অনুবাদকবিতা

ধূলি ।। মূল: সৰ্বেশ্বৰদয়াল সক্সেনা ।। অনুবাদ: মুনমুন সৰকাৰ

এক
তুমি ধূলি
ভৰিৰ গচকত নিজম পৰা ধূলি।
এই অশান্ত বতাহৰ সৈতে উঠা
ধূলিৰ ধুমুহা হোৱা
তেওঁলোকৰ চকুত খোচখোচনি তোলা
যিসকলৰ ভৰিৰ গচকত তুমি তল পৰি আছা।।

এনে কোনো ঠাই নাই
যলৈকে তুমি যাব নোৱাৰা,
য’ত তোমাৰ প্ৰৱেশ নিষিদ্ধ
এনে কোনো মানুহ নাই যিজনে তোমাৰ যাত্ৰা প্ৰতিৰোধ কৰিব পাৰে

তুমি অপ্ৰতিৰোধ্য
তুমি ধূলি
ভৰিৰে গচকা ধূলি,
সমস্ত পৃথিৱীৰ ধূলিৰ সমুদ্ৰত লীন হোৱা

দুই
তুমি ধূলি
শেলুৱৈ ধৰা জীৱনটোত
উঁইপৰুৱা হোৱা।
এৰাতিৰ ভিতৰতে কুটি পেলোৱা
যুগ যুগান্তৰৰ পৰা বন্ধ হৈ থকা
দুৱাৰ,
খিৰিকী
আনকি কুন্দৰুখ
তুমি ধূলি
জীৱনত লগা শেলুৱৈৰ পৰা গজি উঠা
উঁইপৰুৱা হোৱা, আগ বাঢ়া।
এবাৰ বাট বিচাৰি পোৱা মাত্ৰকে
তোমাক আৰু কোনেও বলে নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *