গল্প-কবিতা

সাগৰ তীৰৰ শংখ ‌।‌। সীমান্ত কোঁৱৰ

“In the future . . . if by some miracle you ever find yourself in the position to fall in love again . . . fall in love with me.” / Colleen Hoover

নীলা সাগৰখনৰ জনশূন্য সমূদ্ৰতীৰৰ সেই অকলশৰীয়া কাঠৰ বেঞ্চখনে যেন আজীৱন অপেক্ষা কৰি আছিল কোনোবা ভাগৰুৱা যাত্ৰীৰ পদযুগলক অলপ জিৰণি দিবলৈ, নতুবা জোনাকৰ পোহৰত মুকুতাৰ দৰে জিকমিকাই থকা চকুৰে মনিব পৰালৈকে বিয়পি থকা বালিময় তটৰেখাৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ অহা কোনোবা প্ৰেমাস্পদৰ মৰম-হাঁহিৰ ফুচফুচনিৰ সাক্ষী হ’বলৈ। সমুদ্ৰতীৰৰ ভিজা বালিৰ পৰা অকণমান আঁতৰি সেউজীয়া ঘাঁহৰ মাজত পাৰি থোৱা বেঞ্চখনত বহিবলৈ সেইসময়ত কোনোৱেই নাছিল। সাগৰৰ সৰু-ডাঙৰ লহৰবোৰে খলখলাই নাচি-বাগি পাৰলৈ আহিও বেঞ্চখনৰ কাষ চাপিব পৰা নাছিল, বেঞ্চখন চুব নোৱৰাৰ অভিমানতে যেন ঠেহ পাতি লহৰবোৰ আকৌ খলখলাই দূৰলৈ আঁতৰি গৈছিল। সাগৰৰ বুকুৰ পৰা বতাহত উৰি অহা বৰষুণ এজাকেহে মাজে-মাজে বেঞ্চখনৰ গাত পৰি স্ফটিকৰ দৰে জিলিকি উঠিছিল বা ক’ৰবাৰ পৰা উৰি অহা ৰঙীণ পখিলা এজনীয়ে হঠাতে বেঞ্চখনৰ গাত পৰি খা-খবৰ লৈ আকৌ আকাশলৈ উৰা মাৰিছিল। প্ৰতিটো বাৰিষাৰ বুকু কপাব পৰা পৰ্বতসম ঢৌৰ এচাৰৰ পৰাও নিজকে বচাই বেঞ্চখনে অহৰ্নিশে অপেক্ষা কৰিছিল কাৰোবাৰ বাবে।

ৰাতিপুৱা সদায় সোনকালে উঠা অভ্যাসটোৰ বাবেই সেইদিনাও সোনকালে সাৰ পাই দিগন্তই ৰিচৰ্টৰ বাৰান্দালৈ ওলাই আহিল। ৰাতিপুৱালে যদিও ৰ’দৰ পোহৰে তেতিয়াও বাহিৰৰ পৃথিৱীখনক ধোঁৱা-ধোঁৱা পৰিৱেশ এটাৰে আবৰি ৰাখিছিল। তাতে মাজৰাতি হোৱা আবতৰীয়া বৰষুণজাকে পৰিৱেশটোক আনদিনতকৈ শীতল কৰি ৰাখিছিল। যোৱা কালিৰ দিনটোযোৰা ভ্ৰমণৰ ভাগৰত ক্লান্ত হৈ পৰিবাৰ মাতু তেতিয়াও গভীৰ টোপনিত। তাইক আমনি নকৰি তাইৰ গাত বেডচীটখন ভালদৰে দি কাণত হেডফোনটো লৈ দিগন্ত অকলেই ৰিচৰ্টৰ পিছফালে থকা সমুদ্ৰতীৰলৈ ওলাই আহিল। অলপ খোজকঢ়াও হ’ব আৰু লগতে ৰাতিপুৱাৰ সাগৰখনৰ সৌন্দৰ্য্যও উপভোগ কৰিব পাৰিব। সচৰাচৰ আবেলি মানুহে গিজগিজাই থকা সমুদ্ৰতীৰতকৈ পুৱাৰ নিৰ্জন সাগৰৰ ঢৌৱে খলখলাই থকা সমুদ্ৰতীৰতহে দিগন্তই ফুৰি বেছি ভাল পায়। পুৱাৰ নিৰ্জন নিৰৱ সাগৰৰ পাৰত মন গ’লেই বুকু ভৰাই সাবটিব পৰা যায় গভীৰ সাগৰৰ বুকুৰ পৰা বৈ অহা শীতল বতাহজাকক, ভৰিত খুন্দা মৰা উৎপতীয়া ঢৌৰ স্পৰ্শত শীতল কৰিব পৰা যায় বুকুৰ ভিতৰৰ আগ্নেয়গিৰিৰ দৰে সুপ্ত জুইবোৰক বা দৃষ্টিয়ে ঢুকি নোপোৱা পৰ্য্যন্ত নীলাভ সাগৰৰ বিশালতাখিনিক বুকুত ভৰাই পৃথিৱীৰ প্ৰেমত মুগ্ধ হ’ব পৰা যায়। অৱশ্যে সাগৰৰ লগত দিগন্তৰ বহুদিনীয়া চিনাকী। নীলা সমুদ্ৰৰ পাৰত বহি সমুদ্ৰৰ উত্তাল ঢৌৰ কাব্যিকতাত সি যিদৰে মুগ্ধ হৈ পাইছে, একেদৰে তীৰৰ পৰা হাজাৰ মাইল আঁতৰৰ বাৰিষাৰ পৰ্বতসম ঢৌৱে কপোৱা গভীৰ সাগৰৰ বুকুৰ ভয়াবহ অভিজ্ঞতাও তাৰ বুকুত সঞ্চিত হৈ আছে। হ’লেও সাগৰ সাগৰেই, পৰ্বতৰ সেউজে বা শুকুলা বৰফে যিদৰে মানুহক আকৰ্ষণ কৰে, সাগৰৰ নীলাইও মানুহক টানে নিজৰ কাষলৈ। সেয়ে জীৱনৰ সঞ্চিত পুঁজি খৰচ কৰি সুদূৰ পৰ্বতৰ বুকুৰ পৰাও মানুহ আহে সাগৰৰ তীৰত খেলিবলৈ আৰু উভটি যাওঁতে লৈ যায় নিজৰ বুকুৰ ভিতৰতো তেনে এখন সাগৰ। সাগৰ তীৰত কিনা মৃত শামুকৰ ৰঙীণ খোলাৰে বনোৱা সামগ্ৰীৰে শুৱনি কৰেগৈ নিজা ঘৰৰ মুকলি চৰাৰ শ্ব’কেছ।

সাগৰৰ পাৰত ৰৈ দিগন্তই ইফালে-সিফালে চাই কাকো দেখা নাপালে। বহু নিলগত মাছমৰীয়া দুজনমানেহে বালিত লাগি ৰোৱা নাও এখনত কিবা কৰি আছিল। ক্লান্ত কেচুৱা এটাৰ দৰে সাগৰখনে পাৰৰ পৰা বহু আঁতৰত শুই আছিল। সাগৰৰ পৰা বৈ অহা শীতল বতাহ এজাকে যেন সাগৰ তীৰৰ ব্যস্ত চহৰখনৰ বাসিন্দা সকলকো সেইসময়ত নিচুকনি গীতৰে শুৱাই থৈছিল। দিগন্তই অলপ আগবাঢ়ি গ’ল পানীৰ ফালে। কাণত বাজি থকা ’মাৰ্ক নফলাৰৰ’ৰ গানটোৰ ভলিউমটো বঢ়াই সি এটা দীঘলকৈ উশাহ ল’লে। আজীৱন চিনাকী এখিনি শীতল বতাহে তাৰ বুকুখনকো শীতল কৰি পেলালে। আসঃ, কি যে এই অনুভৱ! ২৮ বছৰৰ আগতে প্ৰথমবাৰ যিদিনা সি সাগৰ দেখিছিল, তাৰ বুকু ভয়ত কঁপি উঠিছিল। দিগন্তই নিজকে সুধিছিল -পাৰিবনে অহা পোন্ধৰ বছৰ মাত্ৰ কেইটামান দৰমহাৰ বাবে এনেকুৱা বিশাল, গহীন সাগৰৰ বুকুত সি জীৱন কটাব! কলেজীয়া জীৱন আৰম্ভ নহওঁতেই ঘৰৰ দ্বায়িত্ব লৈ অজান ৰাস্তাত অকলে ওলাই অহা তাৰ মনত সাগৰৰ প্ৰথম ছবি আঁকিছিল স্কুলীয়া জীৱনত প্ৰান্তিকত পঢ়া ’অনুৰাধাৰ দেশে’। কিন্তু সাগৰৰ পাৰত বাস্তৱত থিয় হৈহে সেইদিনা সি উপলব্ধি কৰিছিল যে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে ’অনুৰাধাৰ দেশত’ বৰ্ণনা কৰা সাগৰখনতকৈ তাৰ চকুৰ আগৰ এইখন সাগৰ বেছি বিশাল, বেছি নীলা আৰু বেছি ধুনীয়া অথচ বেছি ভয়াবহ। চকুৰ পলকতে সি ক’ব নোৱাৰাকে, তিনিখন সাগৰৰ পাৰত তাৰ পোন্ধৰটা বসন্ত পাৰ হৈ গ’ল। প্ৰথমবাৰ আহোঁতে সি অকলে অহা সাগৰৰ পাৰৰ পৰা পোন্ধৰ বছৰৰ পাছত নিজৰ গাঁৱৰ ঘৰলৈ উভটি যাওঁতে তিনিটা হৈ উভটি গ’ল। হ’লেও সি লগতে লৈ গ’ল সাগৰৰ নীলাবোৰ, পোন্ধৰ বছৰীয়া জীৱনটোত শুকুলা বালিৰ তীৰত তাৰ খোজৰ লগত একেলগে কেইখোজমান কঢ়া কিছুমান নাম আৰু চৰিত্ৰৰ সোঁৱৰণীবোৰ! ওঁহো, কোনেও কাকো কোনোদিন একেবাৰে পাহৰা সম্ভৱ নহয়। বুকুত দখল কৰি বহা গান-কবিতাৰ দৰেই সোঁৱৰণীবোৰেও মানুহৰ বুকুত নিগাজীক‌ৈ বহে, পাৰ্মামেণ্ট মাৰ্কাৰৰ দাগৰ দৰে। সেইবাবেই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যুগতো মানুহৰ মনৰ ভিতৰৰ ’মেমৰী’বোৰ অৱশিষ্ট বাকী নথকাকৈ ‘ইৰেজ’ কৰাটো অসম্ভৱ, আমৃত্যু‌।

সাগৰতীৰৰ সমান্তৰালকৈ দিগন্তই খোজ কাঢ়ি আগবাঢ়ি গ’ল। কাণত লগোৱা হেডফোনত বাজি থকা গানৰ ৰীডমটো আৰু বুকুৰ ভিতৰত খলবলাই থকা ভাৱবোৰে তাৰ খোজটো যেন অলপ তীব্ৰ কৰি তুলিলে। এটা চাকৰি শেষ কৰি উভটি যোৱাৰ পাছত সি এবাৰো ভবা নাছিল যে দ্বিতীয় চাকৰিৰ বাবেও আকৌ এদিন সাগৰৰ পাৰলৈকে উভটি আহিব লাগিব।কিন্তু সেয়াইটো হ’ল। মাত্ৰ চাকৰি বেলেগ, পদবী বেলেগ। পোন্ধৰ বছৰীয়া আগৰটো চাকৰিতকৈ এতিয়া সমস্যা একেবাৰে নাই, মুক্ত; সুবিধাও বেছি। সেয়ে আজৰি পালেই সি কেতিয়াবা অকলে বা পৰিয়ালৰ লগত সাগৰৰ তীৰলৈ দৌৰ মাৰে। সপ্তাহযোৰা কামৰ শেষত নীলা সাগৰৰ বিশালতাই তাৰ মনটোক সাজু কৰে নতুন এটা সপ্তাহৰ বাবে। কালিও সি তেনেদৰেই সাপ্তাহিক অৱকাশত পত্নীক লগত লৈ নিজে গাড়ী চলাই ভাৰতৰ পশ্চিম তীৰত থকা ‘মালৱন’ নামৰ সৰু উপকুলীয় টাউনখন পালেহি। মালৱনৰ সাগৰ তীৰৰ বিশেষত্ব হ’ল পৰিষ্কাৰ নীলা পানী আৰু বেক ৱাটাৰ বোটিং। তাতে পাৰৰ পৰা সাগৰৰ অলপ ভিতৰত থকা শিলাময় পানীৰ মাজত পুৰণি লাইট হাউচ এটা খুবেই আকৰ্ষণীয়। কালিৰ দিনটো কম জনবহুল চাফা সাগৰ তীৰত খেলি তথা দিনটো গাড়ী চলাই আজি সিহঁতি সেই লাইট হাউচটোলৈ যোৱাৰ কথা আছে।

তাৰ পৰা অলপ আঁতৰতে ভিজা বালিৰ মাজত উজ্জল কিবা এটা জিলিকি আছিল। দিগন্তই ৰৈ খুচৰি দিলে। মৰা শামুক এটাৰ উজ্জ্বল খোলা এটা বালিৰ মাজত আধা সোমাই আছিল। দেখিবলৈ ধুনীয়া খোলাটো হয়তো ৰাতিৰ জোৱাৰ ভাটাত পাৰলৈ আহি বালিত সোমাই ৰৈ গৈছিল! দিগন্তই হাতেৰে মোহাৰি শংখটোৰ পৰা বালিবোৰ আঁতৰাই জেপত ভৰাই ল’লে, ঘৰত সজাই থ’ব পৰা যাব! সি আকৌ আগবাঢ়ি গ’ল সন্মুখৰ ফালে। খোজকাঢ়ি আহি থাকোঁতে ক’ব নোৱাৰাকে নিজৰ ৰিচৰ্টটোৰ পৰা সি বহুদূৰ আগবাঢ়ি আহিল। হঠাতে তাৰ ফোনটো বাজি উঠিল। সি হেল্ল’ বুলি কোৱাৰ লগে-লগে মোবাইলৰ আনটো মুৰত মাতুৰ টোপনি জড়তাপূৰ্ণ মাতটো ভাহি আহিল।

– ক’ত গ’লা তুমি! নাই যে?

– মই খোজ কাঢ়িবলৈ আহিলোঁ, তুমি উঠিলা নেকি?

-নাই, সাৰ পাইছিলোঁ, আকৌ শুওঁ!  সোনকালে আহিবা।

-হ’ব, সোনকালেই উভটিম। শোৱা তুমি।

ফোনটো কটাৰ লগে-লগে নফলাৰৰ গানটো কাণত আকৌ বাজি উঠিল। ব্লুজ তাৰ সদায়েই প্ৰিয়, তাৰ ভিতৰত মাৰ্ক নফলাৰ বেছি। আগৰটো চাকৰিত দিগন্তই প্ৰথমবাৰ তাৰ বছৰ কম্পিউটাৰত আব্বাৰ ’ডেন্সিং কুইন’ শুনিছিল, তাৰ পাছত এম এল টি আৰ, বেকস্ট্ৰীট বইজ, ৱেস্টলাইফ ইত্যাদি বিভিন্ন বেণ্ডৰ অলপ বুজা-নুবুজা গানবোৰ শুনি-শুনি সিও ৱেস্টাৰ্ণ মিউজিক ভাল পোৱা হৈছিল। তাৰ পাছত এদিন হঠাতে তাৰ খুউব বন্ধু এজনে তাক চিনাকী কৰি দিছিল ব্লুজ সংগীতৰ জগতখনক। সেয়াই আৰম্ভণি, এতিয়া ব্লুজেই তাৰ বাবে আটাইতকৈ ডাঙৰ নিচা।

সি মন কৰিলে, দূৰৈৰ কোনোবা এটা ৰিচৰ্টৰ পৰা কোনোবা এজন ওলাই ইফালে-সিফালে চাই তাৰ দিশৰ ফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে। সি অনুমান কৰিলে সাগৰৰ তীৰত কাকো দেখা নোপোৱাৰ বাবেই চাগে তাক দেখি ব্যক্তিজনে তাৰ দিশত আগবাঢ়ি আহিল। তাৰো ভাল লাগিল, তাৰ দৰে অন্ততঃ কোনোবা এজনটো আছে, যি ৰাতিপুৱাৰ সাগৰতীৰক অকলে উপভোগ কৰিব জানে। ব্যক্তিজনৰ চেহেৰাটো তাৰ ওচৰ চাপি অহাৰ পাছতহে সি অনুধাৱন কৰিলে যে চেহেৰাটো মহিলাৰ। ৰাতিপুৱাৰ ঠাণ্ডাৰ পৰা বাচিবৰ বাবে মানুহগৰাকীয়ে ট্ৰাউজাৰ আৰু জেকেট পিন্ধি অহাৰ বাবেই প্ৰথমে তাৰ পুৰুষ যেন লাগিছিল। সি বিশেষ গুৰুত্ব নিদি গানটো গুন-গুনাই সন্মুখৰ ফালে আগবাঢ়ি গ’ল।

মানুহগৰাকী তাৰ ওচৰ পাওঁতে সি দেখিলে ওখ-পাখ ধুনীয়া মানুহ গৰাকীৰ কাণতো এটা হেডফোন, হয়তো তাৰ দৰেই কোনোবা টুৰিস্ট, পৰিয়ালৰ লগত সাগৰ তীৰত ফুৰিবলৈ আহিছে। তাক দেখি মানুহগৰাকীয়ে মিচিকি হাঁহি এটাৰে পুৱাৰ সম্ভাষণ জনালে। দিগন্তইও হাঁহি এটাৰ সৈতে প্ৰতি সম্ভাষণ জনাই আগবাঢ়ি গ’ল। সি অনুমান কৰিলে মানুহগৰাকী চাগে তাৰ বয়সৰে বা তাতকৈ সৰু হ’ব।

: শুনকচোন!!!

সি হঠাতে পাচফালৰ পৰা মানুহগৰাকীয়ে তাক মাত দিয়া যেন শুনি ৰৈ পাচলৈ ঘূৰি চালে। মানুহগৰাকীয়ে আগলৈ আগবাঢ়ি নগৈ তাৰ ফালে উভটি আহিছে।

: মোক কিবা কৈছিল’?

: যদি বেয়া নাপায় আমি একেটা দিশতে খোজ কাঢ়িব পাৰোঁনে? আচলতে কোনো মানুহ নথকাৰ বাবে অকলে খোজ কাঢ়িবলৈ মোৰ অলপ বেয়া লাগিছে। তাতে অচিন ঠাই। অৱশ্যে ভয় খাব নালাগে, মই আপোনাৰ একাত্মতাখিনিক বাৰু আমনি নকৰোঁ। অলপ হ’লেও দিয়কচোন, লগতে খোজ কাঢ়িব পাৰিম।

: নাই নাই, কিয় বেয়া পাম, ময়ো নতুন ইয়াত! আহক! পিছে কোনফালে যাম বুলি ভাবিছে আপুনি?

যিফালে আপুনি গৈ আছিল – মানুহ গৰাকীয়ে মিঠা হাঁহি এটা মাৰি তাৰ ফালে চাই কলে!

: ব’লক তেন্তে, মই অহাৰ ফালেই যাওঁ! আপুনি আপোনাৰ দিশ সলাব নালাগে!

মানুহগৰাকীয়ে ইমান সহজভাৱে তাতে হাঁহিমুখেৰে কথাকেইটা কোৱাত সি আশস্ত হ’ল যে তাৰ ৰাতিপুৱাটো অন্তত আমনিদায়ক নহ’ব। সি অনুমান কৰিলে মানুহগৰাকী যথেস্ট ভদ্ৰ আৰু মিঠামুখীয়া। সহজতে সকলোৰে লগত মিলিব পৰা। সিও হাঁহি এটা মাৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে।

: আপুনি….??

অহ, চৰী! মই মানে আমি কলিকতাৰ! গোৱা ফুৰিবলৈ আহিছিলো, মালৱনৰ নাম শুনা পাই ভাবিলোঁ চাই যাওঁ। মোৰ হাজবেণ্ড আহিছে লগত, এতিয়া ৰিচৰ্টত টোপনিত। – মানুহ গৰাকীয়ে আকৌ ধুনীয়াকে হাঁহি এটা মাৰি কলে। – ৰাতিপুৱাৰ সাগৰখনৰ মজা নল’লে আচল মজা ক’ত! আৰু আপুনি?

আমিও, মানে মই আৰু পৰিবাৰ! কালি আহিলোণ, পৰিবাৰ বৰ্তমান ৰিচৰ্টত।

: কোনবোৰ গান শুনি ভাল পায় আপুনি? মানুহগৰাকীয়ে মোৰ হেডফোনৰ ফালে আঙুলিয়াই সুধিলে।

: মই সৱ গানেই শুনো, অনুভৱবোৰক সক্ৰিয় কৰিব পৰা ভাল গান হ’লেই হ’ল! এতিয়া বাৰু নফলাৰ শুনি আছো, শুনিছে চাগে, আৰু আপুনিও গান ভাল পায়?

: হয়, গান নোহোৱা হলে চাগে এই পৃথিৱীখন একেবাৰে নীৰস হ’ল হেঁতেন ন? মই বেছিভাগ বঙালী গানেই শুনো, কবীৰ সুমন, অঞ্জন দত্ত, শুভমিতাৰ পৰা জেমচলৈকে সকলোৰে গান! আৰু গান শুনি কান্দোও‌।

মানুহগৰাকীৰ কথা শুনি তাৰ মুখত অস্ফুটকৈ হাঁহি এটা বিয়পি পৰিল। মানুহগৰাকীৰ কথাবোৰে মানুহগৰাকীৰ প্ৰতি তাৰ কৌতুহল বঢ়াই  তুলিলে। তাতে গান শুনি কন্দাৰ কথাষাৰ শুনাৰ বাবে। অৱশ্যে গান-কবিতা ভাল পোৱা পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়েই চাগে সহজাতভাৱে সংবেদনশীল আৰু সেই সংবেদনশীলতা স্বতঃস্ফুৰ্তভাৱে ব্যক্তিজনৰ কথা-বতৰা আৰু ব্যক্তিত্বত প্ৰতিফলিত হয়।

: আপোনাৰ পচন্দ দেখিছো মানিব লগীয়া, তাতে আপোনালোকৰ বেংগলী গানৰ স্টেণ্ডাৰ্ড এনেও বহু ওপৰত। ইংৰাজী গান শুনিছেনে কেতিয়াবা?

: ভাৰ্চিটিত থাকোঁতে বহু শুনিছিলোঁ, মেডনা, চিলেন ডিয়ন, জন বিয়েজ বহুতৰ! এতিয়া পিছে পচন্দবোৰ বয়সৰ লগে-লগে সলনি হৈছে চোন, আবেদন তুলিব পৰা গানবোৰহে বেছি ভাল লগা হৈছে, বুঢ়ী হৈছো চাগে!

মানুহগৰাকীৰ কথা শুনি সি সশব্দে হাঁহি দিলে। তাৰ হাঁহি শুনি মানুহগৰাকীয়ও নিজৰ হাঁহি ৰাখিব নোৱাৰিলে। সিহঁতৰ হাঁহিৰ শব্দত আমনি পাই নীৰৱে শুই থকা সাগৰখনে যেন সাৰ পাই উঠিল। বালিত শুই থকা কেকোৰা কেইজনীমানে ভয়তে পানীৰ ফালে ঢাপলি মেলিলে। সি হাঁহি-হাঁহিয়েই ক’লে-

: আপোনাৰ কথা শুনি কেকোৰা কেইজনীয়েও লাজ পাইছে, দেখিছে! গান শুনাৰ কোনো বয়স নাথাকে নহয়, একেদৰে কিতাপ পঢ়া বা চিনেমা চোৱাৰো। মাত্ৰ আমাৰ পচন্দবোৰ সলনি হৈ গৈ থাকে।

: সঁচা কৈছে, কিতাপ কিতাপেই। নতুন কিতাপ বিচাৰি এতিয়াও মাহেকত এবাৰ কলেজ ষ্ট্ৰীট ঘুৰ্মুটিয়াই ফুৰোঁ। মোৰাকামি মোৰ পচন্দৰ জানে?

: হেহ, মোৰাকামি! নৰউইয়ান উড পঢ়িছে তাৰ মানে! -সি আশ্চৰ্য্যচকিত হৈ প্ৰশ্ন কৰিলে। তাৰ সঁচাকৈয়ে আচৰিত লাগিল। ভাৰতৰ কোনোবা এখন নিজান সমুদ্ৰতীৰত খোজ কাঢ়িবলৈ আহোঁতে হঠাতে লগ পোৱা দুজন অচিনাকী মানুহৰ পচন্দৰ ইমান মিল কেনেকৈ সম্ভৱ হ’ব পাৰে? তাৰ ভালো লাগিল অৱশ্যে!

সিহঁতে খোজ কাঢ়ি বহু দূৰ আগুৱাই আহিছিল। কথা-বতৰা পাতি থাকোঁতে ডিঙিত উলমি অহা হেডফোনদুটাত কি গান বাজি আছিল, তাৰ কোনো খবৰ নাছিল। বহুতদিনৰ মূৰত সি এনেদৰে কাৰোবাৰ লগত মন খুলি গান আৰু কিতাপৰ কথা পাতিছিল। খোজকাঢ়ি অলপকে ভাগৰ লাগিছিল যদিও অচিনাকী মানুহগৰাকীয়ে বেয়া পাব বুলি সি মুখ খুলি ক’বলৈ সংকোচ কৰি আছিল।

: বেয়া নাপায় যদি সৌ বেন্সখনতে অলপ বহোগৈ বলক! ৰিচৰ্ট এখনৰ পাছফালে সাগৰৰ তীৰতে পাৰি থোৱা বেন্স এখনৰ ফালে আঙুলিয়াই মানুহ গৰাকীয়ে কলে,  – মোৰ অলপ ভাগৰ লাগিছে।

: বলক, পিছে আপোনাৰ পতিদেৱে চিন্তা নকৰেতো? “

: নাই, নকৰে, তেওঁ জানে, সাগৰক মই কিমান ভাল পাওঁ। সৰুহৈ থাকোঁতে দেউতাই এবাৰ দীঘাৰ উপকুল দেখুৱাবলৈ নিছিল, সেই তেতিয়াৰে পৰাই মই সাগৰৰ নামত পাগল, আপুনি জানেনে, মই আনকি এবাৰ মাক কৈছিলোও মোক কোনোবা মাছ-মৰীয়াৰ লগত বিয়া দিবলৈ, যাতে গোটেই জীৱনটো সাগৰৰ পাৰত কটাব পাৰোঁ! – মানুহ গৰাকীয়ে অকণো লুক-ঢাক নকৰাকৈ কথাবোৰ কোৱা শুনি সি হাঁহি দিলে।

নিজান উপকুলটোত ভিজা বালিৰ কাষতে সেউঁজ ঘাঁহ এখিনিৰ মাজত পাৰি থোৱা বৰষুণৰ পানীত ভিজি থকা বেন্সখনত সিহঁত দুয়োজন বহি পৰিল। সিহঁতৰ অকস্মাৎ আগমনত চক খাই বেন্সখনত আগৰে পৰা পৰি থকা হালধীয়া পখিলাজনীয়ে উৰি মাৰি আতঁৰি গ’ল। বেন্সখনত বহি দিগন্তই ভৰিদুটা মেলি দিলে। দেহত ভাগৰ লাগিছিল যদিও তাৰ মনটো একেবাৰে সজীৱ হৈ আছিল। কাষতে বহি সাগৰৰ ফালে চাই থকা ধুনীয়া মানুহজনীৰ মুখৰ পৰা ওলাই অহা কথাবোৰ শুনিবলৈ সি ভিতৰি-ভিতৰি অধৈৰ্য্য হৈ পৰিছিল। মনটো কিমান নিভাজ, পৱিত্ৰ হলে মানুহে এনেদৰে অচিনাকী মানুহৰ আগতো খুলি ক’ব পাৰে নিজৰ ব্যক্তিগত কথা!

 : চাওকচোন, ইমান ধুনীয়া উপকুলটোত এতিয়ালৈকে কোনো মানুহ নাই! সাগৰেও জানে যে কোনো নাহে এতিয়া সাগৰৰ পাৰলৈ আৰু সেয়ে সাগৰখনেও নিতাল মাৰি শুই আছে। আবেলি যেতিয়া হাজাৰ-হাজাৰ টুৰিস্টৰ ভৰিৰ খোজে সাগৰৰ পাৰ গচকি থাকিব, সাগৰেও গম পাই নাচি নাচি ঢৌ তুলি-তুলি পাৰলৈ কাষ চাপি আহিব! সাগৰ খনো চাগে আমাৰ দৰে এটা জীয়া বস্তু ন’! মৰম আকুলোৱা? “

: সি একো নক’লে, মাত্ৰ মন্ত্ৰমুগ্ধ হৈ শুনি থাকিল। সি কি ক’ব! সি জানে যে বাৰিষাত এই সাগৰখনই কি ভয়ংকৰ ৰূপ লয়, সাগৰৰ পৰ্বতসম ঢৌৰ কবলত পৰি কিমানবাৰ তাৰ জাহাজৰ ক্ষতি হৈছিল, কিমান দিন সি তেজ বমি পৰ্য্যন্ত কৰিব লগীয়া হৈছিল, লঘোণত থাকোঁতে থাকোঁতে বেমাৰত হস্পিটেলত ভৰ্তি হ’বলগীয়া হৈছিল, সেয়া মাত্ৰ সি জানে। হ’লেও সাগৰৰ সেই ভয়ংকৰ ৰূপটোৰ কথা এই মুহূৰ্ত্বত কৈ সেই সাগৰৰ প্ৰেমত মগ্ন অচিনাকী মানুহ গৰাকীৰ আনন্দখিনিক ভংগ কৰিবলৈ তাৰ মন নগ’ল। সি মাত্ৰ ক’লে-

: আপুনি ইমান ধুনীয়াকে কথাবোৰ কেনেকৈ ক’ব পাৰে?

: আচলতে সবৰে আগতে ইমান মন খুলি কথা পাতিব নোঁৱাৰি জানে? নাজানো কিয়, মোৰ কিন্তু এই ৰাতিপুৱাটো ভাল লাগিছেলাগিছে। তাতে আপোনাৰ লগত কঢ়া এই খোজকেইটাকো! বলক এতিয়া উভতোঁ, নহ’লে আমাক বিচাৰি ঘৰৰ মানুহে হাহাকাৰ কৰিব! মানুহ গৰাকীৰ মুখত আকৌ সেই একেই মোহনীয় হাঁহি!

: বলক, উভতোঁ, মোৰো ভাল লাগিল আপোনাক লগ পাই। ভবাই নাছিলো এনেদৰে যে হঠাতে আপোনাক লগ পাই ইমান কথা পাতিম। বেন্সখনৰ পৰা উঠি দুয়োটাই আকৌ খোজ ল’লে অহাৰ বাটেৰে। হঠাতে এবাৰ পকেট খোচৰোঁতে অলপ আগতে সাগৰৰ তীৰত বিচাৰি পোৱা ৰঙীণ শামুকৰ খোলাটোত তাৰ হাত লাগিল।

কিবা এটা ভাবি সি মানুহ গৰাকীক সুধিলে-

: আপুনি সাগৰক খুওৱ ভাল পায় ন’? ময়ো আচলতে সাগৰৰ প্ৰেমত মুগ্ধ, মোৰ জীৱনৰ আধা বসন্ত সাগৰৰ পাৰতে কটালোঁ বুলি ক’লেও ভুল কোৱা নহ’ব! আপোনাক লগ পোৱাৰ অলপ আগতে এটি সৰু সম্পদ বিচাৰি পাইছিলোঁ, দামী বস্তু নহয়। যদি বেয়া নাপায়, তেন্তে আমি একেলগে কটোৱা এইকণ সময়ৰ সোঁৱৰণী হিচাপে মই সেই বস্তুটো আপোনাক উপহাৰ হিচাপে দিব বিচাৰিছো। আশা কৰিছো বেয়া নাপাব।

পকেটত সোমাই থকা সোঁহাতখনৰে সি শামুকটো উলিয়াই আনিলে, ৰ’দৰ পোহৰত শামুকটো আৰু বেছি উজ্জ্বলি উঠিছিল। সি হাতেৰে আলফুলে মোহাৰি শামুকটো মানুহগৰাকীৰ ফালে আগবঢ়াই দিলে। শামুকটোৰ উজ্বলতা তথা ৰঙ দেখি মানুহ গৰাকীৰো মুখখন উজ্বলি উঠিল। তাক ধন্যবাদ এটা দি তেওঁ আলফুলে হাঁহি এটা মাৰি শামুকটো জেকেটৰ পকেটত সুমুৱাই ল’লে।

ওভতনি যাত্ৰাত সিমান কথা ওলোৱা নাছিল, এজন-দুজনকৈ মানুহ গোট খাইছিলহি উপকুল। সৰু ল’ৰা এটাই মাক-দেউতাকৰ লগত বালি ঘৰ সাজি উমলি আছিল। দিগন্তৰ মনটো ভৰি পৰিছিল কিবা এক অজান বিষাদৰে। হয়তো একে অনুভৱ হৈছিল মানুহ গৰাকীৰো, সেয়ে হেডফোনটো কাণত লগাই আকৌ গান শুনিবলৈ আৰম্ভ কৰিছিল। আকৌ কোনোবা এদিনা লগ পোৱা যে অসম্ভৱ, সেয়া দুয়োটাই ভালদৰেই জানিছিল। লাহে-লাহে কাষ চাপিছিল মানুহ গৰাকীৰ ৰিচৰ্টটো। দুয়োটাই গম পাইছিল বিদায়ৰ সময় সমাগত।

: অশেষ ধন্যবাদ, এই সময়কণৰ বাবে। খুউব ভাল লাগিল, আশা কৰিছোঁ এনেকুৱা আন কোনোবা এখন সাগৰৰ তীৰত এনেকুৱা এটা নিজান পুৱাত আপোনাক আকৌ এবাৰ লগ পাম! – মানুহ গৰাকীৰ ৰিচৰ্টৰ সন্মুখত ৰৈ দিগন্তই সেমেকা হাঁহি এটাৰে মানুহ গৰাকীৰ চকুলৈ চাই ক’লে!

: নিশ্চয় লগ পাম, আৰু অহাবাৰ মইহে আপোনাক উপহাৰ দিম দেই, ধন্যবাদ উপহাৰটোৰ বাবে। নাপাহৰোঁ! –  মানুহ গৰাকীয়ে হাঁহি এটা মাৰি তাক নমস্কাৰ জনাই ৰিচৰ্টৰ গেটৰ ফালে আগবাঢ়ি গ’ল।

হঠাতে দিগন্তই মন কৰিলে ইমান সময় কথা পতাৰ পাছতো সিহঁতেচোন এটাই আনটোৰ পৰিচয় সুধিবলৈকে পাহৰিলে। আচলতে পৰিচয়ৰ কথাই নোলালচোন। সি ঘপককে ৰিচৰ্টৰ গেটখন খুলি থকা মানুহগৰাকীক চিঞৰি দিলে-

: বেয়া নাপাব, মই আপোনাৰ নামটোও সুধিবলৈ পাহৰিলোঁ। ক’বনে?

মানুহ গৰাকীয়ে আকৌ হাঁহি এটা মাৰি তাৰ ফালে চাই ক’লে-

: নামৰ প্ৰয়োজন সচাকৈয়ে আছে বুলি আপুনি ভাবেনে? মই ভাবোঁ আমি কটোৱা এই সময়কণৰ সোঁৱৰণীৰ তুলনাত আমাৰ নাম-পৰিচয় কেতিয়াও গুৰুত্বপূৰ্ণ হ’ব নোৱাৰে। হ’লেও আপুনি সুধিছে যেতিয়া কৈছো, মোৰ নাম চাদাফ, চাদাফ য়াচমিন!

মানুহ গৰাকীয়ে তাৰ ফালে চাই হাতখন জোকৰি বিদায় সম্ভাষণ জনাই ৰিচৰ্টৰ ভিতৰলৈ সোমাই গ’ল! দিগন্তইও তেওঁৰ যোৱাৰ ফালে চাই হাঁহি এটা মাৰি ওভটনি খোজ ল’লে।  কাণত লগাই থোৱা হেডফোনটোত বাজি থকা গানটোৰ মাতটো বঢ়াই সি ভিজা বালিত তাৰ খোজৰ চিন ৰাখি-ৰাখি ৰিচৰ্টৰ দিশে আগবাঢ়িল। তাৰ ৰিচৰ্ট পাবলৈ এতিয়াও বহু বাট খোজকাঢ়িব লাগিব! হয়তো ইতিমধ্যে তাৰ পত্নী মাতুয়ে সাৰ পাই চাহ খাবৰ বাবে তালৈ বাট চাই আছে৷ সি ভাবিলে মানুহক সঁচাকৈয়ে নাম- পৰিচয়ৰ প্ৰয়োজন আছেনে? যদিহে একো নোকোৱাকৈ বুজিব পাৰি অনুভৱৰ ভাষাবোৰ, যদিহে হাঁহিৰে ভাঙিব পাৰি চিনা অচিনাৰ দেৱাল, তেন্তে কিয় মানুহে যুঁজ দি মৰে নিজে সৃষ্টি কৰা জাতি-ধৰ্মৰ ভেদ ভাৱত!

তাৰ কাণত বাজি থকা ৰজাৰ ৱাইটেকাৰৰ ‘ড্যা লাস্ট ফেয়াৰৱেল’ গানটো গুণগুণাই ৰিচৰ্টৰ ফালে সি খোজৰ গতি বঢ়াই দিলে৷৷

“For you are beautiful, and I have loved you dearly

More dearly than the spoken word can tell

For you are beautiful, and I have loved you dearly

More dearly than the spoken word can tell“.

 

Leave a Reply

Your email address will not be published. Required fields are marked *