মহাকাশ অভিযানত ভাৰতবৰ্ষ : এক দুঃসাহসিক যাত্ৰাৰ অন্তত ‘মংগলায়ন’ৰ সাফল্য
ড০ প্ৰণবজ্যোতি চেতিয়া
প্ৰায় ৪০০০ হাজাৰ বছৰ পূৰ্বৰেপৰা মানুহে ৰাতিৰ ভাগত অতি কৌতূহলেৰে আকাশলৈ তধা লাগি চাই সপোন দেখা আৰম্ভ কৰিছিল৷ মহাকাশত তিৰবিৰাই থকা স্বৰ্গীয় বস্তুবোৰৰ (Heavenly Bodies) বিষয়ে ভু লোৱাৰ চেষ্টা কৰি আহিছিল৷ কিন্তু সেই সপোন বাস্তৱত পৰিণত হ’ল তেতিয়াহে যেতিয়া বিজ্ঞানীসকলে ‘‘ৰকেট” (Rocket) উদ্ভাৱন কৰি মহাকাশলৈ বুলি উৎক্ষেপণ কৰাৰ সামৰ্থ্য অৰ্জন কৰিলে৷ এই ৰকেটৰদ্বাৰাই একো একোটা কৃত্ৰিম উপগ্ৰহ নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিব পৰা হ’ল৷ আনহে নালাগে এই ‘‘ৰকেট”ৰদ্বাৰা বিজ্ঞানীসকলে মহাকাশত এপাক মাৰি মহাকাশৰ ন ন তথ্য আহৰণ কৰিব পৰা হ’ল৷ এক যুগান্তকাৰী সূচনাৰ সৃষ্টি কৰি ছোভিয়েট ৰাছিয়াই (Soviet Russia) ১৯৫৭ চনৰ ৪ অক্টোবৰ তাৰিখে ‘‘স্পুটনিক” (Sputnik) নামৰ কৃত্ৰিম উপগ্ৰহটো কক্ষপথত স্থাপন কৰিলে। এই ৰকেটৰদ্বাৰাই ইউৰি গেগেৰিন (Yuri Gegarin)-এ ১৯৬১ চনৰ ১২ এপ্ৰিল তাৰিখে পৃথিৱীক পৰিভ্ৰমণ কৰি বিজ্ঞানীসকলৰ বাবে মহাকাশত বিচৰণ কৰাৰ পথ মুকলি কৰিলে৷
ৰকেট উদ্ভাৱনে কেৱল মানুহৰ মনৰ তাগিদা পূৰণ কৰিলে তেনে নহয় – পৃথিৱীত আমাৰ জীৱন ধাৰণো সহজ আৰু সুৰক্ষিত কৰিলে৷ সেয়েহে মহাকাশৰ এই অধ্যয়নক একে আষাৰতে এক বৈপ্লৱিক সূচনা বুলি কৈ থ’ব পাৰি৷
মহাকাশনো কি ?
দৰাচলতে আমাৰ পৃথিৱীৰ উপৰিভাগত বায়ুমণ্ডলীয় যি আৱৰণ আছে সেই বাহিৰৰ স্থান বা ঠাইখিনিকে থোৰতে মহাকাশ বা মহাশূন্য বুলি ক’ব পাৰি৷ সম্প্ৰতি বিজ্ঞানীসকলে ধাৰণা কৰে যে পৃথিৱী পৃষ্ঠৰপৰা প্ৰায় ১০০ কিঃ মিঃ দূৰত্বৰপৰাহে মহাকাশ বা মহাশূন্য আৰম্ভ হয়৷ এতেকে আমি আকাশত দেখা পোৱা সকলোবোৰ স্বৰ্গীয় বস্তু যেনে – সূৰ্য, চন্দ্ৰ, মংগল, তৰা ইত্যাদিবোৰ মহাকাশত অৱস্থিত৷ তাৰ উপৰি পৃথিৱীৰ বিজ্ঞানীসকলে পঠোৱা কৃত্ৰিম উপগ্ৰহ, অন্তৰীশ মহাকাশ গৱেষণা কেন্দ্ৰ ইত্যাদিবোৰো মহাকাশ বা মহাশূন্যতে অৱস্থিত৷
ভাৰতৰ মহাকাশ অভিযান সূচনা :
সম্প্ৰতি মানৱ সভ্যতাৰ কল্যাণৰ হকে মহাকাশ গৱেষণা অব্যাহত ৰখা দেশকেইখনৰ ভিতৰত অন্যতম এখন দেশ হ’ল ভাৰতবৰ্ষ৷ অদ্বিতীয় প্ৰযুক্তি উদ্ভাৱন কৰি ভাৰতৰ বিজ্ঞানীসকলে সমগ্ৰ বিশ্বক অতি কম সময়ৰ ভিতৰত চমক দিয়াত সক্ষম হৈছে৷ আন আন দেশসমূহৰ তুলনাত ভাৰতৰ এনে সাফল্য প্ৰশংসনীয়৷ দৰাচলতে ভাৰতৰ মহাকাশ অভিযানৰ সাফল্যৰ মূলতে হ’ল এজন ভাৰতীয় বিজ্ঞানী তথা সুসন্তানৰ দূৰ-দৃষ্টিৰ ফচল৷ তেওঁ হ’ল ডo বিক্ৰম ছাৰেভাই৷ তেওঁ এজন অতিশয় দূৰ-দৃষ্টিসম্পন্ন বিজ্ঞানী যিজনে এই মহাকাশ অভিযানৰ সপোন দেখি সেই সপোন বাস্তৱত পৰিণত কৰাৰ পথ মুকলি কৰি এক ইতিহাস ৰচনা কৰিলে৷ এনেধৰণৰ অভিযানৰ গুৰিব’ঠা ধৰোতা আন এজন বিজ্ঞানী হ’ল – প্ৰফেছৰ সতীশ ধাৱন৷ তেখেতে ভাৰতীয় মহাকাশ অভিযানত থলুৱা প্ৰযুক্তি উদ্ভাৱন তথা ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল৷ তেওঁ এনে অভিযানৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি উদ্ভাৱনত – ভাৰতীয় শিল্প, উদ্যোগক সামৰ্থ্যৱান কৰাৰ চেষ্টা কৰিছিল৷
ভাৰতত মহাকাশ অভিয়ানৰ সূচনা হয় ১৯৬২ চনত৷ ভাৰত চৰকাৰে মহাকাশ অধ্যয়ন, গৱেষণা তথা অভিযানৰ বাবে ‘‘National Committee on Space Reasearch” নামৰ এখন সমিতি গঠন কৰে৷ এই সমিতি গঠন হোৱাৰ ঠিক এবছৰৰ পাছত ১৯৬৩ চনত ২১ নৱেম্বৰ তাৰিখে, আমেৰিকাত নিৰ্মিত ‘‘Nike Apache” নামৰ ২৫ ফুট দীঘল এটা ৰকেট উৎক্ষেপণ কৰি এনে অভিযানৰ সূচনা কৰে৷ এই ৰকেটে আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ উচ্চ স্তৰৰ বতাহৰ গতিবিধি অধ্যয়নৰ বাবে ফ্ৰান্স দেশত নিৰ্মিত এটা বৈজ্ঞানিক আহিলা কঢ়িয়াই নিছিল৷
এটা সৰু ৰকেট উৎক্ষেপণ কৰি মহাকাশ অভিয়ান আৰম্ভ কৰা ভাৰতে সৌ সিদিনা (২০১২ চনৰ নৱেম্বৰ ২১ তাৰিখে) এটা PSLV–C21 (PSLV- Polar Satelite Launce Vehicle) ৰকেট উৎক্ষেপণ কৰি ১০০টা অভিযান সম্পূৰ্ণ কৰিলে৷ PSLV–C21এ ফ্ৰান্স আৰু জাপানত নিৰ্মিত ৭৫০ কে.জি. ওজনৰ একোটাকৈ কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নি নিৰ্দিষ্ট কক্ষপথত উপস্থাপন কৰাত সক্ষম হ’ল৷ ১৯৬২ চনৰপৰা প্ৰায় ৫০ বছৰত ১০০টা মহাকাশ অভিযান চলাই ভাৰতীয় বিজ্ঞানীসকলে এনে এক মাত্ৰা প্ৰদান কৰিলে যে সমগ্ৰ বিশ্বৰ দৃষ্টিত ভাৰতবৰ্ষ মহাকাশৰ একোটা ভোটা তৰা হেন হৈ উজলি উঠিছে৷
১৯৬৩ চনত ‘‘Nike-Apache” উৎক্ষেপণ কৰি সফল হোৱাৰ পাছত বাংগালোৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, চমুকৈ ইছৰ’ (ISRO– Indian Space Research Organisation) প্ৰতিষ্ঠা হয়৷ ১৯৬৯ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰতিষ্ঠা হোৱা ইছৰ’ (ISRO)ৰ প্ৰথম অধ্যক্ষ আছিল ভাৰতীয় বিজ্ঞানী বিক্ৰম ছাৰাভাই৷ এই প্ৰতিষ্ঠানৰ মূলমন্ত্ৰ হ’ল – মানৱ জাতিৰ সেৱাত মহাকাশ প্ৰযুক্তিৰ উদ্ভাৱন তথা ব্যৱহাৰ৷ খুব কম দিনৰ ভিতৰতে ইছৰ’ৱে ভাৰত প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আয্যভট্ট নিৰ্মাণ কৰি উলিয়াইছিল৷ এই উপগ্ৰহটো ১৯৭৫ চনৰ ১৯ এপ্ৰিল তাৰিখে ছোভিয়েট যুক্তৰাষ্ট্ৰৰ সহযোগত সফলভাৱে উৎক্ষেপণ কৰা হয়৷ এই উপগ্ৰহটোৰ ওজন আছিল ৩৬০ কে.জি., আনহাতে ইয়াক পৃথিৱীৰ উপৰিভাগৰপৰা প্ৰায় ৬০০ কি.মি. দূৰত্বত উপস্থাপন কৰা হয়৷ তাৰ ঠিক ৫ বছৰৰ পাছতেই ১৯৮০ চনত ‘‘ৰোহিণী” নামৰ দ্বিতীয়টো উপগ্ৰহ উৎক্ষেপণ কৰা হয়৷ ৰোহিণী হ’ল প্ৰথমটো উপগ্ৰহ যিটো প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত ৰকেটৰদ্বাৰা সফলভাৱে উৎক্ষেপণ কৰা হয়৷ পৰৱৰ্তী সময়ত ইছৰ’ৱে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ ইয়াৰে ভিতৰত ১৯৭৯ চনত ছোভিয়েট যুক্তৰাষ্ট্ৰৰ সহযোগত পঠোৱা কৃত্ৰিম উপগ্ৰহ ভাস্কৰ-১, ভাস্কৰ-২, ইউৰোপিয়ান মহাকাশ প্ৰতিষ্ঠানৰ সহযোগত (European Space Agency) উৎক্ষেপণ কৰা APPLE (APPLE হ’ল ভাৰতত নিৰ্মিত প্ৰথটো যোগাযোগ সৰবৰাহকাৰী কৃত্ৰিম উপৰহ), ১৯৮৩ চনত উৎক্ষেপণ কৰা INSAT – (Indian National Satellite), IRS উপগ্ৰহ, KALPANA -1 , GSAT, EDUSAT ইত্যাদি৷ আনহাতে সকলোবোৰ ভাৰতীয় মহাকাশ অভিযানৰ ভিতৰত ২০০৮ চনৰ অক্টোবৰ মাহৰ ২২ তাৰিখে চন্দ্ৰ অভিমুখে পঠোৱা ‘‘চন্দ্ৰায়ন – ১” আৰু ২০১৩ চনৰ নৱেম্বৰ মাহৰ ৫ তাৰিখে মংগল গ্ৰহৰ অভিমুখে পঠোৱা ‘‘মংগলায়ন” বিশেষভাৱে উল্লেখযোগ্য৷ সম্প্ৰতি ‘মংগলায়ন’খনে মংগল গ্ৰহক পৰিভ্ৰমণ কৰি আছে আৰু অনাগত প্ৰায় ছমাহ ধৰি এনেদৰে মংগল গ্ৰহক পৰিভ্ৰমণ কৰি মংগল গ্ৰহৰ ওপৰত গৱেষণা চলাব৷
আমাৰ সৌৰজগতৰ সূৰ্যৰ চতুৰ্থ নিকটতম গ্ৰহ হ’ল ‘মংগল’৷ সূৰ্যৰপৰা ক্ৰমিক দূৰত্ব অনুসৰি পৃথিৱীৰ পাছতেই মংগলৰ স্থান৷ অতীজৰেপৰা এই গ্ৰহটোৰ প্ৰতি মানুহৰ আগ্ৰহ, কৌতূহল তথা জল্পনা-কল্পনাৰ অন্ত নাই৷ ৰাতিৰ আকাশত শুক্ৰ গ্ৰহৰ পাছতে উজ্জ্বলতম জ্যোতিষ্ক হিচাপে মংগলক স্থান দিব পাৰি৷ সেইয়েহে এই গ্ৰহটোৰ ভু ল’বলৈ অতীজৰেপৰা সৰ্বসাধাৰণ লোকৰপৰা আৰম্ভ কৰি বিজ্ঞানীসমাজলৈ বিভিন্নধৰণৰ কৌশল অৱলম্বন কৰিছে৷ কিন্তু যোৱা ষাঠিৰ দশকৰ আগভাগলৈকে এই গ্ৰহটোৰ বিষয়ে ধাৰণা বিজ্ঞানীসকলে মাথোঁ দূৰবীক্ষণেৰে লাভ কৰা জ্ঞানৰ মাজতে সীমাবদ্ধ আছিল বুলি ক’ব পাৰি৷
সেয়েহে ২০১৪ চনৰ ২৪ ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰতবাসীৰ বাবে ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈ ৰ’ল৷ থলুৱা বিজ্ঞান-প্ৰযুক্তিৰে সমগ্ৰ বিশ্বক চমক খুৱাব পৰাকৈ আমাৰ ভাৰতীয় বিজ্ঞানীসকল সমৰ্থ হ’ল৷ সেই দিনটোতে ইতিহাস সৃষ্টি কৰি ভাৰতৰ ‘মংগলায়ন’খনে নিৰ্দিষ্ট কৰি থোৱা মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিলে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনৰ শীৰ্ষস্থানত থকা বিশ্বৰ আগশাৰীৰ দেশসমূহৰ বিজ্ঞানীসকলে আমাৰ ভাৰতীয় বিজ্ঞানীৰ প্ৰযুক্তি তথা কৌশলগত প্ৰয়োগৰ প্ৰশংসা কৰিবলৈ বাধ্য হ’ল৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ (NASA)ই এই অভিযানত এক বৃহৎ সাফল্য বুলি অভিহিত কৰি ভাৰতীয় বিজ্ঞানীসকললৈ অভিনন্দন জ্ঞাপন কৰিলে৷ নকৰাৰ কিবা থল আছেনে? ভাৰতীয় বিজ্ঞানীসকলৰ কম খৰছী তথা দক্ষতাসমৃদ্ধ এনে এক সফল অভিযানক৷
থোৰতে মংগল গ্ৰহটো :
আকাৰত পৃথিৱীৰ প্ৰায় আধা৷ পৰিধি ৩,৩৯০ কি. মি.৷ এই গ্ৰহটোৰ পৃষ্ঠভাগ কমলা ৰঙচুৱা বৰণৰ হয়৷ মংগল গ্ৰহৰ দুটা উপগ্ৰহ – ফ’বছ আৰু ডিমছ’৷ এই গ্ৰহটোৰ পৰিৱেশ-পৰিস্থিতিৰ আমাৰ পৃথিৱীৰ পৰিৱেশ-পৰিস্থিতিৰ স’তে যথেষ্ট সাদৃশ্য থকাৰ সম্ভেদ পাই সম্প্ৰতি পৃথিৱীৰ বিজ্ঞানীসকলে ঠাৱৰ কৰিবৰ বাবে বিভিন্নধৰণৰ অভিয়ান চলাইছে৷
উল্লেখনীয় কেইটামান মংগল অভিমুখী অভিযান :
মহাকাশ গৱেষণাত সবল ভেটি স্থাপন কৰা কেইবাখনো দেশৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানে মংগল গ্ৰহ অভিমুখী বহু অভিযান চলাইছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছা ৷ মংগল অভিমুখী প্ৰথমখন মহাকাশযান প্ৰেৰণ কৰিছিল নাছাই । ১৯৬৪ চনৰ ২৪ নৱেম্বৰৰ দিনা ‘মেৰিনাৰ-৩’ নামৰ মহাকাশযানখন মংগল গ্ৰহৰ অভিমুখে উৎক্ষেপণ কৰা হৈছিল৷ কিন্তু কাৰিকৰী বিসংগতিৰ বাবে ‘মেৰিনাৰ-৩’ অভিযান বিফল হ’ল। সেয়েহে ইয়াৰ তিনি সপ্তাহৰ পাছত অৰ্থাৎ ১৯৬৪ চনৰ ২৪ নৱেম্বৰ তাৰিখে নাছাই ‘মেৰিনাৰ-৪’ নামৰ এখন মহাকাশযান মংগল গ্ৰহৰ অভিমুখে উৎক্ষেপণ কৰে আৰু সুদীৰ্ঘ আঠ মাহৰ যাত্ৰা সম্পূৰ্ণ কৰি লক্ষ্যস্থানত উপনীত হয়৷ ইয়াৰ পাছতে নাছাই মেৰিনাৰ-৬,৭,৮ আৰু ৯ৰ উপৰিও ভাইকিং, মাৰ্চ ক্লাইমেট অৰবাইটাৰ, প’লাৰ লেণ্ডাৰ, মাৰ্চ এক্সপ্লৰেশ্যন ৰ’ভাৰ ইত্যাদি আদি কৰি বহুকেইটা অভিযান সফলভাৱে কৰিছে৷ আনহাতে, নাছাৰ সমান্তৰালভাৱে আন কেইবাটাও মহাকাশ গৱেষণা সংস্থাই মংগল অভিমুখী অভিযান চলাইছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল – ২০০৩ চনৰ ২ জুন তাৰিখে ইউৰোপিয়ান স্পেচ এজেন্সিয়ে নাছাৰ সহযোগত পঠোৱা মংগল অভিমুখী মাৰ্চ এক্সপ্ৰেছ আৰু ২০১৩ চনৰ ৫ নৱেম্বৰ তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ‘ইছৰ’ৱে পঠোৱা ‘মংগলায়ন’। ১৯৬৪ চনৰপৰা মংগল গ্ৰহৰ ওপৰত চলোৱা অভিযানবোৰৰ বহুকেইটা অভিযান ব্যৰ্থ হৈছিল যদিও আন কেইবাটাও অভিযানে বিজ্ঞানীসকলক মংগল গ্ৰহৰ ন-ন তথ্য আহৰণ কৰাত সামৰ্থ্যৱান কৰি তুলিলে৷ ভাৰতবৰ্ষ হ’ল প্ৰথমখন দেশ যি প্ৰথম প্ৰচেষ্টাতে মংগল অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হ’ল৷
ভাৰতীয় বিজ্ঞানীৰ মংগল গ্ৰহলৈ অভিযান :
২০১৩ চনৰ ৫ নৱেম্বৰ৷ অন্ধপ্ৰদেশত অৱস্থিত ভাৰতৰ উপগ্ৰহ নিক্ষেপণ কেন্দ্ৰ শ্ৰীহৰিকোটাৰপৰা (PSLV-C25) ৰকেটৰদ্বাৰা ‘মংগলায়ন’ মহাকাশযানখন উৎক্ষেপণ কৰা হৈছিল৷ বিয়লি ২ বাজি ৩৪ মিনিটত মেৰু উপগ্ৰহ উৎক্ষেপণ যান PSLV-C25ৰ উৰণ আৰম্ভ হয়৷ ইছৰ’ৰ ৫০বছৰীয়া ইতিহাসত এক নতুন মাত্ৰা প্ৰদান কৰি PSLV–C25 ৰকেটে ১,৩৫০ কে.জি. ওজনৰ ‘মংগলায়ন’ যানখন মংগল অভিমুখে ৰাওনা হয়৷ মংগল অভিমুখে ৰাওনা হয়৷ মংগলায়নে প্ৰতি ছেকেণ্ডত ৩২ কি.মি. বেগেৰে দহ মাহত প্ৰায় ৬৮ কোটি কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ২০১৪ চনৰ ছেপ্টেম্বৰ তাৰিখে মংগল কক্ষপথত উপনীত হয়গৈ৷ সময় তেতিয়া পুৱা ৭.৪৮৷ ইতিহাস সৃষ্টি কৰি ভাৰতৰ ‘মংগলায়নে’ মংগল গ্ৰহ কক্ষপতত প্ৰৱেশ কৰিলে আৰু ইয়াৰ লগে লগে ভাৰবৰ্ষ হৈ পৰে সফলতাৰে মংগল অভিযান সম্পন্ন কৰা বিশ্বৰ চতুৰ্থখন তথা এছিয়াৰ সৰ্বপ্ৰথম দেশ৷ নিজৰ দক্ষতা প্ৰদৰ্শন কৰি কম খৰচী অভিযানেৰে ভাৰতীয় বিজ্ঞানীয়ে সমগ্ৰ বিশ্বক চমকিত কৰিবলৈ সক্ষম হ’ল৷
এই অভিযানৰ লক্ষ্য তথা উদ্দেশ্য :
ভাৰতবৰ্ষৰ মংগল অভিযানৰ প্ৰদান উদ্দেশ্য আছিল মহাকাশ গৱেষণা তথা অধ্যয়নৰ ক্ষেত্ৰত ভাৰতৰ বলিষ্ঠ স্থিতি বিশ্বৰ আগত দাঙি ধৰা, লগতে মহাকাশ গৱেষণাত যে ভাৰতবৰ্ষ বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সমকক্ষ সেয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাও আছিল এই অভিযানৰ আন এক অন্যতম লক্ষ্য৷ আনহাতে মংগল গ্ৰহৰ গঠন, অবয়ব, পৃষ্ঠভূমিৰ বিন্যাস, খনিজ পদাৰ্থৰ সন্ধান আদিৰ অধ্যয়নৰ স’তে জীৱৰ উপস্থিতিৰ সংকেত বহনকাৰী মিথেন গেছৰ অনুসন্ধানো এই অভিযানৰ আন এক লক্ষ্য৷ লগতে থলুৱা প্ৰযুক্তি, কৌশল ব্যৱহাৰ কৰি ৰকেটৰদ্বাৰা উৎক্ষেপণ কৰি মংগল গ্ৰহ কক্ষপথত প্ৰতিষ্ঠা কৰিব পাৰে, সেয়া প্ৰমাণিত কৰাও আছিল মংগল অভিযানৰ আন এটা অন্যতম লক্ষ্য৷
মংগলায়নত সমৃদ্ধ বৈজ্ঞানিক সন্ত্ৰসমূহ : ‘মংগলায়নে’ মহাকাশলৈ এটা শক্তিশালী কেমেৰাসহ পাঁচটা মূল বৈজ্ঞানিক যন্ত্ৰ কঢ়িয়াই নিছে৷ সেই যন্ত্ৰ কেইটাৰদ্বাৰা যানখনে গ্ৰহটোৰ উপৰিভাগৰ বিভিন্ন তথ্য আহৰণ কৰি, বিশ্লেষণ কৰি তথ্যসমূহ পৃথিৱীৰ নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰিব৷ মগলায়নত সমৃদ্ধ হৈ থকা সেই বিশেষ যন্ত্ৰকেইটা হ’ল-
১. মিথেন ছেন্সৰ ফৰ মাৰ্ছ (MSM) :
ই এটা মিথেন (CH4) গেছ সংবেদী যন্ত্ৰৰ সহায়ত মংগল গ্ৰহ পৃষ্ঠত বা উপৰিভাগত মিথেন গেছৰ উৎসৰ অস্তিত্বৰ সন্ধান কৰা হ’ব৷ যদি এই সংবেদী যন্ত্ৰৰদ্বাৰা মিথেন গেছৰ অৱস্থিতি প্ৰমাণ কৰিব পৰা যায় তেন্তে অদূৰ ভৱিষ্যতে জীৱনৰ অৱস্থিতি বা অস্তিত্বৰ কথাও প্ৰমাণ কৰিব পৰা যাব৷
২. মাৰ্ছ কালাৰ কেমেৰা (MCC) :
ই এটা ৰঙীন কেমেৰা৷ এই কেমেৰাটোৱে ‘মংগলায়ন’খন গ্ৰহটোৰ চাৰিওকাষে পৰিভ্ৰমণ কৰি থকা অৱস্থাতে মংগল পৃষ্ঠৰ অসংখ্য আলোকচিত্ৰ গ্ৰহণ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিব৷ আনহাতে, এই কেমেৰাটোৱে সম্পূৰ্ণ মংগল গ্ৰহটোৰ আলোকচিত্ৰ তথা মংগলৰ দুটা উপগ্ৰহ ফ’বছ আৰু ডিমছ’কো পৰ্যবেক্ষণ কৰি আলোকচিত্ৰ গ্ৰহণ কৰিব৷ ইতিমধ্যে মংগলায়নে এই কেমেৰাটোৰ জৰিয়তে গ্ৰহটোৰ আলোকচিত্ৰ পঠিয়াবলৈ সক্ষম হৈছে৷ প্ৰথম আলোকচিত্ৰখন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মাননীয় প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে প্ৰদান কৰিলে৷
৩. মাৰ্ছ এক্সজস্ফিয়েৰ নিউট্ৰেল কম্প’জিশ্যন এনালাইজাৰ (MENCA) :
মংগল গ্ৰহটোৰ উপৰিভাগত যি বায়ুমণ্ডলীয় স্তৰ (আৱৰণ) আছে তাৰ একেবাৰে বাহ্যিক মণ্ডলৰ পদাৰ্থকণা তথা তাত কেনে এক পৰিবেশ বিৰাজ কৰে – সেইটো এই যন্ত্ৰৰ সহায়ত অধ্যয়ন কৰা হৈছে৷
৪. থাৰ্মেল ইনফ্ৰাৰেড ইমেজিং স্পেক্টেমিটাৰ (TIS) :
এই যন্ত্ৰৰ সহায়ত মংগল গ্ৰহৰ উপৰিভাগত থকা উপাদানসমূহ তথা তাত থকা মাণিকসমূহৰ উৎপত্তি, চাৰিত্ৰিক বৈশিষ্ট্য আদি অধ্যয়ন কৰিব৷
৫. লাইমেন আলফা ফট’মিটাৰ (LIM) :
এই যন্ত্ৰৰ সহায়ত মঙ্গল গ্ৰহত পানীৰ (H2O)ৰ সম্ভাৱনীয় অৱস্থিতিৰ ওপৰত বিশদভাৱে অধ্যয়ন চলাব৷ সম্প্ৰতি মঙল পৃষ্ঠত পানী আছে নেকি; যদি নাই তেন্তে বহু কোটি বছৰৰ আগতে আছিল নেকি৷ বা এতিয়া কিয় নাইকিয়া হ’ল৷ এনে কথাবোৰৰ অনুধাৱন কৰিব পৰা যাব এই যন্ত্ৰৰ সহায়ত৷
‘‘মংগলায়ন” আৰু ‘‘ম’ম” (MANGALAYAN & MOM) :
‘‘মংগলায়ন” এখন মহাকশযান৷ ভাৰতৰ ‘‘মম” (MARS ORBITER MISSION) অভিযানত ব্যৱহৃত হোৱা এখন অত্যাধুনিক মহাকাশযান৷ মংগলপৃষ্ঠ বা ইয়াৰ আশে-পাশে থকা পৰিৱেশটোক ভালকৈ কৰিবৰ বাবে এই যানখনত কেইবাটাও অত্যাধুনিক বৈজ্ঞানিক আহিলা বা যন্ত্ৰ সংযোগ কৰি ৰকেটৰদ্বাৰা উৎক্ষেপণ কৰি মংগল গ্ৰহৰ কক্ষপথত স্থাপন কৰা হৈছে৷ এই যানখনত কোনো মানুহ যোৱা নাই, মাথোঁ কেইটামান যন্ত্ৰহে গৈছে আৰু মংগল গ্ৰহৰ উপৰিভাগত এটা উপবৃত্তাকাৰ কক্ষপথেৰে পৰিভ্ৰমণ কৰিহে পৰীক্ষা-নিৰীক্ষা চলাব৷ গতিকে এই শ্ৰেণীৰ মহাকাশ যানবোৰক ‘অৰবিটাৰ’ বুলিও কোৱা হয়৷ এই যানখন আকাৰত এটা ঘনকৰ দৰে৷ পৃথিৱীৰ মাধ্যাকৰ্ষণিক আকৰ্ষণৰ পৰিবেশ ভেদি পঠাবলগা হোৱা বাবে এনেধৰণৰ যানবোৰ শক্তিশালী ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হয়৷
আনহাতে ‘‘ম’ম” হ’ল এটা অভিযান৷ ভাৰতবৰ্ষৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰ’ৱে চলোৱা এটা মহাকাশ অভিযান৷ এই অভিযানটোৰ মূল লক্ষ্য হ’ল মংগল গ্ৰহটোক ভালকৈ অধ্যয়ন কৰা৷ এই অধ্যয়নৰ বাবে প্ৰয়োজন হোৱা বৈজ্ঞানিক আহিলাবিধ হ’ল – ‘‘মংগলায়ন” অৰ্থাৎ মহাকাশযানখন৷
আমাৰ ভাৰতীয় বিজ্ঞানীসকলে মংগলায়নক এনেকৈ নিৰ্মাণ কৰিছে যে জৰুৰী অৱস্থাত ই স্বতন্তৰীয়াভাৱে সিদ্ধান্ত ল’ব পাৰে৷ তেনে অৱস্থাত নিয়ন্ত্ৰণ কক্ষৰ পৰা নিৰ্দেশ পোৱালৈ অপেক্ষা কৰিব নালাগে৷ সম্প্ৰতি মংগল গ্ৰহৰ কক্ষপথত থকা মংগলায়নৰপৰা এটা বাৰ্তা আমাৰ ইছৰ’ৰ নিয়ন্ত্ৰণ কক্ষলৈ আহোঁতে-যাওঁতে লগা সময় হ’ল প্ৰায় ৪০ মিনিট৷ কাৰণ দুয়োটা গ্ৰহৰ (পৃথিৱী আৰু মংগল) মাজত থকা নিৰ্দিষ্ট দূৰত্বৰ বাবে মংগলায়নৰপৰা এটা বাৰ্তা নিয়ন্ত্ৰণ কক্ষৰ যন্ত্ৰত ধৰা দিবলৈ সময় লাগে ২০ মিনিট৷
আমাৰ গৌৰৱ :
একো একোজনৰ ভাৰতীয় নাগৰিক হিচাপে ‘‘ম’ম” অভিযানক লৈ আমি যথেষ্ট গৌৰৱ কৰাৰ থল আছে৷ এই অভিযানৰ জৰিয়তে সমগ্ৰ বিশ্বৰ আগত আমাৰ বিজ্ঞানীসকলে যি প্ৰযুক্তি প্ৰদৰ্শন কৰিলে সঁচাকৈয়ে প্ৰশংসনীয়৷ ‘‘ম’ম” অভিযানটো প্ৰকৃততে ভাৰতীয় থলুৱা প্ৰযুক্তিৰ নিদৰ্শন৷ এই অভিযানৰ সফলতাই ৰকেট উৎক্ষেপণ প্ৰণালী, মহাকাশযান নিৰ্মাণ আৰু কাৰ্যকৰিতাৰ সামৰ্থ প্ৰদৰ্শন কৰি ভাৰতবৰ্ষই মহাকাশ অভিযানৰ এক নতুন মাত্ৰা প্ৰদান কৰিলে৷
আনহাতে, এই অভিযান হ’ল – বৰ্তমানলৈকে মংগল গ্ৰহৰ অভিমুখে চলোৱা অভিযানসমূহৰ ভিতৰত আটাইতকৈ কম খৰচী অভিযান৷ কাৰণ এই অভিযানৰ বাবে খৰচ হৈছে মাত্ৰ ৪৫০ কোটি টকা৷ নাছাই চলোৱা মংগল অভিযানসমূহৰ তুলনাত প্ৰায় এক-দশমাংশ৷ ইমান কম ধন ব্যয় কৰি চলোৱা এটা অভিযান সফল হোৱাত ভাৰতে বিশ্বৰ সকলো দেশৰ দৃষ্টি আকৰ্ষণ কৰাত সমৰ্থ হৈছে৷ আনহাতে, NASAৰ শেহতীয়া মংগল গ্ৰহ অভিযান মাৱেন (MAVEN)ৰ বাবে হোৱা খৰছৰ পৰিমাণ ৬৭১ নিযুত মাৰ্কিন ডলাৰ (প্ৰায় ৪০০০ কোটি টকা)৷ এনে এখন খৰচী মহাকাশযান খুব কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰাটোও হ’ল আন এটা লক্ষণীয় কথা৷ আমাৰ বিজ্ঞানীসকলে মাথোঁ ১৫ মাহৰ ভিতৰতে মংগলায়ন নিৰ্মাণ কৰি সম্পূৰ্ণ কৰাত সক্ষম হ’ল৷
আনহাতে, আমাৰ বিজ্ঞানীসকলে পৰম্পৰাগত পথতকৈ কিছু দীঘলীয়া পথ অতিক্ৰম কৰি ‘‘মংগলায়ন”খন কক্ষপথত স্থাপন কৰিলে৷ এনে এক দীঘলীয়া পথ অতিক্ৰম কৰাৰ মূলতে আছিল ইন্ধন ৰাহি কৰি ক্ষেপণ ভৰ অধিক কঢ়িয়াই নিয়া৷ সেয়েহে মংগলায়নখন ‘‘উৎক্ষেপণ” খিৰিকিৰে উৎক্ষেপণ কৰা হৈছিল৷ আমি জানো যে প্ৰায় ১৭ বছৰৰ মূৰে মূৰে পৃথিৱী আৰু মংগল গ্ৰহ নিকটতম দূৰত্বত উপস্থিত হয় আনহাতে প্ৰায় ২৫/২৬ মাহৰ ব্যৱধানত পৃথিৱী আৰু মংগলৰ কক্ষপথ দুটা একে শাৰীতে পৰে৷ এনে অৱস্থাত মহাকাশযান এখন উৎক্ষেপণ কৰিবলৈ সহজ হয়৷ এনে অৱস্থাটোক এখন খুলি থোৱা খিৰিকিৰ স’তে তুলনা কৰিব পাৰি৷ যিহেতু এখন খোলা খিৰিকিৰে এটা বস্তু বাহিৰলৈ দলিয়াই দিয়াত সহজ হয়৷ গতিকে জ্যোতিৰ্বিজ্ঞানৰ ভাষাত এনে অৱস্থাটোক ‘‘উৎক্ষেপণ খিৰিকি” বুলি কোৱা হয়৷ প্ৰথমবাৰৰ বাবে এনে এক কৌশল প্ৰয়োগ কৰি ভাৰতীয় বিজ্ঞানীসকলে ‘‘মংগলায়ন” উৎক্ষেপণৰ বাবে প্ৰয়োজন হোৱা ইন্ধন ৰাহি কৰি ইতিহাসৰ সৃষ্টি কৰিলে৷
আনহাতে, এজন অসমীয়া হিচাপেও, বৰ্তমান আহমেদাবাদস্থিত ফিজিকেল ৰিছাৰ্চ লেবৰেটৰিত সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ড০ জিতেন্দ্ৰ নাথ গোস্বামীক লৈ গৌৰৱ কৰাৰ থল আছে৷ ড০ জিতেন্দ্ৰ নাথ গোস্বামীৰ জন্ম যোৰহাটত৷ যোৰহাটৰ চৰকাৰী বালক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ড০ গোস্বামীয়েই হ’ল প্ৰথমজন অসমীয়া বিজ্ঞানী যিজনে এনে ইতিহাস ৰচিব পৰা মংগল অভিমুখী মহাকাশ অভিযানৰ স’তে ওতপ্ৰোতভাৱে জড়িত। ফিজিকেল ৰিছাৰ্চ লেবৰেটৰিতে মংগলযানখনত সংযোগ কৰা কেইবাটাও বৈজ্ঞানিক যন্ত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছিল৷ ইয়াতে উল্লেখ কৰিব পাৰি যে ভাৰতবৰ্ষৰ আন এক উল্লেখযোগ্য মহাকাশ অভিযান চন্দ্ৰায়ন-১ৰ সৈতেও ড০ গোস্বামী বিশেষভাৱে জড়িত আছিল৷
এখন থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মহাকাশযানৰদ্বাৰা মংগল গ্ৰহ অভিমুখে যাত্ৰা কৰি প্ৰথমটো পদক্ষেপতে সফলতা অৰ্জন কৰি স্বাভাৱিকতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ ভাৰতবৰ্ষ উজলি উঠিছে৷ কাৰণ ভাৰতবৰ্ষৰ দৰে এখন দৰিদ্ৰ দেশৰ বাবে এনে এক দুঃসাহসিক তথা জটিল অভিযান সফলভাৱে সমাপন কৰিব পৰাৰ কথাটো সৌ সিদিনালৈকে কোনেও ভাবিবই পৰা নাছিল৷ কিন্তু আমাৰ বিজ্ঞান-প্ৰযুক্তিৰ প্ৰসাৰ তথা প্ৰচাৰ আৰু উদ্ভাৱন তথা সুপ্ৰয়োগে আমাৰ বিজ্ঞানীসকলক এনে অভিযান কৰাত সমৰ্থ কৰি তুলিলে আৰু সেয়ে এই অভিযান সফল হোৱাৰ পাছত পুনৰ ২০১৭ৰপৰা ২০২০ চনৰ ভিতৰত মংগল গ্ৰহৰ বিষয়ে নতুন বৈজ্ঞানিক তথ্যৰ সন্ধানৰ লক্ষ্য লৈ পুনৰ আন এক অভিযানৰ পৰিকল্পনা হাতত লৈছে৷ এই কথা বৰ্তমান ইছৰ’ৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বিজ্ঞানী কে. ৰাধাকৃষ্ণনে সদৰী কৰিছে৷
নিশ্চয়কৈ এনেধৰণৰ অভিযানৰ জৰিয়তে মংগল গ্ৰহৰ সম্পৰ্কে সুদূৰপ্ৰসাৰী তথ্য আহৰণ কৰা সম্ভৱ হৈ উঠিব যিসমূহ তথ্য মানৱ কল্যাণৰ হকে ব্যৱহাৰ কৰিব পৰা যাব৷ হয়তো মানৱ সভ্যতাৰ বাবে এনে এদিনো আহিব পাৰে যে বিকল্প বাসস্থান হিচাপে মংগল গ্ৰহকে বাছি ল’বলগা হব৷ গতিকে তেনে এক সময়লৈ বা ক্ষণলৈ মাথোঁ আমি কেৱল আশাৰে বাট চাই থাকিলেই হ’বনে? আহক, আমি সকলোৱে মিলি একেলগে ‘‘মংগলায়নৰ” সফলতা কামনা কৰোহঁক৷ কিন্তু অতি পৰিতাপৰ কথা যে যি সময়ত মংগলায়নে মংগল গ্ৰহৰ কক্ষপথত বিজয় ধ্বজা অব্যাহত ৰাখিছিল; (২০১৪ চনৰ ২৪ ছেপ্টেম্বৰ) যি সময়ত বিশ্বৰ বিভিন্ন দেশৰ দেশনেতা, গৱেষণা সংস্থাসমূহে এনে এক ঐতিহাসিক ক্ষণৰ সাক্ষী তথা অংশীদাৰ হোৱাৰ বাবে হেতা-ওপৰা লগাইছিল, যি সময়ত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ইছৰ’ৰ নিয়ন্ত্ৰণ কক্ষত অধীৰ আগ্ৰহেৰে তথা চিন্তাক্লিষ্ট হৈ ‘মংগলায়নৰ’ বাৰ্তাৰ বাবে অপেক্ষা কৰিছিল, যি সময়ত আমাক ভাৰতৰ তথা বিভিন্ন দেশৰ আগশাৰীৰ ইলেক্ট্ৰনিক মিডিয়াসমূহে মংগলায়নৰ বাৰ্তা জনমানসত প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিছিল – সেই সময়ৰ সমান্তৰালকৈ আৰু এটা বাতৰি গুৰুত্বসহকাৰে বৰকৈ প্ৰচাৰ কৰা হৈছিল৷ সেই বাতৰিটো হ’ল – গুৱাহাটীৰ এজন ব্যৱসায়ীৰ ঘৰত স্বয়ম্ভূ ভূতৰ তাণ্ডৱ৷ খেনোক সোধা হৈছিল, ভূত বিশ্বাস কৰেনে, আকৌ খেনোক সোধা হৈছিল – যদি নকৰে, কিয়? মংগলায়নৰ সফলতা কথাটো যদি ইতিবাচক তেন্তে এই ভূতৰ বাতৰিটো নেতিবাচক৷ প্ৰগতিৰ বাবে আমাক লাগিব ইতিবাচক চিন্তা বা ইতিবাচক কথাৰ বহুল প্ৰচাৰ৷ যদি আমি মংগলায়নৰ দৰে ইতিবাচক কথাৰ প্ৰচাৰ কৰো, আলোচনা কৰো, নৱ প্ৰজন্মক উদ্ভাৱনী শক্তিৰ পৰিচয় দিব পাৰো; তেন্তে অনাগত ১০ বা ২০ বছৰত ড০ জিতেন্দ্ৰ নাথ গোস্বামীৰ দৰে আৰু দহজন বিজ্ঞানী নোলাবনে – যিসকলে ‘‘চন্দ্ৰায়ন” বা ‘‘মংগলায়নৰ” দৰে ইতিহাস ৰচিব পৰা মহাকাশ অভিযানত ওতপ্ৰোতভাৱে জড়িত হৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ আন এক জোৱাৰ আনিব পাৰে – য’ত মাথোঁ ভাৰতবাসীৰ প্ৰগতিৰ জয়গান সমৃদ্ধ হৈ থাকে৷ নিশ্চয় পাৰো, নে কি কয়?