অসমৰ চৰাঞ্চলত ভাসমান বিদ্যালয় আৰু স্পিড বোট এম্বুলেন্সৰ প্ৰয়োজনীয়তা
আশ্ৰাফুল হুছেইন
অসমৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰ যে তুলনামূলকভাৱে বহু যোজন দূৰৈত পৰি আছে সেয়া নিশ্চয় প্ৰতিজন ব্যক্তিয়েই অনুভৱ কৰে । অসমৰ বাকী অঞ্চলসমূহৰ তুলনাত চৰাঞ্চলবোৰ আৰু বহু বেছিগুণে পিছ পৰি থকাটো এই অঞ্চলসমূহৰ জনগণৰ জীৱন ধাৰণ লক্ষ্য কৰিলেই স্পষ্ট । অসমৰ চৰাঞ্চলসমূহ পিছ পৰি থকাৰ মুখ্য কাৰণসমূহ বিশ্লেষণ কৰিলে শিক্ষা ক্ষেত্ৰত অনগ্ৰসৰতাই মুখ্য অন্তৰায় হিচাপে পৰিলক্ষিত হয় । অন্যহাতে যোগাযোগ আৰু যাতায়াতৰ অভাৱৰ বাবে স্বাস্থ্য ক্ষেত্ৰখনো নথকাৰ দৰেই ।
চৰাঞ্চলসমূহত বিদ্যালয়ৰ সংখ্যা খুবেই কম । সঘনাই হৈ থকা বানপানীয়ে বিদ্যালয়সমূহ বন্ধ কৰি ৰখাটো কোনো নতুন কথা নহয় । গৰাখহনীয়াই নৈপৰীয়া বিদ্যালয়সমূহৰ কেইবা লাখটকীয়া গৃহ সমূহ খহাই নিয়ে, বিদ্যালয় স্থানান্তৰৰ বাবেও বন্ধ থাকে বিদ্যালয় , ইপিনে ৰাজকোষৰ ধনৰো ক্ষতি হয় । গুৰুত্বপূৰ্ণ কথাটো হৈছে যেতিয়া বিদ্যালয় এখন গৰাখহনীয়াৰ ফলত খহি যায় তাৰ পাছত স্থানান্তৰৰ বাবে ভূমিৰ নাটনি হোৱাটো আমি বহু বিদ্যালয়ৰ ক্ষেত্ৰত লক্ষ্য কৰিছোঁ । প্ৰকাশ্য যে বিদ্যালয় এখন স্থানান্তৰ কৰাৰ বাবে চৰকাৰে কেৱল বিদ্যালয়গৃহ পুনৰ নিৰ্মানৰ বাবেহে ধন যোগান ধৰে । তথাপিও সেয়া মোকলাই অনাটো কোৱাৰ দৰে সহজ নহয় । এনে পৰিস্থিতিত ঠাই বিশেষে ভাসমান বিদ্যালয়ৰ ব্যৱস্থা কৰিলে চৰাঞ্চলৰ শিক্ষা ক্ষেত্ৰত এক বিপ্লৱ নিশ্চিত ।
নৌকাৰ ওপৰত চলা ভাসমান বিদ্যালয়ৰ উদাহৰণ হিচাপে আমি বাংলাদেশৰ তৰুণ স্থপতি মোহাম্মদ ৰেজুৱানৰ ভাসমান বিদ্যালয়ক ল’ব পাৰো । ৰেজুৱানৰ এই বিদ্যালয় এতিয়া বিশ্ব মডেল । এই বিদ্যালয়ত যুক্ত কৰাইছে বিদ্যালয়ত বিশ্ব মানৰ পাঠ্যক্ৰম । বাংলাদেশৰ ১৬ কোটি মানুহৰ শতকৰা ৬৬ শতাংশই গাঁও অঞ্চলত বসবাস কৰে । ২০০২ চনৰ এক সমীক্ষাত দেখা যায় যে বানপানীৰ ফলত বাংলাদেশৰ এক-পঞ্চমাংশ এলেকা প্লাৱিত হয়। যাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় শিক্ষার্থীসকল ।২০০৭ চনৰ বানপানীত বিদ্যালয়সমূহ ডুব যোৱাৰ ফলত দেশৰ প্রাথমিক বিদ্যালয়ৰ ১০ শতাংশ অৰ্থাৎ ১৫ লাখ শিক্ষার্থী ক্ষতিগ্রস্ত হৈছিল । বাংলাদেশৰ নাটোৰৰ গুৰুদাসপুৰ উপজিলাৰ চলনবিল এলেকাৰ সিধুলাই গাঁৱো এটি বান কবলিত গাঁও । সেই গাঁৱৰ সন্তান মোহাম্মদ ৰেজুৱানৰ প্ৰচেষ্টাত ১৯৯৮ চনত গঢ় লৈ উঠে সিধুলাই স্বনির্ভৰ সংস্থা নামৰ এটি সংগঠন । সেই সংস্থাৰ উদ্যোগতেই বান কবলিত নিজৰ গাঁওখনৰ শিশুৰ প্ৰাথমিক শিক্ষা নিশ্চিত কৰাৰ বাবে ২০০২ চনত ৫০০ মাৰ্কিন ডলাৰৰ এক স্কলাৰছিপক মূলধন কৰি আৰম্ভ কৰে নৌকা বিদ্যালয় । সাধাৰণ বিদ্যালয়তকৈও বহুগুণে উন্নত এই বিদ্যালয়, নৌকাৰ ভিতৰতে শ্ৰেণীকোঠা, পাঠাগাৰ, কম্পিউটাৰ ইত্যাদি উপলব্ধ এই বিদ্যালয়ত । বিদ্যালয়ৰ ছাদত সৌৰবিদ্যুৎ প্যানেল বহুৱাই বিদ্যালয়খনৰ লগতে নিকটৱৰ্তী বাসিন্দাসকলক বিদ্যুতো যোগান ধৰা হয় । উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক হোৱা হেতুকে নিশাৰ ভাগতো বিদ্যালয়খনত পাঠদান দি আহিছে । বৰ্তমান বাংলাদেশত এনেধৰণৰ ২২খন বিদ্যালয়ত ১,৮১০জন শিশু পঢ়া-শুনা কৰি আছে । ৫৫ ফুট দৈর্ঘ্য আৰু ১১ ফুট প্রস্থৰ নৌকা বিদ্যালয়খনত একেলগে ৩০জন শিশুৱে পাঠ গ্ৰহণ কৰিব পাৰে । নৌকাত এনেধৰণৰ ভাসমান বিদ্যালয় প্ৰতিষ্ঠা কৰি উন্নত সা-সুবিধাৰপৰা বঞ্চিত অসহায় শিশুক বিনামূল্যে শিক্ষাৰ ব্যৱস্থা কৰি দিয়াৰ বাবেই এই সংস্থাটোৱে লাভ কৰিছে ১৪টা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ । উল্লেখযোগ্য যে জলবায়ু পৰিৱৰ্তনৰ বাবে একেধৰণৰ সমস্যাৰ সৃষ্টি হোৱা আৰু অনেক ৰাষ্ট্ৰতেই আৰম্ভ হৈছে এনেধৰণৰ বিদ্যালয়ৰ আন্দোলন । কম্বোডিয়া, নাইজেৰিয়া, ফিলিপাইনছ, ভিয়েটনাম আৰু জাম্বিয়াতো বহু ভাসমান বিদ্যালয় স্থাপন হৈছে ।
চৰকাৰৰ অৱহেলাৰ বাবে চৰাঞ্চলৰ স্বাস্থ্যক্ষেত্ৰখন নাই বুলিলেও ভুল নহ’ব । আজিৰ সময়তো চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাটো চৰাঞ্চলত ডাঙৰ কথা নহয় । আজিও বাট-পথৰ অভাৱত ৰোগী কঢ়িয়াই নিয়া হয় সাঙীত । নদীপথত চৰকাৰী কোনো এম্বুলেন্সৰ আঁচনি নথকাত যন্ত্ৰ চালিত নাও নতুবা হাতনাৱেৰে জটিল ৰোগীও অধিক সময় নষ্ট কৰি নদী পাৰ কৰিবলগা হয় , ইয়াৰ ফলত মাজবাটত ৰোগী মৃত্যু হোৱাৰ অনেক নজিৰ আছে । চৰাঞ্চলসমূহত চিকিৎসালয় আৰু চিকিৎসকৰ অভাৱত এতিয়াও বেজ-কবিৰাজকে শেষ ভৰসা কৰাৰ নিয়ম এতিয়াও আছে । বহুত চৰত এতিয়া বাট-পথ হৈছে যদিও চাৰিওপিনে নদীৰ মাজত থকা অনেক চৰৰ অৱস্থা অত্যধিক ভয়াৱহ । এতিয়াও চৰকাৰী স্বাস্থ্য আঁচনিয়ে ঢুকি নোপোৱাটো দুৰ্ভাগ্যজনক । অৱশ্যে চৰকাৰে দুই-এটা এনে আঁচনি লৈছে যদিও সেয়াই যথেষ্ট নহয়। চৰাঞ্চলৰ স্বাস্থ্যসেৱাৰ বাবে দুটা বিশেষ আঁচনিৰ এটি হ’ল ভ্ৰাম্যমাণ বোট মেডিকেল ইউনিট, আনটো হ’ল স্পিড বোট এম্বুলেন্স । আপুনি শুনি আচৰিত হ’ব,সমগ্ৰ অসমত মাত্ৰ তিনিখন স্পিড বোট এম্বুলেন্স আছে । তাৰে এটি মাজুলীত, এটা শদিয়াত,আনটো ধুবুৰীত । ইয়াৰো সীমাবদ্ধতাৰ অভাৱ নাই । এই বোট এম্বুলেন্স কেৱল দিনতহে উপলব্ধ । আধুনিক সময়, বিকশিত অসম বা উন্নয়নশীল অসম বুলি চিঞৰি থকাসকলে যদি চৰাঞ্চলবাসীৰ বাবে স্পিড বোট এম্বুলেন্স সেৱা সহজতে উপলব্ধ কৰে তেন্তে মানুহখিনিৰ যথেষ্ট উপকাৰ হ’ব বাবেই তেৰাসৱৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ ।
অন্যহাতে এই ক্ষুদ্ৰ লেখনীৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে বিশেষকৈ চৰ-চাপৰিবাসী সচেতন শিক্ষিতসকলৰ ওচৰত আমাৰ আহ্বান,এইসমূহক দাবী হিচাপে লৈ বলিষ্ঠতাৰে উত্থাপন কৰি চৰ-চাপৰিত উন্নয়নৰ পৰিৱেশৰ আন্তঃগাঁথনিৰ লগে লগে উন্নয়নৰ ৰাজনীতি আৰম্ভ কৰক । যেতিয়া উন্নয়নৰ ফলত জন-জীৱনৰ গ্ৰাফ ওপৰলৈ উঠিব তেতিয়া অনেক সমস্যাৰ সমাধান হৈ পৰাটো নিশ্চিত ।