নিবন্ধবিজ্ঞান-প্ৰযুক্তি

দক্ষিণ ভাৰতৰ পৰা জোনবাইৰ দক্ষিণ মেৰুলৈ! ‌।‌। চন্দামিতা শৰ্মা

……..ভাৰতৰ মহাকাশ সংস্থা ইছৰোৰ দ্বাৰা প্ৰেৰণ কৰা চন্দ্ৰযান ৩-ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰে। ভাৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন দেশ। ইয়াৰ পূৰ্বে চন্দ্ৰত চফ্ট লেণ্ডিং কৰিছিল ৰাছিয়া, আমেৰিকা আৰু চীনে ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।

Look at the sky. We are not alone. The whole universe is friendly to us and conspires only to give the best to those who dream and work. – এ.পি.জে. আব্দুল কালাম।

বিজ্ঞান কোনো স্থিৰ হৈ থকা বস্তু নহয়। পূৰ্বৱতী কোনো গৱেষণা, সেই গৱেষণাৰ ফলশ্ৰুতিত লাভ কৰা ফলাফল, সেই ফলাফলৰ ভিত্তিত গ্ৰহণ কৰা সিদ্ধান্ত আদিৰ আঁত ধৰি বিজ্ঞানে নিৰ্দিষ্ট গতি লাভ কৰে। বিজ্ঞান কোনো নিৰ্দিষ্ট এজনৰ হাতত কেতিয়াও আৱদ্ধ হৈ নাথাকে, ই সদায়েই পৰিশোধিত ৰূপত আৰু পৰিবৰ্দ্ধিত ৰূপত এক নিজস্ব লয়ৰে গতি কৰে। যিকোনো যাত্ৰাৰে আৰম্ভণি থাকে আৰু আৰম্ভ হোৱা স্থান থাকে। ভাৰততো মহাকাশ গৱেষণা ১৯২০ চনতে আৰম্ভ হৈছিল কলকাতাত বিজ্ঞানী এচ কে মিত্ৰৰ উদ্যোগত। পাছত মহান বিজ্ঞানী চিভি ৰমণ, মেঘনাদ সাহাই এই গতি ত্বৰান্বিত কৰি তুলিছিল। অৱশ্যে ১৯৪০ৰ দশকলৈ ৰেডিঅ’ তৰংগ (radio wave)আৰু আয়ন’স্ফিয়াৰ (ionosphere) বুজিবলৈ বহুতো পৰীক্ষা-নিৰীক্ষা চলি আছিল। ১৯৪৭ চনত মহান বিজ্ঞানী বিক্ৰম চাৰাভাইয়ে আহমেদাবাদত Physical Research Laboratory স্থাপন কৰিছিল, য’ত মহাকাশ গৱেষণাকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গৱেষণা আৰম্ভ হৈছিল। ভাৰতৰ আণৱিক শক্তিৰ বিকাশৰ গুৰি ধৰোঁতা মহান বিজ্ঞানী হোমি জাহাংগীৰ ভাবাই ১৯৪৪ চনত এক পত্ৰযোগে সেইসময়ৰ টাটা গ্ৰুপৰ চেয়াৰমেন জেআৰডি টাটাক এটা গৱেষণামূলক প্ৰায়োগিক প্ৰতিস্থান স্থাপন কৰিবলৈ আৰ্থিক অনুদান বিচাৰিছিল। ইয়াৰ ফলত ১জুন, ১৯৪৫ চনত স্থাপিত হৈছিল Tata Institute of Fundamental Research আৰু ইয়াৰ প্ৰথম অধ্যক্ষ আছিল হোমি জাহাংগীৰ ভাবা। ১৯৪৯চনত চৰকাৰে নিউক্লীয় গৱেষণাৰ লগত জড়িত সকলো ধৰণৰ বৃহৎ প্ৰকল্প ৰূপায়নৰ স্থান হিচাপে ইয়াক মান্যতা প্ৰদান কৰিছিল। এইদৰে বিভিন্ন পৰিক্ৰমাৰ মাজেৰে আৰম্ভ হৈছিল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত ভাৰতৰ খোজসমূহ। এজন দূৰদৃষ্টিসম্পন্ন বিজ্ঞানী ড.বিক্ৰম চাৰাভাই দেৱ, যাক ভাৰতৰ মহাকাশ বিজ্ঞানৰ পিতৃ বুলি অভিহিত কৰা হয়, তেখেতে ৰোপণ কৰিছিল ভাৰতৰ মহাকাশ বিজ্ঞানৰ বীজ। পঞ্চাশৰ দশকত ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখন তেনেই চালুকীয়া অৱস্থাত আছিল যদিও তেখেতৰ দৃষ্টিভংগী আছিল সম্পূৰ্ণ স্পষ্ট। তেখেতে কৈছিল, ” There are some who question the relevance of space activities in a developing nation. To us, there is no ambiguity of purpose. We do not have the fantasy of competing with economically advanced nations in the exploration of the Moon or the planets or manned space flight. But we are convinced that if we are to play a meaningful role nationally and in the community of nations, we must be second to none in the application of advanced technologies to the real problems of man and society”.

তেখেতৰ এই দৃষ্টিভংগীয়ে সমগ্ৰ বিশ্বৰ মানচিত্ৰত ভাৰতক এক সুদৃঢ় স্থান লাভ কৰিবলৈ সক্ষম কৰিছিল। ১৯৬২ চনত ভাৰতীয় মহাকাশ গৱেষণা সমিতি (Indian National Committee for Space Research) চমুকৈ INCOSPAR স্থাপন কৰাত মূখ্য ভুমিকা গ্ৰহণ কৰি নেতৃত্ব বহন কৰিছিল। এই সংস্থাৰ মূখ্য কাৰ্য আছিল ভাৰতৰ মহাকাশ গৱেষণাৰ উন্নতিসাধন কৰা আৰু সুফলসমূহ দেশৰ উন্নয়নত প্ৰয়োগ কৰা। ১৯৬৩ চনৰ ২১ নৱেম্বৰ, আজিৰ পৰা প্ৰায় ৬০ বছৰৰ আগত কেৰেলাৰ থিৰুৱনন্তপুৰমৰ ওচৰৰ থুম্বা নামৰ গাঁওখনৰ এটা গীৰ্জাৰ চোতাল। ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃ স্বৰূপ বিক্ৰম ছাৰাভাইৰ নেতৃত্বত ভাৰতৰ ভূমিৰ পৰা উৎক্ষেপন হয় ভাৰতৰ প্ৰথমটো ৰকেট। বৰ্তমান বিক্ৰম ছাৰাভাই মহাকেন্দ্ৰ নামেৰে প্ৰখ্যাত এই উৎক্ষেপন স্থলী ব্যৱহাৰ কৰা হয় বিভিন্ন বৈজ্ঞানিক অনুসন্ধানৰ বাবে ব্যৱহাৰ হোৱা ৰকেট উৎক্ষেপনৰ বাবে। এই ঠাই ভাৰতৰ একেবাৰে দক্ষিণত, সাগৰৰ পাৰত আৰু বিষুৱ ৰেখাৰ তেনেই ওচৰত। থুম্বা ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ পৰা ৰকেট উৎক্ষেপণ কৰা এই আৰম্ভণিয়ে ভাৰতক বিশ্বৰ মহাকাশ অভিযানৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাইছিল। ১৯৬৯ চনত INCOSPAR হয়গৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation বা চমুকৈ ISRO) । বিক্ৰম ছাৰাভায়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ শ্ৰীহৰিকোটাক উৎক্ষপন স্থলী হিচাপে নিৰ্বাচন কৰে যিটো ১৯৭১ চনৰ ৯ অক্টোবৰত সম্পূৰ্ণ কাৰ্যক্ষম হয়। এইটো বৰ্তমান পৃথিৱীৰ আটাইতকৈ সুবিধাজনক উৎক্ষেপন স্থলীবোৰৰ ভিতৰত দ্বিতীয় স্থানৰ বুলি চিহ্নিত। চেন্নাইৰ পৰা ১০৫ কিলোমিটাৰ উত্তৰলৈ অন্ধ্ৰপ্ৰদেশৰ পূৱ দিশৰ উপকূল অঞ্চলত অৱস্থিত এই উৎক্ষেপস্থলী। প্ৰায় ৫০ কিলোমিটাৰৰ উপকূলীয় ৰেখাৰ এটা মাকোৰ আকৃতিৰ এই দ্বীপটোৰ পূৱত বংগোপসাগৰ। অৰ্থাৎ পূৱ দিশলৈ উৎক্ষেপন প্ৰায় বিপদমুক্ত। পশ্চিম দিশত আছে পুলিকট হ্ৰদ আৰু ১৬ কিলোমিটাৰ দীঘল দলং এখনেৰে মূল ভূখণ্ডৰ লগত ইয়াৰ সংযোগ আছে। ইয়াৰ সুফল হ’ল যে দুৰ্ঘটনাজনিত কাৰণত কোনো ৰকেট যদি কিবা কাৰণত পশ্চিমমুৱা হৈ বিস্ফোৰণ হয় তেতিয়া জনবসতি অঞ্চলত নপৰি পুলিকট হ্ৰদত পৰিবগৈ। এই দ্বীপটোতে অৱস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰ (Satish Dhawan Space Centre– SDSC) যিটোক ভাৰতীয় মহাকাশ বিজ্ঞানৰ অন্যতম সাধক, ইছৰোৰ পূৰ্বৰ অধ্যক্ষ সতীশ ধাৱানৰ নামেৰে ২০০২ চনৰ ৫ ছেপ্তেম্বৰত ইয়াৰ নামাকৰণ কৰা হয় আৰু তেতিয়াৰে পৰা ইয়াক SDSC – SHAR (Satish Dhawan Space Centre – Sriharikota High Altitude Range) বুলি জনা যায়।

প্ৰথম ৰকেটৰ কিছু অংশ চাইকেলত কঢ়িয়াই নিয়াৰ সেই যাত্ৰাৰ পৰা চন্দ্ৰযান-১ৰ সহায়ত জোনবাইৰ চোতালত পানী বিচাৰি পোৱালৈকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা – ইছৰো (Indian Space Research Organisation – ISRO) ৰ যাত্ৰা অবিৰত হৈ ক্ৰমাগতভাৱে প্ৰোজ্জ্বল হৈ গৈ আছে। ৩০-৭০ কিলোগ্ৰাম পেলোডৰ (payloads) সৰু ৰকেট (rockets) উৎক্ষেপণৰ (launching) পৰা বাহিৰৰ মহাকাশলৈ (outer space) ৪,০০০ কিলোগ্ৰাম পেলোড কঢ়িয়াই নিয়ালৈকে, মহাকাশৰ গৱেষণা তথা মহাকাশ যাত্ৰাৰ সাফল্যৰ ক্ষেত্ৰত ইছৰোৱে এইপৰ্য্যন্ত বহু গৌৰৱময় ইতিহাসৰ সৃষ্টি কৰিছে। মহাকাশ বিজ্ঞান গৱেষণা আৰু গ্ৰহ অন্বেষণৰ (planetary exploration) সময়ত ৰাষ্ট্ৰীয় বিকাশৰ বাবে মহাকাশ প্ৰযুক্তিক (space technology) ব্যৱহাৰ কৰাৰ দৃষ্টিভংগীৰে ইছৰো গঠন কৰা হৈছিল। “জৱাহৰ পইন্ট”ৰ পৰা আৰম্ভ কৰি “শিৱ-শক্তি পইন্ট”লৈকে ইছৰোৰ যি অবিস্মৰণীয় যাত্ৰা, ভাৰতৰ নাগৰিক হিচাপে যাত্ৰাৰ অংশীদাৰ হ’ব পৰাটো আমাৰ বাবেও পৰম সৌভাগ্যৰ কথা। ইছৰোৰ এই সফলতাৰ মূল কাৰণেই হৈছে ইছৰোৰ অসাধাৰণ কৰ্মসংস্কৃতি।

কামৰ সফলতা আৰু বিফলতা, দুয়োটাৰে সৈতে মোকাবিলা কৰিবলৈ শিকা আৰু এই গুণ আহৰণ কৰিবলৈ শিকোৱাটো ইছৰোৰ কৰ্ম সংস্কৃতিৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। এই ক্ষেত্ৰত নিশ্চয়কৈ এটা উদাহৰণেই যথেষ্ট। এছ এল ভি-৩”( SLV3)ৰ প্ৰথম উৎক্ষেপণ অসফল হোৱাৰ পাছত, সতীশ ধাৱনদেৱে এ.পি.জে.আব্দুল কালামক বাধাদি নিজেই সংবাদ মেলৰ সন্মুখীন হৈছিল আৰু দ্বিতীয় উৎক্ষেপণ সফল হোৱাৰ পিছত নিজে নগৈ কালামকহে সংবাদ মেললৈ আগুৱাই দিছিল। এনে পৰম্পৰা ইছৰোৰ কৰ্ম সংস্কৃতিত সোমাই আছে। ইছৰোত এনে বহুতো উদাহৰণ সুলভ য’ত দলপতিয়ে দলগতভাৱে কৰা কামৰ বিফলতা নিজে মূৰ পাতি লৈছে আৰু সফলতাৰ কৃতিত্ব কিন্তু দলৰ অন্য সদস্য সকলক উজাৰি দিয়াত অকণো কৃপণালি কৰা নাই। ইয়ে দৰাচলতে ইছৰোক লৈ গৈছে উন্নতিৰ শিখৰলৈ।

ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্য্যভট্ট (Aryabhata) নিৰ্মাণ কৰিছিল ইছৰোৱে, যাক ছোভিয়েট ইউনিয়নে (Soviet Union) ১৯ এপ্ৰিল, ১৯৭৫ত উৎক্ষেপণ (launched) কৰিছিল। ১০ আগষ্ট, ১৯৭৯ তাৰিখে ৰোহিণী (Rohini) প্ৰযুক্তি পেলোড কঢ়িয়াই অনা ভাৰতৰ প্ৰথম পৰীক্ষামূলক উপগ্ৰহ উৎক্ষেপণ বাহন এছএলভি-৩ (SLV-3)-ৰ প্ৰথম পৰীক্ষামূলক উৰণ আংশিকভাৱে সফল হৈছিল। ৩৫ কিলোগ্ৰাম উৎক্ষেপণ ভৰ থকা এই উপগ্ৰহটোত প্ৰথম ভাৰতীয় উৎক্ষেপণ বাহন এছএলভি-৩ৰ উৰণ প্ৰদৰ্শন নিৰীক্ষণ কৰাৰ বাবে সঁজুলি আছিল। অৱশ্যে, উপগ্ৰহটো ইয়াৰ অভিপ্ৰেত কক্ষপথত (intended orbit) স্থাপন কৰিব পৰা নগ’ল। ৰোহিণী হৈছে ভাৰতীয়ৰ দ্বাৰা নিৰ্মিত উৎক্ষেপণ বাহন এছএলভি-3 (SLV-3)-ৰ দ্বাৰা কক্ষপথত (orbit) স্থাপন কৰা প্ৰথম উপগ্ৰহ (satellite )।ইয়াৰ লগে লগে ইনছাট(INSAT) ছিৰিজৰ কাম আৰম্ভ কৰা হৈছিল। এইটো নহয় যে প্ৰতিটো অভিযানেই সফল হৈছে কিন্তু হাৰ নামানি আগুৱাই যোৱাৰ মানসিকতাই ইছৰোক কৰি তুলিছে অনন্য। “পি এছ এল ভি” ( PSLV) ৰকেটৰ প্ৰথম উৎক্ষেপণো অসফল হৈছিল ইয়াৰ তৃতীয় খলপৰ নিয়ন্ত্ৰণ প্ৰণালীৰ ছফটৱেৰৰ আসোঁৱাহৰ বাবে। ছফটৱেৰৰ দায়িত্বত আছিল ড° বি এন সুৰেশ নামৰ এজন বিজ্ঞানী অভিযন্তা। কিন্তু আটাইতকে গুৰুত্বপূৰ্ণ কথাটো হ’ল সেই বিফলতাৰ পাছত ব্যক্তিগতভাৱে ড° সুৰেশৰ কোনো সমালোচনা হোৱা নাছিল, যাৰ বাবে তেখেতে ইয়াৰ পাছতো নিয়ন্ত্ৰণ প্ৰণালীৰ কামৰ নেতৃত্ব দিছিল। “পি এছ এল ভি” ভুলৰ সংশোধন কৰিছিল, “জি এছ এল ভি”, “জি এছ এল ভি-মাৰ্ক-৩” আদি ভৱিষ্যতৰ বহু ৰকেটৰ নিৰ্মাণৰ সতে জড়িত আছিল। ড° শিৱনকে আদি কৰি বহু তৰুণ বিজ্ঞানীক গঢ় দিছিল। তেখেতে বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক হিচাবে অৱসৰ গ্ৰহণ কৰিছিল। ইছৰোৱে বিশ্বাস কৰে যে ভুলৰ শাস্তিয়ে মানুহক বহুক্ষেত্ৰত সৃজনশীলতা গুণ নাইকিয়া কৰি নিৰ্ভীকভাৱে কাম কৰিবলৈ নিৰুৎসাহে কৰে।

ইছৰোৱে ২২ অক্টোবৰ ২০০৮ চনত চন্দ্ৰযান-১ (Chandrayaan-1) নামৰ এটা মানৱবিহীন চন্দ্ৰ অৰ্বিটাৰ (unmanned lunar orbiter) কক্ষপথলৈ প্ৰেৰণ কৰিছিল। মহাকাশযানখনে চন্দ্ৰপৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত চন্দ্ৰৰ (Moon) চাৰিওফালে ৰাসায়নিক (chemical), খনিবিজ্ঞান (mineralogical) আৰু চন্দ্ৰৰ আলোক-ভূতাত্ত্বিক মেপিঙৰ (photo-geologic mapping) বাবে প্ৰদক্ষিণ (orbiting) কৰি আছিল। মহাকাশযানখনে ভাৰত, আমেৰিকা যুক্তৰাজ্য, ইউকে, জাৰ্মানী, চুইডেন আৰু বুলগেৰিয়াত নিৰ্মিত ১১ টা বৈজ্ঞানিক সঁজুলি কঢ়িয়াই লৈ গৈছিল। সকলো গুৰুত্বপূৰ্ণ অভিযানৰ উদ্দেশ্য সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত, মে ২০০৯-ত কক্ষপথটো ২০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। উপগ্ৰহটোৱে (satellite) চন্দ্ৰৰ চাৰিওফালে ৩,৪০০ তকৈও অধিক কক্ষপথ তৈয়াৰ কৰিছিল আৰু ২০০৯ চনৰ ২৯ আগষ্টত মহাকাশযানৰ সৈতে যোগাযোগ হেৰুওৱাৰ সময়ত অভিযানটো সমাপ্ত হৈছিল। সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ কাৰণ এই যে এই অভিযানৰ মূখ্য বিজ্ঞানী আছিল অসম সন্তান ড. জিতেন্দ্ৰনাথ গোস্বামী। উল্লেখযোগ্য যে তেখেত চন্দ্ৰযান-২ আৰু মংগলযানৰ লগতো জড়িত। ২২ জুলাই, ২০১৯ তাৰিখে, ভাৰতে জিএছএলভি-এমকে তৃতীয় (GSLV-Mk III) অৰ্থাৎ দ্বিতীয় চন্দ্ৰ অভিযান ‘চন্দ্ৰযান-২’ (Chandrayaan-2) উৎক্ষেপণ কৰে। চন্দ্ৰযান-২ হৈছে এটা ৰভাৰ (rover) অৱতৰণ কৰি চন্দ্ৰৰ অজ্ঞাত দক্ষিণ মেৰু অন্বেষণ কৰাৰ এক ভাৰতীয় চন্দ্ৰ অভিযান। ছেপ্টেম্বৰৰ ৭ তাৰিখে, ভাৰতে চন্দ্ৰপৃষ্ঠত কোমল অৱতৰণ (soft landing) কৰাৰ চেষ্টা কৰিছিল যদিও লেণ্ডাৰ বিক্ৰমে (lander Vikram) প্ৰাথমিক অৱতৰণ স্থানটো হেৰুৱাইছিল আৰু দ্বিতীয়টো লৈ গৈছিল, দৃশ্যবোৰ তেতিয়াৰ পৰাই হেৰাই গৈছিল। অৱশ্যে, ভাৰতৰ ভূ-সমকালীন উপগ্ৰহ উৎক্ষেপণ বাহন – জিএছএলভি এমকেআই-এম১ (Geosynchronous Satellite Launch Vehicle – GSLV MkIII-M1)-এ ২২ জুলাইত ৩,৮৪০ কিলোগ্ৰাম চন্দ্ৰযান-২ মহাকাশযানখন সফলতাৰে পৃথিৱীৰ কক্ষপথলৈ উৎক্ষেপণ কৰিছিল। চন্দ্ৰপৃষ্ঠৰ পৰা ২.১ কিমি উচ্চতাত মৃদু অৱতৰণ কৰাৰ সময়ত লেণ্ডাৰখনৰ লগত ইছৰোৰ নিয়ন্ত্ৰণ কক্ষৰ সংযোগ বিচ্ছিন্ন হয়। ফলত লেণ্ডাৰখনৰ ভিতৰত সোমাই থকা ৰ’ভাৰ যানখনো নিয়ন্ত্ৰণৰ বাহিৰ হয়। এই বিফলতাক সফলতাৰ দিশলৈ নিবৰ বাবে বদ্ধপৰিকৰ হৈ ইছৰোৱে আৰম্ভ কৰিছিল চন্দ্ৰযান-৩ অভিযান। এই অভিযান হৈছে চন্দ্ৰযান-২ৰ পৰৱৰ্তী পদক্ষেপ। চন্দ্ৰযান-২ অভিযানত মহাকাশ যানখন সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত ইয়াৰ মৰ্গদৰ্শন চফ্টৱেৰৰ বিসংগতি হোৱাৰ বাবে অৱতৰণ বিফল হৈছিল। শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ১৪ জুলাই, ২০২৩ শুক্ৰবাৰে ভাৰতীয় মান সময় মতে দুপৰীয়া ২:৩৫ বজাত চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপন কৰা হয়। ইছৰোৱে চন্দ্ৰযান-৩ অভিযানৰ বাবে তিনিটা মূল লক্ষ্য নিৰ্ধাৰণ কৰিছিল-
১)চন্দ্ৰৰ পৃষ্ঠত নিৰাপদ, মসৃণ আৰু নিখুঁত লেণ্ডিং লাভ কৰা।
২)চন্দ্ৰত ৰ’ভাৰৰ ল’টাৰিং ক্ষমতা পৰ্যবেক্ষণ আৰু প্ৰদৰ্শন কৰা। চন্দ্ৰৰ গঠন ভালদৰে বুজিবলৈ আৰু অনুশীলন কৰিবলৈ চন্দ্ৰৰ পৃষ্ঠত ৰাসায়নিক আৰু প্ৰাকৃতিক মৌল, মাটি, পানী আদিৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা উপলব্ধ কৰি স্থানীয় বৈজ্ঞানিক পৰ্যবেক্ষণ।
৩)আন্তঃগ্ৰহীয় বলে দুটা গ্ৰহৰ মাজত অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তিৰ বিকাশ আৰু প্ৰদৰ্শনক বুজায়।

অৱশেষত সেই অবিস্মৰণীয় ঐতিহাসিক ক্ষণ! বুধবাৰ ২৩ আগষ্ট, ২০২৩ বৰ্ষ। নতুন ইতিহাস সৃষ্টি কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ (Chandrayaan 3)ৰ লেণ্ডাৰ মডিউল ‘নৰম অৱতৰণ’ লাভ কৰাত সফল হয়। এই মডিউলত বুধবাৰে সন্ধিয়া প্ৰায় ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰা লেণ্ডাৰ ‘বিক্ৰম লেণ্ডাৰ’ (Vikram Lander) আৰু ২৬ কেজি ওজনৰ ৰ’ভাৰ ‘প্ৰজ্ঞান ৰ’ভাৰ’ (Pragyan Rover) আছে। ইয়াৰ লগে লগে বিশ্বৰ মহাকাশ অভিযানৰ মানচিত্ৰত, চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ ৰূপে সোণালী আখৰেৰে খোদিত হ’ল ভাৰতৰ নাম।

ভাৰতৰ মহাকাশ সংস্থা ইছৰোৰ দ্বাৰা প্ৰেৰণ কৰা চন্দ্ৰযান ৩-ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰে। ভাৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন দেশ। ইয়াৰ পূৰ্বে চন্দ্ৰত চফ্ট লেণ্ডিং কৰিছিল ৰাছিয়া, আমেৰিকা আৰু চীনে। অতি কম টকা ব্যয়ৰে এই চন্দ্ৰ অভিযান সফল কৰে ইছৰোই। এই সফলতা ভাৰতৰ মহাকাশ উদ্যোগৰ বাবে ই এক ডাঙৰ প্ৰাপ্তিপ্ৰাপ্তি। ই মহাকাশ শক্তি হিচাপে ভাৰতক শক্তিশালী কৰি তুলিলে। এই মহান সফলতাৰ ক্ষণক এক সুন্দৰ মাত্ৰা প্ৰদান কৰাৰ অৰ্থে ভাৰত চৰকাৰে ২৩ আগষ্টৰ দিনটো  “ৰাষ্ট্ৰীয় মহাকাশ দিৱস” হিচাপে উদযাপন কৰাৰ বাবে এক অধিসূচনা জাৰি কৰে। এইবছৰ এই দিৱসৰ মূল প্ৰতিপাদ্য বিষয় হ’ল,”Touching Lives while Touching the Moon: India’s Space Saga”। ২৩ আগষ্ট মহাকাশ অভিযানত দেশৰ অগ্ৰগতিৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ই নৱপ্ৰজন্মক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM)ৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে অনুপ্ৰাণিত কৰিব আৰু মহাকাশ খণ্ডত এক বৃহৎ উত্থান প্ৰদান কৰিব। এই ঐতিহাসিক অভিযানৰ ফলাফলে অনাগত বছৰবোৰত মানৱ জাতিক বহুখিনি উপকৃত কৰিব। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ ফলত ভাৰতৰ যুৱশক্তিৰ মনত বৈজ্ঞানিক চিন্তা আৰু উদ্ভাৱনৰ মনোভাৱ সঞ্চাৰিত হ’ব আৰু ইয়েই দেশক উন্নতিৰ দিশত আগবঢ়াই নিব।‌

উৎস-
১. ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত, হিন্দু কাকতৰ সাহিত্য উৎসৱত দিয়া ড° এছ সোমনাথৰ এটা বক্তৃতা।
২.ৱিকিপেডিয়া।
৩.Britanica/ space ইত্যাদি।

Leave a Reply

Your email address will not be published. Required fields are marked *