সাম্প্ৰতিক ভাৰতৰ অৰ্থনৈতিক অৱস্থান: ২০২৪ চনৰ অৰ্থনীতিৰ নোবেল বিজয়ীৰ গৱেষণাৰ অৱলোকনেৰে ।। সুব্ৰত চক্ৰৱৰ্তী
নোবেল বঁটাপ্ৰাপকসকলৰ গৱেষণা আৰু অৱদানৰ বিষয়বস্তুৱে ভাৰতত তীব্ৰ হৈ উঠা অৰ্থনৈতিক বৈষম্যৰ, শোষণৰ বিষয়টো প্ৰাসংগিক কৰি তুলিছে ।। মুক্ত চিন্তা, দশম বছৰ, তৃতীয় সংখ্যা, নভেম্বৰ, ২০২৪ ।।
২০২৪ চনৰ অৰ্থনীতিৰ নোবেল বঁটা আমেৰিকাৰ অৰ্থনীতিবিদ ডেৰন এচেম’গ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিনছনক ৰাষ্ট্ৰৰ গাঠনিটো সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহ কেনেকৈ নিৰ্মাণ কৰা হয় আৰু ইয়াৰ দ্বাৰা সমৃদ্ধিৰ ওপৰত কেনে প্ৰভাৱ পৰে (Studies on how Institutions are formed and effect Prosperity) সেই বিষয়ে অধ্যয়নৰ বাবে তেওঁলোকক এই বঁটা প্ৰদান কৰা হৈছে।
বঁটা বিজয়ী সকলে যুক্তি আগবঢ়ায় যে অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰতিষ্ঠানৰ মানৰ পাৰ্থক্যই দেশসমূহৰ মাজত অৰ্থনৈতিক সমৃদ্ধিৰ সৰ্বোত্তম ব্যাখ্যা দাঙি ধৰে। এই অৰ্থনীতিবিদসকলৰ গৱেষণাৰ বিষয়বস্তু সমাজ বিজ্ঞানীসকলৰ বাবে যথেষ্ট তাৎপৰ্যপূৰ্ণ।
এই তত্ত্বটো ২০১২ চনত ডেৰন এচেম’গ্লু আৰু চাইমন জনছনৰ প্ৰকাশিত গ্ৰন্থ “Why Nations Fall: The Origins of Power, Prosperity and Poverty“ নামৰ কিতাপখনত বিশদভাৱে উল্লেখ কৰিছে।
২০০৪ চনৰ ডেৰন এচেম’গ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিনছনৰ “Institutions are a Fundamental cause of Long-run Growth” শীৰ্ষক গৱেষণা প্ৰবন্ধইও ইয়াৰ বিষয়তে বিস্তৃত ব্যাখ্যা আগ বঢ়ায়।
২০০১ চনত ডেৰন এচেম’গ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিনছনে “The Colonial Origins of Comparative Development” শীৰ্ষক গৱেষণামূলক এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ প্ৰকাশ কৰে।
এওঁলোকৰ গৱেষণাই অতীতৰ ঔপনিৱেশিক অৱস্থাৰ সাপেক্ষে বৰ্তমান পৰিস্থিতিত অৰ্থাৎ ঔপনিৱেশিক শাসন মুক্ত ৰাষ্ট্ৰ ব্যৱস্থাত অৰ্থনীতিৰ অনুশীলন গণতান্ত্ৰিক পৰিৱেশ আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ উপস্থিতিৰ গুৰুত্ব পৰ্যালোচনা কৰি উত্তৰ বিচাৰিছে। গৱেষণাৰ মূল বিষয়বস্তুৰ বিশ্লেষণত অৰ্থনীতিৰ গতানুগতিক ‘অৰ্থ’, ‘সম্পদ’ বা সমৃদ্ধিশালী হোৱা সম্পৰ্কিত আলোচনাতকৈও অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত কথাটো হৈছে – যি ঔপনিৱেশিক নীতিয়ে দেশৰ প্ৰাতিষ্ঠানিক ক্ষতি সংঘটিত কৰিছিল, ঔপনিৱেশ মুক্ত শাসনৰ কালতো তাৰ সংশোধন সম্ভৱ নহ’ল কিয়? ঔপনিৱেশিক শাসনৰ পৰম্পৰা অব্যাহত ৰাখি কাৰ স্বাৰ্থ সুৰক্ষিত কৰিছিল?
ঔপনিৱেশিক কালৰ পৰা বৰ্তমানলৈকে বিভিন্ন দেশৰ ৰাজনৈতিক অনুষ্ঠানসমূহৰ কাৰ্য্যকলাপ আৰু অৰ্থনৈতিক অৱস্থাৰ মূল্যায়নৰ যোগেদি এই অৰ্থনীতিবিদকেইজনে দেখুৱাইছে যে এই অনুষ্ঠানসমূহৰ ইতিবাচক বা নেতিবাচক ভূমিকাই এখন দেশৰ সফলতা বা বিফলতাৰ কাৰণ হৈ পৰে। একেটা সময়তে তেওঁলোকে উল্লেখ কৰিছে উপনিৱেশ স্থাপনৰ ক্ষেত্ৰতো ঔপনিৱেশিক সকলৰ স্থিতি বা চৰিত্ৰ সকলো স্থানতে সৰ্বগ্ৰাসী বা কেৱল শোষণকাৰী নহৈ সহানুভূতিশীল মনোভাবৰ হোৱাৰ পৰিপ্ৰেক্ষিতত, ঔপনিৱেশিক সাম্ৰাজ্যৰ বিস্তাৰ আৰু ৰক্ষণাবেক্ষণৰ নিমিত্তে প্ৰয়োজনীয় সম্পদ আহৰণৰ স্বাৰ্থত সেই দেশসমূহত বসতি স্থাপন কৰিছিল আৰু দেশবাসীৰ লগতে দীঘলীয়াকৈ নিজৰো কল্যাণ সাধন হ’ব পৰা প্ৰতিষ্ঠানত পৰিণত কৰিছিল। ঠিক তেনেকৈ যিবোৰ দেশত জনসংখ্যা তুলনামূলকভাৱে কম আছিল, মৃত্যুৰ হাৰও কম আছিল সেই দেশবোৰৰ প্ৰতি ঔপনিৱেশিকসকল আগ্ৰহী আছিল।
কিন্তু ঔপনিৱেশিক শাসনৰ সময়ত যিসমূহ দেশ তুলনামূলকভাৱে ধনী বা সম্পদশালী বুলি বিবেচিত হৈছিল এই প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় ভূমিকা পালনৰ যোগেদি, সেই দেশসমূহৰ অৰ্থনৈতিক অৱস্থা সম্প্ৰতি আটাইতকৈ সংকটজনক। এইটো দিশত প্ৰতিষ্ঠান তত্বৰ কাৰ্যকাৰিতা প্ৰমাণ কৰিবলৈ তেওঁলোকে ‘নোগালেছ’ (Nogales) বুলি অঞ্চল এটাৰ, যাৰ এফালে অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন প্ৰদেশ আৰু আনফালে মেক্সিকোৰ এটা অংশ, তাৰ বাসিন্দাসকলৰ জীৱনযাত্ৰাৰ পাৰ্থক্য ব্যাখ্যা কৰিছে – ‘প্ৰতিষ্ঠান’ সমূহৰ পাৰ্থক্যৰ দৃষ্টিকোণেৰে। আমেৰিকা, ইউৰোপৰ বিভিন্ন দেশসমূহৰ লগত পৃথিৱীৰ আন দেশসমূহৰ ওপৰত চলোৱা অৰ্থনৈতিক অনুসন্ধানৰ ভিত্তিত উন্মোচিত হৈছে যে একেধৰণৰ ভৌগোলিক পৰিৱেশ, একে জলবায়ু, একে পূৰ্বপুৰুষৰ উত্তৰাধিকাৰী তথা উমৈহতীয়া সংস্কৃতি বহনৰ পাছতো গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ অৱক্ষয়ে পৃথিৱীজুৰি আয় আৰু সম্পদৰ বিতৰণৰ অভাৱনীয় বৈষম্যৰ জন্ম দিছে।
কথাটো গুৰুত্বপূৰ্ণ কিয়নো ভাৰতকে ধৰি যিবোৰ দেশতে ঔপনিৱেশিক আমোলত লুণ্ঠনমূলক প্ৰতিষ্ঠান তৈয়াৰ কৰিছিল, ঔপনিৱেশ মুক্ত শাসন কালতো ক্ষমতাত অধিষ্ঠিত, দেশীয় শাসকসকলে সিবিলাক প্ৰতিষ্ঠানৰ সংস্কাৰৰ বাবে উৎসাহিত নহয় কাৰণ লুণ্ঠনমূলক প্ৰতিষ্ঠানৰ যোগেদি প্ৰাপ্ত লাভ, ক্ষমতাৰ একছত্ৰী আধিপত্য স্থাপনত সহায়ক হয় বুলি। লুণ্ঠনমূলক প্ৰতিষ্ঠানবোৰ এফালে যেনেকৈ শাসকসকলৰ হৈ নিয়োজিত হয় ব্যাক্তিগত স্বাৰ্থ পূৰণৰ সৈতে সম্পদৰ অসম বন্টন সুনিশ্চিত কৰিবলৈ, সমান্তৰালভাৱে শাসকসকলেও তাৰ ৰক্ষণাবেক্ষণৰ সকলো দায়িত্ব গ্ৰহণ কৰে। ঔপনিৱেশিক শাসনৰ অৱসানৰ পিছত দেশৰ শাসনক্ষমতা যদি এনে কাৰোবাৰ হাততে হস্তান্তৰ হয় যিয়ে মানসিকভাৱে অগণতান্ত্রিক, একাধিপত্যবাদী, তেতিয়া ঔপনিৱেশিক লুণ্ঠনমূলক প্রতিষ্ঠানবোৰ তেওঁলোকৰ কায়েমি স্বার্থৰ যন্ত্র হৈ উঠে।
নোবেল বঁটাপ্ৰাপকসকলৰ গৱেষণা আৰু অৱদানৰ বিষয়বস্তুৱে ভাৰতত তীব্ৰ হৈ উঠা অৰ্থনৈতিক বৈষম্যৰ, শোষণৰ বিষয়টো প্ৰাসংগিক কৰি তুলিছে। ভাৰতত পৰ্যাপ্ত পৰিমাণৰ আয় আৰু সম্পদ সৃষ্টি হৈ আছে। কিন্তু সেয়া সাধাৰণৰ ওচৰলৈ যোৱা নাই। গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ বিফলতাৰ বাবে আয় আৰু সম্পদৰ বিতৰণ ব্যৱস্থাত বৈষম্য দিনে দিনে বৃদ্ধি পাব ধৰিছে। ভাৰত এফালে সমৃদ্ধিৰ দিশেৰে আগবাঢ়িছে যদিও আকাশ-পাতাল আৰ্থিক বৈষম্যৰে আক্ৰান্ত দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকৰ অনিশ্চিত ভৱিষ্যত তৈয়াৰ কৰাত নিয়োজিত দেশৰ গণতান্ত্ৰিকভাৱে প্ৰতিষ্ঠিত প্ৰতিষ্ঠান(Institutions)বোৰৰ স্বতন্ত্ৰতাক তীব্ৰ প্ৰত্যাহ্বান জনাইছে। আজি দেশৰ আইন-আদালতৰ পৰা আৰম্ভ কৰি বিত্তীয় প্ৰতিষ্ঠানসমূহৰ লগতে শিক্ষা, স্বাস্থ্য ব্যৱস্থাকে ধৰি সংবাদ মাধ্যম আদি গণতান্ত্ৰিক প্ৰতিষ্ঠানবোৰ, ব্যক্তি স্বাৰ্থত, ৰাজহুৱা ধন আত্মসাৎ, আদি স্বেচ্ছাচাৰী মনোভাৱৰ পৰিবেশ সৃষ্টি কৰাত সফল হৈছে।
সমাজত সম্পদৰ বণ্টন কিভাৱে হৈছে আৰু সমাজৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কাৰ হাতত আৰু সেই বিষয়ে বিশ্লেষণ জৰুৰী বুলি গৱেষণাত সাব্যস্ত হৈছে। সংঘবদ্ধ সমাজৰ ক্ষমতা কেতিয়াবা একচেটিয়া সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাতকৈ বেছি শক্তিশালী হৈ পৰে। এনে পৰিস্থিত এৰাই চলিবৰ বাবে এই শাসকে নানা হ্ৰস্বম্যাদী অৰ্থনৈতিক সংস্কাৰৰ প্ৰতিশ্ৰুতি দিয়ে, ফলত অৱস্থাৰ পৰিবৰ্তনৰ স্বাৰ্থত দীৰ্ঘম্যাদী পৰিৱৰ্তন নহয়। এয়া বৃহত্তৰ সমাজৰ বাবে ভাবুকিৰ সম্মুখীন হোৱা পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে চূড়ান্ত বিশৃংখলতাৰ সূচনা কৰে। এনে জটিল পৰিস্থিতিত ভাৰতত আজি সকলো বিষয়ৰ ওপৰত আদালতৰ কাষ চাপি উদ্ভুত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিলেও, সময়ত প্ৰয়োজনীয় সকাহ লাভ কৰাত ব্যাৰ্থ।
প্ৰাসংগিকভাৱে ইয়াত ১৯২০ চনত প্ৰকাশিত ‘মহাত্মা গান্ধীৰ’ এটা প্ৰবন্ধৰ উল্লেখ কৰিছোঁ। মহাত্মা গান্ধীৰ “The Hallucination of Law Courts” প্ৰবন্ধতে, তেওঁ ব্ৰিটিছৰ শাসনৰ সময়ত আমাৰ দেশৰ আইন-আদালত সমূহৰ কাম-কাজৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি লিখিছিল, “আটাইতকৈ বেয়া কথাটো হ’ল যে তেওঁলোকে এখন চৰকাৰৰ কৰ্তৃত্বক সমৰ্থন কৰে। আইন আদালতে যেতিয়া এখন‘শোষণ’ শাসনৰ মূল মন্ত্ৰ বুলি বিশ্বাসী, স্বৈৰাচাৰী চৰকাৰৰ কৰ্তৃত্বক সমৰ্থন কৰে তেতিয়া তেওঁলোকৰ স্বাধীন, স্বকীয়, নিৰপেক্ষতাৰ প্ৰশ্নটো অদৃশ্য হৈ থাকিবলৈ বাধ্য।”
ইয়াৰ লগতেই মহাত্মা গান্ধীৰ গুৰুত্বপূৰ্ণ সংযোজন আছিল – “যেতিয়া ইংৰাজৰ (ব্ৰিটিছৰ) ঠাইত ভাৰতীয় ন্যায়াধীশ আৰু আন জড়িত সকলে দেশৰ আইন আদালতৰ দায়িত্ব ল’ব তেতিয়া এইবোৰ সলনি হ’ব বুলি কোনেও নাভাবে।”
দেশৰ সাধাৰণ, দায়িত্বশীল গৰিষ্ঠসংখ্যক নাগৰিকৰ একমাত্ৰ আশাৰ স্থলী বুলি পৰিচিতি লাভ কৰা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ‘ন্যায়ালয়’ৰ অৱস্থা আজিৰ দিনটোত গান্ধীজীৰ আশংকা কৰা মতেই প্ৰতিফলিত হৈছে। দেশৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ মন্দিৰৰ ধ্বজা অৰ্থাৎ পতাকাসমূহক ন্যায়ৰ পতাকাৰ সৈতে সম্পৰ্কিত কৰি সমানে মান্যতা পোৱাৰ অধিকাৰী বুলি দিয়া বক্তব্য গতানুগতিক হিন্দু পৰম্পৰাৰ আদৰ্শ আৰু আমাৰ সংবিধানৰ আধাৰত থকা আদৰ্শৰ মাজত এক বিশাল ব্যাৱধানক অবজ্ঞা কৰিবলৈ পায়। যোৱা ৬ জানুৱাৰীত গুজৰাটৰ কেইবাটাও বিশিষ্ট মন্দিৰ পৰিদৰ্শন কৰাৰ পিছত ৰাজকোটত জিলা আদালতৰ ন্যায়াধীশ সকলৰ আগত বক্তব্য প্ৰদানৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ জনে কয় – “মন্দিৰৰ পতাকা বা ধ্বজাৰ পৰা আমি প্ৰেৰণা ল’ব লাগে যিটোৱে আমাৰ সকলোকে স্থায়ী ভিত্তিত একেলগে বান্ধি ৰাখিছে ন্যায়ৰ পতাকা ওপৰলৈ উৰুৱাই দিবলৈ।” ইয়াৰ উপৰিও মুখ্য ন্যায়াধীশজনে অযোধ্যা বিবাদ সংক্ৰান্ত গোচৰত ৰায় দান সম্পৰ্কত তেওঁৰ অনুভূতি ব্যক্ত কৰিছিল এনেদৰে – “প্ৰায়ে আমাৰ গোচৰ থাকে (বিচাৰ কৰিবলৈ) কিন্তু আমি কোনো সমাধানত সহজতেই উপনীত হ’ব নোৱাৰোঁ। তিনি মাহ ধৰি অযোধ্যাৰ বিবাদৰ গোচৰৰ সময়তো একেধৰণৰ কিবা এটা ঘটিছিল। মই শেষত দেৱতাৰ সম্মুখত বহি তেওঁক আহ্বান কৰিলোঁ যে তেওঁ সমাধান বিচাৰিব লাগিব।” ইয়াৰ পিছত দেশৰ আন প্ৰতিষ্ঠানসমূহৰ বৰ্তমানৰ অৱস্থান সম্পৰ্কে কিবা ক’বলৈ আৰু একো নাথাকে।
দেশৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিশেষকৈ চৰকাৰ পৰিচালিত বেংক ব্যাৱস্থাৰ সহিতে আন বিত্তীয় অনুষ্ঠানবোৰৰ কাৰ্য্যকলাপৰ শোচনীয় পৰিণতি আৰু ইয়াৰ মূল্য দেশবাসীয়ে বহন কৰিবলগীয়া হৈছে। শিক্ষা, স্বাস্থ্যকে ধৰি আন অনুষ্ঠানসমূহৰো একেটা পৰিণতি। ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেশৰ অসাম্যাৱস্থাৰ লগতে আআই-শৃংখলাৰ অৱনতি আৰু দেশজুৰি বিশৃংখলতাৰ পৰিৱেশে তাকেই প্ৰতিফলিত কৰিছে।
স্বাভাৱিকতে সাধাৰণ মানুহৰ এনে শাসকসকলৰ বিৰুদ্ধে ক্ষোভ, অবিশ্বাস ক্ৰমে তীব্ৰতৰ হৈ পৰে। এনেকুৱা পরিস্থিতিৰ পৰা উত্তীৰ্ণ হোৱাৰ একমাত্ৰ অস্ত্ৰ ‘গণতন্ত্ৰ’ আৰু গণতান্ত্ৰিক ব্যাৱস্থাৰ অনুশীলন যত শাসন প্রতিষ্ঠানসমূহৰ কাৰ্যকাৰিতা সম্পৰ্কত সাধাৰণ মানুহৰ মতামতে মান্যতা বা ন্যায্যতা লাভ কৰিবলৈ সক্ষম হ’ব। আৰু সেইবাবেই ‘গণতন্ত্ৰ’ই, একাধিপত্যকামী, স্বৈৰাচাৰী একনায়কসকলৰ মাজত গ্ৰহণযোগ্যতা হেৰুৱায়। কিন্তু ন’বেল জয়ী অৰ্থনীতিবিদ সকলৰ মতে গণতন্ত্ৰৰ প্ৰতিষ্ঠা আৰু ইয়াৰ সকলো ৰক্ষণাবেক্ষণৰ পথটো দুৰূহ হৈ পৰে যেতিয়া দেশৰ শাসনভাৰ অগণতান্ত্ৰিক, স্বৈৰাচাৰী শাসকসকলৰ দুৰ্নীতিৰ যোগেদি সম্পদৰ লুণ্ঠন প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ সকলো ব্যৱস্থাই স্থায়িত্ব লাভ কৰে।
স্বৈৰাচাৰীতাৰ পৰা গণতন্ত্ৰলৈ পৰিৱৰ্তন কঠিন কাম। কিন্তু নোবেল বিজয়ী অৰ্থনীতিবিদসকলৰ মতে সেই পথৰ যাত্ৰা কঠিন যদিও অসম্ভৱ নহয়। তেওঁলোকে কয় যে একনায়কত্ববাদীৰ হাতত বহু বস্তু থাকিলেও ৰাইজৰ হাতত এটা অস্ত্ৰ থাকে, যিটো শাসকৰ হাতত নাথাকে – সেয়া হ’ল মানুহৰ সংখ্যা। যদি বৃহৎ সংখ্যক লোকে স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰে তেন্তে এদিন নহয় এদিন তাৰ সলনি সম্ভৱ।
উত্তৰ-ঔপনিৱেশিক জগতখনত অৱশ্যে এনে কিছুমান ব্যতিক্ৰমী দেশ আছিল য’ত গণতন্ত্ৰৰ সাধনাক সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল। স্বাধীন দেশসমূহত ঔপনিৱেশিক শাসন ব্যৱস্থা অটুট ৰখাৰ সিদ্ধান্তক যিমানেই উত্তৰ আধুনিক ইতিহাসবিদে ‘নিষ্ক্ৰিয় বিপ্লৱ’ বুলি অভিহিত নকৰক কিয়, সাৰ্বজনীন ভোটাধিকাৰ থকা বহুলাংশে নিৰক্ষৰ দেশতে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাটো ঔপনিৱেশিক শাসন ব্যৱস্থাৰ লুণ্ঠনৰ প্ৰৱণতা নিৰ্মূল কৰাৰ ইচ্ছা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰমাণ বুলি বিবেচিত হ’ব লাগিব। অৱশ্যে কেতিয়াবা গণতন্ত্ৰৰ অপব্যৱহাৰে এনে নেতাৰ জন্ম দিয়ে যিয়ে প্ৰথম সুযোগতে গণতন্ত্ৰক ডিঙি চেপি হত্যা কৰি স্বৈৰাচাৰী শাসন প্ৰতিষ্ঠা কৰিব বিচাৰে—কেতিয়াবা নিৰ্বাচনী গণতন্ত্ৰৰ প্ৰহসন বজাই ৰাখি। আৰু, গণতন্ত্ৰৰ মৃত্যুৰ অনিবাৰ্য পৰিণতি হ’ল প্ৰতিষ্ঠানসমূহৰ ক্ৰমান্বয়ে শাসকৰ স্বাৰ্থত নিয়োজিত হৈ লুণ্ঠনকাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱাটো।
ইয়াৰ পিছত যি হ’ব সেয়া হ’ল স্বৈৰাচাৰী শাসনৰ পৰা গণতন্ত্ৰলৈ পৰিৱৰ্তনৰ দীঘলীয়া আৰু কষ্টকৰ সংগ্ৰাম। কিন্তু গণতন্ত্ৰ হেৰুওৱাৰ আগতে সাৱধান হোৱাটো—আৰু সজাগ হৈ থাকিব পৰাটো—অতি প্ৰয়োজনীয়। কাৰণ দেশখনৰ অৰ্থনৈতিক সুস্থিৰতা বজায় ৰখাটো ইয়াৰ ওপৰতে নিৰ্ভৰশীল।