নিবন্ধবিবিধ চিন্তা

আমাৰ শিক্ষা, আমাৰ শিক্ষানুষ্ঠান ।। প্ৰণৱজ্যোতি ডেকা

শিক্ষাক সমাজমুখী কৰাৰ সপোন দেখা গান্ধীজীয়ে বুনিয়াদী শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ ওপৰত অধিক গুৰুত্ব দিছিল। তেওঁ বিশ্বাস কৰিছিল যে বুনিয়াদী শিক্ষাৰ ওপৰত গুৰুত্ব দিলেহে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বুনিয়াদ শক্তিশালী ৰূপে গঢ় লৈ উঠিব।
কিন্তু পুজিবাদত বিশ্বাসী ভাৰতীয় শাসনযন্ত্ৰই কেতিয়াও বুনিয়াদী শিক্ষাব্যৱস্থাক গুৰুত্ব নিদিলে। সময় বাগৰি যোৱাৰ লগে লগে বুনিয়াদী শিক্ষাৰ ধাৰণাটো শিক্ষা ব্যৱস্থাৰ পৰা তিৰোহিত হল। ভাৰতীয় শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰী সকলক মূলতঃ দুই ধৰণে শিক্ষিত কৰিলে। যান্ত্ৰিক আৰু পুথিগত। পৰীক্ষাত কোনো ছাত্ৰ ছাত্ৰী সৰ্বোচ্চ স্থানপ্ৰাপ্ত হৈছে, সম্বৰ্ধিত হৈছে, তাৰ পিছত ব্রেইন ড্ৰেইন, দেশ, সমাজ আৰু মানুহৰ প্ৰতি থকা দায়িত্ব পাহৰি হৈ উঠিছে আত্মকেন্দ্ৰিক। ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকল দায়ী নহয়, দায়ী আমাৰ শিক্ষা ব্যৱস্থাটো। আমাৰ শিক্ষা ব্যৱস্থাই কোনোদিনে ছাত্র_ছাত্ৰীসকলক দেশ আৰু সমাজৰ প্ৰতি দায়িত্ববোধৰ কথা শিকোৱা নাই। আমাৰ শিক্ষা ব্যৱস্থাত মানুহ যেন মানৱৰূপী ৰবটহে, বাণিজ্যিক বিশ্বত ছাত্ৰ ছাত্ৰীসকল পুঁজিবাদী উদ্যোগৰ পৰা উৎপাদিত একো একোটা প্ৰডাক্ট, বোধ আৰু চিন্তাশক্তি থকা মানৱ সম্পদ নহয়। অথচ চৰকাৰৰ মানৱসম্পদ উন্নয়ন (HRD) নামৰ এটা বিভাগ আছে, এই দপ্তৰৰ প্ৰধান কামেই হৈছে মানৱ সম্পদ সৃষ্টি কৰা। চৰকাৰী খৰছত জনসাধাৰনে পৰিশোধ কৰা কৰৰ টকাৰে পঢ়া শুনা কৰি চিকিৎসক হোৱা চিকিৎসকে পাহৰি যায় মানৱতাৰ ধৰ্ম। কাৰিকৰী শিক্ষাৰ স্নাতকসকলৰ লগতে বুৰক্ৰেত, ঠিকাদাৰ, মন্ত্ৰী আদি সকলোৱেই দুৰ্নীতিৰ আশ্ৰয়ত লালিত পালিত হয়। স্বাধীন ভাৰতৰ পিলাৰটো থিয় হৈ আছে দুৰ্নীতিৰ ভেটিত। সামাজিক দায়বদ্ধতা আৰু মূল্যবোধ কি তেওঁলোকে উপলব্ধি নকৰে, আচলতে আমাৰ শিক্ষা ব্যৱস্থাৰ বুনিয়াদী স্তৰতে আমূল পৰিৱৰ্তন নহলে সমাজৰ পৰা সততা, কৰ্মস্পৃহা আৰু মূল্যবোধ চিৰদিনৰ বাবে তিৰোহিত হ’ব।
শিক্ষাৰ্থীৰ ক্ষেত্ৰত সমাজখন দেখাদেখিকৈ দুটা ভাগত বিভক্ত। শিক্ষাদানৰ পৰা শিক্ষা গ্ৰহণলৈ সকলো ক্ষেত্ৰতে শ্ৰেণী সমাজত শিক্ষাও শ্ৰেণীবিভক্ত। ছাত্ৰ ছাত্ৰীৰ মাজত শ্ৰেণী বিভাজন আনিছে খোদ চৰকাৰে। চৰকাৰী বিদ্যালয়ত শিক্ষকক বেতন দি যেন ব্যৱস্থাটোৰ ৰখীয়া কৰি থৈছে অথচ শিক্ষা দান কৰাৰ পৰিবেশ চৰকাৰে নিজেই বিনষ্ট কৰিছে। চৰকাৰী স্কুলত প্ৰধানকৈ সমাজৰ পিছপৰা শ্ৰেণীৰ সন্তান সকলে শিক্ষা গ্ৰহণ কৰিবলৈ আহে। বিত্তবানসকলৰ সন্তানৰ বাবে আছে অত্যাধুনিক ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান। দুখীয়া দৰিদ্ৰৰ ভোটেৰে নেতা_মন্ত্ৰী হবলৈ সমাজ সেৱাৰ ভাৱৰীয়াসকল সদায় তৎপৰ, কিন্তু দুখীয়া দৰিদ্ৰৰ সন্তানসকল পঢ়া বিদ্যালয়বোৰৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ তৎপৰ নহয়। চৰকাৰী স্কুলসমূহ যেন ভাৰতীয় শিক্ষা ব্যবস্থাৰ দাৰিদ্ৰতাৰ প্ৰতিবিম্ব। নামত চৰকাৰী স্কুল, কিন্তু চৰকাৰৰ যেন কৰিবলগীয়া একো নাই। অথচ চৰকাৰী শিক্ষানুষ্ঠান আছে বাবেই শিক্ষামন্ত্ৰীও আছে, বিয়াগোম বিভাগ আছে। বিষয়া কৰ্মচাৰী আছে। কিন্তু কাৰো যেন কোনো দায় দায়িত্ব নাই। চৰকাৰী বিদ্যালয়ৰ ভেটিটোৱেই যদি ঠিক কৰিব নোৱাৰে, তেন্তে মন্ত্ৰী কিয় লাগে? চৰকাৰী শিক্ষানুষ্ঠানৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ এই অনীহাৰ ফলত দিনে দিনে এই বিদ্যালয়সমূহ ধ্বংসৰ মুখলৈ গৈ আছে।
লোকপিয়ল, ভোটাৰ তালিকা প্ৰস্তুত, এন আৰ চি, মধ্যাহ্ন ভোজন, কাৰ্যালয়ৰ হিচাব নিকাছ আদি বিভিন্ন কামৰ দায়িত্ব চৰকাৰী শিক্ষকসকলক ভগাই দিয়া হয়। ফলত শিক্ষাৰ পৰিবেশ বাধাগ্ৰস্ত হৈছে।
চৰকাৰৰ সদিচ্ছাৰ অভাবতে শিক্ষা পণ্যত পৰিণত হৈছে। নিয়ন্ত্ৰনহীন হৈ পৰা ব্যক্তিগত শিক্ষাখণ্ডই যি বজাৰ সৃষ্টি কৰিছে , ইযাৰ ফলত ছাত্ৰ ছাত্ৰীৰ মানসিকতাত
ভোগবাদী যান্ত্ৰিক চৰিত্ৰ গঢ় লৈ উঠিছে, সকলোৱে জনা কথা যে নেতা মন্ত্ৰী বহুতৰে আছে অত্যাধুনিক ব্যক্তিগত শিক্ষা অনুষ্ঠান। লাখ লাখ টকাৰ বিনিময়ত তাত চলে শিক্ষাৰ ব্যৱসায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী যেতিয়া শিক্ষা বাণিজ্যকৰণৰ অংশীদাৰ, আনসকলৰ কথা কৈ কিবা লাভ হব জানো?
গ্লোবেলাইজেচনৰ যুগত ব্যক্তিগত শিক্ষানুষ্ঠানৰ প্ৰতি অভিভাৱকৰ দুৰ্বলতা অস্বাভাৱিক নহয়। অভিভাৱকসকলে বিশ্বাস কৰে, ইংৰাজী শিক্ষা গ্ৰহণ কৰিলে সন্তানৰ ভৱিষ্যত সুৰক্ষিত হব। কিন্তু নিম্ন আয়ৰ অভিভাৱকসকল কোনফলে যাব? ব্যক্তিগত খণ্ডৰ স্কুলৰ ভৰ্তি মাছুল দহ হেজাৰৰ পৰা এক লাখলৈ। চৰকাৰী স্কুলসমূহত মাছুল দিব নালাগে, কিন্তু মাছুল নিদিয়াৰ মাছুলৰ ভৰণি বহুত বেছি। পাঠদানৰ বাবে শিক্ষকৰ অভাৱ,খালি হৈ থকা পদ সমূহ বছৰ বছৰ ধৰি তেনেকৈয়ে আছে। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে নীৰৱতা অৱলম্বন কৰে, কাৰণ ঋণত পোত গৈ থকা চৰকাৰৰ দৰমহা দিবলৈ ধনৰ অভাৱ। অলপতে অসমৰ এখন বিখ্যাত স্কুললৈ গৈছিলো। প্ৰধান শিক্ষকে আমাক বহিবলৈ দিলে। স্কুলৰ জৰাজীৰ্ণ অৱস্থা দেখি সুধিলো, চৰকাৰে ধন বিত নিদিয়ে নেকি? তেখেতে সেই প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ নিদি মাথোঁ জানিবলৈ দিলে যে, গোটেই স্কুলখন পৰিষ্কাৰ কৰিবলৈ চাফাই কৰ্মী মাথোঁ এগৰাকী। দুৰ্গন্ধত টইলেটৰ অৱস্থা নাই। ছাত্ৰ ছাত্ৰীসকলৰ বাবে নাই চৰকাৰী বাছৰ ব্যবস্থা। অভিভাৱকসকলৰ সভা পাতি লাভ নাই, কোনোবাই ৰিক্সা চলাই, কোনোবাই আটো, কোনোবাই দিন হজিৰা কৰে, কোনোবাই পাচলিৰ বেপাৰ কৰে,গেলামালৰ দোকান দিয়ে। কাম ক্ষতি কৰি কোনো আহিব নোৱাৰে। এইসকল ছাত্ৰ ছাত্ৰীৰ হয়তো ঘৰত পঢ়িবলৈ নাই চকি টেবুল, একেটা মাথোঁ কোঠা , তাতেই পাকঘৰ, তাতেই বিচনা, এনে পৰিবেশত চৰকাৰী স্কুলৰ পৰা ভাল ফলাফল কিদৰে আশা কৰিব পাৰি?
গ্ৰামাঞ্চলৰ স্কুলসমূহ আৰু বেছি শোচনীয়।বিজুলী পাংখা দুৰৰ কথা, দুৱাৰ খিৰিকী টিনপাত নাই, ৰ’দ বৰষুণ মূৰত লৈ পাঠদান_পাঠগ্ৰহণ চলি থাকে। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছদিনা বাতৰি কাকতত ডাঙৰ ডাঙৰকৈ চৰকাৰী স্কুলৰ বিফলতাৰ খবৰ ওলায়। শিক্ষকক তিৰস্কাৰ কৰা হয়। কিন্তু স্কুলসমূহৰ প্ৰকৃত ছবিখনৰ খাতিয়ান কেতিয়াও প্ৰকাশ নহয়। আপুনি অসমৰ যি কোনো এখন চৰকাৰী স্কুললৈ গৈ চাব পাৰে, শিক্ষক, ছাত্ৰছাত্ৰীৰ লগত কথা পাতিব পাৰে, আপুনি নিজেই অনুভৱ কৰিব, চৰকাৰী স্কুলৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগী কি? শিক্ষা বিভাগে প্রদান কৰা বিনামূলীয়া পাঠ্যপুথি শিক্ষার্থীৰ হাতত পৰে মানে ছমহীয়া পৰীক্ষাৰ ওচৰ চাপে। পুথিভঁৰাল, কম্পিউটাৰ কেইখন বিদ্যালয়ত আছে? চাইকেল, স্কুটি বিলাই চমক সৃষ্টিৰ সস্তীয়া আবেগ ঢলাৰ সলনি স্কুলৰ বাবে চকমাটি, ব্লেকবৰ্ড, বিশুদ্ধ পানী আদি প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰাহেতেন চৰকাৰী স্কুলৰ দুৰ্দশা বহু লাঘৱ হলহেঁতেন। এইবোৰ চৰকাৰৰ ব্যৰ্থতা বুলি নকৈ কি কম? কিছুদিন আগতে ১০৬খন স্কুলৰ প্ৰাদেশিকৰণ নকৰে বুলি চৰকাৰে জনাই দিছে কাৰণ এই স্কুলসমূহ হেনো ভাল ফলাফলত ব্যৰ্থ হৈছে! ইয়াৰ দ্বাৰা চৰকাৰে নিজৰ দোষ ঢাকিবলৈ চেষ্টা কৰিছে।
ইয়াৰ বিপৰীতে মাতৃভাষা মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষানুষ্ঠানসমূহ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। আগতেও কৈছোঁ, গ্ল’বেলাইজেচনৰ যুগত ইংৰাজী শিক্ষাৰ প্ৰয়োজন নুই কৰিব নোৱাৰি, কিন্তু মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ প্ৰসংগটোও এইক্ষেত্ৰত সমানেই গুৰুত্বপূৰ্ণ। ইয়াক আওঁকাণ কৰি জাতি কেতিয়াও মেৰুদণ্ড পোন কৰি থিয় হব নোৱাৰিব। এইক্ষেত্ৰত অসম জাতীয় বিদ্যালয়ৰ উদাহৰণ দিব পাৰি। জাতীয় বিদ্যালয়ৰ আৰ্হিত অসমৰ বহু অঞ্চলত মাতৃভাষাক অধিক গুৰুত্ব দি বহু বিদ্যালয় গঢ় লৈ উঠিছে, সেই স্কুলসমূহে ইংৰাজী মাধ্যমৰ স্কুলৰ লগত সমানে ফেৰ মাৰিব পাৰিছে,আনকি ফলাফল ইংৰাজী স্কুলতকৈ ভাল কৰিছে। জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আজি দেশৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰনে উজলি উঠিছে। চৰকাৰী স্কুলত চৰকাৰৰ অৱহেলাৰ বাবেহে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিবলৈ ধৰিছে, মাতৃভাষাৰ প্ৰতি অনীহাৰ বাবে নহয়। সুপৰিচালনাৰ অভাৱৰ বাবে দেশৰ লাখ লাখ বিদ্যালয় বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে। ছাত্ৰ ছাত্ৰী নাম ভৰ্তিৰ বাবে অনিচ্ছুক হৈ পৰিছে।
যিটো সময়ত চৰকাৰে সমগ্ৰ দেশতেই ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ প্ৰচাৰ আৰু ৰূপায়ণৰ উদ্দেশ্যে প্ৰায়বোৰ শিক্ষা অনুষ্ঠানত আলোচনা চক্র অনুষ্ঠিত কৰিছে, সেই সময়তে কিন্তু দেশৰ বহু ঠাইত চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে। ২০১৮ চনৰ পৰা ২০১৯ চনৰ ভিতৰত দেশত ৫১,০০০ চৰকাৰী স্কুল বন্ধ হৈ গৈছে আৰু এই সময়তে ১১,৭৩৯ খন ব্যক্তিগত স্কুল নতুনকৈ প্ৰতিষ্ঠা হৈছে (The Telegraph, ৯/০৫/২২)
অসম চৰকাৰে যোৱা ছেপ্টেম্বৰ(২০২৩) মাহত ১৭১০ খন প্রাথমিক বিদ্যালয় বন্ধ কৰিছে আৰু তাৰ আগতে ২০১৭ৰ পৰা ২০২১ ব ভিতৰত ৫৯৫৩ খন স্কুল বন্ধ কৰা হৈছে বুলি জানিব পাৰিছো। ৰাষ্ট্ৰীয় সমীক্ষা অনুসাৰে অসমত প্ৰতি বছৰে গড় ১,২৯,৫৪৩ টা শিশুৱে আধাতে বিদ্যালয় এৰে। প্রাথমিক শিক্ষাত ড্রপ আউটৰ ৰাষ্ট্ৰীয় হাৰ ০.৭৫ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ ৩.৩০ শতাংশ। আনহাতে মাধ্যমিক শিক্ষাত ড্ৰপ আউটৰ ৰাষ্ট্ৰীয় হাৰ ১৪.৬% আৰু অসমত এই হাৰ ৩১ শতাংশ।
ইউনিচেফ(UNICEF)ৰ মতে ভাৰতত ২৫% শিশু বিদ্যালয়লৈ যোৱাৰ কোনো সম্ভাৱনাই নাথাকে। ৬ৰ পৰা ১৪ বছৰৰ মাজত ৬৫ মিলিয়ন শিশু স্কুললৈ নাযায়। ইয়াৰ ভিতৰত ছোৱালীৰ সংখ্যা বেছি। যদিও ভাৰতীয় সংবিধানত ল’ৰা আৰু ছোৱালীক সমানে গুৰুত্ব দিয়া হয়, কিন্তু বাস্তৱত দৰিদ্ৰ আৰু নিম্নশ্ৰেণীৰ পৰিয়ালবোৰত কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ লোকে বাধাৰ সৃষ্টি কৰে। ভাৰতীয় মেডিকেল জাৰ্ণালৰ ৰিপোৰ্ট মতে ৪৪.৫% ছোৱালীৰ বিবাহ হয় ১২ ৰ পৰা ১৭ বছৰৰ ভিতৰত। ইয়াৰ মূল কাৰণ দৰিদ্ৰতা। দৰিদ্ৰ পিতৃ মাতৃয়ে অনুভৱ কৰে যে ঘৰতে থাকি উপবাসে থকাতকৈ বিয়া দিলেই গিৰিয়েকৰ ঘৰত ভালদৰে খাবলৈ পাব!
বিগত পাঁচ বছৰত অসমৰ প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ স্থায়ী শিক্ষক পদৰ বিলুপ্তি ঘটিছে বুলি বাতৰিত প্ৰকাশ পাইছে। তাৰ বিপৰীতে ঠিকা ভিত্তিক অস্থায়ী শিক্ষকৰ নিযুক্তি হৈছে। আনহাতে ২৫/৩০বছৰ ধৰি অপ্ৰাদেশীকৃত স্কুলত সামান্য মাননীৰে বা মাননীবিহীন ভাৱে কাম কৰি থকা শিক্ষকসকলক টিউটৰ হিচাবে মাত্ৰ দহ হাজাৰ টকাত নিয়োগ কৰিব। শিক্ষকৰ প্ৰতি তিলমানো সন্মান প্ৰদৰ্শন নকৰা চৰকাৰক গৰিহণা দিয়াৰ ভাষা নাই।অসম ৰাজ্যিক প্রাথমিক শিক্ষক সংস্থাই চলোৱা সমীক্ষা অনুসৰি অসমত ১৬৬৪ খন এনেকুৱা প্রাথমিক বিদ্যালয় আছে য’ত একেটা কোঠাতে কেইবাটাও শ্ৰেণীৰ পাঠদান কৰা হয়, ৩৭১৬ খন বিদ্যালয়ত শিক্ষকৰ সংখ্যা এজন আৰু ৩১৪ খনত এগৰাকীও স্থায়ী শিক্ষক নাই (১৪ মার্চ ২০২২ ত প্ৰকাশিত)। এই সমীক্ষাবোৰ সঁচাকৈয়ে উদ্বেগজনক।
মানৱ জাতিৰ শিক্ষা-সংস্কৃতিৰ ইতিহাসৰ পৰা দেখা যায় যে মূল্যবোধ, সামাজিক দায়বদ্ধতা আৰু মানৱতাৰ প্ৰতি সবল দৃষ্টিভঙ্গীয়ে শিক্ষাৰ মান নির্ণয় কৰাত সহায় কৰে। আমাৰ শিক্ষাই যদি ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ পাঠ নিশিকায়, তেন্তে সেই শিক্ষাক বিজ্ঞানসন্মত বুলিব নোৱাৰি। জীৱন-বিমুখ শিক্ষা পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীৰ মানসিক উত্তৰণত বাধাৰ সৃষ্টি কৰে। মাতৃভাষা মাধ্যমৰ শিক্ষা অনুষ্ঠানৰ শিক্ষাৰ মান উন্নত নোহোৱাৰ কাৰণ হল চৰকাৰৰ মাতৃভাষাৰ প্ৰতি অবহেলা। শিক্ষা শিতানত মুঠ বাজেটৰ ৬শতাংশ থাকিব লাগে, কিন্তু বাস্তৱত কোনো চৰকাৰে ইয়াক মানি চলা নাই, ব্যতিক্ৰম মাথোঁ কেৰেলা চৰকাৰ।
শিক্ষাৰ ব্যক্তিগতকৰণ আৰু ব্যৱসায়িকীকৰণ সম্পৰ্কে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ পৰামৰ্শ সঠিক হোৱা নাই। ৰাজহুৱা আৰু ব্যক্তিগত শিক্ষা প্রতিষ্ঠানক জোঁট বন্ধন (Partnership)ৰ জৰিয়তে একেলগে আগুৱাই যোৱাৰ যি কথা কোৱা হৈছে, দৰাচলতে ই ৰাজহুৱা খণ্ডৰ বহু ক্ষতি কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ মন ব্যক্তিগত খণ্ডৰ ফালে ঢাল খাব। আচৰিত কথা যে গৱেষণাৰ কাৰণে অনুদানৰ ক্ষেত্ৰত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় আৰু গৱেষণা প্রতিষ্ঠানক সম_দৃষ্টিৰে চোৱাৰ পৰামৰ্শ দিছে।
ইতিমধ্যে আই আই টি, এন আই টি আদি ৰাজহুৱা খণ্ডৰ উচ্চ শিক্ষাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহত ছাত্র মাছুল হঠাতে বৃদ্ধি কৰিছে। যাৰ ফলত বহু অভিভাৱকে ঋণ লৈ ভৰ্তি মাছুল আদায় দিবলগীয়া হৈছে। দেখাদেখিকৈ ই শিক্ষাৰ ব্যক্তিগতকৰণ আৰু ব্যৱসায়িকীকৰণত প্ৰচুৰ অৰিহণা যোগাব। দেখা গৈছে যে যোৱা ৫ বছৰত ভাৰতৰ বিশ্ববিদ্যালয় পর্যায়ত যিমান সংখ্যক ছাত্র-ছাত্রীয়ে শিক্ষা গ্ৰহণ কৰিছে তাৰ ৫৫% ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় আৰু ৩৩% ৰাজহুৱা খণ্ডৰ বা মুক্ত বিশ্ববিদ্যালয়ৰ।
আনকি ২০৩৫ চনৰ ভিতৰত উচ্চ শিক্ষাত Gross Enrolment Ratio অৰ্থাৎ GER পঞ্চাছ শতাংশলৈ লৈ বৃদ্ধি কৰাৰ কাৰণে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ব্যক্তিগত খণ্ড, মুক্ত বিশ্ববিদ্যালয়ক আৰু অনলাইন শিক্ষা ব্যৱস্থাক উৎসাহিত কৰিছে। যদিও চৰকাৰে বহুকেইখন মেডিকেল কলেজ নিৰ্মাণ কৰিছে, তাত নাই পৰ্যাপ্ত সুবিধা, নাই শিক্ষক। আনকি সময়ে সময়ে মেডিকেল কাউন্সিলে পঞ্জীয়ন বাতিল কৰাৰো উদাহৰণ আছে। ই সঁচাকৈয়ে পৰিতাপৰ কথা।
ইউনিচেফ (UNICEF)ৰ ৰিপোৰ্ট মতে ভাৰতৰ গ্ৰাম্যাঞ্চলৰ মাত্ৰ ১৩% ছাত্ৰ-ছাত্ৰীৰ বাবেহে ইন্টাৰনেট উপলব্ধ। গতিকে ডিজিটেল শিক্ষা আমাৰ দেশত এক প্ৰহসন মাথোঁ। আনহাতে ২০২২-২৩ চনত আবন্টন কৰা পুঁজিৰ পৰিমাণ ৪২১.০১কোটি টকাহে, যিটো পৰিমাণ ২০২১-২২ চনতকৈ ২২৪ কোটি টকা কম। চৰকাৰী উদ্যোগত ডিজিটেল শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী নকৰিলে ইন্টাৰনেটৰ সুবিধা লাভ নকৰা এই বিশাল সংখ্যক ছাত্ৰ-ছাত্ৰী শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা অধিক।আনহাতে ২০১৬ চনৰ শাসকীয় দলৰ ভিজন ডকুমেণ্টত কম্পিউটাৰ শিক্ষকৰ সমস্যাক অগ্ৰাধিকাৰ দি সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু চৰকাৰে সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি শিক্ষকসকলৰ প্ৰতি ডাঙৰ প্ৰতাৰণা আৰু অন্যায় নহয় জানো? উল্লেখযোগ্য যে অসমত কেইখনমান স্কুলত কম্পিউটাৰৰ শিক্ষক নিযুক্তি দিছে কিন্তু বেছিভাগৰে চাকৰি নিয়মীয়া হোৱা নাই। অসমত প্ৰতি ২৮জন ছাত্ৰৰ মাজত এজন শিক্ষক থাকিলেও পৰিকল্পনাৰ অভাৱত এতিয়াও ৩৬৬১খন স্কুল এজন শিক্ষকৰ দ্বাৰা চলি আছে।
আনহাতে জ্ঞানচর্চাৰ প্রাচীন ভাৰতীয় ব্যবস্থাসমূহক নতুন শিক্ষা নীতিয়ে প্রশংসা কৰিছে। স্নাতকোত্তৰ পাঠ্যক্ৰমত জ্যোতিষশাস্ত্র আৰম্ভ কৰি চৰকাৰে মানুহৰ চিন্তাক পশ্যাদমুখী কৰি তুলিব বিচাৰিছে। আকৌ প্রাচীন আৰু মধ্যযুগৰ ভাৰতবৰ্ষৰ বৰ্নিল ইতিহাস, বহুত্ববাদী চিন্তা, দেশৰ স্বাধীনতাৰ সংগ্ৰামী ইতিহাস, ধর্মনিৰপেক্ষতা ইত্যাদি বিষয়বোৰ এক ঠেক পৰিসীমাৰ মাজত আবদ্ধ ৰাখিব বিচৰা হৈছে। ডাৰউইনৰ বিবৰ্তনবাদক বিদায় দিয়া হৈছে। ভাৰত বুৰঞ্জীৰ বহু অধ্যায় কৰ্তন কৰা হৈছে।
দেশত আজি অসৎ দুৰ্নীতিগ্ৰস্থ লোকসকলেই সমাজৰ চালিকা শক্তি। সামান্য কেইটামান টকাৰ বিনিময়ত প্ৰশ্নকাকত বিক্ৰীৰ ঘটনা সাধাৰণ কথাৰ দৰে হৈ পৰিছে। চৰকাৰে সমাজ ব্যৱস্থাটো উন্নত কৰিব নিবিচাৰে, এখন পয়ালগা সমাজ সৃষ্টি কৰি ক্ষমতাত বৰ্তি থকাই প্ৰধান উদ্দেশ্য। বিশ্ববিদ্যালয়ৰ পৰা উচ্চ ডিগ্ৰী লোৱাৰ পিছত আকৌ নীট নেট শ্লেট আদি বিভিন্ন পৰীক্ষাত উৰ্ত্তীণ হবলগীয়া হৈছে। এই পৰীক্ষা বোৰ যিহেতু চৰকাৰী আশীৰ্বাদ পুষ্ট কোনো প্ৰতিষ্ঠানে পৰিচালনা কৰে যাৰ ফলত প্ৰস্নকাকত বিক্ৰীৰ দৰে ঘটনাবোৰ ৰোধ কৰিব পৰা নাই। কল্পনা কৰিব নোৱাৰি, একোখন প্ৰশ্ন কাকত বিক্ৰি হয় ত্ৰিশ লাখ টকাত।
নীতিহীন, মূল্যবোধহীন মানুহৰ হাতত দেশৰ ক্ষমতা থাকিলে ছাত্ৰ ছাত্ৰীয়েও হাতত অস্ত্ৰ লৈ স্কুলত প্ৰৱেশ কৰিব আৰু এনেকৈ এদিন স্কুল হৈ পৰিব অসুস্থ ৰাজনীতিৰ পৃষ্ঠভূমি| কাৰণ শিক্ষানুস্থানত যেতিয়া শিক্ষাৰ পৰা মূল্যবোধ, নীতিশিক্ষা আদি আঁতৰাই পেলাব পাৰে, তেন্তে তেওঁলোকৰ ৰাজপাট দখলৰ পৰিকল্পনাত কোনো বাধাৰ সৃষ্টি নহয়।
শেষত অমাৰ্ত্য সেনৰ এশাৰী কথাৰেই আলোচনাটো সামৰিব খুজিছোঁ, “Education has a bigger impact on the lives of people than absolutely anything else.” , সৰলীকৰণ নিষ্প্ৰযোজন।

Leave a Reply

Your email address will not be published. Required fields are marked *