নিবন্ধবিবিধ চিন্তা

“সতীৰ্থৰ চোতালে চোতালে মুক্ত চিন্তা”- (বিশেষ প্ৰতিবেদন)

(টোকা: যুক্তি-বিকাশ সমিতি, অসমৰ যোৰহাট শাখা আৰু মুক্ত চিন্তাৰ উদ্যোগত “সতীৰ্থৰ চোতালে চোতালে মুক্ত চিন্তা” শীৰ্ষক এটি বিশেষ কাৰ্যসূচী এপ্ৰিল, ২০২৩ ৰ পৰা ৰূপায়ণ কৰা হৈছে৷ সমিতিৰ সতীৰ্থসকলৰ লগতে পৰিয়াল, ওচৰ-চুবুৰীয়াৰ মাজত অন্তৰঙ্গতা বৃদ্ধি, বৌদ্ধিক উৎকৰ্ষ সাধন আদি উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে৷ বৈঠকসমূহৰ কাঠামো যাতে ন্যূনতম ব্যয়সাপেক্ষ আৰু একেধৰণৰ (ইউনিফৰ্ম) হয়, তাত গুৰুত্ব আৰোপ কৰা হৈছে৷ মাহেকীয়া বৈঠকসমূহ দুই ধৰণে পৰিকল্পনা কৰা হৈছে৷ এটা মাহত কেৱল সতীৰ্থৰ মাজত বৈঠক হ’লে পিছৰ মাহত সমিতিৰ বাহিৰৰ লোকক সামৰি কিছু বহলভিত্তিত আয়োজন কৰিবলৈ প্ৰয়াস কৰা হয়৷ কিছু বহল ভিত্তিত অনুষ্ঠিত কৰা তেনে দুখন সতীৰ্থ সভাৰ প্ৰতিবেদন এইমাহৰ মুক্ত চিন্তাৰ পাঠকৰ বাবে আগবঢ়োৱা হ’ল‌।) 

সতীৰ্থৰ চোতালে চোতালে মুক্ত চিন্তা (৭ম) – প্ৰতিবেদক: ৰাহুল মিলি

যোৱা ১৯/১১/২০২৩ তাৰিখে সপ্তম সতীৰ্থৰ চোতালে চোতালে মুক্ত চিন্তা অনুষ্ঠানটি সমিতিৰ এগৰাকী সতীৰ্থ তিতাবৰ, ৰঙাজানৰ ত্ৰিলোচন গগৈৰ ঘৰৰ চোতালত অনুষ্ঠিত হয়৷ অনুষ্ঠানটোত বিশিষ্ট যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈৰ “ককা আৰু নাতিৰ এক আধুনিক সংলাপ” প্ৰৱন্ধটিৰ নাটকীয় উপস্থাপন কৰা হয়৷ ককা আৰু নাতিৰ চৰিত্ৰ ৰূপায়ণ কৰে ক্ৰমে শিৱসাগৰৰ সতীৰ্থ শান্তনু কোঁৱৰ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ হৃষীকেশ বৰাই৷ যুক্তি-বিকাশ সমিতি, অসমৰ সতীৰ্থ ড° বৰ্ণালী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠানটি শুভাৰম্ভ হয় প্ৰজ্ঞাৰাণী গগৈয়ে পৰিৱেশন কৰা মুক্ত চিন্তাৰ গীত “মুক্ত নহয় চন্দ্ৰ সূৰ্য”ৰে৷ গৃহস্থ ত্ৰিলোচন গগৈয়ে আদৰণি জনোৱাৰ পিছত অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে অনলাইন আলোচনী “মুক্ত চিন্তা”ৰ মুখ্য সম্পাদক ড° কৌশিক দাসে৷ সমিতিৰ সতীৰ্থ গৌতম গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত প্ৰৱন্ধ পাঠ আৰু আলোচনাত নতুন পদাতিকৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি বৰগোহাঁই, নতুন মিছিলৰ সম্পাদক মৃদুল কুমাৰ হাজৰিকা, শিক্ষক কল্যাণী কোঁৱৰ, চিত্ৰশিল্পী অজিত শইকীয়া, নাট্যকাৰ-পৰিচালক ৰাজীৱ দত্ত. সাংবাদিক বিমান শইকীয়া, সুদৰ্শন বৰবড়া, ৰাহুল মিলি, মাজনী গগৈ, প্ৰভাত হাজৰিকা, গীতিকাৰ চেনীৰাম বৰুৱাকে প্ৰমুখ্য কৰি  প্ৰায় সত্তৰগৰাকী ব্যক্তি উপস্থিত থাকে৷ এইসকলৰ উপৰি ধৰ্ম আৰু ঈশ্বৰৰ অস্তিত্ব তথা প্ৰাসংগিকতা সম্পৰ্কত মুকলি আলোচনাত সক্ৰিয় অংশগ্ৰহণ কৰে সমাজকৰ্মী দেৱযানী গগৈ, বিপুল গগৈ, ৰাজীৱ গগৈ, ৰক্তিমা দত্ত, সোমেশ্বৰ গগৈ আদিয়ে৷ কেইবাটাও গীত পৰিৱেশনেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে গীতিকাৰ-সুৰকাৰ গৌৰীশংকৰ বৰাই৷ কণমাণি ৰিচাংকু, বৃষ্টি, প্ৰণামী, প্ৰিয়ানুজ, গাৰ্গী, জিলমিল জোনাক আদিয়ে গীত আৰু কবিতাৰে অনুষ্ঠানটো মুখৰিত কৰি তোলে৷ সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায় গৃহস্থ সন্ধ্যা গগৈ আৰু অৰুণ গগৈয়ে৷ সমিতিৰ তৰফৰ পৰাও গৃহস্থলৈ কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷

সতীৰ্থৰ চোতালে চোতালে মুক্ত চিন্তা (৮ম) – প্ৰতিবেদক: কল্যাণী কোঁৱৰ

প্ৰাচীন ভাৰতত ব্ৰাহ্মণ্যবাদী ধৰ্মীয় আচাৰৰ ছত্ৰছায়াত বৰ্ণবাদকে আদি কৰি বহু অন্ধবিশ্বাসে খোপনি পুতি আছিল‌। পূজা-পাতল, যাগ-যজ্ঞ, জীৱ-জন্তুৰ বলি, জৰা-ফুকা, জন্ম কুণ্ডলী, ৰাশিফল চোৱা, ভাগ্য গণনা, তাবিজ-মাদলি পিন্ধা, ভূত-প্ৰেত, ডাইনী-যখিনী, দেহত ভগৱান লম্ভা বিশ্বাস, জাত-পাত বিচাৰ তথা অস্পৃশ্যতা আদি ধাৰণাৰ পয়োভৰে যুক্তিবাদী চিন্তা চেতনাৰ উন্মেষ ঘটাত বাধা প্ৰদান কৰিছিল‌। ব্ৰিটিছৰ আগমনত পশ্চিমীয়া শিক্ষাব্যৱস্থাৰ প্ৰৱৰ্তনে যুক্তিযুক্ত প্ৰশ্নৰ অৱতাৰণা তথা অনুসন্ধিৎসু মনৰ দ্বাৰা পৰিচালিত হৈ অযুক্তি, অবৈজ্ঞানিক ধাৰণা, অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰা নিজক, সমাজক মুক্ত কৰি সমাজ বিকাশৰ পথ সুগম হৈছিল, বৈজ্ঞানিক মানসিকতা সৃষ্টি হৈছিল। এইক্ষেত্ৰত উনবিংশ শতিকাত যুক্তিবাদ আৰু বৈজ্ঞানিক চেতনাৰে অনুপ্ৰাণিত হৈ অসমৰ সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণত অগ্ৰণী ভূমিকা পালন কৰিছিল হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকনকে প্ৰমুখ্য কৰি কেইবাজনো মহান অসমীয়া ব্যক্তিয়ে।তেওঁলোকে দেখুৱাই যোৱা শিক্ষাৰে সমাজ আগুৱাই যোৱাৰ সময়তো তথা বিজ্ঞান প্ৰযুক্তিৰ চমকপ্ৰদ উন্নয়নৰ সময়তো কিন্তু সাম্প্ৰতিক ৰাষ্ট্ৰৰ পুঁজিবাদী তথা ফেচিষ্ট শাসকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে বিজ্ঞান বিৰোধী, অতীতমুখী শক্তিক প্ৰাধান্য দি আমাৰ সমাজক স্থিতাৱস্থাৰ মাজত বন্দী কৰাৰ কৌশল প্ৰয়োগ কৰা দেখা গৈছে। ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত প্ৰাচীন ভাৰতীয় কল্পনাপ্ৰসূত কাহিনী তথা কল্পবিজ্ঞানক বিজ্ঞানৰ শাৰীলৈ উন্নীত কৰাৰ ষড়যন্ত্ৰ কৰিছে। জ্যোতিৰ্বিজ্ঞানৰ ঠাইত জ্যোতিষ শাস্ত্ৰক শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰম হিচাপে প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰিছে। এনে পৰিপ্ৰেক্ষিততে হেমচন্দ্ৰ বৰুৱাৰ দৰে সমাজ পৰিৱৰ্তনকামী ব্যক্তিৰ পদানুসৰণ কৰি সমাজ তথা ভৱিষ্যতৰ প্ৰজন্মক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ অন্ধকাৰ কৰাল গ্ৰাসৰ পৰা আঁতৰাই এখন সুস্থ সমাজ নিৰ্মাণ কৰাৰ লক্ষ্যৰে যুক্তি বিকাশ সমিতিয়ে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে‌। বিজ্ঞানমনস্কতা, যুক্তিবাদী ধ্যান ধাৰণা প্ৰতিষ্ঠাৰ হকে আজীৱন যুঁজ দিয়া যুগাগ্ৰগামী হেমচন্দ্ৰ বৰুৱাদেৱৰ জন্মদিন ১০ ডিচেম্বৰ তাৰিখটো “অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস” হিচাপে পালনৰ জড়িয়তেও এই লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰা হয়‌। ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ২০০৫ চনৰ পৰা এই দিৱস অসমত পালন কৰি অহা হৈছে। এইবছৰ (১০/১২/২০২৩) যুক্তি বিকাশ সমিতি অসমৰ যোৰহাট শাখা আৰু মুক্ত চিন্তাৰ উদ্যোগত তথা টিয়ক জাঁজীমুখৰ শংখধ্বনি গ্ৰাম্য পুথিভঁৰালৰ সহযোগত “অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস” বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়।

শংখধ্বনি পুথিভঁৰালৰ বাকৰিত উপস্থিত সকলো ব্যক্তিয়ে আসন গ্ৰহণ কৰাৰ পাছত অনুষ্ঠানটিৰ আৰম্ভণি কৰাৰ লগতে আঁত ধৰে যুক্তি বিকাশ সমিতি, অসমৰ সতীৰ্থ, লেখক শান্তনু কোঁৱৰে। তেখেতে মূল সভাৰ লগত সংগতি ৰাখি শংখধ্বনি পুথিভঁৰালে ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা লিখা, শ্ল’গান লিখন আৰু স্থানীয় সমাজত প্ৰচলিত জনবিশ্বাস তথা অন্ধবিশ্বাসৰ তালিকা প্ৰস্তুতকৰণ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আপ্লুত হয় আৰু ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। পুথিভঁৰালৰ ছাত্ৰ-ছাত্ৰীসকলে ‘মুক্ত চিন্তা’ৰ গীত “মুক্ত নহয় চন্দ্ৰ সূৰ্য” পৰিৱেশনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰাৰ পাছত দিৱসটিৰ তাৎপৰ্য আৰু  উদ্দেশ্য ব্যাখ্যা কৰে যুক্তি বিকাশ সমিতি, অসম (যোৰহাট শাখা)ৰ যুটীয়া সমন্বয়ক ত্ৰিলোচন গগৈয়ে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ আগত অতি সহজকৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সংজ্ঞা আৰু অপকাৰিতা সম্পৰ্কে উদাহৰণ সহ আলোকপাত কৰে। হেমচন্দ্ৰ বৰুৱাদেৱৰ জীৱন আৰু আদৰ্শ বিশদভাৱে দাঙি ধৰাৰ লগতে আজিৰ পৰা প্ৰায় ১৮৮ বছৰৰ আগৰ অসমৰ সমাজখনত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে কৰা যুঁজখন হেমচন্দ্ৰ বৰুৱাদেৱৰ বাবে কেনে প্ৰত্যাহ্বানজনক আছিল তাক ব্যাখ্যা কৰে৷ ইয়াৰ পিছতে পুথিভঁৰালৰ ছাত্ৰী নীলাক্ষী কলিতাই প্ৰণৱ ঘোষ ৰচিত আৰু ৰোমা অধিকাৰীৰ দ্বাৰা অনুদিত কবিতা ‘বিজ্ঞানত মই দহ পাইছোঁ’ আবৃত্তি কৰে।

‘অন্ধবিশ্বাসৰ প্ৰসংগত দুটিমান কথা আৰু প্ৰশ্নোত্তৰ’ বিষয়টোৰ মুখ্য আলোচক অনলাইন আলোচনী ‘মুক্ত চিন্তা’ৰ মুখ্য সম্পাদক তথা যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ কৌশিক দাসে বিভিন্ন জাতি জনগোষ্ঠীৰ মৃতদেহ সৎকাৰৰ নিয়ম সম্পৰ্কে প্ৰচলিত লোকবিশ্বাসৰ উদাহৰণ দি তাত নিহিত থকা অবৈজ্ঞানিক কাৰণবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগত ফঁহিয়াই ব্যাখ্যা কৰে। আমাৰ চাৰিওফালে ঘটি থকা ঘটনা-পৰিঘটনাৰ আঁৰত একোটা নিৰ্দিষ্ট কাৰণ নিহিত হৈ থাকে আৰু সেই কাৰণবোৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি সত্যাসত্য নিৰূপণ কৰাই হৈছে বৈজ্ঞানিক মানসিকতা আৰু ইয়েই বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ মূল পাৰ্থক্য। আলোচনাত ছাত্ৰ-ছাত্ৰীয়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মাজত পাৰ্থক্য কি, লোকবিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজত পাৰ্থক্য কি ইত্যাদি মৌলিক প্ৰশ্ন উত্থাপনৰ দ্বাৰা সক্ৰিয় অংশগ্ৰহণ কৰে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ প্ৰশ্নসমূহৰ উত্তৰ দিয়ে। তেখেতে আজীৱন অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে কাম কৰি অহা তিনিগৰাকী বিশিষ্ট যুক্তিবাদী ক্ৰমে শ্ৰীলংকাৰ আব্ৰাহাম কভূৰ, পশ্চিমবঙ্গৰ প্ৰবীৰ ঘোষ আৰু যুক্তি-বিকাশ সমিতি, অসমৰ মুখ্য উপদেষ্টা প্ৰসেনজিৎ চৌধুৰী দেৱৰ পৰিচয় দাঙি ধৰি কয় যে, তেওঁলোকে অহৰহ কৰি অহা সংগ্ৰামে সদায়েই সমাজখনক অনুপ্ৰাণিত কৰি আহিছে৷ তেখেতে এনে ব্যক্তিৰ কৰ্মৰাজিৰ বিষয়ে পঢ়া-শুনা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিয়ে। আলোচনাটোৰ আঁত ধৰি শান্তনু কোঁৱৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি কয় যে, অনুসন্ধিৎসু মন এটাই  প্ৰশ্ন উত্থাপনৰ দ্বাৰা সমাজখনক নতুনকৈ চাবলৈ শিকায়।

 নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ৰাসত ‘কৃষ্ণ লম্ভা’ ছোৱালীজনীৰ সম্পৰ্কত কৰা প্ৰশ্নৰ সন্দৰ্ভত যুক্তি-বিকাশ সমিতি, অসমৰ সক্ৰিয় সদস্য ড°বৰ্ণালী বৰুৱা দাসে উত্তৰ দিয়ে। তেখেতে কয় এনেকুৱা ভগৱান লম্ভা বা ভূত লম্ভা ঘটনা বহুত শুনিবলৈ পোৱা যায়। ইয়াৰ কাৰণ দুটা হ’ব পাৰে— ব্যক্তিজন হিষ্টিৰীয়া, স্কিজ’ফ্ৰেনিয়া আদি মানসিক ৰোগত আক্ৰান্ত হ’ব পাৰে  নতুবা কোনো দুষ্ট লোকে কোনো স্বাৰ্থ সিদ্ধিৰ বাবে অভিনয় কৰি মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ চক্ৰান্ত কৰিব পাৰে। গভীৰভাৱে একেটা কথা বা কামৰ পুনৰাবৃত্তি হৈ থাকিলে বা একেটা কথাকে গভীৰভাৱে ভাবি থাকিলে কিছুমান লোকৰ কেতিয়াবা মস্তিষ্কৰ কাম কাজত বিশৃংখলা আহি এনে ৰোগ হ’ব পাৰে‌। ৰাসত কৃষ্ণ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওঁতে বাৰে বাৰে আখৰা কৰি থকাৰ সময়ত বা তাৰ পাছত ছোৱালীজনীয়ে একেৰাহে সেই কথাই ভাবি ভাবি মানসিক চাপত থকাৰ সম্ভাৱনা আছিল‌। এটা সময়ত ছোৱালীজনীয়ে নিজকে সেই কৃষ্ণ চৰিত্ৰটো বুলি ভাবিবলৈ ল’লে আৰু তেনেধৰণৰ আচৰণ কৰিবলৈ ল’লে। মানসিকভাৱে দুৰ্বল ছোৱালীজনীক চিকিৎসাৰ প্ৰয়োজন। হিষ্টিৰিয়া ৰোগৰ দ্বাৰা ব্যক্তিৰ একোটা গোট আক্ৰান্ত হ’ব পাৰে, যাক কোৱা হয় গণ-হিষ্টিৰীয়া। ধৰ্ম-জাতি-সম্প্ৰদায় আদিৰ প্ৰতি অত্যাধিক আবেগৰ ফলত এনে গণ-হিষ্টিৰীয়া হ’ব পাৰে‌। কেতিয়াবা  উদ্দেশ্যপ্ৰণোদিতভাৱেও ভ্ৰান্ত ধাৰণা কিছুমান সদায়েই কৈ কৈ মানুহৰ মন মোহাচ্ছন্ন কৰি ৰাখিব পাৰে‌। তেনে মানুহৰ দল গণ-হিষ্টিৰীয়াত ভূগি অযুক্তিকৰ আচৰণ কৰে‌।  ঠিক এই গণ- হিষ্টিৰিয়াৰ দ্বাৰা সেই ছোৱালীজনীৰ ওচৰ-পাজৰৰ ৰাইজো আক্ৰান্ত। সেইবাবে তেওঁলোকেও ছোৱালীজনীৰ সেই আচৰণক আৰু উদগনি যোগায়। কিন্ত গণ হিষ্টিৰিয়া অতি ভয়ংকৰ। ই সমাজৰ বিপৰ্যয় ঘটাব পাৰে। সেইবাবে অধ্যয়নৰ যোগেদি, যুক্তি বুদ্ধিৰে বিবেচনা কৰিহে আমি যিকোনো সিদ্ধান্ত ল’ব লাগে বুলি তেখেতে ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিয়ে। ইয়াতে আঁত ধৰি শান্তনু কোঁৱৰে কয় যে গাত ‘ভগৱান লম্ভা’, ‘ভূত লম্ভা’ ঘটনাবোৰ বা যিকোনো অপপ্ৰচাৰ অতি কম সময়ৰ ভিতৰত বৈদ্যুতিন মাধ্যমৰ যোগেদি সমাজলৈ বিয়পি পৰে যাক প্ৰতিৰোধ কৰাটো বহুসময়ত সম্ভৱ নহয়। এনে ক্ষেত্ৰত প্ৰতিৰোধ সংগ্ৰামখনৰ স্বৰূপটো কেনে হ’ব যাৰ ভিত্তিত সমাজত বিয়পি পৰা কুসংস্কাৰক আমি তৰিৎ গতিত বাধা দিবলৈ সক্ষম হ’ম? এইটো আমাৰ অন্যতম আলোচ্য বিষয় বুলি উল্লেখ কৰে।

কাৰ্যসূচীমতে পৰৱৰ্তী বিষয় ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণত গ্ৰাম্য পুথিভঁৰাল আৰু বেচৰকাৰী সংস্থাৰ ভূমিকা’ সম্পৰ্কে আলোচনা আগবঢ়ায় শংখধ্বনি পুথিভঁৰালৰ পৰিচালক কমলেশ্বৰ কুটুমে। শংখধ্বনি পুথিভঁৰাল আৰু স্থানীয় বালিপৰা বেচৰকাৰী সংস্থাই জাঁজীমুখৰ ৰাইজ বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজত কিতাপ আলোচনী অধ্যয়নৰ এটা বাতাৱৰণ সৃষ্টি কৰি যুক্তিবাদী চিন্তাধাৰাৰ এটা পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা অহৰহ কৰি আহিছে বুলি জনায়। ভৱিষ্যতে বৈজ্ঞানিক ভাৱধাৰাৰ প্ৰসাৰৰ অৰ্থে বিজ্ঞান, গণিত প্ৰমুখ্যে বেলেগ বেলেগ বিষয়ৰ কৰ্মশালা, নাটক প্ৰদৰ্শন অনুষ্ঠান পতাৰ পৰিকল্পনা আছে বুলি কয় আৰু এই ক্ষেত্ৰত যুক্তি-বিকাশ সমিতিক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

অনুষ্ঠানৰ শেষৰ ফালে পুথিভঁৰালৰ ছাত্ৰী অম্বিকাই এটি গীত পৰিৱেশন কৰে আৰু কণমানি লিজা শইকীয়াই কবিতা পাঠ কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতাসমূহৰ ফলাফল ঘোষণা কৰি নাট্যকাৰ-পৰিচালক তথা যুক্তি-বিকাশ সমিতিৰ সতীৰ্থ ৰাজীৱ দত্তই অনুষ্ঠানটোৰ  প্ৰতিটো কাৰ্যসূচী তথা আলোচনা অতি সুন্দৰ হৈছে লগতে স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে সফল কৰি তুলিলে বুলি মন্তব্য কৰে। সকলোকে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটোৰ সামৰণি ঘোষণা কৰে। স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ সম্পন্ন হয়।

অনুষ্ঠানটোত উপস্থিত থকা টিয়ক চন্দ্ৰকমল বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা গীতা শৰ্মা আৰু ইউ বি আইৰ অৱসৰপ্ৰাপ্ত শাখা পৰিচালক আদিত্য শৰ্মাই পুথিভঁৰাললৈ এটি কিতাপৰ টোপোলা  অনুদান হিচাপে আগবঢ়ায়।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *