অনুবাদকবিতা

শম্বুকৰ কটা মূৰটো ‌।‌। মূলঃ ঔমপ্ৰকাশ বাল্মীকি, অনুবাদঃ বিতোপন গগৈ

যেতিয়াই মই
কোনো সেউজীয়া গছৰ ছাঁত বহি
অকণমান জিৰণি ল’ব বিচাৰোঁ
মোৰ কাণত বাজি উঠে
কিবা ভয়ানক চিৎকাৰ
যেন গছজোপাৰ প্ৰতিটো ঠালত
উলমি আছে লাখ লাখ মৃতদেহ
আৰু তলত পৰি আছে
শম্বুকৰ কটা মূৰটো।

মই উঠি পলাব বিচাৰোঁ
শম্বুকৰ মূৰটোৱে মোক আগচি ধৰে
চিঞৰি চিঞৰি কয়—
যুগ যুগ ধৰি উলমি আছো গছত
মোক বাৰে বাৰে হত্যা কৰিছে ৰামে।

মোৰ কণ্ঠ পাখি কটা পখীৰ দৰে
চটফটাই উঠে—
অকল তোমাকেই হত্যা কৰা নাই তপস্বী
ইয়াততো প্ৰতিদিনেই হত্যা হয় অসংখ্য মানুহৰ
যাৰ উচুপনি শ্বাসৰুদ্ধ হৈ থাকি যায়
আন্ধাৰৰ ক’লা কুহেলিকাত।

ইয়াত ৰাস্তাই ৰাস্তাই
ৰাম আছে
শম্বুক আছে
দ্ৰোণ আছে
একলব্য আছে
তথাপিও সকলো নিৰৱ
ক’ৰবাত কিবা এটা আছে
যি বন্ধ কোঠাৰ কান্দোনক
আহিবলৈ নিদিয়ে বাহিৰলৈ
আৰু কৰি দিয়ে
তেজেৰে লুতুৰি-পুতুৰি আঙুলিটোক
মহিমামণ্ডিত।

শম্বুক! তোমাৰ তেজ
সামৰি ল’লে মাটিয়ে বুকুত
সেয়া যিকোনো এদিন
মাটি ফুটি ওলাই আহিব
এক জ্বালামুখী হৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *