নিবন্ধবিবিধ চিন্তা

আপুনি কি বাদী- (মীনাক্ষী বৰুৱা)

সজ্ঞানেই হ‌ওক অথবা অজ্ঞানেই হ‌ওক সকলো মানুহৰ মনতে মানৱ সমাজত সংঘটিত যিকোনো এটা বিষয় বা ঘটনা সম্পৰ্কে নিজস্ব মতামত থাকে। ধৰি লোৱা হ’ল, এগৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা কৰা হ’ল, সন্তানক ২০০ টকীয়া গাড়ী এখন কিনি দিয়াৰ অপৰাধত পত্নীক কোবাই কোবাই মাৰি পেলোৱা হ’ল, কলেজলৈ গৈ থকাৰ বাটত প্ৰেয়সীৰ মুখত এচিড ছটিয়ালে ব্যৰ্থ প্ৰেমিকে .. ইত্যাদি বিভিন্ন ঘটনাৰ খবৰ আমি শুনিয়েই থাকোঁ। এই ঘটনাবোৰ সম্পৰ্কে সকলোৰে মনত স্বাভাৱিকতে কিছুমান প্ৰশ্নৰ উদ্ৰেক হয়। ঘটনা একোটা যেতিয়া ঘটে তাৰ অন্তৰালত কিছুমান প্ৰত্যক্ষ বা পৰোক্ষ কাৰক থাকে। এই কাৰকবোৰৰ বীজটো ক্ষমতা, শাৰীৰিক শক্তি, পুৰুষতান্ত্ৰিক অহংকাৰৰ প্ৰভাৱ নে অন্য কিবা? কাৰকবোৰ ফঁহিয়াই চাওঁতে ব্যক্তি ভেদে ভিন ভিন মন্তব্য শুনিবলৈ পোৱা যায়। এই মন্তব্যবোৰৰ ভিত্তিতে ব্যক্তিৰ মানসিকতাক অনুধাৱন কৰিব পাৰি।
ঘৰুৱা আলোচনা এটাত এদিন এজন পুৰুষক সুধিছিলোঁ, আপুনি কি বাদী? সৰল হাঁহি এটাৰে তেখেতে উত্তৰ দিলে, “মই মানৱতাবাদী”। নিঃসন্দেহে ই এটা অতি চতুৰ আৰু সুবিধাজনক মন্তব্য। কিয়নো ধৰ্ষণ, নাৰী নিৰ্য্যাতন অথবা হত্যাৰ ঘটনা এটাক মানৱতাবাদৰ দৃষ্টিকোণেৰে চাব নোৱাৰি। মানৱতাবাদত অন্তৰৰ দৃষ্টিহে মূখ্য, ঘটনাৰ উদ্ভৱ সম্পৰ্কে কোনো যুক্তিসংগত বিশ্লেষণ নাথাকে। “আয়ৈদেহি, মানুহগৰাকীলৈ বেয়াই লাগে” বুলি কৈ গুৰুত্বপূৰ্ণ বিষয় এটাক সামৰণি মাৰি থ’লে নহ’ব। উক্ত প্ৰশ্নটো বিভিন্ন সময়ত বিভিন্নজনক কৰি চাইছোঁ আৰু অন্তঃকৰণেৰে কামনা কৰিছোঁ, উত্তৰটো আহক “এয়া পুৰুষতন্ত্ৰৰে ভয়ানক প্ৰভাৱ”। তেনেহলে পুৰুষতন্ত্ৰ মানে কি? পুৰুষৰ বিৰোধ নেকি? নহয়! পুৰুষতন্ত্ৰ হৈছে পুৰুষৰ উচ্চাত্মিক মনোভাৱ। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত সামাজিক মান, সন্মান, ক্ষমতা আৰু মৰ্যাদাৰে পুৰুষক উচ্চস্থানত ৰখা হয়। গতিকে নাৰীৰ ওপৰত পুৰুষৰ দমন, শোষণ আৰু নিপীড়ণ তেনেই স্বাভাৱিক কথা হৈ পৰে। গিৰিয়েকৰ চৰ, লাঠি, ধমকি খাই বশ হৈ থকা পত্নীৰ সংখ্যা কোনোখন সমাজতে তাকৰ নহয়। সামাজিক উচ্চাসনৰ ক্ষমতাৰ বলেৰে বলীয়ান পুৰুষে নাৰীক নিজৰ অধীন কৰি ৰখাটোও এক দায়িত্ব হিচাপেই বিবেচনা কৰে। এয়াই পুৰুষতন্ত্ৰ। এই পুৰুষতান্ত্ৰিক মনোবৃত্তি পুত্ৰ শিশুৰ চিন্তা আৰু চেতনাত জন্মৰ পিছৰেপৰা তিলতিলকৈ গঠন কৰা হয়। শিক্ষা, চিন্তা, বিচাৰ, যুক্তিৰে নাৰী আৰু পুৰুষৰ প্ৰভেদ নাই বুলি সকলোৱে জানে। প্ৰভেদ মাথোঁ শৰীৰৰ। ই প্ৰাকৃতিক। কিন্তু পুৰুষতন্ত্ৰ প্ৰাকৃতিক নহয়, ই সমাজ-সৃষ্ট। সমাজ সৃষ্টিৰ সময়তে অনেক ৰীতি-নীতিৰ আলমেৰে বৰ কৌশলগত ভাৱে নাৰীৰ সমমৰ্যাদাক নস্যাৎ কৰা হ’ল। বঞ্চনাক সদায় সহি থকা নাযায়। শ শ বছৰৰ পাছত ইয়াৰ প্ৰতিবাদ স্বৰূপেই সৃষ্টি হ’ল নাৰীবাদৰ। নাৰীবাদ মানে নাৰী-পুৰুষৰ সমমৰ্যাদাৰ সপক্ষে কৰা এক আন্দোলন। কিন্তু পৰিতাপৰ কথা, বহুত উচ্চ ডিগ্ৰীধাৰী মানুহেও নাৰীবাদ মানে পুৰুষৰ বিৰোধিতা বুলিয়েই বুজে। নাৰীবাদে বিৰোধ কৰে পুৰুষৰ দমন, শোষণ, নিপীড়ণৰ। এটা সময়ত নাৰীৰ শিক্ষাৰ অধিকাৰেই নাছিল। পতি সেৱাই আছিল গতি। লগতে ঘৰুৱা সমস্ত কাম থাকেই। নাৰীৰ নিজা সময় থকাটো অনুচিত কথা। নাৰী হ’ব লাগে অবলা। আদেশত উঠা-বহা কৰা। বুদ্ধিমতী নাৰীৰ প্ৰতি সমাজৰ দৃষ্টি বৰ ভাল নাছিল। নাৰীয়ে নিজৰ অধিকাৰ সম্পৰ্কে ভাবিব পৰাৰ পৰিবেশেই নাছিল। নাৰী-পুৰুষ নিৰ্বিশেষে সমাজৰ গৰিষ্ঠসংখ্যক মানুহেই পুৰুষতন্ত্ৰত বিশ্বাসী আৰু প্ৰশ্ৰয়ী।
এতিয়া একবিংশ শতিকা। আপোনাৰ সংসাৰত যদি নাৰী হিচাপে আপোনাৰ সন্মান আছে, আপোনাৰ নিজস্ব মতামত ব্যক্ত কৰাৰ পৰিৱেশ আছে, বুজাবুজি আছে আৰু গৃহস্থৰ আদেশ-নিৰ্দেশ-দমন নচলে ( যেনেকৈ আপুনি তেওঁৰ ওপৰত এইবোৰ প্ৰয়োগ কৰাৰ কল্পনাও কৰিব নোৱাৰে) তেন্তে জানিব আপোনাৰ গৃহস্থ এজন নাৰীবাদী পুৰুষ, তেওঁ সজ্ঞানেই পুৰুষতন্ত্ৰক প্ৰশ্ৰয় দিয়া নাই। আজিকালি নাৰী নিৰ্যাতনৰ কথা ওলালেই নিৰ্যাতিত পুৰুষৰ উদাহৰণ দাঙি ধৰা হয়। আপুনিয়ে ক‌ওকচোন সমাজত নিৰ্যাতিত পুৰুষৰ সংখ্যা কিমান? কোনোবা ক্ষমতাশালী আৰু দুই এক উগ্ৰ নাৰীৰ বাদে কোনোবা নাৰীয়ে পুৰুষক দমন, নিৰ্যাতন, শোষণ অথবা ধৰ্ষণ (যৌন আতিশয্য) কৰেনে? মানৱ সমাজত নাৰী হত্যাকাৰীৰ সংখ্যা কিমান? আপোনাৰ চুবুৰীত, আপোনাৰ অঞ্চলটোত কিমান পুৰুষে পত্নীৰ বিপক্ষে থানাত এজাহাৰ দিছে? হয়তো নাই, নহয়তো আঙুলিৰ মূৰত গণিব পৰা নহয়নে? অৰ্থাৎ নাৰীৰ দ্বাৰা পুৰুষৰ নিৰ্যাতন সামাজিক সমস্যা নহয়। আপুনি ভাবকচোন, এসময়ত নাৰীয়ে ভোটাধিকাৰৰ বাবে আন্দোলন কৰিবলগীয়া কিয় হৈছিল। কিয় পুৰুষৰ ভোটদানৰ অধিকাৰ জন্মস্বত্ব আছিল? এতিয়াও দেশৰ নিৰ্বাচনত নাৰী-পুৰুষৰ সমান আসন নাই। নাৰীৰ বাবে সংৰক্ষিত কেৱল ৩৩%। কিয়? দুই এক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মহাকাশচাৰীক চাই আপুনিও ভাবে নেকি সমাজত সকলো নাৰীৰে সমান স্থান? সমান অধিকাৰ? গাঁৱে-ভূঞে নাৰীৰ সামাজিক মান কেনেকুৱা? নাৰীৰ স্বাধীনতা আৰু অধিকাৰৰ কথা শুনিব নোৱৰা পুৰুষেৰে আমাৰ সমাজ ঠাহ খাই থকা নাইনে? এয়া অন্যায়। এই অন্যায়ৰ প্ৰতিকাৰ লাগে বাবেই নাৰীৰ পক্ষত এতিয়া বিভিন্ন আইন প্ৰণয়ন কৰা হৈছে। তৎস্বত্বেও বাস্তৱত তাৰ প্ৰয়োগ হ’বলৈ আমি হয়তো আৰু বহু যুগ আগুৱাই যাব লাগিব। বাল্য বিবাহ, সতীদাহ প্ৰথা, বিধৱা বিবাহ, স্ত্ৰীশিক্ষা আদিৰ বাবে যদি এসময়ত কোনেও মাত নামাতিলেহেঁতেন আজি নাৰী সমাজে যিকণ পোহৰৰ মুখ দেখিছে, সেইকণো নেদেখিলেহেঁতেন। গতিকে নাৰীবাদ বুলি ক’লে আপুনিও যদি মুখখন বিকটাই দিছে তেন্তে আপুনিও পুৰুষতন্ত্ৰত সাৰ-পানী যোগাই আছে। শিশুসকলক ঘৰখনেই শিকাব লাগিব পুৰুষতন্ত্ৰৰ বিৰোধ কৰিবলৈ। আমাৰ চিন্তা, চেতনা, আবেগ, বিবেক সকলোতে পুৰুষতান্ত্ৰিক মানসিকতা ইমান দলৈকে শিপাই আছে যে তাক পলকতে উঘালি পেলোৱা সহজ নহয়। পুত্ৰ সন্তানৰ অধিক আদৰ আৰু কন্যা সন্তানক আঁচলেৰে বান্ধি ৰখাতেই ইয়াৰ আৰম্ভণি হয়, আমি ক’ব নোৱৰাকৈয়ে। আমাৰ দেশত উশৃংখল, ধৰ্ষকামী, হত্যাকাৰীৰ বাবে আইনতো আছে অনেক সুৰুঙা। নাৰীবাদ শক্তিশালী নহ’লে এই অৱস্থাৰপৰা পাৰ পোৱা সহজ নহয়। সমাজৰ প্ৰতিজন মানুহৰ মন-মগজুতে জ্ঞাতে আৰু অজ্ঞাতে পুৰুষতন্ত্ৰৰ বীজ ৰোপিত হৈ যায়। কাৰ্য আৰু আচাৰ-আচৰণত এইবোৰৰ প্ৰকাশ ঘটে। ধনী-দুখীয়া, মধ্যবিত্ত, স্ত্ৰীলিংগ, পুংলিংগ, তৃতীয়লিংগ – সকলোৱে যিহেতু সমাজৰে অংগ, গতিকে ইয়াৰপৰা কোনো সাৰি থাকিব নোৱাৰে। সমতাৰ সমাজকহে শিক্ষিত সমাজ বুলি আখ্যা দিব পাৰি। সময়, শিক্ষা আৰু সজাগতাৰ ভিত্তিত খুব ধীৰ খোজেৰে কিছুমান সংসাৰ সমতামুখী হৈ উঠিছে যদিও অধিকাংশ‌ই এতিয়াও পুৰুষতন্ত্ৰৰ কবলত। এই যে “নাৰীবাদ”ৰ নাৰী শব্দটো শুনি আপোনাৰ “সন্মান”ত লাগি যায়, এয়াও পুৰুষতন্ত্ৰৰে সুপ্ত মানসিক স্থিতি। শিক্ষা আৰু সমাজ-অৰ্থনৈতিক অৱস্থাৰ উন্নতি অবিহনে পুৰুষতন্ত্ৰৰ নিৰ্মূলকৰণ সহজ নহয়। ইয়াৰ বাবে নাৰীবাদী আন্দোলন জোৰদ্দাৰ হ’ব‌ই লাগিব। পুৰুষৰ সন্মুখত ওৰণি টানি ঘৰ সৰা, বাচন ধোৱা, ভাত ৰন্ধা, কেঁচুৱা প্ৰতিপাল কৰাতে জীৱন ধন্য বুলি ভাবিলে নহ’ব। লক্ষ্মী, সৰস্বতীৰ ভূষণ পিন্ধি সমাজৰপৰা আদৰ-সন্মান লাভ কৰাৰ সহজ পন্থাটোতে নাৰী তৃপ্ত হৈ ৰ’লে নহ’ব। নাৰী যে পুৰুষৰ দৰেই এক স্বতন্ত্ৰ সত্তা, এইকথা প্ৰতিগৰাকী নাৰীয়ে মৰ্মে মৰ্মে অনুভৱ কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে যুক্তি দাঙি ধৰিব পাৰিব লাগিব। তাৰ বাবে লাগিব, যুক্তিপূৰ্ণ বিচাৰ কৰিব পৰা শিক্ষা। পুৰুষ বহা চকীখনত নাৰী কিয় বহিব নোৱাৰে? নাৰীৰ বাবে টুল এখন, পীৰা এখন কিয়? বয়োজ্যেষ্ঠক সন্মান সকলোৱে কৰিব লাগিব। জোঁৱাইজনে শহুৰৰ ঘৰত চাপৰ আসনত বহা শুনিছেনে ক’ৰবাত? তেনেহলে বোৱাৰীজনী বহিব লাগে কিয়? বিয়াৰ দিনাই শিৰত সেন্দূৰ সানি বোৱাৰীজনীক তলতীয়া কৰি পেলোৱা হয়। বোৱাৰীৰ মুকলি মনেৰে চলা-ফুৰা কৰা, নিজৰ মতে সাজ-পাৰ কৰা, সামাজিক বিষয়ত মতামত দিয়া আদি কাৰ্যত ৰেষ্ট্ৰিকশ্বন থাকে। জোঁৱাইৰ নাথাকে। শিক্ষাই এই ৰেষ্ট্ৰিকশ্বন উঠাই দিব পৰা নাই। জটিলতাবিহীন জীৱনৰ স্বতন্ত্ৰ নাৰীয়ে “নাৰীবাদ” বুজি নোপোৱাটো স্বাৰ্থপৰ আৰু সংকীৰ্ণ দৃষ্টিভংগী নহয়নে? সামাজিক অন্যায়বোৰ নেদেখি নিজৰ সুখৰ জীৱনক লৈ সন্তুষ্ট হৈ থকা মানুহক “মানৱতাবাদী” আখ্যা দিয়া যায়নে? চুবুৰীয়া মদাহী পুৰুষজনে যেতিয়া পত্নী আৰু সন্তানৰ ওপৰত সৰু সৰু কথাতে শাৰীৰিক-মানসিক নিৰ্যাতন চলায় তেতিয়া ক’ত লুকাই যায় এই মানৱতাবাদ? বিধৱা আৰু পত্নীহীনাৰ মাজত থকা আকাশ-পাতাল সামাজিক বৈষম্যৰ কাৰণ পুৰুষতন্ত্ৰ‌ই নহয়নে? কিয় মাহেকীয়া ঋতুশ্ৰাৱৰ সময়ত নাৰী অশুচি হয়? পুৰুষৰো জানো বীৰ্যস্খলন নহয়? সেয়া যদি পৌৰুষত্বৰ গৌৰৱ, তেন্তে নাৰীৰ মাহেকীয়া ঋতুশ্ৰাৱ নাৰীত্বৰ গৌৰৱ কিয় নহয়? অসমীয়া সমাজত তোলনি বিয়াৰ প্ৰচলন কিয় হ’ল? এই প্ৰশ্নবোৰ কৰিলে আপোনাক ডাংকাটি বুলি সমাজে চাব মাৰি দিব। আৰু সেই ভয়তে আপুনি পুৰুষতন্ত্ৰক সহি থাকিব। এফালে ধৰ্ম‌ইতো এইবোৰ খামুচি ধৰাত অহোপুৰুষাৰ্থ কৰিয়েই আছে! কোনটো ধৰ্ম‌ই নাৰীক পুৰুষৰ দৰেই সামাজিক সন্মান আৰু মৰ্যাদা দিছে? এই প্ৰশ্নবোৰ আপোনাৰ মনত যদি জাগে তেতিয়াহে আপুনি অনুভৱ কৰিব পাৰিব পুৰুষতন্ত্ৰ আৰু নাৰীবাদৰ পাৰ্থক্য। পুৰুষবাদ বুলি কোনো শব্দ নাই। আছে পুৰুষতন্ত্ৰ। গতিকে নাৰীবাদ অলাগতিয়াল বিষয় বুলি ভুল নকৰিব। পুৰুষতন্ত্ৰক নিচিহ্ণ কৰি সুস্থ সমাজ গঢ়িবৰ বাবে নাৰী-পুৰুষ সকলোৱে নাৰীবাদক আদৰি ল’ব‌ই লাগিব। সংশোধন আৰু নিৰ্মূলকৰণ অবিহনে কোনো সমাজ আগবাঢ়ি যাব নোৱাৰে। বিজ্ঞান বহুদূৰ আগুৱাই গ’ল। আমি এতিয়াও নাৰীৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে হাহাকাৰ কৰি থকাটোৱে বিশ্বায়নৰ যুগত আমাৰ মানসিকতাৰ দৰিদ্ৰ ৰূপটোকে উদঙাই দিয়ে। আমি মানি ল’ব লাগিব, সামাজিক উত্তৰণৰ বাবে নাৰীবাদৰ বিকল্প নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *