বিবিধ চিন্তা

জি এন সাইবাবা বনাম ৰাষ্ট্ৰ আৰু ন্যায়পালিকা ।। প্ৰাগজ্যোতি গগৈ

“..You launched a thousand battles
to bring down justice
from the ivory towers.
Your frail figure
Stood unwavering like a beacon
on the stormy land’s
Failed gods of democracy…”  (G.N Saibaba, Poem: O Justice)

দিল্লী বিশ্ববিদ্যালয়ৰ ৰামলাল আনন্দ কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক, মানৱ অধিকাৰ কৰ্মী জি এন সাইবাবাৰ যোৱা ইংৰাজী ১২ অক্টোবৰত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৭ বছৰ। সাতাৱন্নৰপৰা দহ বিয়োগ কৰিলে থাকে সাতচল্লিশ।সাতচল্লিশৰপৰা সাতাৱন্নলৈ এই দহটা বছৰ (২০১৪ ৰ পৰা ২০২৪ চনৰ মাৰ্চলৈকে) ৰাষ্ট্ৰৰ বদান্যতাত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত সাইবাবা আছিল নাগপুৰ চেণ্ট্ৰেল জেইলৰ Anda cell -ৰ কালকুঠৰীৰ বাসিন্দা। সাইবাবাৰ অপৰাধ কি? প্ৰসংগতেই উনুকিয়াই যোৱা ভাল যে সাইবাবা এজন জন্মগতভাৱে বিকলাংগ ব্যক্তি। সাইবাবাৰ শৰীৰৰ প্ৰায় নব্বৈ শতাংশই বিকলাংগ আৰু তেওঁ সম্পূৰ্ণৰূপে হুইল চেয়াৰৰ ওপৰত নিৰ্ভৰশীল। এইখিনিতে প্ৰশ্ন হয়, এনে এজন ব্যক্তিয়ে এনেনো কি গুৰুতৰ, অক্ষমণীয় অপৰাধ সংঘটিত কৰিলে যাৰবাবে ৰাষ্ট্ৰই তেওঁক লোমহৰ্ষক আইনৰ নাগপাশেৰে মেৰিয়াই যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। এনে কি জঘন্য অপৰাধেৰে তেওঁ অপৰাধী যে ৰাষ্ট্ৰই কুখ্যাত UAPA আইনৰ আওতাত দিন দুপৰতে  সেই বিকলাংগ ব্যক্তিৰ হাত-মুখ বান্ধি মাজ ৰাস্তাৰপৰা অপহৰণ কৰি নিয়ে? এনে কি ভয়ানক ৰাষ্ট্ৰদ্ৰোহত সাইবাবা জগৰীয়া যে জেইলস্থ অৱস্থাত তেওঁৰ ৰুগীয়া দেহৰ চিকিৎসাৰ প্ৰতিও ৰাষ্ট্ৰই অৱহেলাৰ উপৰি অৱহেলা কৰে?
হায়দৰাবাদস্থিত অমলাপুৰমৰ এটি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা সাইবাবা(Gokarakonda Naga Saibaba)  জন্মগতসূত্ৰেই এজন বিকলাংগ ব্যক্তি। তেওঁ দুৰাৰোগ্য Post Polio Paralysis ত (ভৰিত) আক্ৰান্ত। হুইল চেয়াৰখন আছিল সাইবাবাৰ আজীৱন সাৰথি। সেই পংগুত্বক নেওচি সাইবাবাই নিজা একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত নিজকে অধ্যাপক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে সকলোধৰণৰ অন্যায়-শোষণৰ বিৰুদ্ধে সততে সৰৱ হৈ ৰাজনৈতিক দিশসমূহত অগ্ৰণী ভূমিকা পালনেৰে মানৱ অধিকাৰৰ এক নিষ্ঠাৱান কৰ্মী হিচাপে চানেকি ৰাখি গৈছে। আদিবাসী, জনজাতি, দলিত, প্ৰান্তীয়, সংখ্যালঘু, শ্ৰমিক, কৃষক ইত্যাদি সমাজৰ পিছপৰা জাতিসমূহৰ, অৱহেলিত সম্প্ৰদায়ৰ, শোষিত জনগণৰ শিক্ষা-স্বাস্থ্য-অধিকাৰক লৈ সততে সৰৱ হৈ অহা সাইবাবা আছিল তেওঁলোকৰ ন্যায্য অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামখনৰ সংগ্ৰামী সতীৰ্থ। এই উদ্দেশ্যেৰে গঠিত Revolutionary Democratic Front (চমুকৈ RDF) নামৰ সংগঠনটিৰ ডেপুটি চেক্ৰেটেৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰি তেওঁ সততা আৰু নিষ্ঠাসহকাৰে শোষিত জনগণৰ ন্যায্য অধিকাৰ সম্পৰ্কে তেওঁলোকক সজাগ কৰাৰ লগতে ফেচিষ্ট ৰাষ্ট্ৰৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদী স্থিতি গ্ৰহণৰ উপৰঞ্চি জনতাৰ আগত ৰাষ্ট্ৰৰ উন্নয়নৰ ভূৱা স্বৰূপবোৰ উদঙাই দেখুৱাইছিল। এনেবোৰ কাৰণতে সাইবাবা ৰাষ্ট্ৰৰবাবে বিপদজনক ব্যক্তি হিচাপে পৰিগণিত হৈছিল।
উদ্যোগীকৰণৰ নামত উন্নয়নৰ ভূৱা স্বপ্ন দেখুৱাই পূঁজিপতি বণিয়াই আদিবাদীসকলৰ ভূমি হস্তগত কৰিব খোজা দুষ্কাৰ্যৰ বিৰুদ্ধে আদিবাসীৰ যি প্ৰতিৰোধ সংগ্ৰাম, সেই সংগ্ৰামক দানবীয় হাতোৰাৰে মুচৰি পেলোৱাৰ নিমিত্তে ৰাষ্ট্ৰই যি “অপাৰেচন গ্ৰীণ হাণ্ট” নামৰ সন্ত্ৰাস চলাইছিল, সেই অপাৰেচনত মাওবাদীৰ সন্দেহত নিৰ্বিচাৰে আদিবাসীৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছিল, আদিবাসী নাৰীৰ ৰেইপ হৈছিল, আদিবাসীৰ লাচৰ উপৰি লাচ বাগৰিছিল। মানৱতাক ভুলুণ্ঠিত কৰা ৰাষ্ট্ৰৰ এই অবাধ অত্যাচাৰ আৰু নিৰ্বিচাৰে কৰা ধ্বংসলীলাৰ  বিৰুদ্ধে অৱস্থান লৈ সাইবাবাই ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই এই কঠোৰ দমনমূলক নীতিৰ বিৰুদ্ধে জনতাক সজাগ আৰু সু-সুংগঠিত কৰিছিল। মানৱতাৰ পক্ষে সৰ্বদা অৱস্থান লোৱা, আজীৱন শোষিত জনগণৰ অধিকাৰৰ পক্ষত থিয় দি অহা সাইবাবা ৰাষ্ট্ৰৰ চকুত এনেবোৰ কাৰণতে হ’লগৈ দাগী অপৰাধী।
আদিবাসী সমাজৰ সংগ্ৰামৰ নেতৃত্ব বহনকাৰী চি পি আই(মাওবাদী) নামৰ নিষিদ্ধ সংগঠনটিৰে Revolutionary Democratic Front নামৰ সংগঠনটিৰ(যাৰ ডেপুটি চেক্ৰেটেৰীৰূপে সাইবাবাই কাৰ্যনিৰ্বাহ কৰিছিল।) যোগসূত্ৰ থকাৰ অভিযোগত সাইবাবা ৰাষ্ট্ৰৰ চকুত দুদ্ধৰ্ষ অপৰাধী হিচাপে পৰিগণিত হৈছিল। সাইবাবাই এই অভিযোগ নস্যাৎ কৰিছিল যদিও ৰাষ্ট্ৰই ইতিমধ্যেই তেওঁক UAPA আইনৰ আওতাৰে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। সাইবাবাৰ বিষয়ে অধ্যয়ন কৰি আৰু তেওঁৰ কৰ্মৰাজিলৈ লক্ষ্য ৰাখি আমাৰ ভাব হয় তেওঁ এজন গণতান্ত্ৰিক কৰ্মীহে, যি গণতন্ত্ৰ সুৰক্ষাৰ স্বাৰ্থত সৰ্বদা ৰাষ্ট্ৰৰ শোষণ, দমন, লুণ্ঠনৰ বিৰুদ্ধাচৰণ কৰি আহিছিল। সেই গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থতেই তেওঁ সমাজৰ শোষিত সম্প্ৰদায়ৰ ন্যায্য অধিকাৰৰ দাবীৰে চৰকাৰক প্ৰশ্ন কৰি তেনেদৰেই ৰাইজক সুসংগঠিত কৰি আহিছিল। চি পি আই(মাওবাদী)ৰ প্ৰতি সাইবাবাৰ সমৰ্থন আছিল নে নাছিল বা উক্ত সংগঠনটোৰে যোগসূত্ৰ থকা-নথকাতকৈ জৰুৰী এইটোহে যে সাইবাবাই ৰাষ্ট্ৰৰ নিৰাপত্তালৈ ভাবুকি আনিব পৰা কিবা ৰাষ্ট্ৰবিৰোধী ষড়যন্ত্ৰ বা তেনে কিবা সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল নেকি? কোনো বেআইনী অপৰাধমূলক কাৰ্য তেওঁৰ দ্বাৰা সংঘটিত হৈছিল নেকি? আমাৰ বোধেৰে অপৰাধ সংঘটিত কৰিলেহে অপৰাধী আৰু সেই অনুসৰি বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্ত হ’লেহে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰী হয়। এইখিনিতে প্ৰশ্নটো জাগে সাইবাবাই কি অপৰাধ সংঘটিত কৰিলে? ৰাষ্ট্ৰৰ অভিযোগ অনুসৰি এনে কি সন্ত্ৰাসবাদী কাৰ্যকলাপত (বা তেনেধৰণৰ কি ষড়যন্ত্ৰত) তেওঁ লিপ্ত হৈছিল? সেইবোৰৰতো কোনো প্ৰামাণিক তথ্য নোলাল। অপৰাধ সংঘটিত নকৰাকৈ নিৰ্দোষী ব্যক্তি এজনক সন্ত্ৰাসবাদী সজাই অন্যায় বিচাৰেৰে বছৰৰ পিছত বছৰ কাৰাবাসত ৰাখি ৰাষ্ট্ৰই যি অমানুষিক নিৰ্যাতন চলালে, ই নিসন্দেহে মানৱতাক ভুলুণ্ঠিত কৰা ৰাষ্ট্ৰৰ সন্ত্ৰাসী চৰিত্ৰ আৰু একেদৰেই সি ন্যায়পালিকাৰ চৰম ব্যৰ্থতাৰ বাঁহফলীয়া নিদৰ্শন। ৰাষ্ট্ৰ আৰু ন্যায়পালিকাৰ এই চূড়ান্ত অন্যায়ৰ বিৰুদ্ধে অৱশেষত সাইবাবা জয়ী হ’ল। তেওঁ দোষমুক্ত হৈ মুকলি আকাশ দেখিলে কিন্তু যদিওবা তেওঁ মুকলি হৈ আহিল দেহত কঢ়িয়াই আনিলে ৰাষ্ট্ৰসন্ত্ৰাসৰ অৱশিষ্ট পইজনৰূপে(poison) নানানটি বেমাৰৰ উপসৰ্গ, যিয়ে তেওঁৰ জীৱনকাল অতি চমুৱাই পেলালে।


সাইবাবাৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু হয় ২০১৩ চনত। সেই গোচৰৰ ভিত্তিত দিল্লীস্থিত সাইবাবাৰ ঘৰত প্ৰথম পুলিচৰ তালাচী অভিযান চলে। ২০১৪ চনৰ মে’ মাহত সাইবাবাক গ্ৰেপ্তাৰ কৰা হয়। সাইবাবাই সংবাদমেলত সদৰি কৰা মতে, তেওঁক গ্ৰেপ্তাৰ নহয় অপহৰণ কৰা হৈছিল। কলেজৰ পৰীক্ষাৰ ডিউটী সামৰি ঘৰলৈ ঘূৰাৰ বাটত মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰক্ষীয়ে ( ইণ্টেলিজেন্স ব্যুৰোৰ টীমৰ যুঁটীয়া সহযোগত) সাইবাবাৰ গাড়ী ৰখাই তেওঁৰ চকু-মুখত কলা কাপোৰ বান্ধি মাজ ৰাস্তাৰপৰা গাড়ীত উঠাই লৈ গৈছিল। তাৰোপৰি তেওঁক গ্ৰেপ্তাৰৰ বাবে যোৱা সকলো পুলিচ আছিল চিভিল ড্ৰেছত।
এই গ্ৰেপ্তাৰৰ পাছত মাজতে তেওঁ কিছুদিন মুকলি আকাশ দেখিছিল যদিও ২০১৭ চনত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। ২০১৭ ৰ পৰা ২০২৪ -ৰ ৭ মাৰ্চলৈকে, এই সুদীৰ্ঘ সাত বছৰ সাইবাবাৰ বাসস্থান আছিল নাগপুৰ চেন্ট্ৰেল জেইলৰ Anda cell(oval shaped)-ৰ কালকুঠৰী।
সাইবাবাৰ লগতেই আৰু পাঁচজন লোকক ৰাষ্ট্ৰই  UAPA আইনৰ আওতাৰে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোক আছিল ক্ৰমে মহেশ তিৰ্কী, হেম কেশৱদত্ত মিশ্ৰ, প্ৰশান্ত ৰাহী, বিজয় তিৰ্কী আৰু পাণ্ডু নাৰটে। ইয়াৰে বিজয় তিৰ্কীক দহ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে সাইবাবাকে ধৰি বাকী পাঁচজনক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয়। উল্লেখনীয় যে শেষৰজন অৰ্থাৎ পাণ্ডু নাৰটে( Pandu Narote) Acquittal Order লৈ বাট চাই চাই কাৰাবাসকালীন অৱস্থাতে ছোৱাইন ফ্লু ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। সাইবাবা আৰু বাকী পাঁচজন অভিযুক্তক UAPA [Unlawful Activities (Prevention) Act, 1967] আইনৰ section 13( punishment for unlawful activities), section18(punishment for conspiracy) section 20(punishment for being member of terrorist gang or organisation) section 38(offence relating to membership of a terrorist organisation) section 39( Offence relating to support given to a terrorist organisation) আৰু আই পি চিৰ চেকশ্যন 120B ৰ(Criminal conspiracy) আওতাত আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল।
২০১৭ ৰ পৰা পৰা ২০২৪ চনৰ ৭ মাৰ্চলৈকে এই সুদীৰ্ঘ কালছোৱাত সাইবাবাৰ দোষমুক্তিৰ অৰ্ডাৰ(Acquittal Order) কেইবাবাৰো খাৰিজ কৰা হৈছিল। সাইবাবাই বাৰে বাৰে তেওঁৰ নিৰ্দোষীতাৰ প্ৰমাণ দিবলগা হৈছিল আৰু বাৰে বাৰেই ব্যৰ্থ হৈছিল। বোম্বে হাই কৰ্টত পাছ(pass) হৈ অহা Acquittal Order চুপ্ৰীম কৰ্টে খাৰিজ কৰিছিল। এই সুদীৰ্ঘ কালছোৱাত সাইবাবাই নাগপুৰ চেণ্ট্ৰেল জেইলৰ Anda cell ৰ অন্ধকাৰ কুঠৰীত যাতনাৰ দিন গণি গণি মুক্তিলৈ বাট চাই ৰৈছিল। ৰাষ্ট্ৰই তেওঁৰ সকলোবোৰ ৰাস্তা বন্ধ কৰি পেলাইছিল। জেইলস্থ অৱস্থাত ৰোগাক্ৰান্ত সাইবাবাৰ চিকিৎসা নহৈছিল, তেওঁৰ হৈ বিনা মাননিৰে উকালতি কৰিব খোজা অধিবক্তা সুৰেন্দ্ৰ গাডলিঙক ৰাষ্ট্ৰই ভূৱা গোচৰত কাৰাদণ্ড বিহিছিল(যি বৰ্তমানেও কাৰাবাসত)। জেইলত থকা কালতেই তেওঁ ৰামলাল আনন্দ কলেজৰ অধ্যাপকৰ চাকৰিটোও হেৰুৱাইছিল। ইমানৰ পাছতো সাইবাবাই হাৰ নামানিলে। কাৰণ সাইবাবাৰ আছিল দৃঢ় বিশ্বাস -This darkness is not long. Every darkness is shaded by morning dawn.
 সুদীৰ্ঘ দহ বছৰীয়া জেইল জীৱনে সাইবাবাৰ শৰীৰ কোঙা কৰি পেলাইছিল। জেইলৰপৰা তেওঁ মুক্ত হ’ল ঠিকেই কিন্তু জেইলস্থ অৱস্থাত লগ দিয়া ৰোগবোৰে তেওঁৰ আয়ুস চমুৱাই আনিলে। মাৰ্চ মাহত মুক্ত হোৱা সাইবাবা যোৱা অক্টোবৰ মাহৰ ১২ তাৰিখে মৃত্যু হয়। সাইবাবাৰ এই মৃত্যুক আমি কেনেদৰে চোৱা উচিত?
মুক্তিৰ পাছত সাইবাবাই প্ৰেছমেলত সাংবাদিকক সম্বোধি কৈছিল-
“Except for the polio that I’ve had since my childhood, I went to jail without any health issues. But today, I am in front of you though alive, each and every organ failing me..”
তেওঁৰ ব্ৰেইন আৰু কীডনী উভয়তে চিষ্ট(Cyst) ধৰা পৰে। চকুৰ সমস্যাই দেখা দিয়ে। জেইলস্থ অৱস্থাতেই গলব্লাডাৰত(Gallbladder) পাথৰ ধৰা পৰে আৰু চিকিৎসাৰ অভাৱত পাথৰ গৈ অগ্নাশয়লৈ(pancreas) বিয়পে। যাৰবাবে সাইবাবাই Acute Chronic Pancreatitis ত ভূগি থকা বুলি সংবাদমেলত সদৰি কৰিছিল। ইয়াৰ লগতেই তেওঁ হৃদযন্ত্ৰৰ জটিল ৰোগত ভূগি থকা বুলি জনাইছিল। তেওঁৰ নিজা ভাষ্য অনুসৰি-
My heart is functioning with 55% capacity. I acquired, I don’t know how, which is called HCM (hypertrophic cardiomyopathy) in a severe condition, and the left part of the heart is only functioning with 55%, and doctors say ‘if it drops by a few percent, you will not survive’. ‘..I am facing syncope attacks. I fall unconscious..”
এইখিনিতে আমাৰ প্ৰশ্ন হয়, এজন বিকলাংগ ব্যক্তিক বিনাদোষত গুৰুতৰ অভিযোগেৰে অপৰাধী সজাই হাৰাশাস্তি কৰাৰ অৰ্থ এয়াই যে ব্যক্তিজনক ৰাষ্ট্ৰই ভয় কৰে আৰু এই ভয়ৰ কাৰণ হ’ল – তেওঁৰ আদৰ্শ। সাইবাবাৰ আদৰ্শ কি? আদিবাদী, দলিত, ৰাষ্ট্ৰসন্ত্ৰাসত জৰ্জৰিত, ৰাষ্ট্ৰৰদ্বাৰা উচ্ছেদিত, নিৰ্যাতিত লোকসকলৰ অধিকাৰৰ হকে, শোষণৰ বিৰুদ্ধে মাত মতাটোৱেই যদি সাইবাবৰ ভুল তেন্তে আমি ইয়াতেই ৰাষ্ট্ৰৰ স্বৰূপ বুজিব লাগিব। ফেচিষ্ট ৰাষ্ট্ৰত অন্যায়-শোষণৰ বিৰুদ্ধে মানৱীয় অধিকাৰ বিচাৰি যুক্তিসংগত প্ৰতিবাদ যে খুবেই ভয়ানক আৰু তাৰ পৰিণাম যে যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে সেয়া আমি বুজিব লাগিব আৰু সেই বাটেৰেই গৈ আমি ৰাষ্ট্ৰৰ শোষণৰ প্ৰকৃত স্বৰূপ অনুধাৱন কৰিব লাগিব।
গ্ৰেপ্তাৰৰ কথা সুঁৱৰি সাইবাবাই কয় যে পুলিচে জবৰদস্তি তেওঁৰ হাতত ধৰি গাড়ীত তোলোতে আঘাতপ্ৰাপ্ত হৈ তেওঁৰ বাওঁহাতখন জীৱনলৈ অকামিলা হৈ পৰিছিল, সেই হাতখনে সাইবাবাৰ সুদীৰ্ঘ জেইল জীৱনত (আৰু পাছতো) সীমাহীন যাতনা দিছিল, যাৰ চিকিৎসাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা লোৱা নাছিল। চিকিৎসাৰ নামত সামান্য মেডিকেল টেষ্ট কৰা হৈছিল আৰু যন্ত্ৰণাৰ উপশম ঘটাবলৈ কেৱল পেইন কিলাৰ টেবলেট দিয়া হৈছিল। তেওঁৰ বেইল বাৰে বাৰে খাৰিজ কৰা হৈছিল আনকি চিকিৎসাৰ বাবেও কোনো মেডিকেল বেইলৰ বাবে কৰ্তৃপক্ষই অনুমোদন জনোৱা নাছিল য’ত আনকি(বেইল অৰ্ডাৰত) লিখা আছিল যে উপযুক্ত চিকিৎসা নাপালে সাইবাবাৰ মৃত্যু হ’ব পাৰে। সাইবাবাৰ মৃত্যু State Oppression-ৰ এক জ্বলন্ত উদাহৰণ। বিনা দোষত ৰাষ্ট্ৰই এক নিৰপৰাধী ব্যক্তিক কুখ্যাত UAPA আইনৰ আওঁতাৰে তিলতিলকৈ নাৰকীয় যাতনা ভোগাই কেনেদৰে মৃত্যুমুখলৈ ঠেলি দিব পাৰে সাইবাবা তাৰ এক উদাহৰণ। সাইবাবাৰ আগেয়ে একেধৰণৰ গোচৰতে একে আইনৰ আওতাত কাৰাবাসকালীন অৱস্থাতেই মৃত্যু হৈছিল ষ্টেন স্বামীৰ, একেই কাৰাবাসকালীন অৱস্থাতেই পুনৰ মৃত্যু হৈছিল সাইবাবাৰ লগতেই আটক কৰা পাণ্ডু নাৰটেৰ। আদিবাসী, দলিত, কৃষক-শ্ৰমিক ইত্যাদি শোষিত, নিৰ্যাতিত জনগণৰ সামাজিক ন্যায় আৰু ন্যায্য অধিকাৰ প্ৰতিষ্ঠাৰ হকে কাম কৰা নিৰপৰাধী ব্যক্তিৰ প্ৰতি ৰাষ্ট্ৰৰ এনে মানৱ অধিকাৰ ভংগকাৰী অত্যাচাৰী নিদৰ্শন ন্যায়পালিকাৰ পক্ষপাতমূলক বিচাৰৰো এক কলংকিত উদাহৰণ।
সাইবাবাৰ বিষয়ে ক’বলৈ গৈ অৰুন্ধতী ৰয়ে কৈছে, পুলিচ কাষ্টডীত যিদৰে অপৰাধীৰ নিৰ্যাতন হয় তেনেদৰে সাইবাবা নিৰ্যাতিত হৈছিল জুডিচিয়েল কাষ্ট’ডীত। এনেবোৰ কাৰণতে ভাৰত ৰাষ্ট্ৰ আৰু ন্যায়ব্যৱস্থাৰ অন্যায় বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰাৰ লগতে মাকৰ মৃত্যুৰ প্ৰসংগ আনি সাইবাবাই আবেগিক হৈ কৈছে-” The state is there to serve the people, the state should not be there to punish the people and crush the humanity…”
সাইবাবাৰ মৃত্যুৰ দুদিনমানৰ পূৰ্বে পূঁজিপতি ৰতন টাটাৰ মৃত্যু হৈছিল। টাটাৰ মৃত্যুত ব্যথিত ফেচবুকীয়ানে চচিয়েল মিডিয়াত জাউৰিয়ে জাউৰিয়ে মৃত্যুশোক উদযাপন কৰিছিল। উল্লেখনীয় যে টাটাৰ মৃত্যু হৈছিল বয়স অনুপাতে বাৰ্ধক্যজনিত কাৰণত, যিটো স্বাভাৱিক বুলিয়েই ধৰিব পাৰি কিন্তু সাইবাবাৰ মৃত্যুত প্ৰত্যক্ষভাৱেই জড়িত হৈ আছে ৰাষ্ট্ৰৰ অৱদমন। বিনাদোষত এৰাধৰাকৈ প্ৰায় দহ বছৰীয়া কাৰাবাসকালীন জীৱনত সাইবাবাৰ দেহত দেখা দিয়া ৰোগসমূহে প্ৰতি খোজে খোজে তেওঁক মৃত্যুমুখলৈ ঠেলি লৈ গৈ আছিল। ৰাষ্ট্ৰ আছিল সাইবাবাৰ মৃত্যুৰ প্ৰত্যক্ষ জগৰীয়া। জেইলস্থ অৱস্থাত সাইবাবাৰ দেহত দেখা দিয়া ৰোগবোৰ আছিল ৰাষ্ট্ৰশোষণৰ অৱশিষ্ট পইজন। তথাপি সাইবাবাৰ মৃত্যুত ফেচিষ্ট ৰাষ্ট্ৰৰ শোষণৰ বিৰুদ্ধে সৰ্বদা প্ৰতিবাদ জনাই অহা শিবিৰৰ মাজৰপৰাও ফেচবুকত কোনোধৰণৰ আপডেট দেখা নগ’ল। বৰঞ্চ তেনে বহু প্ৰতিবাদী সত্ত্বাৰ মাজৰপৰাও টাটাৰ বদান্যতাক সুঁৱৰি কবিতাৰ দৰে সুৰীয়া লেখা ওলাল, শোকবিধ্বস্ত আপডেট ওলাল কিন্তু সাইবাবাৰ হৈ কাৰো মুখৰ এষাৰি মাত নোলাল। যি টাটা গ্ৰুপৰ শ্ৰমিকৰ কৰ্মৰত অৱস্থাত মৃত্যু ঘটে আৰু কোনো বিচাৰ নবহে, যি টাটা গ্ৰুপে উদ্যোগিক বিকাশৰ নামত আদিবাসীৰ ভূমি অধিগ্ৰহণ কৰে, তেনে শোষিত-নিৰ্যাতিত জনগণৰ ন্যায্য অধিকাৰ বিচাৰি, সামাজিক ন্যায়ৰ সপক্ষে থিয় দি আহিছিল সাইবাবাই।
আমি প্ৰশংসাত পঞ্চমুখ হওঁ কাৰ? সেই পূঁজিপতিৰ যি মানৱ অধিকাৰ খাৰিজ কৰি উদ্যোগিক বিকাশৰ নামত দুখীয়া-সৰ্বশ্ৰান্তৰ ভূমি অধিগ্ৰ্হণ কৰে আৰু পাহৰি যাওঁ সেই মানৱ অধিকাৰ কৰ্মীক যি সেই নিস্পেষিত জনগণৰ পক্ষ লৈ শোষণৰ বিৰুদ্ধে বলিষ্ঠ কণ্ঠ হৈ উঠে। আমি পুনৰ নিৰ্বাক দৰ্শক হৈ ৰওঁ যেতিয়া তেনে কোনো নিৰপৰাধীক ৰাষ্ট্ৰই তিলতিলকৈ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত কাৰাদণ্ড বিহে। আমি সকলোবোৰ এই প্ৰক্ৰিয়াত অভ্যস্ত হৈ পৰিছোঁ। আমাৰ protest অভ্যাসগত(Habituated) হৈ Acceptanceলৈ ৰূপান্তৰিত হৈছে। শোষণৰ Repetition এই Habituation(অভ্যাসগতকৰণ)ৰ কাৰণ। আৰু এই Habituationয়ে জন্ম দিছে Normalization(সহজাতকৰণ)। এই সকলোবোৰৰ ৰিজাল্ট হ’ল Acceptance. ব্যক্তিগত প্ৰতিবাদক (Individual Protest) সামুহিক প্ৰতিবাদলৈ (Collective protest) ৰূপান্তৰ কৰিব নোৱাৰাৰ ব্যৰ্থতাও Acceptanceৰ এক কাৰণ। এইবোৰেৰে সাতে পাঁচে বাৰ মিলাই আমাৰ Acceptanceৰ সুৰত তাল মিলাই State Oppressionয়ে সম্প্ৰতি ভয়ানক ৰূপ লৈছে আৰু অনাগত দিনবোৰত ই আৰু ভয়ানক আৰু কালগ্ৰাসী হৈ উঠিব। বৰ্তমান যদি আমাৰ মূৰত এখন ভৰি থৈ নাচিছে পৰৱৰ্তী পৰ্যায়ত দুয়োখন ভৰি থৈ শোষণৰ তাণ্ডৱ নৃত্য চলিব।
পুনৰ সাইবাবাৰ ওচৰলৈ যাওঁ। ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় নিৰাপত্তালৈ ভাবুকি হোৱা বুলি সন্ত্ৰাসবাদী সজাই ৰাষ্ট্ৰদ্ৰোহৰ জগৰত সাইবাবাক গ্ৰেপ্তাৰ কৰিছিল; এইখিনিতে আমাৰ মেজ’ৰিটীৰ ধাৰণা এনেকুৱা হ’ব পাৰে যে ৰাষ্ট্ৰৰ বিৰুদ্ধে গৈছে যেতিয়া সাইবাবা ভয়ানক অপৰাধেৰে অপৰাধী। কিন্তু ইয়াতেই প্ৰশ্নটো আহে, শোষক ৰাষ্ট্ৰৰ চৰিত্ৰ কেনে?  দ্বিতীয়তে, সাইবাবাই ৰাষ্ট্ৰীয় নিৰাপত্তালৈ ভাবুকি আহিব পৰাকৈ কিধৰণৰনো ৰাষ্ট্ৰবিৰোধী ষড়যন্ত্ৰত লিপ্ত হৈছিল ইবোৰৰ কিবা তথ্য ফাদিল হ’লনে? ৰাষ্ট্ৰৰদ্বাৰা উক্ত অভিযোগবোৰ শেষপৰ্যন্ত প্ৰমাণিত হ’লনে? বিচাৰৰ শেষত সাইবাবাই মুক্তিলাভ কৰিলে, অৰ্থাৎ অভিযোগবোৰ যে ভুৱা সি প্ৰমাণিত হ’ল। ভুৱা অভিযোগৰ ভিত্তিত এজন নিৰপৰাধী ব্যক্তিয়ে অতবছৰ কাৰাবাসত কটালে, ইয়াৰ বিচাৰ এতিয়া কৰে কোনে? প্ৰমাণ অবিহনে ভুৱা অভিযোগৰ ভিত্তিত সাইবাবাক কাৰাগাৰত নিৰ্বাসন দিয়া ন্যায়পালিকাৰ বিচাৰ যে পক্ষপাতদুষ্ট আৰু সিযে ফেচিষ্ট শাসকৰ প্ৰভাৱাধীন হৈ ফেচিষ্টৰ অনুকুলেহে গতি কৰিছে, এইবোৰেই তাৰ উদাহৰণ। কিন্তু এই সকলোবোৰৰ পাছত সাইবাবাই মুক্তিলাভ কৰিলে। সাইবাবাৰ এই জয় ফেচিষ্ট ৰাষ্ট্ৰ আৰু ন্যায়পালিকাৰ পক্ষপাতদুষ্ট অন্যায় বিচাৰ ব্যৱস্থাৰ বিৰুদ্ধে জয়। শোষণৰ বিৰুদ্ধে শোষিতৰ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বিজয়।
জেইলৰপৰা মুক্ত হোৱাৰ পাছত সংবাদমেলত সাইবাবাই জেইল জীৱনৰ অভিজ্ঞতা বৰ্ণাই কয় যে জেইলত উৰ্দ্ধতম কৰ্তৃপক্ষৰপৰা গোপন নিৰ্দেশ আহিছিল যাতে জেইল কৰ্তৃপক্ষ, কয়দীসমূহে সাইবাবাৰপৰা নিৰাপদ দূৰত্ব মানি চলে। তেওঁলোকৰ মাজত সাইবাবাক এক ভয়ংকৰ অপৰাধী হিচাপে পেচ হৈছিল আনকি জেইললৈ অহা নতুন কয়দী, জেইল কৰ্তৃপক্ষ সকলোকে সাইবাবা এজন দুদ্ধৰ্ষ অপৰাধী, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মাষ্টাৰমাইণ্ড (বা ৰাষ্ট্ৰৰ ভাষাত মাওবাদীৰ Think tank) ধৰণেৰে কৈ পঠোৱা হৈছিল। লগতেই কোৱা হৈছিল যে এই মানুহজনে যিকোনো মানুহকে মটিভেট অথবা মেনিপুলেট কৰি পেলাব পাৰে। সেয়ে সাইবাবাৰপৰা দুৰত্ব বজাই ৰখা উচিত। কিন্তু এই নেৰেটিভে কাম নিদিলে। উৰ্ধতম কৰ্তৃপক্ষৰ এনেবোৰ প্ৰচেষ্টাৰ পাছতো জেইলৰ ৰখীয়া, কৰ্মচাৰীকে আদি কৰি কয়দীসকলে সাইবাবাৰে বন্ধুভাৱেৰেই মিলা-মিচা কৰি সু-সম্পৰ্ক বজাই ৰাখিছিল। হুইল চেয়াৰত ঘূৰা-ফিৰা কৰা সাইবাবা জেইলত নাৰকীয় যন্ত্ৰণাৰ সমুখীন হৈছিল। হুইল চেয়াৰ বাথৰূমলৈকে যাব নোৱাৰে, সাইবাবাক তাৰবাবে সহায়ৰ প্ৰয়োজন। বাথৰূমলৈ সময়মতে সাইবাবাক ধৰিমেলি নিয়া আকৌ অনা, এনেবোৰ অবৰ্ণনীয় অৱস্থাৰ কথা সুৱৰি সাইবাবাই সাংবদিকৰ আগত খেদ প্ৰকাশ কৰিছে। জেইল কুঠৰীত লগোৱা কেমেৰাৰ বিৰুদ্ধে তেওঁ অনশন আৰম্ভ কৰাত সাইবাবাৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে। নাগপুৰ অন্দা চেলৰ ডিম্বাকৃতিৰ (oval shaped) কাল কুঠৰীত মুক্তিৰ ক্ষণ গণি গণি সাইবাবাই কবিতা লিখিছিল। প্ৰিয়জনলৈ চিঠি লিখিছিল। Visiting ৰ সময়ত তেওঁৰ পত্নীয়ে কিতাপ দি গৈছিল। সেই কিতাপবোৰেই আছিল সাইবাবাৰ জেইল জীৱনৰ সংগী। পত্নী বসন্ত কুমাৰীৰ সতে ভিজিটিঙৰ সময়ত দুয়োকে তামিল ভাষাত কথা পাতিবলৈ পাতিবলৈ অনুমতি দিয়া হোৱা নাছিল। ইফালে দুয়ো হিন্দী ভালদৰে নাজানে। আনফালে পত্নী বসন্ত ইংৰাজীত পাৰ্গত নহয়, গতিকে Visiting- ৰ সেই সময়ছোৱাও ঠিক বাকৰুদ্ধভাৱেই পাৰ হৈছিল। বুকুত কথা আছে অনেক অথচ ভাব প্ৰকাশৰ যেন ভাষা নাই। সেই ভিজিটিঙৰ সময়ো আছিল ক্ষন্তেকীয়া।সাইবাবাই তেওঁৰ সমস্ত যন্ত্ৰণা Why you fear my way so much গ্ৰন্থত কবিতা আকাৰে প্ৰকাশ কৰি গৈছে। পুত্ৰশোকত দগ্ধ হৈয়েই সাইবাবাৰ মাকৰো মৃত্যু ঘটে। মৃত্যুৰ আগমূহুৰ্তত পুত্ৰক দেখা কৰিব খোজা মাতৃৰ অভীপ্সাও পূৰণ নহ’ল। মাকৰ মৃত্যুৰ সময়তো সাইবাবাৰ জামিন মঞ্জুৰ নহল। মৃত মাকৰ আদ্যশ্ৰাদ্ধতো ভাগ লোৱাৰ অনুমতি চুপ্ৰীম কোৰ্টে নিদিলে। সাংবাদিকক সম্বোধি সাইবাবাই আবেগিক হৈ এইদৰে তেওঁৰ শোক ব্যক্ত কৰিছে-  “..My mother passed away while I being in prison on 1st august 2020. Being a disable child from since childhood, my mother brought me up with great care. She took me in her arms to the school. My child should get education,  that is the only goal for her. When she died, I was not allowed to see before her death. I was denied parole to go and see her. After death I was denied to attend funeral and after funeral the post funeral functions & rights I was denied parole…”
মাকৰ মৃত্যুৰ কথা সুঁৱৰিয়েই সাইবাবাই আবেগিক হৈ পুনৰ দোহাৰিছে – “… She asked and asked till the last moment she asked that she wanted to see me. That’s the only desire she had..”
জেইলত পোৱা যন্ত্ৰণাৰ কথা সুঁৱৰি সাইবাবাই কৈছে যে তাত তেওঁ “Inhuman condition”ত আছিল। সাইবাবাৰ ভাষ্য অনুসৰি পোন্ধৰশ কয়দীৰ capacity থকা নাগপুৰ চেণ্ট্ৰেল জেইলত কয়দীৰ সংখ্যা আছিল তিনি হাজাৰ বা তাৰো অধিক। আৰু সেই অৱস্থাত কয়দীসকলে বহিবলৈ, শুবলৈ জাগা বিচাৰি ইজনে সিজনৰ লগত কাজিয়াত লিপ্ত হ’বলগা পৰিস্থিতিৰ উদ্ভৱ হৈছিল। ইমানৰ পিছত আকৌ সাইবাবাৰ শৰীৰত লগ দিছিল ৰোগৰ উপসৰ্গই। ৰোগীয়া দেহেৰে বিনা চিকিৎসাৰে জেলৰ কুঠৰীত বছৰৰ পিছত বছৰ অতিক্ৰম কৰা সাইবাবাই অসীম ধৈৰ্যৰে বাট চাই ৰৈছিল দোষমুক্ত হোৱালৈ। এই অৱস্থাৰ কথা ক’বলৈ গৈ সাইবাবাই নিজকে সীতা বুলি কৈছে যি বাৰে বাৰে চৰকাৰ, চুপ্ৰীম কৰ্টৰ সমুখত ন্যায়ৰ অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ’বলগা হৈছিল আৰু এই পৰীক্ষাত বাৰে বাৰেই তেওঁ হৈছিল অনুত্তীৰ্ণ। বিকলাংগ শৰীৰ আৰু ৰুগীয়া দেহেৰে অতবোৰ শাৰীৰিক, মানসিক যন্ত্ৰণাৰ পাছতো সাইবাবাই ধৈৰ্য হেৰুওৱা নাছিল। ৰাষ্ট্ৰই বিচাৰিছিল তেওঁৰ মৃত্যু হওক কিন্তু সাইবাবাৰ আছিল প্ৰচণ্ড আত্মবিশ্বাস আৰু জীৱনীশক্তি। শেষত সাইবাবাৰে জয় হ’ল, কিন্তু দেহত কঢ়িয়াই আনিলে ৰাষ্ট্ৰশোষণৰ ব্যাধি যি হৈ উঠিল তেওঁৰ মৃত্যুৰ কাৰণ। ষ্টেন স্বামীৰ মৃত্যু, পাণ্ডু নাৰটেৰ মৃত্যু  যিদৰে প্ৰতিষ্ঠানিক হত্যা(Institutional Murder) সাইবাবাৰ ক্ষেত্ৰতো কথা একেটাই। ৰাষ্ট্ৰৰ লোমহৰ্ষক নিৰ্যাতন, জেইল জীৱনৰ ব্যাধি আৰু সিবোৰৰ চিকিৎসাৰ ক্ষেত্ৰত কৰা গাফিলতিয়েই হ’ল সাইবাবাৰ মৃত্যুৰ Escalator.
কয়দীসকলৰ চিকিৎসাৰ বিষয়ে ক’বলৈ গৈ সাইবাবাই কৈছে, জেইলত আদিবাসী, দলিত, এচ চি, এচ টি কয়দীৰ যথোপযুক্ত চিকিৎসাৰ ব্যৱস্থা লোৱা নহয়। বিপৰীতে মাফিয়া, গেংষ্টাৰ প্ৰভৃতিৰ কয়দীৰ চিকিৎসা হয় উন্নত মানদণ্ডৰ। দলিত, আদিবাসী, জনজাতীয় ইত্যাদি পিছপৰা লোকসকলৰ প্ৰতি এই বৈষম্যমূলক আচৰণ ভাৰতীয় সমাজ ব্যৱস্থাৰ যেনিবা এক পুৰাতন আৰু চিৰস্থায়ী বৈশিষ্ট। তাৰোপৰি শোষণৰ বিৰুদ্ধে থিয় দি সামাজিক ন্যায় প্ৰতিষ্ঠাৰ যুঁজ দিয়া সাইবাবাৰ দৰে নিৰপৰাধীক নাৰকীয় আইনৰ আওতাৰে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয় আকৌ দুদ্ধৰ্ষ অপৰাধী, হত্যাকাৰীৰ বিৰুদ্ধে আইনৰ প্ৰয়োগ নহয় বৰঞ্চ তেনেলোকে ৰাজনীতিৰ গাদী দখল কৰাৰো দৃষ্টান্তহে আছে। ইয়াত ফেচিষ্ট ৰাষ্ট্ৰৰ আইনী ব্যৱস্থাৰ ফোঁপোলা স্বৰূপৰ লগতেই উচ্চবৰ্ণৰ আধিপত্য মন কৰিবলগীয়া। এইক্ষেত্ৰত পাছৰটো(Upper Caste Hegemony) মূল আৰু তাৰ Structureৰ গাত গইনা লৈ আগৰটো অৰ্থাৎ ফেচিষ্ট আগ্ৰাসনে শাখা-প্ৰশাখা মেলি নতুন ৰূপত শিপাই উঠিছে। পূৰ্বৰ Brahmanical legacy ধৰি নতুন ৰূপত ব্ৰাহ্মণ্যবাদ যাৰ হয়তো বৰ্তমানৰ ৰূপটো হ’ব Brahmanical Hindutwa Fascism. । সাইবাবাৰ দোষ লগতে এইটোও যে তেওঁ আদিবাসী, দলিত, কৃষক-শ্ৰমিকৰ প্ৰতিনিধিস্বৰূপ হৈ উঠিছে। যিটো উচ্চবৰ্ণৰ একাধিপত্যৰ বিৰুদ্ধেও এক প্ৰত্যাহ্বান।
State Oppression এতিয়া এক সন্মতিসুলভ অনুশীলন। সাম্প্ৰতিক ৰাজনীতিত এই দৃশ্য অতিকেই সুলভ। এই police state ত আমিবোৰ একোটা Brainwashed product. চৰকাৰ-পূঁজিপতিৰে মিলিত এই শোষণ ব্যৱস্থাই আমাক টেটুলৈকে শোষণ কৰি মন-মগজু-বুদ্ধি সকলো অকামিলা কৰি আনি আছে। পূজিপতি আৰু চৰকাৰৰূপী এলিট comany- ৰ ব্যক্তিগত মুনাফা লাভৰ বাবে উদ্যোগীকৰণৰ নামত আমাৰ পাহাৰ-বনাঞ্চল ধ্বংস হৈছে। মানুহ উচ্ছেদিত হৈছে। উচ্ছেদিতৰ সংস্থাপনৰ ব্যৱস্থা নোলোৱাকৈয়ে ঘৰ-দুৱাৰ বুলডজাৰেৰে ভাঙি পেলোৱা হৈছে। প্ৰতিবাদীক জেইলত দিয়া হৈছে অথবা মানৱ অধিকাৰ ভংগ কৰি নিৰ্বিচাৰে গুলীয়াই মৰা হৈছে। চৰকাৰী খণ্ডবোৰ পূঁজিপতিৰ হাতত গতাই দিয়া হৈছে। শিক্ষাখণ্ডৰ গেৰুৱাকৰণ হৈছে। উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহত গেৰুৱা বংশীয় ইণ্টেলেকচুৱেলে পিয়াপি দি ফুৰিছে, নতুন শিক্ষানীতিৰ লাগু কৰি শিক্ষা ৱ্যৱস্থা ব্যয়বহুল কৰি তোলাৰ ফলত দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণত বাধা আহি পৰিছে। কলেজবোৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰি বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধি কৰা হৈছে। স্বাস্থ্যখণ্ডৰ চূড়ান্ত অৱনতি ঘটিছে। ঔষধৰ দাম বঢ়োৱাৰ ফলত সাধাৰণ শ্ৰেণীৰ ৰাইজে উন্নত চিকিৎসাৰপৰা বঞ্চিত হৈছে। দৈনন্দিন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি কৰি জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থাৰ গঢ় দিয়া হৈছে।  এই সকলোবোৰৰ পাছত আকৌ যদি শোষণৰ বিৰুদ্ধে কাৰোবাৰ প্ৰতিবাদী সত্ত্বা জাগ্ৰত হৈ উঠে, তেন্তে জেইলেই হ’ব তেওঁৰ একমাত্ৰ গন্তব্যস্থান। শোষণে আমাক ইন্দ্ৰজালিকাৰে দৰে মেৰাই আহি আছে। সম্প্ৰতি শোষণ এই পৰ্যায়ৰ হৈ উঠিছে যে উশাহৰ বাবে প্ৰয়োজনীয় নুন্যতম অক্সিজেনকণো যেন হৈ পৰিছে প্ৰদূষিত। উদ্যোগীকৰণৰ নামত নিতৌ পাহাৰ, বনাঞ্চল, ধ্বংস কৰি যি নিৰ্বনীকৰণৰ যজ্ঞ চলিব লাগিছে, যি মাত্ৰাত Ecological Destruction হৈছে, সি আমাক অতবোৰ শোষণৰ পাছত আনকি সামান্য উশাহকণ লৈ জীয়াই থাকিবলৈকো যেন নিদিব। এইবোৰৰ আশীৰ্বাদতেই আমি জলবায়ু পৰিৱৰ্তনৰ চিকাৰ হৈছোঁ। উদ্যোগীকৰণৰ ভূৱা উন্নয়নৰ নামত মুষ্টিমেয় পূঁজিপতিৰ আকাশলংগী ভোকৰ লিপ্সা পূৰণৰ বাবে চলা এই ধ্বংসযজ্ঞৰ ফলাফল ভোগ কৰিব লগা হৈছে আমিবোৰে।
ইমানৰ পাছতো এই সকলোবোৰ আমি নীৰৱে মানি লৈছোঁ। আমাৰ Acceptance ৰ ফলত শোষণে শাখা-প্ৰশাখা মেলি ৰক্তবীজৰ দৰে যেনি তেনি শিপাই পৰিছে। আৰু তাৰ মাজতে যেতিয়া সাইবাবাৰ দৰে মানৱ অধিকাৰৰ কোনো নিষ্ঠাৱান কৰ্মীয়ে সততাৰে ৰাষ্ট্ৰৰ শোষণৰ বিৰুদ্ধে থিয় দিয়ে, শোষিত ৰাইজক সু-সংগঠিত কৰে তেন্তে তেওঁক নিৰ্বাসন দিয়া হয় জেইলৰ অন্ধকাৰ কাল কুঠৰীত। সামাজিক সমতা প্ৰতিষ্ঠাৰ হকে, মানৱ অধিকাৰৰ পক্ষত থিয় দিয়া সাইবাবাৰ দৰে বুদ্ধিজীৱি হৈ পৰে ৰাষ্ট্ৰবিৰোধী ষড়যন্ত্ৰত লিপ্ত হোৱা ভয়ানক ৰাষ্ট্ৰদ্ৰোহী যি হ’ব পাৰে ৰাষ্ট্ৰীয় নিৰাপত্তালৈ ভাবুকি। কিন্তু ৰাষ্ট্ৰৰ অতবোৰ  নিৰ্যাতনৰ পাছতো সাইবাবাই হাৰ নামানিলে। সত্যৰ সদায় জয়, সাইবাবাই যেন ইয়াকেই প্ৰতিপন্ন কৰি গ’ল। সাইবাবাৰ এই সংগ্ৰামী নিদৰ্শনপৰা আমি নিশ্চয়কৈ শিক্ষা লভিব পাৰোঁ। ফেচিষ্ট ৰাষ্ট্ৰৰ দমন-শোষণৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ বাবে সাইবাবা হ’ব পাৰে অফুৰন্ত প্ৰেৰণাৰ উৎস। শোষণৰ বিৰুদ্ধে, ৰাষ্ট্ৰৰ অন্যায় বিচাৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে নিজা আদৰ্শত অটল হৈ থাকি কেনেদৰে যুঁজিব লাগে সেয়া সাইবাবাই দেখুৱাই গ’ল। সাইবাবাৰ এই জয় আদৰ্শৰ জয়, মানৱতাৰ জয়, মানৱ অধিকাৰ-সামাজিক ন্যায়ৰ জয়, শোষণৰ বিৰুদ্ধে শোষিতৰ জয়। শোষণৰ বিৰুদ্ধে সৰ্বদা সৰৱ হৈ অহা সাইবাবাই কাৰাবাস কালত লিখা এক কবিতাৰ (কবিতাটিৰ অসমীয়া অনুবাদ এই সংখ্যাৰ “মুক্ত চিন্তা”-ত পঢ়িবলৈ ইয়াতে টিপক) মাজেৰে তেওঁৰ সংগ্ৰামী সত্তাৰ চানেকি ৰাখি গৈছে, এনেদৰে—
I refuse to die
When I refused to die
my chains were loosened
I came out
Into the vast meadows
Smiling at the leaves of grass
My smile caused intolerance in them
I was shackled again
Again, when I refused to die
tired of my life
my captors released me
I walked out
into the lush green valleys under the rising sun
smiling at the tossing blades of grass
Infuriated by my undying smile
They captured me again
I still stubbornly refuse to die
The sad thing is that
They don’t know how to make me die
Because I love so much
The sounds of growing grass.

References:-

  • G. N saibaba: Great son of our Land : By Harsh Thakur, counter currents article.
  • G. N Saibaba and the Community of Absence : By Saroj Giri, The Wire article.
  • A Stolen Life: Remebering G.N Saibaba : By Anjana Meenakshi, Newslaundry article.
  • The Unbreakable G.N Saibaba: Karen Gabriel & P.K Vijayan, The Wire article.
  • Saibaba’s Acquittal: From Lack of Sanction to Dodgy Evidence, High Court Judgement Tears Into State’s case: Sukanya Shantha, The Wire article.
  • N Saibaba interview: youtube video(The Wire)
  • N Saibaba Interview: To believe in humanity, social progress, is that extremist? : Vineet Bhalla. Scroll.in article.
  • N Saibaba’s long struggle for justice: Why the Bombay HC had to overturn his conviction order: By Vineet Bhalla. Scroll.in article.
  • Arundhati Roy’s press conference : Ambedkarnama youtube channel.
  • Remembering Prof. G.N Saibaba: Memorial Meeting: PUCL Maharashtra(youtube channel video)
  • প্ৰফেচাৰ জি এন ছাইবাবা আৰু ভাৰত ৰাষ্ট্ৰৰ ন্যায়ব্যৱস্থা : নৱজ্যোতি বৰগোঁহাই, নতুন পদাতিক।

Leave a Reply

Your email address will not be published. Required fields are marked *