যাত্ৰা ।। হাৰকিউলিয়েন বৰ্মন
গাঁওবোৰ উন্নত হ’ব
চহৰৰ পথবোৰ আৰু বহল হ’ব
চহৰৰ আহল-বহল পথবোৰ গৈ
গাঁৱৰ বাটবোৰত মিলি যাব
চহৰ আৰু গাঁওবোৰ এক হৈ যাব
মানুহৰ সকলো সমস্যা
পথবোৰে সমাধান কৰি দিব
ক্ৰমশঃ সংকীৰ্ণ হৈ আহিব মানুহৰ যাত্ৰা
ঠাইতে মানুহে চহৰখনক পাব
ইমানতে শেষ হ’ব যেন মানুহৰ যাত্ৰা
পিছে পথবোৰৰ যাত্ৰা থমকি নৰয়
পথবোৰ পাহাৰ-পৰ্বত
দূৰ নিলগৰ নদী-সাগৰেদি গৈ থাকিব
নিৰন্তৰ নতুন নতুন বাট উলিয়াই
সেই পথেদি যাব পথচাৰী
নিতৌ নতুন অনেক পথচাৰী
কিন্তু ক’ৰ পৰা ক’লৈ যাব তেওঁলোক
তেওঁলোকৰ যাত্ৰাৰ আদি ক’ত অন্ত ক’ত
এক অন্তহীন লক্ষ্যহীন যাত্ৰাৰে
তেওঁলোক গৈ থাকিব নেকি পথবোৰে লৈ যোৱা দিশেৰে
এই যাত্ৰা তেওঁলোকৰ নিজৰ নে কাৰ
তেওঁলোকে ভাবিবনে
নে আৱৰ্তনৰ নিয়ন্ত্ৰিত শৃংখলাত
তেওঁলোক ভ্ৰমি থাকিব বাৰে বাৰে
পথবোৰ য’ত শেষ হ’ব
যদি তাৰ পৰা ওলাই
একো একোটা লুংলুঙীয়া বাট
আকৌ নতুন দিশেৰে
সেই বাটেদি আগুৱাই যাব জানো তেওঁলোক
নে থমকি ৰৈ যাব সীমনাতে …..