীয়া জাতীয়তাবাদৰ গতিধাৰা : সমস্যা আৰু সমাধান - (উদয়াদিত্য ভৰালী)

অসমীয়াত “জাতি” শব্দটোৰ অৰ্থ কিছু খেলিমেলি লগা। ইংৰাজীত Nationality শব্দটোৱে যি অৰ্থ বুজায় অসমীয়াত “জাতি” শব্দটোৱে সেই অৰ্থকেই বুজায়। পিছে লগতে ইংৰাজীত Caste শব্দটোৱে যি অৰ্থ বহন কৰে সেই অৰ্থকো অসমীয়াত “জাত” শব্দটোৱে বহন কৰে। “জাত”ক বুজাবলৈ “জাতি” শব্দৰ ব্যৱহাৰো অসমীয়াত কৰা হয়। এই আলোচনাত “জাতি” বোলোতে ইংৰাজীত Nationalityয়ে বুজোৱা অৰ্থকহে সূচাব।

জাতীয়তাবাদ (Nationalism) হ'ল একোটা জাতিৰ জাতীয় মতাদৰ্শ (National Ideology)। একেটা অঞ্চলতে সূদীৰ্ঘ কাল ধৰি বসবাস কৰি থকা বিভিন্ন জনসমষ্টি (Populace) নিৰ্দিষ্ট ঐতিহাসিক পৰিক্ৰমাৰ জৰিয়তে এটা উমৈহতীয়া মানসিক গঢ়ৰ (Common Psychological Make-up) গৰাকী হৈ পৰে। বিভিন্ন দিশত মিল থকা এটা বৃহত্তৰ সাংস্কৃতিক জীৱন তেওঁলোকৰ মাজত উমৈহতীয়া সাঁচেৰে গঢ়ি উঠে। তাৰ ফলতেই “আমি একে জাতিৰ (Nationality) মানুহ” - এই ভাব তেওঁলোকৰ মাজত অংকুৰিত হয়। এই ভাবনাই হ'ল জাতীয় চেতনা (National Feeling) আৰু সেই জাতীয় চেতনায়েই জন্ম দিয়ে জাতীয় চিনাকিৰ, অথবা জাতীয় সত্তাৰ (National Identity)। এনেকৈয়ে একোখন সামন্তীয় (Feudal), অথবা ক্ষেত্ৰবিশেষে অৰ্ধ জনজাতীয় (Semi Tribal) সমাজত ওচৰা-উচৰিকৈ বহুকাল ধৰি বসবাস কৰা বিভিন্ন জনসমষ্টি একেটা জাতীয় চিনাকিৰ এনাজৰীৰ বান্ধোনেৰে একীভূত হৈ সৃষ্টি কৰে একোটা জাতিৰ। সেই জাতিৰ জাতীয় জীৱনৰ আৱেগ-অনুভূতি, আশা-আকাংক্ষা (Nationalistic feelings, emotions, wishes and aspirations) যি আদৰ্শবাদত ঘনীভূত হৈ মতাদৰ্শৰ ৰূপ লৈ প্ৰকাশ লাভ কৰে সেই মতাদৰ্শই (Ideology) হ'ল জাতীয়তাবাদ (Nationalism)।

বিভিন্ন জনসমষ্টি একীভূত হ'বলৈ যিহেতু এটা জনসমষ্টিৰ এজনে আন এটা জনসমষ্টিৰ এজনৰ লগত সাৱলীলভাৱে মত বিনিময় কৰাৰ পৰিস্থিতি থাকিব লাগিবই। সেয়ে ধ্ৰুপদী সাঁচৰ জাতি গঠন প্ৰক্ৰিয়াত উমৈহতীয়া ভাষাত একীভৱনে প্ৰধান ভূমিকা লোৱাটো ইতিহাসে প্ৰত্যক্ষ কৰিছে। এই উমৈহতীয়া ভাষাটো প্ৰথম অৱস্থাত সেই জনসমষ্টিসমূহৰ মাজত সংযোগী ভাষা হিচাপে উৎপত্তি লাভ কৰি পিছলৈ জাতীয় ভাষালৈ পৰিণত হোৱাটো আৰু জাতীয় সাহিত্য, গীত-মাত, শিক্ষা আদিৰ চৰ্চাৰ মাধ্যম হোৱাটোও ইতিহাসস্বীকৃত। সেয়ে ধ্ৰুপদী সাঁচৰ জাতীয়তাবাদত ভাষিক জাতীয়তাবাদৰ (Lingustic Nationalism) বিশেষ প্ৰাধান্য ইতিহাসত চকুত পৰে।

অৱশ্যে সাম্প্ৰতিক কালত সাম্ৰাজ্যবাদে সৃষ্টি কৰা ঔপনিৱেশিক পৰিস্থিতিৰ বাবে উমৈহতীয়া নৃগোষ্ঠীগত চিনাকিয়ে জাতীয় সত্তাৰ জন্ম দিয়া দেখা গৈছে। বড়ো, কাৰ্বি, মিচিং, ৰাভা ইত্যাদি জনগোষ্ঠীৰ জাতীয় জীৱন গঠনৰ প্ৰক্ৰিয়াকেই উদাহৰণ হিচাপে ল'ব পাৰি। কেতিয়াবা আনকি উমৈহতীয়া ধৰ্মীয় চিনাকিকো জাতীয় চিনাকিৰ সৃষ্টিত ব্যৱহাৰ কৰাৰ প্ৰচেষ্টাও এই পৰিস্থিতিত নচলাকৈ থকা নাই। ইজৰাইলী জাতীয় চিনাকি, পাকিস্তানী জাতীয় চিনাকি ইত্যাদিক এনে উদাহৰণ হিচাপে ল'ব পাৰি। এনেকৈয়ে নৃগোষ্ঠীভিত্তিক জাতীয়তাবাদ (Ethnic Nationalism) আৰু ধৰ্মভিত্তিক জাতীয়তাবাদৰ (Theocratic Nationalism) সৃষ্টি হৈছে।
পিছে ধ্ৰুপদী সাঁচৰ জাতি গঠন প্ৰক্ৰিয়াত যি গণমুখী সংমিশ্ৰণ আৰু গণতান্ত্ৰিক প্ৰমূল্য তথা মানৱীয় ভাতৃত্ববোধে সাৱলীলভাৱে ক্ৰিয়া কৰাৰ সুবিধা পায়, সেই সুবিধা দ্বিতীয় প্ৰক্ৰিয়াটোত নাথাকে। প্ৰথম প্ৰক্ৰিয়াটোৰ গতি বৰ্হিমুখী (Centrifugal)। সেই গঠন প্ৰক্ৰিয়া অবিৰত। নিতৌ নতুন নতুন মুখ আন জনসমষ্টিৰপৰা আহি গণতান্ত্ৰিক সংমিশ্ৰণৰ জৰিয়তে জাতীয় জীৱনত সোমোৱাৰ দুৱাৰ সেই প্ৰক্ৰিয়াত খোলা থাকে। ফলত সেই জাতীয় জীৱনৰ পৰিসীমা বৃহত্তৰ হৈ গৈ থাকে।

তাৰ বিপৰীতে দ্বিতীয় প্ৰক্ৰিয়াটোৰ গতি অন্তৰ্মুখী (Centripetal)। নিৰ্দিষ্ট নৃগোষ্ঠী, অথবা নিৰ্দিষ্ট ধৰ্মক জাতীয় চিনাকিৰ ভেটি সেই প্ৰক্ৰিয়াত কৰা হয় বাবে সেই জাতীয় জীৱনৰ পৰিসীমা ধৰা-বন্ধা। সংমিশ্ৰণেৰে আন নৃগোষ্ঠী, অথবা আন ধৰ্মৰ লোক তেনে প্ৰক্ৰিয়াৰে গঠিত জাতিত সোমোৱাৰ দুৱাৰ খোলা নাথাকে। সেয়ে এই প্ৰক্ৰিয়াত গণতান্ত্ৰিকতাই তাক আগ বঢ়াই নিয়াৰ সুবিধা তেনেই কম। বৰং নৃগোষ্ঠীভিত্তিক জাতি গঠন প্ৰক্ৰিয়াত উগ্ৰ নৃগোষ্ঠীবাদ আৰু ধৰ্মভিত্তিক জাতি গঠন প্ৰক্ৰিয়াত উগ্ৰ ধৰ্মান্ধতাই সঘনাই মূৰ তোলাহে দেখা যায়।

আনহাতে, সুস্থ সংমিশ্ৰণৰ জৰিয়তে চলা জাতি গঠন প্ৰক্ৰিয়াৰে সৃষ্টি হোৱা ধ্ৰুপদী সাঁচৰ জাতীয় জীৱন গঢ়ি উঠা জাতীয়তাবাদৰ যে মাথোন গণতান্ত্ৰিক ৰূপ এটাই আছে তেনে নহয়। তাৰো সম্পূৰ্ণ অগণতান্ত্ৰিক উগ্ৰ ৰূপ এটাও লগতে আছে। জাতীয়তাবাদী গণতান্ত্ৰিক ৰূপটোক সুস্থ জাতীয়তাবাদ (democratic nationalism), আৰু অগণতান্ত্ৰিক ৰূপটোক উগ্ৰজাতীয়তাবাদ (chauvinism) বোলা হয়। প্ৰথমটোৰ চৰিত্ৰ সহিষ্ণু তথা গঠনমুখী। দ্বিতীয়টোৰ চৰিত্ৰ অসহিষ্ণু তথা দমনীয়, সেয়ে বিচাৰত ভাঙোনমুখী। জাতীয়তাবাদে যেতিয়াই যুক্তিৰ সীমা চেৰাই যায় তেতিয়াই সি উগ্ৰজাতীয়তাবাদী ৰূপ লয়। মোৰ জাতি আন জাতিৰ সমান, আৰু আন জাতিয়ে উপভোগ কৰা গণতান্ত্ৰিক জাতীয় অধিকাৰখিনি মোৰ জাতিৰ বাবেও প্ৰাপ্য আৰু আন জাতিয়ে মোৰ জাতিক দমন কৰাৰ অধিকাৰ নাই – ইয়েই হ'ল সুস্থ জাতীয়তাবাদ।

কিন্তু ই মুদ্ৰাটোৰ এটা ফালহে। মুদ্ৰাটোৰ আনটো ফালৰ স্পষ্ট নিৰ্দেশনা হ'ল – আনে তোমাৰ যিখিনি গণতান্ত্ৰিক অধিকাৰ মানি লোৱাটো তুমি বিচাৰা, সেইখিনি অধিকাৰ তুমিও আনক দিবলৈ সাজু থাকিব লাগিব। আনৰ সেই অধিকাৰখিনি তুমি মানিব লাগিব। এই দুয়োটা ফালৰ চৰ্তাৱলী পূৰণ হ'লেহে সৃষ্টি হয় গণতান্ত্ৰিক জাতীয়তাবাদৰ। তাৰ বিপৰীতে উগ্ৰজাতীয়তাই নিজ জাতিক শ্ৰেষ্ঠ বুলি ভবাৰ লগতে আন জাতিক দমন কৰাটো সেই শ্ৰেষ্ঠতাৰ অধিকাৰ বুলি দাবী কৰে। গণতান্ত্ৰিক জাতীয়তাবাদৰ ভেটি হ'ল - উদাৰ গণতান্ত্ৰিক মতাদৰ্শ। উগ্ৰজাতীয়তাৰ ভেটি হ'ল - ফেচিবাদী দমনবাদৰ মতাদৰ্শ। উগ্ৰজাতীয়তা, উগ্ৰ নৃগোষ্ঠীবাদ আৰু ধৰ্মান্ধতাবাদী জাতীয়তাবাদ সমগোত্ৰীয় কু-মতাদৰ্শ।

লগতে মন কৰিবলগীয়া কথাটো হ'ল – একেটা ভাষাকে জাতীয় ভাষা হিচাপে জাতিটোৰ সকলোৱে ক'ব আৰু বুজিব পৰা হ'ব লাগিব। কাৰণ ভাষাকেই যদি বুজি নাপায় তেন্তে মত বিনিময় কৰা সম্ভৱ নহয়, যিটো অবিহনে জাতীয় চিন্তা-চেতনা-মানসিকতা গঢ়ি উঠিব নোৱাৰে। অৱশ্যে একেটা ভাষাই একাধিক জাতিৰ জাতীয় ভাষা হ'ব পাৰে। যেনে ইংৰাজী। আনহাতে, ধ্ৰুপদী সংমিশ্ৰণ প্ৰক্ৰিয়াৰে গঠন লাভ কৰা জাতিত একাধিক ধৰ্মৰ লোক থাকে। ধৰ্ম বেলেগ হোৱাটোৱে এই ক্ষেত্ৰত জাতি গঠনত কোনো অলংঘনীয় প্ৰাচীৰৰ সৃষ্টি নকৰে। যেনে, অসমীয়া জাতি। তেনে জাতি যিহেতু নান নৃগোষ্ঠীৰ ওচৰ-চুবুৰীয়া ঐতিহাসিক প্ৰক্ৰিয়াৰ জৰিয়তে একীভূত হৈ গঠিত হোৱা সত্তা, সেয়ে তেনে জাতীয় জীৱনত সংমিশ্ৰিত হোৱাৰ ক্ষেত্ৰত কোন নৃগোষ্ঠীয় মূলৰ সেইটো অলংঘনীয় প্ৰাচীৰ নহয়। কিন্তু যেতিয়াই তেনে জাতীয় জীৱনত উগ্ৰজাতীয়তাবাদী সংকীৰ্ণতাই দেখা দিয়ে তেতিয়াই জাতিটোৰ মাজত বিৰাজ কৰা ধৰ্মীয় উদাৰতা আৰু নৃগোষ্ঠীগত সহিষ্ণুতালৈ কেনে অৱক্ষয় নামি আহে তাৰ উদাহৰণ অসমীয়া জাতীয় জীৱনতেই আছে।
জাতি আৰু জাতীয়তাবাদ - এই দুয়োটা যদিও একেটা সত্তাৰেই অবিচ্ছেদ্য অংগ, কিন্তু দুয়োটাৰ মাজত বিশেষভাৱে চকু দিবলগীয়া দিশো আছে। একোটা জাতি বিভিন্ন জাতীয় সমলৰ সৃষ্টি। জনগোষ্ঠীয় সংমিশ্ৰণ, বিশেষকৈ সাজ-পোছাক, কৃষ্টি-সংস্কৃতি, ভাষা, ঐতিহ্য-পৰম্পৰা, উৎপাদন পদ্ধতি (বিশেষকৈ কৃষি), খাদ্য সম্ভাৰ ইত্যাদিবোৰ সেই জাতীয় সমল। এই জাতীয় সমলবোৰৰ সকলোখিনি সেই জাতীয় জীৱনৰ একীভূত হোৱা জনগোষ্ঠীবোৰৰ কোনো এটাৰ একচেটিয়া সমল নহয়। কম-বেছি পৰিমাণে তাৰে প্ৰতিটোৰে কিছু নহয় কিছু উপাদান জাতীয় জীৱনটোত থাকে। সেই উপাদানবোৰৰ প্ৰতিটোৰে উৎপত্তি কাল বেলেগ বেলেগ। তাৰ কোনটো কিমান পুৰণি তাকো বহু ক্ষেত্ৰত খাটাংভাৱে কোৱা টান। যেনে, মেখেলাৰ প্ৰচলন অথবা ঢোলৰ প্ৰচলন অথবা নাঙলৰ প্ৰচলন ইত্যাদি কোনটো জনগোষ্ঠীত কেতিয়াৰপৰা হৈছিল তাক সমগ্ৰ অঞ্চলটোক লৈ খাটাংভাৱে কোৱা সম্ভৱ নহয়। অথচ এইবোৰক বাদ দি অসমীয়া জাতিৰ কথা চিন্তাও কৰিব নোৱাৰি। প্ৰতিটো জাতিৰ ক্ষেত্ৰতেই সেইটো খাটে।

এই ক্ষেত্ৰত যিটো কথা খাটাংভাৱে ক'ব পাৰি সেইটো হ'ল জাতীয় জীৱনৰ প্ৰাৰম্ভিক কালৰ সমলবোৰৰ সৃষ্টি সংহত জাতীয় জীৱন গঢ়ি উঠাৰ বহুকাল আগতেই হয়। সেয়ে জাতীয় জীৱনৰ ইতিহাস আৰু জাতীয় জীৱনৰ সমলবোৰৰ ইতিহাস একে কথা নহয়। ঢোলটোৰ সৃষ্টি হোৱাৰ লগে লগেই অসমীয়া জাতীয় জীৱনৰ উৎপত্তি হোৱা নাছিল। কিন্তু পিছলৈ যেতিয়া অসমীয়া জাতীয় জীৱনৰ উৎপত্তি হ'ল তেতিয়া ঢোলটো সেই জাতিৰ এটা জাতীয় বাদ্য হ'ল। জাতীয় জীৱনৰ যিবোৰ উপাদান তাৰ বেছিখিনিয়েই সেই জাতি যিবোৰ জনগোষ্ঠীৰে গঠিত সেইবোৰ জনজাতীয় অথবা সামন্তীয় স্তৰৰ সমাজ থকাৰ সময়তেই উৎপত্তি লাভ কৰা সমল। কিন্তু জাতীয় জীৱন সম্পৰ্কে ঐতিহাসিক বস্তুনিষ্ঠতাৰে আলোচনা কৰাৰ সলনি অনেকেই আৱেগিক ধাৰণাৰে সেই সমলবোৰৰ ইতিহাসকেই জাতীয় ইতিহাস হিচাপে গণ্য কৰে। জাতীয় সমলৰ ইতিহাসক জাতীয় ইতিহাস হিচাপে ভুলতে গ্ৰহণ কৰাৰ ফলতে তেনে ঘটে। জাতীয় জীৱন সম্পৰ্কীয় এনে আৱেগিক ভ্ৰান্ত ধাৰাণাই উগ্ৰজাতীয়তাবাদী ভ্ৰান্ত বিশ্বাসবোৰৰ সৃষ্টিত এটা প্ৰধান ভূমিকা লয়।
এটা জাতীয় জীৱন গঢ়ি উঠিবলৈ যিবোৰ উপাদান প্ৰয়োজনীয় সেইবোৰৰ মাজত এনে কিছুমান উপাদানো আছে যিবোৰ এখন সম্পূৰ্ণ জনজাতীয় স্তৰত থকা সমাজত, অথবা অবিকশিত সামন্তীয় সমাজত থকাটো সম্ভৱ নহয়। যেনে - “আমি একেটা জাতিৰেই মানুহ" - এই চিন্তা জন্ম হোৱাত তেনে লোকসকল প্ৰয়োজনীয় ৰূপেৰে আহল-বহল একেখন ৰাজ্যৰে বাসিন্দা হোৱাটোৱে বিশেষভাৱে সহায় কৰে। কিন্তু জনজাতীয় স্তৰৰ ৰাজ্যবোৰ তেনেই ক্ষুদ্ৰ। তেনে ক্ষুদ্ৰ পৰিসৰ জাতীয় বৃত্ত গঠনৰ বাবে অনুপযোগী। আনহাতে, একেটা ভাষাই ইজন সিজনৰ মাজত প্ৰচলন লাভ কৰিবলৈ বিশেষ পৰিস্থিতিৰ প্ৰয়োজন। প্ৰয়োজনতহে মানুহে নতুন ভাষা শিকে। এই প্ৰয়োজনবোৰৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনটো হ'ল অৰ্থনৈতিক লেনদেন। ই যিহেতু জীৱন-জীৱিকাৰ সৈতে জড়িত, সেয়ে নিজ স্বাৰ্থৰ তাগিদাতেই নানা ভাষীৰ সমাজত এটা সংযোগী উমৈহতীয়া ভাষা গঢ় লৈ উঠে স্বাভাৱিক তথা শান্তিপূৰ্ণ মিলা-মিছাৰে। ইয়াৰ সৃষ্টিয়েই সংহত জাতীয় জীৱন গঢ়ি উঠাৰ আগজাননী।

বিশেষভাৱে চকু দিবলগীয়া কথা হ'ল - ওপৰত যি জাতীয় জীৱনৰ সমলবোৰৰ উল্লেখ কৰা হৈছে সেইবোৰ একোখন সমাজৰ বিকাশ তথা বিৱৰ্তন প্ৰক্ৰিয়াত স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হয়। ভৱিষ্যতে জাতীয় জীৱনৰ সমল হ'ব - তেনে উদ্দেশ্যৰে নহয়। পিছলৈ অসমীয়া জাতীয় জীৱনৰ প্ৰায় প্ৰতীকস্বৰূপ হৈ পৰিব - তেনে পূৰ্বনিৰ্ধাৰিত উদ্দেশ্যৰে গামোচাৰ প্ৰচলনৰ আৰম্ভণি হোৱা নাছিল। দৈনন্দিন তথা সামাজিক ব্যৱহাৰৰ বাবেহে হৈছিল। একেটা কথাকেই তেনে প্ৰতিটো সমলৰ ক্ষেত্ৰতেই খাটে। সেই সকলোবোৰৰ সৃষ্টি স্বতঃস্ফূৰ্ত।

কিন্তু জাতীয়তাবাদ যদিও জাতিৰপৰাই উৎপত্তি হয়, পিছে তাৰ সৃষ্টি স্বতঃস্ফূৰ্ত নহয়। চকুৰ আগতেই থকা সমলবোৰ গোটাই সচেতন বৌদ্ধিক প্ৰচেষ্টাৰে জাতীয়তাবাদৰ জন্ম সেই সমাজৰ অগ্ৰণীচামে দিয়ে। সমলবোৰ থাকিলেই জাতীয় জীৱনৰ সৃষ্টি নহয়, যদি কোনোবাই আগ বাঢ়ি আহি সেইবোৰক ভিত্তি হিচাপে লৈ জাতীয় চিন্তা-চৰ্চাৰ জন্ম নিদিয়ে। নক'লেও চলে যে তেনে চিন্তা-চৰ্চা কৰিবলৈ প্ৰয়োজনীয় সচেতনতা তথা শিক্ষা-দীক্ষাৰ প্ৰয়োজন। তেনে চিন্তা-চৰ্চা কৰিব পৰা লোক যথেষ্ট পৰিমাণে এখন সমাজত সৃষ্টি হ'লেহে সেই চৰ্চাৰ প্ৰচলন ঘটে। ইতিহাসে স্পষ্ট কৰি দিয়ে যে এখন সমাজত মধ্যবিত্তসকলেই এনে চিন্তা-চৰ্চা কৰা লোকসকল। অৰ্থাৎ এটা জাতিয়ে অতি সংহত ৰূপ লৈ নিজ জাতীয়তাবাদী চিন্তা-চৰ্চা তেতিয়াহে আৰম্ভ কৰিব পাৰে যেতিয়া সেই সমাজত মধ্যবিত্তৰ উৎপত্তি হয়।

মধ্যবিত্ত পুঁজিবাদৰ সৃষ্টি। অৰ্থাৎ এখন সমাজত পুঁজিবাদৰ স্ফুৰণ ঘটাৰ পিছতেই জাতীয়তাবাদী চিন্তা-চৰ্চাৰ বাহকসকলৰ উৎপত্তি হয়। অভাৱেই আৱিষ্কাৰৰ মূল। জাতীয়তাবাদী চিন্তা-চৰ্চাৰো উৎপত্তি কাৰণো সেইটোৱেই। এখন সমাজত পুঁজিবাদৰ স্ফুৰণ ঘটাৰ ফলত সেই সমাজত পুঁজিবাদী আধুনিক সা-সুবিধাবোৰে দেখা দিয়ে। যেনে - বেপাৰ, বাণিজ্য, চাকৰি, ঠিকা-ঠুকলি, বিধায়ক-সাংসদ-মন্ত্ৰী ইত্যাদি (যিবোৰ সুবিধা জনজাতীয়, অথবা সামন্তীয় সমাজত নাথাকে)। লগতে পুঁজিবাদী বিকাশৰ স্বাৰ্থতেই তেনে সমাজত আধুনিক শিক্ষা ব্যৱস্থাৰো প্ৰচলন বিয়পিবলৈ ধৰে, যি শিক্ষাৰ জৰিয়তে নতুন সুবিধা সম্পৰ্কীয় জ্ঞান আৰু সেইবোৰ নিজ দখললৈ অনাৰ অৰ্হতা সেই জাতিৰ নতুনকৈ উঠি অহা মধ্যবিত্তসকলে আহৰণ কৰে। সেইবোৰ 'জাতিৰ দখল'লৈ অনাৰ দাবীতেই সেই শিক্ষিত মধ্যবিত্তসকলে আৰম্ভ কৰে সেই জাতিৰ জাতীয়তাবাদী চিন্তা, য'ত জাতীয় ভাষা-সংস্কৃতি-সামাজিক পৰম্পৰা আদিক সেই আদৰ্শৰ বাহক কৰা হয়। এনেকৈয়ে সৃষ্টি হয় একোটা জাতিৰ জাতীয়তাবাদ।

এই ঐতিহাসিক বাস্তৱেই স্পষ্ট কৰি দিয়ে যি সমলবোৰক লৈ এটা জাতিৰ সৃষ্টি হয় সেইবোৰৰ উৎপত্তি তথা বিকাশৰ ইতিহাস যদিও বহু পুৰণা, কিন্তু সেই জাতিৰ জাতীয়তাবাদৰ ইতিহাস সদায় সেই জাতীয় জীৱন আধুনিক যুগত প্ৰৱেশ কৰাৰ পিছতহে, অৰ্থাৎ সেই সমাজত পুঁজিবাদৰ স্ফুৰণ ঘটাৰ পিছতহে আৰম্ভ হয়। পুঁজিবাদ আধুনিক যুগৰ বাহক। ইয়েই সেই জাতীয় জীৱনত সৃষ্টি কৰে "আধুনিক বজাৰ"ৰ, অৰ্থাৎ আধুনিক সা-সুবিধাবোৰৰ, "বজাৰেই প্ৰথম পঢ়াশালি য'ত মধ্যবিত্তই জাতীয়তাবাদৰ প্ৰথম শিক্ষা লয়।" - এই শুদ্ধ মাৰ্ক্সীয় তত্ত্বৰো গুৰিকথা সেইখিনিয়েই।

আনহাতে, বজাৰেই হ'ল এটা জাতীয় জীৱনৰ বিভিন্ন অংশৰ লোকসকল সঘনাই লগ পোৱাৰ মিলন স্থল। এই সামাজিক মিলনে ইজনক সিজনৰ কাষ চপাই আনে। শান্তিপূৰ্ণ অৰ্থনৈতিক আদান-প্ৰদানবোৰে ক্ৰেতা-বিক্ৰেতাৰ মাজত বন্ধুত্বৰ সম্পৰ্কৰ সৃষ্টি কৰে আৰু বেচা-কিনাৰ সুবিধাৰ স্বাৰ্থতেই ইজনে সিজনৰ ভাষা আয়ত্ত কৰাৰ সজ প্ৰচেষ্টা চলায়। জাতীয় জীৱনক আটিল কৰাত এইবোৰে সহায় কৰে। - এনেকৈয়ে দেখা যায়, জাতীয় জীৱন গঢ়াৰ সমলবোৰ যদিও পূৰ্বৰপৰাই থাকে, কিন্তু সেই জাতিৰ আধুনিক শিক্ষিত মধ্যবিত্তৰ উৎপত্তি হোৱাৰ পিছতহে সেই জাতিৰ জাতীয়তাবাদ তথা জাতীয় আন্দোলনে দেখা দিয়ে।

সাম্প্ৰতিক কালৰ অসমত দেখা দিয়া বড়ো, কাৰ্বি, মিচিং আদিৰ জাতীয় আন্দোলনবোৰলৈ চকু দিলেই বিষয়টো স্পষ্টভাৱে বুজা যায়। জাতীয় জীৱনৰ আন উপাদানবোৰ থকা সত্ত্বেও একমাত্ৰ প্ৰয়োজনীয় পৰিমাণেৰে শিক্ষিত মধ্যবিত্ত নথকা বাবেই কুৰি শতিকাৰ আশীৰ দশকলৈকে তেওঁলোকৰ জাতীয়তাবাদ তথা জাতীয় আন্দোলনবোৰে শক্তিশালী ৰূপত প্ৰকাশ লাভ কৰিব পৰা নাছিল। ১৯৮১ চনত প্ৰকাশ হোৱা মোৰ জাতি সমস্যাৰ প্ৰশ্ন শীৰ্ষক গ্ৰন্থ আছিল অসম তথা ভাৰতৰ জাতি সমস্যাবোৰৰ বিষয়ে অসমীয়া ভাষাত ৰচিত প্ৰথম গ্ৰন্থ। সেইখনত এই বিষয়বোৰ আলোচনা কৰা হৈছিল আৰু অসমীয়া জাতিক সকীয়াই দিছিলো যে ওপৰত উল্লেখ কৰা জনগোষ্ঠীবোৰৰ মাজত অচিৰেই জাতীয় আন্দোলনে দেখা দিব। লগতে সকীয়াই দিছিলো যে অসমীয়া উগ্ৰজাতীয়তাবাদৰ বাবে "অসম আন্দোলন" বিফল হ'ব, আৰু ওপৰত কৰা জাতীয় আন্দোলনবোৰ দেখা দিয়াৰ (তেতিয়ালৈকে দেখা দিয়া নাছিল) প্ৰধান কাৰণটো হ'ব অসমীয়া উগ্ৰজাতীয়তাবাদৰ খুন্দা। লগতে অসমীয়া উগ্ৰজাতীয়তাবাদক আঁতৰ কৰি গণতান্ত্ৰিক জাতীয়তাবাদক অসমীয়াই গ্ৰহণ কৰিলে "বৃহত্তৰ অসমীয়া জাতীয় জীৱনে" পুনৰ ঠন ধৰি উঠিব - এই সকীয়নি দিছিলোঁ। "বৃহত্তৰ অসমীয়া জাতীয় জীৱন" - এই অভিধাটোৰ সঘন প্ৰচলনৰ ইয়েই আছিল আৰম্ভণি। পৰিতাপৰ কথা যে অসমীয়া উগ্ৰজাতীয়তাবাদী আৱেগৰ ধুমুহাত সেই যুক্তিবোৰ উৰি গ'ল।

জাতি আৰু জাতীয়তাবাদৰ সাধাৰণ চৰিত্ৰ সম্পৰ্কে ওপৰত কৰা আলোচনাৰ আলোকেৰে অসমীয়া জাতীয়তাদাবাদৰ গতিধাৰাৰ ৰূপৰেখালৈ চকু দিয়া যাওক। সকলো জাতীয় জীৱনৰ দৰেই অসমীয়া জাতীয় জীৱনৰো সমল আৰু জাতীয়তাবাদ - এই দুটা একেটা সত্তাৰেই দুটা অংশ আৰু দুয়োটাৰে ইতিহাস, অৰ্থাৎ গতিধাৰা সুকীয়া সুকীয়া। তাৰে প্ৰথমটোৰ গতিধাৰা সম্পৰ্কে খাটাংভাৱে কোৱাটো সম্ভৱো নহয়। কিমান জনগোষ্ঠীৰ সংমিশ্ৰণত বৃহত্তৰ অসমীয়া জাতি গঢ়ি উঠিল, তাক খাটাংভাৱে সেই প্ৰক্ৰিয়াৰ বিচিত্ৰতাৰ বাবে কোৱা টান। তেওঁলোকৰ মাজত বৰাহীৰ দৰে জনগোষ্ঠীও আছে, যিসকল সংমিশ্ৰণৰ প্ৰক্ৰিয়াত ইমানেই সম্পূৰ্ণভাৱে জীণ গ'ল যে এতিয়া আৰু তেওঁলোকৰ কোনো সুকীয়া বৈশিষ্ট্য বিচাৰি পোৱা নাযায়। এই দিশৰ গতিধাৰাত দুটা নাম বিশেষভাৱে উল্লেখযোগ্য। সেই দুটা হ'ল - চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। লগতে উল্লেখযোগ্য আজান ফকীৰৰ নামো।
চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ ক্ৰমে ৰাজনৈতিক প্ৰাণপুৰুষ আৰু সাংস্কৃতিক প্ৰাণপুৰুষ - এই মত মই অতদিনে যুক্তিনিষ্ঠতাৰে ব্যক্ত কৰি আহিছো। ই হওঁতে সঁচা যে চাওলুং চুকাফাৰ (১২২৮-১২৬৮খ্ৰীঃ) দিনত অসমীয়া জাতিৰ কথাতো বাদেই, আনকি 'অসম' নামটো, অথবা আধুনিক অসমীয়া ভাষাটোৰো উৎপত্তি হোৱা নাছিল। তথাপি তেৱেঁই বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ ৰাজনৈতিক প্ৰাণপুৰুষ এইবাবেই যে - আমি একেখন ৰাজ্যৰে মানুহ - এটা জাতীয় জীৱনৰ গঠনত অতি গুৰুত্বপূৰ্ণ এই ভাবটো অসমীয়া জাতীয় জীৱনৰ ক্ষেত্ৰত যিখন আহল-বহল আৰু দীৰ্ঘস্থায়ী ৰাজ্যৰ জৰিয়তে সৃষ্টি হৈছিল, সেই 'আহোম ৰাজ্য'খনৰ প্ৰতিষ্ঠাপক আছিল চাওলুং চুকাফা। 'সাত ৰাজ জোৰাদি এক ৰাজ' কৰি তেওঁ স্থাপন কৰা ৰাজ্যখনেই পিছলৈ বিস্তৃতি লাভ কৰি সেই বৃহৎ ৰাজ্যখনলৈ পৰিণত হৈছিল, যিখন হৈছিলগৈ 'বৰ অসম'ৰ ভেটি, যি ভেটিত গঢ়ি উঠিল বৃহত্তৰ অসমীয়া জাতি। এই দিশত কোঁচ মহাৰজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰো অতি গুৰুত্বপূৰ্ণ অৰিহণা আছে। কিন্তু তেওঁলোকৰ ৰাজ্যৰ প্ৰতাপ যথেষ্ট ক্ষণস্থায়ী হোৱা বাবে আহোম ৰাজ্যৰ দৰে অৰিহণা এই ক্ষেত্ৰত যোগাব নোৱাৰিলে। আনহাতেদি, যি ধৰ্মীয়, ভাষিক আৰু জনগোষ্ঠীয় সম্প্ৰীতি, সমন্বয় আৰু সংমিশ্ৰণেৰে পিছলৈ বৃহত্তৰ অসমীয়া জাতি গঢ়ি উঠিল তাৰ ৰাজনৈতিক পথ প্ৰদৰ্শকো আছিল চাওলুং চুকাফা।

ঠিক তেনেকৈয়ে যি 'অসম' নামটোৰপৰা 'অসমীয়া' চিনাকিৰ উৎপত্তি হৈছিল সেই 'অসম'ৰ লিখিত উল্লেখ শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বে আৱিষ্কাৰ হোৱা নাই। 'অসম মুলক' এই কথাষাৰ শ্ৰীমন্ত শংকৰদেৱেও নিজ লিখনিত মাথোন এবাৰেই ব্যৱহাৰ কৰিছিল। তাকো টাই আহোমসকল তথা আহোম ৰাজ্যক বুজাবলৈ। শ্ৰীমন্ত শংকৰদেৱৰ (১৪৪৯-১৫৬৯ খ্ৰী:) সময়তো অসমীয়া জাতীয় জীৱনৰ অংকুৰণ কিমান প্ৰাথমিক স্তৰত আছিল ই তাৰেই চানেকি। আহোম ৰাজ্যত মহাপুৰুষ মাধৱদেৱ শাস্তিৰ সন্মুখীন হোৱাৰ দৰে ঘটনাও ঘটিছিল। এনে ইতিহাস সত্ত্বেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক প্ৰাণপুৰুষ এইবাবেই যে যি সাংস্কৃতিৰ ভেটিৰ ওপৰত বৃহত্তৰ অসমীয়া জাতীয় জীৱন প্ৰতিষ্ঠিত তাৰ মৰ্মগত কাঠামোটো তেওঁ সাজি দি গৈছে। ই ধৰ্মগত কাঠামোতকৈ মূলতঃ সাংস্কৃতিক মৰ্মগত কাঠামোহে। এইবোৰে পিছলৈ অসমীয়া জাতীয় জীৱনক অতি উচ্চখাপৰ ধ্ৰুপদী সাংস্কৃতিক সমলৰ গৰাকী কৰাৰ লগতে এক সহিষ্ণু তথা সম্প্ৰীতিময় সাংস্কৃতিক ঐতিহ্যৰো গৰাকী কৰিলে। তাৰ স্পষ্ট প্ৰভাৱ অতি চমৎকাৰ দৃষ্টান্তৰে প্ৰতিনিধিত্ব কৰিছিল আজান ফকীৰে। এই ছুফী পীৰজনাই অসমত প্ৰৱৰ্তন কৰা ইছলাম ধৰ্ম এফালেদি কেনেকৈ ছুফী উদাৰপন্থাৰে প্ৰাণময়, ঠিক তেনেকৈয়ে শ্ৰীমন্ত শংকৰী সহিষ্ণু পৰম্পৰাৰেও সমৃদ্ধ। তেওঁ সৃষ্টি কৰি যোৱা জিকিৰ-জাৰিবোৰত তাৰ স্পষ্ট প্ৰতিধ্বনি শুনা যায়। এই বৈশিষ্ট্যৰ বাবেই ‘শংকৰ-আজানৰ দেশ’ আৰু অসমীয়া মননৰ প্ৰতিনিধি, যিটো দেশৰ আন জাতিত পোৱাটো কঠিন। এই উল্লেখ ইতিমধ্যে কৰা হৈছে যে যিকোনো জাতিৰ জাতীয়তাবাদৰ স্ৰষ্টা তথা ধ্বজাবাহক হ'ল সেই জাতিৰ মধ্যবিত্তসকল। আনহাতে, মধ্যবিত্ত জনজাতীয়, অথবা সামন্তীয় সমাজত পোৱা নাযায়। ই পুঁজিবাদী বিকাশৰ সৃষ্টি। অসমীয়া মধ্যবিত্তও তাৰ ব্যতিক্ৰম নহয়। ভাৰতৰ আন অংশৰ দৰেই অসমতো পুঁজিবাদৰ বিকাশ সমাজ বিৱৰ্তনৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে হোৱা নাছিল। স্থানীয় সামন্তবাদৰ গৰ্ভৰপৰা ই জন্ম লাভ কৰাৰ পূৰ্বেই ভাৰত তথা অসম এখন ইংৰাজ উপনিবেশত পৰিণত হৈছিল। সাম্ৰাজ্যবাদে নিজ স্বাৰ্থত দেশ তথা অসমৰ সামন্তীয় আৰু জনজাতীয় অঞ্চলবোৰত পুঁজিবাদক ৰোপণ কৰিছিল। সেইবাবেই ভাৰত তথা অসমৰ সামন্তীয় সমাজবোৰৰ কথা বাদেই, জনজাতীয় সমাজবোৰতো পোনছাটেই জাতিৰ সৃষ্টি হৈছে। সেই জনজাতীয় সমাজবোৰে সামন্তীয় স্তৰত ভৰি নিদিয়াকৈয়ে একে জাঁপে আধুনিক পুঁজিবাদী স্তৰত ভৰি দিছে। ই যিহেতু স্বাভাৱিক বিৱৰ্তন প্ৰক্ৰিয়া নহয়, সেয়ে কিছু আনুষংগিক অসুবিধায়ো তেনে পৰিস্থিতিত সৃষ্ট ব্যতিক্ৰমী প্ৰক্ৰিয়াত স্থান পাইছে।

এই ইতিহাসৰ বাবে অসমত মধ্যবিত্ত সৃষ্টিৰ দুৱাৰ ১৮২৬ চনতহে খোল খাইছিল। সেইবছৰেই অসম সাম্ৰাজ্যবাদী ইংৰাজ শক্তিৰ অধীনলৈ গৈছিল, যি শক্তিয়ে ৰাজ্যখনত পুঁজিবাদী বিকাশৰ গুটি সিঁচা আৰম্ভ কৰিছিল তেতিয়াৰেপৰা। সাম্ৰাজ্যবাদৰ ছত্ৰছায়াতে যি অসমীয়া মধ্যবিত্তৰ উৎপত্তি হৈছিল, প্ৰথম অৱস্থাত তেওঁলোকৰ মানসিকতা সবল জাতীয়তাবাদী চিন্তা-চৰ্চাৰ অনুকূলে আছিল বুলিব নোৱাৰি। তেওঁলোক আছিল সাম্ৰাজ্যবাদৰ পৰম ভক্ত। অসমীয়া জাতীয় জীৱনৰ প্ৰতিও তেওঁলোক বৰ শ্ৰদ্ধাশীল নাছিল। তাৰ কাৰণো অৱশ্যে নথকা নহয়। মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণে সমগ্ৰ অসমৰ সমাজ তচনচ কৰি এক ভীষণ অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সেই ভয়ানক অৱস্থাৰপৰা ৰাজ্যখনক উদ্ধাৰ কৰি ইংৰাজ শক্তিয়ে ৰাজ্যখনত শান্তি-শৃংখলা স্থাপন কৰাটো অসমৰ ৰাইজে বিচাৰিছিল। আনহাতে, নতুনকৈ সৃষ্টি হ'বলৈ ধৰা অসমীয়া মধ্যবিত্তৰ উৎপত্তি তথা উন্নতিৰ উৎস তথা জখলা আছিল আধুনিক শিক্ষা। পৰিস্থিতিগত কাৰণত উচ্চবৰ্ণীসকলৰ মাজৰপৰা তেনে লোকসকল ওলোৱাৰ সুবিধা আছিল অধিক। অসমত কোনো উচ্চবৰ্ণীৰ ৰাজ্য ইংৰাজ আগমনৰ পূৰ্বে নাছিল। আনহাতে, ইংৰাজৰ অধীনত কৰা চাকৰি আৰু অলপ-অচৰপ ব্যৱসায়েই আছিল সেই মধ্যবিত্তসকলৰ উন্নতিৰ একমাত্ৰ পথ। ফলত সেই মধ্যবিত্তসকল ইংৰাজ সাম্ৰাজ্যবাদৰ ভক্ত হোৱাটো বৰ অস্বাভাৱিক নাছিল। তদুপৰি সেই পথ গ্ৰহণ কৰি কাষৰ বংগদেশত এচাম বঙালী মধ্যবিত্তই চকুত পৰা উন্নতি কৰা তেওঁলোকে দেখিছিল। তেওঁলোক সেই পথৰ প্ৰতি ইমান বেছি মোহগ্ৰস্ত হৈছিল যে তেওঁলোকৰ সকলোতকৈ নামজ্বলা নেতা হলিৰাম ঢেকিয়াল ফুকনে বঙালীতহে লিখা-মেলা কৰাৰ উপৰি বিহুগীত-বিহুনাচক 'ইতৰ শ্ৰেণীৰ লোকৰ অশ্লীল নৃত্য-গীত' আখ্যা দিছিল। অৱশ্যে পৰিস্থিতিলৈ পৰিৱৰ্তন আহিবলৈ বেছি দিন লগা নাছিল। হলিৰামৰেই পুত্ৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ দিনত আৰু তেওঁৰেই নেতৃত্বত জাতীয় স্বকীয়তাৰে উজ্জ্বল অসমীয়া জাতীয়তাবাদে পোখা মেলিছিল। এই প্ৰক্ৰিয়াৰ আৰম্ভণি হৈছিল ঊনবিংশ শতিকাৰ চল্লিছৰ দশকৰপৰা।

ঊনবিংশ শতিকাৰ প্ৰথমভাগৰ শেষ অংশৰপৰা পোখা মেলা অসমীয়া জাতীয়তাবাদে দুটা ধাৰাৰে তাৰ পৰিক্ৰমা আৰম্ভ কৰিছিল। এটা ধাৰাৰ নেতৃত্বত আছিল মণিৰাম দেৱান আৰু আনটোৰ নেতৃত্বত আছিল আনন্দৰাম ঢেকিয়াল ফুকন। মণিৰাম আছিল এফালেদি আধুনিক পুঁজিবাদী অৰ্থনৈতিক স্বতন্ত্ৰ বিকাশৰ দৃঢ় চৰ্চাকাৰী (তেনে দৃষ্টান্ত আধুনিক যুগৰ অসমত বিৰল), আনফালেদি পুৰণা সামন্তীয় সা-সুবিধাৰ দৃঢ় সমৰ্থক। তেওঁ আছিল এক অতি ব্যতিক্ৰমধৰ্মী চৰিত্ৰৰ। সামন্তীয় পুনৰুত্থানবাদৰ পথ আছিল অন্ধগলি। আনহাতে, পুঁজিবাদী উৎসাহেৰে আৰু ভীষণ সাহসেৰে অসমৰ প্ৰথম চাহ বাগিছাৰ খিলঞ্জীয়া মালিক হ'ব খোজা মণিৰাম দেৱানৰ এই প্ৰচেষ্টা আছিল সাম্ৰাজ্যবাদী চাহ বাগিছাৰ মালিকবোৰক জনোৱা অৰ্থনৈতিক জাতীয়তাবাদী প্ৰত্যাহ্বান। ১৮৫৭ চনৰ দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰামত জড়িত হোৱাৰ ঘটনাক অতিৰঞ্জিত কৰি মণিৰাম দেৱানক সাম্ৰাজ্যবাদী শক্তিয়ে ফাঁচিকাঠত ওলমাইছিল, প্ৰকৃততে তেওঁ সাম্ৰাজ্যবাদী চাহ শিল্পপতিক জনোৱা জাতীয়তাবাদী অৰ্থনৈতিক প্ৰত্যাহ্বানৰ বাবেহে। মণিৰামৰ ফাঁচিৰ লগতেই অসমীয়া জাতীয় জীৱনত স্বতন্ত্ৰ জাতীয় অৰ্থনীতি গঢ়াৰ (অৰ্থাৎ জাতীয়তাবাদৰ সকলোতকৈ সুস্থ-সবল ধাৰাটোৰ) অৰ্থনৈতিক জাতীয়তাবাদৰো ফাঁচি হ'ল। অসমীয়া জাতীয়তাবাদত সেই ধাৰাটো সুস্থ-সবল ৰূপেৰে আৰু কাহানিও গা কৰি উঠিব পৰা নাই। একেটা কথাই অসমৰ আন জনগোষ্ঠীৰ জাতীয়তাবাদতো ঘটিছে।

অসমীয়া জাতীয়তাবাদ মূলতঃ ভাষিক জাতীয়তাবাদ। তাৰ আৰম্ভণি হৈছিল ১৮৩৬ চনত ঘটা এটা জাতীয় বঞ্চনাৰ জৰিয়তে। সেই চনতেই ইংৰাজ সাম্ৰাজ্যবাদী প্ৰশাসনে নিজ প্ৰশাসনীয় সুবিধাৰ বাবে অসমৰ প্ৰশাসন আৰু শিক্ষাব্যৱস্থাত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। ই আছিল জাতীয় বঞ্চনা। কাৰণ সম্পূৰ্ণ সুসংহত স্তৰ পোৱা নাছিল যদিও, অসমীয়া ভাষাই ইতিমধ্যে কিমান উন্নত ৰূপ ধাৰণ কৰিছিল তাক ১৮২৬ চনৰপৰা প্ৰকাশ হোৱা প্ৰথম অসমীয়া সংবাদপত্ৰ ‘অৰুনোদই’য়েই প্ৰমাণ কৰে। ই কিমান চমৎকাৰ ৰূপ ধাৰণ কৰিব পাৰে তাক সেই আলোচনী প্ৰকাশৰ পাঁচ বছৰ পিছতেই আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰমাণ কৰি দিছিল। তেনে ভাষা থাকোঁতে বাংলা ভাষাক অসমত ইংৰাজ প্ৰশাসনে জাপি দিয়াত স্বাভাৱিকতেই ব্ৰহ্মপুত্ৰ উপত্যকাত এক জাতীয় বঞ্চনাৰ অনুভৱৰ সৃষ্টি হৈছিল। তাৰ ফলতেই সৃষ্টি হৈছিল অসমীয়া ভাষাক তাৰ যোগ্য স্থানত প্ৰতিষ্ঠা কৰাৰ এক বৌদ্ধিক আন্দোলন আৰু জন্ম হৈছিল অসমীয়া ভাষিক জাতীয়তাবাদী ধাৰাৰ।

অসমীয়া ভাষিক জাতীয়তাবাদৰ ধাৰা অতি বিচিত্ৰ আৰু যথেষ্ট বিতৰ্কিতও। অসমৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰশাসন আৰু শিক্ষাব্যৱস্থাত অসমীয়া ভাষাক প্ৰতিষ্ঠাৰ বাবে হোৱা সংগ্ৰাম চলিছিল ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ, যি চনত অসমীয়া ভাষাই তাৰ যোগ্য স্থান দখল কৰিছিল। ই আছিল সঁচা অৰ্থত জাতীয় বঞ্চনাৰ বিৰুদ্ধে হোৱা সংগ্ৰাম। আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯), গুণাভিৰাম বৰুৱা (১৮৩৫-১৮৯৫) আৰু হেমচন্দ্ৰ বৰুৱা (১৮৩৭-১৮৯৪) - এই ত্ৰিমূৰ্তি আছিল এই ধাৰাৰ আন্দোলনটোৰ নেতৃত্বত আৰু প্ৰধান নেতৃত্বৰ ভূমিকা লৈছিল আনন্দৰাম ঢেকিয়াল ফুকনে। ১৮৩৬-১৮৭০, এই সময়ছোৱা অসমীয়া ভাষিক জাতীয়তাবাদৰ ভেটি নিৰ্মাণৰ যুগ। আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰধান নেতৃত্বত দেখা এই ধাৰাটোত ইংৰাজ সাম্ৰাজ্যবাদী শাসনক বিৰোধিতা কৰাৰ সলনি সেই আধুনিক শাসকৰ সহযোগী হিচাপে আধুনিকতাৰ শিক্ষা যিমান পাৰে আহৰণ কৰা, অসমৰ প্ৰশাসন আৰু শিক্ষাব্যৱস্থাত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসমীয়া ভাষাক কাৰিকৰী দিশেৰে অতি সংহত তথা উন্নত ভাষা কৰি তোলা, আৰু ইংৰাজ শাসকগোষ্ঠীলৈ জনোৱা আবেদনেৰে অসমত যিমান অধিক পৰা যায় আধুনিক পৰিকাঠামোগত উন্নয়ন ঘটোৱা। সেই সময়ত প্ৰশাসনীয় স্বাৰ্থত ৰবিন্সন চাহাবে ১৮৩৯ চনত প্ৰকাশ কৰা অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ 'A Grammar of Assamese Language', অথবা নিজ ধৰ্ম প্ৰচাৰৰ সুবিধাৰ্থে ১৮৪৬ চনৰ জানুৱাৰি মাহৰপৰা বেপ্টিষ্ট মিছনেৰিসকলে শিৱসাগৰৰপৰা প্ৰকাশ কৰা প্ৰথম অসমীয়া সংবাদ পত্ৰ 'অৰুনোদই' ইত্যাদি যদিও অসমীয়া জাতীয়তাবাদৰ স্বাৰ্থপূৰণৰ প্ৰধান উদ্দেশ্যে কৰা কাৰ্য নাছিল, কিন্তু এইবোৰেও সেই উদ্দেশ্য পূৰণত যথেষ্ট সহায় কৰিছিল। তদুপৰি এইবোৰ আনন্দৰাম-প্ৰদৰ্শিত অসমীয়া জাতীয়তাবাদী ধাৰাৰ প্ৰতি দৰদীও আছিল। ইংৰাজ প্ৰশাসনো সেই ধাৰাৰ তীব্ৰ বিৰোধী নাছিল। শাসক শক্তি তীব্ৰ বিৰোধী আছিল মণিৰাম-প্ৰদৰ্শিত ধাৰাৰহে। এই পৰ্বটো মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাৰ নেতৃত্বত এচাম অসমীয়া অগ্ৰজে কুৰি শতিকাৰ পাতনি কাললৈকে কঢ়িয়াই নিছিল। বিজ্ঞানসন্মত ব্যাকৰণ আৰু অভিধানেৰে এইখিনি সময়তেই অসমীয়া ভাষাক পূৰ্ণাংগ ৰূপৰ তথা অতি উচ্চস্তৰৰ আধুনিক ভাষা কৰি তোলা হৈছিল। সেই 'ত্ৰিমূৰ্তি'ৰ প্ৰচেষ্টাতেই ১৮৭৩ চনৰ ৯ এপ্ৰিল তাৰিখৰপৰা ইংৰাজ প্ৰশাসনে অসমৰ প্ৰশাসন তথা শিক্ষাব্যৱস্থাত অসমীয়া ভাষাক পুনৰ প্ৰচলন কৰিছিল। এই ধাৰাটোত যদিও সাম্ৰাজ্যবাদৰ বিৰোধিতা অনুপস্থিত আছিল, তিনিগৰাকী চৰকাৰী বিষয়াই চলোৱা সেই প্ৰচেষ্টা তেনে চৰিত্ৰৰ হোৱাটো আছিল স্বাভাৱিক, কিন্তু প্ৰচেষ্টাটোৰ অসমীয়া জাতিপ্ৰেম আছিল নিভাঁজ আৰু প্ৰচেষ্টাটো আছিল বৌদ্ধিকভাৱে অতি কষ্টসাধ্য তথা সফল। তদুপৰি ই আছিল উগ্ৰজাতীয়তাবাদী চিন্তা-চৰ্চাৰপৰা মুক্ত। বাংলা ভাষা অথবা বঙালী লোকৰ বিৰুদ্ধে কোনো বিৰূপ মন্তব্য তেওঁলোকে দিয়া নাছিল। বঙালী জাতিৰপৰা শিকিবলগীয়াখিনি তেওঁলোকে শিকিছিলহে। সেয়ে এই পৰ্বটোত পৰিস্থিতিৰ হেঁচাত সৃষ্টি হোৱা যি দুৰ্বলতাই নাথাকক কিয়, ই তাৰ সীমাবদ্ধতাৰ মাজতেই অতি গঠনমুখী হ'ব পাৰিছিল।

১৮৭৪ চনৰপৰা পৰিস্থিতিলৈ আহিছিল উল্লেখযোগ্য পৰিৱৰ্তন। অসমীয়া জাতি ভাষিক বঞ্চনাৰপৰা হৈছিল মুক্ত। অসমীয়া ভাষা অসমৰ প্ৰশাসন আৰু শিক্ষাব্যৱস্থাত প্ৰচলিত হোৱাৰ ফলত অসমত স্কুলৰ সংখ্যাও বাঢ়ি আহিল, অসমৰ বাহিৰলৈ গৈ কলেজীয়া শিক্ষা গ্ৰহণ কৰাসকলৰ সংখ্যাও বাঢ়ি আহিল আৰু অসমীয়া চৰকাৰী চাকৰিয়াল তথা আন মধ্যবিত্তৰ সংখ্যাও বাঢ়ি আহিল। এইবোৰে অসমীয়া জাতীয়তাবাদক অধিক তেজস্বী কৰি তুলিলে। কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰই জন্ম দিলে 'জোনাকী যুগ'ৰ। জন্ম দিলে 'অসমীয়া ছাত্ৰৰ সাহিত্য সভা' আৰু ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ। অসমীয়া জাতীয়তাবাদক সাৰ-পানী যোগোৱা একাধিক অসমীয়া কাকত-আলোচনীৰ জন্ম হ'ল।

ঊনবিংশ শতিকাৰ শেষভাগত এনেকৈয়ে অসমীয়া ভাষিক জাতীয়তাবাদে তেজস্বী ৰূপ ধাৰণ কৰিছিল। কিন্তু এই ধাৰাত ঐতিহাসিক কাৰণত কিছু ত্ৰুটিৰো অনুপ্ৰৱেশ ঘটিল। তাৰ প্ৰধান ত্ৰুটি তিনিটা হ'ল -
(১) অসমৰ প্ৰশাসন আৰু শিক্ষাত বাংলা ভাষাৰ প্ৰচলন (১৮৩৬-১৮৭৩) ''বঙালী আমোলাৰ চক্ৰান্তৰ ফলত হৈছিল'' - এই অনৈতিহাসিক ধাৰণাক অসমীয়া ভাষিক জাতীয়তাবাদক তেজস্বী কৰাত ব্যৱহাৰ কৰাৰ সূত্ৰপাত ঘটিছিল ঊনবিংশ শতিকাৰ শেষদুটা দশকৰপৰা। এই অনৈতিহাসিক মতে ১৯৪৭ৰ পিছৰ কালত অসমীয়া ভাষিক জাতীয়তাবাদক উগ্ৰ জাতীয়তাবাদলৈ অধঃপতিত কৰি বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ ভীষণ ক্ষতি সাধন কৰিলে।
২) এই অসমীয়া ভাষিক জাতীয়তাবাদ যিহেতু আনন্দৰাম-প্ৰদৰ্শিত ধাৰাৰ উত্তৰসূৰী আছিল, সেয়ে ই পূৰ্বৰ দৰেই সাম্ৰাজ্যবাদৰ প্ৰত্যক্ষ বিৰোধিতাৰপৰা যিমান পাৰে আঁতৰত আছিল। যি অলপ-অচৰপ বিৰোধিতা আছিল সেইখিনি আছিল যথেষ্ট প্ৰচ্ছন্ন ৰূপেৰে। ফলত অসমীয়া ভাষিক জাতীয়তাবাদৰ মূল সোঁতটো ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এটা সাৱলীল সুঁতি হৈ উঠাত কিছু হ'লেও অসুবিধাৰ সৃষ্টি কৰিছিল। এই কাৰণটোৰ বাবেই ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত অসমীয়া কৃষকসমাজে ফুলগুৰিৰ ধেৱা আৰু ৰাইজমেলৰ জৰিয়তে গঢ়ি তোলা সাম্ৰাজ্যবাদ-বিৰোধী বিদ্ৰোহবোৰৰপৰাও অসমীয়া জাতীয়তাবাদী নেতৃত্বই আঁতৰত অৱস্থান গ্ৰহণ কৰিছিল।

কুৰি শতিকাৰ দ্বিতীয় বছৰটোতে অসমত প্ৰথমখন কলেজ কটন কলেজ স্থাপন হোৱাৰে পিছৰেপৰা অসমীয়া মধ্যবিত্তৰ সংখ্যাও অভূতপূৰ্ব ৰূপেৰে বাঢ়িব ধৰিলে। লগতে অসমীয়া জাতীয়তাবাদেও অধিক প্ৰতাপী হোৱাৰ সমল লাভ কৰিলে। কটন কলেজ প্ৰতিষ্ঠাৰ দুবছৰ পিছতেই, অৰ্থাৎ ১৯০৩ চনত প্ৰতিষ্ঠা লাভ কৰিলে অসমীয়া মধ্যবিত্তৰ প্ৰথমটো জাতীয় সংগঠন ‘আসাম এছ’চিয়েচন’এ, যিটো সংগঠনে আনন্দৰাম-প্ৰদৰ্শিত পথেই গ্ৰহণ কৰিছিল। কুৰি শতিকাৰ আৰম্ভণিৰেপৰা অসমৰ জনগাঁথনি ভৱিষ্যতে সম্পূৰ্ণ তচনচ কৰা বাংলাভাষীৰ প্ৰব্ৰজনৰ সমস্যাৰ আৰম্ভণি হৈছিল। অৱশ্যে ১৯৪৭ চনৰ ১৪ আগষ্টলৈকে এনেদৰে প্ৰব্ৰজিত হোৱাসকল বিদেশী নাছিল। কাৰণ তেতিয়ালৈকে দেশ বিভাজন হোৱা নাছিল। এই প্ৰব্ৰজন দেখা দিয়াৰ গুৰিতে আছিল ভাৰত শাসন কৰি থকা ইংৰাজ সাম্ৰাজ্যবাদী শাসকবৃন্দ, যিচামে সেৰেঙা জনসংখ্যাসম্পন্ন অসমৰ পতিত ভূমিত অতি ঘন জনসংখ্যাসম্পন্ন তথা অতি দৰিদ্ৰ কৃষকেৰে ভৰা তদানীন্তন অবিভক্ত বংগদেশৰপৰা অনা কৃষকক সেই ভূমিত সংস্থাপিত কৰি চৰকাৰৰ ৰাজহ বৃদ্ধি কৰিব বিচাৰিছিল। ক্ষমতা হস্তান্তৰৰ পিছত ই ভয়ানক 'বিদেশী অনুপ্ৰৱেশ'ৰ সমস্যালৈ পৰিৱৰ্তিত হ'ল। এই সমস্যাই যদিও অসমৰ সমাজজীৱনত কুৰি শতিকাৰ সত্তৰৰ দশকৰ সামৰণি কালৰপৰা তোলপাৰ লগাই আছে, কিন্তু বৃহত্তৰ অসমীয়া সমাজত এই প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰক্ৰিয়াটোৰ উৎপত্তিৰ কিছুদিন পিছৰেপৰাই প্ৰতিবাদ আৰম্ভ হৈছিল।

বাংলাভাষীৰ অসমলৈ ঘটা অবিৰত প্ৰব্ৰজনে কুৰি শতিকাৰ দ্বিতীয় দশকৰপৰাই অসমীয়া জাতীয়তাবাদৰ ওপৰত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছিল আৰু সেই চিন্তা-ধাৰাত বঙালী-বিদ্বেষ পূৰ্বৰ তুলনাত স্বাভাৱিক কাৰণতেই বঢ়াইছিল। ১৯১৬ চনত জন্ম লাভ কৰিছিল 'অসম ছাত্ৰ সন্মিলনে' আৰু 'অসম সাহিত্য সভা'ই জন্ম লাভ কৰিছিল ১৯১৭ চনত। এই সংগঠন দুটাৰ উৎপত্তিয়ে, বিশেষকৈ দ্বিতীয়টোৰ উৎপত্তিয়ে, অসমীয়া জাতীয়তাবাদক অভূতপূৰ্ব ৰূপেৰে শক্তিশালী কৰি তুলিছিল। কিন্তু তাৰ মূল ধাৰাটো আনন্দৰাম-প্ৰদৰ্শিত পথতেই থকা বাবে দেশৰ স্বাধীনতা সংগ্ৰাম ক্ৰমান্বয়ে শক্তিশালী হৈ অহা সত্ত্বেও ই তাৰ সোঁতত উজাব লগা ধৰণে উজাব নোৱাৰিলে। ১৯২১ চনৰ অসহযোগ আন্দোলনত যদিও অসমীয়া মধ্যবিত্তৰ অংশগ্ৰহণ অতি চকুত পৰা আছিল, কিন্তু সেই আন্দোলন বিফল হোৱাৰ পিছত অসমীয়া ভাষিক জাতীয়তাবাদে অধিক উগ্ৰতাৰে আত্মপ্ৰকাশ কৰিছিল। ১৯২৬ চনত অম্বিকাগিৰি ৰায়চৌধুৰী, বাগ্মীবৰ নীলমণি ফুকন, সত্যনাথ বৰা আদিৰ নেতৃত্বত গঠিত হৈছিল 'অসম সংৰক্ষিণী সভা' আৰু ১৯৩৫ চনত গঠিত হৈছিল 'অসম জাতীয় মহাসভা'। দুয়োখনতেই অসমীয়া ভাষিক জাতীয়তাবাদে বঙালী-বিদ্বেষেৰে যথেষ্ট জংগী ৰূপ ধাৰণ কৰিছিল।

অসমীয়া ভাষিক জাতীয়তাবাদে সেই সময়ছোৱাত বঙালী-বিদ্বেষেৰে উগ্ৰ ৰূপ ধাৰণ কৰাত যদিও প্ৰব্ৰজনৰ তীব্ৰ হেঁচাৰ বিশেষ প্ৰভাৱ আছিল, আৰু স্বাধীনতা আন্দোলনে তেতিয়ালৈকে সফলতাৰ মুখ নেদেখাত এই হেঁচা বাঢ়িছিল, লগতে তেতিয়াই ই নগ্ন উগ্ৰজাতীয়তাবাদৰ ৰূপ লোৱা নাছিল, কিন্তু ক্ষমতা হস্তান্তৰৰ পিছত যি অসমীয়া উগ্ৰজাতীয়তাবাদে দেখা দিলে, সেই প্ৰৱণতাৰ সৃষ্টিত এই দৃষ্টান্তই বিশেষ প্ৰভাৱ পেলাইছিল। বিশেষকৈ অসমৰ প্ৰশাসন আৰু শিক্ষাব্যৱস্থাত বাংলা ভাষাৰ প্ৰচলন বঙালী আমোলাৰ চক্ৰান্তৰ ফলত হৈছিল বোলা অনৈতিহাসিক মতৰ প্ৰচলন এই সময়ছোৱাৰপৰাই তীব্ৰভাৱে বাঢ়ি অহাৰ ফলত।
অসহযোগ আন্দোলনৰ সময়ৰেপৰা অসমীয়া জাতীয়তাবাদত এটা গণমুখী ধাৰাৰো উৎপত্তি হ'ল। এই ধাৰাটো দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱেৰে সুগন্ধী। এই ধাৰাটোৰ সৃষ্টিত নেতৃত্ব লৈছিল ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদে। তেওঁৰ প্ৰধান সংগী আছিল সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা, আৰু পিছলৈ লগ হ'লহি সংগীতসূৰ্য ড০ ভূপেন হাজৰিকা। কুৰি শতিকাৰ ত্ৰিছৰ দশকত এটা ধাৰাটো অতি শক্তিশালী হৈ পৰিছিল। সেই শতিকাৰ চল্লিছৰ দশকৰপৰা অসমত বাঁও আন্দোলনৰ ঢৌ উঠিবলৈ ধৰে। উপৰোক্ত গণমুখী ধাৰাটো এফালেদি দেশৰ স্বাধীনতা সংগ্ৰামৰ, বিশেষকৈ ‘ভাৰত ত্যাগ’ আন্দোলনত আৰু ক্ষমতা হস্তান্তৰৰ পিছত বাঁও আন্দোলনত, বিশেষকৈ ভাৰতীয় গণনাট্য আন্দোলনত চামিল হয়। তেতিয়াৰেপৰা অসমীয়া জাতীয়তাবাদত সোঁপন্থী আৰু বাঁওপন্থী – এই দুটা ধাৰাৰ সৃষ্টি হ'ল। সোঁপন্থী ধাৰাটো একাধিকবাৰ উগ্ৰজাতীয়তাবাদৰ বোকাত পৰিছে। বাঁওপন্থী ধাৰাটো গণমুখী তথা সংমিশ্ৰণমুখী।

অসমীয়া জাতীয়তাবাদত বঙালী-বিদ্বেষৰ জৰিয়তে উগ্ৰজাতীয়তাবাদৰ বীজ যদিও ১৯৪৭ চনৰ ক্ষমতা হস্তান্তৰৰ পূৰ্বৰেপৰা আছিল, কিন্তু অসমীয়া জাতীয় জীৱনৰ বাবে দুৰ্ভাগ্যৰ কথা যে ক্ষমতা হস্তান্তৰৰ পিছত সেই বীজাণু আঁতৰ হোৱাৰ সলনি হৈ ভয়ানক ৰূপেৰে সোঁ ধাৰাটোৰ জৰিয়তে মূৰ দাঙিহে উঠিল। দেশ বিভাজনৰ পূৰ্বে বংগৰ অতি ঘন জনবসতিৰ শ্ৰীহট্ট জিলা (চিলেট, বৰ্তমান বাংলা দেশত) যিহেতু অসম ৰাজ্যৰ ভিতৰত আছিল সেয়ে অসমীয়া অসমত বঙালী আছিল সংখ্যাগৰিষ্ঠ। তদুপৰি ৰাজ্যখনৰ শাসন ক্ষমতা ইংৰাজৰ হাততহে। তেনে পৰিস্থিতিত অসমীয়া উগ্ৰজাতীয়তাবাদে ফেঁট তোলাটো সম্ভৱ নাছিল। কিন্তু স্বৰাজ হস্তান্তৰৰ পিছত পৰিস্থিতি সম্পূৰ্ণ সলনি হ'ল। অসমত বঙালী হৈ পৰিল সংখ্যালঘু। সংখ্যাগুৰু অসমীয়াৰ মধ্যবিত্তৰ অগ্ৰজ এচামৰ হাতলৈ আহিল শাসন ক্ষমতা। অৰ্থনৈতিকভাৱে দুৰ্বল অসমীয়া মধ্যবিত্তই ৰাজনৈতিক ক্ষমতাকেই নিজ প্ৰভুত্ব ৰাজ্যখনত বৰ্তাই ৰখাৰ পন্থা হিচাপে গ্ৰহণ কৰিলে আৰু তাৰ বাহক হিচাপে অসমীয়া ভাষিক জাতীয়তাবাদক কৰিলে ব্যৱহাৰ। আনহাতে, অসমীয়া মধ্যবিত্তৰ উত্থানত পশ্চিমীয়া শিক্ষাৰ গ্ৰহণে লৈছিল প্ৰধান ভূমিকা। ঐতিহাসিক কাৰণত অসমীয়া উচ্চবৰ্ণৰ মাজৰপৰা কুৰি শতিকাৰ সত্তৰৰ দশকলৈ এনে লোক অধিক পৰিমাণে ওলাইছিল। ফলত অসমীয়া মধ্যবিত্তৰ মাজত সেই সময়ত উচ্চবৰ্ণৰ প্ৰাদুৰ্ভাব ঘটিল, যিটোৱে অসমীয়া ভাষিক জাতীয়তাবাদত উচ্চবৰ্ণবাদী আঁৰ-সোঁত এটাৰো সৃষ্টি সেই সময়ত কৰিলে। ফলত এই উচ্চবৰ্ণবাদৰ আঁৰ-প্ৰভাৱে ইতিমধ্যে থকা বঙালী-বিদ্বেষৰ লগ হৈ অসমীয়া ভাষিক জাতীয়তাবাদক উগ্ৰজাতীয়তাবাদৰ কুপ্ৰভাৱলৈ কুৰি শতিকাৰ দ্বিতীয় ভাগত ঠেলি দিলে। বিদেশী অনুপ্ৰৱেশৰ খুন্দা আৰু অনুপ্ৰৱেশকাৰীবোৰৰ বেছিভাগ মুছলমান হোৱাৰ পৰিপ্ৰেক্ষিতত কুৰি শতিকাৰ আশীৰ দশকৰপৰা অসমীয়া ভাষিক জাতীয়তাবাদত প্ৰথমবাৰৰ বাবে হিন্দুত্ববাদী আঁৰ-সোঁত এটাৰো অনুপ্ৰৱেশ ঘটিছে। সাম্প্ৰতিক কালত অসমত বিজেপি আৰু আৰ এছ এছৰ উত্থানে এই কুপ্ৰৱণতাৰ শক্তি বৃদ্ধি কৰিছে। ইছলামধৰ্মী অসমীয়াসকলৰ মাজত স্বাভাৱিকতেই এই কুপ্ৰৱণতাই সৃষ্টি কৰিছে যথেষ্ট অস্বস্তিৰ। ইছলামীয় মৌলবাদ তথা সন্ত্ৰাসবাদৰ বিশ্ববিয়পা উত্থানে পৰিস্থিতি কৰি তুলিছে আৰু অধিক ভয়ানক। অসমীয়া উগ্ৰ জাতীয়তাবাদে বৃহত্তৰ অসমীয়া জাতীয় জীৱনলৈ নমাই অনা অতি ভয়াৱহ কুফলবোৰৰ ভিতৰৰ সকলোতকৈ ভীষণ কুফলটো হ'ল - উচ্চবৰ্ণবাদৰ আঁৰ-কুপ্ৰভাৱ থকা এই ধাৰাটোৱে একালৰ ‘বৰ অসম’কো ভাঙি তচনচ কৰিলে, আৰু পিছলৈ বৃহত্তৰ অসমীয়া জাতীয় জীৱনকো টকুৰা-টুকুৰ কৰিলে। অসমীয়া উগ্ৰজাতীয়তাবাদে প্ৰথম মূৰ দাঙি উঠিছিল ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত। সংখ্যালঘু উচ্চবৰ্ণ অসমীয় শাসকৰ অধিপত্যত থকা তদানীন্তন অসম চৰকাৰ আৰু অসমীয়া মধ্যবিত্তই বহুভাষিক অসমত অসমীয়া ভাষাক একে পন্থাৰে ৰাজ্যভাষা কৰিলে যাৰদ্বাৰা অসমৰ বাংলাভাষীসকলৰ লগতেই পৰ্বতীয়া জনজাতীয় অসমবাসীসকলো অতি বিতুষ্ট হ'ল। তাৰ ফলতেই ১৯৬০ চনত জন্ম হ'ল ‘All Party Hill Leaders Conference’ দলৰ আৰু এই শক্তিৰ নেতৃত্বতেই অৱশেষত খাছী-জয়ন্তীয়া আৰু গাৰো পাহাৰ অসমৰপৰা ওলাই গৈ ১৯৭০ চনত সৃষ্টি কৰিলে মেঘালয়।

১৯৭২ চনত অসমত পোনপ্ৰথমবাৰৰ বাবে শৰৎচন্দ্ৰ সিংহৰ নেতৃত্বত অসমৰ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ অংশ নিম্নবৰ্ণীসকলৰ ৰাজনৈতিক অগ্ৰজসকলে ৰাজ্যিক ক্ষমতা দখল কৰে। নিম্নবৰ্ণীৰ এই উত্থান প্ৰতিহত কৰাৰ আন উদ্দেশ্যৰে ১৯৭২ চনত দেখা দিয়ে অসমীয়া মাধ্যম আন্দোলন। এই আন্দোলনৰ হেঁচাত প্ৰয়োজনীয় প্ৰস্তুতি অবিহনেই অসমৰ উচ্চ শিক্ষাত যদিও অসমীয়া মাধ্যমৰ প্ৰচলন হ'ল, কিন্তু ই ক্ষমতাত অধিষ্ঠিত চৰকাৰকো অপসাৰিত কৰিব নোৱাৰিলে (কাৰণ নিম্নবৰ্ণীসকল ৰাজ্যখনৰ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ অংশ), আৰু অসমীয়া মাধ্যমৰ উচ্চ শিক্ষায়েও দুই দশকৰ ভিতৰত অসমীয়া মধ্যবিত্তৰ প্ৰভুত্বশালী অংশৰ (যিসকলেই আছিল 'মাধ্যম আন্দোলন'ৰ নেতৃত্বদায়ীও) মাজত ক্ৰমান্বয়ে নিজ ক্ষুদ্ৰ স্বাৰ্থজনিত কাৰণত গ্ৰহণযোগ্যতা হেৰুৱাবলৈ ধৰিলে। তাৰ বিপৰীতে অসমীয়াসকলৰ প্ৰধান বাসভূমি ব্ৰহ্মপুত্ৰ উপত্যকাত নিম্নবৰ্ণীসকলৰ সবাতোকৈ নিম্নস্তৰত অন্তৰ্ভুক্ত হৈ থকা খিলঞ্জীয়া জনজাতীয় গোষ্ঠীবোৰৰ মাজত এই আন্দোলনৰ খুন্দাই জনগোষ্ঠীয় উত্থানৰ আন্দোলনৰহে জন্ম দিলে। 'মাধ্যম আন্দোলন'ৰ কেইমাহমান পিছতেই ১৯৭৩ চনত ‘Plains Tribal Council of Assam’ দলৰ নেতৃত্বই ব্ৰহ্মপুত্ৰ উপত্যকাত ভৈয়াম জনজাতিৰ বাবে সুকীয়া 'উদয়াচল' সৃষ্টিৰ দাবী তুলিলে আৰু এই দাবীয়েই অৱশেষত নানা ঘাত-প্ৰতিঘাতেৰে আগ বাঢ়ি আজিৰ বি টি চি আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সৃষ্টি কৰিলে। ১৯৭৩ চনতেই বড়ো ভাষাক মাধ্যমিক স্তৰত শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিবলৈ অসম চৰকাৰ বাধ্য হ'ল আৰু বড়ো সাহিত্য সভাই 'ৰোমান লিপি'ৰ বাবে আৰম্ভ কৰিলে আন্দোলন। বৰ্তমানৰ সুকীয়া বড়োলেণ্ড আন্দোলনৰ ইয়েই আছিল আৰম্ভণি আৰু তাৰ সৃষ্টিত ১৯৭২ৰ অসমীয়া মাধ্যম আন্দোলনৰ নেতৃত্বই অসমৰ বহুভাষিক চৰিত্ৰক দিবলগা গুৰুত্বৰ নিদিয়াৰ ভূমিকা আছিল।

অসমীয়া উগ্ৰ জাতীয়তাবাদে তাৰ শেষ চিঞৰটো মাৰিলে 'অসম আন্দোলন'ত (১৯৭৯-১৯৮৫)। বিদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ সমস্যা বৰ্ণবাদ, ধৰ্মান্ধতাৰ আঁৰ-প্ৰভাৱ থকা উগ্ৰজাতীয়তাবাদী আৱেগত উটি-ভাহি গৈ অসমীয়া জাতীয়তাবাদীৰ সোঁ মহলে সম্পূৰ্ণ অবাস্তৱ ‘সময় সীমা’ৰে আৰু অগণতান্ত্ৰিকভাৱে উপস্থাপন কৰি এফালেদি সেই অতি গুৰুত্বপূৰ্ণ সমস্যাটোৰ সমাধান অভাবনীয় ৰূপেৰে জটিল কৰি তুলিলে, আৰু আনফালে বৃহত্তৰ অসমীয়া জাতীয় জীৱনলৈ নমাই আনিলে মাৰাত্মক ভাঙোন। লগতে এই পৰ্বত সেইটো ধাৰাৰ জাতীয়তাবাদে তাৰ চৰম সীমা চুই বিছিন্নতাবাদী উগ্ৰপন্থাৰ পথতো খোজ দিলেগৈ, আৰু অস্ত্ৰসৰ্বস্ব-অৰ্থসৰ্বস্ব হঠকাৰিতাৰ বিচ্যুতিতো মতাদৰ্শগত ত্ৰুটিৰ নামে ভৰি দিলেগৈ। অসমীয়া জাতীয়তাবাদৰ এই ধাৰাৰ প্ৰভুত্ব একবিংশ শতিকাত নিজ মতাদৰ্শগত ত্ৰুটিৰ খুন্দাত জামৰি আহিছে।

বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ সৰ্বনাশ মাতি অনাৰ চালিকাশক্তি আছিল ‘অসম অসমীয়াৰ’ - এই অগণতান্ত্ৰিক মনোভাবটো। যদিও বঙালী জাত্যভিমানক প্ৰত্যাহ্বান জনোৱাৰ অচিলাৰে তাৰ প্ৰচলন ঘটোৱা হৈছিল, কিন্তু ইয়ে অসমৰ আন অনা-অসমীয়াৰ লগতেই জনজাতীয় জনগোষ্ঠীবোৰকো বিতুষ্ট কৰিছে। আৰু তেওঁলোকৰ মাজত শিক্ষিত মধ্যবিত্ত বাঢ়ি অহাৰ লগে লগে যে এই বিতুষ্টিয়ে সংঘাত তথা বিদ্বেষৰ ৰূপ লৈ বৃহত্তৰ অসমীয়া জাতিক থানবান কৰিব - স্বাৰ্থলোভী অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশৰ মাজত এই সচেতনতাৰ অভাৱেই এই মহা বিপৰ্যয়ৰ সৃষ্টি কৰিলে। এই বিপদ যে আহিব তালৈ আমি এমুঠিয়ে সোঁতৰ বিপৰীতে থিয় দি ‘অসম আন্দোলন’ৰ প্ৰস্তুতিপৰ্বৰ সময়ৰেপৰা বাৰেপতি সকীয়াই থকা সত্ত্বেও আৱেগত উটি-ভাহি থকা অসমীয়াসকলৰ অতি বৃহৎ অংশটোৱে কোনো মনেই নিদিলে। ফলত অসমখন অসমীয়াৰ নহ'লেই, তাৰ বিপৰীতে বৃত্তৰ প্ৰান্তত অতদিনে থকা জনজাতীয় 'জাতি ভাই'সকলো এটা এটাকৈ সেই জাতীয় বৃত্তৰপৰা আঁতৰিহে গ'ল।

এতিয়া আৰু সেই পুৰণা উগ্ৰজাতীয়তাৰ ৰহণ থকা অসমীয়া জাতীয়তাবাদে প্ৰভুত্ব লাভ কৰাৰ পৰিস্থিতি নাই। অসমীয়া জাতীয়তাবাদে প্ৰভুত্ব চলোৱাৰ সলনি আত্মৰক্ষা কৰিবলগা হোৱাৰ পৰিস্থিতিৰে উদ্ভৱ হৈছে। এই পৰিস্থিতিত বাঁও-গণতান্ত্ৰিক ধাৰাৰ জাতীয়তাবাদেহে অসমীয়া জাতীয়তাবাদক ৰক্ষা কৰি তাক পুনৰ সবল কৰি তুলিবলৈ সক্ষম হ'ব। এই গণমুখী জাতীয়তাবাদী পথৰ মহান জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ড০ ভূপেন হাজৰিকাই তাহানিতেই দি গৈছে। অসমৰ বাঁও-গণতান্ত্ৰিক শিবিৰে অতি প্ৰতিকূল পৰিস্থিতিৰ মাজতো সেই পথ অতিক্ৰম কৰি আহিছে। সেই পথ কিমান শুদ্ধ তাক এটা বাস্তৱেই স্পষ্ট কৰি দিয়ে। ‘অসম আন্দোলন’ৰ পৰৱৰ্তী কালৰ অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো সংকটত অসমৰ জনজীৱনৰ সপক্ষে অগ্ৰণী ভূমিকাৰে থিয় দিছে বাঁও-গণতান্ত্ৰিক নেতা-নেত্ৰীসকলহে, যিসকল ‘অসম আন্দোলন’ত সোঁ ধাৰাৰ অসমীয়া জাতীয়তাবাদী শিবিৰৰদ্বাৰা ‘জাতিদ্ৰোহী’ হিচাপেহে নিন্দিত হৈছিল। সেই ধুমুহাক আওকাণ কৰি ১৯৮১ চনতেই কৈছিলো - অসমীয়া ভাষাক সংযোগী ভাষা হিচাপে লৈ, আৰু উগ্ৰজাতীয়তাবাদক সম্পূৰ্ণ পৰিহাৰ কৰি, মানৱীয় প্ৰমূল্যৰে জীপাল গণতান্ত্ৰিক জাতীয়তাবাদৰ ধাৰাক যদি অসমীয়া জাতীয়তাবাদীয়ে গ্ৰহণ কৰে আৰু অসমৰ আন সকলো ভাৰতীয় নাগৰিকৰ প্ৰতিটোৰে নিজ নিজ জাতীয় তথা ধৰ্মীয় জীৱনৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আৰু সম্পূৰ্ণ ভাতৃত্ববোধৰ মনোভাবেৰে আৰু শান্তিপূৰ্ণ অৰ্থনৈতিক তথা সামাজিক আদান-প্ৰদানেৰে অসমীয়া জাতীয় জীৱনক পুনৰ শক্তিশালী কৰাৰ প্ৰচেষ্টাত ব্ৰতী হয়, তেন্তে বৃহত্তৰ অসমীয়া জাতীয় জীৱনে পুনৰ ঠন ধৰি উঠিব। এই মতৰ গুৰুত্ব বৰ্তমানে আৰু বাঢ়িছে।

বৃহত্তৰ অসমীয়া জাতীয় জীৱনক অসমীয়া উগ্ৰজাতীয়তাবাদে থানবান কৰাৰ পিছত সম্প্ৰতি আন ভয়ানক ভাবুকিৰ সন্মুখীন হৈছে। এই ভাবুকি আহিছে হিন্দুত্ববাদী তথা অতি কেন্দ্ৰিকতাবাদী বিজেপি নেতৃত্বৰপৰা। কংগ্ৰেছৰ দৰেই বৃহৎ পুঁজিপতিবোৰৰ স্বাৰ্থপূৰণত ব্যস্ত বিজেপি নেতৃত্বই যি হিন্দী সম্প্ৰসাৰণবাদৰ বুলড’জাৰ সম্প্ৰতি ভাৰতত চলাব ধৰিছে, তাৰ খুন্দা বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ আমোলত অসমীয়া জাতীয় জীৱনৰ ওপৰত পৰিছেহি। অসমত এনে শিক্ষানীতিৰ প্ৰৱৰ্তন অসম চৰকাৰে কৰিব বিচাৰিছে যাৰ ফলত কিছু বছৰৰ পিছত ‘ছেবা’ অস্তিত্বহীন হৈ অসমৰ স্কুলবোৰ 'চি বি এছ চি'ৰ তললৈ যাবগৈ পাৰে। তেনে ঘটিলে অসমত স্কুলত অসমীয়া ভাষাৰ বিশেষ চৰ্চাই নাথাকিব। ই অসমীয়া জাতীয় জীৱনৰ যে ধ্বংস কৰিব সেইটো খাটাং।
এই সৰ্বনশীয়া প্ৰক্ৰিয়াটোৰ গুৰিতেই আছে বিশ্বায়নৰ স্বাৰ্থপূৰণ। সাম্ৰাজ্যবাদী বিশ্বায়নৰ হোতা বৃহৎ পুঁজিপতিবোৰৰ বজাৰৰ স্বাৰ্থত প্ৰয়োজন একভাষিক শিক্ষাব্যৱস্থাৰ, লগতে প্ৰয়োজন নিজ সামগ্ৰীৰ নিয়ন্ত্ৰণত থকা এক ৰাষ্ট্ৰীয় বজাৰী সংস্কৃতিৰ, যিটো প্ৰকৃততে কু-সংস্কৃতিহে। এই ভয়ানক ধুমুহাৰ খুন্দাই বৃহত্তৰ অসমীয়া জাতীয় জীৱনত মহা সংকটৰ সৃষ্টি কৰিছে। এই মহা সংকটৰপৰা বৃহত্তৰ অসমীয়া জাতীয় জীৱনক উদ্ধাৰ কৰিব পাৰে মাথোন গণমুখী অসমীয়া জাতীয়তাবাদে, যিটো এফালেদি উগ্ৰজাতীয়তাবাদ, উগ্ৰনৃগোষ্ঠীবাদ, বৰ্ণবাদ, ধৰ্মান্ধতা, হিন্দী সম্প্ৰসাৰণবাদৰ বিৰোধী আৰু আনফালে সাম্ৰাজ্যবাদী বিশ্বায়নৰ বিৰোধী। অসমীয়া সাধাৰণ ৰাইজৰ বাবে সৌভাগ্যৰ কথা যে উগ্ৰজাতীয়তাবাদৰ বাহক অসমীয়া মধ্যবিত্তৰ সুবিধাবাদী অংশটোৱে ইতিমধ্যে হিন্দী সম্প্ৰসাৰণবাদী তথা সাম্ৰাজ্যবাদী বিশ্বায়নপন্থী শিবিৰত নিজকে চামিল কৰিছে। ফলত এটা জাতীয় বিপদ আঁতৰ হৈছে। লগতে ‘অসম চুক্তি’ নিৰ্ধাৰিত ১৯৭১ চনৰ ২৫ মাৰ্চে ‘বৈধ অসমবাসী’ কোন তাক স্পষ্ট কৰি দিছে আৰু পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে সেই তালিকা নিয়মীয়া কৰিব। সময়ে অনা এই সুযোগ গণতান্ত্ৰিক ধাৰাৰ অসমীয়া জাতীয়তাবাদে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পাৰিলে বৃহত্তৰ অসমীয়া জাতীয় জীৱন সবল-সুঠাম ৰূপৰ হৈ পৰিব।

Share Button
Print Friendly, PDF & Email

1 Comment : "অসমীয়া জাতীয়তাবাদৰ গতিধাৰা : সমস্যা আৰু সমাধান - (উদয়াদিত্য ভৰালী)"

Leave a Comment

Your email address will not be published. Required fields are marked *