মানুহ শংকৰদেৱ- (ড০ হীৰেন গোহাঁই)
শংকৰদেৱৰ বিৰাট আৰু বহুমুখী প্ৰতিভা আৰু জনসাধাৰণৰ মাজত নতুন আধ্যাত্মিক ভাবৰ ঢল নমোৱাত তেওঁৰ সাফল্যৰ বাবে জীৱনকালত তেওঁৰ অনুসৰণকাৰী আৰু ভক্তসকলে তেওঁৰ চৰিত্ৰত ঐশ্বৰিক গুণ আৰোপ কৰিছিল। তেওঁৰ অসামান্য শক্তিসামর্থ্য আৰু সৃষ্টিক্ষমতাৰ গুণত তেওঁ এনে প্রভাৱ বিস্তাৰ কৰাটো অস্বাভাৱিক ঘটনা নাছিল। বিশেষকৈ ভগৱানৰ মহিমা প্ৰচাৰত তেওঁৰ ঐকান্তিকতা আৰু দক্ষতাৰ বাবে তেওঁৰ চৰিত্ৰতো ভগবৎশক্তিৰ জিলিকনি দেখাটো ভাৰতীয় তথা অসমীয়া জনগণৰ অভ্যস্ত প্রতিক্রিয়া। বিংশ শতাব্দীত গান্ধীজী জনমানসত এনে এক ঐশ্বৰিক পুৰুষ হিচাপেই বিম্বিত হৈছিল। প্ৰাচীন চৰিতপুথিবোৰতো তেওঁক বিষ্ণুৰ অৱতাৰ হিচাপেই মাজে মাজে কল্পনা কৰা হৈছে অসংখ্য বাস্তৱসন্মত লৌকিক ঘটনাৱলীৰ বিৱৰণৰ আঁৰে আঁৰে।
আমি ঈশ্বৰো নামানো, অৱতাৰতো বিশ্বাস নকৰোঁ।সেয়ে শংকৰদেৱ যদি সাঁইবাবা বা মহৰ্শি মহেশ যোগীৰ দৰে অলৌকিক ক্ষমতাসম্পন্ন এজন অৱতাৰী পুৰুষহে, তেনেহ’লে তেওঁৰ বিষয়ে আমাৰ আগ্রহ বা কৌতূহলৰ কাৰণ নাই। ইমানতে আমি প্ৰসংগটো সামৰিব পাৰোঁ। ভাগ্য ভাল, চৰিতপুথিবোৰৰ আতিশয্য বাদ দিলে এনে প্ৰমাণৰ অভাৱ নাই যে শংকৰদেৱ আছিল তেজমঙহৰ মানুহ। জীৱনত তেওঁ তেওঁৰ আদৰ্শ তথা ভাবধাৰাৰ বাবে অহৰহ সংগ্ৰাম কৰিবলগীয়া হৈছিল, হতাশা আৰু ব্যৰ্থতাৰ লগত প্ৰায়েই তেওঁৰ পৰিচয় হৈছিল, অসম্মান আৰু অপমান, তিক্ততা আৰু নিৰাশাৰ অন্ধকাৰে তেওঁৰ প্রতিভাও মাজে মাজে আৱৰি ধৰিছিল। আৰু সেই সকলো বাধা-বিঘিনি, গ্লানি-হতাশা তেওঁ জয় কৰিব পাৰিছিল ঐকান্তিক আদর্শনিষ্ঠা আৰু অপৰাজেয় মনোবলেৰে। এইবাবেই আমাৰ ধাৰণা শংকৰদেৱ এজন আদর্শ মানুহ, তেওঁৰ পৰা আমাৰ বহুত শিকিবলগীয়া আছে।
ধূপ-ধুনাৰ ধোঁৱাৰে তেওঁৰ আচল পৰিচয় আৰু আমাৰ বুদ্ধি একলগে আচ্ছন্ন কৰি থ’লে আমি তেওঁৰ এই মানৱীয় গুণৰাজি আৰু মানৱীয় সাধনা বুজিব নোৱাৰিম। এই কথাও বুজিব নোৱাৰিম যে আন সকলো মহৎ লোকৰ দৰে তেৱোঁ কোনো কোনো বিষয়ত নিজৰ যুগৰ দোষ ত্রুটি বা সীমাবদ্ধতাৰ উৰ্ধত নাছিল। আমি যিহেতু নিজেও ভৱিষ্যতৰ পিনে চকু মেলি চাইছোঁ, ভৱিষ্যতৰ পিনে সচেতনভাৱে খোজ দিবলৈ চেষ্টা কৰিছোঁ আৰু এই উত্তৰণৰ পথত নানা তৰহৰ বাধা-বিপত্তি, বৈৰিতাৰ আঘাত পাইছোঁহঁক— আমি সেয়ে শংকৰদেৱৰ আৰ্হিৰ পৰা শিকিব পাৰোঁ, তেওঁৰ প্ৰেৰণাৰপৰা শক্তিলাভ কৰিব পাৰোঁ। তেহে আমাৰ শ্ৰদ্ধা কুসংস্কাৰৰপৰা মুক্ত হ’ব।
প্ৰথমতে সেয়ে তেওঁৰ কিছু সাধাৰণ মানৱীয় “দুর্বলতা” বা সীমাবদ্ধতাৰ কথা উল্লেখ কৰাই ভাল হ’ব। হাতী ধৰাত ত্রুটি হোৱা বাবে আহোম ৰজাই যেতিয়া তেওঁৰ মৰমৰ হৰি জোঁৱাইক কটালে, তেতিযা কোনো ঐশ্বৰিক শক্তিৰে শংকৰদেৱে তাৰ প্ৰতিকাৰ কৰিব পৰা নাছিল। গভীৰ বেদনা আৰু অসহায়তাৰে মৃত্যুপথযাত্রী হৰিক গহীন বিদায়বাণী শুনাইছিল মাধৱদেৱে— “হুয়ো ভাই সাৱধান, মাধৱৰ ফৰমান” বুলি। একশৰণ নামধৰ্মৰ জনপ্ৰিয়তাই পূজা-সেৱা, যাগ যজ্ঞত ভেটা দি জীৱিকাৰ্জনত বাধা জন্মাব বুলি আশংকা কৰি বিপ্ৰসকলে বাৰে বাৰে ৰাজসভাত গোচৰ দিছিল, বৈষ্ণৱসকলৰ ওপৰতো নির্যাতন চলাইছিল। এনে উপদ্ৰৱে শংকৰদেৱক বিচলিত নকৰাকৈ থকা নাছিল—
“শংকৰৰ পাৱে নমস্কাৰ কৰি
ভকতে কহে কথাক।
পথত যাইবাক নাগৰিক দ্বিজে
কদৰ্থি মাৰে আমাক।।
কুকুৰৰ লাঞ্জে মালাক আৰয়
হাতৰ লৈ যায় কাঢ়ি।
উপালম্ভ কৰি বিস্তৰ হাসয়
পণ্ডিত ব্রাহ্মণে বেঢ়ি ॥
ভকতৰ দুখ দেখিয়া শংকৰ
ক্রোধে বুলিলন্ত বাক।
তোৰা সকলক নকৰে ব্ৰাহ্মণে
কৰয় নিন্দা আমাক॥ (গুৰুচৰিত, ৰামচৰণ ঠাকুৰ)
এইবোৰ ঘটনা শেষ জীৱনতো তেওঁ পাহৰি যোৱা নাছিল। বৰং কিছু তিক্ততাৰেই সুঁৱৰিছে—
ব্ৰাহ্মণৰ বাক্যশৰ প্ৰহাৰৰ খোঁচে
হৃদয় কলীয়া পৰি সাঞ্চ বান্ধি আছে।
তাহানিৰ ৰুদ্ৰৰূপী ৰাজশক্তিয়ে মৃত্যুৰ পিছতো তেওঁক এৰা দিয়া নাছিল। ৰামৰায়ৰ জীয়েকক চিলাৰায়লৈ দিয়াৰ পাছত আৰু কোঁচ ৰাজ নৰনাৰায়ণৰ বিবেচক স্বভাৱৰ বাবে কিছুকাল তেওঁ নির্বিঘ্নে কটাব পাৰিছিল। কিন্তু নৰনাৰায়ণে তেওঁৰ শৰণ ল’বলৈ বিচৰাৰ কোনো ইতিহাসসম্মত প্রমাণ নাই। বৰঞ্চ কোঁচবিহাৰৰ প্রামাণ্য ইতিহাসমতে শংকৰদেৱ প্ৰমুখ্যে ভূঞাসকলেহে তলতীয়া সামন্ত হিচাপে নৰনাৰায়ণৰ শৰণাপন্ন হৈছিল। (“নাৰায়ণ, কাহে ভকতি কৰু তেৰা”— এই বৰগীতটি দ্ব্যর্থবোধক, এপিনে ঈশ্বৰৰ ভজনা, আন এপিনৰপৰা নৰনাৰায়ণৰ প্ৰশস্তি। মধ্যযুগত কবিতাৰ এনে প্ৰয়োগ সুলভ আছিল।) মৃত্যুৰ কিছুকাল পিছতে ঘৰবিভীষণ বনগঞাগিৰিৰ উচটনিত কোঁচ ৰজাই মানুহ পঠিয়াই তেওঁৰ বিধৱা বোৱাৰীয়েকক ধৰাই নিছিল সম্পূর্ণ দৈহিক সম্ভোগৰ মানসেৰে। মহাপুৰুষৰ ঘৰৰ মানুহ বুলি ঘৰখনে ৰাজকীয় স্বেচ্ছাচাৰিতাৰ পৰা ৰক্ষা পোৱা নাছিল।
“বনগয়াঁগিৰি আনৰ লোকৰ হতুৱাই ৰাজাত লগোৱাইছে, “আমাৰ বংশত সুন্দৰী কন্যা আছে।” এই কথা শুনি ৰাজাই দ্রুত পঠাই ৰমানন্দৰ ভার্যা সুমতি আইক ধৰাই নিছে।” (বৰদোৱা গুৰুচৰিত গুৱাহাটী, ১৯৭৭ পৃঃ ১৭৬।)
শংকৰদেৱৰ শ্ৰেষ্ঠ ভক্ত মাধৱদেৱো ৰাজশক্তিৰ উপদ্ৰৱত নিজা ঘৰৰপৰা সুন্দৰীলৈ পলাই যাবলৈ বাধ্য হৈছিল। (ঐ পৃ ২০৫) অর্থাৎ জাগতিক অৰ্থত জীৱনকালত তেওঁ অসাধাৰণ সাফল্য অর্জন কৰা নাছিল। তেওঁৰ ভাবধাৰাই সমাজৰ এক গভীৰ মানসিক অভাৱ পূৰণ কৰা বাবেই ঘাইকৈ তেওঁৰ মৃত্যুৰ পাছতো সি ক্রমে সাফল্য আৰু জনপ্ৰিয়তা অৰ্জন কৰিছিল।
কিন্তু এই সফলতাত তেওঁৰ নিজৰো বিশেষ ব্যক্তিগত অৱদান আছিল। নানা ধৰণৰ বাধা বিঘিনি আৰু বৈৰিতা সত্ত্বেও তেওঁ যে হতাশ নহ’ল, নিষ্ক্রিয় হৈ নপৰিল তাৰ কাৰণ তেওঁৰ গভীৰ আৰু অটল আদর্শনিষ্ঠা। সপোনে-সচিতে, অহৰ্নিশে ভক্তিৰসৰ কলতান নিজ হৃদয়ত শুনা বাবেই তেওঁ জনসাধাৰণৰ মাজত তাৰ ফেনিল, উচ্ছল প্রবাহ বোৱাই দিব পাৰিছিল। আৰু এই আদর্শ তেওঁৰ বাবে কোনো বিমূর্ত নীতি নাছিল, সি আছিল মানুহৰ হৃদয় ভৰাই তুলিব পৰা, মানুহৰ আনুগত্যেৰে সজীৱ হৈ থকা, মানুহৰ ত্যাগ আৰু শ্ৰমেৰে প্ৰতিষ্ঠিত হোৱা ভাবধাৰা। সৰ্বোপৰি শংকৰদেৱৰ নিজা আদর্শনিষ্ঠা আৰু আত্মত্যাগে তেওঁৰ প্রবর্তিত নীতিসমূহক জীৱম্ভ কৰি তুলিছিল সৰ্বসাধাৰণৰ বাবে।
তেওঁৰ এই আদর্শনিষ্ঠা কেনে নিভাঁজ আৰু নিঃস্বার্থ আছিল কিছুমান কথাৰপৰা বুজা যায়। অন্তিমকালত পুত্ৰ ৰমানন্দই যেতিয়া বৈষয়িক সম্পদৰ লগতে আধ্যাত্মিক সম্পদৰ বুজবাজ ল’বলৈ গ’ল, তেওঁ দ্ব্যর্থহীন ভাষাত ক’লে:
“আমাৰ ভড়াল শূন্য, সময়ো নাই সকলো বঢ়াৰ পোতে অৰ্পণ কৰিলোঁ, তেওঁৰ আৰু আমাৰ ভিন্নভাব নেদেখিবা, দাসভাবে প্রার্থনা কৰিবা। পিতাৰ বস্তু বুলি নুখুজিবা।” (বৰদোৱা গুৰুচৰিত পৃঃ ২৬৯)
অর্থাৎ ভক্তিধৰ্মক নিজৰ ব্যক্তিগত সৃষ্টি বুলি তেওঁ কেতিয়াও ভবা নাছিল। অসমত জনসাধাৰণৰ মাজত বৈষ্ণৱ ধ্যানধাৰণা প্ৰচাৰ কৰাত নেতৃত্ব দিয়া সত্ত্বেও, গীত-নাটৰ যোগেদি জনসাধাৰণৰ কল্পনা আৰু হৃদয়ত তাক প্ৰতিষ্ঠা কৰা সত্ত্বেও, নামঘৰত নাম-কীৰ্ত্তনৰ জৰিয়তে সেইবোৰ ধ্যানধাৰণাক দৈনন্দিন অভ্যাস বা সংস্কাৰত পৰিণত কৰা সত্ত্বেও তেওঁ এই আন্দোলনৰ ওপৰত কোনো ব্যক্তিগত অধিকাৰ দাবী কৰা নাছিল। অথচ আজি আমি দেখোঁ যে ৰাজনৈতিক ক্ষমতা বা নেতৃত্বও নিজৰ পৰিয়ালতে আবদ্ধ কৰি ৰখাৰ অপচেষ্টা বেছ ব্যাপক। আদৰ্শৰ প্ৰতি প্রকৃত নিষ্ঠা বা জনসাধাৰণৰ বাবে সেই আদৰ্শৰ প্ৰয়োজন উপলব্ধি কৰা— দুয়োটা বস্তুৱেই হয়তো আজিকালি দুর্লভ।
আজিও ৰাজনীতিৰ জগতত বিভিন্ন আদৰ্শৰ সংঘাত সুপৰিচিত ঘটনা। জনসাধাৰণৰ মাজত তেনে আদৰ্শৰ প্ৰতি আস্থা আৰু উৎসাহ জাগ্ৰত কৰিবলৈকো বহুতে চেষ্টা কৰে। অথচ তেনে চেষ্টা বিশেষ ফলবতী হোৱা দেখা নাযায়। তাৰ অন্যতম কাৰণ এয়ে যে, এইবোৰ আদর্শ প্রকৃততে নেতাসকলৰ ক্ষমতা প্ৰতিষ্ঠাৰ অস্ত্ৰ নে জনসাধাৰণৰ কল্যাণ তথা উদগতিৰ উপায়, ধৰা টানেই। শংকৰদেৱে কিন্তু তেওঁৰ আদর্শ লালন-পালন কৰিছিল মানুহৰ বাবে আৰু মানুহৰ আধাৰত। সেয়ে তেওঁৰ ধৰ্মৰ অন্যতম বৈশিষ্ট্য আছিল ভকতসকলৰ লগত তেওঁৰ অদ্ভুত উমসনা সম্পর্ক। যি কোনো জাতৰে বা কুলৰে নহওক, তেওঁৰ আদর্শ গ্ৰহণ কৰা ভকতসকল আছিল তেওঁৰ চকুৰ মণি, হিয়াৰ আমঠু।
“এদিন গুৰু-ঈশ্বৰে পুথি লিখি বহি আছে। ওচৰতে আই আৰু বঢ়াৰ পোও বহি আছে, এনেতে এজন লোকে সম্বাদ দিলেহি, “জয়ন্তী মাধৱ মৃত্যু হ’ল।—” শঙ্কৰদেৱে শুনামাত্ৰেই হাতৰ কাপ খহি পৰি ঢলি গ’ল। আয়ে দেখা পাই কৈছে “বঢ়াৰ পো, ধৰা, কানসমান পো মৰাত খেদ নহ’ল। ভকতৰ পদে আকুল কৰিছে।” (বৰদোৱা গুৰুচৰিত, পৃ ১৩২)
শংকৰদেৱে সশিষ্যে অসম এৰি বেহাৰলৈ ভটিয়াই যাবৰ সময়ত এই মনোভাৱেই পৰিস্ফুট হৈছিল তেওঁৰ উপযুক্ত শিষ্য মাধৱদেৱৰ আচৰণত। সকলোৱে লামলাকটু লৈ নাৱত উঠাত দেখা গ’ল যে দুজন ভকতলৈ নাৱত ঠায়ে নাটে। কোনেও ঠাই এৰি দিব নোখোজে। তেতিয়া মাধৱদেৱেই অম্লানবদনে নিজৰ যৎকিঞ্চিৎ সম্পত্তি থকা দুটা জপা পানীত পেলাই দি ভকতলৈ ঠাই কৰি দিলে—
লগৰ মনুষ্য বোলে কিমতে নিবাহা।
ভৰা হৈয়া আছে নাৱে কিমতে যাই বাহা॥
*** *** ***
*** *** ***
বোলন্ত মাধৱে তোৰা বাধা নকৰিবা।
মোহোৰ ভাৰ দুই জাপাক পেহলইবা।।
তথাপিতো ভকত সৰ্বশ লৈয়া যাইবা।
এহি বুলি দুই জাপা পানীত পেহলইলা।
সেহি থানে তুলি দুয়ো ভক্তক বৈসালা।।
সাধু সাধু মাধৱ কৰিলা ইটো কৰ্ম।
তুমিসি জানিলা বাপু ভকতৰ মৰ্ম।। (ৰামচৰণ ঠাকুৰ, গুৰুচৰিত)
এইসকল ভকতৰ কোনোজনেই বিদ্যাবুদ্ধি আৰু জ্ঞান গৰিমাত শংকৰদেৱৰ সমকক্ষ নাছিল। বেছিভাগেই আছিল দাৰিদ্ৰ্য আৰু অজ্ঞতাৰ হেঁচাত বিকল মানুহ। সেই সকলোকে ভকত বুলি তেওঁ যেনে আথেবেথে কাষ চপাই লৈছিল, যেনেদৰে তেওঁলোকৰ কল্যাণ আৰু মানসিক উদগতিৰ বাবে দিনে নিশাই চিন্তা কৰিছিল, আচৰিত নহৈ নোৱাৰি। তাৰ বাবে নিশ্চয় তেওঁৰ আছিল এখন বহল অন্তৰ, এটা পিতৃসুলভ ক্ষমাশীল মন আৰু এক চৰিত্ৰগত উদাৰতা। বহু যুগ পাছত বিষ্ণুৰাভাৰ মাজত অসমৰ চহা ৰাইজে যিটো গুণ প্ৰত্যক্ষ কৰিছিল। আজি আমাৰ ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ দলৰ তলৰ মহলাৰ কৰ্মীবিলাকৰ বিষয়ে এনে নিবিড়ভাৱে চিন্তা কৰে নে?
তেওঁৰ আদৰৰ জীয়ৰী ৰুক্মিণী যেতিয়া নিচেই সৰু, তেতিয়া শংকৰদেৱে জীয়েকক কৈছিল মাধৱদেৱ আহিলেই তেওঁক যেন লগে লগে খবৰ দিয়ে। বাপেকৰ আতোলতোল জীয়ৰী ৰুক্মিণীয়ে সেইদিনাৰপৰা বাটলৈ চাই থাকে আৰু মাধৱদেৱক দেখিলেই দৌৰি গৈ আধাফুটা মাতেৰে বাপেকক জনায় “মাধৱ আহিল” বুলি।
সেহি দিনা ধৰি ৰুক্মিণীয়ে থাকে চাই।
আসিলে মাধৱ শংকৰক জগায়।।
উঠ উঠ আতা আইল মাধৱ বান্ধৱ।
শুনি শংকৰৰ মনে মিলিলা উৎসৱ।।
মোৰ আই বুলি চুমা খান্ত ঘনে ঘনে।
মাধৱ বান্ধৱ বুলি তুমি জানা কেনে।।
(ৰামচৰণ ঠাকুৰ, গুৰুচৰিত )
এনেবোৰ সৰুসুৰা কথাৰ মাজতে সম্ভেদ পোৱা যায় শংকৰী ধৰ্মৰ সাফল্যৰ কাৰণবিলাকৰ। অৱশ্যে এই কামত তেওঁ যে বিচক্ষণ কৌশলো প্ৰয়োগ কৰিছিল সন্দেহ নাই। বৈষ্ণৱ ভক্তসকল যেতিয়া বিপ্ৰসবৰ অত্যাচাৰত বিতত হ’ল তেওঁলোকক প্রবোধ দিবলৈ শংকৰদেৱে “পাষণ্ডমৰ্দন” ৰচনা কৰিছিল:
“বিষ্ণু বৈষ্ণৱক কৰে ধিক্কাৰ।
কাটিবাক লাগে জিহ্বাক তাৰ।।
শাস্তি কৰিবাক যেৱে নপাৰি ।
গুচিবে কাণত আঙ্গুলি গাৰি।।”
শত্রু যজমানী ব্রাহ্মণসকলৰ মুখেৰেই সমজুৱাৰ মাজত ভাগৱতী বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠতা স্বীকাৰ তথা প্ৰচাৰ কৰাই লৈ তেওঁ কাৰ্যসিদ্ধি কৰিছিল:
সভাত বসিয়া আছন্ত শংকৰ
গুণন্ত মনত কাজ।
কক্ষা ভংগ ভৈলে সভাৰ মধ্যত
পণ্ডিতে পাইবেক লাজ॥
ব্রাহ্মণ সবক দ্বেষ কৰিবাক
আমাৰ নোহে উচিত।
কৃষ্ণৰ ভকতি পথক বিপ্ৰৰ
মুখতে কৰো বিদিত॥
(ৰামচৰণ ঠাকুৰ, গুৰুচৰিত)
সংস্কৃত ভাষাত সুপণ্ডিত আৰু শাস্ত্ৰবাৰিধিৰ নিপুণ কাণ্ডাৰী হোৱা সত্ত্বেও তেওঁ পদ ৰচিছিল সমাজৰ তলত পৰি থকা লোকসকলৰ শ্ৰৱণ-কীৰ্ত্তনৰ বাবে। ব্যক্তিগত খ্যাতি বা মান-মর্যাদাৰ আকাংক্ষাৰপৰা এই আকাংক্ষা বহু নিলগত। অৱতাৰী পুৰুষ বুলি যিসকলে তেওঁক বহুত ওপৰত থাপিব খোজে তেওঁলোকে প্রায়ে পাহৰি যায় যে, এই দৰিদ্ৰ, অশিক্ষিত, নিপীড়িত মানুহবিলাকেও তেওঁলোকৰ অবুজ ভালপোৱা, আস্থা আৰু শ্ৰদ্ধাৰে তেওঁৰ অন্তৰ ভৰাই ৰাখিছিল আৰু তেওঁৰ প্ৰতিভা বিকাশত অজ্ঞাতসাৰে সহায় কৰিছিল। বিষ্ণু ৰাভাই শিল্পী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ বিষয়ে যেনে ধৰণে ব্যাখ্যা কৰিছে, সেইটো শংকৰদেৱৰ ক্ষেত্ৰতে প্ৰযোজ্য। তেৱোঁ ৰাইজৰ হিয়াৰ-মৌকোঁহৰ মৌ চুহি চুহি তাৰে শিল্পসাহিত্যৰ মৌ-চাক ৰচিছিল। সাহিত্যিক ৰচনাৱলী ইমান বিচিত্র, সঘন আৰু পূৰ্ণাংগ। ৰসবোধ আৰু ৰুচিৰ সূক্ষ্মতা আৰু জ্ঞানৰ বিদগ্ধতা সত্ত্বেও তেওঁ সাধাৰণ মানৱ মনৰ আওভাও ভালদৰে বুজিছিল, তাৰ ভাব-অনুভূতিৰ লগত ঘনিষ্ঠ আছিল। গ্রাম্য বা স্থুল বুলি দলিয়াই নিদি সেইবোৰ সহজ আৰু সাধাৰণ আৱেগ অনুভূতিক তেওঁ সাহিত্যত ঠাই দিছিল। ফলত গাঁৱৰ সহজ-সৰল মানুহে ভকতিৰ অজ্ঞান তীৰ্থলৈ যোৱা চিনাকী বাট বিচাৰি পাইছিল তেওঁৰ ৰচনাত। আনহাতে তেওঁৰ সাহিত্যও কেৱল সূক্ষ্ম ভাবৰ লীলাখেলাৰ মঞ্চ নহৈ সাধাৰণ, বিশাল, বিচিত্র মানৱ মনৰ সাগৰ সংকাশ দৰ্পণ হৈ পৰিছিল। (শ্বে’ক্সপীয়েৰ সম্পৰ্কেও এই একেই কথা ক’ব পাৰি।)
হিৰণ্যকশিপুৰ ৰাজসিক আত্মগৌৰৱ আৰু ক্ষমতাদৰ্পৰ লগত দামোদৰ বিপ্ৰৰ অসহায় দাৰিদ্ৰ্য আৰু নিমাখিত সাধুতা ৰিজাই চালেই শংকৰী সাহিত্যৰ মানৱীয় বৈচিত্র্য ধৰা পৰে। প্ৰহ্লাদৰ তদগত ভক্তিৰ লগত হিৰণ্যকশিপুৰ ঘোৰ বিষ্ণু বিদ্বেষৰ তুলনাও এই প্রসংগত মনত পেলাব পাৰি। কিন্তু সাধাৰণ জীৱনৰ পৰিচিত সৰুসুৰা কেতবোৰ ভাব-অনুভূতি আমাৰ সূক্ষ্ম ৰুচিৰ ৰসিকসকলে হযতো স্থূল বুলি অৱহেলা কৰিব। এনে উন্নাসিকতাৰপৰা শংকৰদেৱ মুক্ত আছিল – অথচ তেওঁ যে অতি উচ্চস্তৰৰ ভাব-অনুভূতিত অভ্যস্ত আছিল সেই সম্পর্কেও সন্দেহৰ থল নাই। আমাৰ আইন শৃংখলাৰ উচ্ছৃংখল ৰক্ষক পুলিচে দৈবাৎ কেতিয়াবা নিজে উত্তম-মধ্যমৰ সন্মুখীন হ’লে সাধাৰণ দৰ্শকৰ (আইন শৃংখলাৰ প্ৰতাপত জুৰুলা সাধাৰণ দৰ্শকৰ) প্ৰতিক্ৰিয়া কি হ’ব পাৰে, ‘অজামিলোপাখ্যান’ত বিষ্ণুদূতৰ হাতত যমদূতৰ দুৰ্দশালৈ চকু দিলেই নিমিষতে অনুভৱ কৰা যায়:
ছাড় ছাড় বিপ্ৰক প্ৰাৰম্ভে আসে গেৰি।
কোবাবে লাগিলা দূত সমস্তক বেঢ়ি।।
চাপৰ চুলাৰি ঘৰা কাতিৰ প্ৰহাৰ।
চৱৰতে দুই গাল ভৈলা ভিত্তিকাৰ।।
কেহো কিল মুকুতি লাঠিৰ দিলা চোট।
গদাৰ কোবত পিঠি ভৈলা গোটাগোট॥
*** *** ***
*** *** ***
হাতৰ এৰাই তিনি দূতে দিলা লৰ।
মাৰণৰ ত্ৰাহে তিনি যমৰ কিংকৰ।।
“পাৰিজাত হৰণ”ত অভিমানিনী আৰু কৃষ্ণৰ অনুগ্ৰহত গপত ওফন্দি থকা সত্যভামাই সমজুৱাৰ আগত এনেকৈ গৌৰৱ কৰিছে “পেখু পেখু যাৱত সোহি পাৰিজাত তৰু সমূলো উপাৰি কৃষ্ণক হাতে নাহি আনল: তাৱ ছাড়লো নাহি। হামাৰ সৌভাগ্যক মহিমা পোখো পেখো।’’
শচীৰ খেচ খেচনিত পাৰিজাতৰ মালিকানা লৈ কাজিয়া কৰিবলগীয়া হোৱা দেৱৰাজ ইন্দ্ৰই সত্যভামাৰ প্ৰতি কটূক্তি কৰিছে এইভাৱে— “শ্ৰীকৃষ্ণৰ যত পতনী ধিক: তাহেক মধ্যে তুহু বড়ি প্রচণ্ডা, প্রগল্ভা।”
বিষ্ণুৰ মোহিনী-মায়াত সংজ্ঞা হেৰুৱাই খেদামৰা হৰৰ অৱস্থাত ঋষিসকল হতভম্ব হৈছে, কোনোৱে ধিক্কাৰ দিছে, কোনোৱে ভাবিছে শিৱই কিবা নতুন মায়া দেখুৱাইছে, অপ্সৰাগণে খিল্ খিলাই হাঁহিছে। আৰু—
স্বামীৰ দেখিয়া ভাৱ আসন্ত পার্বতী মাৱ
চাপৰি মুখত বস্ত্ৰ দিয়া ।
পাছৰ যুগৰ সূত্ৰাধিকাৰসকলে যে শংকৰদেৱৰ দৰে হৃদয়স্পর্শী সাহিত্য ৰচনা কৰি থৈ যাব নোৱাৰিলে, তাৰ কাৰণ জনসাধাৰণে কিহত হাঁহে, কিহত কান্দে তেওঁলোকে পাহৰি গৈছিল। শংকৰদেৱৰ দৰে জনসাধাৰণৰ নেতা নহৈ গুৰু হৈ তেওঁলোক শিচ ভজোৱাত ব্যস্ত হ’ল। মানৱী লীলাত অংশ লোৱাতকৈ কৃত্রিম ঐশ্বৰিক লীলা দেখুৱাই চমক লগোৱাত বেছি মনোযোগ দিলে।
অথচ শংকৰদেৱ তাহানিৰ অসমৰ সহজ সৰল সাধাৰণ মানুহৰ আচাৰ বিশ্বাসত সম্পূর্ণ মিলি যোৱা নাছিল। তেওঁলোকৰ লগত মিলি তেওঁলোকক পুৰণা বিশ্বাস আৰু আচাৰৰপৰা এৰুৱাই নতুন বিশ্বাস আৰু আচাৰৰ পিনে বাট দেখুৱাই আনিছিল। তেতিয়া অসমত সৰহভাগ লোকেই জনজাতীয় মূলৰ। তেওঁলোকৰ মাজত ব্রাহ্মণ পণ্ডিত সোমাই তেওঁলোকৰে “বুঢ়াবুঢ়ী” (বাথৌব্রা)ক শিৱ আৰু দেৱীৰ ৰূপলৈ সংস্কাৰ কৰি তন্ত্রোক্তমতে শিৱ আৰু শক্তিপূজাৰ প্ৰবৰ্তন কৰিছিল। শংকৰদেৱে “পাষণ্ড মর্দন”, “হৰমোহন” প্রভৃতি ৰচনাত হৰি-হৰ একাত্ম বা অভিন্ন বুলি কৈছে। ৰঞ্জিৎ দেৱগোস্বামীৰ মতে জনজাতীয় উপাস্য দেৱক হৰৰ লগত একাত্ম কৰি জনজাতীয় সমাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কৌশল শংকৰদেৱে লৈছিল। এই মতটো যুক্তিসংগত। কিন্তু উল্লেখ কৰা ভাল যে “হৰ মোহন”ৰ বাহিৰেও “অমৃতমন্থন” আৰু “ৰুক্মিণীহৰণ” প্রভৃতি কাব্যত শংকৰদেৱে হৰিৰ তুলনাত হৰক কিছু কৰুণামিশ্রিত উপহাসৰ পাত্ৰ কৰিছে। এই পার্থক্য মন কৰিবলগীয়া। ধৰ্মীয় সংস্কাৰ তাৰ অবিহনে সম্ভৱ নহ’লহেঁতেন।
মাধৱদেৱ তেওঁৰ শিষ্য হোৱাৰ আগতে যি বিষয় লৈ দুৰ্ঘোৰ তৰ্কৰ অৱতাৰণা কৰিছিল সি হ’ল দেৱীপূজাৰ উপযোগিতা। সেই সমযত কামৰূপ আৰু উত্তৰ বংগত শক্তিপূজাৰ প্ৰবল প্রকোপ আছিল—
অন্যত্র বিৰলা দেৱী কামৰূপে গৃহে গৃহে।
আনকি যি নৰনাৰায়ণ ৰজাই শংকৰদেৱত শৰণ লোবা বুলি প্ৰবাদ আছে সেই নৰনাৰায়ণেই কামাখ্যা মন্দিৰ মেৰামতি কৰাই দিছিল।
দেৱীপূজাৰ এনে সবল প্রভাৱৰ অন্তৰালত আছিল প্রাচীন বিশ্বাস তথা উৎপাদন পদ্ধতি। খেতি-বাতিত যেতিয়া উন্নত সঁজুলি (লোহাৰ নাঙল, গৰু) প্রচলন নহয়, প্ৰকৃতিৰ ওপৰতে বহুদূৰ নিৰ্ভৰ কৰিবলীয়া হয়, তেতিয়া খেতি-বাতিৰ মাজত বহু যাদুবিশ্বাস সোমাই থাকে। আনকি পৃথিৱীৰ বহু ঠাইতে যৌন ক্ৰিয়াৰ লগত খেতিৰ ফচলৰ কিবা সম্পর্ক আছে বুলিও আদিম মানুহে বিশ্বাস কৰিছিল। অসমতো বিপুল সংখ্যক জনজাতীয় লোকৰ মাজত সেই ধৰণৰ যাদু বিশ্বাস আছিল। তন্ত্রোক্ত পূজাবিধি আৰু বিশ্বাসত তাৰে প্ৰতিফলন ঘটিছিল। অসমৰ খেতি-বাতিৰ বাবে বাৰিষা সময়ছোৱা বৰ দৰকাৰী। সেয়ে বাৰিষা কাল পৰিলে কামাখ্যা দেৱী ৰজস্বলা হৈছে বুলি মানুহে কোৱাকুই কৰে। তন্ত্রও এক ধৰণৰ যাদুবিদ্যাহে। কিছুমান আচাৰ-অনুষ্ঠানেৰে প্ৰকৃতিৰ শক্তিসমূহ বা ঘটনাসমূহ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা। (যেনেকৈ আদিম মানৱে যৌন সংগমেৰে খেতিবাতিৰ উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা কৰিছিল।)
কিন্তু শংকৰদেৱৰ আগৰেপৰা অসমত উন্নত কৃষিৰ প্ৰচলন হৈছিল। ফলত যাদু বিশ্বাস তথা যাদু অনুষ্ঠানবোৰ কেৱল অন্ধবিশ্বাস হিচাপেহে মানুহৰ মনত ৰৈ গৈছিল। আড়ম্বৰৰ বাহুল্যেৰে এইবোৰ অনুষ্ঠানৰ অন্তসাৰশূন্যতা ঢাকিবলৈ চেষ্টা কৰিছিল পুৰোহিতসকলে। কাৰণ যুগোপযোগী নতুন ভাবধাৰাও তেওঁলোকে সৃষ্টি কৰিব পৰা নাছিল।
এই অভাৱ শংকৰদেৱে পূৰণ কৰিলে। বাৰ বছৰ তীৰ্থভ্ৰমণত কটাই অহাৰ পাছত তেওঁ তৎকালীন ভাৰতত প্ৰবল হৈ উঠা ভক্তি আন্দোলনৰ বীজ অসমৰ পলসুৱা মাটিত সিঁচি দিলে। আন্দোলনৰ জন্ম কৰ্মকাণ্ডী ব্ৰাহ্মণসকলৰ মাজত হোৱা নাছিল। ৰামানুজ প্রভৃতি ভক্তি আন্দোলনৰ প্ৰথম ব্রাহ্মণ আচাৰ্যসকলো আচাৰনিষ্ঠ পৰম্পৰাসেৱী ব্ৰাহ্মণ নাছিল। তেওঁলোকে অনার্য প্রভাৱো অন্তৰেৰে গ্ৰহণ কৰিছিল। পৰৱৰ্তী কালৰ ভক্তি আন্দোলনৰ বহুকেইজন নেতা আছিল অব্রাহ্মণ— কেইজনমানতো তাঁতী, মুচি আদি তথাকথিত হীন জাতিৰ। চৈতন্য আদি ব্রাহ্মণ আচার্যয়ো বেলেগ সম্প্রদায়েই প্রতিষ্ঠা কৰিলে। বংগদেশত “বোষ্টম” (বৈষ্ণৱ) এটা সুকীয়া জাতত পৰিণত হ’ল।
শংকৰদেবৰ দ্বাৰা প্রবর্তিত বৈষ্ণৱ ধর্ময়ো ব্রাহ্মণসকলৰ দ্বাৰা সযত্নে সংৰক্ষিত জাতিগত ভেদাভেদত আবদ্ধ হৈ থাকিব নখুজিলে। ব্রাহ্মণ পুৰোহিতসকলে মনুসংহিতাৰ দোহাই দি শূদ্ৰৰ মনেপ্রাণে দাসত্ববৃত্তি সুমুৱাই দিবলৈ বিচাৰিছিল। কাম-কাজৰপৰা আচাৰ-অনুষ্ঠানলৈকে হীনতাই আছিল মনুৰ মতে শূদ্ৰৰ বিধি নিৰ্দিষ্ট দৈব। কিন্তু ভক্তি আন্দোলনে এনে অমানুষিক আচাৰক একাষৰীয়া কৰি থৈ হৰিনামৰ ৰস সকলোৰে বাবে মুকলি কৰি দিলে। গাৰো, ভোট, অসম, যবন, মিৰি, কছাৰী সকলো “পতিত” বা “অপবিত্র” জাতিয়েই হৰিনাম তথা বৈষ্ণৱ ধৰ্মৰ উপযুক্ত বুলি বিবেচিত হ’বলৈ ধৰিলে। অধিক কি, দ্বাদশ স্কন্ধ “ভাগৱত”ত কোৱা হৈছে—
ব্রাহ্মণ ক্ষত্রিয় বৈশ্য ইটো তিনি জাতি।
নুশুনিবে হৰি ভকতিক কাণ পাতি৷৷
শুদ্ৰসৱ আছয় কৈৱৰ্ত আদি কৰি।
অন্ত্যজ পর্য্য ভজিবেক মহা হৰি৷৷
অপ্রয়াসে লভিবে ঈশ্বৰ মহাজ্ঞান ।
এতেকে কলিত শূদ্ৰ কৈৱৰ্ত প্ৰধান ৷৷
ভকতিয়ে সনাতন হিন্দু ধৰ্মৰ মূল ভিত্তি জাতিভেদক একাষৰীয়া’ কৰি থ’লে। “নাহি ভকতিত জাতি অজাতি বিচাৰ।” কিন্তু আমাৰ দৃষ্টিকোণৰপৰা জাতিভেদৰ যি অন্যায় বা অমানবিকতা, শংকৰদেৱে তেনে বোধৰপৰা জাতিভেদৰ বিৰোধিতা কৰিছিলনে নাই সান্দেহ।
নানা ধৰণৰ বিভ্ৰান্তি আৰু মিছা প্ৰচাৰৰপৰা আচল সত্য উদ্ধাৰ কৰিবলৈ কেতবোৰ অপ্ৰিয় কথা ক’ব লগা হ’ব পাৰে। ধৰ্মনিৰপেক্ষ মানবতাবাদৰ দৃষ্টিৰে সমাজসংস্কাৰ কৰাৰ অভিপ্ৰায় শংকৰদেৱৰ নাছিল। তেতিয়াৰ আন সকলো হিন্দুৰ দৰে তেৱোঁ ভাবিছিল যে নিম্নবর্ণত জন্মগ্ৰহণ পূর্বজন্মৰ পাপৰ ফল। তাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি লাভ নাই। যিবোৰ বৰ্ণই ষড়যন্ত্ৰ কৰি এনে অমানুষিক শোষণ নিপীড়ন চলাই আছে সেইবোৰ বৰ্ণৰ বিৰুদ্ধেও তেওঁ যুদ্ধ ঘোষণা কৰা নাছিল। তেওঁৰ মতে নিম্নবর্ণত জন্মি পোৱা দুখক্লেশ সংসাৰৰ এবিধ স্বাভাৱিক সন্তাপ। এই সকলো সম্ভাপৰ মকৰধ্বজ হ’ল হৰিভক্তি। কলিযুগৰ মাহাত্ম্য এয়ে যে অন্ত্যজ আদি “মহাপাপী’ জাতিসমূহে এই যুগত হৰিনাম লৈ মুহূৰ্ততে মুক্তিলাভ কৰিব পাৰে—
কলিৰ লোক অতি পাপমতি।
নসাধে আনধর্ম আৰো গতি।।
ৰাম নাম সিটো সততে গাৱে ।
সেহিসে হাততে মুকুতি পাৱে।।
হৰিনামৰ এই মাহাত্ম্য কেতিয়াবা এক ধৰণৰ যাদুবিশ্বাস যেনেই লাগে! এক মুহূর্ততে সংসাৰৰ নানা এৰাব নোৱৰা দুখতাপ (অথবা নানা তৰহৰ সামাজিক শোষণ নিপীড়নৰ ফলাফল) লাঘৱ কৰিব পৰা গুণটো যাদুবিশ্বাসৰ লগৰে নহয় জানো? তাৰ মাজত মানুহৰ মৌলিক সাম্যৰ বা জন্মগত একতাৰ ভাব আছে জানো?
ব্রহ্মবধী গুৰুবধী যতেক।
পিতৃ-মাতৃ-বধী পাপী অনেক॥
কুকুৰ খায় হেন ম্লেচ্ছগণে।
সিও শুদ্ধ হোৱে হৰিকীৰ্ত্তনে॥
(পাষণ্ড মর্দন )
হৰিকীৰ্তনৰ এই পাৰকশক্তিয়ে সমাজত মানবীয় ঐক্য প্রতিষ্ঠা কৰেনে? হৰিৰ ভকত সকলো একে শাৰীৰ তাত উচ্চ নীচ নাই। এইপিনৰপৰা হৰিভকতি সাম্যত বিশ্বাসী। কিন্তু হৰিনাম নোলোৱা সকল? দুটামান পদ পুনৰ বিবেচনা কৰা ভাল—
কুকুৰ চণ্ডাল গর্দভৰো আত্মাৰাম।
হেন জানি সবাহাঙ্ক কৰিবা প্ৰণাম।৷
*** *** ***
ব্ৰাহ্মণত চাণ্ডালত নিবিচাৰি কুল ।
দাতাত চোৰত দিবা দৃষ্টি সমতুল।।
ইয়াৰ মাজত মানৱীয় সাম্যতকৈ এক ধৰণৰ সৰ্বাত্মবাদী (Pantheistic) দৃষ্টিভংগীহে প্রকট। ব্যৱহাৰিক জীবনত কুকুৰ আৰু বামুণক একে ব্যৱহাৰ দিযা টান। দাতা আৰু চোৰক এক বুলি ভবা টান। সেয়ে এই পৰামৰ্শ নিশ্চয় আধ্যাত্মিক জীবনৰ বাবেহে। কোনো ৰাজনৈতিক সংগঠনে অৱশ্যে ৰাজনৈতিক উদ্দেশ্যেৰে এইবোৰ আধ্যাত্মিক আদর্শও ব্যৱহাৰ কৰিব পাৰে। ধাৰণা হয় যে, মোৱামৰীয়া বিদ্ৰোহৰ সময়ত তেনে ধৰণৰ ঘটনাই ঘটিছিল। কিন্তু তাৰ আগতে আর্থ- সামাজিক বিকাশে তেনে ৰাজনৈতিক শক্তি আৰু পৰিস্থিতিৰ জন্ম দিব লাগিব। নিজে নিজেই বৈষ্ণৱ ভাবধাৰাই সামাজিক বিপ্লৱৰ সূচনা কৰা টান। কিন্তু সমাজৰ নিপীড়িত আৰু শোষিতসকলৰ মাজত সহজে আৰু ব্যাপকভাৱে শিপাই যোৱা বাবে বৈষ্ণৱ ভাবধাৰাই তেওঁলোকৰ মাজত স্বাভাৱিকভাৱে গঢ় লোৱা ক্ষোভ, প্রতিবাদ আৰু বিদ্ৰোহৰ মনোভাৱ হয়তো আত্মসাৎ কৰি লৈছিল।
বৈষ্ণৱ ভাবধাৰাই দিয়া আধ্যাত্মিক সান্ত্বনাই বৈষয়িক অন্যায় বা ক্লেশ নীৰৱে সহিবলৈকো মানুহক অনুপ্রাণিত কৰিছিল। হৰিনামৰ যাদুৰে মোক্ষলাভ কৰাৰ অলীক আশাই নিপীড়িত মানুহক প্রতিবাদ- প্ৰতিৰোধৰ পৰা নিৰস্ত কৰা বুলিও ক’ব পাৰি৷ সংসাৰ বা জগতৰ সকলো দুখ-ক্লেশ পূর্বজন্মৰ পাপৰ ফল বুলি লোৱাৰ প্ৰবৃত্তি ভাৰতীয় ঐতিহ্যত প্ৰবল। আনকি বৌদ্ধ ধর্মতো কৰ্মফলৰ ধাৰণা গভীৰভাৱে সক্রিয়। এই কৰ্মফলৰ প্ৰভাৱ সামাজিক পুনর্গঠনেৰে বিনাশ কৰা সম্ভৱ বুলি ভক্তি ধৰ্মৰ প্ৰচাৰক সকলে ভবা নাছিল। বৰং অহৰ্নিশে সকাতৰে হৰিৰ চৰণত আত্মসমৰ্পণ কৰি নাম গুণ গায়েই মুক্তিলাভ কৰা সম্ভৱ বুলি তেওঁলোকে ভাবিছিল।
ঘোৰ সংসাৰৰ মুখ্য আষুধি ।
হেন হৰিনাম এৰি বিবুদ্ধি ॥
(পাষণ্ড মর্দন)
*** ***
দৃঢ় কৰি ধৰা হৰিৰ পাৱ।
পাপ-সাগৰত এহিসে নাৱ।।
(ধ্যানবর্ণন)
*** ***
ভৱ বৈতৰণী মাজে মৰিলোহো
নেডে মোক শোক ভয়।
তোমাৰ চৰণে শৰণ পশিলো
কৃপা কৰা কৃপাময়৷
(প্ৰহ্লাদ চৰিত্ৰ)
*** ***
শংকৰদেৱৰ ধৰ্ম সামাজিক প্ৰগতিৰ প্ৰতিকূল নাছিল। জনজাতীয় ব্যৱস্থাৰ পৰা সামন্ত প্রথালৈ উত্তৰণত এই ধর্মই সহায় কৰিছিল। দুখ-ক্লেশ সহ্য কৰাৰ মনোভাৱ সামন্ত প্ৰথাৰ উত্থান তথা বিস্তাৰৰ বাবে অনুকূল আছিল। ভাৰতীয় সামন্ত ব্যৱস্থাৰ পূৰঠ ৰূপত যি কঠোৰ জাতিভেদ প্রথা সক্রিয় হয়, শংকৰদেৱে আমি কৈ অহা দৰে তাত সমর্থন জনোৱা নাছিল। এইপিনৰপৰা এক মানবতাবাদী, গণতান্ত্রিক সংস্কৃতি ৰচনাৰ পৰিৱেশো শংকৰদেৱে অসমত গঢ়ি তুলিছিল। কিন্তু আর্থ সামাজিক দুৰ্বলতাৰ বাবে অসমত সেই অর্থনীতি আৰু সংস্কৃতিয়ে স্পষ্ট ৰূপ নাপালে।
শংকৰদেৱ নিজেও যে কিছু পৰিমাণে সমসাময়িক পৰিৱেশৰ প্ৰভাৱাধীন আছিল তাৰ প্ৰমাণ পোৱা যায় নাৰী জাতিৰ প্ৰতি তেওঁৰ মনোভাৱত। গণতান্ত্রিক ভাবধাৰাৰ অন্যতম প্রধান অংগ হ’ল নাৰী পুৰুষৰ সমতা প্রতিষ্ঠা। এই ক্ষেত্ৰত শংকৰদেৱৰ মনোভাৱ গণতান্ত্রিক নাছিল। চৰিত-পুথিবিলাকৰ সাক্ষ্য এই বিষয়ত পৰিষ্কাৰ—
“পৰম অধৰ্মী স্ত্রী পাপৰ শৰীৰ।
তাই কিবা জানিবে মহিমা ভকতিৰ॥”
(ৰামচৰণ ঠাকুৰ, গুৰুচৰিত)
*** ***
“স্ত্রী পাপমতি, মিছা কথা কয়।
মিছা ভিন্ন সঁচা নাই ।”
(বৰদোৱা গুৰুচৰিত, পৃঃ ১৬৭)
*** ***
শংকৰদেৱৰ ব্যক্তিগত জীৱনত গণতান্ত্রিক আচৰণ বা মনোভাৱৰ মাজতো কিছুদূৰ সামন্তবাদী পিতৃতান্ত্ৰিকতাৰ আভাস আছিল। “সাহিত্য আৰু চেতনা” নামৰ গ্ৰন্থত আমি আগতে উল্লেখ কৰিছিলোঁ যে মাতৃপ্রধান জনজাতীয় সমাজ, দেৱীপূজা আৰু তন্ত্ৰৰ প্ৰতি তেওঁৰ বিৰাগৰ উৎস আছিল এই সামন্তবাদী পিতৃতান্ত্রিকতা। সেইবাবেই তথাকথিত হীন জাতিসমূহৰ “অপবিত্র” সংস্কাৰৰ প্ৰতি তেওঁৰ মনত কিছু ভয়েই আছিল। “চূণপোৰাত ঠাইৰ আচল পাই ছমাহ থাকি তাৰপৰা কুমাৰকুছিলৈ গৈছে তাতো কীৰ্ত্তনঘৰ, হাটিঘৰ, নিৰ্মাণ কৰাই শ্ৰৱণ-কীৰ্তন কৰি আছে। নামঘৰৰ ওচৰত এঘৰ চৰাল বা হীৰা লোকৰ বসতি আছিল। সিহঁতক আঁতৰ হ’বলৈ কোৱাত আঁতৰি নগ’ল। এদিন সিহঁতৰ পাতত দিয়া মাছৰ টোপোলা বিড়ালীয়ে নি ভিতৰত সুমোৱাত বৰ আঁসোৱাহ পাইছে। আৰু ৰুক্মিণী কন্যাৰো তাতে মৃত্যু হ’ল৷ এইবোৰ কাৰণতে কমাৰকুছিত থাকিবলৈ অনিচ্ছা প্রকাশ কৰি এবছৰ মাথোন থাকি তাৰপৰা পাটবাউসীলৈ গ’ল (বৰদোৱা গুৰুচৰিত পৃঃ ১১১) ঘটনাটো প্রক্ষিপ্ত যেনো নালাগে, অতিৰঞ্জিত যেনো নালাগে। সত্যৰ আভাস তাত আছে।
এই ঘটনা তীব্র জাত্যাভিমান বা জাতিবিদ্বেষৰ নিদৰ্শন নহয়। কিন্তু মহাপুৰুষ শংকৰদেৱো যে সমসাময়িক সংস্কাৰৰপৰা সম্পূৰ্ণ মুক্ত নাছিল, ই তাকেই সঁকিয়াই দিয়ে। তেনেকৈ বস্তুবাদী মনোভাবেৰে সমাজ সংস্কাৰ কৰাৰ আদৰ্শ তওঁৰ ৰচনাত বিচাৰি পোৱা নাযাব। হয়তো সেয়ে শংকৰী ধৰ্মৰ মাজত চিকিৎসা, দৰিদ্ৰসেৱা, আদি জনসেৱা-মূলক কাৰ্যকলাপৰ চিনমোকাম নাই। সত্ৰসমূহৰ মাজত সাংস্কৃতিক অনুশীলন যথেষ্ট হৈছিল। কিন্তু অসমৰ জনসাধাৰণৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ মান শংকৰদেৱে যি স্তৰত এৰি থৈ গৈছিল ভাতকৈ বিশেষ উন্নত নহ’ল। এবং সেই স্তৰ সম্পূৰ্ণ পাওঁতেই বহুযুগ গ’ল।
শংকৰী আচাৰ অনুষ্ঠান, ধর্ম-কর্ম যদি ক্রমে ক্ষীণ হৈ আহি লুপ্তও হ’ব লগা হয়, তথাপি সাহিত্যৰ জৰিয়তে তেওঁৰ প্ৰতিভা অসমীয়া জাতি থাকে মানে পৃথিৱীৰ বুকুত জাতিষ্কাৰ হৈ থাকিব । অসমীয়া ভাষা ভালদৰে জনা মানুহেহে শংকৰদেৱৰ বিস্ময়কৰ সাহিত্য প্রতিভা উপভোগ আৰু উপলব্ধি কৰিব পাৰে। এটা উদাহৰণ “হৰমোহন”ৰ সেই অপূৰ্ব কানন বৰ্ণনা
পাছে ত্রিনয়ন দিব্য উপবন
দেখিলস্ত বিদ্যমান ।
ফলফুল ধৰি জকমক কৰি
আছে যত বৃক্ষমান ৷৷
শিৰীষ সেউতী তমাল মালতী
লবঙ্গ বাগি গুলাল।
কৰণীৰ বক কাঞ্চন চম্পক
ফুলভাৰ ভাঙ্গে ডাল॥
যত দিব্য পক্ষী ফলফুল ভক্ষি
কাঢ়য় সুস্বৰ ৰাৱ।
কুহু কুহু ধ্বনি কোকিলৰ শুনি
বহয় মলযা বাৱ৷
বৈষ্ণৱ পদাৱলীৰ বা জযদেৱৰ “গীতগোবিন্দ”ৰ শব্দ চয়নৰ কোমলতা ইয়াৰ অন্যতম উৎস বুলি ধৰিব পাৰি। কিন্তু সাধাৰণ অসমীয়া বাক্য-গাঁথনি আৰু শব্দাবলীৰ নিদৰ্শন হিচাপেও সহজে এই শাৰীকেইটা চলাই দিব পাৰি। বৈষ্ণৱ পদাৱলীৰ সূক্ষ্ম হৃদয়ানুভূতিও ইযাৰ উপজীব্য নহয়। ই এক সুস্পষ্ট আৰু দ্ব্যর্থহীন প্রত্যক্ষ বর্ণনা। অথচ এই সাধাৰণ ছবিবোৰৰ মাজৰ পৰা এক অপৰূপ দিব্য আভা বিচ্ছুৰিত হৈছে। অসমীয়া শব্দাৱলীৰ (অসমীযা উচ্চাৰণৰ সৈতে) অন্তৰ্নিহিত ‘অনুপ্ৰাস-বৈভৱৰ চমকপ্ৰদ খেলা তাৰ অন্যতম উপায়। কিন্তু এই উপাদেয় ধ্বনি বৈচিত্র্যৰ মাজেদি এক অপূর্ব মোহময অভিজ্ঞতাও বলিষ্ঠভাৱে চিত্ৰিত হৈছে—
“ফলফুল ধৰি ঝকমক কৰি আছে যত বৃক্ষমান”—এই শাৰীটোৰ “ঝকমক কৰি” শব্দকেইটাই যেন উপবনৰ চালে চকুৰোৱা শোভা ভাষাত ঘনীভূত কৰিছে। সেই দৃশ্যমান জ্যোতিৰ মাজত মন উতলোৱা বিহ্বল মাধুৰ্যৰ সুৰ বৈ আহিছে এই শাৰীত
কুহু কুহু ধ্বনি কোকিলৰ শুনি
বহয় মলয়া বাৱ।
শংকৰদেৱৰ বৰ্ণনা ধ্বনিসর্বস্ব নহয়। ফুলগছৰ তালিকাৰ মাজতে যেতিয়া শাৰীৰিক খুটিনাটিৰ স্পৰ্শ অনুভৱ কৰা যায় (“ফুলভৰে ভাঙ্গে ডাল”, “যত দিব্য পক্ষী ফলফুল ভক্ষি”) তেতিয়া এই মায়া উদ্যানত শিৱহে নালাগে আমাৰো পঞ্চেন্দ্ৰিয় বিহ্বল হৈ পৰিব খোজে। বনগীত- বিহুগীতৰ সহজ-সৰল প্ৰকৃতি বর্ণনা আৰু দৈহিক আনন্দৰ প্ৰকাশ যেন এইবোৰ কবিতাৰ শাৰীত মাৰ্জিত ৰূপত প্ৰতিধ্বনিত হৈছে। মার্জিত ৰূপটো পোনচাটেই চকুত পৰে। কিন্তু তাৰ সাধাৰণ প্রাত্যহিক জুমুঠিটো সহজে চকুত নপৰিবও পাৰে। আদিম জনজাতীয় গোষ্ঠী-চেতনাৰপৰা এক উন্নততৰ সাংস্কৃতিক চেতনালৈ উত্তীৰ্ণ হোৱাত শংকৰদেৱে যে অসমীয়া সমাজক নেতৃত্ব দিছিল তেওঁৰ ৰচনাৱলী থাকে মানে সেই অনভূতি আমাৰ বাবে সজীৱ হৈ থাকিব। মৃত্যুৰ কিছুকাল আগতে তেওঁ প্রিয় শিষ্য আৰু সুহৃদ মাধৱক কৈছিল—
“কীৰ্ত্তন-দশমত আমাক পাবা।”
ধৰ্মৰ অস্থায়ী ভংগুৰ ৰূপবোৰত আমাৰ দৰে যিসকলে বিশেষ আস্থা স্থাপন কৰিব নোৱাৰে তেওঁলোকেও শংকৰদেৱৰ সাহিত্য কৰ্মতে তেওঁৰ যুগজয়ী প্ৰতিভাৰ পৰিচয় সদায় পাই থাকিব। বেজবৰুৱাৰ দৰে এই সাহিত্যৰো জ্যোতিৰ্ময় ৰহস্য জনজীৱনৰ লগত তাৰ নিবিড একাত্মতা ।
(২৪।৯।৮৫ তাৰিখে বৃহত্তৰ খাৰঘূলি শংকৰ জন্মোৎসৱৰ আলোচনা সভাত দিয়া বক্তৃতাৰ পৰিবৰ্ধিত ৰূপ।)
This chapters is very important chapters and in this writer is an honourable person who has been gives about nothing shankardeva whatever all thin objects will be very briefly describe in his own words.thank you all of you