নগ্ন সত্যক উপস্থাপন কৰাৰ জেদেই জাফৰ পানাহিৰ চলচ্চিত্ৰৰ ভাষা ।। মূল: ৰাজাদিত্য বন্দোপাধ্যায়, অনুবাদ: তৰালী শৰ্মা
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
(অনুবাদকৰ দুআষাৰ: ‘প্ৰতিদিন রোববার.in’ নামৰ এখন বঙালী ভাষাৰ অনলাইন আলোচনীত প্ৰকাশিত ৰাজাদিত্য বন্দোপাধ্যায়ৰ ‘নগ্ন সত্যকে দেখানোর জেদই জাফর পানাহির চলচ্চিত্রভাষা’ শীৰ্ষক লেখাটো অনুবাদ কৰাৰ চেষ্টা কৰিছিলোঁ। মূল লেখাটো প্ৰকাশ পাইছিল ২০২৫ চনৰ মে’ মাহৰ ২৯ তাৰিখে।
মোৰ দেশখনেই হৈছে সেই ঠাই য’ত মই উশাহ ল’ব পাৰোঁ, য’ত মই জীয়াই থকাৰ কাৰণ বিচাৰি পাব পাৰোঁ আৰু য’ত মই সৃষ্টিৰ শক্তি বিচাৰি পাওঁ।’ বিভিন্ন সময়ত নিজ দেশৰ চৰকাৰখনে পানাহিক তেওঁৰ সৃষ্টিৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ কিন্তু কেতিয়াও নিজৰ দেশৰ পৰা আতৰি গৈ কেৰিয়াৰ গঢ়াৰ চেষ্টা কৰা নাই। বিশ্বত বহু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আছে, যিয়ে চিনেমাৰ ক্ষেত্ৰখনত নতুন ধাৰা আৰু নতুন দিশৰ উন্মেষ ঘটাইছে। পানাহিৰ চলচ্চিত্ৰই শোষণৰ বিৰুদ্ধে প্ৰতিবাদৰ ভাষা বহন কৰে। পানাহিয়ে প্ৰমাণ কৰি দেখুৱাইছে যে শিল্প আৰু শিল্পীক কোনো নিষেধাজ্ঞাই ৰূদ্ধ কৰি ৰাখিব নোৱাৰে। )
উত্তৰ ইউৰোপ। ২০০৬ বৰ্ষৰ গ্ৰীষ্ম কাল। উত্তৰ ফিনলেণ্ডৰ লেপলেন্ডলৈ বুলি ওলাইছোঁ। চান্তাক্লজৰ দেশ– য’ত মাজৰাতি সূৰ্য উদয় হয় তাৰ এখন সৰু গাঁও চোদানকুলাত অনুষ্ঠিত হয় এখন বিখ্যাত চলচ্চিত্র উৎসৱ: মিড নাইট ফিল্ম ফেষ্টিভেল। ফিনিছ কলিগে ক’লে, যাবলৈ ওলাইছা ভালেই কথা, কিন্তু তাত মহৰ ভয়ঙ্কৰ উপদ্রৱ। ওচৰে-পাজৰে অলেখ হ্ৰদ আছে। মহ মৰা স্প্ৰে লগত লৈ যাবা। মোৰ সৈতে ভাগ্যে অ’ড’মচ আছিল, সেয়ে মহ-মাখি যিয়েই নাথাকক কিয়, এটা বিশেষ কাৰণতহে যাবলৈ ওলাইছোঁ: সুদূৰ তেহৰানৰ পৰা আহিব জাফৰ পানাহি। তেওঁৰ চিনেমাৰ যাত্ৰাৰ বিষয়ে জনাৰ পৰা বঞ্চিত হ’ব বিচৰা নাছিলোঁ।
পানাহিৰ চিনেমেটিক থ্ৰিলাৰৰ যাত্রাৰ কথা শুনোতে শুনোতে মনটোৱে চোদানকুলাৰ পৰা উৰা মাৰিছে উত্তৰ ইৰাণৰ আজাৰবাইজানৰ এখন সৰু চহৰ মিয়াঁকলৈ। বেকড্ৰপত পাহাৰৰ চূড়াৰ কেবাটাও অংশত অভিমান জমাদি বৰফ জমিছে। ওচৰতেই আছে ছোভিয়েট আমোলৰ বিবৰ্ণ, চিৰ নিদ্ৰাত বিলীন হোৱা ঘৰবোৰ। এইবোৰ ঘৰৰ মাজৰ সংকীর্ণ গলিবোৰৰ এক-দুই ঠাইত সেউজীয়া খেলপথাৰবোৰ নিম্ন মধ্যবিত্তৰ দৰে এতিয়াও টিকি আছে। এটা দহবছৰীয়া ল’ৰাই গধূলিৰ বিষণ্ণ পোহৰত ফুটবল খেলিবলৈ পথাৰত নামি পৰিছে যদিও খেলখনত তাৰ বিশেষ মনোযোগ আছে যেন অনুভৱ নহয়। খেলি খেলি হঠাতে সি নিশ্চুপ হৈ চাই ৰয় এটি বিবৰ্ণ, অন্ধকাৰময়, আওপুৰণি চিনেমা হলৰ পিনে। চিনেমা হলটো অকলেই পৰি ৰৈছে তাল গছবোৰৰ দৰে। ল’ৰাজনৰ নিজৰ বায়েকলৈ মনত পৰিছে। সি কথা দি থৈছে যে চিনেমাখন চাই তাৰ সম্পূর্ণ কাহিনী ভাগ তাইক শুনাব। সমস্যা হ’ল চিনেমাৰ টিকট কাটিব পৰাকৈ তাৰ হাতত পইছা নাই। সি যি নহওক, অৱশেষত ল’ৰাজনে অতি কষ্টেৰে পইছাখিনি যোগাৰ কৰি চিনেমাখন চালে আৰু ওৰেটো ৰাতি উজাগৰে থাকি বায়েকক কাহিনীটো শুনালে। ল’ৰাজনৰ দেউতাকেও চিনেমা চাই বৰ ভাল পাইছিল যদিও তেওঁ আছিল বৰ ৰক্ষণশীল। চিনেমাৰ কু-প্ৰভাৱ যেন ল’ৰাটোৰ ওপৰত নপৰে তাক লৈ তেওঁ চিন্তিত হৈছিল।
ইতিমধ্যেই বহুত পলম হৈ গৈছে। তেতিয়ালৈ ইৰাণী চিনেমাৰ ভাইৰাছে ল’ৰাজনৰ মস্তিষ্কত আক্রমণ কৰিছিল। এই আক্রমণে কিন্তু তাৰ একো ক্ষতি কৰা নাছিল, অৱশ্যে ই তাৰ এটা নিচা হৈ পৰিছিল যিয়ে তাক গোটেই জীৱন মগ্ন কৰি ৰাখিছিল। চিনেমাৰ নিচা। বায়েকৰ জমা ধনেৰে তেওঁ চাইছিল বহুকেইখন চিনেমা। তথাপিও তাৰ বিস্ময়ৰ অন্ত পৰা নাছিল। ফুটবল খেলিবলৈ গ’লেও অন্য ৰাস্তাৰে সি গৈ উপস্থিত হৈছিল সেই আওপুৰণি চিনেমা হলটোৰ সন্মুখত। সি অবাক হৈ চাইছিল কিদৰে ফ্ৰেম সলনি কৰি কৰি তাৰ আইতাকে কোৱাৰ দৰে চিনেমাবোৰে গল্প কৈছিল। ১৯৭০ ৰ প্রথমাৰ্ধত ছোৱালীবোৰৰ চিনেমা চোৱাটো নিষিদ্ধ কৰা হৈছিল। এদিন চিনেমা চাবলৈ গৈ তাৰ দেউতাকৰ সৈতে মুখা-মুখি হ’ল হলত। নিয়ম ভঙাৰ বাবে তেওঁ বহু শাস্তি পাবলগীয়া হৈছিল।
ল’ৰাটোৰ নাম জাফৰ। জাফৰ পানাহি।
দেউতাকৰ কানুন ভঙাৰ বাবে শাস্তি পালেও এক অন্য কানুনে আওপকীয়াকৈ তেওঁৰ জীৱনৰ গতিপথ সলনি কৰি দিলে। তেওঁক চিনেমাৰ আৰু ওচৰ চপাই আনিলে। হয়তো চিনেমাইও জাফৰক সন্ধান কৰিছিল। আৰু সেয়ে বৌদ্ধিক বিকাশৰ বাবে উচৰ্গিত প্ৰতিষ্ঠান ‘কানুন’-এ জাফৰকো তেওঁলোকৰ দলত অন্তর্ভুক্ত কৰালে। এই কানুনেই তেওঁক আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিলে বিখ্যাত কিংবদন্তি ইৰাণী চলচ্চিত্র নির্মাতা আব্বাস কিয়েৰোস্তামীৰ সৈতে। কিয়েৰোস্তামীয়ে ‘কানুন’ প্ৰতিষ্ঠা কৰিছিল ১৯৬৯ চনত। আব্বাসৰ সকলোবোৰ কালজয়ী চিনেমাই পানাহিৰ চিনেমাৰ প্ৰতি সমৰ্পিত মনটোক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। পানাহিয়ে যেতিয়া ভিত্তোৰিও ডে’ চিকাৰ ইটালীয় নৱবাস্তৱবাদী ক্লাচিক ‘দ্য বাইচাইকেল থিভছ্’ চাইছিল তেতিয়াৰে পৰাই তেওঁৰ চিনেমাবোধ, চিন্তা-ভাবনাৰ উন্নতি হোৱাৰ লগতে চিনেমা নিৰ্মাণৰ হাবিয়াসটোও বৃদ্ধি পাইছিল। উলংগ, চাঞ্চল্যকৰ সত্যবোৰক চিনেমাৰ মাধ্যমেৰে মানুহৰ মাজলৈ লৈ যোৱাৰ জেদ আছে পানাহিৰ মাজত। সেই ইংৰাজী কথাষাৰৰ অৰ্থ অনুধাৱন কৰিবলৈ সক্ষম হয় : ট্ৰুথ ইজ ষ্ট্ৰেঞ্জাৰ দ্যান ফিকচন ( Truth is stranger than fiction)।
পানাহিৰ অন্তৰ্মনত এখন যুদ্ধ চলি আছিল। বাহিৰতো। ইৰাণ-ইৰাক যুদ্ধ। ১৯৮০ চনৰ কথা। তেতিয়া পানাহিয়ে মাত্ৰ বিশটা বসন্তহে গৰকিছিল। ইৰাণ চৰকাৰৰ হেঁচাত তেওঁ চিনেমাটোগ্ৰাফাৰ হিচাপে সেনাবাহিনীত যোগ দিবলৈ বাধ্য হ’ল। পানাহিৰ দৃষ্টিত যুদ্ধও এখন চিনেমা। ইয়াৰ মাজতেই আন এখন যুদ্ধত জড়িত হৈ পৰে ইৰাণ। কুৰ্দি বাহিনীৰ সৈতে। ইৰাণ-ইৰাক, চিৰিয়া-তুৰস্ক সীমান্তৰ মূলতঃ পাহাৰ আৰু ইয়াৰ আশে-পাশে সিঁচৰিত হৈ থকা বিভিন্ন পকেটত ৰাষ্ট্ৰীয় সন্ত্রাসৰ বিৰুদ্ধে আজিও কুৰ্দি বাহিনীয়ে যুদ্ধ চলাই গৈছে। কুৰ্দি সকলে কয় যে তেওঁলোকৰ বন্ধু নাই, নিজৰ দেশ নাই। পাহাৰেই একমাত্র বন্ধু। সেই কুৰ্দি বাহিনীৰ হাততেই বন্দী হয় পানাহি। পানাহিৰ জীৱনটো ঠিক যেন তেওঁৰ চিনেমাৰ বাস্তৱ আৰু অধিবাস্তৱ ফ্ৰেমৰ মিশ্রণ। নিজেই যেন তেওঁৰ ৮ এমএম কেমেৰাটোৰে নিজৰ জীৱনটোক ফ্ৰেমত বন্দী কৰিছিল। যি দেখিছে, যি ফালে চাইছে সকলোৱেই যেন তেওঁৰ চিনেমাৰ ফ্ৰেম। সেয়ে মই একেবাৰেই আচৰিত হোৱা নাছিলোঁ যেতিয়া মই শুনিলোঁ যে কুৰ্দি বাহিনীয়ে ৭৬ দিনৰ মূৰত তেওঁক মুকলি কৰি দিয়া মাত্রেই তেওঁ যুদ্ধৰ ওপৰত তথ্যচিত্র নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰি দিছিল। আনকি সেই ফিল্ম ইৰাণৰ ৰাজ্যিক টিভি চ্যানেলেতো প্ৰচাৰ কৰা হৈছিল।
কুইন্টিন ট্যাৰান্টিনোৰ এটা কথা মনলৈ আহিছে, “মই ফিল্ম স্কুললৈ গৈছিলোঁ নে নাই বুলি মানুহে যেতিয়া মোক প্ৰশ্ন কৰে, তেতিয়া মই তেওঁলোকক কওঁ, ‘নাই, মই চিনেমা চাবলৈ হে গৈছিলোঁ’।” এইটো নিশ্চিতভাৱেই পানহিৰ ক্ষেত্রত প্ৰযোজ্য। তথাপিও আৰু উন্নত মানৰ চলচ্চিত্র নির্মাণৰ হেতু পানাহি ভৰ্তি হৈছিল ফিল্ম স্কুলত। জীৱিকা নিৰ্বাহৰ অৰ্থে চাকৰি কৰিছিল ইৰাণৰ ৰাষ্ট্ৰীয় টেলিভিশন চেনেলত।
আগন্তুক দিনত জাফাৰ পানাহি যে এজন ইৰাণী নব্য তৰংগৰ অতি প্ৰভাৱশালী ও সাহসী সদস্য হৈ উঠিব সেয়া বুজা গৈছিল তেতিয়া যেতিয়া তেওঁ স্নাতক উত্তীর্ণ হোৱাৰ পূৰ্বেই নিৰ্মাণ কৰিছিল এখন বিতৰ্কিত, ভয়ংকৰ তথা এখন বিৰল তথ্যচিত্ৰ। তথ্যচিত্ৰখনৰ নাম আছিল ‘দ্য ৱন্ডেড হেডস’ (The Wounded Heads/ইয়াৰালি বাছাৰ)। ছবিৰ বিষয়-বস্তু তথা ট্ৰিটমেন্ট দেশে-বিদেশে বিয়পি পৰিছিল। পানাহিয়ে কেমেৰাত বন্দী কৰিছিল ইৰাণৰ উত্তৰ আজাৰবাইজান অঞ্চলৰ জীৱিত মানুহে মৃত মানুহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি চুৰিৰে নিজৰেই মূৰত আঘাত কৰাৰ দৃশ্য। এই গোটেই চিনেমাখন তেওঁ চৰকাৰে নজনাকৈয়ে দৃশ্যগ্রহণ কৰিছিল। বেছ কিছুবছৰ এই ছবিখন ইৰাণত নিষিদ্ধ কৰি ৰাখিছিল। তেতিয়াৰ পৰাই আৰম্ভ হ’ল ৰাষ্ট্ৰৰ সৈতে পানাহিৰ শীতল যুদ্ধৰ। যুদ্ধ চলি থাকিলেও চিনেমা নিৰ্মাণত কিন্তু যতি পৰা নাছিল। পানাহিৰ ফিল্মোগ্ৰাফী দেখি অনুভৱ হয় তেওঁক উশাহ ল’বলৈ অক্সিজেনৰ প্ৰয়োজন নহয়। চিনেমাই আছিল তেওঁৰ অক্সিজেন। ফিল্ম স্কুলৰ চিনেমাটোগ্ৰাফাৰ বন্ধুৰ সৈতে লগ লাগি তেওঁ নিৰ্মাণ কৰিলে কেবাখনো কম দৈৰ্ঘ্যৰ ছবি। বিশেষভাৱে উল্লেখ কৰিব লাগিব ‘দ্য ফাইনাল এক্সাম’ ছবিখনৰ কথা। ছবিখনে ইৰাণত বহু পুৰস্কাৰ তথা প্ৰশংসা বুটলিছিল। সেয়ে পানাহিৰ বাবে আৰু বিশেষ পুৰস্কাৰ আশা কৰিছিল।
আধুনিক চিনেমাৰ কবি আৰু দাৰ্শনিক – যাক বহুতে ইৰাণৰ নিউ ৱেভ আন্দোলনৰ ‘গুৰু’ বুলি কয় – ‘দ্য উইণ্ড উইল কেৰী আছ’, ‘লাইফ এণ্ড নাথিং ম’ৰ’, ‘থ্ৰু দ্য অলিভ ট্ৰিজ’, ‘টেষ্ট অৱ চেৰী’, ‘ক্ল’জ আপ’-ৰ দৰে চিনেমাৰ পৰিচালক মহান আব্বাছ কিয়াৰোস্তামীৰ পৰা তেওঁ আমন্ত্রণ লাভ কৰিছিল। কিয়াৰোস্তামীয়ে পানাহিক সহকাৰী পৰিচালক হিচাপে নিজৰ টিমত অন্তর্ভুক্ত কৰিছিল।
কিয়াৰোস্তামীয়ে জানিছিল পানাহি তেওঁৰ চিনেমাৰ তৃতীয় নেত্ৰ। ১৯৯২ চনত কিয়াৰোস্তামীৰ ‘The Bread & Alley’ ছবিখনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পানাহিয়ে নিৰ্মাণ কৰিছিল এখন উল্লেখযোগ্য চুটি ছবি ‘দ্য ফ্ৰেণ্ড’। যদিও এই ছবিখনৰ বিষয়ে বিশেষ চৰ্চা হোৱা নাছিল, তথাপিও কিয়াৰোস্তামিয়ে কৈছিল যে ভৱিষ্যতে বিশ্ব চিনেমাৰ বাবে এক সম্পদ হ’ব পানাহি। পানাহিয়ে নিজৰ ছবিত সামাজিক অন্যায়, বাধা-নিষেধ, ৰাজনৈতিক অত্যাচাৰ, ইৰাণৰ প্ৰান্তীয় লোকৰ সংগ্ৰামক যিদৰে চিত্ৰিত কৰিছে, কিয়াৰোস্তামী নিশ্চিত আছিল যে এদিন বিশ্বৰ চিনেমাপ্ৰেমীসকলে এই ছবিবোৰৰ প্ৰতি মনোযোগ দিব আৰু ইয়াৰ ওপৰত বহু আলোচনা হ’ব।
কিয়াৰোস্তামীয়ে যে বিশেষ এটা ভুল কোৱা নাছিল, সেইটো ১৯৯৫ চনত প্ৰমাণিত হৈছিল।
কিয়াৰোস্তামীযৰ ৰচনা আৰু পানাহিৰ পৰিচালনাৰে তেওঁৰ প্ৰথমখন ফিচাৰ ফিল্ম ‘দ্য হোৱাইট বেলুন’-এ কাঁ চলচ্চিত্ৰ মহোৎসৱত কেমেৰা ডি অ’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। অসংখ্য ফেষ্টিভেলত বঁটা লাভ কৰা এই ছবিখনে ৬৮ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে মনোনীত হৈছিল যদিও শেষত অস্কাৰ পানাহিৰ কপালত নাছিল। ব্ৰিটিছ সংবাদ মাধ্যম ‘দ্য গাৰ্ডিয়ান’-এ এই ছবিখনক সৰ্বকালৰ ৫০খন শ্ৰেষ্ঠ পাৰিবাৰিক ছবিৰ ভিতৰত অন্যতম বুলি তালিকাভুক্ত কৰিছিল। পানাহিৰ পৰৱৰ্তী ফিচাৰ (উইলো এণ্ড উইণ্ড)-ৰ চিত্ৰনাট্যও কিয়াৰোস্তামীয়ে লিখিছিল যদিও পানাহীয়ে নিজৰ মন সলনি কৰি ১৯৯৭ চনত ‘দ্য মিৰৰ’ নিৰ্মাণ কৰিছিল। পৰৱৰ্তী ফিচাৰ ফিল্মৰ ‘দ্য চাৰ্কল’ নিৰ্মাণৰ ছবছৰৰ মূৰত পুনৰ দুয়োজনে একেলগে লিখিলে আন এখন ফিচাৰ ‘ক্ৰিমচন গোল্ড’। ২০০৩ চনত কানত ক্ৰিমছন গোল্ডে ‘আন চাৰ্টেইন ৰিগাৰ্ড বঁটা’ লাভ কৰিছিল যদিও চৰকাৰী সমালোচনা আৰু চেন্সৰ ব’ৰ্ডৰ বিৰোধিতাৰ বাবে ইৰাণত ক্ৰিমছন গোল্ড, দ্য মিৰ’ৰ, দ্য চাৰ্কল নিষিদ্ধ কৰা হৈছিল।
১৯৭৯ চনৰ ইৰাণৰ বিপ্লৱৰ পিছত ইৰাণৰ ফুটবল খেলপথাৰত মহিলা প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। পানাহিৰ নিজৰ জীয়েকক যেতিয়া ফুটবল খেল উপভোগ কৰিবলৈ দিয়া হোৱা নাছিল, তেতিয়াই তেওঁ ঠিক কৰিছিল যে এই বিষয়ে কিছু অপেচাদাৰী অভিনেতাকলৈ এখন চিনেমা নিৰ্মাণ কৰিব। চিনেমাখনৰ নাম ৰাখিছিল ‘অফচাইড’। ইৰাণ বাহাৰিণ ৱৰ্ল্ড কাপ কোৱালিফায়িং মেচত বহুতো ছোৱালীয়ে ছদ্মবেশ ধৰি ষ্টেডিয়ামত প্ৰৱেশ কৰি খেল উপভোগ কৰিছিল। এই চিনেমাত পৰিচালকে ফুটবল খেলক পুৰুষতন্ত্ৰৰ প্ৰতীক হিচাপে উপস্থাপন কৰি ইৰাণী নাৰীৰ ওপৰত হোৱা বৈষম্যক তুলি ধৰিছিল। সমগ্ৰ বিশ্বই অবাক হৈ চাইছে। ২০০৬ বৰ্ষৰ ইৰাণত এই ঘটনা ঘটিব পাৰিলেহেতেন। বাৰ্লিন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱে এই ছবিৰ প্ৰশংসা কৰিছিল আৰু ‘Silver Bear’ পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিল। তেতিয়ালৈ চিনেমা নিৰ্মাণৰ অপৰাধত পানাহী ইৰাণৰ শত্ৰুলৈ ৰূপান্তৰিত হৈ পৰিছিল।
পানাহি কিন্তু হাৰি যোৱা নাছিল। চিনেমা নামৰ অস্ত্ৰ বিধেৰে তেওঁ পৃথিৱীৰ মানুহৰ লগত, চিনেমা পাগল মানুহৰ লগত প্ৰতিৰোধৰ ভাষাতেই কথা পাতিছে। তেওঁৰ বিশ্বৰ মানুহক অন্য এখন ইৰাণৰ সৈতে চিনাকি কৰাই দিছিল। তেওঁৰ এই সাহসী চলচ্চিত্ৰসমূহ চাই মানুহে উপলব্ধি কৰিছিল যে উত্তৰ কোৰিয়া আৰু ইৰাণৰ মাজত স্বাধীনতাৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য নাই। এই পুৰুষশাসিত ও পুৰুষকেন্দ্ৰিক সমাজবোৰ কেনে ভয়ংকৰ। এই চিনেমাবোৰ নোচোৱাকৈ, ইৰাণৰ গ্ৰাউণ্ড লেভেলত আচলতে কি হৈ আছে সেয়া পশ্চিমীয়া দেশবোৰে অনুমান কৰিব পাৰে বুলি ভাবিলেও সন্দেহৰ আৱৰ্তত।
পানাহিৰ চিনেমাৰ প্ৰতিটো ফ্ৰেমেই বুজাই দিছে যে ইৰাণৰ চৰকাৰী, নীতি-নিৰ্ধাৰক মন্ত্ৰালয় আনকি পুলিচেও শিল্পৰ ভাষাক কিমান ভয় কৰে। অনিশ্চিয়তাত ভুগিছিল চৰকাৰী কৰ্মকৰ্তা ও প্ৰতিষ্ঠান, সেয়ে তেওঁলোকৰ অভিধানত ‘বাকস্বাধীনতা’ৰ কোনো উল্লেখ পোৱা নাযায়। সেইবাবেই পানাহিক বাধা দিবৰ বাবে, ইৰাণৰ চৰকাৰে ২০১০ চনত বিছ বছৰৰ বাবে তেওঁৰ চলচ্চিত্ৰ নিৰ্মাণত প্ৰতিবন্ধকতা আৰোপ কৰে। তেওঁৰ ওপৰত বিদেশ যাত্ৰা, চিত্ৰনাট্য লিখা আনকি সাক্ষাৎকাৰ দিয়াৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰা হয়।
মুক্তিৰ পূৰ্বেই তেওঁৰ চিনেমাবোৰৰ ক্ষেত্ৰত বাৰে বাৰে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। প্ৰতিবন্ধকতাৰ সকলো শিকলি ভাঙি পানাহিৰ কেমেৰা চলি গৈছিল। তেওঁৰ ইচ্ছাক লেগাম লগাব পৰা নগৈছিল। তেওঁৰ ঘৰটোৱেই হৈ পৰিছিল তেওঁৰ চিনেমাৰ চেট, নিজৰ অৱস্থান আৰু ইৰাণৰ চৰকাৰে তেওঁৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আদিক বিষয়-বস্তু হিচাপে লৈয়ে গোপনে আই-ফোনতেই দৃশ্য গ্ৰহণ কৰি নিৰ্মাণ কৰি উলিয়াইছিল এখন তথ্যচিত্ৰ ‘ দিছ ইজ নট এ ফিল্ম’ (This Is Not a Film/ 2011)। ছবিখন পেনড্ৰাইভত ৰাখি অনেকৰ মাজত সুমুৱাই তেওঁ তাক কান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ পঠিয়াইছিল। তেওঁৱেই জাফৰ পানাহি। যিয়ে তেওঁৰ শিল্পী সত্ত্বাক জীয়াই ৰাখিবলৈ ৰাষ্ট্ৰৰ বিৰুদ্ধে অন্তহীনভাৱে সংগ্ৰাম কৰি গৈছে। তেওঁৱেই জাফৰ পানাহি – সঁচা অৰ্থত এজন সুনাগৰিক, সচেতন নাগৰিক যিয়ে নিজ দৃষ্টিৰে ৰাষ্ট্ৰৰ সন্ত্ৰাসক আঙুলিয়াই দিবলৈ সক্ষম হৈছে। বুজাই দিছে প্ৰকৃত শিল্পী, ইন্টেলেকচুৱেলসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ৰাষ্ট্ৰৰ সৈতে মিতিৰালি নকৰে। এই চিষ্টেমটোৱে তেওঁলোকক ক্ৰয় কৰাত ব্যৰ্থ হয়।
সাত মাহ ধৰি কৰা অনশনৰ পিছত ২০২৩ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে পানাহিক এভিন কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। তেওঁ কাৰাবৰণ কৰিছিল নিষিদ্ধ, অসহায় আৰু অকলশৰীয়া সহকৰ্মী আৰু চলচ্চিত্ৰ নিৰ্মাতা সকলৰ মুক্তিৰ দাবীত। মনলৈ আহিছে অ্যাঁন ৰাউণ্ড-অৰ এটা বিখ্যাত উক্তি – “A creative man is motivated by the desire to achieve, not by the desire to beat others”
যেতিয়া ২০০৩ চনত ‘ক্ৰিমচন গোল্ড’ প্ৰদৰ্শিত হৈছিল তেতিয়া শেষবাৰৰ বাবে তেওঁ কান মহোৎসৱলৈ গৈছিল। ২২ বছৰ পিছত আকৌ তেওঁ কানলৈ উভতিছে। লগত লৈ আহিছে তেওঁৰ নতুন ছবি ‘ইট ওৱাজ জাষ্ট এন এক্সিডেন্ট’ ( It Was Just An Accident’। এই ছবিৰ বাবে তেওঁ লাভ কৰে বিশ্বৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ পুৰস্কাৰ ‘স্বৰ্ণপাম’ ( Palme d’Or)। এই ৰাজনৈতিক ও প্ৰতিশোধমূলক থ্ৰিলাৰখন পানাহিৰ নিজৰ কাৰাবাসৰ অভিজ্ঞতাৰ আধাৰত নিৰ্মিত। ৰাজনৈতিক, মানবীয়, বুদ্ধিদীপ্ত আৰু প্ৰভাৱশালী এই চিনেমাখন নিৰ্মাণ হৈছে গোপনে, চৰকাৰৰ চকুত ধূলি দি। ইৰাণৰ সমাজত চলি থকা নিপীড়ন, ৰাজনৈতিক বন্দীত্ব আৰু ন্যায় বিচাৰ- এনে কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰি নিৰ্মিত হৈছে এই থ্ৰিলাৰখন।
ক্যান, বাৰ্লিন ( গোল্ডেন ফেয়াৰ/ ট্যাক্সি, ২০১৫), ভেনিচৰ ( গোল্ডেন লায়ন/ দ্য চাৰ্কল, ২০০০) দৰে শীৰ্ষ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰি পানাহিয়ে যে ৰেকৰ্ড গঢ়িছে তাত কোনো সন্দেহ নাই। এইবোৰৰ পিছতো কিছুমান সমালোচকে ক’ব খোজে যে ইয়াত কোনো সন্দেহ নাই যে ইৰাণৰ কলাত্মক চিনেমা আন্তঃৰাষ্ট্ৰীয় স্তৰতো প্ৰশংসিত, তাৰ পিছতো বহু লোকে এই প্ৰশ্নটো উত্থাপন কৰিছে: যিহেতু ইৰাণত চিনেমা নিৰ্মাণ কৰাটো সঁচা অৰ্থতেই কঠিন, বিশেষকৈ চৰকাৰৰ বিৰোধিতাৰ বাবে, সেইবাবেই ইউৰোপ, আমেৰিকাই ইৰাণী চিনেমাক বেছি সমৰ্থন কৰিছে নেকি? কাৰণটো তেনে হ’লে ৰাজনৈতিক? চৰকাৰ বিৰোধী চলচ্চিত্ৰ নিৰ্মাতাক শীৰ্ষ পুৰস্কাৰ প্ৰদান কৰি ইৰাণ চৰকাৰে কিবা বাৰ্তা দিব বিচাৰিছে নেকি? এই কথাত বিতৰ্কৰ থল আছে কিন্তু এইটোও সঁচা যে শীৰ্ষ চলচ্চিত্ৰ মহোৎসৱসমূহে পেলেষ্টাইনৰ বিষয় বা গাজাৰ নৰসংহাৰক লৈ বিশেষ হুলস্থুল কৰা নাই। কিয়? গতিকে ৱিকিলিকছৰ প্ৰতিষ্ঠাপক জুলিয়ান আছাঞ্জে বিশেষ টি-চাৰ্ট পিন্ধি কানৰ ৰেড কাৰ্পেটত খোজ কাঢ়িছিল নেকি? এই টি-চাৰ্টটোত ইজৰাইলৰ মিছাইল আক্ৰমণ আৰু বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা ৫ বছৰৰ তলৰ ৪,৯৮৬ টা শিশুৰ নাম লিখা আছিল। কিছুমান মহিলাই হয়তো পেলেষ্টাইনীসকলৰ সমৰ্থনত উলংগ হৈ প্ৰতিবাদ কৰিব পাৰে বুলি এইবাৰ ৰেড কাৰ্পেটত নগ্নতা নিষিদ্ধ কৰা হৈছিল নেকি বাৰু? পেলেষ্টাইনৰ চিনেমাকলৈতো কানত সাধাৰণতে ইমান বেছি হুলস্থূল নহয়? কিয়? ইজৰাইল অসন্তুষ্ট হ’ব বুলি? পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ আগত পাঁচ ঘণ্টাৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰাৰ কাৰণ কি আছিল? স্থানীয় কৰ্মকৰ্তাই কিয় কৈছিল যে এয়া এটা বিদ্যুৎ বিভাগৰ উপ-শাখাত বা টাৱাৰত সম্ভৱতঃ কোনোৱে আক্ৰমণ কৰা বাবে হৈছে বুলি? প্ৰশ্ন অনেক, কিন্তু সকলো উত্তৰ পোৱা কঠিন। ইয়াত কোনো সন্দেহ নাই যে ৭৮তম কান চলচ্চিত্ৰ মহোৎসৱে কিছু বিতৰ্কৰ সূত্ৰপাত ঘটাইছে।
শেষত স্বীকাৰ কৰিব লাগিব যে পানাহীয়ে ‘ইট ৱাজ জাষ্ট এ এক্সিডেণ্ট’ৰ বাবে ‘Palme d’Or’ জিকিছিল, আৰু নিশ্চিতভাৱেই ইয়াৰ বাবে তেওঁ যোগ্যও আছিল। ইট ৱাজ জাষ্ট এ মেটাৰ অফ্ টাইম– তেহৰাণৰ হালধীয়া ৰঙৰ টেক্সি এখনত উঠি পানাহীয়ে কানলৈ গৈ অসন্তুষ্ট ইৰাণীসকলক এখন নতুন ইৰাণ নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ঘৰলৈ উভতি আহোঁতে তেওঁৰ পৰৱৰ্তী ছবিখন কিহৰ ওপৰত আধাৰিত হ’ব সেইটো সিদ্ধান্ত ল’ব। ইৰাণ এতিয়াও সলনি হোৱা নাই। এতিয়াও বহু কাম বাকী আছে। পানাহীয়ে যুঁজিছে, আৰু যুঁজিবও। তেওঁৰ হাতত এটা চোকা অস্ত্ৰ আছে – যাক চিনেমা বোলে। পানাহীৰ ছবিয়ে যে প্ৰতিৰোধৰ ভাষা ক’ব পাৰে সেয়া প্ৰমাণিত হৈছে। আমি নিশ্চিত হ’ব পাৰোঁ যে তেওঁৰ নতুন ছবিখনে ইৰাণৰ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰি জনসচেতনতা বৃদ্ধি কৰিব।
