মই সাৰে আছোঁ – (গৌতম গোস্বামী)
মই সাৰে আছোঁ-
সাক্ষী আছে বাৰিষাৰ অবিৰত টোপালবোৰ-
ক’ত বাৰু তুমি- আৱদ্ধ? ……
আৰু সপোনবোৰ …
এতিয়াও আছেনে নিতুল সেউজীয়া অথবা তেজাল ৰঙা।
বাৰিষাৰ সংগীত অবিৰত বাজি আছে-
আজি এনে লাগিছে তুমি যেন কাষতে আছা, এহাত আন্ধাৰত মোৰ সতে শুনি আছা বৰষুণৰ গান, ভৰুণ আকাশৰ জাগ্ৰত আহ্বান
শুনিছানে অবিৰত বাৰিষাৰ নিটোল টোপালবোৰ আৰু গজি উঠা সৃষ্টিৰ ভৰুণ হেঁপা
কাইলৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ধল নামিব
পাগলাদিয়া পাগল হব!
এতিয়াও মথাউৰিতে থকা মানুহবোৰ –
তেওঁলোকলৈও মোৰ মনত পৰিছে আৰু পোনাকনক সাবটি কঁপি উঠা বুকু….।
আজি ওৰেৰাতি আকাশৰ মুখে ধল বব
সঁজাল ধৰা ৰোৱাবোৰ আৰু সপোনৰ ধপধপনি
সোৱণশিৰীৰ চুইছ গেটৰে নামি অহা মৃত্যু
ৰহমৰীয়াৰ গৰা খহা শব্দত খহি পৰা মোৰ এফাল
চৰৰ মানুহবোৰৰ চেপা উত্তেজনা আৰু যুদ্ধৰ প্ৰস্তুতি
ভগা মথাউৰিৰে হোৰাহোৰে ৰাইজক ঠগা ৰাজনীতি আৰু অৰ্থনীতি-
সকলো সাক্ষী হ’ম মই
মই সাৰে থাকিম- ওৰেৰাতি অনুভৱ কৰিম তোমালোকক